একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

সাংবিধানৰ দর্শন Class 11 Political Science Chapter 10 Question Answer

Class 11 Political Science Chapter 10

বিষয় ৰাজনীতি বিজ্ঞান
পাঠৰ নামসাংবিধানৰ দর্শন
শ্ৰেণী একাদশ শ্ৰেণী
গােটক – শাখা
পাঠৰ নংঅধ্যায় ১০
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

সাংবিধানৰ দর্শন Class 11

অতি চমু প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক-১)

১। ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হৈছে?
উত্তৰ: ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

২। প্রস্তাৱনাটো ভাৰতৰ সংবিধানৰ অংগ হয়নে?
উত্তৰ: নহয়।

৩। ভাৰতৰ সংবিধানত বর্তমান কেইটা মৌলিক কর্তব্য সন্নিবিষ্ট কৰা হৈছে?
উত্তৰ: ১১ টা।

৪। ভাৰতত সংসদীয় নে ৰাষ্ট্ৰপতীয় চৰকাৰ আছে?
উত্তৰ : সংসদীয়।

৫। ভাৰত প্ৰকৃত যুক্তৰাষ্ট্ৰ হয়নে?
উত্তৰ : নহয়।

৬। নির্দেশাত্মক নীতিৰ ধাৰণাটো ভাৰতে কোন দেশৰ সংবিধানৰ পৰা লৈছে?
উত্তৰ : আয়াৰলেণ্ডৰ সংবিধানৰ পৰা।

৭।মৌলিক অধিকাৰৰ ধাৰণাটো ভাৰতে কোন দেশৰ সংবিধানৰ পৰা লৈছে?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা।

৮| সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ হয়নে?
উত্তৰ : নহয়।

৯। সংবিধানৰ কিমানতম সংশােধনীত ‘ঐক্য আৰু সংহতি’ শব্দ দুটা প্রস্তাৱনাত অন্তর্ভূক্ত কৰিছিল ?
উত্তৰ: ৪২ তম সংশােধনীত।

১০। প্রস্তাৱনা হ’ল ভাৰতীয় সংবিধানৰ ____ (খালী ঠাই পূৰণ কৰা)
উত্তৰ : দশন।

Class 11 Political Science Chapter 10 Assamese Question Answer

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মুল্যকে – ২)

১। প্রস্তাৱনাৰ অর্থ কি?
উত্তৰ : ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা’হৈছে ভাৰত যুক্তৰাষ্ট্ৰৰ আদৰ্শ আৰু দর্শন প্রতিফলিত কৰি ৰচনা কৰা এক আৰম্ভণিসূচক বক্তব্য বা টোকা। ই সংবিধানৰ পাতনি স্বৰূপ।

ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -৬)

১। প্রস্তাৱনাই ভাৰতীয় সংবিধানৰ মূল দর্শন প্রতিফলিত কৰিব পাৰিছেনে? আলোচনা কৰা।
উত্তৰ: সংবিধানৰ আৰম্ভণিতে সংবিধানৰ আদর্শ, ৰাষ্ট্ৰখনৰ নীতি আৰু দেশৰ শাসন ব্যৱস্থাৰ প্রকৃতি প্রকাশ কৰি আৰম্ভণি স্বৰূপ যি বক্তব্য দাঙি ধৰা হৈছে তাকে সংবিধানৰ প্ৰস্তাৱনা’ বুলি কোৱ হয়। আন কথাত দেশ এখনে অনুসৰণ কৰিব লগী নীতি প্ৰস্তাৱনাত উল্লেখ থাকে। ভাৰতীয় সংবিধানৰাে এক স্পষ্ট প্রস্তাৱনা আছে। প্রস্তাৱনাত ভাৰতবৰ্ষক এখন সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্রিক গণৰাজ্য’ বুলি ঘােষণা কৰা হৈছে। এই আদর্শকেইটা ভাৰতীয় সংবিধানৰ মূল ভেটি ভাৰতবর্ষ হৈছে পৃথিৱীৰ এখন বৃহৎ স্বাধীন ৰাষ্ট্ৰ। ইয়াৰ সমাজ আৰু অর্থনৈতিক ব্যৱস্থা সমাজবাদী আদৰ্শৰ ওপৰত প্রতিষ্ঠিত কাৰণই জনসাধাৰণক সামাজিক ন্যায় প্রদান কৰাৰ বাবে প্রতিশ্রুতিবদ্ধ। ধর্মনিৰপেক্ষতা নীতিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে ৰাষ্ট্ৰই কোনাে ধর্মকে প্রতিনিধিত্ব নকৰিব যদিও সকলােৱে নিজৰ নিজৰ ধৰ্ম পালন আৰু প্ৰচাৰ কৰিব পাৰিব। সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা গণতান্ত্রিক গণৰাজ্যৰ আদৰ্শটো বাস্তৱত ৰূপায়িত হৈছে। ইয়াত জনসাধাৰণে নিজৰ মাজৰ পৰাই প্রতিনিধি নির্বাচন কৰি আইন সভালৈ পঠিয়ায়। অর্থাৎ ভাৰতবৰ্ষত ৰাইজেই ৰজা।গতিকে দেখা যায় ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাই ৰাষ্ট্ৰখনৰ মূল আদর্শ আৰু দর্শন প্রতিফলিত কৰিব পাৰিছে।

Madhav

Madhav Nath is a dedicated teacher and content writer who is passionate about making education accessible and engaging. With a Bachelor of Science in Physics from Dibrugarh University, he possesses a strong foundation in scientific principles and a love for demystifying complex topics. For years, Madhav has been creating high-quality question-and-answer notes and educational materials designed to help students excel in their studies. His writing is known for its clarity, accuracy, and ability to break down difficult concepts into easy-to-understand explanations. He believes that with the right resources, every student can achieve their academic goals. When he is not writing or teaching, Madhav enjoys staying up-to-date with the latest advancements in physics and finding new, innovative ways to share his knowledge with the world.

View all posts by Madhav →

💬 Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam