WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান » অধিকাৰ Class 11 [Question Answer]প্ৰশ্নোত্তৰ ৰাজনীতি বিজ্ঞান

অধিকাৰ Class 11 [Question Answer]প্ৰশ্নোত্তৰ ৰাজনীতি বিজ্ঞান

অধিকাৰ Class 11 Question Answer | Political Science Class 11 Assamese Medium Chapter 15 | একাদশ শ্ৰেণী ৰাজনীতি বিজ্ঞান

বিষয় ৰাজনীতি বিজ্ঞান
পাঠৰ নামঅধিকাৰ
শ্ৰেণী একাদশ শ্ৰেণী
উপলব্ধসম্পূৰ্ণ প্ৰশ্ন উত্তৰ
গােটখ – শাখা
পাঠৰ নংঅধ্যায় – ৫
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

অধিকাৰ Class 11 Question Answer

ক. অতি চম প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক -১)

১। অধিকাৰ কি?
উত্তৰঃ অধিকাৰ হৈছেৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত নাগৰিকৰ কিছুমান দাবী।

২। এটা সার্বজনীন প্ৰকৃতিৰ অধিকাৰ উল্লেখ কৰা।
উত্তৰ : জীৱিকাৰ অধিকাৰ।

৩। এটা নতুন অধিকাৰৰ নাম লিখা।
উত্তৰ : অথ্য জনাৰ অধিকাৰ।

৪। ইমানুৱেল কান্টৰ অধিকাৰৰ মত বাদটোৱে কোনবিধ ধাৰণাক প্রতিনিধিত্ব কৰিছে?
উত্তৰ : নৈতিক অধিকাৰ।

৫। বৈধ অধিকাৰ কি ?
উত্তৰ : দেশৰ আইন বা সংবিধানৰ দ্বাৰা স্বীকৃত অধিকাৰকে বৈধ অধিকাৰ বােলে।

৬৷ শিক্ষাক এক সার্বজনীন অধিকাৰ বুলি ক’ব পাৰিনে?
উত্তৰ : পাৰি।

৭। অধিকাৰ হ’ল সমাজ জীৱনৰ সেই বিলাক অৱস্থা যিবিলাক নহ’লে সাধাৰণভাৱে মানুহৰ ব্যক্তিত্বৰ পূর্ণ বিকাশ হ’ব নােৱাৰে।’ — কথাষাৰ কোনে কৈছিল?
উত্তৰ: লাস্কি।

৮। ব্যক্তিক প্রাকৃতিক অধিকাৰ কোনে প্রদান কৰে?
উত্তৰ : ঈশ্বৰে বা প্রকৃতিয়ে।

৯। এজন ব্যক্তিক কোনে নাগৰিক অধিকাৰ প্রদান কৰে?
উত্তৰঃ ৰাষ্ট্ৰই।

১০। ভােটদানৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ হয়নে?
উত্তৰ : হয়।

১১। প্রাকৃতিক অধিকাৰৰ ধাৰণাটো কোনে আগবঢ়াইছল?
উত্তৰ: জন লকে।

১২। চৰকাৰী চাকৰি বিচৰাটো কি অধিকাৰ ?
উত্তৰঃ ৰাজনৈতিক অধিকাৰ।

১৩। অধিকাৰে কর্তব্য সূচায়।’ – কথাষাৰ সঁচানে?
উত্তৰ : সঁচা।

১৪। সকলাে দাবীয়েই অধিকাৰ নহয়। — সঁচানে?
উত্তৰ : সঁচা।

১৫। মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়।
উত্তৰ : ১০ ডিচেম্বৰ।

১৬। ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত অধিকাৰৰ মাধ্যমতেই ৰাষ্ট্ৰৰ স্বৰূপ উপলব্ধি কৰা যায়।’—কথাষাৰ কোনে কৈছিল ?
উত্তৰ : লাস্কিয়ে।

১৭। সমাজৰ বাহিৰত অধিকাৰ থাকিব পাৰেনে?
উত্তৰ: নােৱাৰে।

১৮। এটা অর্থনৈতিক অধিকাৰৰ উদাহৰণ দিয়া।
উত্তৰ : কৰ্মৰ অধিকাৰ।

অধিকাৰ Class 11 Question Answer

খ. চম প্রশ্নোত্তৰ : (প্রত্যেকটোৰ মূল্যাংক – ২)

১। দুটা নৈতিক কর্তব্য উল্লেখ কৰা।
উত্তৰ : দুটা নৈতিক কর্তব্য হল –
(ক) সৎ চৰিত্ৰ গঢ়ি তোলা।
(ক) স্বাস্থ্য ৰক্ষাৰ বাবে যত্ন লােৱা।

২। সকলাে দাবীয়েই অধিকাৰ হ’ব পাৰেনে?
উত্তৰ : সকলাে দাবীয়েই অধিকাৰ হ’ব নােৱাৰে। এটা দাবী অধিকাৰ হ’বলৈ হলে তিনিটা চর্ত পূৰণ কৰিব লাগে। যেনেঃ
(ক) সামূহিক কল্যাণ প্রতিফলিত কৰিব লাগিব।
(খ) দাবীটোক সমাজে স্বীকৃতি দিব লাগিব।
(গ) দাবীটো ৰাষ্ট্ৰৰ দ্বাৰা সুৰক্ষিত হ’ব লাগিব।

৩। এৰিষ্টটিলৰ মতে ন্যায় কি ?
উত্তৰ : এৰিষ্ট’টলৰ মতে, ব্যক্তিৰ অহর্তা আৰু ৰাষ্ট্ৰৰ প্রতি থকা বৰঙণি অনুসৰি পদবী আৰু স্থান বিতৰণ কৰাই হৈছে ন্যায়।

Class 11 Political Science Chapter 15 Question Answer In Assamese Medium

গ. চমু প্রশ্নোত্তৰ : (প্রত্যেকটোৰ মূল্যাংক’- ৪)

১। সার্বজনীন প্রকৃতিৰ অধিকাৰ মানে কি? উদাহৰণ দি বুজাই লিখা।
উত্তৰ : সমাজত মানুহ হিচাপে জীয়াই থাকিবলৈ কিছুমান অধিকাৰ সকলােৰে বাবে অপৰিহাৰ্য বুলি বিবেচিত হয়। এনেদৰে যিবােৰ অধিকাৰ ভােগ কৰা অবিহনে মানুহে সুস্থ সামাজিক জীৱন যাপন কৰিব নােৱাৰে সেইবােৰ অধিকাৰকে সার্বজনীন প্রকৃতিৰ অধিকাৰ’ বুলি কোৱা হয়। উদাহৰণ ঃ জীয়াই থকাৰ অধিকাৰ, শিক্ষা লাভৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ, মত প্রকাশৰ অধিকাৰ ইত্যাদি।।

২। অধিকাৰৰ বৈশিষ্ট্যসমুহ উল্লেখ কৰা।
উত্তৰ : অধিকাৰ হৈছে ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত নাগৰিকল কিছুমান দাবী। অধিকাৰৰ কিছুমান বৈশিষ্ট্য আছে। যেনেঃ
(ক) অধিকাৰ স্পষ্ট আৰু ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত।
(খ) অধিকাৰে নাগৰিকসকলক সর্বাঙ্গীন কল্যাণৰ সুযােগ দিয়ে।
(গ) অধিকাৰ নাগৰিকৰ ন্যায়সংগত দাবী।
(ঘ) অধিকাৰবােৰ জনকল্যাণমূলক।

৩। অধিকাৰৰ প্রয়ােজন কিয়? আলােচনা কৰা।
উত্তৰ : অধিকাৰ হৈছে ৰাষ্ট্রৰ দ্বাৰা স্বীকৃত নাগৰিকৰ কিছুমান দাবী। মানুহৰ বাবে অধিকাৰৰ প্ৰয়ােজন আছে। কাৰণ—–
(ক) অধিকাৰৰ জৰিয়তে মানুহে সমাজত মানুহ হিচাপে কিছুমান সা-সুবিধা লাভ কৰে যিবােৰ সুবিধা উপভােগ কৰি মানুহে নিজৰ মানসিক আৰু শাৰীৰিক বিকাশ সাধন কৰিব পাৰে।
(খ) অধিকাৰ উপভােগে ব্যক্তিক সমাজ সচেতন কৰি তােলে। ফলত সমাজৰ প্রতি ব্যক্তিৰ দায়িত্ব বৃদ্ধি পায় আৰু ব্যক্তিজন সামাজিক হৈ উঠে।
(গ) অধিকাৰে ব্যক্তিক আত্মসন্মান আৰ আত্মমর্যদাৰে জীয়াই থাকিবলৈ শিকায়।
(ঘ) অধিকাৰ উপভােগে মানুহক স্বতন্ত্রতাৰ শিক্ষা দিয়ে আৰু আনকো অধিকাৰ ভােগ কৰাৰ প্রতি উৎসাহিত কৰি তােলে।

৪। অধিকাৰে ৰাষ্ট্ৰীয় কর্তৃপক্ষৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰােপ কৰে। উদাহৰণ দি ব্যাখ্যা কৰা।
উত্তৰ : অধিকাৰ হৈছে ৰাষ্ট্র বা কোনাে সার্বভৌম শক্তিৰ দ্বাৰা বলবৎ কৰা কিছুমান সুযােগ-সুবিধা যিবোৰ অবিহনে ব্যক্তিয়ে সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰিব নােৱাৰে। অধিকাৰে ৰাষ্ট্ৰৰ ওপৰত কিছুমান সীমাবদ্ধতা আবােপ কৰে। কাৰণ অধিকাৰে ৰাষ্ট্ৰক কিছুমান নীতি,n নিয়ম আৰু নির্দিষ্ট ধৰণে কাম কৰিবলৈ বাধ্য কৰায়। উদাহৰণ স্বৰূপে ৰাষ্ট্ৰইনাগৰিক অধিকাৰৰ সুৰক্ষা দিয়াৰ বাবেই স্বেচ্ছাচাৰী হ’ব নােৱাৰে বা জাতি, ধর্ম, লিংগ,বর্ণ নির্বিশেষে সকলােকে সমান সুবিধা দিয়াৰ বাবে বাধ্য থাকে। ইয়াৰ উপৰিও কিছুমান নিষেধাজ্ঞামূলক অধিকাৰৰ আছে যিবােৰে ৰাষ্ট্ৰৰ কর্তৃত্বৰ ওপৰত সীমাবদ্ধতা আৰােপ কৰে।

অধিকাৰ Class 11 Question Answer

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -৬)

১। অধিকাৰ বুলিলে কি বুজা? অধিকাৰৰ বিভিন্ন ভাগসমূহ আলােচনা কৰা।
উত্তৰ : অধিকাৰ হ’ল ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত কিছুমান সুযােগ-সুবিধা। চিন্তাবিদ লাস্কিৰ মতে, অধিকাৰ হ’লসমাজ জীৱনৰ সেইবিলাক অৱস্থা যিবিলাকনহ’লে সাধাৰণভাৱে মানুহৰ ব্যক্তিত্বৰ পূর্ণ বিকাশ হ’ব নােৱাৰে। অধিকাৰৰ বিভিন্ন বিভাগ আছে। যেনে – ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, অর্থনৈতিক অধিকাৰ, নৈতিক অধিকাৰ, বিধিগত অধিকাৰ ইত্যাদি। তলত কেইটিমান অধিকাৰৰ বিষয়ে চমুকৈ আলােচনা কৰা হ’ল।

(ক) ৰাজনৈতিক অধিকাৰঃ ৰাজনৈতিক অধিকাৰ বুলিলে সেইবােৰ অধিকাৰক সূচায় যিবােৰ অধিকাৰৰ জৰিয়তে জনসাধাৰণে দেশৰ ৰাজনৈতিক কার্যাৱলীত অংশ গ্রহণ কৰিব পাৰে। উদাহৰণস্বৰূপে ভােটদানৰ অধিকাৰ, ৰাজনৈতিক দল গঠনৰ অধিকাৰ, নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ আদি। ৰাজনৈতিক অধিকাৰৰ জৰিয়তে ব্যক্তিয়ে দেশৰ শাসন কার্যত পৰােক্ষভাৱে বা প্রত্যক্ষভাৱে অংশ গ্রহণ কৰিব পাৰে।

(খ) অর্থনৈতিক অধিকাৰঃ অর্থনৈতিক নিরাপত্তা সুৰক্ষিত কৰা সুযােগ-সুবিধাবােৰেই অর্থনৈতিক অধিকাৰ। উদাহৰণ স্বৰূপে কৰ্মৰ অধিকাৰ, উপযুক্ত মজুৰি লাভৰ অধিকাৰ, জিৰণিৰ অধিকাৰ, ইত্যাদি।

(গ) সামাজিক অধিকাৰ : এক সুন্দৰ, সুখী আৰু উন্নত জীৱন-যাপনৰ বাবে প্রয়ােজনীয় সুযােগ-সুবিধা পােৱাৰ অধিকাৰেই হ’ল সামাজিক অধিকাৰ। সামাজিক অধিকাৰৰ ভিতৰত প্রধান কেইটামান অধিকাৰ হ’ল শিক্ষাৰ অধিকাৰ, সমতাৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ আদি।

(ঘ) নৈতিক অধিকাৰঃ মানুহৰ সামাজিক ন্যায় আৰু নৈতিক অনুভূতিৰ ওপৰত নিৰ্ভৰশীল অধিকাৰকে নৈতিক অধিকাৰ বােলে। সামাজিক প্রথা, জনমত আদিয়েই হ’ল। নৈতিক অধিকাৰৰ উৎস। নৈতিক অধিকাৰ ৰাষ্ট্ৰৰ আইনৰ দ্বাৰা বলবৎ কৰিব নােৱাৰি। নৈতিক অধিকাৰ মানুহৰ নৈতিক আচৰণৰ দ্বাৰা প্রকাশ পায়। উদাহৰণস্বৰূপে পিতৃ- মাতৃয়ে সন্তানৰ পৰা পােৱা শ্রদ্ধা-ভক্তি।

(ঙ) বিধিগত অধিকাৰ : বিধিগত অধিকাৰ হ’ল নাগৰিকে উপভােগ কৰা কিছুমান সা-সুবিধা যিবােৰ ৰাষ্ট্র এখনৰ সার্বভৌম ক্ষমতাই প্রদান কৰে আৰু ৰক্ষণাবেক্ষণ দিয়ে। বিধিগত অধিকাৰ সকলােৰে বাবে প্রযােজ্য। বিধিগত অধিকাৰক প্ৰধানকৈ চাৰি ভাগত ভাগ কৰা হৈছে।যেনে। – নাগৰিক বা পৌৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অর্থনৈতিক অধিকাৰ, সামাজিক অধিকাৰ,আদি।

Chapter – 1ভাৰতীয় সংবিধান
Chapter – 2ভাৰতৰ সংবিধানত থকা অধিকাৰসমূহ
Chapter – 3নিৰ্বাচন আৰু প্ৰতিনিধিত্ব
Chapter – 4কার্যপালিকা
Chapter – 5বিধানমণ্ডল
Chapter – 6ন্যায়পালিকা
Chapter – 7যুক্তৰাষ্ট্ৰীয়বাদ
Chapter – 8স্থানীয় চৰকাৰ
Chapter – 9জীৱন্ত দলিলৰ ৰূপত সংবিধান
Chapter – 10সাংবিধানৰ দর্শন
Chapter – 11ৰাজনৈতিক তত্ত্ব
Chapter – 12স্বাধীনতা

১। অধিকাৰ কি?

উত্তৰঃ অধিকাৰ হৈছেৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত নাগৰিকৰ কিছুমান দাবী।

২। এটা সার্বজনীন প্ৰকৃতিৰ অধিকাৰ উল্লেখ কৰা।

উত্তৰ : জীৱিকাৰ অধিকাৰ।

৩। এটা নতুন অধিকাৰৰ নাম লিখা।

উত্তৰ : অথ্য জনাৰ অধিকাৰ।

৪। বৈধ অধিকাৰ কি ?

উত্তৰ : দেশৰ আইন বা সংবিধানৰ দ্বাৰা স্বীকৃত অধিকাৰকে বৈধ অধিকাৰ বােলে।

৫। বৈধ অধিকাৰ কি ?

উত্তৰ : দেশৰ আইন বা সংবিধানৰ দ্বাৰা স্বীকৃত অধিকাৰকে বৈধ অধিকাৰ বােলে।

1 thought on “অধিকাৰ Class 11 [Question Answer]প্ৰশ্নোত্তৰ ৰাজনীতি বিজ্ঞান”

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam