উপন্যাস Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

উপন্যাস Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া | Class 12 Advance Assamese Lesson 14 Question  Answer

বিষয় ঐচ্ছিক অসমীয়া
পাঠৰ নামউপন্যাস
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ14
শ্ৰেণী দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

উপন্যাস Class 12

প্রঃ উপন্যাস আৰু চুটিগল্পৰ মাজত পার্থক্য নির্ণয় কৰা।
উ : চুটি গল্প আৰু উপন্যাস দুয়োটা সাহিত্যৰ গঠনকাৰী উপাদান যদিও দুয়োটাৰে মাজত বহুতো পার্থক্য আছে।
(১) উপন্যাসে সকলো কথা পাঠকক স্পষ্টকৈ বুজাই দিয়ে কিন্তু চুটিগল্পই পাঠকৰ মনত পৰিসমাপ্তিলৈ আগ্ৰহ জন্মায়।
(২) চুটি গল্পত এটা কাহিনী বা জীৱনৰ দিশহে প্ৰতিফলিত হয়। আনহাতে উপন্যাসৰ পৰিসৰ বিশাল বাবে অধিক কাহিনী ইয়াত প্রতিফলিত হয়।

(৩) চুটি গল্পৰ পৰিসৰ কম হোৱা বাবে ইয়াত অধিক চৰিত্ৰৰ সমাৱেশ নঘটে। চুটি গল্পত এটা বা দুটাহে মুখ্য চৰিত্ৰ থাকে। আনহাতে উপন্যাসৰ পৰিসৰ বিশাল হোৱা বাবে ইয়াত বহুত চৰিত্ৰৰ সমাৱেশ ঘটে।

(৪) উপন্যাসৰ ক্ষেত্ৰ বহল বাবে উপন্যাসিকে তেওঁৰ গ্ৰন্থ দীঘল কৰিব পাৰে, কিয়নো ইয়াত সীমাৰেখাৰ বাধা নাহে। কিন্তু চুটিগল্প হ’ল সুসংগত আর্ট। গল্প লিখকৰ কল্পনা কোনো এটা গতিপথেৰে আগুৱাব পাৰে যদিও সীমাৰেখা অতিক্ৰম কৰাৰ ভয় ইয়াত সঘনে ঘটে।

(৫) চুটিগল্পৰ লেখকৰ স্বতন্ত্রতাতকৈ বাধা বেছি। তেওঁলাকে চিন্তাধাৰাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শব্দ প্রয়োগকে ধৰি সকলোতে ভাৱপ্ৰৱণতাক হেঁচি ৰাখি সংযমৰ মাজেৰে সকলো প্ৰকাশ কৰিব লাগে। কিন্তু এজন ঔপন্যাসিকে এনেধৰণৰ সংযম অৱলম্বন কৰিব নালাগে।

প্র : ঐতিহাসিক/বুৰঞ্জীমূলক উপন্যাসৰ ওপৰত এটি টোকা লিখা।
উঃ যি উপন্যাসৰ বিষয়বস্তু ইতিহাস বা বুৰঞ্জীৰ পৰা সংগ্ৰহ কৰা হয় তাকে ঐতিহাসিক উপন্যাস বোলে। এনে উপন্যাসৰ সাধাৰণ উপাদানসমূহ থকাৰ উপৰিও কাহিনীভাগ ইতিহাসৰ পৰা লোৱা হয়। কোনো এটা ইতিহাসৰ কাহিনীক কল্পনাৰে সজীৱ কৰি তোলাই ঐতিহাসিক উপন্যাসৰ মূল কথা। লেখকৰ দৃষ্টিভংগী অনুসৰি বিভিন্ন সময়ত ঐতিহাসিক উপন্যাসৰ ধাৰণা সলনি হৈ আহিছে। যিটো যুগৰ কাহিনী লোৱা হয় সেই যুগৰ সামাজিক আৰু পাৰিবাৰিক জীৱনত আলোকপাত কৰাটো ঔপন্যাসিকৰ প্ৰধান কর্তব্য।

অৱশ্যে ঐতিহাসিক উপন্যাস ইতিহাস নহয়। ঐতিহাসিক তথ্য প্রকাশ কৰা ঐতিহাসিক উপন্যাসৰ মূল উদ্দেশ্য হ’ব নোৱাৰে। কাৰণ বুৰঞ্জীত মানুহৰ ৰাজনৈতিক দিশটোৰ কথাহে পোৱা যায়, পাৰিবাৰিক বা ঘৰুৱা জীৱনৰ আভাস বুৰঞ্জীত পোৱা নাযায়। এনে উপন্যাসত ঘটনা এটি সংঘটিত হোৱা সময়ছোৱাৰ সামাজিক পৰিৱেশ, ৰীতি- নীতি, আচাৰ-ব্যৱহাৰ আদি ফুটাই তোলাৰ চেষ্টা কৰা হয়।

এইবিধ উপন্যাসৰ সার্থকতা স্থানীয় পৰিৱেশ সৃষ্টিৰ ওপৰত কিছু পৰিমাণে নিৰ্ভৰ কৰে। পাঠকক অতীতলৈ ওভতাই নি উপযুক্ত পৰিৱেশ সৃষ্টি কৰে। ঐতিহাসিক উপন্যাসে অতীতৰ বীৰত্বৰ কথা সোঁৱৰাই দি দেশপ্রেম জাগ্রত কৰে। চাৰ ৱাল্টাৰ স্কটে কেইবাখনো ঐতিহাসিক উপন্যাস ৰচনা কৰে। অসমীয়া ভাষাত পোন প্রথমে উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈদেৱে। ঐতিহাসিক উপন্যাস ৰচনা কৰে ।

উপন্যাস Class 12

প্র : সামাজিক উপন্যাসৰ ওপৰত এটি টোকা লিখা।
উঃ সমাজৰ প্ৰতি বিশেষ দৃষ্টিভংগী লৈ ৰচনা কৰা উপন্যাসক সামাজিক উপন্যাস বোলে। সমসাময়িক সমাজত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ গঠনমূলক দৃষ্টিভংগী দাঙি ধৰা হয়। এনে সামাজিক উপন্যাসত লেখকৰ দৃষ্টি বাস্তৱ সমাজ জীৱনৰ ওপৰত নিবন্ধ থাকে। সেয়েহে বাস্তৱ জীৱনৰ বিশ্লেষণধর্মী আৰু গঠনমূলক দৃষ্টিভংগীৰে ৰচনা কৰা উপন্যাসকেই সামাজিক উপন্যাস বোলা হয়।

সমাজৰ যিকোনো স্তৰৰ মানুহৰ জীৱনচিত্র এনে উপন্যাসত অংকন কৰা হয়। ব্যক্তি তথ্য সমাজৰ ভাল আৰু বেয়া দুয়োটা দিশেই অংকিত হয়। সাংস্কৃতিক, অর্থনৈতিক, ৰাজনৈতিক, ধর্মীয় অৱস্থা, লোকবিশ্বাস আদি সমাজ এখনৰ সামগ্ৰিক ৰূপৰ প্ৰতিফলন ঘটে এনে উপন্যাসত। সামাজিক উপন্যাসৰ উদ্দেশ্যমূলক মনস্বত্বমূলক আদি কেইবাটাও ভাগ আছে। বৰ্তমান সময়ৰ সৰহভাগ উপন্যাসেই সামাজিক উপন্যাস। হিতেশ ডেকাৰ ‘এয়েতো জীৱন’ অসমীয়া সামাজিক উপন্যাসৰ উদাহৰণ।

লগতে পঢ়ক:   আমাৰ ছাৰ Class 12 – (প্ৰশ্নোত্তৰ) Advance Assamese Lesson 11

Class 12 Advance Assamese Lesson 14

প্র : উপন্যাস কি? ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উঃ উপন্যাস হৈছে গদ্যকাব্য। এনে কাব্য প্রাচীন সংস্কৃত সাহিত্যতো আছে। অসমত উপন্যাস সৃষ্টিৰ মূলতে ইংৰাজী সাহিত্যৰ প্ৰভাৱ আছে। পশ্চিমীয়া শিক্ষাৰে কেইগৰাকীমান লোকৰ যত্নত অসমীয়া উপন্যাসৰ জন্ম হয়। সাহিত্যত উপন্যাসৰ ক্ষেত্ৰ ব্যাপক। বহুল মানৱ সমাজৰ প্ৰতিচ্ছবি ফুটাই তোলাৰ বাবে বিভিন্ন সময়ত বিভিন্ন উপন্যাসিকে নতুন নতুন কৌশল প্রয়োগ কৰিবলৈ যত্ন কৰিছে।

সাধাৰণ ঘটনা বিন্যাসৰ পৰা আৰম্ভ কৰি মাধ্যত্মিক আৰু মনস্তাত্বিক আলোচনালৈকে উপন্যাসিকে সকলোকথাকে সামৰি ল’বলৈ চেষ্টা কৰে। ঔপন্যাসিকৰ জীৱনৰ প্ৰতি নিজা দৃষ্টিকোণ থাকে। ব্যক্তি ভেদে এই দৃষ্টিকোণ বেলেগ হ’লেও ঘটনাৰাজি অখণ্ড ৰূপত চোৱাই উপন্যাসিকৰ উদ্দেশ্য। সাহিত্যৰ বিভিন্ন শাখাবোৰৰ ভিতৰত উপন্যাসৰ এক সুকীয়া স্থান আছে। উপন্যাস’ শব্দৰ ইংৰাজী প্ৰতিশব্দ হ’ল Noval এই শব্দটো ইটালীৰ Novella (নভেলা) শব্দৰ পৰা আহিছে বুলি কোৱা হয়। ইটালী Novella শব্দটোৰ গদ্যত লিখিত প্রেমমূলক আখ্যান বা অভিযানমূলক কাহিনীক বুজাইছিল। এনেধৰণৰ ৰচনা ইটালীত চতুৰ্দশ আৰু পঞ্চদশ শতিকাত জনপ্ৰিয় হৈছিল।

উদাহৰণস্বৰূপে— ‘গিঅ’ভান্নি বকাচিয়ে ‘ডেকামেৰু’ ৰচনা কৰিছিল। ইংৰাজ লিখক চেমুৱেল ৰিচাৰ্ডচনে পামেলা’ নামৰ এখন কাল্পনিক কাহিনী ৰচনা কৰে। এইখন প্ৰকাশৰ লগে লগে প্ৰাকৃতাৰ্থত আধুনিক উপন্যাসৰ আৰম্ভ হয়। বিভিন্ন জনে বিভিন্ন ধৰণে উপন্যাসৰ সংজ্ঞা আগবঢ়াইছে। উপন্যাসৰ ক্ষেত্ৰ ইমান ব্যাপক যে উপন্যাসক এটা সূত্ৰৰ ভিতৰত সংকুচিত কৰিব নোৱাৰি। ঘটনা পৰম্পৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ ফলত কোনো কোনো উপন্যাস ঘটনা বহুল হৈ পৰিছে। আন কিছুমান উপন্যাসত আকৌ পৰিৱেশৰ মাজত মানৱ চৰিত্ৰ চিত্ৰিত কৰিবলৈ যোৱাৰ কাৰণে সেইবোৰ চিত্ৰ প্ৰধান হৈ পৰিছে। তৃতীয় এক শ্ৰেণীৰ উপন্যাসৰ বুকুত মানৱ চৰিত্ৰৰ মাজেদি অবচেতন মনৰ গুপুত আকাংঙ্খা মূৰ্ত কৰি তোলাৰ চেষ্টাৰ কাৰণে সেইবোৰ হৈ পৰিছে মনস্তত্বৰ সূক্ষ্ম আলোচনা। কোনো কোনো ক্ষেত্ৰত আকৌ সামাজিক, অর্থনৈতিক আদি সমস্যাৰ প্ৰাধান্যৰ কাৰণে দুই-চাৰি

উপন্যাস হৈ পৰিছে সমস্যা প্রধান। সাধাৰণ ঘটনা বিন্যাসৰপৰা আৰম্ভ কৰি আধ্যাত্মিক আৰু মনস্তাত্বিক আলোচনালৈকে সকলো কথাকে ঔপন্যাসিকে সামৰি লোৱাৰ চেষ্টা কৰিছে। অক্সফোর্ড অভিধানৰ মতে, “উপন্যাস হৈছে প্রতিনিধিত্বমূলক চৰিত্ৰ আৰু কাৰ্য কলাপ কম বেছি পৰিমাণে জটিল কাহিনীত চিত্রিত আৰু” যথেষ্ট দীঘল মনে সজা কথাৰ গল্প। বিষয়বস্তু আৰু পটভূমি অনুসৰি উপন্যাসক কেইবাটাও শ্ৰেণীত ভাগ কৰিব পাৰি, যথাঃ সামাজিক উপন্যাস, ৰাজনৈতিক উপন্যাস, মনস্তাত্ত্বিক উপন্যাস, আঞ্চলিক উপন্যাস, অপৰাধমূলক উপন্যাস, বিজ্ঞান ভিত্তিক উপন্যাস, প্রতীকধর্মী উপন্যাস, ৰূপকধর্মী উপন্যাস, আত্মজীৱনীমূলক উপন্যাস ইত্যাদি। উপন্যাসৰ প্ৰধান উপাদানসমূহ হ’ল-

কাহিনী : কাহিনী উপন্যাসৰ প্ৰথম কেঁচা সামগ্রী। কাহিনী বুলিলে কোনো বর্ণনাত্মক লিখনিত থকা অনুক্রমিক ঘটনাৰাজিক বুজায়। কাহিনী এটাত কোনো এটা বা অধিক বিষয়ক লক্ষ্য হিচাপে লৈ বর্ণনা কৰা হয়। উপন্যাসত এটা বা ততোধিক ঘটনাৰ বৰ্ণনা থাকিব পাৰে। উপন্যাসৰ কাহিনী কেৱল কাল্পনিক হ’ব লাগে বুলি ধৰা-বন্ধা নিয়ম নাই। ইয়াৰ কাহিনী ভাগৰ বাস্তৱতাৰ লগত মিল থাকিব পাৰে বা বাস্তৱ সম্মত হ’ব পাৰে। যিবোৰ উপন্যাসত এটাতকৈ অধিক ঘটনা বর্ণিত হয় আৰু এটাৰ লগত আনটোৰ যুক্তিসংগত মিল নাথাকে সেইবোৰ উপন্যাসক যৌগিক কাহিনীৰ উপন্যাস বোলে। আনহাতে যিবোৰ উপন্যাসত মাত্র এটা কাহিনী বা বিষয় থাকে সেইবোৰ উপন্যাসক সৰল কাহিনীৰ উপন্যাস বোলে। উপন্যাসক কাহিনী উপস্থাপনৰ দিশৰ পৰা দুটা ভাগত ভাগ কৰিব পাৰি (১) শিথিল উপন্যাস আৰু (২) কঠোৰ উপন্যাস। যিবোৰ উপন্যাসত কিছুমান বিক্ষিপ্ত ঘটনা অসংলগ্নভাৱে সংযোগ কৰা হয় তেনে উপন্যাসক শিথিল উপন্যাস বোলা হয়।

লগতে পঢ়ক:   উপন্যাস আৰু চুটিগল্পৰ পৰিচয় Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ মনোমতী, ৰঙিলী, ৰহদৈ লিগিৰী আদি উপন্যাস এনে শিথিল বন্ধী উপন্যাস। আনহাতে যিবোৰ উপন্যাসত কাহিনীবোৰ এটাৰ লগত আনটো অংগাঙ্গীভাৱে সংযোগ হৈ থাকে সেইবোৰ উপন্যাসক কঠোৰবন্ধী উপন্যাস বোলে।

উপন্যাসৰ চৰিত্ৰ : উপন্যাসৰ চৰিত্ৰবোৰ যুক্তিৰ অধীন। যি পৰিৱেশৰ মাজত চিত্ৰিত নহওক চৰিত্ৰবোৰৰ লগত সহজে আত্মীয়ভাৱ স্থাপিত হয়। চৰিত্ৰৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণে উপন্যাসত ঘটনা সন্নিবেশ প্রয়োজন হৈ পৰে। উপন্যাস এখনৰ ঘটনা বা কাহিনীৰ লগত জড়িত ব্যক্তিক উপন্যাসৰ চৰিত্ৰ’ বুলি কোৱা হয়। উপন্যাসত বহুত চৰিত্ৰৰ সমাৱেশ ঘটিব পাৰে। উপন্যাসৰ চৰিত্ৰবোৰৰ বৈশিষ্ট্য আৰু সিহঁতৰ অস্তিত্ব অনুযায়ী স্থিৰ চৰিত্ৰ আৰু পৰিৱৰ্তনশীল চৰিত্ৰ নামেৰে দুই শ্রেণীত ভাগ কৰিব পাৰি। উপন্যাসৰ যিবোৰ চৰিত্ৰ সিহঁতৰ ভূমিকা, আচৰণ আৰু দৃষ্টিভংগী আদিৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰা শেষলৈ একেই থাকে তেনে চৰিত্ৰক ‘স্থিৰ চৰিত্ৰ বোলে।

আনহাতে যিবোৰ চৰিত্ৰ উপন্যাসখনৰ আদি পৰা শেষলৈ পৰিস্থিতি সাপেক্ষে সিহঁতৰ আচৰণ, দৃষ্টিভংগী, ভূমিকা আদিৰ ক্ষেত্ৰত পৰিবৰ্তন হৈ থাকে তেনে চৰিত্ৰক পৰিৱৰ্তনশীল চৰিত্ৰ’বোলে। আকৌ চৰিত্ৰাংকন অনুসৰি উপন্যাসৰ চৰিত্ৰবোৰক দুটা ভাগত ভাগ কৰিব পাৰি—(১) আৰ্হিমূলক চৰিত্ৰ আৰু (২) স্বতন্ত্র বা মুক্তক চৰিত্ৰ। যিবোৰ চৰিত্ৰই কোনো এক মানৱ গোষ্ঠী বা শ্রেণী বা অঞ্চলক প্রতিনিধিত্ব কৰে সেইবোৰ চৰিত্ৰক আৰ্হিমূলক চৰিত্ৰ বোলে। আনহাতে যিবোৰ চৰিত্ৰৰ নিজস্ব কিছুমান আচৰণ, স্বভাৱ, অভ্যাস বা তেনে কোনো গুণ থাকে তেনে চৰিত্ৰক স্বতন্ত্র বা মুক্তক চৰিত্ৰ বোলে। মুক্তক চৰিত্ৰবোৰ জটিল। কোনো এটা ধাৰণা বা আদৰ্শৰ প্ৰভাৱক কেন্দ্ৰ কৰি এইবোৰ চৰিত্ৰ সৃষ্টি কৰা নহয়। এইবোৰ চৰিত্ৰৰ মাজেদি জীৱনৰ ব্যাপকতা আৰু জটিলতাৰ ইংগিত ফুটি উঠে।

উপন্যাসৰ চৰিত্ৰবোৰক দুটা ভাগত ভাগ কৰিব পাৰি, যেনে— প্রধান চৰিত্ৰ আৰু গৌণ চৰিত্ৰ। উপন্যাসৰ যিবোৰ চৰিত্ৰই উপন্যাসখনৰ আৰম্ভণিৰ পৰা শেষলৈকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকে আৰু উপন্যাসখনৰ কাহিনীভাগৰ বিকাশ ঘটাই পৰিণতিৰ পিনে আগুৱাই নিয়ে সেইবোৰ চৰিত্ৰক প্ৰধান বা মূখ্য চৰিত্ৰ বোলে। আনহাতে যিবোৰ চৰিত্ৰই মূল কাহিনীৰ লগত কোনো সম্পর্ক নাৰাখি মুখ্য চৰিত্ৰৰ তলতীয়া হিচাপে সামান্য ভূমিকা পালন কৰে সেইবোৰ চৰিত্ৰক গৌণ চৰিত্ৰ বোলে।

মুখ্য চৰিত্ৰবোৰৰ ভিতৰত যি চৰিত্ৰই কাহিনীটোত মুখ্য স্থান পায় বা যাক কেন্দ্ৰ কৰি অন্যান্য চৰিত্ৰবোৰে নিজৰ নিজৰ ভূমিকা গ্ৰহণ কৰি থাকে সেই চৰিত্ৰটোক উপন্যাসখনৰ নায়ক বা নায়িকা বুলি কোৱা হয়। আনহাতে যিজনৰ প্ৰধান চৰিত্ৰই উপন্যাসখনৰ আদিৰ পৰা অস্তলৈ নায়কজনৰ বিৰুদ্ধে থিয় হৈ নায়ক বা নায়িকাৰ লক্ষ্যস্থানত উপনীত হোৱাত নানান বাধাৰ সৃষ্টি কৰি ঘটনা এটাক আগবঢ়াই লৈ যায় সেই চৰিত্ৰক খলনায়ক বোলে।

পৰিৱেশ : পৰিৱেশ সৃষ্টি উপন্যাসৰ এটা উপাদান। আমাৰ চাৰিওফালৰ প্ৰাকৃতিক বা মানৱ সৃষ্ট অৱস্থাকে পৰিবেশ বোলে। পৰিৱেশে ঘটনা এটাৰ নায়ক, নায়িকাৰ দেহ ভংগী, পোছাক-পৰিচ্ছদ আদিকো সামৰি লয়। উপন্যাসিক এজনে বৰ্ণনা কৰিবলৈ লোৱা ঘটনা এটা কি পৰিৱেশত সংঘটিত হৈছে তাৰ বৰ্ণনা উপন্যাসখনত থাকিব লাগে। পৰিৱেশে উপন্যাসত সজীৱতা দান কৰে।

লগতে পঢ়ক:   মাধৱদেৱ Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

সংলাপ : সংলাপ বা কথোপকথন হৈছে উপন্যাসৰ আৱশ্যকীয় উপাদান। সংলাপ বুলিলে দুই বা ততোধিক ব্যক্তিৰ মাজত হোৱা কথোপকথনক বুজায়। সংলাপ সংক্ষিপ্ত আৰু যথাযথ হোৱা উচিত। লিখকে সংলাপসমূহ তেওঁৰ কাহিনীৰ চৰিত্ৰৰ ভূমিকা, সামাজিক মর্যদা, পেশা আদিৰ লগত খাপ খোৱাকৈ ৰচনা কৰিব লাগে। তাৰোপৰি সংলাপসমূহ এনে হ’ব লাগে যাতে সংলাপৰ মাজেদি চৰিত্ৰ এটাৰ উদ্দেশ্য, আচৰণ, স্বভাৱ আদি প্ৰকাশ পোৱাৰ উপৰিও কাহিনীভাগ আগবঢ়াই নিয়াত সহায়ক হয়। লিখকৰ/উপন্যাসিকৰ জীৱন

দৰ্শন : উপন্যাসিকৰ জীৱনৰ প্ৰতি নিজা দৃষ্টিকোণ আছে। ব্যক্তিভেদে এই দৃষ্টিকোণ বেলেগ বেলেগ হয়। সেই দৃষ্টিকোণৰ পৰা বহল জীৱনৰ ঘটনাৰাজি অখণ্ড ৰূপত চোৱাই হৈছে উপন্যাসিকৰ উদ্দেশ্য। দৈনন্দিন সুখ-দুখ, হাঁহি-কান্দোন অতি সৰল ভাষাত লিখকে বর্ণনা কৰে। মানুহৰ গোপন কথাও লিখকে দৃশ্যমান কৰি তোলে জীৱন দৰ্শন বুলিলে মানৱ জীৱন, মানৱ আচৰণ বা মানৱ কাৰ্যৰ ওপৰত এক মতামত প্রকাশ হোৱাকে বুজায়। উপন্যাসত লিখকৰ জীৱন দৰ্শন কেতিয়াবা প্ৰত্যক্ষভাৱে আৰু কেতিয়াবা পৰোক্ষভাৱে প্ৰকাশ পায়। অৱশ্যে লিখকৰ জীৱন দৰ্শন তেওঁৰ চৰিত্ৰৰ কাৰ্যৰ মাজেদি, বক্তব্যৰ মাজেদি বা ঘটনাৰ মাজেদি প্ৰকাশ কৰিব পাৰে বা লিখকে তেওঁৰ জীৱন দৰ্শনটো উহ্যও কৰিও ৰাখিব পাৰে।.

উপন্যাস Class 12

প্র : অসমীয়া চুটিগল্পৰ জনক কোন? তেওঁৰ চুটিগল্পৰ বিষয়ে আলোচনা কৰা।

উঃ অসমীয়া চুটিগল্পৰ জনক হ’ল- অসমীয়া সাহিত্যত ৰসৰাজ উপাধিৰে বিভূষিত লক্ষ্মীনাথ বেজবৰুৱা। দেশপ্রেমত উদ্বুদ্ধ বেজবৰুৱাদেৱে অসমীয়া ভাষা সাহিত্যৰ শ্ৰীবৃদ্ধি সাধন কৰাই নহয় অসমীয়া সমাজত থকা কুসংস্কাৰ নিকা কৰি অসমীয়া জাতিৰ অন্তৰত চেতনাৰ বীজ ৰোপণ কৰিলে। লক্ষ্মীনাথ বেজবৰুৱাই একেধাৰে কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্রৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ দি থৈ যোৱা অৱদানে অসমীয়া ভাষা আৰু সাহিত্যক এখোপ আগুৱাই নিলে। অসমীয়া সাহিত্যত প্রথম চুটি গল্প ৰচোঁতা হ’ল- লক্ষ্মীনাথ বেজবৰুৱাই জোনাকী কাকতত চুটিগল্প লিখা আৰম্ভ কৰে। ‘সুৰভি’, ‘জোনবিৰি’, ‘সাধুকথাৰ কুকি আৰু ‘কেহোঁকলি’— এই কেইখন তেওঁৰ চুটিগল্পৰ পুথি।

বেজবৰুৱাই তেওঁৰ গল্পৰ মাজেৰে সেই সময়ৰ অসমীয়া সমাজখনৰ অৱক্ষয়ৰ সকলো দিশ সুন্দৰকৈ ফুটাই তুলিছে। তেওঁ ৰচিত চুটিগল্পবোৰ হ’ল— মুক্তি, মিলাৰামৰ আত্মজীৱনী, পাতমুগী আদি। তেওঁ সেইসময়ত অসমীয়া সমাজত থকা অহংকাৰ, নীচ, ভণ্ডামি আদিৰ পৰা সমাজখনক গল্পৰ দ্বাৰা মুক্ত কৰিব বিচাৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাসখন হ’ল-‘পদুম কুঁৱৰী’। বেজবৰুৱাদেৱে দুই ধৰণৰ নাটক লিখিছিল। এবিধ হাস্য-ৰসাত্মক আৰু আনবিধ বুৰঞ্জীমূলক। ‘লিতিকাই’, ‘নোমল’, ‘পাচনি’ আৰু ‘চিকৰপতি-নিকৰপতি’, হাস্য ৰসাত্মক আৰু ‘জয়মতী কুঁৱৰী’, ‘বেলিমাৰ’ আৰু ‘চক্ৰধ্বজ সিংহ’ বুৰঞ্জীমূলক নাটক।

হাস্য ৰসাত্মক নাটকবোৰৰ মূল উদ্দেশ্য আছিল মানুহক কেৱল আমোদ দিয়া। কিন্তু বুৰঞ্জীমূলক নাটকবোৰৰ উদ্দেশ্য আছিল গভীৰ। তেওঁৰ ৰচিত উপন্যাসৰ ভাষাৰ সৰলতা, পৰিৱেশ, পৰিস্থিতিৰ নিখুঁত বর্ণনাই আৰু আকর্ষণীয় কৰি তুলিছে। বেজবৰুৱাদেৱৰ সাধুকথা আৰু গল্পৰ মাজত বিশেষ পার্থক্য নাছিল বুলিয়েই ক’ব পাৰি। হাস্য ব্যাগৰ প্ৰাধান্যতাও বেজবৰুৱাৰ গল্পত দেখা যায়। সমাজৰ দোষ-ত্রুটি বেজবৰুৱাদেৱৰ গল্পৰ মাজত প্রকাশ পায়। গ্রাম্য জীৱনৰ অশিক্ষিত, সহজ-সৰল, খেতিয়কৰ চিত্ৰও তেওঁ সুন্দৰকৈ উপস্থাপন কৰিছে।

অসমীয়া চুটিগল্পৰ জনক কোন?

উঃ অসমীয়া চুটিগল্পৰ জনক হ’ল- অসমীয়া সাহিত্যত ৰসৰাজ উপাধিৰে বিভূষিত লক্ষ্মীনাথ বেজবৰুৱা।

প্র : উপন্যাস কি?

উঃ উপন্যাস হৈছে গদ্যকাব্য। এনে কাব্য প্রাচীন সংস্কৃত সাহিত্যতো আছে।

Leave a Comment