কার্যপালিকা Class 11 {প্ৰশ্ন উত্তৰ} ৰাজনীতি বিজ্ঞান অধ্যায় ৪

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম কার্যপালিকা
শ্ৰেণী  একাদশ শ্ৰেণী
গােট ক – শাখা
পাঠৰ নং অধ্যায় ৪
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

কার্যপালিকা Class 11

অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -১)

১। এটি সংসদীয় কার্যপালিকাৰ অৰ্থ হ’ল
(ক) এটি সংসদ থকা কাৰ্যপালিকা।
(খ) সংসদৰ দ্বাৰা নির্বাচিত কার্যপালিকা।
(গ) সংসদ য’ত কার্য পালিকা হিচাপে কার্যনির্বাহ কৰে।
(ঘ) সংসদ সংখ্যাগৰিষ্ঠৰ সমর্থনৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্যপালিকা।
উত্তৰ: (ঘ) সংসদ সংখ্যাগৰিষ্ঠ সমর্থনৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্যপালিকা।

২। কার্যপালিকা কি ?
উত্তৰ : আইন কার্যকৰীকৰণৰ লগত জড়িত চৰকাৰৰ বিশেষ অংগটোৱেই হ’ল কাৰ্যপালিকা।

৩। নামমাত্র কার্যপালিকাৰ এটি উদাহৰণ দিয়া।
উত্তৰ : ভাৰতৰ ৰাষ্ট্রপতি।

৪। একক কাৰ্যপালিকাৰ এটা উদাহৰণ দিয়া।
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্রপতি।

৫। ৰাষ্ট্রপতি শাসন ব্যৱস্থাত প্রকৃত কাৰ্যপালিকা কোন?
উত্তৰ : ৰাষ্ট্রপতি।

৬। বহুব্যক্তি কাৰ্যপালিকাৰ এটা উদাহৰণ দিয়া।
উত্তৰ : চুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদ।

৭। সংসদীয় গণতন্ত্ৰত চৰকাৰৰ প্ৰধান কোন?
উত্তৰ : প্রধান মন্ত্রী।

৮। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ মতে ভাৰতৰ এজন উপৰাষ্ট্রপতি থাকিব?
উত্তৰ: ৬৩ নং অনুচ্ছোমতে।

৯। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কার্যকাল কিমান?
উত্তৰ: ৫ বছৰ।

১০। ৰাষ্ট্রপতি পদ প্রার্থীৰ বাবে নিম্নতম বয়স কিমান?
উত্তৰ: ৩৫ বছৰ।

১১। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেত ৰাষ্ট্রপতি পদৰ ব্যৱস্থা কৰা হৈছে?
উত্তৰ: ৫২ নং অনুচ্ছেদত।

১২। ভাৰতত চৰকাৰৰ মুৰব্বী কোন?
উত্তৰ : প্রধান মন্ত্রী।

১৩। উত্তৰাধিকাৰী সূত্রে মনােনীত কাৰ্যপালিকাৰ এটা উদাহৰণ দিয়া।
উত্তৰ : ইংলেণ্ডৰ ৰজা বা ৰাণী।

১৪। সংসদীয় কার্যপালিকা থকা এখন দেশৰ নাম লিখা।
উত্তৰ : ভাৰতবর্ষ।

class 11 political science chapter 4 in Assamese

১৫। মন্ত্রী পৰিষদৰ বৈঠক কোনে আহ্বান কৰে?
উত্তৰ : প্রধান মন্ত্রীয়ে।

১৬। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায়?
উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ প্রধান বিচাৰ পতিয়ে।

১৭। ভাৰতত কোনে জৰুৰীকালীন অৱস্থা ঘােষণা কৰিব পাৰে?
উত্তৰ : ৰাষ্ট্রপতিয়ে।

১৮। ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বাহিনীৰ সর্বাধিনায়ক কোন?
উত্তৰ : ৰাষ্ট্রপতি।

১৯। ভাৰতৰ প্ৰধান মন্ত্রীক কোনে নিয়ােগ কৰে?
উত্তৰ : ৰাষ্ট্রপতিয়ে

২০। ৰাষ্ট্ৰপতিৰ পদ শূন্য হলে কোনে সেই দায়িত্ব পালন কৰে?
উত্তৰঃ উপ-ৰাষ্ট্রপতিয়ে।

২১। ৰাষ্ট্রপতিক কোনে পদৰ পৰা অপসাৰণ কৰিব পাৰে?
উত্তৰ : সংসদে।

২২। কি নির্বাচন পদ্ধতিত ৰাষ্ট্রপতি নির্বাচন কৰা হয়?
উত্তৰ : পৰােক্ষ নির্বাচন পদ্ধতিত।

২৩। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ শাসনৰ বিষয়ে কোৱা হৈছে?
উত্তৰ : ৩৬৫ নং অনুচ্ছেদত।

২৪। ৰাজ্যিক শাসন ব্যৱস্থাত কোনে স্বেচ্ছাধীন ক্ষমতা ভােগ কৰে?
উত্তৰ : ৰাজ্যপালে।

২৫। সংবিধানৰ কোন অনুচ্ছেদ অনুসৰি মুখ্যমন্ত্ৰীক নিয়ােগ কৰা হয় ?
উত্তৰ : ১৬৪ নং অনুচ্ছেদ অনুসৰি।

২৬। ৰাজ্যিক মন্ত্রীসভাত কোনে সভাপতিত্ব কৰে?
উত্তৰ : ৰাজ্যপালে।

২৭। ৰাজ্যপালক কোনে নিয়ােগ কৰে?
উত্তৰ : ৰাষ্ট্রপতিয়ে।

২৮। ৰাজ্য পালক কোনে অপসাৰিত কৰিব পাৰে?
উত্তৰ : ৰাজ্যিক বিধান সভাই।

২৯। ৰাজ্যপালৰ কার্যকাল কিমান?
উত্তৰ : ৫ বছৰ।

৩০। ৰাষ্ট্রপতি লোকসভালৈ কেইজন সদস্য মনােনীত কৰিব পাৰে?
উত্তৰঃ ২ জন।

৩১। ৰাজ্যসভাৰ পদেন সভাপতি কোন?
উত্তৰ : উপৰাষ্ট্রপতি।

৩২। ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমান জন সদস্য মনােনীত কৰিব পাৰে?
উত্তৰ: ১২ জন।

৩৩। কোনাে মন্ত্রী সংসদ সদস্য নহ’লে কিমান দিনৰ ভিতৰত সদস্য হ’ব লাগে ?
উত্তৰ : ছয় মাহৰ ভিতৰত।

৩৪। উপৰাষ্ট্রপতি নির্বাচনত বিধান সভাৰ সদস্যই অংশ গ্রহণ কৰিব পাৰেনে?
উত্তৰ : নোৱাৰে ।

৩৫। ৰাষ্ট্রপতি আৰু উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত কোনে ৰাষ্ট্ৰপতিৰ কাম চলায়?
উত্তৰ : উচ্চতম ন্যায়লায়ৰ মুখ্য ন্যায়াধীশে।

কার্যপালিকা Class 11

(প্রত্যেকটোৰ মূল্যাংক -২)

১। কাৰ্যপালিকা বুলিলে কি বুজায় ?
উত্তৰ: চৰকাৰৰ যি অংগই প্ৰশাসনীয় কার্যচোৱা-চিতা কৰে, তাকে কার্যপালিকা বােলে। ৰাষ্ট্রপ্রধান, মন্ত্রীসকল আৰু প্ৰশাসনৰ কৰ্মচাৰীসকলক লৈ কাৰ্যপালিকা গঠন হয়।

২। ৰাজনৈতিক কার্যপালিকা কি?
উত্তৰ : নির্বাচন, মনােনয়ন বা উত্তৰাধিকাৰী সূত্রে লাভ কৰা শাসনৰ শীর্ষ পদাধিকাৰী ব্যক্তিজনেই হৈছে ৰাজনৈতিক কার্যপালিকা’। ৰাজনৈতিক কার্যপালিকাৰ কার্যকালৰ নির্দিষ্ট সময় থাকে। তেওঁলোেক নিজ কার্যকলাপৰ বাবে জনাধাৰণৰ ওচৰত দায়বদ্ধ থাকে।

৩। অৰাজনৈতিক বা স্থায়ী কার্যপালিকা কি?
উত্তৰ : প্রশাসনত স্থায়ীভাৱে নিযুক্তি লাভ কৰা কর্মচাৰীসকলেই হ’ল অৰাজনৈতিক বা স্থায়ী কাৰ্যপালিকা। প্রতিযােগিতামূলক পৰীক্ষাৰ যােগেদি নিযুক্তি লাভ কৰা অসামৰিক সেৱাৰ বিষয়াসকল তথা আমােলাসকল হৈছে ৰাজনৈতিক কার্যপালিকা। তেওঁলােক স্থায়ী কর্মচাৰী আৰু প্ৰশাসনৰ ধাৰাবাহিকতা ৰক্ষা কৰে বাবে তেওঁলােকক স্থায়ী কার্যপালিকা’ বুলি কোৱা হয়।

লগতে পঢ়ক:   সামাজিক ন্যায় Class 11 Political Science Chapter 14 Assamese Medium

৪। ৰাজ্যপালৰ পদ প্রার্থীৰ দুটা অৰ্হতা উল্লেখ কৰা।

উত্তৰ : ৰাজ্যপাল পদৰ প্রার্থী এজনৰ থাকিব লগা দুটা অহা হৈছে —
(১) প্রার্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব।
(২) প্রার্থীজনৰ বয়স কমেও ৩৫ বছৰ হ’ব লাগিব।

কার্যপালিকা Class 11 দীঘলীয়া প্ৰশ্নৰ উত্তৰ

(প্রত্যেকটোৰ মূল্যাংক – ৪)

১। ভাৰতৰ ৰাষ্ট্রপতিক কেনেকৈ তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব পাৰি আলােচনা কৰা।
উত্তৰঃ ৰাষ্ট্রপতি হৈছে ভাৰতৰ সাংবিধানিক মুৰব্বী। কোনাে গুৰুতৰ অপৰাধৰ বাহিৰে তেওঁৰ বিৰুদ্ধে কোনাে অভিযােগ আনিব নােৱাৰি। বিশেষকৈ অসৎ ব্যৱহাৰ, অযােগ্যতা, সংবিধান উলংঘা বা দেশদ্রোহীতা আদি অপৰাধত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযােগ আনিব পাৰি।এনে অভিযােগ সংদৰ যিকোনাে সদত উত্থাপন কৰিব পাৰি। মহাঅভিযােগ প্রস্তাৱ উত্থাপনৰ বাবে যিখন সদনে অভিযােগ আনে সেই সদনৰ কম পক্ষেও এক চতুর্থাংশ সদস্যৰ দ্বাৰা স্বাক্ষৰিত এক জাননী ১৪ দিন আগতে ৰাষ্ট্রপতিলৈ প্ৰেৰণ কৰিব লাগে। এনে মহাঅভিযােগ সেই সদনত পুংখানুপুংখভাৱে পৰীক্ষা কৰি দুই-তৃতীয়াংশ
সদস্যৰ সমৰ্থনত গৃহীত হব লাগে।এনেদৰে এখন সংসদত প্ৰস্তাৱটো গৃহীত হােৱাৰ পিছত আনখন সদনলৈ অনুসন্ধান। আৰু গ্ৰহণৰ বাবে পঠাব লাগে। আনখন সদনেও প্রস্তাৱটো দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থনত গৃহীত কৰিলে ৰাষ্ট্রপতিয়ে পদত্যাগ কৰিব লাগে।

২। ভাৰতবৰ্ষত অসামৰিক সেৱাৰ বিষয়াসকলক কোনে বাছনি কৰে? ভাৰতবৰ্ষত কি কি অসামৰিক সেৱাৰ প্ৰচলন আছে?
উত্তৰ : ভাৰত বৰ্ষত অসামৰিক সেৱাৰ বিষয়াসকলক কেন্দ্রীয় লােকসেৱা আয়ােগে বাছনি কৰে। ভাৰতত তিনি প্ৰকাৰৰ অসামৰিক সেৱাৰ প্রচলন আছে। যেনে–
(ক) সৰ্বভাৰতীয় সেৱা।
(খ) কেন্দ্রীয় সেৱা আৰু
(গ) ৰাজ্যিক সেৱা।

কার্যপালিকা Class 11 ৰচনাধৰ্মী

(প্রত্যেকটোৰ মূল্যাংক -৬)

১। মন্ত্রী পৰিষদ কিদৰে গঠন কৰা হয়? ইয়াৰ কার্যাবলী আলােচনা কৰা।
উত্তৰ : ভাৰতীয় সংবিধানৰ ৭৫ নং অনুচ্ছেদ অনুযায়ী সাধাৰণ নির্বাচন হৈ যােৱাৰ পিছত ৰাষ্ট্রপতিয়ে লােকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাগৰাকীক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে। প্রধানমন্ত্ৰীৰ পৰামর্শ অনুযায়ী ৰাষ্ট্রপতিয়ে অন্যান্য মন্ত্রীসকলক নিযুক্তি দিয়ে। মন্ত্রীসকল যিকোনাে এটা সদনৰ সদস্য হ’ব লাগে। ২০০৩ চনত সংবিধানৰ ৯১ তম সংশােধনীৰ দ্বাৰা চৰকাৰ গঠন কৰা দলৰ মুঠ ১৫ শতাংশ সদস্যই মন্ত্রীসভা গঠন কৰিব লাগে। মন্ত্রী পৰিষদত তিনি শ্ৰেণীৰ মন্ত্রী থাকে। যথাঃ কেবিনেট পর্যায়ৰ মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী আৰু উপমন্ত্রী। প্রধান মন্ত্রীৰ নিত্যান্ত আস্থাভাজন আৰু অভিজ্ঞসকলক কেবিনেট পর্যায়ৰ মন্ত্ৰী হিচাপে নিয়ােগ কৰা হয়। প্রধান মন্ত্ৰীয়ে কেবিনেটৰ সভাত সভাপতিত্ব কৰে । মন্ত্রীপৰিষদক প্রকৃত কাৰ্যপালিকা বুলি ধৰা হয়। মন্ত্রী পৰিষদৰ কার্যাৱলী সংক্ষেপে তলত দিয়া ধৰণৰ —

(১) নীতি নির্ধাৰণ: শাসন ব্যৱস্থাৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নির্ধাৰণ কৰাটো মন্ত্রী পৰিষদৰ প্রধান কাম।
(২) শাসন বিভাগ পৰিচালনা: মন্ত্রীপৰিষদে দেশৰ শাসন বিভাগক পৰিচালনা কৰে। ই চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সমন্বয় সাধন কৰে আৰু বিভিন্ন দপ্তৰৰ তত্ত্বাৱধান কৰে।
(৩) আইন প্রণয়ন : মন্ত্রী পৰিষদৰ আন এক কাম হৈছে আইন প্রণয়ন কার্য নিয়ন্ত্রণ কৰা। সংসদত উত্থাপন কৰিব লগা আইন বিষয়ক প্ৰস্তাৱসমূহ মন্ত্রীসকলে কৰিব লগা হয়।
(৪) বৈদেশিক নীতি নির্ধাৰণ : মন্ত্রীপৰিষদে বৈদেশিক নীতি ৰচনা কৰে। বিদেশৰ লগত সম্পর্ক কেনে হব সেই বিষয়ে মন্ত্রী সভাই সিদ্ধান্ত গ্রহণ কৰিব
লাগে।
(৫) নিযুক্তি নিয়ন্ত্রণ ও চৰকাৰৰ গুৰুত্বপূর্ণ পদসমূহত নিযুক্তিৰ বাবে মন্ত্রীসভাই উপযুক্ত ব্যক্তিৰ বাছনি কৰে। সেইদৰে মন্ত্রী সভাই উচ্চ পদস্থ বিষয়াৰ নিযুক্তি, স্থানান্তৰ আৰু নিয়ন্ত্রণ কৰে।
(৬) জৰুৰীকালীন ক্ষমতাঃ ৰাষ্ট্ৰত জৰুৰীকালীন অৱস্থা ঘােষণা কৰাৰ পিছত ৰাষ্ট্ৰৰ সকলাে ক্ষমতা বাস্তৱিকতে মন্ত্রীপৰিষদৰ হাতলৈ গুচি যায় । এনে অৱস্থাত মন্ত্রী পৰিষদেই সময় শাসক হৈ পৰে ।
(৭) বিত্তীয় ক্ষমতা : চৰকাৰৰ আয়-ব্যয়ৰ বাবে মূলতঃ মন্ত্রী পৰিষদেই দায়ী। বছৰৰ আয়-ব্যয়ৰ তালিকা বিত্ত মন্ত্ৰীয়ে তৈয়াৰ কৰি সংসদত উত্থাপন কৰিব লাগে।। সেইদৰে অর্থনৈতিক পৰিকল্পনা মন্ত্রী পৰিষদৰ উদ্যোগতে প্রস্তুত কৰা হয় আৰু কাৰ্যকৰী কৰা হয় ।

২। প্রধান মন্ত্ৰীৰ ক্ষমতা আৰু কার্যাৱলী, আলােচনা কৰা।
উত্তৰ : ভাৰতীয় সংবিধানৰ ৭৫ নং অনুচ্ছেদ অনুযায়ী সাধাৰণ নির্বাচন হৈ যােৱাৰ পিছত ৰাষ্ট্রপতিয়ে লােকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাগৰাকীক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে। শাসন ব্যৱস্থাত প্রধান মন্ত্রীয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। তেওঁৰ ক্ষমতা আৰু কার্যাৱলীতলত আলােচনা কৰা হ’ল ।
(১) মন্ত্রী পৰিষদ গঠন : প্রধান মন্ত্ৰীৰ প্ৰথম আৰু প্রধান কামটো হৈছে মন্ত্রী পৰিষদ গঠন কৰা। প্রধান মন্ত্ৰীয়ে বাছনি কৰি দিয়া মতে ৰাষ্ট্রপতিয়ে মন্ত্রী পৰিষদৰ সদস্য সকলক নিয়ােগ কৰে।

লগতে পঢ়ক:   স্বাধীনতা Class 11 গুৰুত্বপূৰ্ণ প্রশ্নোত্তৰ একাদশ শ্ৰেণী

(২) দপ্তৰ বিতৰণ : মন্ত্রী পৰিষদ গঠন কৰাৰ পিছত প্রধান মন্ত্রীয়ে মন্ত্রীসকলৰ মাজত দপ্তৰ বিতৰণ কৰে। দপ্তৰ বিতৰণৰ ক্ষেত্ৰত প্রধান মন্ত্রীয়ে মন্ত্রীসকলৰ ব্যক্তিগত ইচ্ছ, দলীয় স্থান আৰু প্ৰভাৱৰ ওপৰত লক্ষ্য ৰাখিব লাগে।

(৩) মন্ত্রী পৰিষদৰ সদস্যসকলৰ সাল-সলনি : প্রধান মন্ত্রীয়ে নিজ ইচ্ছামতে মন্ত্রীসকলক সাল-সলনি কৰিব পাৰে। মন্ত্রী পৰিষদৰ নেতা নিচাপে তেওঁ যিকোনাে মন্ত্রীক মন্ত্রী পৰিষদৰ পৰা বাদ দিব পাৰে বা নতুন মন্ত্রী মনােনীত কৰিব পাৰে।

(৪) মন্ত্রী সভাৰ সভাপতি : প্রধানমন্ত্রী মন্ত্রী সভাৰ সভাপতি। প্রধান মন্ত্রীয়ে মন্ত্রী সভাৰ আলােচ্য বিষয়। সম্পর্কে সিদ্ধান্ত গ্রহণ কৰে।
(৫) ৰাষ্ট্ৰপতিৰ সৈতে যােগাযােগ: ৰাষ্ট্রপতি আৰু মন্ত্রী পৰিষদৰ মাজৰ যােগসূত্র হ’ল প্রধানমন্ত্রী। প্রধানমন্ত্রীযে দেশৰ আভ্যন্তৰীণ আনকি বৈদেশিক বিষয়সমূহ ৰাষ্ট্রপতিক সময়ে সময়ে জনাই থাকিব লাগে।

(৬) প্রতিক্ষাৰ দায়িত্ব: ৰাষ্ট্ৰৰ প্ৰতিৰক্ষাৰ দায়িত্ব প্রধান মন্ত্রীয়েই বহন কৰিব লগা হয়। ৰাষ্ট্ৰৰ আণৱিক বিভাগটো প্রধান মন্ত্রীয়েই নিয়ন্ত্রণ কৰে।
(৭) অর্থনৈতিক নীতি নির্ধাৰণঃ দেশৰ অর্থনৈতিক নীতি নির্ধাৰণৰ ক্ষেত্ৰতত প্রধান মন্ত্ৰীৰ ভূমিকা গুরুত্বপূর্ণ।বছৰৰ বাজেট প্রস্তুতিৰ ক্ষেত্রত প্রধান মন্ত্রীয়ে সতর্ক দৃষ্টি ৰাখিব লাগে।
(৮) দলৰ নেতা : প্রধান মন্ত্রী সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে দলৰ নীতি নির্ধাৰণ, কার্যপন্থা গ্রহণ আৰু দলৰ অন্যান্য নেতাসকলৰ লগত সম্পর্ক ৰক্ষা কৰিব লগা হয়।
(৯) সংসদ অধিবেশন আহ্বান : প্রধান মন্ত্রী পৰামর্শক্রমেই ৰাষ্ট্রপতিয়ে সংসদ অধিবেশন আহ্বান, সমাপ্তি আৰু স্থগিতকৰণৰ ঘােষণা কৰে। প্রধান মন্ত্ৰীৰ পৰামর্শ মতে ৰাষ্ট্রপতিয়ে লােকসভা ভংগ কৰিব পাৰে।

Class 11 ৰাজনীতি বিজ্ঞান অধ্যায় ৪

৩। ৰাষ্ট্ৰপতিৰ ক্ষমতাআৰু কার্যাৱলী আলােচনা কৰা।
উত্তৰ : ভাৰতীয় সংবিধানৰ ৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্রপতিজন হৈছেভাৰতৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্রৰ মুৰব্বী হিচাপে তেওঁ বহুত ক্ষমতা ভােগ কৰে। তলত ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰুকার্যাৱলী আলােচনা কৰা হলঃ
(১) আইন প্রণয়ন ক্ষমতা : ভাৰতৰ ৰাষ্ট্ৰপতিজন সংসদ সদস্য নহয় যদিও তেওঁ সংসদৰ অবিচ্ছেদ্য অংগ। তেওঁ সংসদ অধিবেশন আহ্বান কৰিব পাৰে,
স্থগিত ৰাখিব পাৰে বা লােকসভা ভংগ কৰি দিব পাৰে। তেওঁ ৰাজ্যসভালৈ ১২ জন সদস্য মনােনীত কৰিব পাৰে। তেওঁ ইংগ-ভাৰতীয় শ্রেণীৰ পৰা ২ জন ব্যক্তি লােকসভালৈ মনােনীত কৰিব পাৰে। প্রত্যেক অধিবেশনৰ আৰম্ভণিতে তেওঁ উভয় সদসৰ যুটীয়া অধিবেশনত ভাষণ দিব পাৰে। সংসদে গৃহীত কৰা যিকোনাে আইনত ৰাষ্ট্রপতিয় চহী কৰিব লাগে।

(2) প্রশাসনীয় ক্ষমতা : সংবিধান অনুযায়ী ৰাষ্ট্রপতি ভাৰতৰ প্ৰধান প্রশাসনীয় মুৰব্বী। চৰকাৰৰ সকলাে প্রশাসনীয় কাম ৰাষ্ট্ৰপতিৰ নামতে পৰিচালিত হয়। তেওঁ সাধাৰণ নিৰ্বাচনত লােকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়াৰ লগতে মন্ত্রী পৰিষদৰ সদস্যসকলক নিযুক্তি দিয়ে। ইয়াৰ উপৰিও ৰাষ্ট্র পতিয়ে উচচ আৰ উচচ ত ম ন্যায়ালয়ৰ ন্যায়াধীশসকল, প্রধান নির্বাচনী আযুক্ত, কেন্দ্রীয় লােকসেৱা আয়ােগৰ সভাপতি আৰু অন্যান্য উচ্চপদস্থ কর্মচাৰী সকলক নিযুক্ত কৰে।

(৩) বিত্তীয় ক্ষমতা: ৰাষ্ট্রপতিয়ে প্রত্যেক বিত্তীয় বছৰৰ আৰম্ভণিতে সংসদত আয়-ব্যয় সংক্রান্ত বিৱৰণী বাজেট আকাৰে বিত্তমন্ত্রীৰ জৰিয়তে উত্থাপন কৰায় ৰাষ্ট্ৰপতিৰ অনুমতি অবিহনে কোনাে অর্থ সংক্রান্ত বিল সংসদত উত্থাপন হ’ব নােৱাৰে। ভাৰত চৰকাৰৰ নিয়ন্ত্রক আৰু মহালেখা পৰীক্ষকৰ চৰকাৰী হিচাপৰ প্রতিবেদন। সংসদৰ ওচৰত ৰাষ্ট্রপতিয়ে দাখিল কৰিব লাগে। ৰাষ্ট্ৰখনৰ আকস্মিক নিধি ৰাষ্ট্ৰপতিৰ হাতত থাকে।

(৪) ন্যায়িক ক্ষমতা: ৰাষ্ট্রপতিয়ে ভাৰতৰ উচ্চতম আৰু উচ্চ ন্যায়লায়ৰ ন্যায়াধীশসকলক নিয়ােগ কৰে। ৰাষ্ট্রপতিয়ে ন্যায়ালয়ে দোষী সাব্যস্ত কৰা কোনাে ব্যক্তিৰ শাস্তিৰ পৰিমাণ হ্রাস কৰিব পাৰে বা ক্ষমা কৰিব পাৰে।

(৫) কুটনৈতিক ক্ষমতাঃ ৰাষ্ট্রপতিয়ে আন্তর্জাতিক ক্ষেত্ৰত ৰাষ্ট্ৰখনৰ প্রতিনিধিত্ব কৰে। তেওঁ বিদেশী ৰাষ্ট্ৰসমূহৰ লগত কূটনৈতিক সম্পর্ক স্থাপন কৰে। ৰাষ্ট্রপতিয়ে অন্যান্য দেশলৈ কূটনৈতিক বিষয়া পঠায় আৰু বিদেশী ৰাষ্ট্রদূতসকলৰ প্রত্যয় পত্র গ্রহণ কৰে। ৰাষ্ট্ৰপতিৰ নামতে বিদেশৰ লগত সন্ধি বা চুক্তি সম্পন্ন কৰা হয়।

(৬) সামৰিক ক্ষমতা:  ৰাষ্ট্রপতি ভাৰতৰ সামৰিক বাহিনীৰ সর্বাধিনায়ক। তেওঁ স্থল, জল আৰু বায়ু বাহিনীৰ মুৰব্বীসকলক নিযুক্তি দিয়ে। তেওঁলােকক বদলি বা অপসাৰণ কৰিব পাৰে। সামৰিক বাহিনীৰ সর্বাধিনায়ক হিচাপে ৰাষ্ট্রপতিয়ে কোনাে দেশৰ লগত যুদ্ধ ঘােষণা বা সন্ধি স্থাপন কৰিব পাৰে।

লগতে পঢ়ক:   শান্তি Class 11 [প্রশ্নোত্তৰ] ৰাজনীতি বিজ্ঞান একাদশ শ্ৰেণী

(৭) জৰুৰী ক্ষমতা : ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ পৰা ৩৬০ নং অনুচ্ছেদলৈ ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতাসমূহউল্লেখ কৰা আছে। ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতা তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে –- জাতীয় জৰুৰী ক্ষমতা, শাসন সংক্রান্তীয় জৰুৰী ক্ষমতা আৰু বিত্তীয় জৰুৰী ক্ষমতা। জৰুৰী অৱস্থাৰ সময়ত দেশৰ শাসন ভাৰ সম্পূৰ্ণৰূপে ৰাষ্ট্ৰপতিৰ হাতলৈ যায়। ৰাষ্ট্রপতিয়ে নিজৰ প্রতিনিধিৰ দ্বাৰা যেনে – ৰাজ্যপাল। বা সংসদৰ জৰিয়তে শাসন কার্য পৰিচালনা কৰে।

কার্যপালিকা Class 11

(৪) ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতা আলােচনা কৰা।
উত্তৰ:  ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ পৰা ৩৬০ নং অনুচ্ছেদলৈ ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতাসমূহ উল্লেখ কৰা আছে। ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতা তিনিটা। ভাগত ভাগ কৰা হৈছে। যেনে জাতীয় জৰুৰী ক্ষমতা, শাসন সংক্রান্তীয় জৰুৰী ক্ষমতা আৰু বিত্তীয় জৰুৰী ক্ষমতা। তলত ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতাসমূহ আলােচনা কৰা হ’ল —
(১) জাতীয় জৰুৰী ক্ষমতা:  যুদ্ধ বা বহিঃ শত্ৰুৰ আক্রমণ নাইবা আভ্যন্তৰীণ অশান্তিৰ বাবে দেশৰ কোনাে অংশৰ বা কোনাে অংগ ৰাজ্যৰ নিৰাপত্তা বিঘ্নিত হােৱাৰ আশংকাই দেখা দিলে ৰাষ্ট্রপতিয়ে সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰি জৰুৰী অৱস্থা ঘােষণা কৰিব পাৰে। অৱশ্যে জৰুৰী অৱস্থা ঘােষণাৰ দুই মাহৰ ভিতৰত ই সংসদৰ দ্বাৰা অনুমােদিত হ’ব লাগে।

(২) শাসন সংক্রান্তীয় জৰুৰী ক্ষমতা : কোনাে ৰাজ্যৰ শাসন ব্যৱস্থাত অচল পৰিস্থিতিৰ উদ্ভৱ হ’লে বা সংবিধান মতে শাসন কার্য পৰিচালনাত কোনাে ৰাজ্য চৰকাৰ অপাৰগ হলে সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালৰ প্রতিবেদন মর্মে ৰাষ্ট্রপতিয়ে সেই ৰাজ্যত সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি জৰুৰী অৱস্থা ঘােষণা কৰব পাৰে। জৰুৰী অৱস্থাৰ সময়ত সংশ্লিষ্ট ৰাজ্যখনৰ শাসন ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতলৈ যায়। ৰাষ্ট্রপতিয়ে তেওঁৰ প্রতিনিধি স্বৰূপৰাজ্যপালৰ দ্বাৰা নাইবা কেন্দ্রীয় সংসদ দ্বাৰা সেই ৰাজ্যৰ শাসন কার্য পৰিচালনা কৰিব পাৰে।

(৩) বিত্তীয় জৰুৰী ক্ষমতা: কিবা কাৰণত সমগ্র দেশত বা ইয়াৰ কোনাে অংশত বা কোনাে অংগ ৰাজ্যত বিত্তীয় সংকটাৱস্থাই দেখা দিলে ৰাষ্ট্রপতিযে সংবিধানৰ ৩৬০ নং অনুচ্ছেদ অনুসৰি বিত্তীয় জৰুৰী অৱস্থা ঘােষণা কৰিব পাৰে। জৰুৰী অৱস্থাৰ সময়ত ৰাজ্য চৰকাৰৰ আয়-ব্যয়ৰ হিচাপ বা প্রস্তাৱসমূহৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে পঠাব লাগে। কেন্দ্রীয় চৰকাৰৰ নিদের্শ অনুযায়ী ৰাজ্যসমূহেঅর্থনৈতিক নীতি নির্ধাৰণ কৰিব লাগে। এনে অৱস্থাত ৰাষ্ট্রপতিয়ে প্রয়ােজনবােধে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰ্মহ কৰ্তন কৰিব পাৰে।

৫। ৰাজ্যপালৰ স্বেচ্ছাধীন ক্ষমতা আৰু কার্যাৱলী আলোচনা কৰা।
উত্তৰ : ভাৰতীয় সংবিধানৰ ১৬৩ (১) নং অনুচ্ছেদ অনুযায়ী ৰাজ্যপালৰ কিছুমান স্বেচ্ছাধীন ক্ষমতা আছে। ৰাজ্যপালে তেওঁৰ স্বেচ্ছাধীন ক্ষমতা প্রয়ােগৰ ক্ষেত্ৰত মন্ত্রী পৰিষদৰ পৰামর্শ গ্রহণ কৰিবলৈ বাধ্য হয়।ৰাজ্যপালৰ স্বেচ্ছাধীন ক্ষমতা তলত দিয়া ধৰনৰ
(১) ৰাজ্যিক বিধান মণ্ডলে গ্ৰহণ কৰা কিছুমান বিধেয়ক ৰাজ্যপালে স্বাক্ষৰ নকৰি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ কাৰণে প্ৰেৰণ কৰিব পৰে।
(২) কোনাে ৰাজ্যত শাসন বিভ্রাটে দেখা দিলে বা সংবিধান অনুসৰি শাসন কার্য পৰিচালনাত সংশ্লিষ্ট ৰাজ্যৰ মন্ত্রী পৰিষদ অপাৰগ হ’লে ৰাজ্যপালে ৰাষ্ট্রপতিলৈ সেই ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্রয়ােগ কৰিবলৈ প্রতিবেদন দাখিল কৰিব পাৰে।
(৩) কোনাে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ আকস্মিক মৃত্যু হ’লে, আন এজন মুখ্যমন্ত্রী নির্বাচন নােহােৱালৈকে সেই ৰাজ্যৰ ৰাজ্যপালে কোনাে এজন ব্যক্তিক অস্থায়ীভাৱে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব পাৰে।
(৪) কোনাে মুখ্য মন্ত্রী আস্থাৰ ভােটত পৰাজিত হৈ ৰাজ্যপালক মন্ত্রীসভা ভাঙি দিবলৈ পৰামর্শ দিলে ৰাজ্যপালে স্ববিচাৰ ক্ষমতা প্রয়ােগ কৰিব পাৰে।
(৫)বিত্তবিলৰ বাহিৰে আন বিধেয়ক পুনৰ বিবেচনাৰ কাৰণে বিধানসভালৈ ঘূৰাই পঠোৱাৰ ক্ষেত্ৰত ৰাজ্যপালে স্বেচ্ছাধীন ক্ষমতা ভােগ কৰে।

৬। উ পৰাষ্ট্ৰপতিৰ সাংবিধানিক পদ-মর্যাদা আলােচনা কৰা।
উত্তৰ : ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাম-কাজত সহায়। কৰিবলৈ ভাৰতীয় সংবিধানে ৬৩ নং অনুচ্ছেদৰত উপৰাষ্ট্রপতিৰ পদৰ সৃষ্টি কৰিছে। উপৰাষ্ট্রপতিজনক
পৰােক্ষভাৱে নির্বাচন কৰা হয়। উপৰাষ্ট্রপতিজনক সংসদ উভয় সদনৰ সদস্যসকলক লৈ গঠিত এক নির্বাচক মণ্ডলীৰ দ্বাৰা একক হস্তান্তৰযােগ্য গােপন ভােটেৰে সমানুপাতিক প্রতিনিধিত্বৰ ভিত্তিত নির্বাচন কৰা হয়। উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল ৫ বছৰ। উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ পদেন সভাপতি। ৰাজ্যসভাৰ সকলো কার্য তেওঁৰ সভাপতিত্বত সম্পাদন কৰা হয়। ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত তেওঁ ৰাষ্ট্ৰপতিৰ কার্য পৰিচালনা কৰিব লাগে। মুঠতে উপৰাষ্ট্ৰপতিৰ দায়িত্ব অতি সীমিত। ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত উপৰাষ্ট্ৰপতিৰ ভূমিকা সিমান গুৰুত্বপূৰ্ণ নহয়। এই পদটো সাংবিধানিক অলংকাৰ স্বৰূপ। কিন্তু আজিলৈকে বহুত স্বনামধন্য, জ্ঞানী আৰু অভিজ্ঞ ব্যক্তিয়ে এই উপৰাষ্ট্ৰপতিৰ পদটো ধাৰণ কৰি এই পদৰ সন্মান আৰু গৌৰৱ বৃদ্ধি কৰিছে ।

We have answered the question of Assamese medium in chapter iv of class XI political science on this page. This will helps students to practice for their upcoming exams.

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top