ই যে অগ্নি-বীণাৰ তান Class 12 (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

ই যে অগ্নি-বীণাৰ তান Class 12 কবিতা – অম্বিকাগিৰী ৰায়চৌধুৰী ( প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া | Class 12 Advance Assamese Lesson 3 Question  Answer | দ্বাদশ শ্ৰেণীৰ ঐচ্ছিক অসমীয়া

বিষয়  ঐচ্ছিক অসমীয়া
পাঠৰ নাম ই যে অগ্নি-বীণাৰ তান
উপলব্ধ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ 3
কবি অম্বিকাগিৰী ৰায়চৌধুৰী
শ্ৰেণী  দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম 
অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ই যে অগ্নি-বীণাৰ তান Class 12

প্ৰ: অসমীয়া সাহিত্যত ‘অসম কেশৰী’ বুলি কাক আখ্যা দিয়া হৈছে?
উ : অসমীয়া সাহিত্যত ‘অসম কেশৰী’ বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক আখ্যা দিয়া হৈছে।

প্র : কোনখন গ্ৰন্থৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সাহিত্য অকাডেমী বঁটা মৰণোত্তৰভাৱে লাভ কৰিছিল?
উ : ‘বেদনাৰ উল্কা’ গ্ৰন্থৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সাহিত্য অকাডেমী বঁটা মৰণোত্তৰভাৱে লাভ কৰিছিল।

গ্ৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখা।
উঃ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সম্পাদনা কৰা দুখন আলোচনীৰ নাম হৈছে- (১) ‘চেতনা’ আৰু (২) ‘ডেকা অসম’।

প্রঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ এখন গীতৰ পুথিৰ নাম লিখা।
উ: অম্বিকাগিৰি ৰায়চৌধুৰীৰ এখন গীতৰ পুথিৰ নাম হ’ল— চেতনাৰ কণ্ঠ।

প্র : কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল?
উ : ১৯৫০ চনত অসম সাহিত্য সভাৰ একবিংশতিতম অধিৱেশনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল।

প্র : অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?
উঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম ১৮৮৫ চনত বৰপেটাত হৈছিল।

প্র : অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা।
উ : অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতাপুথিৰ নাম হ’ল— (১) বীণা’ আৰু (২) ‘অনুভূতি’।

ই যে অগ্নি-বীণাৰ তান Class 12

প্রসঙ্গ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ

প্র : ‘ইযে হীনতা, নীচতা, ভীৰুতা-দীনতা জোকাৰি পেলোৱা ভাৱ,

ই যে এক ৰূপৰসে, একে ৰঙে চঙে এক কৰি দিয়া ছাৱ।’
উ : উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীদেৱৰ ৰচিত ‘ই যে অগ্নিবীণাৰ তান’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

লগতে পঢ়ক:   বুৰঞ্জীৰ দৌৰাত্ম্য Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

জীৱনৰ প্ৰকৃত কৰ্তব্য কি সেই বিষয়ে কোৱাৰ প্রসংগত কবিয়ে উক্ত কবিতাফাকিৰ উপস্থাপন কৰিছে।
ৰায় চৌধুৰীদেৱে গভীৰ জাতীয় চেতনাৰে উদ্বুদ্ধ আছিল। সেয়েহে কবিয়ে দেশত চলি থকা ভেদাভেদ, ভীৰুতা, দীনতা আদি দেখা পাই মর্মাহত হৈছে। তেওঁ
কৈছে যে এই সকলোবোৰ হীনতা, ভীৰুতা, মচি পেলোৱাৰ সময় সমাগত। তেওঁ আশাবাদী যে সমাজৰ পৰা এনে কুপ্ৰভাৱবোৰ মচি পেলাব পাৰিলে এখন সাম্য শোষণমুক্ত সুন্দৰ সমাজ গঢ়ি উঠিব।

প্রঃ ‘এইতো নহয় হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান
ই যে জীৱন-মৰণ একাকাৰ কৰা অগ্নি-বীণাৰ তান।’
উ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য’ৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচিত ‘ই যে অগ্নিবীণাৰ তান’ শীর্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে।

উক্ত কবিতাফাকিৰ দ্বাৰা কবিৰ অন্তৰত অহৰহ বাজি থকা স্বদেশপ্ৰেমৰ বৰ্ণনা কৰা হৈছে। কবিতাফাকিৰ দ্বাৰা কবিয়ে মানুহৰ জাতীয় চেতনাক সুপ্ত অৱস্থাৰ পৰা জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছে। সেয়েহে দেশৰ প্ৰতিটো স্বাৰ্থৰ প্ৰতি তেওঁ সদায় সজাগ। কবিৰ অন্তৰত বীণ আৰু সুৰৰ দৰে এটি সুৰ অহৰহ বাজিব লাগিছে। বীণাৰ মনোমোহা সুৰ শুনিলে সাধাৰণতে মানুহৰ মনত আনন্দ লাগে, দুখ-কষ্ট আৰু ভাগৰ আঁতৰে। কিন্তু কবিৰ অন্তৰত যি সুৰ বাজিব লাগিছে সেই সুৰ হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা সুৰ নহয়। সেই সুৰ হৈছে জীৱন মৰণ একাকাৰ কৰা অগ্নি-বীণাৰ সুৰ, জাতীয় চেতনাক জাগ্রত কৰাৰ সুৰ। এই সুৰ জীৱন-পণ কৰি মাতৃভূমিক উদ্ধাৰ কৰাৰ বাবে, স্বদেশ-স্বজাতিৰ বাবে এক হৈ আত্মবলিদানৰ হকে সকলোকে ওলাই আহিবলৈ কৰা আহ্বানৰ উত্তপ্ত সুৰ।

প্রঃ ‘ই যে অগ্নি-বীণাৰ তান’ কবিতাটিত প্ৰকাশ পোৱা দেশপ্ৰেমৰ আভাস, দাঙি ধৰা।
উ : অসম কেশৰী বুলি খ্যাত অম্বিকাগিৰি ৰায় চৌধুৰীদেৱৰ ‘ই যে অগ্নি বীণাৰ তান’ শীর্ষক কবিতাটিৰ মাজেৰে গভীৰ স্বদেশপ্রেম প্রকাশ পাইছে। ৰায়চৌধুৰীৰ কবিতা আৰু গীতত দুটা সুৰৰ প্ৰকাশ দেখা যায়। এটা হ’ল ৰহস্যবাদী প্ৰেমৰ সুৰ আৰু আনটো হ’ল গভীৰ স্বদেশপ্ৰেমৰ সুৰ।

কবিতাটোৰ মাজেৰে কবিয়ে দেশৰ জনগণৰ পৰাধীনতাৰ শিকলি ছিঙি, সমাজৰ পৰা হীনতা-নীচতা কলুষ-কালিমা নাশ কৰি এক শ্রেণীহীন সমাজ গঢ়াৰ বাবে কবিয়ে দৃঢ়সংকল্প লৈছে। যিখন সমাজত হীনতা, নীচতা, ভীৰুতাভাৱ নাথাকে। কবিৰ মতে জীৱনটো হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান নহয়। ইয়াৰ এক মহৎ উদ্দেশ্য আছে। জীৱনটো হৈছে মৰণ- পণৰ এক সংগ্ৰামহে। এই সংগ্রাম হৈছে অপমান লাঞ্ছনাৰ বিৰুদ্ধে। এই সংগ্রাম সুধাৰ কাৰণে, অমৃত মন্থনৰ বাবে কবিয়ে দেশমাতৃৰ বাবে জীৱন দান কৰিবলৈ হাবিয়াস কৰিছে।

লগতে পঢ়ক:   মানৱ বন্দনা Class 12 ঐচ্ছিক অসমীয়া (প্ৰশ্নোত্তৰ) চন্দ্ৰকুমাৰ আগৰৱালা

কবিয়ে শোষিত-জৰ্জৰিত, নিষ্পেষিতক অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ জগাই তুলিছে। মানৱীয় অধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে বজ্র নিনাদ গুজৰি এটা পৰিকল্পিত অভিযান চলাবলৈ কৈছে। স্বদেশ-স্বজাতি মহামানৱতা মূৰ্চ্ছিত কৰি ঘোৰ অপমান, উৎপীড়ন কৰা সেই গৰ্বীসকলৰ গৰ্ব চুৰমাৰ কৰি মানৱৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সকীয়াই দিছে। ভাৰতৰ লাঞ্ছিত জনতাৰ এই ঘৃণনীয় ইতিহাস মচি দিবলৈ ‘মানৱতা অৱমাননাকাৰী ‘ক নিঃশেষ কৰিবলৈ আহ্বান জনাইছে। হেজাৰ ত্যাগ স্বীকাৰ কৰি, হেজাৰ বাধা অতিক্ৰম কৰি দৃঢ় মনোভাবেৰে দেশৰ মংগল সাধন কৰিবলৈ কবিতাটোৰ দ্বাৰা সকলোকে কবিয়ে আহ্বান জনাইছে।

ই যে অগ্নি-বীণাৰ তান Class 12

প্র: ‘ই যে মাতৃ আদেশ, সন্তান প্রাণ দিবলকে বলিদান’ –কথাষাৰৰ ভিত্তিত কবিতাটিৰ সাৰমৰ্ম বুজাই লিখা।
উঃ কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ই যে ‘অগ্নিবীণাৰ তান’ কবিতাটিৰ মাজেদি দেশৰ প্ৰতি থকা স্বদেশপ্ৰেম প্ৰকাশ কৰিছে।
দেশ মাতৃৰ সন্তান হিচাপে প্ৰতিজন মানুহৰে মাতৃভূমিৰ প্ৰতি দায়িত্ব আছে। জীৱনটো হাঁহি তামাচাৰে পাৰ নকৰি দেশৰ বাবে কৰিবলগীয়া কাম আছে। পৰাধীন অৱস্থাত থকা সময়ত নিজ মাতৃভূমিত শোষকসকলে জনতাৰ ওপৰত কৰা অত্যাচাৰ, অপমান, লাঞ্ছনা আদিত কবি মর্মাহত তেওঁৰ অন্তৰত যেন স্বদেশ-স্বজাতিৰ উদ্ধাৰৰ চিন্তাত অগ্নিশিখা জ্বলিব লাগিছে। স্বদেশৰ জনতাক সকলো ‘নীচতা’ ভীৰুতা-দীনতা জোকাৰি দলিয়াই পেলাই ঐক্যবদ্ধভাৱে স্বদেশৰ হকে ওলাই আহিবলৈ তেওঁ আহ্বান জনাইছে।

অমৃত লাভৰ বাবে দেৱ-দানবে যিদৰে কঠোৰ পৰিশ্ৰম কৰি সাগৰ মন্থন কৰিছিল। যিদৰে মৃত্যুঞ্জয়ী হ’বলৈ হলাহল পান কৰিছিল। ঠিক তেনে মৰণপণ কৰি
স্বদেশৰ জনতাৰ লাঞ্ছিত হোৱা ভয়াবহ অপমানৰ ইতিহাস মুচি পেলাব লাগিব। শাসক-শোষকৰ ঘৃণিত উৎপীড়ন আৰু গৰ্ব নাশ কৰি দেশত শান্তি প্রতিষ্ঠা কৰিব লাগিব যাতে সকলোতে মানৱতা সুপ্রতিষ্ঠিত হয়। দেশমাতৃৰ সন্তান হিচাপে মৃত্যুক আকোৱালি ল’বলৈ কোণ্ঠাবোধ কৰিব নালাগে। মাতৃভূমিৰ বন্ধ শিকলি ছিঙি পেলাবলৈ, সম্ভানৰ ৰক্তেৰে ৰঞ্জিত হোৱা মাতৃৰ বুকুৰ তেজ ধুই নিবলৈ, মহাপ্লাৱনৰ সৃষ্টি কৰি নৰনাৰায়ণস্বৰূপ জনতাক কবিয়ে আহ্বান জনাইছে।

কবিয়ে শেষত ক’ব বিচাৰিছে যে দেশ মাতৃৰ মংগলৰ হকে দেশৰ সন্তানসকলে নিজকে বলিদান দিবলৈকো প্রস্তুত থাকিলেহে দেশৰ শৌর্য-বীর্য চিৰদিন উচ্চ হৈ জিলিকি থাকিব।

লগতে পঢ়ক:   উপন্যাস আৰু চুটিগল্পৰ পৰিচয় Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

প্রঃ ই যে শত আঘাতৰ ৰক্ত ধুউৱা শ্ৰাৱণৰ মহাবান, ই যে মাতৃ আদেশ, সন্তান-প্রাণ দিবলকে বলিদান।
উ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচিত ‘ই যে অগ্নিবীণাৰ তান’ শীর্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে।

এই কবিতাফাকিৰ দ্বাৰা কবিয়ে মাতৃভূমিৰ প্ৰতি সন্তানৰ কৰণীয় ত্যাগৰ বিষয়ে উল্লেখ কৰিছে। কবিয়ে দেশৰ পৰাধীন অৱস্থাত থকা গর্বিত শাসক-শোষকে স্বদেশ আৰু স্বজাতিৰ প্ৰতি কৰা শোষণ, লাঞ্ছনা, অত্যাচাৰ-অপমানত অতিকৈ মর্মাহত। সেয়ে কবিয়ে মাতৃভূমিক বন্দীত্বৰ পৰা উদ্ধাৰকৰি জনতাৰ ঘূণিত ইতিহাস মুচি পেলাবলৈ জনতাক উদাত্ত কণ্ঠে আহ্বান জনাইছে।

কবিৰ মতে প্ৰতিজন মানুহৰ দেশৰ প্ৰতি দায়িত্ব আছে। প্রয়োজনতে বুকুৰ তেজ দি হ’লেও মাতৃঋণ পৰিশোধ কৰি দেশমাতৃক বিপদমুক্ত কৰিব লাগে। কবিৰ মতে শোষকৰ শত আঘাতত ৰক্তৰে ৰঞ্জিত হোৱা মাতৃৰ বুকু ধুৱাই নিব পৰা মহাপ্লাৱনৰ সৃষ্টি কৰিবলৈ আই মাতৃ যে তেওঁৰ সন্তানসকলক আত্মত্মবলিদান দিবলৈ কৰুণ আহ্বান জনাইছে। মাতৃৰ এই আদেশ গ্ৰহণ কৰি সন্তানসকলক দেশৰ হকে আত্মবলিদান দিবলৈ কবিয়ে আহ্বান জনাইছে।

Class 12 Advance Assamese Lesson 3 Question  Answer

শব্দার্থ :

শব্দশব্দার্থ
শ্রাৱণশাওন
নিনাদশব্দ
তানসুৰ।
সুধাঅমৃত
মর্দিতযাক পিহন কৰা হৈছে
হলাহলবৰ চোকা বিষ।

প্ৰ: অসমীয়া সাহিত্যত ‘অসম কেশৰী’ বুলি কাক আখ্যা দিয়া হৈছে?

উ : অসমীয়া সাহিত্যত ‘অসম কেশৰী’ বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক আখ্যা দিয়া হৈছে।

প্র : কোনখন গ্ৰন্থৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সাহিত্য অকাডেমী বঁটা মৰণোত্তৰভাৱে লাভ কৰিছিল?

উ : ‘বেদনাৰ উল্কা’ গ্ৰন্থৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সাহিত্য অকাডেমী বঁটা মৰণোত্তৰভাৱে লাভ কৰিছিল।

গ্ৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখা।

উঃ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সম্পাদনা কৰা দুখন আলোচনীৰ নাম হৈছে- (১) ‘চেতনা’ আৰু (২) ‘ডেকা অসম’।

প্রঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ এখন গীতৰ পুথিৰ নাম লিখা।

উ: অম্বিকাগিৰি ৰায়চৌধুৰীৰ এখন গীতৰ পুথিৰ নাম হ’ল— চেতনাৰ কণ্ঠ।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top