ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস প্ৰশ্ন উত্তৰ

ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন

ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন
শ্ৰেণী নৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ
বিষয় সামাজ বিজ্ঞানৰ ইতিহাস
অধ্যায়/ পাঠ পাঠ 1
পাঠ্যক্ৰম ছেবা

ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস প্ৰশ্ন উত্তৰ

অতি চমু প্ৰশ্ন উত্তৰ:

১) ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম পৰ্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক’ত পোন প্রথমে উপস্থিত হৈছিল?

উত্তৰঃ পতুৰ্গীজ নাৱিকজন হল ভাস্ক’ ডা গামা৷ তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল।

2) জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?

উত্তৰঃ ইংৰাজ নাৱিকজন হল ফ্ৰান্সিছ ড্ৰেক

৩) ভাৰত ভূমিত পোন প্রথমে কোন ইংৰাজ নাৱিকে কেতিয়া প্রৱেশ কৰিছিল?

উত্তৰঃ  ১৫৯৯ খ্ৰীষ্টাব্দত ইংৰাজ নাৱিক জেমছ মিলডেন হলে প্ৰৱেশ কৰিছিল।

৪) ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক’ত গঠন হৈছিল?

উত্তৰঃ ১৫০০ খ্ৰীষ্টাব্দত লণ্ডনত

৫) ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ ক) বেহা-বেপাৰ কৰা। খ) ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।

6) ইংৰাজৰ প্রথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক’ত কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ মছলিপট্ৰমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল।

৭) ফৰ্ট উইলিয়াম’ কি ?

উত্তৰঃ কলিকতা বানিজ্য কেন্দ্ৰটোৰ নাম হল ‘ফৰ্ট উইলিয়াম’

8) পৰাধীন ভাৰতৰ ৱি্টিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। 

উত্তৰঃ দুটা ভাগত ভাগ কৰিব পাৰিঃ
ক) প্ৰথমটো হৈছে মোগল সাম্রাজ্যৰ পতনৰ  পৰা আৰম্ভ কৰি ১৮৫৭ গধ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে।

খ) দ্বিতীয় হৈছে ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে।

9) ‘ভাৰত চৰকাৰ আইন’ কোনে কেতিয়া কি উদ্দেশ্যত প্রণয়ন কৰিছিল?

উত্তৰঃ ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে  ইংলেণ্ডৰ চৰকাৰক পোনপতীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা উদ্দেশ্যত ভাৰত চৰকাৰ আইন’ প্ৰণয়ন কৰিছিল।

১০। ‘ভাৰতীয় পৰিষদ আইন’ কেতিয়া আৰু কি উদ্দেশ্যত প্রণয়ন কৰা হৈছিল?

উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ‘ভাৰতীয় পৰিষদ আইন’ প্ৰণয়ন কৰিছিল। আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া এই আইনখনৰ উদ্দেশ্য আছিল।

ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন চমু/দীঘল উত্তৰৰ প্রশ্ন

প্রশ্ন ২। ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পর্কে লিখা।
উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্র স্থাপন কৰাৰ তিনিটা মূল কৌশল হল-
(ক) ১৬১১ খ্রীত গােলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানিয়ে মছলিপট্টমত আৰু ১৬৩৬ খ্রীত আৰমাগাৱত দ্বিতীয়টো বাণিজ্য কেন্দ্র মুকলি কৰিছিল। ১৬৩৯ খ্রী:ত চন্দ্রগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি কেন্দ্ৰটোৰ নাম নতুনকৈ “ফর্ট ছেন্ট জর্জ” নাম দিয়ে।
(খ) ১৬৬১ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লছে পর্তুগীজ ৰাজকন্যা কেথনিক বিয়া কৰাই যৌতুক হিচাপে বােম্বাই চহৰ লাভ কৰিছিল। ৰজা চার্লছে ১৬৬৮ খ্রীত ৫০,০০০ পাউণ্ড ঋণৰ বিনিময়ত বােম্বাই ইংৰাজ কোম্পানিক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰা বােম্বাই কোম্পানি প্রধান কার্যালয়ত পৰিণত হয়।

(গ) ১৬৯০ খ্রী.ত জব চার্ণক নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যােগেদি বছৰি ১২০০ টকাৰ খাজনাৰ বিনিময়ত কালীঘাটা (কলিকতা), সুতানুটি আৰু গােবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব কোম্পানিয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। তিনিখন ঠাইৰ সমষ্টিয়ে পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল। ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানার্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ‘ফর্ট উইলিয়াম’ ৰখা হৈছিল।

প্রশ্ন ৩। ভাৰতত ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তােলা ইষ্ট ইণ্ডিয়া কোম্পানিৰ আটাইতকৈ উল্লেখযােগ্য ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্রিটিছ সাম্রাজ্যৰ লাইখুটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।
উত্তৰ : ভাৰতত ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তােলা ইষ্ট ইণ্ডিয়া, কোম্পানিৰ আটাইতকৈ উল্লেখযােগ্য ব্যক্তিজন হৈছে ৰবার্ট ক্লাইৱ। ৰবার্ট ক্লাইৱে যি কৌশলেৰে ব্রিটিছ সাম্রাজ্যৰ লাইখুটা স্থাপন কৰিছিল তাৰ চাৰিটা যুক্তি হল—
(ক) ক্লাইৱে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবােৰ বিদেশী ইউৰােপীয়ান কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল।
(খ) ৰবার্ট ক্লাইৱে যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানি ফলীয়া কৰিবলৈ প্রচেষ্টা চলাইছিল।
(গ) বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, অযােধ্যাৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানিৰ সৈতে মিত্ৰতা কৰি প্রত্যেকেই নিজৰ নিজৰ কর্তৃত্ব বিসর্জন দিব লগা হৈছিল।
(ঘ) পলাচী যুদ্ধত (১৭৫৭ খ্রীঃ) বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব ছিৰাজ উদদৌলাক (১৭৫৬-৫৭) ছল-চাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্রিটিছ সাম্রাজ্যৰ লাইখুটা স্থাপন কৰি ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল।

প্রশ্ন ৪।চিপাহী বিদ্রোহ সৃষ্টিৰ চাৰিটা কাৰণ লিখা।
উত্তৰ : ১৮৫৭ চনৰ চিপাহী বিদ্রোহক ভাৰত বুৰঞ্জীত এক যুগান্তকাৰী ঘটনা বুলি আখ্যা দিয়া হয়। এই বিদ্ৰোহৰ প্ৰধান কাৰণ সমূহ হ’ল— (ক) ৰাজনৈতিক কাৰণ, (খ) অর্থনৈতিক কাৰণ, (গ) সামাজিক কাৰণ, (ঘ) ধর্মীয় কাৰণ।
(ক) ৰাজনৈতিক কাৰণ : ইংৰাজ গৱৰ্ণৰ জেনেৰেল লর্ড, ডেলহাউচিয়ে ভাৰতবৰ্ষত। ব্রিটিছ সাম্রাজ্য প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে সৃষ্টি কৰা “স্বত্ববিলােপ নীতি’ আছিল চিপাহী বিদ্ৰোহৰ এটা ৰাজনৈতিক কাৰণ। এই নীতিমতে কোনাে দেশীয় ৰাজ্যৰ ৰজাৰ মৃত্যু হলে তেওঁৰ যদি কোনাে সতি-সন্ততি নাথাকে, তেতিয়া সেই ৰাজ্য ব্রিটিছ সাম্রাজ্যৰ লগত অন্তর্ভুক্ত কৰা হ’ব। লগতে কোনাে দেশীয় ৰজাই তােলনীয়া পুতেকক সিংহাসনৰ উত্তৰাধিকাৰী কৰিব নােৱাৰিব। ডেলহাউচিয়ে এই নীতি প্রয়ােগ কৰি চাৰা, বামি, নাগপুৰ, চম্বলপুৰ, জৈতপুৰ আদি ৰাজ্য ইংৰাজ সাম্রাজ্যৰ অন্তর্ভুক্ত কৰিছিল ব্রিটিছৰ এই কার্যই ভাৰতীয় ৰজাসকলৰ মনত বিদ্ৰোহৰ পাতনি মেলিছিল।

লগতে পঢ়ক:   মানৰ অসম আক্ৰমণ Class IX প্রশ্ন উত্তৰ নৱম শ্ৰেণীৰ (ইতিহাস)

(খ) অর্থনৈতিক কাৰণ : ৰজা আৰু জমিদাৰ শ্ৰেণীৰ মাজত দেখা দিয়া অর্থনৈতিক সংকটো চিপাহী বিদ্রোহৰ এটা অর্থনৈতিক কাৰণ। ৰজা আৰু জমিদাৰসকলৰ ৰাজ্যসমূহ ইংৰাজ সাম্রাজ্যৰ অন্তর্ভুক্ত হােৱাৰ ফলত তেওঁলােকৰ আয়ৰ পথ বন্ধ হৈছিল। তেওঁলােকৰ পেঞ্চন, ভাট্টা আদি বন্ধ কৰি আর্থিক সংকটৰ সন্মুখীন কুৰাইছিল ইয়াৰ উপৰি ইংৰাজৰ মাটিৰ খাজনা বৃদ্ধি, “চিৰস্থায়ী বন্দোৱস্ত নীতি’ আদিয়ে কৃষক, জমিদাৰ আদি সকলাে শ্ৰেণীৰ লােকক আঘাত কৰিছিল।

আনহাতে, ইংলেণ্ডৰ আমদানি সামগ্ৰীৰ ওপৰত থকা কৰ হ্ৰাস কৰি ইংৰাজ চৰকাৰে ভাৰতৰ পৰা অর্থনৈতিক লুণ্ঠন আৰম্ভ কৰিছিল। ভাৰতৰ পৰা কেঁচামালসমূহ কম দৰত কিনি নিজৰ দেশলৈ নি তেওঁলােকৰ দেশৰ উদ্যোগজাত সামগ্ৰীৰে ভৰাই পেলাইছিল। ফলত ভাৰতৰ থলুৱা উৎপাদিত সামগ্ৰীয়ে সেইবােৰৰ লগত ফেৰ মাৰিব পৰা নাছিল আৰু ফলস্বৰূপে ভাৰতৰ থলুৱা সামগ্রী ধ্বংসৰ পিনে অগ্রগতি লৈছিল। এনেবােৰ কাৰণতেই ৰজা, কৃষক আৰু জমিদাৰ সকলৰ মাজত বিদ্ৰোহৰ পাতনি মেলিছিল।

(গ) সামাজিক কাৰণ : অতি প্রাচীন কালৰ পৰাই ভাৰতবর্ষ বিভিন্ন জাতি জনজাতিৰ মিলনভূমি আছিল। ইংৰাজসকলে ভাৰতত স্থায়ীভাৱে বসতি কৰাৰ পাছৰ পৰা ভাৰতীয় সমাজত চলি থকা সতীদাহ, বাল্যবিবাহ, নৰবলি, বিধৱা বিবাহ প্রচলন, শিশুবধ প্রথাৰ অৱসান আদি প্রথাসমূহৰ বিৰােধিতা কৰা আৰু সেইবােৰৰ সাপেক্ষে মাত মতাৰ বাবে কিছুসংখ্যক ভাৰতবাসীৰ মনত ইংৰাজৰ প্রতি বেয়া মনােভাব সৃষ্টি হৈছিল । ইংৰাজী শিক্ষাৰ প্ৰচলন, ডাক তাৰৰ ব্যৱস্থা, ৰে’ল পথ আৰু ভাপ জাহাজৰ আৱিষ্কাৰৰ আঁৰত কিবা অভিসন্ধি লুকাই আছে বুলি ভাৰতীয়সকলে সন্দেহ কৰিছিল। এইবােৰৰ পৰাও ভাৰতীয় সকলৰ মনত চিপাহী বিদ্রোহৰ পাতনি মেলিছিল।
(ঘ) ধর্মীয় কাৰণ : ভাৰতবৰ্ষলৈ অহাৰ সময়ৰ পৰাই ইংৰাজসকলৰ এটা উদ্দেশ্য আছিল খ্রীষ্টান ধর্ম প্রচাৰ কৰা। ভাৰতীয় লােকৰ ধৰ্ম নষ্ট কৰাৰ উদ্দেশ্যে ইংৰাজসকলে ভাৰতৰ হিন্দু মুছলমান সম্প্রদায়ৰ লােকসকলৰ মাজত ধর্মীয় বিবাদৰ সৃষ্টি কৰিছিল। ভাৰতীয়ৰ ধর্মীয় বিবাদৰ কাৰ্যই ১৮৫৭ খ্রীৰ বিদ্ৰোহৰ কাৰণ হৈ পৰিছিল।

প্রশ্ন ৫। চিপাহী বিদ্রোহৰ চাৰিটা উল্লেখযােগ্য ফলাফল উল্লেখ কৰা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ চাৰিটা ফলাফল হল-
(ক) চিপাহী বিদ্ৰোহৰ ফলত ইষ্ট-ইণ্ডিয়া কোম্পানিৰ পৰা ভাৰতৰ শাসনভাৰ ব্রিটিছ চৰকাৰৰ হাতলৈ যায়।
(খ) চিপাহী বিদ্ৰোহৰ ফলতেই ভাৰতীয় দেশীয় ৰাজ্যৰ ৰজাসকলক মহাৰাণীয়ে আশ্বাস দি কৈছিল যে ইষ্ট-ইণ্ডিয়া কোম্পানিৰ সৈতে তেওঁলােকে যিবােৰ চুক্তি কৰিছিল সেইবােৰ চৰকাৰে মানি চলিব।
(গ) দেশীয় ৰজাসকলৰ অধিকাৰ, সম্মান, মর্যাদা আৰু ৰাজ্যৰ সীমা অক্ষুন্ন থাকিব।
(ঘ) জাতি, ধর্ম বা বৰ্ণৰ ভিত্তিত মহাৰাণীৰ চৰকাৰে কোনাে বৈষম্যমূলক আচৰণ নকৰে।

(ঙ) এই বিদ্রোহে ভাৰতত জাতীয়তাবাদৰ সূচনা কৰে।।

ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন Class 9

প্রশ্ন ৬। ‘ভাৰত চৰকাৰ আইনৰ জৰিয়তে হােৱা চাৰিটা প্রশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰঃ ভাৰত চৰকাৰ আইনৰ জৰিয়তে হােৱা চাৰিটা প্রশাসনীয় পৰিৱৰ্তন হৈছে
(ক) ব্রিটিছ সংসদে ১৮৫৮ খ্রীৰ ২ আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্রণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পােনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল।

(খ) দ্বিতীয়তে, ভাৰত শাসনৰ সকলাে দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানি আমােলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্রণ পৰিষদ আৰু সঞ্চালক সভাৰ কর্তৃত্বৰ অৱসান ঘটিছিল।

(গ) তৃতীয়তে, নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলাে দায়িত্ব ক্ষমতা ব্রিটিছ মন্ত্রীসভাৰ এজন সদস্যৰ হাতত তাপণ কৰা হয়। ভাৰত শাসনৰ সৈতে প্রক্ষভাৱে জড়িত হােৱা মন্ত্রীজনক ভাৰত সচিব’ বােলা হয়।

(ঘ) চতুর্থত, ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সর্বোচ্চ শাসনকর্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰ্যা অর্থাৎ প্রতিনিধিৰ খিতাপ প্রদান কৰা হয়। এই আইনে ভাইচৰয় আৰু প্রাদেশিক মুৰব্বীজনক (গৱৰ্ণৰ) নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানিৰ সামৰিক বাহিনীক ব্রিটিছ চৰকাৰৰ তলতীয়া কৰিছিল।

প্রশ্ন ৭ লর্ড কেনিঙৰ দুটা, প্রধান সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ লর্ড কেনিৰ দুটা প্রধান সংস্কাৰ হ’ল—
(ক) লর্ড কেনিঙ শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে ‘উডৰ শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰি প্রত্যেক প্রদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল।
(খ) লর্ড কেনিঙে সেনাবাহিনীৰ ক্ষেত্ৰত কিছু সাংগঠনিক পৰিৱৰ্তন কৰিছিল। বিভিন্ন জাতি আৰু বিভিন্ন ধর্মাবলম্বী সৈনিকক একগােট কৰি এটা মিশ্রিত ভাৰতীয় সেনা- বাহিনীৰ গােট গঠন কৰিছিল নতুনকৈ গঠন হােৱা গােটটোত ভালেসংখ্যক ইউৰােপীয় সেনাক নিয়ােগ কৰিছিল।

প্রশ্ন ৮ ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ আৰু দুটা দোষ লিখা।
উত্তৰঃ ভাৰতীয় পৰিষদ আইন’ৰ দুটা.দোষ হ’ল—
(ক) এই আইনে ভাৰতীয়ক পােন প্রথমবাৰ বিধানমণ্ডলত স্থান দি ইংৰাজ শাসকে ভাৰতীয়ৰ পৰা প্রত্যক্ষ সহযােগিতা আশা কৰিছিল। এক কথাত ভাৰতীয়ক বিধানমণ্ডলৰ সদস্যৰ পদ দি ভাৰতত প্ৰতিনিধিত্বমূলক চৰকাৰ গঠনৰ সঁচটো তৈয়াৰ কৰিছিল। প্রকৃত অর্থত ভাৰতীয় জনসাধাৰণৰ প্রতিনিধি আছিল বুলি ক’ব নােৱাৰি। তেওঁলােক আছিল উচ্চ বংশজাত আৰু সম্ভ্রান্ত ভূ-স্বামী শ্ৰেণীটোৰহে প্রতিনিধি।

(খ) এই আইনে কেন্দ্রীয় বিধানমণ্ডলক ৰাজহ, বিত্ত, প্রতিক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ, দেশীয় ৰাজ্য আৰু ব্রিটিছ-ভাৰত অধিকৃত ৰাজ্যৰ সীমাৰ সুৰক্ষা আদি বিষয়ত পৰামর্শ আৰু আইন তৈয়াৰ কৰাৰ ক্ষমতা দিছিল। কিন্তু একে সময়তে ভাইচৰয়গৰাকীক প্রয়ােজন সাপেক্ষে বিধানমণ্ডলত প্রস্তাৱিত আইন নতুবা দিহা-পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতাও দিছিল।

 ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ হল —

(ক) এই আইনে পাঁচজনীয়া সদস্যৰ এখন ‘কাৰ্যবাহী পৰিষদ গঠনৰ প্ৰস্তাৱ দিছিল। ভাৰতৰ সচিবক এই আইনে তিনিজন ব্যক্তিক কার্যবাহী পৰিষদৰ বাবে বাছনি কৰিবলৈ কর্তৃত্ব প্রদান কৰিছিল, ভাৰতবৰ্ষত কমেও দহ বছৰ কাল চাকৰি কৰাৰ অভিজ্ঞতা থকা ব্যক্তিকহে তেওঁ বাছনি কৰিব পাৰিছিল। বাকী দুজন সদস্যক ব্রিটিছ সংসদে প্রত্যক্ষভাৱে নিয়ােগ কৰাৰ ক্ষমতা পাইছিল তেওঁলােক দুজনৰ এজনক আইনী সদস্য আৰু আনজনক বিত্তীয় সদস্য হিচাপে কাৰ্যবাহী পৰিষদত স্থান দিয়া হৈছিল।

লগতে পঢ়ক:   অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি প্রশ্নোত্তৰ নৱম শ্ৰেণীৰ – Class 9 Social Science Chapter 5 question Answer In Assamese

খ) ভাইচৰয়ক কার্যবাহী পৰিষদখন সুচাৰূপে পৰিচালনা কৰাৰ সম্পূর্ণ কর্তৃত্ব দিয়া হৈছিল। ভাইচৰয় লর্ড কেনিঙে পােন প্রথমে কেন্দ্রীয় কার্যবাহী পৰিষদৰ সদস্যসকলৰ মাজত দপ্তৰসমূহ ভগাই দি তেওঁলােকক নিজা নিজা দপ্তসমূহ পৰিচালনা কৰাৰ অধিকাৰ দিছিল।

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় 1

প্রশ্ন ৯। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হােৱা পৰিৱৰ্তনসমূহ আলােচনা কৰা।
উত্তৰঃ ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হােৱা পৰিৱৰ্তনসমূহ হৈছে
(ক) লর্ড ৰিপনে কেইটামান বিশেষ উদ্দেশ্য আগত ৰাখি স্বায়ত্ত শাসন ব্যৱস্থাৰ পােষকতা কৰিছিল। তেওঁ স্থানীয় প্রশাসন ব্যৱস্থাত এনে এক পৰিৱৰ্তনৰ পােষকতা কৰিছিল যত প্রশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্রহণ কৰাৰ সুবিধা থাকে। ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয়সকলক আধুনিক প্রশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলক তেওঁলােকৰ প্রাথমিক কাম বিলাক তেওঁলােকৰ হতুৱাই সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব দিছিল।।

(খ) লর্ড ৰিপনে ১৮৮২ খ্রীত ঐতিহাসিক প্রস্তাৱ মতে প্রত্যেকটো মহকুমাত একোখনকৈ আঞ্চলিক পৰিষদ গঠন কৰে। প্রয়ােজন অনুসৰি প্রত্যেকখন লােকেল ব’র্ডৰ (আঞ্চলিক পৰিষদ) অধীনত থকা গ্রামাঞ্চলৰ লাটসমূহত একোখনকৈ প্রাথমিক ব’র্ড গঠনৰ ব্যৱস্থা ৰাখিছিল। লােকেল ব’র্ডৰ অধিকাংশ সদস্য নির্বাচন কৰি অনাৰ লগতে সদস্যসকলৰ মাজৰ পৰা এজন বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰাৰ ব্যৱস্থা কৰিছিল।

(গ) লর্ড ৰিপনে স্বায়ত্ত শাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কার্যকৰী কৰিবলৈ নির্দেশ দিছিল। কিছুমান প্রদেশত জিলা পর্যায়ত আৰু কিছুমান প্রদেশত মহকুমা পর্যায়ত লােকেল ব’র্ডসমূহ গঠন কৰিছিল।

(ঘ) গ্রামাঞ্চলৰ দৰে নগৰাঞ্চলসমূহে স্থানীয় স্বায়ত্ত শাসনৰ তলতীয়া হৈছিল। ১৮৮২ খ্রীৰ স্থানীয় স্বায়ত্তশাসনৰ প্ৰস্তাৱ মর্মেনগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। পৌৰসভা আৰু নগৰপালিকা নিকায়সমূহৰ শতকৰা ৭৫ জন সদস্যক নির্বাচন যােগেদি বাছনি কৰি লােৱাৰ ব্যৱস্থা কৰা হৈছিল।

(ঙ) ভাৰত সচিবে লর্ড বিপনৰ কেইবাটাও স্বায়ত্ত শাসন সম্পর্কীয় গুরুত্বপূর্ণ প্রস্তাৱ নাকচ কৰিছিল। বিশেষকৈ লােকেল ব’র্ডসমূহত নির্বাচিত সদস্য সংখ্যা বৃদ্ধি আৰু বেচৰকাৰী সদস্যক সভাপতি পদ দিয়াৰ বাবে বিপনে আগবঢ়োৱা প্ৰস্তাৱ ইংলেণ্ডৰ চৰকাৰে সমর্থন কৰা নাছিল। ১৮৮৫ খ্রীৰ স্বায়ত্ত শাসন আইনখনে জিলা উপায়ুক্তসকলকহে লােকেল ব’র্ডৰ সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল। লর্ড ৰিপনে স্বায়ত্ত শাসনৰ সংস্থাবােৰ জনসাধাৰণৰ নির্বাচিত প্রতিনিধিৰ হাতত অৰ্পণ কৰাটো এটা নীতি হিচাপে গ্রহণ কৰিছিল। কিন্তু ইংৰাজ চৰকাৰে বিপনৰ উদ্দেশ্য সম্পূর্ণরূপে কাৰ্যকৰী কৰাত বাধা প্রদান কৰিছিল। সেয়ে হলেও বিপনে পােন প্ৰথমবাৰৰ বাবে স্থানীয় শাসন ব্যৱস্থাক গণতান্ত্রিক পদ্ধতিৰ মাজলৈ টানি আনিছিল।

ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন চমু/দীঘল উত্তৰৰ প্রশ্ন

প্রশ্ন ১০। অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তর্ভুক্ত হৈছিল ? এই সেৱাৰ বিকাশ সম্পর্কে আলােচনা কৰা।
উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসন কালত ভাৰতবৰ্ষৰ লােকসেৱাৰ পদবীসমূহকেৱল ইংৰাজৰ লােকসকলৰ দ্বাৰাহে পূৰণ কৰা হৈছিল। ১৮৫৮ খ্রী.ত যেতিয়া ভাবত চৰকাৰ পৰিচালনাৰ দায়িত্ব ব্রিটিছ চৰকাৰৰ হাতলৈ যায় তাৰ পিছৰ পৰা ভাৰতীয় শিক্ষিতসকলেও লােকসেৱাৰ পদবীত দেশীয় ব্যক্তিক অন্তর্ভুক্ত কৰাৰ বাবে আগ্রহ প্রকাশ কৰিছিল। শিক্ষিত ভাৰতীয়সকলৰ মনত গঢ়ি উঠা এনে আগ্রহৰ প্রতি লক্ষ্য ৰাখি উনবিংশ শতিকাৰ সত্তৰৰ দশকৰ পৰা ভাৰতীয় সকলকো লােকসেৱাৰ পদবীত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছিল।

১৭৯৩ খ্রী:ৰ নিয়ন্ত্রণকাৰী আইন (Regulating Act 1793) আনুসৰি ভাৰত প্রশাসনৰ উচ্চ পদবীসমূহ কোম্পানিৰ অংগীকাৰবদ্ধ কৰ্মচাৰীৰ বাবেহে সংৰক্ষিত কৰি ৰখাৰ নিয়ম বলরৎ কৰা হৈছিল। তদানীন্তন গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱলিচে (১৭৮৬- ৯৩) ভাৰতীয় প্রশাসনৰ বিষয়বাব নিদিবৰ বাবে ইংলেণ্ডৰ চৰকাৰৰ ওচৰত যুক্তি দাঙি ধৰিছিল। তেওঁৰ যুক্তি মতে ভাৰতীয়সকল আধুনিক প্রশাসনৰ সৈতে একেবাৰে অভ্যস্ত নহয় আৰু ভাৰতীয়ৰ হাতত শাসনৰ দায়িত্ব জাপি দিলে সেই প্রশাসন ইংৰাজৰ স্বাৰ্থৰ বিপৰীতে পৰিচালিত হ’ব! কিন্তু উদাৰচিতীয়া ইংৰাজ চিন্তাবিদ ছাৰ থমাছ মনৰাে আৰু ছাৰ জন মেলকমে কর্ণৱালিচৰ এই যুক্তি মানি লােৱা নাছিল।

১৮৩৩ খ্রী:ত চনদে ভাৰতীয় লােকক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। কোম্পানিৰ ডাইৰেক্টৰসকলে এই সন্মতিৰ বিৰােধিতা কৰিছিল। কিন্তু বেগুলেটিং এক্ট নামৰ আইনখনে ভাৰতীয়সকলৰ প্রতি আগবঢ়োৱা উদাৰ মনােভাবক ইংৰাজ শাসকসকলে সম্পূর্ণভাৱে অৱজ্ঞা কৰিব পৰা নাছিল। সেয়েহে ১৮৩৩ খ্রী.ত ডেপুটি মেজিষ্ট্রেট আৰু ১৮৪৩ খ্র.ত ডেপুটি কালেক্টৰ নামৰ দুটা পদবীৰ সৃষ্টিকৰি পদবী দুটাৰ বাবে উপযুক্ত ভাৰতীয় ব্যক্তিক নিযুক্তি দিছিল। ১৮৫৩ খ্রী. চনদে লােকসেৱাৰ বাবে অনুষ্ঠিত হােৱা প্রতিযােগিতামূলক পৰীক্ষাত ভাৰতীয় লােকসকলক অৱতীৰ্ণ হােৱাৰ বাবে অনুমতি দিছিল। কিন্তু এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হােৱাৰ বাবে অতি কম সংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ হ’ব পাৰিছিল।

১৮৫৮ খ্রী.ত মহাৰাণীৰ ঘােষণাপত্রই দেশীয় লােককো লােকসেৱাৰ পদবীত নিয়ােগ কৰাৰ আশ্বাস দিছিল। এই আশ্বাসৰ ভিত্তিত ভাৰত সচিবে এখন কমিটী গঠন কৰি দিছিল। কমিটীয়ে ভাৰতীয় লােকসেৱাৰ বাবে প্রতিযােগিতামূলক পৰীক্ষা ভাৰতত অনুষ্ঠিত কৰাৰ উপদেশ দিছিল। কিন্তু ১৮৬২ খ্রী:ৰ চিভিল ছাৰ্ভিচ আইনৰ ধাৰা মতে লােকসেৱাৰ পদবী অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ বাবেহে সংৰক্ষিত হৈ আছে। সেয়েহে ভাৰতীয় কমিটীৰ এই উপদেশ কার্যকৰী নহ’ল।

১৮৬৫ খ্রীষ্টাব্দলৈকে লােকসেৱা পৰীক্ষাত অৱতীৰ্ণ হােৱা পৰীক্ষাৰ্থীৰ সর্বোচ্চ বয়সৰ সীমা আছিল ২২ বছৰ। কিন্তু ১৮৬৬ খ্রীষ্টাব্দত এই সর্বোচ্চ বয়সৰ সীমা ২১ বছৰ কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে অতি কমসংখ্যক ভাৰতীয়ইহে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিছিল। ১৮৬৪ খ্রীত প্রথমজন ভাৰতীয় ব্যক্তি সত্যেন্দ্রনাথ ঠাকুৰে ভাৰতীয়। লােকসেৱাৰ। পদবী লাভ কৰিছিল। লর্ড লিটনৰ কাৰ্যকালত ব্রিটিছ চৰকাৰে ভাৰতীয় লােকসেৱা সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল। এই বিধি অনুসৰি যি এক যষ্ঠাংশ লােকসেৱাৰ পদবী অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল সেই পদবীসমূহ স্থানীয় চৰকাৰৰ মনােনীত ভাৰতীয় লােকৰ দ্বাৰা পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। ভাইচৰয় লর্ড লিটনে নিজাকৈ পদবীসমূহৰ বাবে উচ্চবংশজাত ভাৰতীয় ব্যক্তিক বাছনি কৰাৰ নির্দেশ দিছিল। কিন্তু উচ্চ শ্রেণীভুক্ত ভাৰতীয়ক আকর্ষণ কৰিব নােৱৰাত গােটেই ব্যৱস্থাটো কার্যকৰী কৰিব পৰা নাছিল।

লগতে পঢ়ক:   মূল অৰ্থনৈতিক সমস্যাসমূহ নৱম – শ্ৰেণীৰ অর্থনীতি বিজ্ঞান অধ্যায় 02

প্রশ্ন ১১। ব্রিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লােকসেৱা সম্পর্কে তিনিটা পার্থক্য উল্লেখ কৰা।
উত্তৰ : ব্রিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লােকসেৱাৰ মাজত থকা তিনিটা পার্থক্য হল—
(ক) ব্রিটিছ অধীন ভাৰতবৰ্ষত লােকসেৱাৰ পৰীক্ষাসমূহ লণ্ডনত অনুষ্ঠিত হৈছিল। কিন্তু স্বাধীনতাৰ পিছত লােকসেৱা আয়ােগৰ পৰীক্ষাসমূহ ভাৰতৰ প্ৰায় সকলাে ৰাজ্যতে অনুষ্ঠিত কৰা হৈছিল।

(খ) ব্রিটিছৰ শাসন-কালত লােকসেৱাৰ প্ৰাৰ্থীৰ বয়সৰ উচ্চসীমা ২২ বছৰ আছিল। কিন্তু স্বাধীনতাৰ পিছত লােকসেৱাৰ প্ৰাৰ্থীৰ বয়সৰ সীমা ২৫ বছৰলৈ বৃদ্ধি কৰা হৈছিল।

(গ) ব্রিটিছৰ অধীনত সৰ্বভাৰতীয় পর্যায়ত লােকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। কিন্তু স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত সর্ব-ভাৰতীয় আৰু প্রদেশিক উভয় পর্যায়তে লােকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন class 9 অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। পর্তুগীজ নাৱিকসকলে ভাৰতৰ সৈতে নতুন নৌপথৰ আৱিষ্কাৰৰ উদ্দেশ্য লৈ কোনখন সমুদ্রত নৌ যাত্রা কৰিছিল?
উত্তৰঃ অজনা সমুদ্রত।

প্রশ্ন ২। ৰাৰ্থল মিউ ডিয়াজ কোন আছিল? তেওঁৰ কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ বাৰ্থল মিউ ডিয়াজ এজন পর্তুগীজ নারিক আছিল। ১৪৫০ খ্রীত তেওঁৰ জন্ম হৈছিল।

প্রশ্ন ৩। কিমান খ্রীত ইংৰাজ সদাগৰসকলে লণ্ডনত এটা বাণিজ্যিক প্রতিষ্ঠান গঠন কৰিছিল ?
উত্তৰঃ ১৬০০ খ্রী.ত।

প্রশ্ন ৪। ইংলেণ্ডৰ কোন ৰজাই ভাৰতৰ সৈতে বেহা-বেপাৰৰ উদ্দেশ্যে মোগল, সম্রাট জাহাংগীৰলৈ আবেদন পত্র প্রেৰণ কৰিছিল?
উত্তৰঃ ১৬০৮ খ্রীত ইংলেণ্ডৰ ৰজা প্রথম জেমছ।।

প্রশ্ন ৫। কোন ব্রিটিছ সদাগৰে সম্রাট জাহাংগীৰলৈ বেহা-বেপাৰৰ বাবে আবেদন পত্র আনিছিল?
উত্তৰঃ কেপ্টেইন উইলিয়াম হকিন্সে।

প্রশ্ন ৬।ইংলেণ্ডৰ কোন ৰজাই কাক বিয়া কৰাই বােম্বাই চহৰ যৌতুক হিচাপে লাভ কৰিছিল?
উত্তৰ : ১৬৬১ খ্রীত ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লছে পর্তুগীজ ৰাজকন্যা কেথনিক বিয়া কৰাই বােম্বাই চহৰ যৌতুক হিচাপে লাভ কৰিছিল।

প্রশ্ন ৭। জন- ছানে কোন মােগল সম্রাটক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল?
উত্তৰঃ ১৭১৫ ক্রীত জন ছাৰ্মানৰ নেতৃত্বত ইংৰাজু লােকৰ এটা সজাতী দলে মােগল সম্রাট ফাৰুখছিয়াৰক সাক্ষাৎকৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল।

প্রশ্ন ৮। ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰথম আৰু প্রধান উদ্দেশ্য কি আছিল?
উত্তৰঃ বেহা-বেপাৰ কৰা।

প্রশ্ন ৯। কোন ইংৰাজ বিষয়াই বংগৰ নবাৰৰ লগত চুক্তি সম্পাদিত কৰিছিল? লগত চুক্তি সম্পাদিত কৰিছিল।
উত্তৰঃ ১৬৯০ খ্রী:ত জব চার্ণক নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাব

প্রশ্ন ১০। পর্তুগীজসকলে ভাৰতত প্রথমে কত বেপাৰৰ কুঠি পাতিছিল ?
উত্তৰঃ কুলিকটা আৰু কোচিনত।

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় 1

প্রশ্ন ১১। ইংৰাজসকল ভাৰতলৈ কেতিয়া আহিছিল ?
উত্তৰঃ ১৬০০ খ্রীত।

প্রশ্ন ১২। ইংৰাজসকল ভাৰতলৈ অহাৰ সময়ত মােগল সম্রাট কোন আছিল?
উত্তৰঃ জাহাংগীৰ।

প্রশ্ন ১৩। ব্রিটিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া গঠিত হৈছিল ?
উত্তৰঃ ১৫৯৯ খ্রী.ত।

প্রশ্ন ১৪1 ব্ৰিটিছে ভাৰতৰ ক’ত প্রথমে বাণিজ্য কুঠি পাতিছিল?
উত্তৰঃ চুৰাটত।

প্রশ্ন ১৫। ফর্ট উইলিয়াম দুর্গকত অৱস্থিত ?
উত্তৰঃ কলিকতাত।

প্রশ্ন ১৬। ফ’র্ট উইলিয়াম দুর্গ কোনে নির্মাণ কৰিছিল ?
উত্তৰঃ জৱ.চার্ণকে।

প্রশ্ন ১৭। চেন্ট জর্জ দুর্গ কোনে নির্মাণ কৰিছিল?
উত্তৰঃ ফ্রান্সিছ ডে।

প্রশ্ন ১৮। লােকসেৱা পদৰী (আই. চি. এছ) লাভ কৰা প্রথম ভাৰতীয় ব্যক্তি কোন আছিল?
উত্তৰঃ সত্যেন্দ্র নাথ ঠাকুৰ। (১৮৬৪ খ্রীত)

প্রশ্ন ১৯। কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে টেলিগ্রাফ লাইন স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৮৫৩ চনত।

প্রশ্ন ২০। চিপাহী বিদ্ৰোহৰ সময়ত মােগল সম্রাট কোন আছিল?
উত্তৰঃ ছাহ আলম।

প্রশ্ন ২১। ৰবার্ট ক্লাইৱে কোন মােগল সম্রাটৰ লগত চুক্তি সম্পন্ন কৰি বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰিছিল?
উত্তৰঃ মােগল সম্রাট ছাহ আলম।

প্রশ্ন ২২। পিটৰ ভাৰত আইন কেতিয়া প্রণয়ন কৰা হৈছিল ?
উত্তৰঃ ১৭৮৪ খ্রী.ত।

প্রশ্ন ২৩। কোনখন আইনে পােন প্রথমে ভাৰতত দুই খলপীয়া শাসন ব্যৱস্থাৰ প্রৱৰ্তন কৰিছিল?
উত্তৰঃ ১৭৮৪ খ্রীত পিটৰ ভাৰত আইনে।

প্রশ্ন ২৪। মংগল পাণ্ডেৰ সৈতে শাস্তি পােৱা অন্য চিপাহীজন কোন?
উত্তৰঃ পহৰাদাৰ ঈশ্বৰ পাণ্ডে।

প্রশ্ন ২৫। কোন চনত ইষ্টইণ্ডিয়া কোম্পানিৰ মুদ্ৰাৰ পৰা মােগল সম্রাটৰ নামটো আঁতৰাই দিয়া হয়?
উত্তৰঃ ১৮৩৫ খ্রী:ত

প্রশ্ন ২৬। ভাৰত চৰকাৰ আইন কেতিয়া প্রণয়ন কৰা হৈছিল ?
উত্তৰ : ১৮৫৮ খ্রী:ৰ ২ আগষ্ট তাৰিখে।

প্রশ্ন ২৭। চিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল জনক কি বােলা হৈছিল?
উত্তৰঃ ভাইচৰয় অর্থাৎ ৰাজপ্রতিনিধি।

প্রশ্ন ২৮। ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?
উত্তৰঃ লর্ড কেনিং।

প্রশ্ন ২৯। “ভাগ কৰা আৰু শাসন কৰা” নীতি কোনে প্রৱৰ্তন কৰিছিল ?
উত্তৰঃ ইংৰাজ শাসকে।

প্রশ্ন ৩০। ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ ভেটি কোনে নির্মাণ কৰিছিল ?
উত্তৰঃ লর্ড ৰিপনে (১৮৮০ চনত)।

প্রশ্ন ৩১। কাৰ কাৰ্যকালত ভাৰতীয় লােকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ১৯ বছৰলৈ হ্রাস কৰা হৈছিল।
উত্তৰ ভাইৰয় লর্ড লিটনৰ কাৰ্যকালত।

প্রশ্ন ৩২। কিমান খ্রী.ত পাব্লিক ছাৰ্ভিচ কমিছন গঠন কৰা হৈছিল ?
উত্তৰঃ ১৮৮৬ খ্রী,ত।

প্রশ্ন ৩৩। কিমান খ্রী. ৰয়েল কমিছন অন পাব্লিক ছাৰ্ভিচ গঠন কৰা হৈছিল?
উত্তৰঃ ১৯২২ খ্রী. ব্রিটিছ চৰকাৰে লর্ড ইচলিংটনৰ নেতৃত্বত।

প্রশ্ন ৩৪। ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ফাৰুকচিয়াৰ ফৰমান কেতিয়া লাভ কৰিছিল ?
উত্তৰঃ ১৭১৭ চনত।

প্রশ্ন ৩৫। কোনখন আইনে-ভাৰতৰ এজন গৱৰ্ণৰ জেনেৰেল ব্যৱস্থা কৰে?
উত্তৰঃ ১৮৫৮ চনৰ ভাৰত চৰকাৰ আইনখনে।

প্রশ্ন ৩৬। প্রেছিডেন্টৰ তলতীয়া শাসনযন্ত্রটোক কি নামে জনাজাত হৈছিল ?
উত্তৰঃ‘প্রেছিডেন্সি।

প্রশ্ন ৩৭। ১৭৭৩ খ্র.ত ব্রিটিছ চৰকাৰে নিয়ন্ত্রণকাৰী আইনৰ যােগেদি বংগৰ প্রেছিডেন্সিৰ গৱৰ্ণৰজনক কি উপাধিবে স্বীকৃতি প্রদান কৰিছিল ?
উত্তৰঃ গৱৰ্ণৰ জেনেৰেল।

2 thoughts on “ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস প্ৰশ্ন উত্তৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top