উপন্যাস আৰু চুটিগল্পৰ পৰিচয় Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

উপন্যাস আৰু চুটিগল্পৰ পৰিচয় Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া | Class 12 Advance Assamese Lesson 15 Question  Answer

বিষয় ঐচ্ছিক অসমীয়া
পাঠৰ নামউপন্যাস আৰু চুটিগল্পৰ পৰিচয়
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ15
শ্ৰেণী দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

উপন্যাস আৰু চুটিগল্পৰ পৰিচয় Class 12

প্র : ‘বাজীকৰ’ গল্প পুথিখন কোনে ৰচনা কৰিছিল?
উ : ‘বাজীকৰ’ গল্প পুথিখন শৰৎচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিল।

প্র : দণ্ডিনাথ কলিতা মুখ্যতঃ ঔপন্যাসিক নে গল্পকাৰ?
উঃ দণ্ডিনাথ কলিতা মুখ্যতঃ ঔপন্যাসিক।

প্রঃ ‘অপূর্ণ’ কোন শ্ৰেণীৰ ৰচনা ?
উঃ ‘অপূৰ্ণ’ দৈৱচন্দ্ৰ তালুকদাৰৰ এখন ৰাজনৈতিক উপন্যাস।

প্র : ৰজনীকান্ত বৰদলৈৰ সামাজিক উপন্যাস দুখনৰ নাম লিখা।
উঃ ৰজনীকান্ত বৰদলৈৰ সামাজিক উপন্যাস, দুখনৰ নাম হ’ল- (১) মিৰিজীয়ৰী আৰু (২) নিৰ্মল ভকত।

প্রঃ ‘অপূৰ্ণ’ উপন্যাসৰ ৰচক কোন?
ঊ’ : ‘অপূৰ্ণ’ উপন্যাসৰ ৰচক হ’ল—দৈৱচন্দ্ৰ তালুকদাৰ।

প্রঃ অপূর্ণ চুটিগল্প নে উপন্যাসৰ পুথি?
উঃ অপূর্ণ উপন্যাসৰ পুথি।

প্র : দন্দুবাদ্রোহ উপন্যাসৰ ৰচক কোন?
উঃ দন্দুৱাদ্রোহ উপন্যাসৰ ৰচক হ’ল ৰজনীকান্ত বৰদলৈ।

প্র : ‘পদুম কুঁৱৰী’ৰ ৰচক কোন?
উ : ‘পদুম কুঁৱৰী’ৰ ৰচক— লক্ষ্মীনাথ বেজবৰুৱা।

প্র : শৰৎ চন্দ্ৰ গোস্বামীৰ এখন চুটিগল্পৰ পুথিৰ নাম
উ : শৰৎ চন্দ্ৰ গোস্বামীৰ এখন চুটিগল্পৰ পুথিৰ নাম হ’ল— বাজীকৰ।

প্র : নির্মল ভকত উপন্যাসখন কোনে লিখিছিল?
উঃ নির্মল ভকত উপন্যাসখন ৰজনীকান্ত বৰদলৈয়ে লিখিছিল।

লগতে পঢ়ক:   আমাৰ ছাৰ Class 12 – (প্ৰশ্নোত্তৰ) Advance Assamese Lesson 11

প্র : পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা।
উ : পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাসখনৰ নাম হ’ল— ভানুমতী।

প্র: ‘ত্রৈলোক্যনাথ গোস্বামী’ৰ এখন গল্প পুথিৰ নাম লিখা।
উ : ‘ত্রৈলোক্যনাথ গোস্বামী’ৰ এখন গল্প পুথিৰ নাম হ’ল—অৰুনা, মৰীচিকা।

প্র: ৰহদৈ লিগিৰী উপন্যাসখনৰ ৰচক কোন?
উঃ ৰহদৈ লিগিৰী উপন্যাসখনৰ ৰচক হ’ল—–—ৰজনীকান্ত বৰদলৈ।

প্র : শৰৎচন্দ্ৰ গোস্বামীৰ এখন গল্পপুথিৰ নাম লিখা।
উ : শৰৎচন্দ্ৰ গোস্বামীৰ এখন গল্পপুথিৰ নাম হ’ল— ময়না।

প্র : ‘ফুল আৰু সাধনা” উপন্যাস নে চুটি গল্প?
উ: ‘ফুল আৰু সাধনা’— উপন্যাস।

প্র : জোনাকী কাকতৰ প্রথম প্রকাশ কিমান চনত হৈছিল?
উঃ জোনাকী কাকতৰ প্ৰথম প্ৰকাশ ১৮৮৯ চনত হৈছিল।

প্র : ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উ : ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক আছিল–চন্দ্ৰকুমাৰ আগৰৱালা।

উপন্যাস আৰু চুটিগল্পৰ পৰিচয় Class 12

প্র : ‘লাহৰী’ উপন্যাসখনৰ ৰচক কোন?
উ : ‘লাহৰী’ উপন্যাসখনৰ ৰচক— পদ্মনাথ গোহাঞি বৰবা।

প্র : হোমেন বৰগোহাঞিয়ে ৰচনা কৰা এখন গল্প পুথিৰ নাম লিখা।
উঃ হোমেন বৰগোহাঞিয়ে ৰচনা কৰা এখন গল্প পুথিৰ নাম হল— বিভিন্ন কোৰাচ ।

প্র : জোনাকী কাকতৰ প্রথম প্রকাশ কিমান চনত হৈছিল?
উ: জোনাকী কাকতৰ প্ৰথম প্ৰকাশ ১৮৮৯ চনত হৈছিল।

প্র :’সাধনা’ গ্ৰন্থৰ বচক কোন?

উ: ‘সাধনা’ গ্ৰন্থৰ ৰচক— দণ্ডিনাথ কলিতা।

প্র: অসমীয়া চুটি গল্পৰ জনক কোন?
উঃ অসমীয়া চুটি গল্পৰ জনক —লক্ষ্মীনাথ বেজবৰুৱা।

লগতে পঢ়ক:   Class 12 Assamese Question Answer – দ্বাদশ শ্ৰেণীৰ (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অসমীয়া মাধ্যমৰ বাবে।

প্রঃ ‘ব্যৰ্থতাৰ দান’ কাৰ ৰচনা?
উঃ ‘ব্যৰ্থতাৰ দান’ লক্ষ্মীধৰ শৰ্মাৰ ৰচনা।

প্র : অ.ভা. উ. সা. সভা কিমান চনত স্থাপিত হৈছিল?
উঃ অ. ভা. উ. সা. সভা ১৮৮৮ চনত স্থাপিত হৈছিল।

প্র : ‘সাতসৰী’ গল্প পুথিৰ লেখক কোন?
উঃ ‘সাতসৰী’ গল্প পুথিৰ লেখক— ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য।

প্র : ‘আবাহন’ কাকত প্রথম প্রকাশ কিমান চনত হৈছিল?
উঃ ‘আৱাহন’ কাকত প্রথম প্রকাশ ১৯২৯ চনত হৈছিল ।

প্র : ‘ইন্দ্ৰমালতী’ কথাছবিৰ নিৰ্মাতা কোন?
ড: ‘ইন্দ্ৰমালতী’ কথাছবিৰ নিৰ্মাতা— জ্যোতিপ্ৰসাদ আগৰৱালা।

প্র : ‘মনোমতী’ কাৰ ৰচনা?
উঃ‘মনোমতী’ ৰজনীকান্ত বৰদলৈৰ ৰচনা|

প্ৰ : ৰজনীকান্ত বৰদলৈৰ জনজাতীয় জীৱনক লৈ ৰচনা কৰা উপন্যাসখনৰ নাম কি?
উ : ৰজনীকান্ত বৰদলৈৰ জনজাতীয় জীৱনক লৈ ৰচনা কৰা উপন্যাসখনৰ নাম হ’ল ‘মিৰিজীয়ৰী’।

প্র : ‘জোনাকী’ কাকতৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাটিৰ নাম কি?
উ : ‘জোনাকী’ কাকতৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্রকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাটিৰ নাম হ’ল—বনকুঁৱৰী।

প্র : অসমীয়া সাহিত্যৰ প্ৰথম উপন্যাসখনৰ নাম কি? এই উপন্যাসৰ ৰচক কোন?
উ : অসমীয়া সাহিত্যৰ প্ৰথম উপন্যাসখনৰ নাম হ’ল- ভানুমতী। এই উপন্যাসৰ ৰচক হ’ল—পদ্মনাথ গোহাঞি বৰুৱা ।

উপন্যাস আৰু চুটিগল্পৰ পৰিচয় Class 12

প্র : অসমীয়া চুটিগল্পৰ জনক কোন? তেওঁৰ চুটিগল্পৰ বিষয়ে আলোচনা কৰা।

উঃ অসমীয়া চুটিগল্পৰ জনক হ’ল- অসমীয়া সাহিত্যত ৰসৰাজ উপাধিৰে বিভূষিত লক্ষ্মীনাথ বেজবৰুৱা। দেশপ্রেমত উদ্বুদ্ধ বেজবৰুৱাদেৱে অসমীয়া ভাষা সাহিত্যৰ শ্ৰীবৃদ্ধি সাধন কৰাই নহয় অসমীয়া সমাজত থকা কুসংস্কাৰ নিকা কৰি অসমীয়া জাতিৰ অন্তৰত চেতনাৰ বীজ ৰোপণ কৰিলে। লক্ষ্মীনাথ বেজবৰুৱাই একেধাৰে কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্রৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ দি থৈ যোৱা অৱদানে অসমীয়া ভাষা আৰু সাহিত্যক এখোপ আগুৱাই নিলে। অসমীয়া সাহিত্যত প্রথম চুটি গল্প ৰচোঁতা হ’ল- লক্ষ্মীনাথ বেজবৰুৱাই জোনাকী কাকতত চুটিগল্প লিখা আৰম্ভ কৰে। ‘সুৰভি’, ‘জোনবিৰি’, ‘সাধুকথাৰ কুকি আৰু ‘কেহোঁকলি’— এই কেইখন তেওঁৰ চুটিগল্পৰ পুথি।

লগতে পঢ়ক:   কাঞ্চনজঙ্ঘা বুৰঞ্জী Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

বেজবৰুৱাই তেওঁৰ গল্পৰ মাজেৰে সেই সময়ৰ অসমীয়া সমাজখনৰ অৱক্ষয়ৰ সকলো দিশ সুন্দৰকৈ ফুটাই তুলিছে। তেওঁ ৰচিত চুটিগল্পবোৰ হ’ল— মুক্তি, মিলাৰামৰ আত্মজীৱনী, পাতমুগী আদি। তেওঁ সেইসময়ত অসমীয়া সমাজত থকা অহংকাৰ, নীচ, ভণ্ডামি আদিৰ পৰা সমাজখনক গল্পৰ দ্বাৰা মুক্ত কৰিব বিচাৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাসখন হ’ল-‘পদুম কুঁৱৰী’। বেজবৰুৱাদেৱে দুই ধৰণৰ নাটক লিখিছিল। এবিধ হাস্য-ৰসাত্মক আৰু আনবিধ বুৰঞ্জীমূলক। ‘লিতিকাই’, ‘নোমল’, ‘পাচনি’ আৰু ‘চিকৰপতি-নিকৰপতি’, হাস্য ৰসাত্মক আৰু ‘জয়মতী কুঁৱৰী’, ‘বেলিমাৰ’ আৰু ‘চক্ৰধ্বজ সিংহ’ বুৰঞ্জীমূলক নাটক।

হাস্য ৰসাত্মক নাটকবোৰৰ মূল উদ্দেশ্য আছিল মানুহক কেৱল আমোদ দিয়া। কিন্তু বুৰঞ্জীমূলক নাটকবোৰৰ উদ্দেশ্য আছিল গভীৰ। তেওঁৰ ৰচিত উপন্যাসৰ ভাষাৰ সৰলতা, পৰিৱেশ, পৰিস্থিতিৰ নিখুঁত বর্ণনাই আৰু আকর্ষণীয় কৰি তুলিছে। বেজবৰুৱাদেৱৰ সাধুকথা আৰু গল্পৰ মাজত বিশেষ পার্থক্য নাছিল বুলিয়েই ক’ব পাৰি। হাস্য ব্যাগৰ প্ৰাধান্যতাও বেজবৰুৱাৰ গল্পত দেখা যায়। সমাজৰ দোষ-ত্রুটি বেজবৰুৱাদেৱৰ গল্পৰ মাজত প্রকাশ পায়। গ্রাম্য জীৱনৰ অশিক্ষিত, সহজ-সৰল, খেতিয়কৰ চিত্ৰও তেওঁ সুন্দৰকৈ উপস্থাপন কৰিছে।

প্রঃ অপূর্ণ চুটিগল্প নে উপন্যাসৰ পুথি?

উঃ অপূর্ণ উপন্যাসৰ পুথি।

প্রঃ ‘অপূৰ্ণ’ উপন্যাসৰ ৰচক কোন?

উঃ ‘অপূৰ্ণ’ উপন্যাসৰ ৰচক হ’ল—দৈৱচন্দ্ৰ তালুকদাৰ।

প্র : ৰজনীকান্ত বৰদলৈৰ সামাজিক উপন্যাস দুখনৰ নাম লিখা।

উঃ ৰজনীকান্ত বৰদলৈৰ সামাজিক উপন্যাস, দুখনৰ নাম হ’ল- (১) মিৰিজীয়ৰী আৰু (২) নিৰ্মল ভকত।

প্রঃ ‘অপূর্ণ’ কোন শ্ৰেণীৰ ৰচনা ?

উঃ ‘অপূৰ্ণ’ দৈৱচন্দ্ৰ তালুকদাৰৰ এখন ৰাজনৈতিক উপন্যাস।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top