ভাৰতীয় গণতন্ত্ৰ Class 10 দশম শ্ৰেণী ৰাজনীতি বিজ্ঞান

ভাৰতীয় গণতন্ত্ৰ Class 10

ভাৰতীয় গণতন্ত্র
বিষয় (Subject) সমাজ বিজ্ঞান
মাধ্যম অসমীয়া
পাঠৰ নাম ভাৰতীয় গণতন্ত্র
খণ্ড ৰাজনীতি বিজ্ঞান
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় ১
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

দশম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় ১

অতি চমু প্রশ্নোত্তৰ

১। ১৯৪৫ চনত অনুষ্ঠিত হােৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?
উত্তৰঃ ১৯৪৫ চনত অনুষ্ঠিত হােৱা নিৰ্বাচনত ইংলেণ্ডত বনুৱা দলে জয়ী হৈছিল।

২। “কেবিনেট মিছন”ভাৰতলৈ কেতিয়া আহিছিল?
উত্তৰঃ “কেবিনেট মিছন” ১৯৪৬ চনৰ মাৰ্চ মাহত আহিছিল।

৩। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰঃ সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ড° সচ্ছিদানন্দ সিনহা।

8। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি?
উত্তৰ: খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ’ল ড° বি, আৰ, আম্বেদকাৰ।

৫। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ কিমান সংশােধনী মতে প্রস্তাৱনাত সন্নিবিষ্ট হৈছিল?
উত্তৰঃ ৪২ তম সংশােধনী প্রস্তাব মতে।

৬। ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে?
উত্তৰ: Federation শব্দটো লেটিন ভাষাৰ “Foedus” শব্দৰ পৰা আহিছে।

৭। “যুক্তৰাষ্ট্ৰৰ গৃহভূমি” বুলি কাক কোৱা হয় ?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বােলা হয়।

৮। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?
উত্তৰ: নাই।

৯। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?
উত্তৰঃ ইংলেণ্ডৰ স্বিধানৰ পৰা।

ভাৰতীয় গণতন্ত্ৰ Class 10

চমু উত্তৰ দিয়াঃ

১। ব্রিটিছ চৰকাৰে’ কেবিনেট মিছন’ক কিয় ভাৰতলৈ পঠাইছিল?
উত্তৰঃ ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্রয়ােজনীয় পৰিবেশ আৰু প্ৰস্তুতি অর্থে কেবিনেট মিছন’ক ভাৰতবর্ষলৈ পঠাইছিল।

২। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যবস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্রস্তুত কৰিছিল ?
উত্তৰঃ “১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ ভিত্তিত চলিছিল আৰু এই আইনখন ব্রিটিছ সংসদে প্রস্তুত কৰিছিল।

৩। প্রস্তাবনাত “আমি ভাৰতীয় জনসাধাৰণ” বুলি কিয় উল্লেখ কৰা হৈছে?
উত্তৰ:  প্রস্তাবনাত  “আমি ভাৰতীয় জনসাধাৰণ” বুলি উল্লেখ কৰি সংবিধান প্রণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ। সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।

8। “সার্বভৌম” মানে কি বুজা ?
উত্তৰঃ সার্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা। অর্থাৎ বাহ্যিকভাবে ভাৰতবৰ্ষত কোনাে বিদেশীশক্তিৰ তলতীয়া নহয়ে আৰু আভ্যন্তৰীণভাবেও ভাৰতবৰ্ষত কোনাে শক্তিৰ দ্বাৰা পৰিচালিত নহয়।

৫। কোন চনৰ কিমান সংখ্যক সংশােধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে?
উত্তৰঃ ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে হােৱা সংবিধানৰ ৪২ তম সংবিধান সংশােধনৰ দ্বাৰা প্ৰস্তাৱনাত সমাজবাদী” আৰু “ধর্মনিৰপেক্ষ” শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে।

৬। ‘অর্ধ যুক্তৰাষ্ট্ৰ’ কাক বােলে ?
উত্তৰ: ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ প্রকৃত চৰিত্ৰ অথবা বৈশিষ্ট্য বিশ্লেষণ কৰিলে দেখা যায় যে এখন যুক্তৰাষ্ট্ৰত থাকিবলগা কেইবাটাও বৈশিষ্ট্য থাকা সত্বেও আমাৰ ব্যৱস্থাটো প্রকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয়। ইয়াত এককেন্দ্রিক চৰকাৰৰ বহুতাে বৈশিষ্ট্য একাত্মক হৈ আছে। গতিকে যি সংবিধান যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যৰ লগতে একাত্মক বৈশিষ্ট্য দেখা যায় তাক অর্ধযুক্তৰাষ্ট্র বােলে।

৭। কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্রবর্তন কৰিছিল?
উত্তৰ:  পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল – “১৯১১ চনৰ ভাৰত চৰকাৰ আইন আৰু ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ দ্বাৰা।

লগতে পঢ়ক:   আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য দশম শ্ৰেণী

ভাৰতীয় গণতন্ত্ৰ Class 10

দীঘল উত্তৰৰ প্ৰশ্ন

১। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্ৰকাশ পাইছে আলােচনা কৰা।
উত্তৰঃ সংবিধান প্রণেতাসকলে ভাৰতত এখন দায়িত্বশীল চৰকাৰ প্ৰতিষ্ঠা কৰিয়েই ক্ষান্ত নাথাকি এই দেশত যাতে নাগৰিকৰ অধিকাৰ সুপ্রতিষ্ঠিত হয় তাৰ বাবে সংবিধানৰ কেতবােৰ মহান আদর্শ ঘােষিত হৈছে। সেইবােৰ হ’ল – (ক) ন্যায়, (খ) স্বাধীনতা, (গ) সমতা আৰু (ঘ) ভ্রাতৃত্ববােধ।

ন্যায়ঃ আমাৰ সংবিধানৰ প্ৰস্তাৱনাত ঘােষিত আদর্শসমূহৰ ভিতৰত ন্যায় অন্যতম। প্রস্তাৱনাত ভাৰতীয় নাগৰিক সকলক সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক ন্যায়ৰ আশ্বাস দিয়া হৈছে। সামাজিক ন্যায় প্রতিষ্ঠাৰ বাবে ভাৰতীয় সমাজত জাতি বা জন্মৰ ভিত্তিত মানুহৰ মাজত থকা বৈষম্য দূৰ কৰা হৈছে। অর্থনৈতিক ন্যায়ৰ বাবে বেংক ৰাষ্ট্ৰীয়কৰণ, নগৰ আৰু গাওঁ অঞ্চলৰ লােকৰ ভূমিৰ সর্বোচ্চ পৰিমাণ নির্ধাৰণ কৰা নীতি আদি গ্ৰহণ কৰা হৈছে। ৰাজনৈতিক ন্যায় প্রতিষ্ঠাৰ বাবে জাতি, ধর্ম, বর্ণ, ভাষা আদি ভিত্তিত সকলাে প্রাপ্তবয়স্ক লােককে ভােটাধিকাৰ দিয়া হৈছে।

(খ) স্বাধীনতা: সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত মহান আদর্শসমূহৰ ভিতৰত স্বাধীনতা অন্যতম। সংবিধানৰ প্ৰস্তাৱনাত ভাৰতীয় নাগৰিকক চিন্তা, প্রকাশ, বিশ্বাস, ধর্ম আৰু উপাসনাৰ ক্ষেত্ৰত স্বাধীনতাৰ আশ্বাস দিয়া হৈছে। এই আশ্বাস সমূহ বাস্তৱ ক্ষেত্ৰত প্ৰয়ােগ কৰাৰ ব্যৱস্থা সংবিধানত সন্নিবিষ্ট কৰা হৈছে।

(গ) সমতা:  প্ৰস্তাৱনাত উল্লেখিত সহায় মহান আদর্শসমূহৰ ভিতৰত সমতা হ’ল অন্যতম। সংবিধানৰ ভেঁটি হ’ল ৰাইজ আৰু ৰাইজৰ কাৰণে সমতাৰ নীতি প্রয়ােগ কৰা হৈছে। ইয়াত জাতি, ধর্ম বা সম্প্রদায়ৰ কোনাে ভেদাভেদ নাই। দেশৰ পৰা অস্পৃশ্য নীতি উঠাই দিয়া হৈছে।

ভ্রাতৃত্ব :ভাৰতীয় নাগৰিকসকলক সমান সুযােগ আৰু সমমর্যদা দি নাগৰিকসকলৰ মাজত ভ্রাতৃত্ব ভাৱৰ উদয় কৰি দেশৰ একতা আৰু সংহতি ৰক্ষাৰ ওপৰত প্ৰস্তাৱনাত গুৰুত্ব প্রদান কৰিছে। ইয়াৰ বাবে ভাৰতত একক নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে। আমি সকলাে ভাৰতীয়।

২। সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্রিক আৰু গণৰাজ্য বুলিলে কি বুজাই বহলাই লিখা।
উত্তৰ:  ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা প্ৰধান নীতি কেইটা হ’ল— (ক) সার্বভৌম, (খ) সমাজবাদী, (গ) ধর্মনিৰপেক্ষ, (ঘ) গণতান্ত্রিক আৰু (ঙ) গণৰাজ্য। এই আটাইকেইটা শব্দৰ মাজেৰে ভাৰতৰ সংবিধানৰ লক্ষ্য আৰু আদর্শ প্রতিফলিত হৈছে।

(ক) সার্বভৌম: ভাৰতবৰ্ষ এখন সার্বভৌম ৰাষ্ট্ৰ। ভাৰতবৰ্ষ এতিয়া কোনাে বিদেশী ৰাষ্ট্রৰ শাসনৰ তলতীয়া নহয়। দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নির্ধাৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষই কোনাে বিদেশী ৰাষ্ট্ৰৰ নির্দেশ মানি চলিবলৈ বাধ্য নহয়।

সমাজবাদী : ভাৰতবর্ষ এখন সমাজবাদী দেশ। ১৯৭৬ চনৰ ৪২ তম সংশােধনীৰ আইনৰ দ্বাৰা সমাজবাদ শব্দটো প্রস্তাৱনাত সন্নিবিষ্ট কৰা হৈছে। ভাৰতবৰ্ষত সমাজবাদী আদৰ্শ সমাজ প্রতিষ্ঠা কৰা নীতি গ্রহণ কৰা হৈছে; চৰকাৰী খণ্ডত কিছুমান উদ্যোগ প্রতিষ্ঠা কৰা হৈছে; সমাজৰ দৰকাৰৰ ভিত্তিত উৎপাদন বঢ়োৱাৰ ব্যবস্থা কৰা নীতি গ্রহণ কৰা হৈছে আৰু ৰাষ্ট্ৰীয় আয়ৰ সমবিতৰণৰ নীতিৰ প্ৰতিও সজাগ দৃষ্টি ৰখা হৈছে।

(গ). ধর্মনিৰপেক্ষ:  ভাৰতবর্য এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত চৰকাৰী ধৰ্ম বুলি কোনাে ধর্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলাে সমান আৰু ধৰ্মৰ নামত কোনাে বৈষম্য নাথাকিব। ধর্মনিৰপেক্ষ শব্দটো ৪২ নং সংশােধনীৰ দ্বাৰা প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা হৈছে

(ঘ) গণতান্ত্রিক: ভাৰতবর্ষ এখন গণতান্ত্রিক ৰাষ্ট্ৰ। ভাৰতবৰ্ষত প্রতিনিধিত্বমূলক গণতন্ত্রৰ ব্যৱস্থা আছে। জাতি-বর্ণ-ধর্ম- ভাষা আদি নির্বিশেষে ইয়াত সকলাে প্রাপ্তবয়স্ক নাগৰিকৰে ভােটাধিকাৰ দিয়াৰ ব্যৱস্থা আছে। নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে অনুষ্ঠিত হােৱা নিৰ্বাচনত ভােটাৰসকলে অংশ গ্রহণ কৰি নিজৰ চৰকাৰ গঠনৰ ব্যৱস্থা কৰিব পাৰে।

লগতে পঢ়ক:   ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 (ইতিহাস)

ঙ) গণৰাজ্য:  প্রস্তাৱনাত ভাৰতবৰ্ষক গণৰাজ্য হিচাপে উল্লেখ কৰা আছে। গণৰাজ্যত বংশানুক্রমিক ৰাষ্ট্র প্রধানৰ ব্যৱস্থা নাথাকে। ভাৰতবৰ্ষৰ ৰাষ্ট্র প্রধান বংশানুক্রমিক নহয়। গণৰাজ্যৰ নীতিৰ লগত সামঞ্জস্য ৰাখি ইয়াত নির্বাচিত ৰাষ্ট্রপ্রধানৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ৰাষ্ট্রপতিক পাঁচ বছৰৰ বাবে নির্বাচিত কৰা হয়।

৩। নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্রস্তাবকেইটা আলােচনা কৰা।
উত্তৰ:  সংবিধান সভাৰ প্রথম বৈঠকত ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে নেহৰুৱে কেইটামান উদ্দেশ্য সম্পর্কিত প্রস্তাৱ উত্থাপন কৰিছিল। সংবিধান সভাই ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে ইয়াক গ্রহণ কৰে। ইয়াৰ মূল প্রস্তাৱকেইটা হ’ল—

  1. গণ পৰিষদে ভাৰতবৰ্ষক “স্বাধীন, সার্বভৌম প্রজাতন্ত্র হিচাপে ঘােষণা কৰিবলৈ দৃঢ় প্রতিজ্ঞ।
  2. ব্রিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতবৰ্ষৰ অন্তর্ভুক্ত হ’ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হব।
  3. ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধর্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্রকাশৰ স্বাধীনতাক স্বীকৃতি প্রদান কৰা হ’ব।
  4. অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্রদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব।
  5. দেশ স্বাধীনতা, সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা হ’ব।
  6. আন্তর্জাতিক সু-সম্পর্ক বিশ্ব শান্তিৰক্ষা কৰা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূর্ণ সহযােগিতা আগবঢ়াব।
  7. সংঘত যােগ দিয়া সহযােগী দেশীয় ৰাজ্যসমূহ অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ব শাসনৰ মাজেৰে অংগ ৰাজ্যৰ মর্যাদা লাভ কৰিব।
  8. জনসাধাৰণেই হ’ব সকলাে ক্ষমতাৰ উৎস। সার্বভৌম দেশখনৰ চৰকাৰ আৰু সকলাে অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব।

লগতে চাওকঃ আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

ভাৰতীয় গণতন্ত্ৰ Class 10

8। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা।
উত্তৰঃ সংবিধান অনুযায়ী বর্তমান ভাৰতবর্ষ ২৯ খন ৰাজ্য আৰু ৭খন কেন্দ্রীয় শাসিত অঞ্চললৈ গঠিত। গতিকে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কিছুমান বিশেষ বৈশিষ্ট্য দেখিবলৈ পােৱা যায়। সেইবােৰ হ’ল-
(ক) প্রস্তাৱনা:  আধুনিক যুক্তৰাষ্ট্রৰ সংবিধান বিলাকত এটা প্রস্তাৱনা যুক্ত কৰা দেখা যায়। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্হিত ভাৰতৰ সংবিধান প্রণেতাসকলেও আমাৰ সংবিধানত এটা প্রস্তাৱনা সন্নিবিষ্ট কৰিছে।

(খ) লিখিত সংবিধানঃ লিখিত সংবিধান হ’ল যুক্তৰাষ্ট্রৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ভাৰতৰ সংবিধানখন লিখিত। আমাৰ দেশৰ সংবিধানখন জনসাধাৰণৰ প্রতিনিধিৰে গঠিত সংবিধান সভাই ৰচনা কৰিছে।

(গ) সংবিধানৰ প্রাধান্য: যুক্তৰাষ্ট্ৰৰ সংবিধানৰ প্রাধান্যতা এটা অন্যতম বৈশিষ্ট্য। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় সংবিধান হ’ল দেশৰ সর্বোচ্চ আইন। ই হৈছে সকলো ধৰণৰ ৰাষ্ট্ৰীয় ক্ষমতা আৰু নাগৰিকৰ মৌলিক ক্ষমতাৰ উৎস।

(ঘ) ক্ষমতাৰ বিভাজনঃ কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতা ভাগ-বতৰা যুক্তৰাষ্ট্ৰৰ অন্যতম বৈশিষ্ট্য। ভাৰতীয় সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমুহৰ মাজত ক্ষমতা ভাগবতৰা কৰি দিছে।

(ঙ) দুই তৰপীয়া চৰকাৰঃ দুই তৰপীয়া চৰকাৰ ব্যৱস্থা যুক্তৰাষ্ট্ৰৰ আন এটা বৈশিষ্ট্য। ভাৰতীয় সংবিধানে আমাৰ দেশত দুই-তৰপীয়া চৰকাৰৰ ব্যৱস্থা কৰিছে। কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ।

(চ) স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থাঃ স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থা যুক্তৰাষ্ট্ৰৰ সর্বশ্রেষ্ঠ বৈশিষ্ট্য। ভাৰতৰ সংবিধানত বিচাৰ বিভাগৰ শীর্ষস্থানত উচ্চতম ন্যায়ালয় অৱস্থিত। উচ্চতম ন্যায়ালয় হ’ল সংবিধানৰ অভিভাৱক আৰু ব্যাখ্যা কর্তা।

লগতে পঢ়ক:   পৃথিৱীৰ ভূগোল দশম শ্ৰেণীৰ ভূগোল তৃতীয় অধ্যায়

(ছ) সংবিধান অনমনীয়তা: সংবিধানৰ অনমনীয়তা যুক্তৰাষ্ট্ৰৰ আন এটা বৈশিষ্ট্য। ভাৰতৰ সংবিধান কিছুমান অনুচ্ছেদ সংশােধন কৰিবলৈ পৃথক সংসদৰ দুয়াে সদনে ২/৩ অংশ অনুমােদনৰ উপৰিও আধা সংখ্যক ৰাজ্যৰ বিধানমণ্ডলৰ সম্মতি প্রয়ােজন। গতিকে সংবিধানৰ অনমনীয়তাও ভাৰতৰ সংবিধানৰ যুক্তৰাষ্ট্ৰ বৈশিষ্ট্য।

(জ) দ্বি-সদনীয় বিধানমণ্ডল : দ্বি-সদনীয় বিধানমণ্ডল যুক্তৰাষ্ট্রৰ বৈশিষ্ট্য। ভাৰত যুক্তৰাষ্ট্রৰাে বিধানমণ্ডল দুই সদনীয়া। ইয়াৰে উচ্চ সদনক ৰাজ্যসভা আৰু নিম্ন সদনক লােকসভা বােলা হয়।

ভাৰতীয় গণতন্ত্ৰ দশম শ্ৰেণী

৫| ভাৰতবৰ্ষৰ সংসদী পদ্ধতি চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা।
উত্তৰঃ যি দেশৰ শাসন ব্যৱস্থাত জনপ্রতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সর্বোচ্চ ক্ষমতা অর্পণ কৰা হয় তাকেই সংসদীয় গণতন্ত্র বােলে। সংবিধান অনুসৰি ভাৰতবৰ্ষত সংসদীয় গণতান্ত্রিক চৰকাৰ প্ৰয়ােগ কৰা হৈছে। ভাৰতৰ সংসদীয় গণতান্ত্রিক চৰকাৰৰ প্রধান বৈশিষ্ট্যবােৰ হ’ল-

(ক) দুই ৰকমৰ কাৰ্যপালিকাৰ অৱস্থিতিঃ সংসদীয় গণতান্ত্রিক চৰকাৰ হিচাপে ভাৰতবৰ্ষত দুই ধৰণৰ কাৰ্যপালিকা দেখা যায়। নামমাত্র কার্যপালিকা আৰু প্রকৃত কাৰ্যপালিকা ভাৰতৰ ৰাষ্ট্রপতি হ’ল নামমাত্র কার্যপালিকা আৰু প্রধানমন্ত্রী হ’ল প্রকৃত কাৰ্যপালিকা।।

(খ) দায়িত্বশীল চৰকাৰ:  দায়িত্বশীল চৰকাৰ হ’ল ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ আন এটা বৈশিষ্ট্য। ভাৰতৰ কেন্দ্রীয় মন্ত্রী পৰিষদৰ মন্ত্ৰীসকল ব্যক্তিগতভাবে আৰু যুটীয়াভাবে চৰকাৰী কার্যাদিৰ বাবে সংসদৰ ওচৰত দায়বদ্ধ। লােকসভাৰ আস্থা হেৰুৱালে মন্ত্রী পৰিষদৰ পতন ঘটে।

(গ) প্রধানমন্ত্ৰীৰ নেতৃত্ব: প্রধানমন্ত্রী নেতৃত্ব ভাৰতীয় সংসদীয় গণতন্ত্রৰ চৰকাৰৰ আন এটা অন্যতম বৈশিষ্ট্য। তেওঁ কার্যনির্বাহকৰ প্ৰকৃত মুৰব্বী প্রধানমন্ত্রী মন্ত্রী পৰিষদৰ জন্মদাতা। প্রধানমন্ত্রী মন্ত্রী পৰিষদৰ তথা সমগ্র দেশৰ নেতা।

(ঘ) গােপনীয়তা:  সকলাে ক্ষেত্ৰতে গােপনীয়তা ৰক্ষা কৰি শাসনকার্য পৰিচালনা  ভাৰতীয় সংসদীয় চৰকাৰৰ আন  এটা বৈশিষ্ট্য। ভাৰত চৰকাৰৰ সকলাে গুৰুত্বপূর্ণ সিদ্ধান্ত মন্ত্রীপৰিষদৰ বৈঠকত গ্ৰহণ কৰা হয়। এনে বৈঠক সিদ্ধান্তসমূহৰ ক্ষেত্ৰত মন্ত্রীসকলে গােপনীয়তা ৰক্ষা কৰাটো অত্যন্ত আৱশ্যক।

(ঙ) মন্ত্রী পৰিষদৰ একতাঃ মন্ত্রী পৰিষদৰ মাজত একতা আৰু দৃঢ়তা এই শাসন ব্যৱস্থাৰ আন এটা বৈশিষ্ট্য। মন্ত্রীসকলে ঐক্যবদ্ধভাবে যিকোনাে কাম কৰিব লাগে। সংসদীয় চৰকাৰত এজন মন্ত্ৰীৰ পতনে সমগ্র মন্ত্রী পৰিষদৰ পতন সূচায়।

(চ) বিৰােধী দলৰ অৱস্থিতি: সংসদীয় চৰকাৰ বিৰোধীদল অত্যাৱশ্যক। ভাৰতৰ সংসদীয় চৰকাৰত বহু দলীয় ৰাজনৈতিক দলৰ ব্যবস্থা কৰা হৈছে। সুসংগঠিত বিৰােধী দলৰ উপস্থিতি ভাৰতীয় সংসদীয় গণতান্ত্রিক ব্যবস্থা প্রধান বৈশিষ্ট্য।

(ছ) মন্ত্রী পৰিষদৰ দ্বৈত দায়িত্ব পালন:  ভাৰতৰ সংসদীয় গণতান্ত্রিক শাসন ব্যৱস্থাত মন্ত্রীসকলে দ্বৈত দায়িত্ব পালন কৰিবলগীয়া হয়। প্রত্যেক মন্ত্ৰীয়ে নিজৰ দপ্তৰৰ দায়িত্ব বহন কৰে আৰু আনহাতেদি আইন সভাৰ সদস্যৰূপে নিজৰ দায়িত্ব পালন কৰে।

১। “কেবিনেট মিছন”ভাৰতলৈ কেতিয়া আহিছিল?

উত্তৰঃ “কেবিনেট মিছন” ১৯৪৬ চনৰ মাৰ্চ মাহত আহিছিল।

২। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰঃ সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ড° সচ্ছিদানন্দ সিনহা।

৩। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি?

উত্তৰ: খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ’ল ড° বি, আৰ, আম্বেদকাৰ।

1 thought on “ভাৰতীয় গণতন্ত্ৰ Class 10 দশম শ্ৰেণী ৰাজনীতি বিজ্ঞান”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top