নিৰ্বাচন আৰু প্ৰতিনিধিত্ব Class 11 Political Science Chapter 3

নির্বাচন আৰু প্রতিনিধিত্ব
বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম নির্বাচন আৰু প্রতিনিধিত্ব
শ্ৰেণী  একাদশ শ্ৰেণী
গােট ক – শাখা
পাঠৰ নং অধ্যায় ৩
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

নিৰ্বাচন আৰু প্ৰতিনিধিত্ব class 11

 চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -১)

১। তলৰ কোনটো প্রত্যক্ষ গণতন্ত্রৰ লগত বেছি খাপ খায়?
(ক) পাৰিবাৰিক সভাৰ আলােচনা।
(খ) শ্রেণী প্রতিনিধি নির্বাচন।
(গ) ৰাজনৈতিক দলৰ দ্বাৰা প্রার্থী নির্বাচন।
(ঘ) গাওঁসভাৰ সিদ্ধান্তসমূহ।
(ঙ) প্রচাৰ মাধ্যমে অনুষ্ঠিত কৰা নির্বাচনী
উত্তৰ: (ঘ) গাওঁসভাৰ সিদ্ধান্তসমূহ।

২। তলৰ কোনবােৰ কার্য নির্বাচন আয়ােগে সম্পাদন নকৰে?
(ক) ভােটাৰ তালিকা প্রস্তুত।
(খ) প্রার্থী মনােনয়ন।
(গ) নির্বাচনৰ বুথ স্থাপন।
(ঘ) আদর্শ,আচৰণ বিধি ৰূপায়ণ।
(ঙ) পঞ্চায়ত নির্বাচন পৰিচালনা।
উত্তৰ: (ঙ) পঞ্চায়ত নির্বাচন পৰিচালনা।

৩। ৰাজ্যসভা আৰু লােকসভাৰ সদস্য নির্বাচন বাবে কোনটো নির্বাচন পদ্ধতি উমৈহতীয়া ?
(ক) ১৮ বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকেই ভােটাৰ হােৱাৰ উপযুক্ত।
(খ) ভােটদাতাসকলে বিভিন্ন প্রার্থীৰ বাবে পচন্দৰ ক্ৰম দিব পাৰে।
(গ) প্ৰতিটো ভােটৰ মূল্য সমান।
(ঘ) জয়লাভ কৰোঁতাজনে আধাতকৈ বেছি ভােট পাব লাগিব।
উত্তৰ: (ক) ১৮ বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকেই ভােটাৰ হােৱাৰ উপযুক্ত।

৪। সর্বাধিক FPTP সেইজন প্রার্থীক বিজেতা ঘােষণা কৰা হয় ?
(ক) যি ডাকযােগে প্রেৰিত ভােট লাভ কৰে।
(খ) দেশৰ সর্বাধিক ভােট লাভ কৰা দলটোৰ সদস্য।
(গ) সমষ্টিটোৰ অন্যান্য প্রার্থীতকৈ বেছি ভােট পাইছে বা আছে।
(ঘ) ৫০ শতাংশতকৈ অধিক ভােট লাভ কৰি প্রথম স্থান পায়।
উত্তৰ : (গ) সমষ্টিটোৰ অন্যান্য প্রার্থীতকৈ বেছি ভােট পাইছে বা আছে।

৫। নির্বাচক মণ্ডল কাক বলে ?
উত্তৰ : ৰাষ্ট্র এখনৰ ভিতৰত যিসকল লােকে ভােটদানৰ অধিকাৰ লাভ কৰে, সেই লােকসকলৰ সমষ্টিক ‘নির্বাচক মণ্ডল’ বােলে।

৬। নির্বাচক’ বা ‘ভােটাৰ কাক বােলে?
উত্তৰ : গনতান্ত্রিক নির্বাচনত যিসকল লােকে ভােটদান কৰিব পাৰে তেনে লােকক ‘নির্বাচক’ বা ‘ভােটাৰ’ বােলে।

৭। নির্বাচন কাক বােলে ?
উত্তৰ : ভােটাৰসকলে ভােটদান কৰি প্রতিনিধি বাছি দিয়া পদ্ধতিকে ‘নির্বাচন’ বােলে।

৮। সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ হয়নে?
উত্তৰ: হয়।

৯। ভাৰতৰ ৰাষ্ট্ৰপতিক কি পদ্ধতিত নির্বাচন কৰা হয় ?
উত্তৰ : পৰােক্ষ পদ্ধতিত।

১০। প্রত্যক্ষ নির্বাচন’ কাক বােলে ?
উত্তৰঃ যি পদ্ধতিত ভােটাৰসকলে নিজে ভােটদান কৰি প্রতিনিধি নির্বাচন কৰে, সেই পদ্ধতিক প্রত্যক্ষ নির্বাচন’ বােলে।

১১। সকলো নাগৰিকই ভােটাৰ নহয়’ঃ কথাষাৰ শুদ্বনে?
উত্তৰঃ শুদ্ধ।

১২। সার্বজনীন ভােটাধিকাৰ মানে কি?
উত্তৰ: সার্বজনীন ভােটাধিকাৰ মানে হ’ল বয়স আৰু লিংগ নির্বিশেষে সকলাে ব্যক্তিয়ে লাভ কৰা ভােটাধিকাৰ।

১৩। সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰৰ ভিত্তি কি ?
উত্তৰ: বয়স।

১৪। সদা সতর্কতাই ব্যক্তি স্বাধীনতাৰ মূল ভেটি’ – কথাষাৰ কোনে কৈছিল?
উত্তৰ: জেফাৰচনে।

১৫। সার্বজনীন ভােটাধিকাৰ ব্যৱস্থা কৰাৰ আগতে সার্বজনীন শিক্ষা ব্যৱস্থাহে কৰা উচিত। কথাষাৰ কোনে কৈছিল ?
উত্তৰ: জন ষ্টুৱার্ট মিলে।

লগতে পঢ়ক:   সাংবিধানৰ দর্শন Class 11 Political Science Chapter 10 Question Answer

১৬। আনুপাতিক প্রতিনিধিত্বৰ এটা প্রকাৰৰ নাম উল্লেখ কৰা।
উত্তৰ: তালিকা প্রথা।

১৭। গণতান্ত্রিক সিদ্ধান্ত নিৰ্ভৰ কৰে সংখ্যাৰ ওপৰতনে গুণৰ ওপৰত ?
উত্তৰ : সংখ্যাৰ ওপৰত।

১৮। আনুপাতিক প্রতিনিধিত্ব নির্বাচন পদ্ধতি প্রচলন থকা দুখন দেশৰ নাম লিখা।
উত্তৰ : ইজৰাইল আৰু নেদাৰলেণ্ড।

class 11 political science chapter 3 in assamese

(প্রত্যেকটোৰ মূল্যাংক -২)

১। মহিলা ভােটাধিকাৰৰ সপক্ষে দুটা যুক্তি দিয়া।
উত্তৰ: মহিলা ভােটাধিকাৰৰ সপক্ষে দুটা যুক্তি হলঃ
(ক) ভােটদানৰ অধিকাৰে মহিলাসকলক ৰাষ্ট্ৰৰ সুনাগৰিক হিচাপে সচেতন কৰি তােলে।
(খ) ‘আইনৰ চকুত সকলাে সমান’ নীতি বাস্তৱায়িত কৰিবলৈ মহিলাসকলৰ ভােটদান ক্ষমতা থাকা উচিত।

২। সার্বজনীন ভােটাধিকাৰ বুলিলে কি বুজা? ভাতৰবৰ্ষত ভােটাৰ এজনৰ সর্বনিম্ন বয়স কিমান ?
উত্তৰ : জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলাে পুৰুষ-মহিলাই ভােটাধিকাৰ সাব্যস্ত কৰিবলৈ পােৱা অধিকাৰকে ‘সার্বজনীন ভােটাধিকাৰ বুলি কোৱা হয়। ভাৰতবৰ্ষত ভােটাৰ এজনৰ নিম্নতম বয়স ১৮ বছৰ।

৩। ভােটাৰ এজনৰ দুটা অহর্তা লিখা।
উত্তৰ : এজন ভােটাৰৰ দুটা অহত হ’ল :
(১) এজন ব্যক্তিৰ বয়স ১৮ বছৰ হ’ব লাগিব।
(২) ব্যক্তিজন দেউলীয়া বা কোনাে গুৰুতৰ অপৰাধত অপৰাধী হ’ব নালাগিব।

৪। FPTP পদ্ধতি মানে কি?
উত্তৰ: FPTP পদ্ধতি হল এনে এক নির্বাচন পদ্ধতি যত যিজন প্রার্থীয়ে অধিক ভােট লাভ কৰে তেওঁকেই নির্বাচনত জয়ী বুলি ঘােষণা কৰা হয়। এনে পদ্ধতিত প্রার্থীজনে যে সংখ্যাগৰিষ্ট ভােট পাব লাগিব তাৰ কোনাে নিয়ম নাই।

৫। সংখ্যালঘু সম্প্রদায়ত কি কি পদ্ধতিৰে প্রতিনিধিত্ব সুৰক্ষিত কৰিব পাৰি?
উত্তৰঃ সংখ্যালঘু সম্প্রদায়ৰ প্রতিনিধিত্ব সুৰক্ষিত কৰাৰ পদ্ধতি কেইটা হ’ল:
(১) আনুপাতিক প্রতিনিধি।
(২) সীমিত ভােটদান পদ্ধতি।
(৩) আছুতীয়া আসনৰ ব্যৱস্থা।
(৫) মনােনয়ন।
(৬) সাম্প্রদায়িক প্রতিনিধিত্ব।

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৩

 (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। প্রত্যক্ষ নির্বাচন আৰু পৰােক্ষ নির্বাচন বুলিলে কি বুজা। ব্যাখ্যা কৰা।
উত্তৰ: যি নির্বাচন ব্যৱস্থাত ভােটাৰসকলে পােনপটীয়াভাৱে ভােট দি তেওঁলােকৰ প্রতিনিধি নির্বাচন কৰে, সেই পদ্ধতিক ‘প্রত্যক্ষ নির্বাচন’ বুলি কোৱা হয়। প্রত্যক্ষ নির্বাচনৰ জৰিয়তে সাধাৰণতে বিধানমণ্ডলৰ নিম্ন সদনৰ সদস্যসকলক আৰু লােকসভাৰ সদস্যসকলক নির্বাচন কৰা হয়। আনহাতে যি নির্বাচন পদ্ধতিত ভােটাৰসকলে তেওঁলােকৰ প্রতিনিধি পৰােক্ষভাৱে নির্বাচন কৰে, সেই পদ্ধতিক ‘পৰােক্ষ নির্বাচন’ বুলি কোৱা হয়। ভাৰতৰ ৰাষ্ট্রপতিজনক পৰােক্ষ পদ্ধতিৰে নির্বাচন কৰা হয়।

২। প্রত্যক্ষ নির্বাচন আৰু পৰােক্ষ নির্বাচনৰ মাজত থকা পার্থক্য উল্লেখ কৰা।
উত্তৰ : প্রত্যক্ষ নির্বাচন আৰু পৰােক্ষ নির্বাচনৰৰ মাজত পার্থক্য হল :
(১) প্রত্যক্ষ নির্বাচন এক তৰপীয়া। কিন্তু পৰােক্ষ নির্বাচন দুই তৰপীয়া।
(২) প্রত্যক্ষ নির্বাচনত ভােটাৰসকলে পােনপটীয়াকৈ নিৰ্বাচনত অংশ গ্রহণ কৰিব পাৰে। কিন্তু। পৰােক্ষ নির্বাচনত ভােটাৰ সকলে পােনপটীয়াকৈ নির্বাচনত অংশ গ্রহণ কৰিব নােৱাৰে।
(৩) প্রত্যক্ষ নির্বাচনে ভােটাৰসকলক ৰাজনৈতিক শিক্ষা দিয়ে। কিন্তু পৰােক্ষ নির্বাচনে ভােটাৰসকলক ৰাজনৈতিক শিক্ষা লাভৰ পৰা বঞ্চিত কৰে।
(৪) প্রত্যক্ষ নির্বাচন সহজ আৰু সৰল। আনহাতে পৰােক্ষ নির্বাচন জটিল আৰু জনসাধাৰণৰ বােধগম্যতাৰ বাহিৰত।

লগতে পঢ়ক:   বিধানমণ্ডল Class 11 (প্ৰশ্ন উত্তৰ) ৰাজনীতি বিজ্ঞান অধ্যায় ৫

৩। আনুপাতিক প্রতিনিধিত্ব কি? ইয়াৰ ভাগ কেইটা আৰু কি কি?
উত্তৰ : সমাজৰ সংখ্যালঘু শ্রেণীক উপযুক্ত প্রতিনিধিত্ব কৰিবৰ কাৰণে কিছুমান নির্বাচন পদ্ধতি উদ্ভাৱন কৰা হৈছে। সেইবােৰৰ ভিতৰত আনুপাতিক নির্বাচন পদ্ধতি এক উল্লেখযােগ্য পদ্ধতি। এই পদ্ধতি মতে সকলাে শ্ৰেণীৰ লােকেই নিজৰ নিজৰ সংখ্যা অনুপাতে প্রতিনিধি বিধান মণ্ডললৈ পঠাব পাৰে। এই পদ্ধতিৰ দুটা ভাগ আছে, যথা—-
(ক) হেয়াৰ প্ৰথা আৰু
(খ) তালিকা প্রথা।

নিৰ্বাচন আৰু প্ৰতিনিধিত্ব class 11

(প্রত্যেকটোৰ মূল্যাংক -৬)

(১) প্রত্যক্ষ নির্বাচন পদ্ধতিৰ গুণ আৰু দোষবােৰ আলােচনা কৰা।
উত্তৰ : নির্বাচন পদ্ধতি প্রধানতঃ দুই প্রকাৰৰ। যেনে প্রত্যক্ষ নির্বাচন পদ্ধতি আৰু পৰােক্ষ নির্বাচন পদ্ধতি। তলত প্রত্যক্ষ নির্বাচনৰ গুণ আৰু দোষবােৰ আলােচনা কৰা হ’ল।
প্রত্যক্ষ নির্বাচনৰ গুণবােৰ:
(১) প্রত্যক্ষ নির্বাচন পদ্ধতি সম্পূর্ণ গণতান্ত্রিক। এই পদ্ধতিত জনসাধাৰণে পােনপটীয়াকৈ সিহঁতৰ প্রতিনিধি নির্বাচন কৰে বাবে প্রতিনিধিসকলে জনমতক উপেক্ষা কৰিব নােৱাৰে।
(২) এই পদ্ধতিত জনসাধাৰণ আৰু প্রতিনিধিসকলৰ মাজত সু-সম্পর্ক স্থাপিত হয়। প্রতিনিধিসকল আৰু ভােটাৰসকলে পৰস্পৰে পৰস্পৰক জানিবলৈ সুবিধা বাবে প্রতিনিধিৰ প্রতিনিধিত্ব দায়িত্বশীল হয়।
(৩) প্রত্যক্ষ নির্বাচন পদ্ধতিত জনসাধাৰণৰ ৰাজনৈতিক শিক্ষা লাভ হয়।
(৪)এই পদ্ধতিত ভােটাৰৰ সংখ্যা বেছি হয় বাবে দুর্নীতিৰ প্ৰভাৱ কম হয়।

প্রত্যক্ষ নির্বাচনৰ দোষবােৰ হ’ল
(১) প্রত্যক্ষ নির্বাচনত উপযুক্ত প্রার্থী নির্বাচিত হােৱাৰ আশা কম হয়। কাৰণ সৰহ সংখ্যক ভােটাৰ অনভিজ্ঞ হােৱা বাবে প্রার্থী নির্বাচনত ভুল হােৱাৰ সম্ভাৱনা থাকে।
(২) প্রত্যক্ষ নির্বাচন দলীয় স্বার্থই অধিক গুরুত্ব লাভ কৰে। ফলত দলীয় সংঘর্ষ হােৱাৰ সম্ভাৱনা থাকে।
(৩) প্রত্যক্ষ নির্বাচন অতিপাত খৰচী হয় বাবে ৰাজহুৱা ধনৰ অপব্যয় হয়।
(৪) এনে নির্বাচনত অধিক সংখ্যক ভােটাৰে আবেগ অনুভূতিৰ বশৱৰ্তী হৈ ভােটদান কৰা দেখা যায়। ফলত যােগ্য প্রার্থী নির্বাচন কৰাত ব্যর্থ হয়।

(২) পৰােক্ষ নির্বাচন পদ্ধতিৰ গুণ আৰু দোষবােৰ আলােচনা কৰা।
উত্তৰ : নির্বাচন পদ্ধতি প্রধানতঃ দুই প্রকাৰৰ। যেনে প্রত্যক্ষ নির্বাচন পদ্ধতি আৰু পৰােক্ষ নির্বাচন পদ্ধতি। তলত পৰােক্ষ নির্বাচনৰ গুণ আৰু দোষবােৰ
আলােচনা কৰা হ’ল।
পৰােক্ষ নির্বাচনৰ গুণবােৰ –
(১) পক্ষে নির্বাচনত সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ পদ্ধতিত থকা আসোঁৱাহসমূহ নাথাকে। ফলত নির্বাচন নিকা আৰু শান্তিপূর্ণ হয়।
(২) মধ্যৱর্তী ভােটাৰসকল জ্ঞানী আৰু অভিজ্ঞ হােৱা বাবে তেওঁলােকে ভাল-বেয়া বিচাৰ কৰি উপযুক্ত প্রতিনিধি নির্বাচন কৰিব পাৰে।
(৩) পৰােক্ষ নির্বাচনত খৰচ কম হয়। ফলত ৰাজহুৱা ধনৰ অপব্যয় নহয়।
(৪) পৰােক্ষ নির্বাচনত দলীয় স্বার্থই বিপথে পৰিচালিত কৰাৰ সুযােগ কম থাকে।

পৰােক্ষ নির্বাচনৰ দোষবােৰ হ’ল:
(১) পৰােক্ষ নির্বাচন প্রকৃত গণতন্ত্রৰ পৰিপন্থী।
(২) এই পদ্ধতিত দুর্নীতিৰ সম্ভাৱনা বেছি। ভােটাৰৰ সংখ্যা কম হােৱা বাবে সহজে ভােটাদাতাসকলক প্রলােভিত কৰিব পৰা যায়।
(৩) পৰােক্ষ নির্বাচনত জনসাধাৰণ ৰাজনৈতিক শিক্ষা লাভৰ পৰা বঞ্চিত হয়।
(৪) পৰােক্ষ নির্বাচনৰ দ্বাৰা নির্বাচিত প্রতিনিধিয়ে সাধাৰণ ভােটাৰসকলৰ প্রতি দায়বদ্ধতা অনুভৱনকৰে ফলত জনকল্যাণৰ প্ৰতি তেওঁলােকৰ মনােযােগ কম হয়।

লগতে পঢ়ক:   সমতা Class 11 [প্রশ্নোত্তৰ] Political Science Chapter 13 Assamese Medium

(৩) প্রত্যক্ষ নির্বাচন আৰু পৰােক্ষ নির্বাচনৰ মাজত থকা পার্থক্যসমূহ লিখা।
উত্তৰ: প্রত্যক্ষ নির্বাচন আৰু পৰােক্ষ নির্বাচনৰ মাজত থকা পার্থক্য সমূহ হ’ল ।
(১) প্রত্যক্ষ নির্বাচন একতৰপীয়া। আনহাতে পৰােক্ষ নির্বাচন দুইতৰপীয়া।
(২) প্রত্যক্ষ নির্বাচনত জনসাধাৰণে পােনপটীয়াকৈ সিহঁতৰ প্রতিনিধি নির্বাচন কৰিব পাৰে। কিন্তু পৰােক্ষ নির্বাচনত এইটো অসম্ভৱ।
(৩) প্রত্যক্ষ নির্বাচনে জনসাধাৰণক ৰাজনৈতিক শিক্ষা দিয়ে। কিন্তু পৰােক্ষ নির্বাচনে জনসাধাৰণক ৰাজনৈতিক শিক্ষা লােৱাৰ পৰা বঞ্চিত কৰে।
(৪) প্রত্যক্ষ নির্বাচন পদ্ধতি সহজ আৰু সৰল। ই জনসাধাৰণৰ বাবে সহজে বােধগম্য। আনহাতে পৰােক্ষ নির্বাচন পদ্ধতি জটিল আৰু জনসাধাৰণৰ বােধগম্য নহয়।
(৫) প্রত্যক্ষ নির্বাচন অতিপাত খৰচী হােৱা বাবে ৰাজহুৱা ধনৰ অপব্যয় হয়। আনহাতে পৰােক্ষ নির্বাচন পদ্ধতিত খৰচ কম হােৱা বাবে ৰাজহুৱা ধনৰ অপব্যয়। নহয়।

(৪) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ কি? ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।
উত্তৰ : জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলাে পুৰুষ-মহিলাই ভােটাধিকাৰ সাব্যস্ত কৰিবলৈ পােৱা অধিকাৰকে ‘সার্বজনীন ভােটাধিকাৰ বুলি কোৱা হয়। সার্বজনীন প্রাপ্ত ভােটাধিকাৰৰ সপক্ষে যুক্তিবােৰ হ’ল
(ক) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ গণতান্ত্রিক নীতি সন্মত। ই সমতা নীতিৰ ওপৰত প্রতিষ্ঠিত।
(খ) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ থাকিলে শাসন কর্তৃপক্ষ স্বেচ্ছাচাৰী হ’ব নােৱাৰে। কিয়নাে জনসাধাৰণৰ সন্মতিত প্রতিনিধি নির্বাচিত হয় আৰু চৰকাৰ গঠন হয়।
(গ) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ থাকিলে নাগৰিকসকলে নিজ নিজ কর্তব্য পালন কৰিবলৈ উৎসাহ পায়। ভােটাধিকাৰ নথকা নাগৰিকৰ দাবী আৰু অভাৱ অভিযােগৰ প্ৰতি চৰকাৰে মনােযােগ নিদিয়ে।
(ঘ) নাগৰিকসকলে ৰাষ্ট্ৰক কৰ-কাটল দিব লগে । গতিকে ভােটাধিকাৰে সিহঁতক দায়িত্বশীল কৰি তােলে।

সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰৰ বিপক্ষে যুক্তি:
(ক) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ ব্যৱস্থা বৰ ব্যয়বহুল আৰু যথেষ্ট সময়ৰ আৱশ্যক হয়।
(খ) আধুনিক শাসন ব্যৱস্থা বৰ জটিল। শাসনৰ জটিলতা সকলাে লােকে সমানে উপলব্ধি কৰিব নােৱাৰে। সেইবাবে সকলাে নাগৰিককে ভােটাধিকাৰ দিব নালাগে।
(গ) দার্শনিক মিলৰ মতে যিসকল লােক অশিক্ষিত তেওঁলােকে ভােটাধিকাৰ পােৱা উচিত নহয়। কাৰণ অশিক্ষিত লােকে সুবিবেচনা প্রয়ােগ কৰিব নােৱাৰে।
(ঘ) কিছুমান চিন্তাবিদে ক’ব খােজে যে সম্পত্তিহীন লােকে ভােটাধিকাৰ পােৱা উচিত নহয়। কাৰণ সম্পত্তিহীন লােক দায়িত্বশীল নহয়।

(৪) নির্বাচন আয়ােগ ভাৰতৰ সংবিধানৰ কিমান নম্বৰ অনুচ্ছেমতে গঠনকৰা হয়? নির্বাচন আয়ােগৰ সদস্য সংখ্যা কিমান ? নির্বাচন আয়ােগৰ চাৰিটা প্রধান কার্য উল্লেখ কৰা।
উত্তৰ: ভাৰতবৰ্ষত বিভিন্ন নির্বাচন পৰিচালনা কৰিবলৈ ভাৰতীয় সংবিধানৰ ৩২৪ (১) অনুচ্ছেদ। অনুযায়ী নির্বাচন আয়ােগ’ গঠন কৰা হৈছে। নির্বাচন আয়ােগৰ সদস্য সংখ্যা তিনিজন।ইয়াৰ এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত। আয়ুক্তসকলৰ কার্যকাল ৬ বছৰ বা ৬৫ বছৰ বয়সলেৈক।
নির্বাচনী আয়ােগৰ প্রধান কার্যবােৰ হৈছেঃ
(১) ভােটাৰ তালিকা প্রস্তুত কৰা।
(২) নির্বাচনৰ সময়সূচী নিৰ্দ্ধাৰণ আৰু নির্বাচনী কার্যক্রম প্রস্তুত।
(৩) মুক্ত আৰু নিকা নির্বাচন নিশ্চিত কৰা।
(৪) ৰাজনৈতিক দলৰ স্বীকৃতি আৰু প্ৰতীক প্রদান।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top