বিধানমণ্ডল Class 11 (প্ৰশ্ন উত্তৰ) ৰাজনীতি বিজ্ঞান অধ্যায় ৫

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম বিধানমণ্ডল
শ্ৰেণী  একাদশ শ্ৰেণী
গােট ক – শাখা
পাঠৰ নং অধ্যায় ৫
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

বিধানমণ্ডল Class 11

 (প্রত্যেকটোৰ মূল্যাংক -১)

১। কোনখন সদনত বিত্তীয় বিধেয়ক উত্থাপন কৰিব পাৰি?
উত্তৰঃ  নিম্ন সদনত (লােক সভাত)।

২। লােকসভা নির্ণায়ক ভোট কোনে দিব পাৰে?
উত্তৰ : লােকসভাৰ অধ্যক্ষই।

৩। ভাৰতৰ সংসদ ৰাষ্ট্রপতি, লােকসভা আৰু ৰাজ্যসভাক লৈ গঠিত – কথাষাৰ সঁচানে?
উত্তৰ : সঁচা।

৪। ৰাজ্যসভাৰ সদস্য হােৱাৰ নিম্নতম বয়স কিমান?
উত্তৰঃ ৩০ বছৰ।

৫। দ্বিসদনযুক্ত বিধান সভা থকা এখন ভাৰতীয় ৰাজ্যৰ নাম লিখা।
উত্তৰঃ বিহাৰ।

৬। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চ সদনখনৰ নাম কি?
উত্তৰঃ চিনেট।

৭। সংসদৰ যুটীয়া অধিবেশন কোনে আহ্বান কৰিব পাৰে?
উত্তৰ : ৰাষ্ট্রপতিয়ে।

৮। এখন বিল বিত্ত বিষয়ক হয় নে নহয় কোনে নির্ণয় কৰে?
উত্তৰঃ লােকসভাৰ অধ্যক্ষই।

৯। লােকসভাৰ সদস্য হােৱাৰ নিম্নতম বয়স কিমান?
উত্তৰঃ ২৫ বছৰ।

১০৷ ভাৰতৰ নিম্ন সদনক কি বুলি জনা যায়?
উত্তৰঃ লােকসভা।

১১। ভাৰতৰ উচ্চ সদন কোনটো?
উত্তৰ : ৰাজ্যসভা।

১২। ৰাজ্যসভাৰ কার্যকাল কেইবছৰ ?
উত্তৰঃ ৬ বছৰ।

১৩। ৰাজ্যসভাই বিঞ্জয় বিল এখন পােৱাৰ কিমান দিনৰ ভিতৰত লােকসভালৈ ঘূৰাই দিব লাগে?
উত্তৰঃ ১৪ দিনৰ ভিতৰত।

১৪। সংসদৰ যুটীয়া অধিবেশনত কোনে সভাপতিত্ব কৰে?
উত্তৰঃ লােকসভাৰ অধ্যক্ষই।

১৫। লােকসভাত কোনে বাজেট দাখিল কৰে?
উত্তৰ : বিত্ত মন্ত্রীয়ে।

১৬। সংসদ অধিবেশন এবছৰত কমেও কেইবাৰ অনুষ্ঠিত হ’ব লাগে?
উত্তৰ : ৪ বাৰ।

১৭। সংসদৰ যুটীয়া অধিবেশন কোনে আহ্বান কৰে?
উত্তৰ : ৰাষ্ট্রপতিয়ে।

১৮। লােকসভাৰ দুখন অধিবেশনৰ মাজত কিমান দিনৰ বেছি ব্যৱধান থাকিব নােৱাৰে?
উত্তৰঃ ৬ মাহ।

Class 11 Political Science Chapter 5 In Assamese

 (প্রত্যেকটোৰ মূল্যাংক – ২)

১। ৰাজ্যসভাৰ দুটা কার্য উল্লেখ কৰা।
উত্তৰঃ ৰাজ্যসভাৰ দুটি কার্য হ’লঃ
(ৰ) আইন প্রণয়নত অংশ গ্রহণ কৰা আৰু
(২) ভাৰতৰ ৰাষ্ট্রপতি আৰু উপৰাষ্ট্রপতি নির্বাচনত অংশ গ্রহণ কৰা,

২। লােকসভাৰ অধ্যক্ষক কেনেকৈ অপসাৰিত কৰিব পাৰি?
উত্তৰ : লােকসভাৰ অধ্যক্ষ কার্যকাল পাঁচ বছৰ যদিও তেওঁৰ কাৰ্যকালৰ আগতে পদৰ পৰা অপসাৰিত কৰাৰ ব্যৱস্থা আছে। লােকসভাই সংখ্যা গৰিষ্ঠ সদস্যৰ ভােটত প্ৰস্তাৱ গ্ৰহণ কৰি অধ্যক্ষক অপসাৰিত কৰিব পাৰে। অপসাৰণৰ প্ৰস্তাৱ উত্থাপন কৰাৰ ১৪ দিন আগতে অধ্যক্ষলৈ জাননী জাৰি কৰিব লাগে। অপসাৰণৰ প্রস্তাৱ আলােচনা কৰা সভাত অধ্যক্ষই অধ্যক্ষতা কৰিব নােৱাৰে। অধ্যক্ষই আত্মপক্ষ সমর্থনত উপস্থিত থাকি বক্তব্য আগবঢ়াব পাৰে।

৩। কোন কোন ক্ষেত্ৰত সংসদৰ উভয় সদনৰ যুটীয়া অধিবেশন আহ্বান কৰা হয় ?
উত্তৰ : ভাৰতৰ সংবিধানৰ ১০৮ নং অনুচ্ছেদ অনুসৰি নিম্নলিখিত অৱস্থাত সংসদৰ যুটীয়া অধিবেশন আহ্বান কৰা হয়।
(ক) লােকসভাই গৃহীত কৰা কোনাে এখন বিলত যদি ৰাজ্যসভাই বিৰােধিতা কৰে, তেন্তে ৰাষ্ট্ৰপতিয়ে বিষয়টো মীমাংসা কৰিবলৈ সংসদৰ যুটীয়া অধিবেশন আহ্বান কৰিব পাৰে।
(খ) যদি এখন সদনে দিয়া সংশােধনী বিধেয়ক গ্রহণ কৰিবলৈ আনখন সদনে অস্বীকাৰ কৰে তেতিয়াও সংসদৰ যুটীয়া অধিবেশন অনুষ্ঠিত হ’ব পাৰে।

লগতে পঢ়ক:   স্বাধীনতা Class 11 গুৰুত্বপূৰ্ণ প্রশ্নোত্তৰ একাদশ শ্ৰেণী

৪। ৰাজ্যসভাৰ সদস্য হ’বলৈ কি কি যােগ্যতাৰ প্রয়ােজন?
উত্তৰ : ৰাজ্য সভাৰ সদস্য হ’বলৈ নিম্ন লিখিত যােগ্যতা থকাৰ প্রয়ােজন।
(১) প্রার্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব।
(২) প্রার্থীজনৰ বয়স কমেও ৩০ বছৰ হ’ব লাগিব।
(৩) কেন্দ্রীয়, ৰাজ্যিক বা স্থানীয় কর্তপৰ অধীনত কোনাে লাভজনক পদত চাকৰি কৰিব নােৱাৰিব।
(৪) তেওঁ দেউলীয়া বা বিকৃত মস্তিষ্কৰ ব্যক্তি বা দণ্ডিত অপৰাধী হ’ব নালাগিব।

৫। সংসদৰ দুটা ক্ষমতা উল্লেখ কৰা।
উত্তৰঃ সংসদৰ দুটা ক্ষমতা হ’ল –
(ক) সংসদে সমগ্র দেশৰ বাবে আইন প্রণয়ন কৰিব পাৰে।
(খ) সংসদে ৰাষ্ট্রৰ বিত্ত নিয়ন্ত্রণ কৰিব পাৰে।

৬। ৰাজ্যসভা কিদৰে গঠিত হয়?
উত্তৰঃসংবিধানৰ ৮০(১) অনুচ্ছেদ অনুসৰি মুঠ ২৫০ জন সদস্যক লৈ ৰাজ্যসভা গঠিত হয়। ইয়াৰ ২৩৮ গৰাকী ৰাজ্যৰ বিধানসভা আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ দ্বাৰা নির্বাচন কৰি পঠিওৱা হয় আৰু বাকী ১২ গৰাকী সদস্য ৰাষ্ট্রপতিয়ে সাহিত্য,কলা, বিজ্ঞান,সমাজসেৱা আদি ক্ষেত্ৰত প্রতিষ্ঠা কৰা ব্যক্তিসকলৰ মাজৰ পৰা নিযুক্ত কৰে।

৭। লােকসভা কেনেদৰে গঠিত হয়?
উত্তৰঃ সংবিধানৰ ৮১ নং অনুচ্ছেদ অনুসৰি লােকসভাৰ সদস্য সংখ্যা ৫৪৭ জন। ইয়াৰ ৫২৫ গৰাকী ৰাজ্যসমূহৰ পৰা, ২০ গৰাকী কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা প্রত্যক্ষভাৱে নির্বাচিত হৈআহেআৰু ২ গৰাকী সদস্য ৰাষ্ট্রপতিয়ে এংলাে-ইণ্ডিয়ান গােষ্ঠীৰ পৰা মনােনীত কৰে।

৮। বিল আৰু আইনৰ মাজত পার্থক্য কি?
উত্তৰ : বিল হ’ল আইনৰ প্রাথমিক অৱস্থা। আইন প্রণয়নৰ বাবে সংসদত উত্থাপিত প্রস্তাৱক ‘ ‘বিল’ বুলি কোৱা হয়। যেতিয়া এখন বিলক দুয়ােটা সদনত গৃহীত হৈ ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে, তেতিয়া সেইবিলখনক ‘আইন’ বুলি কোৱা হয়।

৯। ভাৰতৰ সংসদৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : ভাৰতৰ সংসদৰ চাৰিটা বৈশিষ্ট্য হল –
(ক) ভাৰতৰ সদন দ্বিসদনযুক্ত।
(খ) ইয়াৰ উচ্চ সদন স্থায়ী।
(গ) নির্দিষ্ট কার্যকাল শেষ হােৱাৰ আগতে নিম্ন সদন ৰাষ্ট্রপতিয়ে ভংগ কৰি দিব পাৰে।
(ঘ) সংসদ হ’ল ভাৰতৰ সর্বোচ্চ আইন প্রণয়নকাৰী সংঘ।

১০।বিধানসভাৰ সদস্য হ’বলৈ কি কি যােগ্যতা প্রয়ােজন হয় ?
উত্তৰঃ ৰাজ্যৰ বিধানসভাৰ সদস্য হ’বৰ বাবে নিঃ লিখিত যােগ্যতাৰ প্রয়ােজন হয় –
(ক) তেওঁ ভাৰতীয় নাগৰিক হ’ব লাগিব।
(খ) তেওঁৰ বয়স ২৫ বছৰৰ কম হব নালাগিব।
(গ) তেওঁ কোনাে লাভজনক পদবীত থাকিব নােৱাৰিব।
(ঘ) সংসদে নির্ধাৰণ কৰি দিয়া অৰ্হতা তেওঁৰ থাকিব লাগিব।

১১। ৰাজ্যিক বিধান সভাৰ সর্বনিম্ন আৰু সর্বোচ্চ সদস্য সংখ্যা কিমান?
উত্তৰঃ ৰাজ্যিক বিধান সভাৰ সর্বোচ্চ সদস্য সংখ্যা ৫০০ জন আৰু সর্বনিম্ন সদস্য সংখ্যা ৬০ জন।

বিধানমণ্ডল Class 11

(প্রত্যেকটোৰ মূল্যাংক – ৪)

১। ভাৰতৰ সংসদ সার্বভৌমত্ব সংস্থা নহয়”— যুক্তি দেখুওৱা।
উত্তৰ : ভাৰতৰ সংসদ নিম্ন লিখিত কাৰণবােৰৰ বাবে সার্বভৌম সংস্থা বুলি ক’ব নােৱাৰি।
(ক) ভাৰতৰ উচ্চতম ন্যায়ালয়ে সংসদ প্রণীত কোনাে আইনক অসাংবিধানিক বুলি ঘােষণা কৰি বাতিল কৰিব পাৰে।
(খ) সংসদে সংবিধানৰ পৰিপন্থী কোনাে আইন প্রণয়ন কৰিব নােৱাৰে।
(গ) অকল সংসদে সংবিধান সংশােধন কৰিব নােৱাৰে।
(ঘ) জনসাধাৰণৰ মৌলিক অধিকাৰ ভংগ কৰা কোনাে আইন সংসদে প্রণয়ন কৰিব নােৱাৰে।

লগতে পঢ়ক:   স্থানীয় চৰকাৰ Class 11 Political Science Chapter 8 Question Answer

২। সংসদৰ চাৰিটা কার্য উল্লেখ কৰা।
উত্তৰ : ভাৰতৰ সংসদ দ্বিসদনযুক্ত —উচ্চ সদন (ৰাজ্যসভা) আৰু নিম্ন সদন (লােকসভা)। ইয়াৰ চাৰিটা কার্য হ’ল-
(ক) সংসদে সমগ্ৰ দেশৰ বাবে আইন প্রণয়ন কৰে।
(খ) সংসদে উচ্চ ন্যায়ালয় আৰু উচ্চতমন্যায়ালয়ৰ ন্যায়াধীশসকলক অপসাৰণ কৰিব পাৰে।
(গ) সংসদে মন্ত্রীসভাক নিয়ন্ত্রণ কৰিব পাৰে। অর্থাৎ মন্ত্রীসভা সংসদৰ ওচৰত দায়িত্বশীল।
(ঘ) সংসদ নির্বাচিত সদস্যসকলে ৰাষ্ট্রপতি আৰু উপৰাষ্ট্রপতি নির্বাচনত অংশ গ্রহণ কৰিব লাগে।

২। লােকসভা আৰু ৰাজ্যসভাৰ মাজত পার্থক্য উল্লেখ কৰা।
উত্তৰ : ভাৰতীয় সংসদ লােকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা গঠিত। ইয়াৰ লােকসভাখন হ’ল নিম্ন সদন আৰু ৰাজ্যসভাখন হ’ল উচচ সদন। লােকসভা আৰু ৰাজ্যসভাৰ মাজত কিছু পার্থক্য আছে। যেনে—-
ক) ভাৰতীয় সংসদৰ লােকসভা হ’ল প্রধান সদন। আনহাতে ৰাজ্যসভা হ’ল সংসদৰ দ্বিতীয় সদন।
(খ) লােকসভাৰ সদস্যসকলক প্রত্যক্ষভাৱে নির্বাচন কৰা হয়। আনহাতে ৰাজ্যসভাৰ সদস্যসকলক পৰােক্ষভাৱে নির্বাচিত কৰা হয়।
(গ) লােকসভা অস্থায়ী সদন। ইয়াৰ কাৰ্যকাল পাঁচ বছৰ যদিও পৰিস্থিতি সাপেক্ষে ৰাষ্ট্রপতিয়ে লােকসভা ভংগ কৰি দিব পাৰে। আনহাতে ৰাজ্যসভা স্থায়ী সদন ইয়াৰ কার্যকাল ছয় বছৰ।
(ঘ) লােকসভাই জনসাধাৰণক প্রতিনিধিত্ব কৰে । আনহাতে ৰাজ্যসভাই ৰাজ্যসমূহক প্রতিনিধিত্ব কৰে।
(ঙ) তুলনামূলকভাৱে লােকসভা ৰাজ্যসভাতকৈ অধিক ক্ষমতাসম্পন্ন। কাৰণ লােকসভাৰ সংখ্যা গৰিষ্ঠ দলৰ পৰা মন্ত্রীসভা গঠন হয়। মন্ত্রীসভা লােকসভাৰ ওচৰতহে দায়ী; ৰাজ্যসভাৰ ওচৰত নহয়।

বিধানমণ্ডল Class 11 Question Answer

(প্রত্যেকটোৰ মূল্যাংক -৬)

১। লােকসভাৰ কাৰ্য আৰু ক্ষমতা আলােচনা কৰা।
উত্তৰঃ ভাৰতৰ সংসদ দ্বিসদনীয়া। ইয়াৰ নিম্ন সদনক লােকসভা বুলি কোৱা হয়। বর্তমান লােকসভাৰ আসনৰ সংখ্যা ৫৪৭ খন। জনসংখ্যাৰ ভিত্তিত বিভিন্ন ৰাজ্যৰ ভােটাৰসকলে প্রত্যক্ষ ভােটদান পদ্ধতিৰে লােকসভাৰ সদস্যসকলক নির্বাচন কৰে। নির্বাচনৰ সুবিধার্থে ৰাজ্যসমূহক কিছুমান সমষ্টিত বিভক্ত কৰি, বিশেষকৈ পাঁচ লাখ জনসংখ্যাৰ মাজৰ পৰা এজন সদস্য লােকসভালৈ নির্বাচন কৰা হয়। লােকসভাই জনসাধাৰণক প্রতিনিধিত্ব কৰে। লােকসভাৰ কার্য। পৰিচালনা কৰাৰ বাবে এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ থাকে। তলত লােকসভাৰ ক্ষমতা আৰু কার্যাৱলী চমুকৈ আলােচনা কৰা হ’ল।

(১) আইন প্রণয়নঃ লােকসভাৰ প্রধান কাম হ’ল আইন প্রণয়ন কৰা। লােকসভাই কেন্দ্রীয় তালিকাত থকা ৯৭ টা বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে। সমৱৰ্তী বিষয়ৰ ওপৰতাে ই আইন প্রনয়ণ কৰিব পাৰে। যিকোনাে বিল আইনত পৰিণত হ’বলৈ লােকসভাৰ অনুমােদন প্রয়ােজন।

(২) প্রশাসনীয় ক্ষমতাঃ সংবিধান মতে মন্ত্রী পৰিষদ লােকসন্তাৰ ওচৰত দায়বদ্ধ। লােকসভাই চৰকাৰৰ নীতি-নিয়মবােৰ সমালােচনা কৰাৰ পূর্ণ স্বাধীনতা আছে। লােকসভাই মন্ত্রী পৰিষদৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ গ্রহণ কৰি মন্ত্ৰী পৰিষদৰ পতন ঘটাব পাৰে।

(৩) বিত্তীয় ক্ষমতাঃ  লােকসভাৰ আন এক প্রধান ক্ষমতা হৈছে ই ৰাষ্ট্ৰখনৰ ৰাজকোষ নিয়ন্ত্রণ কৰে। লােকসভাৰ সন্মতি অবিহনে চৰকাৰে অর্থ সংগ্রহ বা ব্যয় কৰিব নােৱাৰে। লােকসভাত বাজেট উত্থাপন আৰু গ্রহণ কৰা হয়।

(৪) নির্বাচনী ক্ষমতাঃ লােকসভাৰ সদস্যসকলে ৰাষ্ট্রপতি আৰু উপৰাষ্ট্রপতি নির্বাচনত অংশ গ্রহণ কৰিব লাগে।

লগতে পঢ়ক:   সমতা Class 11 [প্রশ্নোত্তৰ] Political Science Chapter 13 Assamese Medium

(৫)সংবিধান সংশােধনৰ ক্ষমতাঃ লােকসভা আৰু ৰাজ্যসভা উভয়ে মিলি সংবিধান সংশােধন কৰিব পাৰে। সংবিধান সংশােধনৰ ক্ষেত্ৰত দুয়াে সদন ক্ষমতাশালী যদিও সংসদৰ যুটীয়া বৈঠকত লােকসভাই আধিপত্য লাভ কৰে।

(৬) ন্যায়িক ক্ষমতাঃ লােকসভাই ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে সংবিধান অৱমাননা কৰাৰ অভিযােগত মহাঅভিযােগ প্রস্তাৱ আনিব পাৰে। উভয় সদনৰ সংখ্যাগৰিষ্ঠ ভোেটত প্ৰস্তাৱৰ জৰিয়তে ৰাষ্ট্রপতি, উ পৰাষ্ট্র পতি, উচচ আৰু উচতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক লােকসভাই অপসাৰণ কৰিব পাৰে।

(৭) অন্যান্য ক্ষমতাঃ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন অৱস্থাৰ ঘােষণা লােকসভাৰ দ্বাৰা অনুমােদিত হ’ব লাগে। নতুন ৰাজ্য সৃষ্টি বা কোনাে ৰাজ্যৰ সীমা পৰিৱৰ্তন কত লােকসভাৰ সমতিৰ প্রয়ােজন। মুঠতে লােকসভাৰ কাৰ্য আৰু ক্ষমতা বহুত । জনসাধাৰণৰ আশা-আকাঙ্খা লােকসভাই প্রতিফলিত কৰে। প্ৰকৃতাৰ্থত ভাৰতৰ শাসনকার্য লােকসভাৰ দ্বাৰাই পৰিচালিত হােৱা বুলি ক’লেও বঢ়াই কোৱা নহয়।

২। লােকসভাৰ অধ্যক্ষৰ ক্ষমতা আৰু কার্যাৱলী আলােচনা কৰা।
উত্তৰঃ লােকসভা গঠন হােৱাৰ পিছত সদস্যসকলে সিহঁতৰ মাজৰ পৰা এজনক অধ্যক্ষ হিচাপে নির্বাচন কৰে। সাধাৰণতে সংখ্যাগৰিষ্ঠ দলৰ পৰাই অধ্যক্ষ নির্বাচিত হয়। সদস্যসকলে তেওঁলােকৰ মাজৰ পৰা এজন উপাধ্যক্ষও নির্বাচন কৰে। অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষই লােকসভা পৰিচালনা কৰে। লােকসভাৰ অধ্যক্ষই বহুত ক্ষমতা ভােগ কৰে। তেওঁৰ ক্ষমতা আৰু ক্যাৱলী তলত চমুকৈ দাঙি ধৰা হ’ল।
(১) লােকসভাৰ অধ্যক্ষ প্রধান কাম, হ’ল লােকসভাৰ অধিবেশনত সভাপতিত্ব কৰা আৰু সভাৰ শান্তি-শৃঙ্খলা বজাই ৰখা।
(২) অধ্যক্ষই লােকসভাৰ সদস্যসকলৰ অধিকাৰ ৰক্ষা কৰিব লাগে। কোনাে সদস্যৰ অধিকাৰ ভংগ হ’লে অধ্যক্ষই যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
(৩) কোনাে বিধেয়ক বিত্ত বিষয়ক হয় নে নহয় এই লৈ মতানৈক্য হলে অধ্যক্ষই চূড়ান্ত সিদ্ধান্ত ল’ব লাগে।
(৪) কোনাে ব্যক্তিয়ে সদনক অৱমাননা কৰিলে অধ্যক্ষই যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰি শাস্তি বিহিব পাৰে।
(৫) সংসদৰ যুটীয়া অধিবেশনতাে লােকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰিব লাগে।
(৬) লােকসভাত কোনাে বিষয়ৰ ওপৰত মতানৈক্যৰ সৃষ্টি হলে বা সপক্ষে-বিপক্ষে সমান ভােট হলে অধ্যক্ষই নির্ণায়ক ভােট দিব পাৰে।
(৭) লােকসভাৰ বিভিন্ন সমিতি সমূহৰ সভাপতিসকলক অধ্যক্ষই নিযুক্তি দিয়ে।

৩। সংসদৰ আইন প্রণয়ন পদ্ধতিটো আলােচনা কৰা
উত্তৰ : ভাৰতীয় সংবিধানৰ ১০৭-১১২ নং অনুচ্ছেদ লৈ সংসদৰ আইন প্রণয়ন প্রক্রিয়া সম্পর্কে আলােচনা কৰা হৈছে। এখন সাধাৰণ বিধেয়ক আইনত পৰিণত হ’বলৈ তলত উল্লেখিত পর্যায়কেইটা অতিক্রম কৰিব লাগে। যেনে:
(১) এখন সাধাৰণ বিধেয়ক সংসদৰ যিকোনাে এটা সদনত উত্থাপন কৰিব পাৰি। এজন মন্ত্রী বা সদস্যই বিধেয়ক উত্থাপন কৰি বিধেয়কখনৰ উদ্দেশ্য ব্যাখ্যা কৰে।
(2) দ্বিতীয় পর্যায়ত বিলখনৰ ওপৰত সাধাৰণ আলােচনা হয় আৰু ভোেট লােৱা হয়। কেতিয়াবা এখন বিল এক নির্বাচিত কমিটিলৈ পঠিয়াই দিয়া হয়। কমিটিখনে বিলখনৰ সকলাে দিশ পুংখানুপুংখভাৱে পৰীক্ষা কৰে।
(৩) তৃতীয় পর্যায়ত বিলখনৰ প্ৰতিটো দিশ বিশ্লেষণ কৰি প্রয়ােজনীয় সংশােধনীৰ প্ৰস্তাৱ দিয়া হয়।
(৪) চতুর্থ পর্যায়ত বিলখন সন্দৰ্ভত সদনত ভােট লােৱা হয় আৰু বিলখন গ্ৰহণ কৰা হয় বানাকচ কৰা হয়।
(৫) পঞ্চম পর্যায়ত, এটা সদনে বিলখন গ্রহণ কৰিলে, বিলখন আনটো সদনলৈ পঠিওৱা হয়।
(৬) ষষ্ঠ পর্যায়ত, বিলখন দুয়াে সদনত গৃহীত হ’লে, ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰা হয়। ৰাষ্ট্রপতিয়ে স্বাক্ষৰ কৰাৰ লগে লগে বিলখন আইনত পৰিণত হয়।

_________

ইয়াত একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ বিধানমণ্ডল Class 11 অধ্যায় 5 পাঠটোৰ প্ৰশ্ন উত্তৰ সমূহ আগবঢ়োৱা হৈছে। class 11 political science chapter 5 question answer in Assamese

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top