শুকদেৱৰ আগমন- শ্লোক ৪০৩-৪২২
এই শ্লোকবোৰত শুকদেৱ মুনিৰ আগমন, তেওঁৰ ৰূপ-লাবণ্যৰ বৰ্ণনা আৰু পৰীক্ষিত ৰজাৰ তেওঁৰ প্ৰতি ভক্তি আৰু শ্ৰদ্ধাৰ কথা বৰ্ণনা কৰা হৈছে। শুকদেৱৰ আগমন শ্লোক ৪০৩ এহিমতে তৈত আছন্ত নৃপতিঋষিসৱ সমন্বিতে।ফুৰন্তে ভ্রমন্তে ব্যাসসুত শুকেমিলিল আসি তহিতে।।সদায়ে ষোড়শ বৰিষ সমান।সুকুমাৰ মহাৱেশ।শ্যামল শৰীৰ শিৰ ছত্রাকৃতনীল আকুঞ্চিত কেশ।। অৰ্থঃ“এনেদৰে তাত ৰজা ঋষিসকলৰ সৈতে আছিল। ফুৰি-ভ্ৰমি থাকোতে ব্যাসপুত্ৰ শুকদেৱ তালৈ আহিল। […]