যুক্তৰাষ্ট্ৰীয়বাদ Class 11 Political Science Chapter 7 Question Answer

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম যুক্তৰাষ্ট্ৰীয়বাদ
শ্ৰেণী  একাদশ শ্ৰেণী
গােট ক – শাখা
পাঠৰ নং অধ্যায় ৭
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

যুক্তৰাষ্ট্ৰীয়বাদ Class 11

অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)

১। ভাৰত যুক্তৰাষ্ট্ৰত মুঠ ৰাজ্যৰ সংখ্যা কেইখন?

উত্তৰ : ২৮ খন।

২। ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্র’ শব্দটো উল্লেখ আছেনে?
উত্তৰঃ নাই। সংবিধানত ভাৰতক ৰাজ্যসমূহৰ সংঘ’ বুলি কোৱা হৈছে।

৩। ৰাজ্যিক আইন আৰু কেন্দ্রীয় আইনৰ মাজৰ মতবিৰােধ হ’লে কোনখন আইন বাহাল থাকে ?
উত্তৰ : কেন্দ্রীয় আইন।

৪। সমৱৰ্তী সূচীত কিমানটা বিষয় সন্নিবিষ্ট আছে?
উত্তৰ: ৫২ টা।

৫। ৰাজ্যিক সূচীত কিমানটা বিষয় সন্নিবিষ্ট আছে?
উত্তৰ: ৬৬ টা।।

৬। কোনখন সূচীৰ অন্তর্ভুক্ত বিষয়ৰ ওপৰত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে আইন প্রণয়ন কৰিব পাৰে?
উত্তৰ : সমৱৰ্তী সূচী।

৭। ভাৰত যুক্তৰাষ্ট্ৰৰ অৱশিষ্ট ক্ষমতা কাৰ হাতত আছে?
উত্তৰ : কেন্দ্ৰীয় চৰকাৰৰ হাতত।

৮। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেত ভাৰতক ৰাজ্যসমূহৰ সংঘ’ বুলি ঘােষণা কৰা হৈছে?
উত্তৰ : অনুচ্ছেদ ১।

৯। ভাৰতৰ সংবিধানখন যুক্তৰাষ্ট্ৰআৰু একাত্মক চৰকাৰৰ সংমিশ্রণ।’ – কথাষাৰ কোনে কৈছিল?
উত্তৰ : ডি ডি বাচুয়ে।

১০। কেন্দ্রীয় সূচীত নথকা এটা বিষয় উল্লেখ কৰা।
উত্তৰ : বন।

১১। ভাৰত যুক্তৰাষ্ট্ৰৰ অভিভাৱক কোন?
উত্তৰ : উচ্চতম ন্যায়ালয়।

১২। ভাৰতীয় সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ বাবে কেইখন তালিকা আছে?
উত্তৰ: ৩ খন।

১৩। শিক্ষা ভাৰতীয় সংবিধানৰ কোনটো সূচীৰ অন্তর্ভুক্ত?
উত্তৰ: সমৱৰ্তী সূচীৰ।

১৪। পৃথক সংবিধানৰ ব্যৱস্থ থকা ভাৰতৰ একমাত্র ৰাজ্যখনৰ নাম কি?
উত্তৰ : জম্মু-কাশ্মীৰ।

১৫। যুক্তৰাষ্ট্ৰ হ’ল এনে এখন ৰাজনৈতিক ব্যৱস্থা য’ত ৰাজ্যিক অধিকাৰ ৰক্ষা কৰিও জাতীয় ঐক্য আৰু ক্ষমতা অটুট ৰখা হয়।’ —–কথাষাৰ কোনে কৈছিল?
উত্তৰ: এ ভি ডাইচি।

১৬। শক্তিশালী কেন্দ্রীয় প্ৰৱণতাৰ সৈতে ভাৰতবর্ষ এখন যুক্তৰাষ্ট্ৰ। কথাষাৰ কোনে কৈছিল?
উত্তৰ : আইভৰ জেনিংচে।

Class 11 Political Science Chapter 7 Question Answer

চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)

১। ভাৰতৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : ভাৰতৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হল –
(১) ভাৰতত দুই ধৰণৰ চৰকাৰ আছে । যেনে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ।
(২) ভাৰতবর্ষ শাসনৰ বাবে এখন লিখিত সংবিধান আছে।

২| সমৱৰ্তী সূচীৰ অন্তৰ্গত দুটা বিষয়ৰ নাম লিখা।
উত্তৰ : সমৱৰ্তী সূচীৰ অন্তৰ্গত দুটা বিষয়ৰ নাম হল:
(ক) শিক্ষা আৰু
(খ) বাতৰি কাকত।

৩। ৰাজ্যিক সূচীৰ অন্তর্ভুক্ত দুটা বিষয়ৰ নাম লিখা।
উত্তৰঃ ৰাজ্যিক সূচীৰ অন্তর্ভূক্ত দুটা বিষয়ৰ নাম হলঃ
(ক) কৃষি আৰু
(খ) জনস্বাস্থ্য।

৪। কেন্দ্রীয় সূচীত থকা দুটা বিষয়ৰ নাম লিখা।
উত্তৰঃ কেন্দ্রীয় সূচীত থকা দুটা বিষয়ৰ নাম হ’ল —
(ক) প্ৰতিৰক্ষা আৰু
(খ) মুদ্রা।

৫। ভাৰতীয় সংবিধানৰ দুটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : ভাৰতীয় সংবিধানৰ দুটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হল –
(ক) এক নাগৰিকত্ব আৰু
(খ) কেন্দ্রীয় চৰকাৰৰ প্রাধান্য।

লগতে পঢ়ক:   জীৱন্ত দলিলৰ ৰূপত সংবিধান Class 11 Political Science Chapter 9 Assamese

যুক্তৰাষ্ট্ৰীয়বাদ একাদশ শ্ৰেণী

চমু প্রশ্নোত্তৰ  প্রত্যেকটোৰ মূল্যাংক -৪)

১। সমৱতী সূচীৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰ : সমৱৰ্তী সূচী হৈছে ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ এক সূচী। এই সূচীত অন্তর্ভুক্ত বিষয়বােৰৰ ওপৰত কেন্দ্র আৰু ৰাজ্য উভয়ে আইন প্রনয়ন কৰিব পাৰে। কিন্তু দুয়ােখন চৰকাৰে প্রণয়ন কৰা আইনৰ মাজত বিবাদ হলে কেন্দ্রীয় চৰকাৰে প্রণয়ন কৰা আইনহে বহাল থাকে। এই সূচীত বর্তমান ৫২ টা বিষয় আছে। এই সুচীৰ অন্তৰ্গত বিষয় কেইটামান হ’ল। ফৌজদাৰী আইন, অথনৈতিক আৰু সমাজ পৰিকল্পনা, শ্রমিক কল্যাণ, শিক্ষা, বাতৰি কাকত, কিতাপ আৰু ছপাশাল, মূল্য নিয়ন্ত্রণ, বিবাহআৰু বিবাহ বিচ্ছেদ, জন্ম-মৃত্যুৰ হিচাপ, টিকট শুল্ক ইত্যাদি।

২। কি কি পৰিস্থিতিত কেন্দ্রীয় বিধান মণ্ডলে ৰাজ্যিক সূচীৰ বিষয়ত আইন ৰচনা কৰিব পাৰে?
উত্তৰ : ৰাজ্যিক সূচীৰ অন্তর্ভুক্ত বিষয়ৰ ওপৰত আইন প্রনয়নৰ ক্ষমতা ৰাজ্য চৰকাৰসমূহক প্রদান কৰা হৈছে যদিও কিছুমান পৰিস্থিতিত কেন্দ্রীয় বিধান মণ্ডলে ৰাজ্যিক সূচীৰ বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে।তেনে পৰিস্থিতি কেইটামান হ’ল–
(১) দুখন বা ততােধিক ৰাজ্যিক বিধান সভাইৰাজ্যিক সূচীৰ বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিবলৈ অনুৰােধ কৰিলে।
(২) জৰুৰীকালীন অৱস্থা চলি থকা অৱস্থাত বিধান মণ্ডলৰ ইয়াৰ দুই-তৃতীয়াংশ সদস্যৰ সমর্থনত ৰাজ্যিক সূচীৰ কোনাে এটা বিষয়ে জাতীয় গুৰুত্ব পােৱা বুলি প্ৰস্তাৱ গ্ৰহণ কৰিলে, কেন্দ্রীয় বিধান মণ্ডলে সেই ৰাজ্যিক সূচীৰ বিষয়টোৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে।

৩।কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত সংঘাত সৃষ্টি হােৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা।
উত্তৰ : কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত সংঘাত সৃষ্টি হোৱাৰ চাৰিটা কাৰণ তলত উল্লেখ কৰা হল —
(ক) কেন্দ্রীয় চৰকাৰে ৰাজ্যিক চৰকাৰৰ আইন- শৃঙ্খলা ব্যৱস্থাত হস্তক্ষেপ কৰিলে সংঘাতৰ সৃষ্টি হ’ব পাৰে। কাৰণ ৰাজ্যৰ আইন-শৃঙ্খলা বজাই ৰখাটো ৰাজ্য চৰকাৰৰ দায়িত্ব।
(খ) কোনাে ৰাজ্যত ৰাষ্ট্রপতি শাসন প্ৰৱৰ্তন কৰি ৰাজ্য চৰকাৰক বখাস্ত কৰিলে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘাত হয়।
(গ) সংবিধানে ৰাজ্যবােৰৰ তুলনাত কেন্দ্রীয় চৰকাৰক অধিক আয়ৰ বা কৰ-কাটলৰ সুবিধা প্রদান কৰিলে আৰু ৰাজ্য চৰকাৰে উন্নয়নমূলক কাম-কাজত আর্থিক সংকটৰ সন্মুখীন হলে কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত সংঘাতৰ উদ্ভৱ হ’ব পাৰে।
(ঘ) অৱশিষ্ট ক্ষমতাসমূহ ৰাজ্য চৰকাৰৰ হাতত নথকাটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সংঘাতৰ এক কাৰণ হ’ব পাৰে।

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰ ঃ প্রত্যেকটোৰ মূল্যাংক-৬)

১। যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা? ভাৰতবর্ষ এখন যুক্তৰাষ্ট্র হয় নে ? যুক্তৰাষ্ট্রৰ প্ৰধান বৈশিষ্ট্যসমূহ আলােচনা কৰা।
উত্তৰ : যুক্তৰাষ্ট্ৰৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে দিছে যদিও অধ্যাপক কে চি হােৱেৰৰ মতে “যুক্তরাষ্ট্রীয় শাসন ব্যৱস্থাত চৰকাৰৰ ক্ষমতাসমূহ সমগ্র ৰাষ্ট্ৰৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত এনে ধৰণে বিতৰণ কৰা হয় যাতে উভয় চৰকাৰে নিজৰ নিজৰ ক্ষেত্ৰাধিকাৰত আইনগতভাৱে স্বাধীন হৈ থাকিব পাৰে।” ভাৰতীয় গণতন্ত্রত যুক্তৰাষ্ট্ৰৰ কিছুমান বৈশিষ্ট্য বিদ্যমান যদিও ভাৰতবৰ্ষক প্রকৃতাৰ্থত যুক্তৰাষ্ট্ৰ বুলি ক’ব নােৱাৰি। তলত যুক্তৰাষ্ট্রৰ প্রধান বৈশিষ্ট্যসমূহ আলােচনা কৰা হল —

লগতে পঢ়ক:   ৰাজনৈতিক তত্ত্ব Class 11 এক পৰিচয় (প্ৰশ্ন উত্তৰ) একাদশ শ্ৰেণী

(ক) দুই ধৰণৰ চৰকাৰ : যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে। যেনে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্রীয়
চৰকাৰ ৰাজ্যিক চৰাকৰৰ তত্বাৱধায়ক হিচাপে কার্য পৰিচালনা কৰে। ভাৰত যুক্তৰাজ্যত দুই ধৰণৰ চৰকাৰ আছে।

(খ) সাংবিধানিক ভিত্তিত ক্ষমতা বিভাজন : যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতা ৰাজ্য আৰু কেন্দ্ৰৰ মাজত ভাগ হয়। ক্ষমতাৰ নির্দিষ্ট পৰিসৰৰ ভিতৰত থাকি প্রতিটো চৰকাৰে নিজস্ব স্বাধীনতা বজাই ৰাখে। ক্ষমতাৰ বিতৰণক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বিবাদৰ সৃষ্টি হলে ন্যায়পালিকাই সাংবিধানিক ব্যৱস্থা অনুসৰি সেই বিবাদ মীমাংসা কৰে।

(গ) লিখিত সংবিধানঃ যুক্তৰাষ্ট্ৰৰ আন এক বৈশিষ্ট্য হৈছে ইয়াৰ এক লিখিত সংবিধান থাকে। সংবিধানে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ কৰাৰ লগতে পৰস্পৰৰ কার্য-পৰিধি নির্ধাৰণ কৰি দিয়ে।

(ঘ) দ্বিদনযুক্ত কেন্দ্রীয় আইন সভা : যুক্তৰাষ্ট্ৰত দ্বিসদনযুক্ত আইন সভা থাকে। ইয়াৰ এটাক উচ্চ সদন আৰু আনটোক নিম্ন সদন বুলি কোৱা হয়। নিম্ন সদনটো জনসাধাৰণৰ প্রতিনিধিৰ দ্বাৰা গঠিত হয়। উচ্চ সদনটো অংগৰাজ্যসমূহৰ প্রতিনিধিসকলৰ দ্বাৰা গঠিত হয়।ইয়াৰ নিম্ন সদনটো শক্তিশালী হয়।

(ঘ) যুক্তৰাষ্ট্ৰীয় আদালত : যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰখনৰ অভিভাৱক হিচাপে এখন ন্যায়ালয় থাকে। ন্যায়ালয়ে সংবিধানৰ ব্যাখ্যা দিয়াৰ উপৰিও ৰাজ্য সমূহ আৰু কেন্দ্ৰৰ মাজত উদ্ভৱ হােৱা বিবাদ মীমাংসা কৰে।

(ঙ) দ্বি-নাগৰিকত্ব : যুক্তৰাষ্ট্ৰৰ আন এক বৈশিষ্ট্য হ’ল দ্বি-নাগৰিকত্ব। যুক্তৰাষ্ট্ৰৰ সকলাে নাগৰিক গােটেই দেশখনৰ নাগৰিক হােৱাৰ উপৰিও তেঁলােকে বসবাস কৰাৰাজ্যখনৰ নাগৰিক হয়। ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় যদিও ভাৰততত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা নাই।

(চ) ৰাজ্যিক সংবিধানৰ ব্যৱস্থা : যুক্তৰাষ্ট্ৰৰ আন এক বৈশিষ্ট্য হৈছে সমগ্ৰ ৰাষ্ট্ৰ পৰিচালনাৰ বাবে এক সংবিধান থকাৰ উপৰিও ৰাজ্যসমূহেও নিজা নিজা সংবিধান প্রণয়ন কৰিব পাৰে। ভাৰতবৰ্ষক যদিও সততে যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, ইয়াৰ অংগ ৰাজ্যসমূহৰ কিন্তু নিজা সংবিধান প্রণয়নৰ ক্ষমতা নাই।

২। ভাৰতৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ কি কি আলােচনা কৰা।
উত্তৰ : ভাৰতবৰ্ষত যুক্তৰাষ্ট্যৰ প্ৰায়বোেৰ বৈশিষ্ট্য বিদ্যমান যদিও ইয়াৰ এনে কিছুমান বৈশিষ্ট্য আছে যিবােৰ একাত্মক বা অযুক্তৰাষ্ট্ৰীয়। তলত ভাৰতৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ আলােচনা কৰা হ’ল –
(১) ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰত থকা ধৰণে দ্বি-নাগৰিকত্বৰ বৈশিষ্ট্য নাই। ইয়াৰ নাগৰিকসকলৰ এটা মাথােন পৰিচয় সেয়া সিহঁত ভাৰতীয় নাগৰিক।
২) সংবিধান অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইয়াৰ অংগ ৰাজ্যৰ ৰাজ্যপালসকলক নিযুক্তি দিয়ে আৰু ৰাজ্যপালসকলে কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি স্বৰূপে কার্যনির্বাহ কৰে। কিন্তু প্রকৃত যুক্তৰাষ্ট্ৰত ৰাজ্যৰ মুৰব্বীসকলক ৰাজ্যৰ জনসাধাৰণে নির্বাচিত কৰে।
(৩) যুক্তৰাষ্ট্ৰত সৰ-বৰ সকলাে ৰাজ্যৰে উচ্চ সদনত সমান প্রতিনিধিত্ব থাকে। কিন্তু ভাৰতবৰ্ষত উচ্চ সদনত ৰাজ্যসমূহৰ সম প্রতিনিধিত্ব নাই।
(৪) ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থা বাহাল থকা অৱস্থাত গােটেই ভাৰতবৰ্ষখন একাত্মক ৰাষ্ট্ৰত পৰিণত হয়। এনে অৱস্থাত ৰাজ্য চৰকাৰৰ প্ৰশাসন সম্পূৰ্ণৰূপে কেন্দ্রীয় চৰকাৰৰ হাতলৈ যায়।
(৫) ভাৰতীয় সংবিধানে কেন্দ্রীয় চৰকাৰক অধিক শক্তিশালী কৰি তুলিছে। অৱশিষ্ট ক্ষমতা ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ নকৰি কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যাস্ত কৰা হৈছে।
(৬) প্রকৃত যুক্তৰাষ্ট্ৰত ৰাজ্যসমূহৰ সীমা বা নাম কেন্দ্রীয় চৰকাৰে সলনি কৰিব নােৱাৰে। কিন্তু ভাৰতবৰ্ষত সংসদে ৰাজ্যসমূহৰ নাম,সীমা আদি সলনি কৰিব পাৰে।

লগতে পঢ়ক:   জাতীয়তাবাদ Class 11 Political Science Chapter 17 Assamese Medium

যুক্তৰাষ্ট্ৰীয়বাদ Class 11

৩। যুক্তৰাষ্ট্ৰৰ গুণ আৰু দোষবােৰ আলােচনা কৰা।
উত্তৰ : যুক্তৰাষ্ট্ৰ হৈছে এনে এক শাসন ব্যৱস্থা য’ত দুই ধৰণৰ চৰকাৰ থাকে ৰাজ্যিক চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰ। কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰে নিজৰ নিজৰ সাংবিধানিক পৰিসৰৰ ভিতৰত থাকি স্বাধীনভাৱে কার্য কৰিব পাৰে। যুক্তৰাষ্ট্রৰ গুণ আৰু দোষবােৰ তলত উল্লেখ কৰা হ’ল :

যুক্তৰাষ্ট্ৰৰ গুণসমূহঃ
(১) যুক্তৰাষ্ট্ৰত সৰু-সৰু ৰাজ্যবােৰ একত্রিত কৰি এখন যুক্তৰাষ্ট্র গঠন হয় বাবে শক্তিশালী হয়।
(২)বৃহৎৰাষ্ট্রৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ উপযােগী। বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী লােক বাস কৰা ৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰীয় চৰকাৰ যুক্তিসংগত হয়।
(৩) যুক্তৰাষ্ট্ৰীয় চৰকাৰত ক্ষমতাৰ বিকেন্দ্রীকৰণ কৰা হয়। ফলত অধিক সংখ্যক লােকে শাসন কার্যত অংশ গ্রহণ কৰাৰ সুবিধা পায়। জনসাধাৰণাে ৰাজনৈতিকভাৱে সচেতন হয়।
(৪) কেন্দ্রীয় চৰকাৰৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন থকা বাবে কেন্দ্রীয় চৰকাৰ স্বেচ্ছাচাৰী হােৱাৰ সম্ভাৱনা কম।

যুক্তৰাষ্ট্ৰৰ দোষসমূহ হ’ল :
(১) যুক্তৰাষ্ট্ৰত জাতীয় সংহতি বজাই ৰখাত নানান অসুবিধাই দেখা দিয়ে। কাৰণ বহু সময়ত ৰাজ্যই কেন্দ্ৰৰ নিয়ন্ত্রণ মানি চলিব লাগে।
(২) যুক্তৰাষ্ট্ৰই জৰুৰী অৱস্থাৰ সময়ত দ্রুত সিদ্ধান্ত ল’ব নােৱাৰে। ফলত কার্যপন্থা গ্রহণ কৰাত লেহেম হয়।
(৩) যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যয়বহুল। দুই ধৰণৰ চৰকাৰ থকা বাবে খৰচ আৰু অপব্যয়ৰ মাত্রা বাঢ়ি যায়।
(৪) যুক্তৰাষ্টীয় ব্যৱস্থাত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘাত হােৱাৰ সম্ভাৱনা বেছি থাকে।

৪। ভাৰতৰশক্তিশালী কেন্দ্রীয় চৰকাৰৰ সপক্ষে যুক্তি আগবঢ়োৱা।
উত্তৰ : ভাৰতৰ সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষত এখন শক্তিশালী কেন্দ্রীয় চৰকাৰ প্ৰতিষ্ঠাৰ পক্ষপাতি আছিল। ইয়াৰ সপক্ষে তলত দিয়া যুক্তিবােৰ আগবঢ়াব পাৰি —
(১) ভাৰতবর্ষ হৈছে নানান জাতি, উপজাতি, ভাষা- ভাষী, ধর্ম, সংস্কৃতিৰ লােকৰ বাসভূমি। এই সকল লােকৰ মাজত ঐক্য আৰু সংহতি বজাই ৰখাৰ বাবে শক্তিশালী কেন্দ্রীয় চৰকাৰৰ প্রয়ােজন আছে।
(২) ভাৰতবৰ্ষত শক্তিশালী কেন্দ্রীয় চৰকাৰৰ অভাৱৰ বাবেই দেশখন বিদেশী ইংৰাজসকলৰ হাতলৈ যায় আৰু বহু বছৰ ভাৰতীয়সকলে পৰাধীন হৈ থাকিব লগা হয়। ভৱিষ্যতে এনে বিপদৰ আশংকা কৰিয়েই সংবিধান প্রণেতাসকলে শক্তিশালী কেন্দ্রীয় চৰকাৰৰ পােষকতা কৰিছিল।
(৩) ভাৰতৰ বিচ্ছিন্নতাবাদী শক্তিসমূহে ভাৰতৰ ঐক্য আৰু সংহতি বিনষ্ট কৰিব পৰাৰ সম্ভাৱনাৰ আংশকা কৰি সংবিধান প্রণেতাসকলে কেন্দ্রীয় চৰকাৰক শক্তিশালী কৰাত গুৰুত্ব আৰােপ কৰিছিল।
(৪) বর্তমান যুগত আন্তর্জাতিক ৰাজনৈতিক পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিবলৈ এখন শক্তিশালী কেন্দ্রীয় চৰকাৰৰ প্ৰয়ােজন আছে।

 

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top