ভাৰতীয় সংবিধান Class 11 সংবিধান কিয় আৰু কেনেকৈ অধ্যায় – ১

ভাৰতীয় সংবিধান
বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম সংবিধান কিয় আৰু কেনেকৈ
শ্ৰেণী  একাদশ শ্ৰেণী
গােট ক – শাখা
পাঠৰ নং অধ্যায় ১
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ভাৰতীয় সংবিধান Class 11

(প্রত্যেকটোৰ মূল্যাংক -১)

১। কোনবিধ কার্য সংবিধান কার্য নহয় ?
(ক) নাগৰিকৰ সুৰক্ষাৰ অধিকাৰ।
(খ) চৰকাৰৰ অন্তৰ্গত বিভিন্ন বিভাগৰ ক্ষমতা।
(গ) প্রতিভাপন্ন ব্যক্তি ক্ষমতালৈ অহা।
(ঘ) মত প্রকাশৰ অধিকাৰ।
উত্তৰ : (গ) প্রতিভাপন্ন ব্যক্তি ক্ষমতালৈ অহা ।

২। তলত উল্লেখ কৰা কোনবােৰ যুক্তিয়ে স্পষ্টকৈ প্রতিপন্ন কৰে যে সংবিধানৰ কর্তৃত্ব উচ্চতৰ ?
(ক) সংসদ গঠনৰ আগতে সংবিধানৰ ৰচনা কৰা হৈছিল।
(খ) সাংসদসকলতকৈ সংবিধান প্রণেতাসকল বিশিষ্ট নেতা।
(গ) সংবিধানে সংসদৰ গঠন আৰু ক্ষমতা নির্ধাৰণ কৰে।
(ঘ) সংসদৰ দ্বাৰা সংবিধান সংশােধন কৰিব নােৱাৰি।
উত্তৰ: (গ) সংবিধানে সংসদৰ গঠন আৰু ক্ষমতা নির্ধাৰণ কৰে।

৩। সংবিধান সম্পর্কে তলত উল্লেখ কৰা কথাবোৰ সঁচানে মিছা কোৱা।
(ক) সংবিধান চৰকাৰ গঠন আৰু ক্ষমতা সম্পর্কে লিখিত দদিল।
(খ) গণতান্ত্রিক দেশৰ বাবেহে সংবিধান প্রয়ােজন।
(গ) সংবিধান কেৱল আইনগত দদিলহে, ইয়াৰ কোনাে আদর্শ আৰু গুৰুত্ব নাই।
(ঘ) ৰাষ্ট্রপতি ভাৰতৰ আইনসংগত মুৰব্বী।
উত্তৰ: (ক) সঁচা।(খ) মিছা। (গ) মিছা। (ঘ) সঁচা।

৪। প্রস্তাৱনা সংবিধানৰ অংশ হয়নে?
উত্তৰ : নহয়।

৫। ভাৰতীয় সংবিধান কেতিয়া গৃহীত হয় ?
উত্তৰ: ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনা।

৬। ভাৰতীয় সংবিধানত কেইটা অনুচ্ছেদ আছে?
উত্তৰ: ৩৯৫ টা।

৭। ভাৰতীয় সংবিধান আৰু——ৰ সংমিশ্রণ। (খালী ঠাইপূৰণ কৰা)
উত্তৰ : নমনীয় আৰু অনমনীয়তাৰ।

৮। ভাৰতত সংসদীয় চৰকাৰৰ ব্যৱস্থা আছেনে?
উত্তৰ : আছে।

৯। ভাৰতৰ ৰাষ্ট্রপতি চৰকাৰৰ প্ৰধান’–কথাষাৰ শুদ্ধনে?
উত্তৰ : শুদ্ধ।

১০। ভাৰত যুক্তৰাষ্ট্র এখন সংঘ’ কথাষাৰ কোনে কৈছিল ?
উত্তৰ: ড° ভীমৰাও আম্বেদকাৰ।

১১। ভাৰতীয় চৰকাৰী ভাষা আইন কেতিয়া গৃহীত হয় ?
উত্তৰ: ১৯৮৩ চনত।

12। তাৰতীয় সংবিধানন কেতিয়াব পৰা কাৰ্যকৰী কৰা হয়।
উত্তৰ: ১৯৫০ চনৰ ২৬ জানুৱাৰী।

১৩। সংবিধান সভাত মুঠ সদস্য সংখ্যা কিমান আছিল ?
উত্তৰঃ ৩৮৯ জন।

১৪। মহাত্মা গান্ধীয়ে কেতিয়া ভাৰতীয় সংবিধানৰ বাবে দাবী উত্থাপন কৰিছিল?
উত্তৰ: ১৯২২ চনত।

১৫। ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি কোন আছিল ?
উত্তৰ: ড° বি আৰ আম্বেদকাৰ।

১৬। ভাৰতীয় সংবিধানত কেইটা অনুসূচী আছে?
উত্তৰঃ ১০ টা।

১৭। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্রপতি কোন আছিল?
উত্তৰ : ড° ৰাজেন্দ্র প্রসাদ।

১৮। ভাৰতীয় সংবিধান প্রস্তুত কৰিবলৈ কিমান সময় লাগিছিল?
উত্তৰ: ২ বছৰ ১১ মাহ ১৮ দিন।

১৯। সংবিধান সভাৰ সভাপতি কোন আছিল ?
উত্তৰ : ড° ৰাজেন্দ্র প্রসাদ।

২০৷ ভাৰতৰ ক্ষমতা বিভাজনৰ সূচী তিনিখন সংবিধানৰ কোনখন অনুসূচীত সন্নিবিষ্ট কৰা হৈছে?
উত্তৰ : সপ্তম অনুসূচীত।

See also  যুক্তৰাষ্ট্ৰীয়বাদ Class 11 Political Science Chapter 7 Question Answer

২১। স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ: লর্ড মাউন্টবেটেন।

২২। স্বাধীন ভাৰতৰ প্রথম প্রধান মন্ত্রী কোন আছিল?
উত্তৰ : পণ্ডিত জৱাহৰলাল নেহৰু।

২৩। সংবিধান সভাৰ প্রথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল ?
উত্তৰ : ড° সচ্চিদানন্দ সিংহাই।

২৪। ধর্মনিৰপেক্ষ’ শব্দটো সংবিধানৰ কোন নং সংশােধনীত সন্নিবিষ্ট কৰা হৈছে?
উত্তৰঃ ১৯৭৬ চনত ৪২ তম সংবিধান সংশােধনত।

২৫। মৌলিক অধিকাৰ সংশােধনৰ বাবে উভয় সদনৰ কিমান সংখ্যক সমর্থনৰ আৱশ্যক?
উত্তৰ: দুই-তৃতীয়াংশ সদস্য।

২৬। সংবিধানত প্ৰস্তাৱনাৰ সংযোজনা প্রথমতে বিশ্বৰ কোন দেশৰ সংবিধানত কৰা হৈছিল।
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ সংবিধানত।

২৭৷ ইংৰাজী ‘Constitution’ শব্দটো কোন ভাষাৰ পৰা অনা হৈছে?
উত্তৰ: লেটিন ভাষাৰ ‘Constituere’ শব্দৰ পৰা। ইয়াৰ অৰ্থ হৈছে- গঠন কৰা বা প্রতিষ্ঠা কৰা।

২৮ | ভাৰতৰ সংবিধানখনত ড° ৰাজেন্দ্র প্রসাদে কেতিয়া চহী কৰে।
উত্তৰ : ১৯৪৯ চনৰ ২৬ নৱেম্বৰত।

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় – ১

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -২)

১। সংবিধান বুলিলে কি বুজা?
উত্তৰঃ সংবিধান হ’ল কিছুমান মৌলিকনীতিৰ সমষ্টি যত কিদৰে চৰকাৰৰ বিভিন্ন অংগ গঠন হ’ব, এইবােৰৰ কার্যাৱলী কি হ’ব, এইবােৰৰক কি কি ক্ষমতা দিয়া হ’ব আৰু এইবােৰৰ লগত দেশৰ জনগণৰ সম্পর্ক কেনে হ’ব – এইবােৰ কথা পুঙ্খানুপুঙ্খানুভাৱে উল্লেখ কৰা থাকে।

২। ভাৰতীয় সংবিধানক কিয় পৃথিৱীৰ দীর্ঘতম সংবিধান বুলি কোৱা হয় ?
উত্তৰ : ভাৰতীয় সংবিধানক পৃথিৱীৰ দীর্ঘতম সংবিধান বুলি কোৱা হয়। কাৰণ—–
ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যায়, আৰু ১০ খন অনুসূচী আছে। এইবােৰ সংবিধানত বিস্তৃতভাৱে আলােচনা কৰা হৈছে। ফলত ইয়াৰ দৈর্ঘ যথেষ্ট বাঢ়ি গৈছে।

৩। ভাৰতীয় সংবিধান নমনীয় নে অনমনীয়? যুক্তি দর্শাই উত্তৰ দিয়া।
উত্তৰ : ভাৰতীয় সংবিধান সম্পূর্ণ নমনীয় আৰু সম্পূর্ণ অনমনীয়ও নহয়। ই নমনীয়তা আৰু অনমনীয়তাৰ এক সংমিশ্রণহে। ইয়াৰ কাৰণ——-
সংবিধানত এনে কেইবাটাও অনুচ্ছেদ আছে যিবােৰ সংসদে সহজে সংশােধন কৰিব পাৰে। আকৌ এনে কেইটামান অনুচ্ছেদ আছে যিবােৰ সংশােধন কৰিবলৈ হ’লে কেন্দ্রীয় সংসদৰ উভয় সদনত সংশােধনৰ প্ৰস্তাৱ গৃহীত হােৱাৰ উপৰিও ৰাজ্যিক বিধান মণ্ডলসমূহৰ সন্মতিৰ প্রয়ােজন। সেয়ে ভাৰতীয় সংবিধানক আংশিকভাৱে নমনীয়। আৰু আংশিকভাৱে অনমনীয় বুলি কোৱা হয়।

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ অধ্যায় – ১

(প্রত্যেকটোৰ মূল্যাংক – ৪)

১। ভাৰতীয় সংবিধানৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ কি কি? লিখা।
উত্তৰঃভাৰতীয় সংবিধানৰ এনে কিছুমান বৈশিষ্ট্য আছে। যিবােৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ লগত একে ৷ যেনেঃ
(১) যুক্তৰাষ্ট্ৰত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা থাকে। কিন্তু ভাৰতত এক নাগৰিকত্ব ব্যৱস্থাহে আছে। এক নাগৰিকত্বৰ ব্যৱস্থা অযুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ।
(২) যুক্তৰাষ্ট্ৰৰ অংগ ৰাজ্যবােৰৰ নিজা সংবিধান থাকে। কিন্তু ভাৰতৰ অংগ ৰাজ্যবােৰৰ নিজা সংবিধান নাই। গােটেই দেশখনৰ বাবে মাথােন এখনহে সংবিধান আছে।
(৩) যুক্তৰাষ্ট্ৰীয় নীতি মতে অংগ ৰাজ্যৰ ৰাজ্যপালজনক সেইৰাজ্যৰ জনসাধাৰণে নির্বাচন কৰিব লাগে। কিন্তু ভাৰতৰ অংগ ৰাজ্যবােৰৰ ৰাজ্যপালসকলক ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে। ই অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য।
(৪) ভাৰতৰ সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত জৰুৰীকালীন ক্ষমতা প্রদান কৰিছে। এনে অৱস্থাত ভাৰত যুক্তৰাষ্ট্র এখন একাত্মক ৰাষ্ট্ৰলৈ পৰিণত হয়।

See also  স্বাধীনতা Class 11 গুৰুত্বপূৰ্ণ প্রশ্নোত্তৰ একাদশ শ্ৰেণী

২।দেশ এখনৰ বাবে সংবিধান প্রয়ােজন কিয়?
উত্তৰ : সংবিধান হৈছে দেশ এখনৰ পৰিচালনাৰ বিভিন্ন ৰীতি-নীতি, আইন-কানুন সম্বলিত দলিল। দেশ এখন পৰিচালনাৰ বাবে সংবিধানৰ অতীব প্রয়ােজন।
কাৰণ——
১) দেশ এখনত বসবাস কৰা বিভিন্ন ধর্ম, ভাষা আৰু সংস্কৃতিৰ লােক-গােষ্ঠীৰ মাজত সমন্বয় সাধন আৰু আশ্বাস প্রদানৰ বাবে সংবিধান প্রয়ােজন।
(২) সংবিধানে গণতান্ত্রিক ৰাষ্ট্ৰত নাগৰিকৰ ওপৰত চৰকাৰৰ ক্ষমতা নিয়ন্ত্রণ কৰে। চৰকাৰৰ ক্ষমতা নিয়ন্ত্রণ নহ’লে নাগৰিকে নিজৰ অধিকাৰ হেৰুৱাব।
(৩) সংবিধানে নাগৰিকৰ আশা-আকাংক্ষা আৰু চাহিদা পূৰণ কৰিবলৈ কিছুমান ব্যৱস্থা গ্ৰহণ কৰে। সমাজত থকা বিভিন্ন ধৰণৰ অসমতা আতৰ কৰি এখন স্বাধীন, সমতাপূর্ণ আৰু ন্যায়পুর্ণ সমাজৰ সৃষ্টি কৰাত সংবিধানে অৰিহণা যােগায়।
(৪) দেশ এখনত কেনেধৰণৰ চৰকাৰ গঠন হ’ব, চৰকাৰৰ ক্ষমতা, কামৰ পৰিসীমা কেনে ধৰণৰ হ’ব, কেন্দ্র আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতাৰ বিভাজন কেনেধৰণৰ হ’ব আদি বিষয় সংবিধানে নির্ধাৰণ কৰি দিয়ে। এইবােৰ কাৰণৰ বাবে দেশ এখনত সংবিধানৰ প্রয়ােজন।

political science class 11 assamese medium question answer

ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ৬)

(১) ভাৰতবৰ্ষৰ সংবিধান কেনেকৈ প্ৰস্তুত কৰা হৈছিল। আলােচনা কৰা।
উত্তৰ : ভাৰতবৰ্ষৰ বাবে এখন সংবিধান প্রয়ােজন বিংশ শতাব্দীৰ তৃতীয় দহকৰ আৰম্ভণিৰ পৰা অনুভৱ কৰা হয়। মহাত্মা গান্ধীয়ে ১৯২২ চনত ভাৰতবৰ্ষৰ বাবে এখন সংবিধান লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল যদিও বিভিন্ন কাৰণত এই কাম হৈ উঠাত বহুত পলম হৈছিল। অৱশেষত ১৯৩৭ চনত কংগ্ৰেছৰ ফৈজপুৰ অধিবেশনত কংগ্ৰেছে ১৯৩৫ চনৰ ভাৰত শাসন আইনখন নাকচ কৰি স্বাধীন ভাৰত চৰকাৰ প্ৰতিষ্ঠাৰ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। লগতে প্রাপ্তবয়স্ক ভােটৰ দ্বাৰা নির্বাচিত হােৱা প্রতিনিধিৰে গঠিত হােৱা এখন সংবিধান সভাই ভাৰতৰ বাবে এখন নিজা সংবিধান ৰচনা কৰাৰ ক্ষমতা বিচাৰে। ইতিমধ্যে ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। এই যুদ্বত কংগ্ৰেছে চর্ত সাপেক্ষে বৃটিছক সহায় কৰিব বুলি জনায়। ১৯৪০ চনৰ ‘আগষ্ট প্রস্তাৱৰ জৰিয়তে কংগ্ৰেছৰ সংবিধান সভা গঠনৰ দাবীৰ মূল কথাখিনি চৰকাৰে মানি হয়। দ্বিতীয় যুদ্ধৰ পিছত ইংলণ্ডত লেবাৰ পার্টিয়ে চৰকাৰ গঠন কৰে। ১৯৪৬ চনত কেবিনেট মিছন ভাৰতলৈ আহে। এই মিছনৰ পৰিকল্পনা মতে ১৯৪৬ চনৰ জুলাই মাহত ভাৰতীয় প্রাদেশিক বিধান সভাবােৰৰ নির্বাচন পতা হয়। সেইবছৰৰে ৯ ডিচেম্বৰত সংবিধান ৰচনা কৰা নিকায়ৰ প্রথম বৈঠক হয়। এই সংবিধান ৰচনা কৰা নিকায়খন সার্বভৌম অনুষ্ঠান নাছিল। এই নিকায় কেবিনেট মিছৰ পৰিকল্পনামতে গঠিত আৰু বৃটিছ পার্লিয়মেন্টৰ দ্বাৰা নিয়ন্ত্রিত আছিল। ভাৰতৰ সেই সময়ৰ প্ৰখ্যাত নেতাসকল এই নিকায়ত অন্তর্ভূক্ত হৈছিল। নিকায় প্রথম বৈঠকত ড° ৰাজেন্দ্র প্রসাদক স্থায়ী সভাপতি নির্বাচিত কৰা হয়। নিকায়ৰ পঞ্চম বৈঠক বহে ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে। সেইদিনাই এই নিকায়খন সংবিধান সভা হিচাপে নামাকৰণ কৰা হয়। সংবিধান সভাত বিভিন্ন নেতাৰ সভাপতিত্বত বিভিন্ন কমিটি গঠন কৰা হয়। ১৯৪৭ চনৰ ৯ আগষ্টত ড° ভীমৰাও আম্বেদকাৰক সভাপতি হিচাপে লৈ এখন সাতজনীয় খচৰা প্ৰস্তুত কমিটি গঠন কৰা হয়। সংবিধান সমিতিখনে ১৯৪৯ চনৰ নবেম্বৰ মাহত সংবিধান ৰচনাৰ কাম সম্পূর্ণ কৰে আৰু ২৬ নৱেম্বৰত সম্পূর্ণ হােৱা সংবিধানখনত সভাপতি ড° ৰাজেন্দ্র প্রসাদে চহী কৰে । লগে লগে ই স্বাধীন ভাৰতৰ সংবিধান হিচাপে স্বীকৃতি লাভ কৰে। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধানখন কাৰ্যকৰী কৰিবলৈ লােৱা হয়। ভাৰতৰ সংবিধানখন সেই সময়ৰ দেশখনৰ ৰাজনৈতিক পণ্ডিতসকলৰ সুচিন্তা আৰু প্ৰজ্ঞাৰ ফল। ইয়াক প্রস্তুত কৰােতে প্রায় তিনিবছৰ সময় লাগিছিল।

See also  কার্যপালিকা Class 11 {প্ৰশ্ন উত্তৰ} ৰাজনীতি বিজ্ঞান অধ্যায় ৪

(২) ভাৰতীয় সংবিধান প্রধান বৈশিষ্ট্যসমূহ আলােচনা কৰা।
উত্তৰ : ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কার্যকৰী হােৱা ভাৰতীয় সংবিধানখনৰ কিছুমান বৈশিষ্ট্য আছে। সেইবােৰ হ’ল——-
(১) ভাৰতীয় সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ দীর্ঘতম লিখিত সংবিধান। ইয়াত ৩৯৫ টা অনুচ্ছেদ; ২২ টা অধ্যায় আৰু ১০ খন অনুসুচী আছে।
(২) ভাৰতীয় সংবিধানে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে বিশেষ সা-সুবিধাৰ ব্যৱস্থা কৰিছে।
(৩) ভাৰতৰ সংবিধানে দেশখনৰ সকলাে নাগৰিকৰ বাবে একে অধিকাৰ, একে দণ্ডবিধি আইন আৰু দেৱানী আইনৰ ব্যৱস্থা কৰিছে।
(৪) ভাৰতৰ সংবিধানে ভাৰতৰ ৰাষ্ট্ৰপজিনক দেশখনৰ সাংবিধানিক মুৰব্বী হিচাপে গ্ৰহণ কৰিছে যদিও ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰ ব্যৱস্থাহে আছে।
(5) ভাৰতীয় সংবিধানৰ এক বিশেষ বৈশিষ্ট্য হৈছে সংবিধানৰ চতুর্থ অধ্যায়ত কিছুমান নির্দেশাত্মক নীতি সন্নিবিষ্ট কৰি ভাৰতক এক কল্যাণকামী ৰাষ্ট্র হিচাপে প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে।
(৬) ভাৰতৰ সংবিধানখন নমনীয়তা আৰু অনমনীয়তাৰ এক সংমিশ্রণ। ইয়াৰ কাৰণ —– সংবিধানত এনে কেইবাটাও অনুচ্ছেদ আছে যিবােৰ সংসদে সহজে সংশােধন কৰিব পাৰে। আকৌ এনে কেইটামান অনুচ্ছেদ আছে যিবােৰ সংশােধন কৰিবলৈ হ’লে কেন্দ্রীয় সংসদ উভয় সদনত সংশােধনৰ প্ৰস্তাৱ গৃহীত হােৱাৰ উপৰিও ৰাজ্যিক বিধান মণ্ডলসমূহৰ সন্মতিৰ প্রয়ােজন।
(৭) ভাৰতৰ সংবিধানে ভাৰতবৰ্ষত এক নাগৰিকত্বৰ ব্যৱস্থা কৰিছে।
(৭) ৰাষ্ট্ৰৰ নির্দেশাত্মক নীতিৰ আৰ্হিত ভাৰতবৰ্ষত সমাজবাদী আদর্শ সমাজ প্রতিষ্ঠা কৰাত গুৰুত্ব দিয়া
(৮) ভাৰতীয় সংবিধানে ভাৰত বৰ্ষক এখন সার্বভৌম, সামজবাদী, ধর্মনিৰপেক্ষ গণতান্ত্রিক প্রজাতন্ত্র হিচাপে আখ্যা দিছে।

Leave a Comment