আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য দশম শ্ৰেণী

আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
বিষয় (Subject) সমাজ বিজ্ঞান
মাধ্যম অসমীয়া
পাঠৰ নাম আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
খণ্ড ৰাজনীতি বিজ্ঞান
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় ২
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

দশম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় ২

আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

 অতি চমু উত্তৰৰ প্ৰশ্ন :

১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল?
উত্তৰ: আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

২। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হল

(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।

৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা ?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ প্রধান অংগকেইটা হ’ল-

  • সাধাৰণ সভা।
  • নিৰাপত্তা পৰিষদ
  • অর্থনৈতিক আৰু সামাজিক পৰিষদ
  •  ন্যাসৰক্ষী পৰিষদ
  • আন্তর্জাতিকন্যায়ালয় আৰু
  •  সচিবালয়।

৪। ৰাষ্ট্ৰসঘেৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম হ’ল-
(ক) আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংঘ।
(খ) বিশ্ব স্বাস্থ্য সংস্থা।

৫। নিৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।
উত্তৰ: নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হােৱা দুখন চুক্তিৰ নাম হ’ল-

  1. ১৯৬৩ চনৰ ‘আংশিকভাবে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি।
  2. ১৯৯৩ চনত পাৰমাণবিক অস্ত্র নিয়ন্ত্রণ চুক্তি

১০। মানৱ অধিকাৰ মানে কি বুজা?
উত্তৰ: বিশ্বৰ প্ৰতিজন ব্যক্তিয়ে মর্যাদাপূর্ণ জীবন-যাপনৰ বাবে প্রয়ােজন হােৱা কিছুমান অধিকাৰক সুৰক্ষণ দিয়াৰ অর্থে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ মাহত যিবােৰ অধিকাৰৰ সুৰক্ষাৰ প্ৰভাৱ গ্ৰহণ কৰিছে তাকেই মানৱ অধিকাৰ বােল।

আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

১। ৰাষ্ট্ৰসংঘৰ গঠনৰ উদ্দেশ্য আৰু ইয়াৰনীতিকেইটা আলােচনা কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনৰ ১নং অনুচ্ছেদত উল্লেখ কৰা উদ্দেশ্য চাৰিটা হল –
(ক)  আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।
(গ)  অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মানবীয় সমস্যাসমূহ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযােগিতা স্থাপন কৰা।
(ঘ) উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠানৰ কেন্দ্ৰ হিচাপে কার্য সম্পাদন কৰা।।

ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিকেইটা হ’ল-
(ক) সকলাে সদস্য ৰাষ্ট্রৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব।
(খ) ৰাষ্ট্ৰসংঘৰ চনত উল্লেখ কৰা নিয়মাবলী মানি লৈ সকলাে সদস্য ৰাষ্ট্ৰই নিজ দায়িত্ব পালন কৰিব লাগিব।
(গ) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনাে আঘাত নােহােৱাকৈ সকলাে সদস্য রাষ্ট্রই সকলাে ধৰণৰ বিবাদ শান্তিপূর্ণভাবে মীমাংসা কৰিব লাগিব।
(ঘ) আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনাে সদস্য ৰাষ্ট্ৰই শক্তি প্রয়ােগ কৰিব নােৱাৰিব।
(ঙ) ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।

লগতে পঢ়ক:   অর্থনৈতিক ভূগোল Class 10 : বিষয় বস্তু আৰু সম্পদ

(চ) চনদত উল্লেখ কৰা মতে ৰাষ্ট্র সংঘই কোনাে ব্যৱস্থা গহণ কৰিলে সদস্য ৰাষ্ট্রসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নােৱাৰিব।

২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গঠন ক্ষমতা আৰু কার্যাবলী বর্ণনা কৰা।
উত্তৰ: গঠনঃৰাষ্ট্ৰসংঘৰ চনৰ ২৩ নং অনুচ্ছেদ অনুসৰি আৰম্ভণিতে ৫ জন স্থায়ী আৰু ৬ জন অস্থায়ী সদস্যৰে নিৰাপত্তা গঠন কৰা হৈছিল। ১৯৬৫ চনত চনদৰ সংশােধন ঘটাই অস্থায়ী সদস্য সংখ্যা ১০ জনলৈ বঢ়োৱা হৈছে। বর্তমান নিৰাপত্তা পৰিষদত ১৫ জন সদস্যৰে গঠিত। আমেৰিকা যুক্তৰাষ্ট্র, ইংলেণ্ড, ফ্রান্স, ৰাছিয়া আৰুচীন হ’ল স্থায়ী সদস্য। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই দুইবছৰৰ কাৰণে নির্বাচিত কৰে।

ক্ষমতা আৰু কার্যাৱলীঃ ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ ভিতৰত নিৰাপত্তা পৰিষদ অন্যতম। ইয়াক ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা হিচাবে আখ্যা দিব পাৰি।
নিৰাপত্তা পৰিষদৰ প্ৰধান কার্যবােৰ হ’ল –
(ক) নিৰাপত্তা পৰিষদে বিবাদ জড়িত ৰাষ্ট্রসমূহক আহ্বান কৰি আনি বুজা-পৰা, মধ্যস্থতা বা ন্যায়িক সিদ্ধান্তৰ জৰিয়তে বিবাদ মীমাংসা কৰিবলৈ পৰামর্শ দিব পাৰে।

(খ) কোনাে ৰাষ্ট্ৰৰ কাৰ্যৰ ফলত বিশ্বশান্তি ব্যাহত হােৱাৰ সম্ভাৱনা আছে সেই ৰাষ্ট্রৰ ওপৰত নিৰাপত্তা পৰিষদে বিশ্বশান্তি ৰক্ষাৰ বাবে বে-সামৰিক আৰু সামৰিক আদি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
(গ) সচিব প্রধান নিয়ােগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ দায়িত্ব আছে।
(ঘ) নতুন ৰাষ্ট্ৰক সদস্যভুক্ত কৰা ক্ষেত্ৰতাে পৰিষদৰ দায়িত্ব আছে। নিরাপত্তা পৰিষদৰ অনুমােদন অনুসৰিহে সাধাৰণ সভাই নতুন ৰাষ্ট্ৰকৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত কৰে। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশ নির্বাচনৰ ক্ষেত্ৰতাে নিৰাপত্তা পৰিষদৰ সন্মতি প্রয়ােজন।
(চ) চৰকাৰ বিবেচনা নিৰাপত্তা পৰিষদে ন্যাস অঞ্চলৰ সামাজিক আৰু অর্থনৈতিক উন্নতিৰ কাৰণে ন্যায়ৰক্ষী পৰিষদৰ সহায় ল’ব পাৰে।

আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

৩। বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘৰই লােৱা পদক্ষেপসমূহ আলােচনা কৰা।
উত্তৰ বিশ্বৰ জনগণৰ মনৰ পৰা যুদ্ধৰ বিভীষিকা আঁতৰ কৰি বিশ্বাস আৰু আস্থাৰ এখন পৃথিবী গঢ়াৰ লক্ষ্যৰে দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ গঠন হ’ল। এই সুদীর্ঘকালছােৱাত সমস্যা জর্জৰিত বিশ্ব শান্তি বাতাবৰণ আনি সকলাে ধৰণৰ সমস্যাক বুজাবুজি আৰু আলােচনাৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘই লৈ অহা ভূমিকা নিশ্চয়কৈ আশাপ্রদ আৰু ইতিবাচক।

লগতে পঢ়ক:   বংগ বিভাজন আৰু স্বদেশী আন্দোলন Class 10 Social Science Chapter 1 Question Answer in Assamese Medium

ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্য হ’ল আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষা কৰা। আৰম্ভণিৰে পৰা বৰ্তমানলৈ ইবহুতাে বিবাদমান আৰু জটিল সমস্যা সমাধান কৰিব পাৰিছে। নিৰীকৰণ আৰুশীতল যুদ্ধৰ অৱসান ঘটোৱাত ৰাষ্ট্ৰসংঘ যথেষ্ট অৰিহণা আছে। নিৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিবেশ নাইকীয়া কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই যােৱা দিনবিলাকত লােৱা পদক্ষেপ গুৰুত্বপূর্ণ। ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্রীকৰণ আয়ােগ গঠন কৰে। ৰাষ্ট্ৰসংঘৰ তৎপৰতাত ১৯৬৩ চনৰ “আংশিকভাবে আণবিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি”, ১৯৯৩ চনত পাৰমাণবিক অস্ত্র নিয়ন্ত্রণ চুক্তি ১৯৯৬ চনত “পাৰমাণবিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰিত কৰি বিশ্বলৈ শাস্তি বাতাবৰণ অনাত বিশেষ ৰঙণি যােগাইছে।। সামাজিক আৰু অর্থনৈতিক ক্ষেত্ৰত আন্তর্জাতিক সহযােগিতা বৃদ্ধি কৰাত ৰাষ্ট্ৰসংঘই যথেষ্ট সফলতা অর্জন কৰিছে। মানৱ অধিকাৰৰ প্ৰতি শ্ৰদ্ধাৰ উদ্রেক সৃষ্টি কৰাও ৰাষ্ট্ৰসংঘৰ মহান উদ্দেশ্য। ১৯৪৮ চনৰ ১০ ডিচেম্বৰত সাধাৰণ পৰিষদে “মান অধিকাৰৰ সার্বজনীন ঘােষণাপত্র গ্রহণ কৰে আৰু বিশ্বৰ মানৱ জাতিৰ কল্যাণৰ বাবে ইয়াক প্ৰচাৰ কৰে।

8। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগ সম্পর্কৰ এটা টোকালিখা।
উত্তৰঃ ১৯৬৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্রস্তাব গ্রহণ কৰি সদস্য রাষ্ট্রবিলাকত মানৱ অধিকাৰ গঠনৰ বাবে পৰামর্শ আগবঢ়ায়। সেই মর্মে বিশ্বৰ ৰাষ্ট্ৰসমূহত মানৱ অধিকাৰ সুৰক্ষা কৰাৰ স্বাৰ্থত এনে আয়ােগ গঠন হ’ল। ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্তেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগ গঠন কৰে। এইবছৰৰে ১৮ ডিচেম্বৰত আগৰ অধ্যাদেশৰ ঠাইত সংসদত এখন বিধেয়ক উত্থাপিত হয়। ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমােদন লাভ কৰি আইনত পৰিণত হয়। এই আইনখনক মানৱ অধিকাৰ সুৰক্ষা আইন নামে জানা যায়। এই আইনমতে ৰাজ্যবিলাকতাে ৰাজ্যিক মানৱ অধিকাৰ আয়ােগ গঠন কৰা হ’ব লাগে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব। সদস্যসকলৰ ভিতৰতএজন সদস্য উচ্চতম ন্যায়ালয়ৰন্যায়াধীশ অথবা প্রাক্তনন্যায়াধীশ, এজন সদস্য কোনাে উচ্চ ন্যায়াল য়ৰমুখ্য ন্যায়াধীশ অথবা প্রাক্তন মুখ্য ন্যায়াধীশ আৰু দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় সংখ্যালঘু আয়ােগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়ােগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতি আয়ােগৰ সদস্য পদত থাকিব। সকলাে সদস্যকে ভাৰতৰ ৰাষ্ট্রপতিয়ে ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলাে দিশ পর্যালােচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগে এই দিশৰ অত্যন্ত প্রহৰীৰ ভূমিকা ল’ব লাগে।

লগতে পঢ়ক:   অসমৰ ভূগোল Class 10 প্ৰশ্ন উত্তৰ দশম শ্ৰেণীৰ ভূগোল অধ্যায় ৪

আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

৫। মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লােৱা পদক্ষেপ আলােচনা কৰা।
উত্তৰ:  বিশ্বৰ প্রত্যেকজন ব্যক্তিয়ে মর্যাদাপূর্ণ জীৱন যাপনৰ বাবে প্রয়ােজন হােৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অর্থে ৰাষ্ট্ৰসংঘ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৪৮ খন দেশৰ সদস্য ৰাষ্ট্রৰ সমৰ্থনত মানৱ অধিকাৰ ঘােষণাপত্র। গ্রহণ কৰে। এই ঘােষণাপত্ৰত এটা প্ৰস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ সম্পর্কিত এই ঘােষণাপত্রই মূলতঃ দুটা উদ্দেশ্য সাধন। কৰিছে। প্রথম বিশ্বৰ জনগণৰ বাবে প্রয়ােজনীয় অধিকাৰসমূহ এই ঘােষণাপত্ৰত সন্নিবিষ্ট হৈছে। দ্বিতীয়তে, এই ঘােষণাপত্ৰত উল্লেখিত অধিকাৰসমূহক সদস্য ৰাষ্ট্রসমূহে স্বীকৃতি দিছে। এই ঘােষণাপত্ৰত উল্লেখ থকা অধিকাৰসমূহে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ ক্ষমতা আৰু কার্যাৱলীৰ ওপৰত কিছু সীমাবদ্ধতা আনিছে। কাৰণ নীতিগতভাবে কোনাে ৰাষ্ট্ৰই এই অধিকাৰসমূহৰ আওকাণ কৰিব নােৱাৰে। দেশৰ নাগৰিকসকলক এই অধিকাৰৰ পৰা বঞ্চিত কৰি আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো যে সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘােষণাপত্রৰ জৰিয়তে স্পষ্ট কৰিছে। বিশ্বৰ নাগৰিকৰ জীৱনযাত্ৰাৰ মানদণ্ড উন্নত কৰা আৰু এটা মর্যদানপূর্ণ জীবন যাপনৰ বাট মুকলি কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কত, এতিয়ালৈকে লােৱা পদক্ষেপ নিশ্চয়কৈ আশাব্যঞ্জক। যদিও মানৱ অধিকাৰ ঘােষণাপত্র কোনাে চুক্তি নহয় যে ইয়াৰ দ্বাৰা সদস্য ৰাষ্ট্ৰক বাধ্য কৰা হৈছে। তথাপি সদস্য ৰাষ্ট্ৰসমূহৰ সদিচ্ছাৰ ওপৰত ভিত্তি কৰিয়েই এই ঘােষণাপত্রই বিশ্বৰ মানৱ সমাজক সর্বদিশৰ ব্যক্তিত্ব বিকাশৰ সুবিধা দিছে।

আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

অতি চমু প্রশ্নোত্তৰ

(ক) জাতিসংঘ’কিমান চনত প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰ ১৯২০ চনত।

(খ) জাতিসংঘ গঠনৰ প্ৰধান উদ্দেশ্য কি আছিল?
উত্তৰঃ বিশ্ব শান্তি প্রতিষ্ঠা কৰা।

(গ) প্রথম বিশ্বযুদ্ধ কোন চনত আৰম্ভ হৈছিল ?
উত্তরঃ ১৯১৪ চনত।

(ঘ)  বিশ্বত প্রতিষ্ঠা হােবা প্রথম আন্তঃৰাষ্ট্ৰীয় সংগঠন কোনটো আছিল?
উত্তৰ: জাতিসংঘ।

(চ) দ্বিতীয় বিশ্বযুদ্ধ কোন চনত আৰম্ভ হৈছিল?
উত্তর: ১৯৩৯ চনত।

(ঙ) দ্বিতীয় বিশ্বযুদ্ধ কোন চনত সমাপ্ত হৈছিল।
উত্তৰ। ১৯৪৫ শত।

ৰাষ্ট্ৰসংঘ’ কোন চনত প্রতিষ্ঠা হৈছিল?
উত্তরঃ ১৯৪৫ চনৰ ২৪ অক্টোবৰত।

কোনখন সম্মিলনত “ৰাষ্ট্ৰসংঘৰ”প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰ: ছানফ্রন্সিস্কো সন্মিলনত।

ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন দেশে প্রথমতে স্বাক্ষৰ দান কৰিছিল?
উত্তৰঃ ৫১ খন ৰাষ্ট্ৰই।

 

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top