সূচনা Class 12 – পাঠৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ অৰ্থনীতি বিজ্ঞান

সূচনা Class 12 – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান | class 12 economics lesson 1 Assamese medium | সূচনা class 12 economic question answer

বিষয় অৰ্থনীতি বিজ্ঞান দ্বাদশ শ্ৰেণীৰ
পাঠৰ নামসূচনা
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ1
শ্ৰেণী দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

সূচনা Class 12 Economic Question Answer

অতি চমু প্রশ্ন উত্তৰ : (মূল্যাংক – ১)

প্রশ্নঃ ১। সাধাৰণ ভাৰসাম্যতা কি?
উত্তৰ : সাধাৰণ ভাৰসাম্যতা হ’ল এনে এক অৱস্থা য’ত আর্থিক ব্যৱস্থাৰ সৈতে জড়িত হৈ থকা প্ৰতিখন বজাৰত যোগান আৰু চাহিদা পৰস্পৰ সমান হয়।

প্রশ্নঃ ২। সমষ্টিবাদী অর্থনৈতিক সিদ্ধান্ত গঢ়োতাসকল কোন কোন?
উত্তৰ : চৰকাৰ অথবা সমাজে সাধাৰণতে সমষ্টিবাদী অর্থনৈতিক সিদ্ধান্তসমূহ গ্ৰহণ কৰে। তাৰোপৰি আইনগতভাৱে গঠন হোৱা সংগঠন সমূহেও এনেবোৰ সিদ্ধান্ত গ্ৰহণ কৰে। যেনে- ভাৰতৰ ৰিজাৰ্ভ বেংক।

প্রশ্নঃ ৩। কোন ভাৱধাৰাৰ বিদ্যালয় বিশ্বাস কৰিছিল যে, যিসকল শ্রমিক কাম কৰিবলৈ সাজু, তেওঁলোকে নয়োগ পাই আৰু গোটেইবোৰ ফেক্টৰী/কল-কাৰখানা ইহঁতৰ সম্পূৰ্ণ সামথ্যত কাম কৰে।
উত্তৰঃ কেইন্সৰ পূবৱৰ্তী কালৰ সংস্থাপিত অর্থনীতিবিদসকলে।

প্রশ্নঃ ৪। “The General Theory of Employment, Interest and Money”- নামৰ কিতাপখনৰ লিখক কোন?
উত্তৰঃ জন মেইনাড কেইল।

প্রশ্নঃ ৫। কোন চনত “The General Theory of Employment, Interest and Money” কিতাপ খন প্রাকাশিত হৈ ওলাইছিল ?
উত্তৰঃ 1936 চনত।

প্রশ্নঃ ৬। “The General theory of Employment, Interest and Money” নামৰ কিতাপখনৰ লিখক হ’ল – আদাম স্মিথ/ জে এম কেইল/ জে. বি. চে.।
উত্তৰঃ জে. এম. কেইল।

প্রশ্নঃ ৭। তলৰ কোনটো অৰ্থনীতিৰ বিষয়বস্তুৰ পৰিসৰৰ অন্তৰ্ভূক্ত নহয় —
(a) লেনদেনৰ উদ্বৃত্ত (b) জাতীয় আয় .c) মুদ্ৰাৰ চাহিদা (d) উপভোক্তাৰ ৰাহি
উত্তৰঃ মুদ্ৰাৰ চাহিদা।

প্রশ্নঃ ৮। শুদ্ধ বা অশুদ্ধ লিখা :
সমষ্টিবাদী অর্থনীতিয়ে অর্থনীতিৰ সামগ্ৰীক চলকসমূহৰ লগত কাৰ্য্য কৰে।
উত্তৰঃ শুদ্ধ।

প্রশ্নঃ ৯। সমষ্টিবাদী অৰ্থবিজ্ঞান কি?
উত্তৰঃ সমষ্টিবাদী অর্থনীতি হৈছে সমষ্টিগত সমস্যা সমূহক লৈ গঠিত। এনে অর্থনীতিত ডাঙৰ ডাঙৰ অৰ্থনৈতিক সমস্যাসমূহ আলোচনা কৰা হয়। অৰ্থনীতিৰ যিটো বিভাগত সৰ্বমুঠ অর্থনৈতিক চলক তথা উপাদান সমূহৰ বিষয়ে আলোচনা কৰা হয় তাকে সমষ্টিবাদী অর্থনীতি বোলে।

প্রশ্নঃ ১০। অর্থনৈতিক প্রতিনিধি বুলিলে কি বুজা?
উত্তৰ : উৎপাদক, উৎপাদন, বিতৰণ উপভোগ ইত্যাদি।

প্রশ্নঃ ১১। কোন চনত বৃহৎ মন্দাৱস্থা হৈছিল ?
উত্তৰঃ ১৯২৯।

প্রশ্নঃ ১২। অৰ্থনীতিৰ পিতৃ বুলি কাক স্বীকৃতি দিয়া হৈছে?
উত্তৰঃ আডাম স্মিথ।

প্রশ্নঃ ১৩। অর্থনীতি এখনৰ চাৰিটা ক্ষেত্ৰৰ যিকোনো এটাৰ নাম লিখা
উত্তৰ: গৃহ খণ্ড।

প্রশ্নঃ ১৪। অর্থনীতি এখনত পৰিয়াল খণ্ডই কিদৰে প্ৰভাৱ পেলায় লিখা।
উত্তৰঃ পৰিয়াল খণ্ডই প্রতিষ্ঠানলৈ উপাদান সেৱা আগবঢ়ায় আৰু প্ৰতিষ্ঠানবোৰে পৰিয়াল খণ্ডৰ পৰা উপাদান সেৱা গ্ৰহণ কৰে।

প্রশ্নঃ ১৫। উন্নয়নশীল দেশ এখনত চৰকাৰৰ ভূমিকা ব্যাখ্যা কৰা ।
উত্তৰঃ কৰ পৰিশোধ, হস্তান্তৰ পৰিশোধ, ৰাজ সাহাৰ্য আদিৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

প্রশ্নঃ ১৬। ব্যক্তিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতিৰ সম্পৰ্ক ব্যাখ্যা কৰা।
উত্তৰঃ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ ভিত্তি হৈছে ব্যক্তিবাদী অৰ্থবিজ্ঞান। কাৰণ সামগ্রীক অর্থনীতিখনকে ক্ষুদ্র আর্থিক একক যেনে ব্যক্তি, প্রতিষ্ঠান আৰু বজাৰ হিচাপে গ্ৰহণ কৰা হয়।

প্রশ্নঃ ১৭। সমষ্টিবাদী অর্থনীতিৰ বিষয়বস্তুত তলত দিয়াবোৰৰ কোনটো অন্তর্ভুক্ত নহয় –
(ক) পৰিশোধৰ
(খ) ৰাষ্ট্ৰীয় আয়
(গ) ধনৰ চাহিদা
(ঘ) উপভোক্তাৰ উদ্ধৃত্ত
উত্তৰঃ (ঘ) উপভোক্তাৰ উদ্বৃত্ত।

লগতে পঢ়ক:   ভাৰতীয় অৰ্থব্যৱস্থা Class 12 (1950-1990) দ্বিতীয় অধ্যায়

প্রশ্নঃ ১৮। খালী ঠাই পূৰ কৰাঃ
সমষ্টিবাদী অর্থনীতি এটা অৰ্থনীতিৰ ____অৰ্থনৈতিক চলকৰ সৈতে জড়িত।
উত্তৰঃ সামূহিক।

সূচনা Class 12 Economic Question Answer

(খ) চমু প্রশ্ন উত্তৰ II প্ৰকাৰৰ : (মূল্যাংক – ৩)

প্রশ্নঃ ১। পুঁজিবাদী অর্থনীতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ পুঁজিবাদী অর্থনীতিৰ বৈশিষ্ট্যসমূহ হ’লঃ
(a) সম্পদৰ ব্যক্তিগত মালিকীস্বত্ব (b) চৰকাৰী হস্তক্ষেপৰ অনুপস্থিতি (c) চৰকাৰী হস্তক্ষেপৰ অনুপস্থিতি (d) অপৰিকল্পিত অর্থনীতি (e) সর্বোচ্চ লাভ অৰ্জন কৰা।

প্রশ্নঃ ২। ৰাষ্ট্ৰ এখনৰ অৰ্থনৈতিক কাৰ্য্যসমূহ কি কি?
উত্তৰঃ ৰাষ্ট্ৰ এখনৰ অৰ্থনৈতিক কার্যসমূহ হ’লঃ
(a) জনকল্যানমূলক কাম কৰা, (b) শিক্ষাৰ বিস্তাৰ কৰা, (c) জনস্বাস্থ্য সেৱাৰ বিস্তাৰ কৰা, (d) সামাজিক ন্যায় প্রতিষ্ঠা কৰা আইন প্রণয়নৰ দ্বাৰা, (e) আন্তঃগাঁঠনি গঠন কৰা ইত্যাদি।

প্রশ্নঃ ৩। এখন অৰ্থনীতিৰ বাহ্যিক খনৰ লগত জড়িত হৈ থকা বিষয়সমূহ ব্যক্ত কৰা।
উত্তৰ : এখন অৰ্থনীতিৰ বাহ্যিক খণ্ডৰ লগত দুই প্ৰকাৰৰ বাণিজ্য হ’ব পাৰে – সেয়া হ’লঃ (a) ৰপ্তানি আৰু (b) আমদানি।
এখন দেশে যেতিয়া নিজৰ দেশৰ সামগ্ৰীবোৰ বিভিন্ন দেশত বিক্ৰী কৰে তাক ৰপ্তানি বোলা হয় আনহাতে এখন দেশে যেতিয়া বিশ্বৰ আন আন দেশৰ পৰা সামগ্রী ক্রয় কৰে তেতিয়া তাক আমদানি বোলে।
তদুপৰি ঘৰুৱা দেশে বৈদেশিক ৰাষ্ট্ৰসমূহলৈ মূলধন ৰপ্তানি কৰিব পাৰে আৰু ঘৰুৱা দেশলৈ বৈদেশিক ৰাষ্ট্ৰৰ পৰা মূলধন প্ৰৱাহিত হ’ব পাৰে।

প্রশ্নঃ ৪। খালী ঠাই পূৰ কৰা :
সমষ্টিবাদী অর্থনীতিয়ে, এখন অৰ্থনীতিৰ____চলক সমূহৰ বিষয়ে অধ্যয়ন কৰে।
উত্তৰঃ সামৰিক।

প্রশ্নঃ সমষ্টিবাদী অর্থনীতিৰ কাৰ্য্যসমূহ, অর্থনীতি এখনৰ____চলকৰ দ্বাৰা পৰিচালিত হয়।
উত্তৰঃ সামগ্ৰীক।

প্রশ্নঃ ৬। এখন ৰাষ্ট্ৰৰ যিকোনো তিনিটা অর্থনৈতিক কার্য উল্লেখ কৰা।
উত্তৰঃ ৰাষ্ট্ৰ এখনৰ অৰ্থনৈতিক কাৰ্যসমূহ হ’ল:

(a) জনকল্যানমূলক কাম কৰা, (b) শিক্ষাৰ বিস্তাৰ কৰা, (c) জনস্বাস্থ্য সেৱাৰ বিস্তাৰ কৰা, (d) সামাজিক ন্যায় প্রতিষ্ঠা কৰা আইন প্রণয়নৰ দ্বাৰা, (e) আন্তঃগাঁথনি গঠন কৰা ইত্যাদি।

প্রশ্নঃ ৭। 1929 চনৰ “বৃহৎ আর্থিক মন্দা” আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজৰ কিবা সম্বন্ধ আছেনে? চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰঃ 1929 চনত পৃথিৱীৰ আগশাৰীৰ কেইখনমান দেশত মহামন্দাই দেখা দিছিল। এই মহামন্দাই বিশেষকৈ ইউৰোপ আৰু উত্তৰ অমেৰিকাৰ দেশসমূহত উৎপাদন আৰু নিয়োগ ব্যৱস্থা হ্রাস কৰিছিল। সেই সময়ৰ চাহিদা হ্রাস পোৱাৰ পৰিপেক্ষিতত বহুতো উৎপাদন প্রতিষ্ঠান বন্ধ হৈ পৰিছিল। শ্রমিকে কাম হেৰুৱাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত নিবনুৱাৰ হাৰ 1929 চনত 3.2% ৰ পৰা 1933 চনত 25% বৃদ্ধি পাইছিল। এই সময়ছোৱাত জাতীয় আয় হ্রাস পাইছিল 30% সুদীৰ্ঘ 10 বছৰ ধৰি এই মহামণ্ডা বৰ্তি আছিল আৰু অৰ্থনীতিখন পূৰ্ণ নিয়োগ অৱস্থালৈ ঘূৰি অহা নাছিল। এই মহামণ্ডাৰ মূল কাৰণ আছিল মানুহৰ হাতত ক্রয় ক্ষমতাৰ অভাৱ। যাৰফলত সামগ্ৰীৰ চাহিদা হ্রাস পাইছিল। এই ঘটনাবিলাকে অর্থনীতিবিদমক্সক অর্থনীতি এখনক কাৰ্য্যক্রমঃনিকা সম্পর্কে নতুন ধৰণে চিন্তা কৰিবলৈ বাধ্য কৰালে তাৰ ফলত সমষ্টিগত অৰ্থবিজ্ঞানৰ জন্ম হয়। আৰু এই মন্দাৱস্থাৰ পৰা লাহে লাহে অৰ্থনীতি পুণৰ গঠন হ’ল।

প্রশ্নঃ ৮। সমষ্টিবাদী অর্থনৈতিক সিদ্ধান্ত গ্ৰহণকাৰী প্রতিনিধি কেইটিমানৰ নাম উল্লেখ কৰা।
উত্তৰ: প্রতিনিধি কেইটামান হৈছে—(ক) সাধাৰণ মূল্য স্তৰ, (খ) অর্থনৈতিক বিকাশ তত্ত্ব, (গ) আয় আৰু নিয়োগ নিৰ্দ্ধাৰণ

সূচনা Class 12 Economic Question Answer

(গ) চমু প্রশ্ন উত্তৰ I প্ৰকাৰৰ : (মূল্যাংক -8)

প্রশ্নঃ ১। সমষ্টিবাদী অর্থনীতিৰ জন্মৰ ইতিহাস চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ: অৰ্থবিজ্ঞানৰ এক সুকীয়া শাখা হিচাপে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰতিষ্ঠা হয় 1936 চনত কেইন্সৰ বিখ্যাত গ্রন্থ ‘The general theory of Employment, Interest and Money’ প্ৰকাশ হোৱাৰ পিছত। সংস্থাপিত অর্থনীতিবিদসকলে বিশ্বাস কৰিছিল যে মুক্ত বজাৰ অৰ্থনীতিত সদায়ে পূর্ণ নিয়োগ অৱস্থা বৰ্তি থাকে। যদি কেতিয়াবা এই অৱস্থাৰ পৰা বিচ্যুতি ঘটে তেন্তে কিছুমান কাৰকে স্বয়ংক্রিয়ভাৱে কাম কৰি অৰ্থনীতিক পুনৰ পূৰ্ণ নিয়োগ অৱস্থালৈ আনিব। কিন্তু 1929 চনৰ মন্দাৱস্থা আৰু তাৰ পৰৱৰ্তী কালত ইউৰোপ আৰু উত্তৰ আমৰিকাৰ দেশসমূহত উৎপাদন আৰু নিয়োগ হ্রাস পোৱা দেখা গ’ল। মন্দাৱস্থা লাহে লাহে আন আন দেশলৈ সম্প্ৰসাৰিত হ’ল। সুদীর্ঘ 10 বছৰ ধৰি এই অৱস্থা বৰ্তি আছিল আৰু স্বয়ংক্রিয়ভাৱে ই পূৰ্ণ নিয়োগ অৱস্থালৈ ঘূৰি অহা নাছিল। এই ঘটনাবিলাকে অর্থনীতিবিদসকলক অর্থনীতি এখনৰ কাৰ্যক্ৰমণিকা সম্পৰ্কে নতুন ধৰণে চিন্তা কৰিবলৈ বাধ্য কৰালে। কেইন্সৰ গ্ৰন্থখন এই দিশত এক প্রচেষ্টা আছিল। তাৰেই পৰিপ্ৰেক্ষিত সমষ্টিগত অৰ্থবিজ্ঞানৰ জন্ম হৈছিল।

লগতে পঢ়ক:   আয় নিৰ্ধাৰণ Class 12 – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান চতুর্থ অধ্যায়

প্রশ্নঃ ২। 1929 চনৰ “বৃহৎ আৰ্থিক মন্দাৰ” বিষয়ে চমুকৈ লিখা।
উত্তৰঃ 1929 চনত পৃথিৱীৰ আগশাৰীৰ কেইখনমান দেশত মহামণ্ডাই দেখা দিছিল। এই মহামণ্ডাই বিশেষকৈ ইউৰোপ আৰু উত্তৰ অমেৰিকাৰ দেশসমূহত উৎপাদন আৰু নিয়োগ ব্যৱস্থা হ্রাস কৰিছিল। সেই সময়ৰ চাহিদা হ্রাস পোৱাৰ পৰিপেক্ষিতত বহুতো উৎপাদন প্রতিষ্ঠান বন্ধ হৈ পৰিছিল ৷ শ্ৰমিকে কাম হেৰৱাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত নিবনুৱাৰ হাৰ 1929 চনত 3.2% ৰ পৰা 1933 চনত 25% বৃদ্ধি পাইছিল। এই সময়ছোৱাত জাতীয় আয় হ্রাস পাইছিল 30% সুদীর্ঘ 10 বছৰ ধৰি এই মহামণ্ডা বৰ্তি আছিল আৰু অৰ্থনীতিখন পূৰ্ণ নিয়োগ অৱস্থালৈ ঘূৰি অহা নাছিল৷ এই মহামণ্ডাৰ মূল কাৰণ আছিল মানুহৰ হাতত ক্রয় ক্ষমতাৰ অভাৱ৷ যাৰফলত সামগ্ৰীৰ চাহিদা হ্রাস পাইছিল। এই ঘটনাবিলাকে অর্থনীতিবিদমক্সক অর্থনীতি এখনক কাৰ্য্যক্রমঃনিকা সম্পর্কে নতুন ধৰণে চিন্তা কৰিবলৈ বাধ্য কৰালে তাৰ ফলত সমষ্টিগত অৰ্থবিজ্ঞানৰ জন্ম হয় । আৰু এই মন্দাৱস্থাৰ পৰা লাহে লাহে অৰ্থনীতি পুণৰ গঠন হ’ল।

প্রশ্নঃ ৩। সমষ্টিবাদী দৃষ্টিভংগীৰ পৰা এখন অৰ্থনীতিৰ মুখ্য চাৰিটা ঋণ উল্লেখ কৰা আৰু ব্যাখ্যা কৰা।
উত্তৰ : সমষ্টিবাদী অর্থবিজ্ঞানে এখন অর্থনীতিক চাৰিটা খণ্ডৰ সংযোগ হিচাপে বিবেচনা কৰে।এই খণ্ডবোৰ হ’ল—
(ক) পৰিয়াল খণ্ড (Household sector) : পৰিয়ালৰ পৰা চৰকাৰে বুজন পৰিমাণৰ কৰ-কাটল সংগ্ৰহ কৰে আৰু পৰিয়ালেই ব্যক্তিগত প্ৰতিষ্ঠানৰ বাবে বজাৰৰ সৃষ্টি কৰে। লগতে পৰিয়ালেই ব্যক্তিগত প্রতিষ্ঠানসমূহ আৰু চৰকাৰী খণ্ডলৈ শ্ৰমৰ যোগান ধৰে।

(খ) ব্যৱসায়িক প্রতিষ্ঠান (Firm) : ব্যৱসায়িক প্রতিষ্ঠানসমূহে বজাৰৰ বাবে উৎপাদন কৰে আৰু উৎপাদনৰ পৰা সৰ্বোচ্চ লাভ অৰ্জনৰ বাবে চেষ্টা কৰে। এনে কৰোতে প্রতিষ্ঠানসমূহ নানা অনিশ্চয়তাৰ সন্মুখীন হয়।

(গ) চৰকাৰ (Government) : চৰকাৰে সময়ে সময়ে আইন প্রণয়ন কৰে আৰু এই আইন বলবৎ কৰি সামজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে কর্ম প্রয়াস চলায়। শিক্ষা, স্বাস্থ্যসেৱা, আন্তঃগাঁথনি উন্নয়ন ইত্যাদি ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(ঘ) বাহ্যিক খণ্ড (External sector) : বৈদেশিক বাণিজ্যও দেশৰ আৰ্থিক ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমদনি ৰপ্তানি, মূলধনৰ যোগান, বৈদেশিক ঋণ আদি কার্যকলাপে দেশৰ সমগ্ৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

সূচনা Class 12 Economic Question Answer

প্রশ্নঃ ৪। সমষ্টিবাদী অর্থনীতিয়ে সাঙুৰি লোৱা বিষয়বস্তুসমূহৰ পৰিসৰ চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ সমষ্টিগত অৰ্থনীতিৰ মূল বিষয়বস্তুবোৰ হ’ল:
(ক) ৰাষ্ট্ৰীয় আয় আৰু নিয়োজনঃ সমষ্টিগত অৰ্থবিজ্ঞানত দেশৰ জাতীয় উৎপাদন তথা আয় কি কি উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰে আৰু জাতীয় উৎপাদন তথা আয়ৰ হ্ৰাস বৃদ্ধি কি কি কাৰণত হয় সেই বিষয়ে বাখ্যা প্ৰদান কৰে।

(খ) মুদ্রাস্ফীতিঃ সমষ্টিগত অৰ্থবিজ্ঞানৰ আন এক গুৰুত্বপূৰ্ণ বিষয়বস্তু হ’ল মুদ্রাস্ফীতিৰ অধ্যয়ণ৷ দেশৰ দৰ সূচীৰ হ্ৰাস বৃদ্ধিৰ কাৰণ আৰু ফলাফলৰ বিষয়ে ইয়াত আলোচনা কৰা হয়।

(গ) অর্থনৈতিক বিকাশ : এখন দেশৰ অৰ্থনৈতিক বিকাশৰ অধ্যয়নো সমষ্টিগত অৰ্থবিজ্ঞানৰ অন্তর্গত। অর্থনৈতিক বিকাশ বুলিলে আমি প্রকৃত জাতীয় আয়ৰ ধাৰাবাহিক বৃদ্ধিক বুজি পাওঁ।

(ঘ) পৰিশোধৰ সমতা আৰু বিনিময় হাৰ: সমষ্টিগত অৰ্থনীতিৰ আন এক বিষয় হ’ল পৰিশোদৰ সমতা আৰু বৈদেশিক বিনিময়। পৰিশোধৰ সমত্য হ’ল এখন দেশৰ লগত পৃথিৱীৰ অন্যান্য দেশৰ লগত হোৱা বাণিজ্যিক লেনদেনৰ প্ৰণালীবদ্ধ হিচাপ।

লগতে পঢ়ক:   সমষ্টিবাদী অর্থবিজ্ঞানৰ আৰম্ভণি Class 12 | Chapter 1 | অর্থবিজ্ঞান প্ৰথম অধ্যায়

প্রশ্নঃ ৫। ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰ: ব্যষ্টিবাদী অর্থনীতি অৰ্থবিজ্ঞানৰ এনে এটা ভাগ য’ত ব্যক্তিগত গোটবোৰৰ অৰ্থনৈতিক আচৰণ সম্পৰ্কে অধ্যয়ন কৰা হয়। এই গোটবোৰ এজন ব্যক্তি, এটা পৰিয়াল বা এটা প্রতিষ্ঠানো হ’ব পাৰে। বিশাল অর্থনৈতিক ক্ষেত্ৰক ক্ষুদ্র ক্ষুদ্র গোটত ভগাই প্ৰতিটো গোটকে সুকীয়াভাৱে অধ্যয়ন কৰাই ইয়াৰ উদ্দেশ্য। উদাহৰণস্বৰূপে ব্যষ্টিবাদী অর্থনীতিত উৎপাদিত সামগ্ৰীৰ দৰ নিৰ্ধাৰণ, উৎপাদনৰ উপাদানসমূহৰ দৰ নিৰ্ধাৰণ, বিতৰণ তত্ত্ব (খাজনা, মজুৰি, সুদ আৰু লাভ নিৰ্ধাৰণ) আদিৰ বিষয়ে অধ্যয়ন কৰা হয়।

আনহাতে সমষ্টিগত অর্থনীতিত অর্থনৈতিক কাৰ্য্যসমূহৰ সামগ্রিক অধ্যয়ন হয়। সমষ্টিবাদী অর্থনীতি অৰ্থবিজ্ঞানৰ এনে এটা ভাগ য’ত বিশেষ গোটৰ পৰিবর্তে সকলো গোটকে একাকাৰ কৰি সমূহীয়া ভাৱে অধ্যয়ন কৰা হয়। গতিকে সমষ্টিগত অর্থনীতিয়ে কোনো অর্থনৈতিক কাৰ্য্য সামগ্ৰিক ৰূপত দাঙি ধৰে। উদাহৰণ স্বৰূপে ইয়াত দৰ স্তৰ, কৰ্মনিয়োগ স্তৰ, সঞ্চয়, বিনিযোগ আদিৰ সামগ্রিক বিশ্লেষণ কৰা হয়। ব্যক্তিবাদী আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজৰ সুস্পষ্ট পার্থক্য থাকিলেও কোনো কোনো ক্ষেত্ৰত এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে কোনো এটা বস্তুৰ দৰ আন কিছুমান বস্তুৰ দৰৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে ব্যষ্টিবাদী অধ্যয়নত সমষ্টিবাদী অর্থনীতিৰ অধ্যয়নো সোমাই পৰে। উদাহৰণ স্বৰূপে দেশৰ প্ৰতিজন লোকৰ আয় গণনা কৰিহে ৰাষ্ট্ৰীয় আয়ৰ হিচাব পাব পাৰি।

প্রশ্নঃ ৬। “সমষ্টিবাদী অর্থনীতিয়ে এখন অৰ্থনীতিৰ সামগ্ৰিক চলকসমূহৰ লগত জড়িত হৈ থাকে।” —ব্যাখ্যা কৰা।
উত্তৰঃ সমষ্টিবাদী চলকসমূহে তেনেবোৰ অৰ্থনৈতিক বিষয়ক বুজায় যিবোৰ সামগ্ৰীক ভাবে অধ্যয়ন কৰা হয় ৷ ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় আয়, সৰ্বমুঠ চাহিদা, সৰ্বমুঠ যোগান, সৰ্বমুঠ উপভোগ ব্যয়, নিবনুৱা সমস্যা, সাধাৰণ স্তৰ আদি। এই অর্থনৈতিক চলকবোৰেই সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়বস্তু।

প্রশ্নঃ ৭। পুঁজিবাদী অর্থনীতি কাক বোলে? পুঁজিবাদী অর্থনীতিৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ পুঁজিবাদী অর্থনীতি হ’ল য’ত উৎপাদক সকলে নিজৰ পচন্দ অনুসৰি দ্ৰব্য উৎপাদন কৰে আৰু উপভোক্তা সকলেও সর্বাধিক সন্তুষ্টি লাভৰ বাবে নিজৰ পচন্দ অনুসৰি দ্ৰব্য লোপ কৰিব পাৰে।
বৈশিষ্ট্য :
(ক) সকলো সিদ্ধান্ত দৰ ব্যৱস্থাৰ দ্বাৰা গ্ৰহণ কৰা হয়।
(খ) সকলো ব্যক্তিয়েই লাভ অৰ্জনৰ উদ্দেশ্যৰে পৰিচালিত
(গ) উৎপাদনৰ আহিলাবোৰৰ মালিকানা ব্যক্তিৰ হাতত ন্যস্ত থাকে।

প্রশ্নঃ ৮। পুঁজিবাদৰ অধীনত অর্থনীতি এখনে কিদৰে কাম কৰে ব্যাখ্যা কৰা ।
উত্তৰঃ দৰ প্ৰক্ৰিয়াৰ যোগেদি এখন বজাৰ অৰ্থনীতিয়ে বা পুঁজিবাদী অর্থনীতিয়ে কাৰ্য কৰে। পুঁজিবাদী অর্থনীতি এখনত বজাৰত চলিত দৰ ব্যৱস্থাৰে কেন্দ্ৰীয় সমস্যা সমূহ যেনে— কি, কেনেকৈ আৰু কাৰবাবে উৎপাদন কৰা হ’ব আদি সমাধান কৰা হয়। পুঁজিবাদী অর্থনীতিত উৎপাদনৰ আহিলাবোৰ ব্যক্তিৰ হাতত থাকে আৰু ব্যক্তিগত লাভা লাভৰ ওপৰত আর্থিক সিদ্ধান্তবোৰ গ্ৰহণ কৰা হয়। ইয়াত উৎপাদিত দ্রব্য সমূহ মানুহৰ প্ৰয়োজনৰ পৰিবৰ্ত্তে তেওঁলোকৰ ক্রয় ক্ষমতাৰ ভিত্তিত বিতৰণ কৰা হয়।

প্রশ্নঃ সাধাৰণ ভাৰসাম্যতা কি?

উত্তৰ : সাধাৰণ ভাৰসাম্যতা হ’ল এনে এক অৱস্থা য’ত আর্থিক ব্যৱস্থাৰ সৈতে জড়িত হৈ থকা প্ৰতিখন বজাৰত যোগান আৰু চাহিদা পৰস্পৰ সমান হয়।

প্রশ্নঃ সমষ্টিবাদী অর্থনৈতিক সিদ্ধান্ত গঢ়োতাসকল কোন কোন?

উত্তৰ : চৰকাৰ অথবা সমাজে সাধাৰণতে সমষ্টিবাদী অর্থনৈতিক সিদ্ধান্তসমূহ গ্ৰহণ কৰে। তাৰোপৰি আইনগতভাৱে গঠন হোৱা সংগঠন সমূহেও এনেবোৰ সিদ্ধান্ত গ্ৰহণ কৰে। যেনে- ভাৰতৰ ৰিজাৰ্ভ বেংক।

প্রশ্নঃ সমষ্টিবাদী অৰ্থবিজ্ঞান কি?

উত্তৰঃ সমষ্টিবাদী অর্থনীতি হৈছে সমষ্টিগত সমস্যা সমূহক লৈ গঠিত। এনে অর্থনীতিত ডাঙৰ ডাঙৰ অৰ্থনৈতিক সমস্যাসমূহ আলোচনা কৰা হয়। অৰ্থনীতিৰ যিটো বিভাগত সৰ্বমুঠ অর্থনৈতিক চলক তথা উপাদান সমূহৰ বিষয়ে আলোচনা কৰা হয় তাকে সমষ্টিবাদী অর্থনীতি বোলে।

প্রশ্নঃ কোন চনত বৃহৎ মন্দাৱস্থা হৈছিল ?

উত্তৰঃ ১৯২৯।

প্রশ্নঃ অৰ্থনীতিৰ পিতৃ বুলি কাক স্বীকৃতি দিয়া হৈছে?

উত্তৰঃ আডাম স্মিথ।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top