বহাগ বিহুৰ পৰম্পৰা Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

বহাগ বিহুৰ পৰম্পৰা Class 12  – ড° প্রফুল্ল দত্ত গোস্বামী ( প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া | Class 12 Advance Assamese Lesson 9 Question  Answer

বিষয় ঐচ্ছিক অসমীয়া
পাঠৰ নামবহাগ বিহুৰ পৰম্পৰা
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ9
কবিড° প্রফুল্ল দত্ত গোস্বামী
শ্ৰেণী দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

বহাগ বিহুৰ পৰম্পৰা class 12

প্র : “বিলাতী হোজা’ গ্ৰন্থখনৰ লেখক কোন?
উ : “বিলাতী হোজা’ গ্ৰন্থখনৰ লেখক হ’ল–ড° প্রফুল্ল গোস্বামী।

প্রঃ পৃথিৱীৰ চৌপাশে এপাক গ্ৰন্থৰ লেখক কোন?
উঃ পৃথিৱীৰ চৌপাশে এপাক গ্ৰন্থৰ লেখক হ’ল—ড° প্রফুল্ল দত্ত গোস্বামী।

প্রঃ কোনখন উপন্যাসত প্ৰথমবাৰৰ বাবে বিহুনাচ আৰু বিহুগীতৰ বহুল বর্ণনা পোৱা যায়?
উ : ৰজনীকান্ত বৰদলৈৰ মিৰি জীৱৰী উপন্যাসত প্ৰথমবাৰৰ বাবে বিহুগীতৰ বহুল বর্ণনা পোৱা যায়।

প্রঃ ‘অসমীয়া জনসাহিত্য’ নামৰ গ্ৰন্থখনৰ ৰচক কোন?
উঃ অসমীয়া জনসাহিত্য নামৰ গ্ৰন্থখনৰ ৰচক হ’ল— ড° প্রফুল্ল গোস্বামী।

প্র : ড° প্রফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা দুখন ইংৰাজী গ্ৰন্থৰ নাম লিখা।
উঃড° প্রফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা দুখন ইংৰাজী গ্ৰন্থৰ নাম হল- (1) Folk Literature of Assam and
(2) Bihu Songs of Assam.

প্র: ড° প্রফুল্ল দত্ত গোস্বামীয়ে কেতিয়া আৰু ক’ত জন্ম গ্ৰহণ কৰিছিল।
উ : ড° প্রফুল্ল দত্ত গোস্বামীয়ে ১৯১৯ চনৰ ১৮ মাৰ্চত দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত জন্ম গ্ৰহণ কৰিছিল।

প্রঃ ড° প্রফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উ : ড’ প্রফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হ’ল— (১) ‘অসমীয়া জন সাহিত্য’ আৰু (২) ‘সাহিত্য আৰু জীৱন’।

প্র : ‘বহাগ বিহুৰ পৰম্পৰা প্ৰৱন্ধটিৰ লিখক কোন?
উ : ‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰৱন্ধটিৰ লিখক হৈছে— ড° প্রফুল্ল দত্ত গোস্বামী।

প্র : ‘বিহু এক ধর্মীয় অনুষ্ঠান’- বিহুক ধর্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।
নাইবা
অসমত বিষুৱ সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত দেখা যায় নে, আলোচনা কৰা ।
উঃ বিহু কেৱল অসমতে নহয় ভাৰতৰ অন্যান্য অঞ্চলতো ইয়াক বেলেগ বেলেগ নামেৰে পালন কৰা হয়। অসমত বিষুৱ সংক্রান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সম্পৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত বিভিন্নৰূপত পালন হোৱা দেখা যায়। যেনে-দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষু’ বোলে।

সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো “বিষু উৎসৱ’ (মেলা) বুলি এক উৎসৱৰ প্ৰচলন আছে। মধ্য প্রদেশৰ ওৰাওঁসকলে গ্ৰীষ্ম কালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে— ঠিক যেনেকৈ মাঘ বিহুৰ সময়ত অসমৰ ৰাইজে সমূহীয়াকৈ মাছ মৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰে। কিছুমান অঞ্চলত ‘বিষু’ নুবুলি বৈশাখী’ বোলা হয়।

লগতে পঢ়ক:   হাতী Class 12 – হোমেন বৰগোহাঞি (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

বহাগ বিহুৰ পৰম্পৰা Class 12

চমুটোকা লিখা :

(ক) বিষ্ণুপুৰাণ : বিষ্ণুপুৰাণ হৈছে বৈষ্ণৱ সম্প্ৰদায়ৰ এখন প্ৰধান গ্ৰন্থ। ৰামানুচাৰ্যই তেওঁৰ বেদাত্ত সূত্ৰৰ টীকাত এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে। পুৰাণখনিৰ বিষয়বস্তুৰ ধাৰাবাহিকতাই প্রমাণ কৰে যে ই এখন প্রাচীন পুৰাণ আৰু ইয়াৰ মূল ৰূপটি আজিলৈকে অপৰিৱৰ্তিত হৈ আছে। পুৰাণৰ পঞ্চলক্ষণ ইয়াত বৰ্তমান। বৈষ্ণৱসকলৰ প্রামাণ্য গ্রন্থ হ’লেও ইয়াত বিষ্ণুৰ উদ্দেশ্যে কোনো যাগ- যজ্ঞানুষ্ঠানৰ কথা লিপিবদ্ধ হোৱা নাই।

(খ) বাঁহী : ১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত ‘বাহী’ নামৰ আলোচনীখন কলিকতাৰ পৰা প্ৰকাশ পায়। দশম বছৰৰে পৰা ‘বাহী’ চন্দ্ৰকমল বেজবৰুৱাৰ দ্বাৰা পোনতে ডিব্ৰুগড় আৰু পিছত গুৱাহাটীৰ পৰা ওলায়৷ ১৯১৭ চনত ‘বাঁহীত লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল “বিহুৱে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে, সেইদেখি বিহুক লোকে হাঁহে, বেয়া পায়।”

(গ) মিৰিজীয়ৰী : মিৰিজীয়ৰী ‘উপন্যাস সম্রাট’ ৰজনীকান্ত বৰদলৈৰ দ্বাৰা মিচিং সমাজৰ আধাৰত ৰচিত প্রখ্যাত উপন্যাস। এইখন উপন্যাসত জংকী আৰু পানৈৰ প্ৰেম কাহিনী সুন্দৰকৈ উপস্থাপন কৰিছে। ইয়াত মিচিংসকলৰ মাজত প্রচলিত বিহু নৃত্য আৰু গীতৰ বহুল বিৱৰণী পোৱা যায়।

(ঘ) হলিৰাম ঢেকিয়াল ফুকন : হলিৰাম ফুকনৰ পিতৃৰ নাম পৰশুৰাম বৰুৱা আৰু মাতৃৰ নাম কামেশ্বৰী আছিল। দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সত তেওঁ হাদিৰাচকীত দুৱলীয়া বৰুৱা হয়। চন্দ্ৰকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে তেওঁক ঢেকিয়াল ফুকন পদবী দিয়ে।

ইং ১৮২৫ খ্রীষ্টাব্দত কোম্পানীৰ আমোলত তেওঁ অসমৰ নামনি খণ্ডৰ কালেক্টৰী চিৰস্তাদাৰ পদত নিযুক্ত হোৱাৰ পিছত হোৱাইট চাহাবৰ সৈতে মতানৈক্য ঘটাত সেই পদ এৰি দি ১৮৩২ চনত গুৱাহাটীত এছিষ্টেণ্ট মেজিষ্ট্রেট পদত নিযুক্ত হয়। ১৮২৯ চনত তেওঁ বঙলা ভাষাত ‘আসাম বুৰঞ্জী’ ৰচনা কৰে। ১৮৩২ চনত ‘তীর্থ যাত্রা পদ্ধতি’ নামেৰে সংস্কৃতত লিখা পুথি এখনো প্রকাশ পায়। বঙলা ‘সমাচাৰ দৰ্পণ’, ‘সমাচাৰ চন্দ্ৰিকা’, প্রভৃতিত তেওঁৰ কেইবাটাও উল্লেখযোগা প্রবন্ধ প্রকাশ পোৱাটো উল্লেখযোগ্য।

(ঙ) বলীনাৰায়ণ বৰা : উত্তৰ গুৱাহাটীত জন্ম হোৱা, দত্তনাৰায়ণ বৰাৰ পুত্ৰ বলীনাৰায়ণ বৰাই ১৮৬৮ চনত গুৱাহাটী চেমিনাৰীৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীর্ণ হয়। ১৮৭১ চনত এফ এ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰাৰ এবছৰ পিছত গীলক্রাইষ্ট বৃত্তি লৈ তেওঁ বিলাতলৈ যায়। ইং ১৮৭৭ চনত কুপাৰ হিল্‌ছ কলেজৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙৰ উপাধি লাভ কৰি ঘৰলৈ ৰাওনা হয়।

নগাঁও, শিৱসাগৰ আৰু বংগদেশৰো নানা ঠাইত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি ১৯০৭ চনত অধীক্ষক অভিযন্ত্ৰৰূপে তেওঁ অৱসৰ লয়। নগাঁৱত চাকৰি কৰা কালত ইং ১৮৮৬ চনৰ ডিচেম্বৰ মাহত ‘মৌ’ নামেৰে কাকত এখন উলিয়াইছিল। চাৰিটা সংখ্যা উলিয়ালে বেজবৰুৱা প্ৰমুখ্যে এচাম কলিকতা প্ৰবাসী ছাত্ৰৰ বিৰোধিতাৰ বাবে কাকতখনি বন্ধ কৰিবলৈ বাধ্য হয়। তেওঁ ইংৰাজীত ৰচিত গ্ৰন্থৰ ভিতৰত ‘A Geography of India’ ‘ভাৰতবৰ্ষৰ বুৰঞ্জী’, ‘অসমীয়া প্ৰবচন’ আদি উল্লেখযোগ্য।

(চ) আসাম বন্ধু : ‘অৰুনোদই’ কাকত প্ৰকাশৰ প্ৰায় দুকুৰি বছৰ পিছত ১৮৮৫ চনত গুণাভিৰাম বৰুৱাৰ সম্পাদনাত ‘আসাম বন্ধু’ নামৰ মাহেকীয়া আলোচনীখন কলিকতাৰ পৰা প্ৰকাশ পায়। ইং ১৮৯৪ চনলৈ চলা এই আলোচনীখনত বা-বাতৰিৰ উপৰি অসমৰ সাহিত্য, বুৰঞ্জী তথা সমাজৰ নৈতিকতা সম্পর্কে নানা কথাই স্থান পায়।

লগতে পঢ়ক:   কাঞ্চনজঙ্ঘা বুৰঞ্জী Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

Class 12 Advance Assamese Lesson 9

.প্র : বিহুৰ উৎপত্তি আৰু বিহুনৃত্য সম্বন্ধে বিভিন্নজনে আগবঢ়োৱা মন্তব্যসমূহ চমুকৈ আলোচনা কৰা।
উ : বহাগ বিহুৰ পৰম্পৰা প্ৰাচীন। বিহু আৰু বিহু নৃত্যৰ উৎপত্তি কেতিয়া, ক’ত, কেনেদৰে হৈছিল তাক সঠিককৈ ক’ব নোৱাৰি। বিশ্বৰ উৎপত্তিৰ ওপৰত বিভিন্ন পণ্ডিতে বিভিন্ন সময়ত বিভিন্ন মত আগবঢ়াইছে। কিছুমান পণ্ডিতে ঠাৱৰ কৰিছে যে বিহুৰ উৎপত্তি সংস্কৃত ‘বিষুৱণ’ শব্দৰ পৰা আহিছে। ‘অথর্ববেদ’ আৰু ‘ঐতৰেয় ব্ৰাহ্মণ’ আদি পুৰণি শাস্ত্ৰত পোৱা যায় যে সেই সময়ত ‘বিষুৱণ’ আছিল যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। এই যাগ-যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে। অৰ্থাৎ খেতি-বাতিৰ সুব্যৱস্থাৰ কাৰণেই এই বিষুৱ দিনত যাগ-যজ্ঞৰ আয়োজন কৰা হৈছিল। বিষুৱ সংক্ৰান্তিৰ দিনা পালন কৰা উৎসৱৰ পৰাও বিহুৰ উৎপত্তি হোৱা বুলি ভবাৰ থল আছে।

প্রাচীন অসমত বিষুৱ সংক্রান্তিৰ দিনত ৰজাসকলে ব্ৰাহ্মণক ভূমিদান কৰিছিল। বিষুৱ সংক্রান্তিৰ সময়ত পালন কৰা এনে মাংগলিক অনুষ্ঠানৰ সোঁৱৰণ যে ভাৰতৰ উত্তৰ-পূৱ চুকৰ অসমতে হৈছিল এনে নহয়, ভাৰতৰ অন্যান্য অঞ্চলতো লোপ পোৱা নাছিল। দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষ্ণু’ বোলে। সেই দৰে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো বিষু বুলি উৎসৱ মেলাৰ প্ৰচলন আছে। তেনেদৰে মধ্য প্রদেশৰ ওৰাওঁসকলে গ্রীষ্ম কালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে মাঘ বিহুৰ সময়ত অসমৰ মানুহে যেনেকৈ সমূহীয়াকৈ মাছ মৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰে। ইয়াক কিছুমান অঞ্চলত বিষুৰ পৰিৱৰ্তে ‘বৈশাখী’ বোলা হয়।

মুঠতে বিহু উৎসৱটো কেতিয়া ক’ত কেনেদৰে উৎপত্তি হৈছিল তাৰ সঠিক তথ্য আজিলৈ উদ্ধাৰ হোৱা নাই যদিও ই যে পোনতে এক কৃষি উৎসৱ আছিল তাত অৱশ্যে কাৰো সন্দেহ নাই। কালক্ৰমত এই কৃষি উৎসৱটোত আৰ্য আৰু অনাৰ্য উপাদান লগলাগি এক জাতীয় সাংস্কৃতিক উৎসৱত পৰিণত হয়। বিহু নৃত্য সম্পর্কেও এইখিনি জনা যায় যে কৃষি বৃত্তি অৱলম্বন কৰা লোকৰ মাজত স্ত্ৰী-পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য-গীতে পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি কৰাৰ এক প্রাচীন ব্যৱস্থা আছিল। সম্ভৱতঃ সপ্তদশ শতিকাত এজন মুছলমান ভ্ৰমণকাৰীয়ে থৈ যোৱা বৰ্ণনাই প্রথম বর্ণনা। এই ভ্ৰমণকাৰীজনে ‘নওৰোজ’ বা নৱবৰ্ষত অসমৰ ৰাজধানী পুৰুষ-স্ত্রী উভয়ে নৃত্য আৰু গীতেৰে যি ৰং-ধেমালি কৰিছিল তাৰ বৰ্ণনা দিছে।

ঢোল, পেঁপা, টকা আদি বাদ্যযন্ত্ৰৰ উল্লেখ এওঁ কৰিছে। এওঁ আকৌ কৈছে যে ডেকা-গাভৰু মনৰ আদান- প্রদানো এই সময়ত হয়। সম্ভৱ আহোম ৰজাসকলে এই উৎসৱৰ পৰিপোষণ কৰি বিহুক এটি জাতীয় গঢ় দিয়াত সহায় কৰিলে। অর্থাৎ শাসকসকলৰ অনুমোদন পাই ই জাতীয় উৎসৱৰূপে এক আভিজাত্য লাভ কৰিছে। বৰ্তমান সময়ত আমাৰ বিহুত যিবিলাক নীতি-নিয়ম লক্ষ্য কৰা যায় যেনে— ঘৰ-বাৰী শুচি কৰা, নিকা বা ন-কাপোৰ পিন্ধা, গৰু-গাইৰ যতন লোৱা, দেৱতা বা গোসাঁইক পূজা-পাতল দিয়া, নৃত্য আৰু গীত—এই আৰ্য আৰু অনাৰ্য আচাৰৰ উদ্দেশ একেই। আটাইবিলাকৰ উদ্দেশ্য হ’ল ৰাইজ, জীৱ-জন্তু আৰু খেতি- বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা লোৱা। এইফালৰ পৰা চাবলৈ গ’লে বিহু এক ধর্মীয় অনুষ্ঠান।

লগতে পঢ়ক:   চুটিগল্প Class 12 – ( প্ৰশ্নোত্তৰ) Advance Assamese

Class 12 Advance Assamese Lesson 9

প্র : বিহুক অসমৰ জাতীয় উৎসৱ বুলি কোৱাৰ কাৰণ কি, তোমাৰ পাঠ্য প্ৰৱন্ধৰ সহায়ত আলোচনা কৰা।
উ: ‘বহাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰৱন্ধটোত প্ৰৱন্ধকাৰ ড° প্ৰফুল্ল দত্ত গোস্বামীয়ে বিহুক জাতীয় উৎসৱ হিচাপে প্ৰতিপন্ন কৰিছে। বিহুক জাতীয় উৎসৱ বুলি কোৱাৰ বহুতো কাৰণ আছে। পণ্ডিতসকলে ঠাৱৰ কৰিছে যে বিহু শব্দৰ উৎপতি সংস্কৃত বিষুণ শব্দৰ পৰা হৈছে। অথববেদ আৰু ঐতৰেয় ব্ৰাহ্মণ আদি পুৰণি শাস্ত্ৰত পায় যে বিষুৱণ যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। এই যাগ-যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে। অৰ্থাৎ খেতি-বাতিৰ সুব্যৱস্থাৰ কাৰণেই এই বিষুৱ দিনৰ যাগ-যজ্ঞৰ আয়োজন।

বিহু উৎসৱত অৱশ্যে কেইবাটাও উপাদান লগ লাগিছে। ইয়াত এহাতে আৰ্য সংস্কৃতিৰ এটি সুঁতি জাহ গৈছে,
আনহাতে অনার্য অথবা প্রাক্-আর্য প্রাচীন উৰ্বৰা অনুষ্ঠানৰ সুঁতিও লগ লাগিছে। স্ত্ৰী-পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য- গীতো পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াবৰ এক প্রাচীন ব্যৱস্থা, বিশেষকৈ কৃষি অৱলম্বন কৰা লোকৰ মাজত। পুৰণি অসমীয়া পুথিত কেতিয়াবা ক’ৰবাত বিষুৱ আৰু বিহু শব্দটোৰ উল্লেখ পায়, কিন্তু উৎসৱ হিচাপে তাৰ বৰ্ণনা ক’তো পাবলৈ নাই। এই ক্ষেত্ৰত সম্ভৱতঃ সপ্তদশ শতিকাত এজন মুছলমান ভ্ৰমণকাৰীয়ে থৈ যোৱা বৰ্ণনাই প্রথম বর্ণনা। বিহু হৈছে কৃষিমুখী উৎসৱ। এই কৃষিভিত্তিক উৎসৱটো কালক্ৰমত বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শত অসমৰ জাতীয় উৎসৱ হৈ পৰিল।

কৃষি উৎসৱৰ লগত জড়িত গৰু বিহু বিহুৱান দিয়া, সেৱা সৎকাৰ কৰা, নাম-কীৰ্তন কৰা আদি
সামাজিক পৰম্পৰাত পৰিণত হৈছে। বিহু উৎসৱত অসমীয়া লোকে ঘৰ-বাৰী পৰিস্কাৰ কৰা, কাপোৰ-কানি ধোৱা, গৰুৰ যতন লোৱা আদি কাম কৰা দেখা যায়। এইবোৰ কাৰ্যৰ লগত ধৰ্মীয় সম্পর্ক আছে যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ দৃষ্টিভংগীৰো পৰিৱৰ্তন হৈ বিহু ধৰ্মীয় উৎসৱৰ পৰিৱৰ্তে সাংস্কৃতিক উৎৱত পৰিণত হৈছে। বর্তমান শিক্ষিত মধ্যবিত্ত লোকৰ বিহু সম্পৰ্কীয় ধাৰণা সলনি হ’ল।

বর্তমান বহাগ বিহু উৎসৱৰ যোগেদি সকলো অসমীয়াই একগোট হোৱাৰ সুযোগ লাভ কৰিছে। লিখক ড° প্রফুল্ল দত্ত গোস্বামীৰ মতে ই.বিভিন্ন খেলৰ বিভিন্ন লোকৰ মিলনৰ ক্ষেত্ৰ হিচাপে সাংস্কৃতিক সমন্বয়ৰো প্ৰতীক হৈ পৰিছে। ‘অতিকৈ চেনেহৰ বহাগৰ বিহু’ হৈ পৰিল জাতীয়তাৰ সজুঁলি। বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয়, ই ঘাইকৈ জাতীয় উৎসৱ আৰু অসমীয়া সংস্কৃতিৰ প্ৰতীকস্বৰূপ। আনহাতে বর্তমান সময়ত ই বিভিন্ন খেলৰ, বিভিন্ন ভাষাৰ লোকৰ ক্ষেত্ৰ হিচাপে সাংস্কৃতিক সমন্বয়ৰো প্ৰতীক হৈ পৰিল।

প্র : ‘বহাগ বিহুৰ পৰম্পৰা প্ৰৱন্ধটিৰ লিখক কোন?

উ : ‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰৱন্ধটিৰ লিখক হৈছে— ড° প্রফুল্ল দত্ত গোস্বামী।

প্র : “বিলাতী হোজা’ গ্ৰন্থখনৰ লেখক কোন?

উ : “বিলাতী হোজা’ গ্ৰন্থখনৰ লেখক হ’ল–ড° প্রফুল্ল গোস্বামী।

প্রঃ পৃথিৱীৰ চৌপাশে এপাক গ্ৰন্থৰ লেখক কোন?

উঃ পৃথিৱীৰ চৌপাশে এপাক গ্ৰন্থৰ লেখক হ’ল—ড° প্রফুল্ল দত্ত গোস্বামী।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top