বুৰঞ্জীৰ দৌৰাত্ম্য Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

বুৰঞ্জীৰ দৌৰাত্ম্য Class 12 গদ্যাংশ – লক্ষ্মীনাথ বেজবৰুৱা (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া | Class 12 Advance Assamese Lesson 7 Question  Answer

বিষয় ঐচ্ছিক অসমীয়া
পাঠৰ নামবুৰঞ্জীৰ দৌৰাত্ম্য
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ7
লেখকলক্ষ্মীনাথ বেজবৰুৱা
খণ্ডগদ্যাংশ
শ্ৰেণী দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

বুৰঞ্জীৰ দৌৰাত্ম্য Class 12

প্র: আয়ুর্বেদ কি?
উ : আয়ুর্বেদ হ’ল— চিকিৎসা বিষয়ক শাস্ত্ৰ। ৰোগ নিৰ্ণয় আৰু ৰোগ উপশমৰ প্ৰয়োজনত এই শাস্ত্ৰৰ সৃষ্টি হৈছে। অশ্বিনীকুমাৰদ্বয় ধন্বন্তৰি প্ৰভৃতি এই শাস্ত্ৰৰ অন্যতম উপদেষ্টা। ‘চৰক সংহিতা’, ‘সুশ্ৰুত সংহিতা’ প্রভৃতি আয়ুৰ্বেদৰ অন্যতম প্রামাণ্য গ্রন্থ।

প্র: বেদ কি?
উঃ বেদ –সংস্কৃত ‘বিদ’ ধাতুৰ পৰা নিষ্পন্ন হোৱা। বেদ শব্দৰ ব্যাপক অর্থ হ’ল – অখণ্ড জ্ঞানৰাশি। বেদৰ অংশ দুটা- (১) মন্ত্ৰ আৰু (২) ব্রাহ্মণ। মন্ত্রভাগ পদ্যত ৰচিত আৰু ব্ৰাহ্মণভাগ গদ্যত ৰচিত। বেদ চাৰিখনঃ (১) ঋক বেদ (২) যজুবেদ (৩) সামবেদ আৰু (৪) অথর্ববেদ।

প্র : ‘বুৰঞ্জী’ শব্দৰ অর্থ কি?
উ : ‘বুৰঞ্জী’ শব্দৰ অৰ্থ হ’ল— নজনা কথা জনাৰ ভঁৰাল।

প্র : বিষ্ণু পুৰাণ কি বিষয়ক শাস্ত্র?
উঃ বিষ্ণু পুৰাণ হৈছে বৈষ্ণৱ ভক্ত তথা হিন্দুৰ এখনি পৱিত্ৰ শাস্ত্ৰ । বিষ্ণু পুৰাণত বিষ্ণুৰ মাহাত্ম্য প্ৰকাশ হৈছে।

প্র: কল্পতৰু কি?
উ: হিন্দু শাস্ত্রমতে কল্পতৰু স্বৰ্গৰ এজোপা গছ। সেই গছজোপাই যিয়ে যিহকে বিচাৰে তেওঁক তাকে দান কৰে আৰু মনৰ কামনা পূৰণ কৰে।

প্র : বুৰঞ্জী কোন ভাষাৰ পৰা অহা শব্দ?
উ: বুৰঞ্জী টাই ভাষাৰ পৰা অহা শব্দ।

প্র : লেমটো শব্দৰ অর্থ কি?
উ: লেমটো শব্দৰ অৰ্থ হ’ল- কিবাহৰ আশাত আনৰ পিছে পিছে ঘুৰিফুৰা লোক।

প্রঃ বেজবৰুৱাই লিখা একমাত্র উপন্যাসখনৰ নাম কি?
উঃ বেজবৰুৱাই লিখা একমাত্র উপন্যাসখনৰ নাম হ’ল- পদুম কুঁৱৰী।

প্ৰঃ বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম কি?
উঃ বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম হ’ল- বেদান্ত বা উপনিষদ।

প্র : লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনিৰ নাম কি?
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনিৰ নাম হ’ল ‘কদম কলি’।

প্রঃ ‘বাঁহী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল।
ড: ‘বাঁহী’ আলোচনীৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা।

প্র : ‘কদম কলি’ কবিতা পুথিখন কোনে ৰচনা কৰিছিল। 
উ : ‘কদম কলি’ কবিতা পুথিখন লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল।

প্রঃ ‘নিবোকা চামোন’ মানে কি?
উ: চামোন বা চোম গছত থকা এবিধ ভূত। সি যাৰে গাত লম্ভে সি মুখেৰে নমতা হয়। চামোনে পোৱাৰ দৰে কথা নপতা মানুহ।

প্র : বাহী আলোচনীৰ প্রথম প্রকাশ কিমান চনত হৈছিল?
উ : বাঁহী আলোচনীৰ প্ৰথম প্ৰকাশ ১৯০৯ চনত হৈছিল।

প্র: আয়ুর্বেদ বিষয়ক শাস্ত্ৰ কি? তোমাৰ পাঠ্যপুথিত উল্লেখ কৰা দুখন আয়ুৰ্বেদ গ্ৰন্থৰ নাম লিখা।
উ : আয়ুর্বেদ হৈছে চিকিৎসা বিষয়ক শাস্ত্র। পাঠ্যপুথিত উল্লেখ কৰা দুখন আয়ুর্বেদ গ্ৰন্থৰ নাম হ’ল– (১) চৰক সংহিতা আৰু (২) সুশ্ৰুত সংহিতা।

প্রঃ দৰ্শনৰ ভাগ কেইটা আৰু কি কি? ষড়দর্শন কি?
উ : সংস্কৃত দৃশ্য ধাতুৰ পৰা দৰ্শন শব্দটো নিষ্পন্ন হৈছে। ই নানাৰ্থবোধক। সত্যৰ উপলব্ধিজাত অনুভৱেই হৈছে দৰ্শন। দৰ্শনৰ দুটা ভাগ হৈছে— আস্তিক আৰু নাস্তিক। আস্তিক দর্শন ছটা ভাগত বিভক্ত এই দুটাভাগকেই ষড়দর্শন বোলে। এই ভাগকেইটা হ’ল— ন্যায়, সাংখ্য, বৈশেষিক, পতঞ্জল, পূর্ব মীমাংসা আৰু উত্তৰ মীমাংসা।

লগতে পঢ়ক:   বর্ষা বর্ণন Class 12 কবিতা – শ্ৰীশংকৰদেৱ ( প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

প্র : বাঁহী আলোচনীখন কোন চনৰ পৰা প্ৰকাশ পায় ?
উঃ বাঁহী আলোচনীখন ১৯০৯ চনৰ পৰা প্ৰকাশ পায়।

প্ৰঃ বেজবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উঃ বেজবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল— বেলিমাৰ’ আৰু ‘চক্ৰধ্বজ সিংহ।

প্র : লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত মৃত্যু বৰণ কৰিছিল?
উঃ লক্ষ্মীনাথ বেজবৰুৱাই ১৯৩৮ চনত মৃত্যু বৰণ কৰিছিল।

বুৰঞ্জীৰ দৌৰাত্ম্য Class 12

প্র : ন্যায় দৰ্শনৰ প্ৰণেতা কোন?
উঃ ন্যায় দৰ্শনৰ প্ৰণেতা মহর্ষি গৌতম।

প্র : ভৱিষ্য পুৰাণ কি বিষয়ক শাস্ত্র?
উ : ভৱিষ্য পুৰাণ পাঁচটা পর্বত বিভক্ত। সেয়া হ’ল ব্রাহ্ম পর্ব— ইয়াত সূৰ্যাদিৰ চৰিত্ৰ, সৃষ্টিৰ লক্ষণ আৰু কল্প বৃত্তান্ত কথিত হৈছে। এই পর্ব ব্রহ্মা মহিমা বিষয়ক। দ্বিতীয় পৰ্বত – ভোগৰ বিষয়ে শিৱৰ মাহাত্ম্য। তৃতীয় পর্বত মোক্ষৰ বিষয়ে বিষ্ণুৰ মাহাত্ম্য। চতুর্থ পর্বত – চতুৰপর্বত বিষয়ে সূর্য মাহাত্ম্য আৰু পঞ্চম পর্বত আছে প্রতিসর্গ।

প্র: কাশীনাথ ফুকন কোন?
উ : শিৱসাগৰৰ কাকতি বংশত কাশীনাথ ফুকনে জন্ম গ্রহণ কৰিছিল। এওঁৰ সম্পূৰ্ণ নাম কাশীনাথ দ্বিজ তামুলী ফুকন। ফুকন পুৰন্দৰ সিংহৰ ৰাজসভাৰ এজন বিষয়া আছিল। তেওঁ ৰাধানাথ বৰবৰুৱা আৰু আহোমৰ বাইলুং পণ্ডিতৰ সহায়ত ‘আসাম বুৰঞ্জী’ ৰচনা কৰিছিল। ইংৰাজ আমোলত তেওঁ মুন্সি পদবী লাভ কৰি শিৱসাগৰত কাৰ্যনিৰ্বাহ কৰিছিল।

প্র: লক্ষ্মীনাথ বেজবৰুৱাই কোনখন অসম সাহিত্যসভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল?
উঃ ১৯২৪ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনত সভাপতিত্ব কৰিছিল।

প্র : চৌষষ্ঠি কলা কি বিষয়ক শাস্ত্র?
উ : এই কলাৰ বিষয়ে বাৎসায়নে ‘কামসূত্র ’ত উল্লেখ কৰা কেইবিধমান কলা হৈছে— চৌষষ্ঠিবিধ কলাবিদ্যা। সেয়া হ’ল- গীত, বাদ্য, নৃত্য, আলেখা, বিশেষকচ্ছেদ্য, পুষ্পান্তৰণ, দশনবসনাংগৰাগ, মণিভূমিকা কৰ্ম, শয়ন ৰচনা, উদকবাদ্য, উদকাঘাত, চিত্রযোগ, মালা গথন বিকল্প, নেপথ্য প্রয়োগ,
বর্ণত্রভংগ, গন্ধযুক্তি, ভূষণ যোজন, ঐন্দ্রজাল, সূত্রক্রীড়া, ডম্বৰক বাদ্য, প্রহেলিকা, তক্ষণ, বাস্তুবিদ্যা আদি।

প্র : জ্যোতির্বিদ্যা কি?
উঃ জ্যোতির্বিদ্যা হ’ল — জ্যোতিষ, গ্রহ-নক্ষত্ৰাদিৰ উৎপত্তি, গতি-স্থিতি প্রভৃতি বিষয়ক শাস্ত্ৰ। পুৰণি কালত যজ্ঞকাল নিৰূপণ কৰাৰ বাবে জ্যোতিষ শাস্ত্ৰৰ প্ৰয়োজন হৈছিল। এই শাস্ত্ৰৰ প্ৰৱৰ্তক স্বয়ং সূৰ্যদেৱ। পৰৱৰ্তী কালত গগাদি মুনিসকলে প্ৰণয়ন কৰা গ্ৰন্থৰাজিয়ে বৰ্তমান জ্যোতিষ বিদ্যাৰ ভেটি তৈয়াৰ কৰিছে।

প্রঃ হৰকান্ত সদৰামিনৰ বিষয়ে চমুকৈ লিখা।
উ : হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱাৰ জন্ম ১৯১৬ চনত। হৰকান্তৰ সম্পূৰ্ণ নাম হৈছে হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱা৷ এওঁ প্রথমে নকল-নবীচৰূপে ব্ৰিটিছৰ কাছাৰীত কাম কৰি পিছত সদৰামিন হিচাপে গুৱাহাটী, মঙ্গলদৈ, তেজপুৰ নগাঁও আদি ঠাইত চাকৰি কৰি অৱসৰ লয়। তেওঁৰ বুৰঞ্জীচৰ্চাত ৰাপ আছিল। তেওঁ কাশীনাথ দ্বিজ তামুলী ফুকনৰ ‘অসম বুৰঞ্জী’ প্ৰকাশ কৰি উলিয়াছিল। ২০০২ চনত তেওঁৰ মৃত্যু হয়।

বুৰঞ্জীৰ দৌৰাত্ম্য Class 12

প্রঃ মুঠতে কওঁ আগৰ কলীয়া জ্ঞানীসকলে আমাক যিহকে লাগে তাকে দি গৈছিল— ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ পাঠৰ আধাৰত কথাষাৰ বিশ্লেষণ কৰা।

নাইবা
অতীত ভাৰতবৰ্ষৰ আর্য ঋষিমুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মকভাৱে কোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ এই প্ৰবন্ধটিত অতীত ভাৰতবৰ্ষত আর্য ঋবিমুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱাদেৱৰ দৃষ্টিভংগী ব্যংগাত্মকভাৱে প্ৰকাশ পাইছে। প্রাচীন ভাৰতীয় শিক্ষা, সভ্যতা আৰু সংস্কৃতিলৈ ঋষি মুনিসকলে দি যোৱা অৱদানেৰে ভাৰতীয় সমাজ বর্তি থাকিব বুলি লিখকে কৈছে। বেজবৰুৱাদেৱৰ মতে কবি- মুনিসকলৰ মহৎ সাধনাৰ পৰিণতিত ৰূপ লোৱা সেই বেদ, বেদান্ত, দর্শন, জ্যোতির্বিদ্যা, আয়ুর্বেদ, ৰসায়ন, ধনুর্বিদান ভাৰতীয় শিক্ষা-সভ্যতা-সংস্কৃতি-জ্ঞান-বিজ্ঞানৰ আঁকৰ স্বৰূপে গ্ৰন্থবোৰৰ সনাতন মূল্য চিৰকাল বৰ্তি থাকিব।

লগতে পঢ়ক:   AHSEC 2nd Year Syllabus 2022-23 – দ্বাদশ শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰম

বেজবৰুৱাদেৱে কৈছে যে ইমানবোৰ তত্ত্বপূর্ণ সুগভীৰ জ্ঞান-বিজ্ঞানৰ বিভিন্ন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনা কৰা লিখকসকলৰ বুৰঞ্জী ৰচনা কৰাৰ প্ৰতিভাৰ অভাৱ নিশ্চয় হোৱা নাছিল বুলি কৈছে। পাশ্চাত্যৰ কিছুমান পণ্ডিতৰ মতে ভাৰতীয়সকলৰ ইতিহাসৰ জ্ঞান নাই। এই প্রসংগত বেজবৰুৱাদেৱে কৈছে যে ভাৰতীয়সকলৰ বুৰঞ্জীতকৈ ভাৰতৰ প্ৰাচীন শাস্ত্ৰসমূহৰ মহত্ত্ব অতি বেছি। তেওঁৰ মতে সেইবোৰ কানীয়াৰ কীৰ্তন নাইবা মতলীয়াৰ প্ৰলাপ নহয়। বৰং সেইবোৰ জীৱনজোৰা সাধনাৰ ফল য’ত মানুহৰ হেজাৰ হেজাৰ বছৰৰ সভ্যতা সংস্কৃতিৰ উৎকৃষ্ট সাৰখিনি সংৰক্ষিত কৰি ৰাখিছে।

ইংৰাজসকলৰ প্ৰভাৱত সাম্প্রতিক যুগত ভাৰতীয়সকলৰ মনত ইতিহাস সম্পর্কে নতুন চেতনাই ঠাই পাইছে। আজিকালি ইতিহাস, বুৰঞ্জী আৰু হিষ্টুৰিৰ ধাৰণা প্রায় একাকাৰ হৈ পৰিছে। সেয়েহে বৰ্তমান যুগৰ তথাকথিত বুৰঞ্জীবিদসকলে লাংপুং ৰচিত বুৰঞ্জী, ৰবিন্সনৰ প্ৰণিত হিষ্টুৰি, মঞ্জুপ ভণিত ‘একচন্দ্র স্তমোহস্তি’ আদিকহে বুৰঞ্জীৰ মূল্য দিয়ে। আধুনিক বুৰঞ্জীৰ সমালোচক হিচাপে বেজবৰুৱাদেৱে কৈছে যে প্রাচীন যুগৰ ভাৰতীয় গ্রন্থসমূহৰ উচ্চ মূল্যবোধৰ তুলনাত আধুনিক যুগৰ বুৰঞ্জীসমূহ কেৱল বৈষয়িক আশা-আকাংক্ষাৰ মাজতে সীমাবদ্ধ। বৰ্তমানৰ ইতিহাসসমূহ আধ্যাত্মিক জ্ঞানশূন্য। এইবোৰ হৈছে মানুহৰ কাৰ্য-কলাপ, যুদ্ধ-বিগ্রহ, সেইবোৰৰ চন তাৰিখ আদিৰ লিপিবন্ধ থকা একোটা বিৱৰাহে।

এনে ইতিহাস পক্ষপাতমূলক আৰু বহু সময়ত এনে ইতিহাসে সত্যক বিকৃত কৰে। এনে ইতিহাস বা বুৰঞ্জীত সত্য বা অসত্য, কি তাক বিচাৰি পোৱা অসম্ভৱ হৈ পৰে। সেয়ে বেজবৰুৱাদেৱে কৈছে যে ইতিহাসৰ নামত ভুল তথ্য দাঙি ধৰি বিভ্রান্তি সৃষ্টি কৰাতকৈ প্রাচীন আর্য ঋবিমুনিসকলে ইতিহাস ৰচনা নকৰি উচিত কামেই কৰিছিল। তেওঁলোকৰ আধ্যাত্মিক ভাবাপন্ন জ্ঞান-বিজ্ঞানৰ সুগভীৰ গ্রন্থসমূহ ভুলে শুদ্ধই লিখা বুৰঞ্জীতকৈ বেছি মূল্যবান। বিভিন্ন জ্ঞান- বিজ্ঞানৰ বিষয়ে সঙ্গে দি ঋষি মুনিসকলে সামাজিক গুৰু দায়িত্ব পালন কৰিছিল।

Class 12 Advance Assamese Lesson 7 Question  Answer

প্র : অসমীয়া বুৰঞ্জী নিশ্চয় আহোমসকলৰ দান।’ এই কথাষাৰৰ প্ৰসংগত পুৰণি আহোম বুৰঞ্জী সম্পর্কে লেখকে কেনেভাৱ পোষণ করিছে, আভাস দিয়া।
নাইবা
‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি? বেজবৰুৱাই কাৰ দান বুলি কৈছে? বুৰঞ্জী লেখিবলৈ গৈ অনেক অজ্ঞাতসাৰে অসত্য কথাটো লিপিবদ্ধ কৰাৰ কাৰণ কি?—’বুৰঞ্জী দৌৰাত্ম্য’ পাঠটিৰ আধাৰত চমুকৈ লিখা।
উঃ অসমত আহোমৰ প্ৰথম স্বৰ্গদেউ চুকাফাৰ দিনতে বুৰঞ্জী লিখা আৰম্ভ হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছে যে ভাৰতবৰ্ষত ঋষি মুনিসকলে বেদ, বেদান্ত, জ্যোতির্বিদ্যা, আয়ুর্বেদ, ৰসায়ন, ষড়দর্শন আদি জ্ঞান-বিজ্ঞানৰ গ্ৰন্থ আধ্যাত্মিক বিদ্যাৰ গ্ৰন্থ, পুৰাণ, সাহিত্য, নৃত্য, গীত ন্যাস, নীতি আদি চৌষষ্ঠি কলাৰ গ্ৰন্থকে ধৰি অসংখ্য গ্রন্থ ৰচনা কৰিছিল। কিন্তু বুৰঞ্জী ৰচনা কৰিবলৈ তেওঁলোকে পিছুৱাই থাকিল। স্বৰ্গদেউ চুকাফাই শ্যান দেশৰ পৰা ৰাজনৈতিক অভিযানৰ উদ্দেশ্য তীব্বতেদি আহি অসমত প্ৰৱেশ কৰিছিল। আহোঁতে তেওঁ লগত আনিছিল পূৰ্বৰ সমাজৰ বুৰঞ্জী লিখা সম্প্ৰদায়ৰ কেইজনমান বাইলুংলোকৰ নিৰ্দেশত অসমত বুৰঞ্জী লিখাৰ প্ৰথা গঢ় লৈ উঠিছিল। বেজবৰুৱা ডাঙৰীয়াই সেয়েহে আহোমসকলৰ এই গুণটোক যথাযোগ্য সম্মান প্ৰদৰ্শন কৰিছে। তেওঁ কৈছে তেওঁলোকৰ বুৰঞ্জী সম্পৰ্কে থকা Sense বংশ আৰু জন্মগত।

তেওঁলোক অনা আহোমসকলৰ শিক্ষাগুৰু। জ্ঞানে অসমৰ আন আন লোকক বুৰঞ্জীৰ জ্ঞান দান কৰিছে। বুৰঞ্জীৰ পিতৃ হিচাপে আহোমসকলক
বেজবৰুৱাদেৱে গণ্য কৰিছে। আহোমসকলৰ এই মহত্বৰ আঁৰত লুকাই থকা ঐতিহাসিক চিন্তা-চৰ্চাৰ বিকাশে সেই সময়ৰ অসমৰ বিভিন্ন ৰাজফৈদ বা বংশক অনুপ্রাণিত কৰিছিল। যদিও বুৰঞ্জী ৰচনাৰ নামত ভালেমান জাহি-জাৱৰৰ দ’মৰহে সৃষ্টি হৈছিল বুলি লিখকে স্বীকাৰ কৰিছে। কিয়নো তেতিয়াৰ অসমৰ বিভিন্ন নামজ্বলা ফৈদ বা বংশৰ মুখীয়ালসকলৰ মাজত নিজ নিজ বংশৰ বুৰঞ্জী একোখন লিখি ঘৰতে ৰাখি থৈ গর্ববোধ কৰাৰ পৰম্পৰা আছিল। ফলত সেইবোৰ বুৰঞ্জী প্ৰকৃতাৰ্থত সত্যৰ আধাৰত সৃষ্টি হৈছিল বুলি ক’ব নোৱাৰি বৰং প্রত্যেকে নিজকে ‘A lion is painting himself ৰ দৰে চিহ্নিত কৰিছিল বা কৰোৱা হৈছিল।

লগতে পঢ়ক:   ই যে অগ্নি-বীণাৰ তান Class 12 (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

সমাজক প্ৰভাৱিত কৰা কিছুমান ঘটনাৰ বাহিৰে বেছিভাগতে স্বদেশ-স্বজনৰ জয় জয়কাৰ আৰু যাক ভাল নাযায় তাক কলমেৰে কালিমা সনা হৈছিল। তাৰ
ফল আছিল মাৰাত্মক। সমাজত হিংসা-অৰাজকতাৰ বৃদ্ধি হৈছিল। কীৰ্তিচন্দ্ৰ বৰুৱাই এনেবোৰ কাৰণতে ভালেমান বুৰঞ্জী জ্বলাই দিছিল। মুঠতে লেখক বেজবৰুৱা ডাঙৰীয়াই আহোমসকলৰ বুৰঞ্জী চিন্তাক সন্মান জনালেও তাৰ বিৰূপ পৰিণতিৰ কথাহে পাঠটোত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে।

অনেকে বুৰঞ্জী লেখিবলৈ গৈ অজ্ঞাতসাৰে অসত্য কথাকে লিপিবদ্ধ কৰে, কাৰণ তেওঁৰ Angle of vision অর্থাৎ চকুত যি পৰে বা আনৰ পৰা যি শুনে, তাকে তেওঁ লেখে। তেওঁ মিছলীয়া নহ’লেও সৰবজান নহয়। কণাই হাতী দেখা সাধুটোৰ উৎপত্তিও এই বাবেই। বিদেশী ভাৰত-বুৰঞ্জী লেখকৰ চকুৰে চাই হিন্দুৱে কোনো কোনো মুছলমান নবাব বাদছাহৰ বিষয়ে এনে বিভীষণ ধাৰণা কৰি লৈছে, দেখিলে দুখ লাগে। উদাহৰণস্বৰূপে, বঙ্গৰ নবাব ছিৰাজ-উদ্দৌলা আৰু দিল্লীৰ সম্রাট ঔৰংজেব। আজিকালি অনেকৰ আচল সত্যৰ ফালে চকু মুকলি হৈছে যদিও আৰু অনেক বাকী।

Class 12 Advance Assamese Lesson 7 Question  Answer

প্ৰ : পুৰাণ কাক বোলে? পুৰাণৰ কি কি পাঁচোটা লক্ষণ আছে?
নাই বা
পুৰাণ কি বিষয়ক শাস্ত্র?
উঃ পুৰণি কালৰে পৰা লোক পৰম্পৰাগত যি ব্যক্ত হৈ আহিছে সেয়ে পুৰাণ। প্ৰথম অৱস্থাত পুৰণাসমূহ পাঁচ লক্ষণযুক্ত আছিল। সেই পাঁচটা হ’ল সৰ্গ (সৃষ্টি), প্ৰতিসৰ্গ (সৃষ্টিৰ পিছত পুনঃ সৃষ্টি), বংশ (দেৱতা আৰু ঋষিসকলৰ বশে) মন্বন্তৰ (মনুৰ অধিকাৰ কাল) আৰু বংশানুচৰিত (বংশোদ্ভূত বিখ্যাত চৰিত্ৰ)। শ্রীমদ্ভাগৱতৰ মতে পুৰাণ দহ লক্ষণযুক্ত। সেইদহটা লক্ষণ হ’ল—সর্গ, বিসর্গ, স্থান, পোষণ, উতি, মন্বন্তৰ, ঈশান কথা, নিৰোধ, মুক্তি আৰু আশ্ৰয় ।

পুৰাণ ওঠৰখন৷ সেইবোৰ হ’ল— (ক) ব্রহ্ম (খ) পদ্ম (গ) বিষ্ণু (ঘ) বায়ু (ঙ) ভাগৱত পুৰাণ (চ) নাৰদীয় পুৰাণ (ছ) মার্কণ্ডেয় পুৰাণ (জ) অগ্নি পুৰাণ (ঝ) ভৱিষ্য পুৰাণ (ঞ) ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ (ট) লিংগ পুৰাণ (ঠ) বৰাহ পুৰাণ (ড) স্কন্ধ পুৰাণ (ঢ) বামণ পুৰাণ (ণ) কূৰ্ম পুৰাণ (ত) মৎস্য পুৰাণ (থ) গৰুড় পুৰাণ (দ) ব্ৰহ্মাণ্ড পুৰাণ।

শব্দাৰ্থ আৰু টোকা : বুৰঞ্জী : নজনা কথা জনাৰ ভঁৰাল (টাই ভাষাৰ শব্দ) । কল্পতৰ-স্বৰ্গৰ এজোপা গছ। ভৱনদী-সংসাৰ।

প্র : ‘বুৰঞ্জী’ শব্দৰ অর্থ কি?

উ : ‘বুৰঞ্জী’ শব্দৰ অৰ্থ হ’ল— নজনা কথা জনাৰ ভঁৰাল।

প্র : বিষ্ণু পুৰাণ কি বিষয়ক শাস্ত্র?

উঃ বিষ্ণু পুৰাণ হৈছে বৈষ্ণৱ ভক্ত তথা হিন্দুৰ এখনি পৱিত্ৰ শাস্ত্ৰ । বিষ্ণু পুৰাণত বিষ্ণুৰ মাহাত্ম্য প্ৰকাশ হৈছে।

প্র: কল্পতৰু কি?

উ: হিন্দু শাস্ত্রমতে কল্পতৰু স্বৰ্গৰ এজোপা গছ। সেই গছজোপাই যিয়ে যিহকে বিচাৰে তেওঁক তাকে দান কৰে আৰু মনৰ কামনা পূৰণ কৰে।

প্র : বুৰঞ্জী কোন ভাষাৰ পৰা অহা শব্দ?

উ: বুৰঞ্জী টাই ভাষাৰ পৰা অহা শব্দ।

প্র : লেমটো শব্দৰ অর্থ কি?

উ: লেমটো শব্দৰ অৰ্থ হ’ল- কিবাহৰ আশাত আনৰ পিছে পিছে ঘুৰিফুৰা লোক।

Leave a Comment