স্থানীয় চৰকাৰ Class 11 Political Science Chapter 8 Question Answer

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম স্থানীয় চৰকাৰ
শ্ৰেণী  একাদশ শ্ৰেণী
গােট ক – শাখা
পাঠৰ নং অধ্যায় ৮
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

স্থানীয় চৰকাৰ Class 11

অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক -১)

১। ভাৰতত স্থানীয় স্বায়ত্বশাসনৰ পিতৃ বুলি কাক কোৱা হয় ?
উত্তৰ: লর্ড ৰিপনক।

২। স্থানীয় স্বায়ত্ব শাসন প্রতিষ্ঠানসমূহ চৰকাৰৰ ক্ষুদ্র সংস্কৰণ হয়নে?
উত্তৰ: হয়।

৩। স্থানীয় চৰকাৰৰ সার্বভৌমত্ব আছেনে?
উত্তৰ: নাই।

৪। গাঁও পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ?
উত্তৰ: ৫ বছৰ।

৫৷ স্থানীয় স্বায়ত্ব শাসন স্থানীয় সমস্যাৰ লগত জড়িত হয় নে ?
উত্তৰ : হয়।

৬। প্রশাসনত বিকেন্দ্রীকৰণৰ ফলত স্থানীয় শাসনৰ সৃষ্টি হৈছে। কথাষাৰ সঁচানে?
উত্তৰ: সঁচা।

৭। স্থানীয় শাসত্ব শাসন ৰাজ্য চৰকাৰৰ অংশ হয় নে ?
উত্তৰ : হয়।

৮। সামূহিক উন্নয়ন আঁচনি’ কেতিয়া গ্ৰহণ কৰা হৈছিল ?
উত্তৰ : ১৯৫২ চনত।

৯। গাওঁ পঞ্চায়তে আইন প্রণয়ন কৰিব পাৰে নে?
উত্তৰ: নােৱাৰে।

১০।পৌৰ নিগমৰ সদস্যসকলক কি নামেৰে জনা যায় ?
উত্তৰ : কাউন্সিল।

১১। গাঁও পঞ্চায়তৰ সদস্য সংখ্যা কিমান?
উত্তৰ: ১০ জন।।

১২। মুঠ আসনৰ কিমান শতাংশ আসন মহিলাসকলৰ বাবে সংৰক্ষিত?
উত্তৰ : মুঠ আসনৰ ১/৩ অংশ (৩৩%)।

১৩। বৃটিছশাসনৰ সময়ত প্রথমে ক’ত পৌৰসভা গঠন কৰা হৈছিল?
উত্তৰ: মাদ্রাজত।

১৪। চহৰ অঞ্চলত থকা স্বায়ত্বশাসিত অনুষ্ঠান কেইটা কি কি?
উত্তৰ: পৌৰ নিগম, পৌৰ সভা, নগৰ সমিতি।

১৫। গুৱাহাটী পৌৰ নিগম কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰ: ১৯৭৪ চনত।

১৬। গুৱাহাটী পৌৰ নিগমৰ সর্বোচ্চ সদস্য সংখ্যা কিমান?
উত্তৰ: ৬০ জন।

১৭। বর্তমান ভাৰতত কেই তৰপীয়া পঞ্চায়তৰ ব্যৱস্থা আছে?
উত্তৰ: ৩ তৰপীয়া।

১৮। গুৱাহাটী পৌৰ, নিগম আইনখন কেতিয়া গৃহীত হয়?
উত্তৰ: ১৯৬৯ চনত।

১৯। গাঁও পঞ্চায়তৰ সদস্যসকলক কোনে নির্বাচন কৰে?
উত্তৰ: গাঁও পঞ্চায়তৰ ভােটাৰসকলে।

Class 11 Political Science Chapter 8 Assamese

প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক -২)

১। ভাৰতৰ স্থানীয় স্বায়ত্ব শাসন অনুষ্ঠানবােৰ কি কি ?
উত্তৰ : স্থানীয় স্বায়ত্ব শাসন অনুষ্ঠানবােৰ হ’ল:
(১) চহৰ অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসিত অনুষ্ঠান। যেনেঃ পৌৰ নিগম, পৌৰ সভা আৰু নগৰ সমিতি।
(২) গাওঁ অঞ্চলৰ স্থানীয় স্বায়ত্বশাসিত অনুষ্ঠান। যেনেঃ জিলা পৰিষদ,আঞ্চলিকপঞ্চায়ত, গাওঁ পঞ্চায়ত।

২। গাওঁসভাৰ দুটা কার্য উল্লেখ কৰা।
উত্তৰ : গাওঁসভাৰ দুটা কার্য হ’ল —
. (ক) গাওঁৰ বিভিন্ন উন্নয়নৰ আঁচনি প্রস্তুত কৰা।
(খ) গাওঁৰ বার্ষিক বাজেট অনুমােদন কৰা।

লগতে পঢ়ক:   ৰাজনৈতিক তত্ত্ব Class 11 এক পৰিচয় (প্ৰশ্ন উত্তৰ) একাদশ শ্ৰেণী

প্রশ্নোত্তৰ : (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। জিলা পৰিষদৰ গঠন আৰু কার্যাৱলী আলােচনা কৰা।
উত্তৰ : ভাৰতৰ গণতান্ত্রিক বিকেন্দ্রীকৰণ ব্যৱস্থাৰ শীর্ষত আছে জিলা পৰিষদ। জিলা পৰিষদৰ সদ্যসকল প্রত্যক্ষভাৱে জনসাধাৰণৰ দ্বাৰা নির্বাচিত হয় জিলা পৰিষদৰ কার্যাৱলীতলত দিয়া ধৰণৰ হয়।
(ক) পঞ্চায়ত সমিতিৰ বাজেট পৰীক্ষা কৰি অনুমােদন জনােৱা।
(খ) পঞ্চায়ত সমিতিয়ে যাতে দক্ষতাৰে কাম কৰে তাৰ তদাৰক কৰা।।
(গ) পঞ্চায়ত সমিতিৰ উন্নয়নমূলক আঁচনিসমূহৰ মাজত সমন্বয়তা ৰক্ষা কৰা।
(ঘ) জিলাখনৰ উন্নয়নমূলক কার্যাৱলী সম্পর্কে চৰকাৰক পৰামৰ্শ দান কৰা। ইত্যাদি।

১। স্থানীয় স্বায়ত্বশাসনৰ কৃতকার্যতাৰ প্ৰয়ােজনীয় চর্ত উল্লেখ কৰা।
উত্তৰ : ভাৰতবৰ্ষত আধুনিক স্বায়ত্ব শাসন বৃটিছসকলৰ অৱদান বুলি কোৱা হয়। ১৮৮২ চনত গৱৰ্ণৰ জেনেৰেল লর্ড ৰিপনে ভাৰতবৰ্ষত স্থানীয় শাসন ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি স্থানীয় স্বায়ত্ব শাসনৰ সূচনা কৰে। স্থানীয় স্বায়ত্ব শাসনৰ কৃতকার্যতাৰ কাৰণে প্রয়ােজনীয় চর্ত কেইটামান হ’ল –
(ক) স্থানীয় স্বায়ত্ব শাসন কেন্দ্রীয় চৰকাৰে সৃষ্টি কৰে। কেন্দ্রীয় চৰকাৰৰ অনুপ্ৰেৰণা আৰু সুব্যৱস্থাৰ ওপৰত স্থানীয় চৰকাৰৰ কৃতকার্যত নিৰ্ভৰ কৰে।
(খ) স্থানীয় সমস্যাসমূহ সমাধান কল্পে চৰকাৰে আৱশ্যকীয়া ধনৰ যােগান ধৰা উচিত।
(গ) স্থানীয় শাসন কৃতকার্য হ’বলৈ প্রশাসক কর্তৃপক্ষ সুস্থভাৱে অর্থাৎ কোনাে ধৰণৰ, দুর্নীতিৰ আশ্রয় নলৈ উন্নয়নমূলক কার্য সম্পাদন কৰিব লাগিব।
(ঘ) স্থানীয় জনসাধাৰণৰ বুদ্ধিমত্তা, বিচক্ষণতা আৰু শিক্ষাৰ ওপৰত স্থানীয় শাসনৰ কৃতকার্যতা নির্ভৰ কৰে।
(ঙ) ৰাজ্য চৰকাৰেসময়ে সময়ে স্থানীয় স্বায়ত্বশাসন অনুষ্ঠানসমূহৰ কার্যকলাপ পৰিদৰ্শন কৰিব লাগে আৰু দিহা পৰামৰ্শ আগবঢ়াব লাগে।

৩। স্থানীয় স্বায়ত্ব শাসনৰ গুৰুত্ব আলােচনা কৰা।
উত্তৰ : ভাৰতবৰ্ষত গণতান্ত্রিক বিকেন্দ্রীকৰণৰ ব্যৱস্থা হিচাপে স্থানীয় স্বায়ত্ব শাসনৰ সৃষ্টি কৰা হৈছে। বৃটিছৰ দিনতে সুত্রপাত হােৱা স্থানীয় স্বায়ত্ব শাসনৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ গুৰত্ব তলত উল্লেখ কৰা হ’ল :
(ক) স্থানীয় শাসন ব্যৱস্থাই কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ কামৰ বােজা হ্রাস কৰে। ই স্থানীয় সমস্যাসমূহৰ পৰা ৰাষ্ট্ৰীয় চৰকাৰক কিছু অব্যাহতি দিয়ে।
(খ) স্থানীয় প্রশাসনে জনসাধাৰণক প্ৰশাসনীয় আৰু ৰাজনৈতিক শিক্ষা প্রদান কৰে।
(গ) স্থানীয় প্রশাসনৰ দ্বাৰা গাওঁ-ভূঁইৰ চুকে-কোণে। উন্নয়ন সম্ভৱ হয়।
(ঘ) স্থানীয় স্বায়ত্ব শাসনে গণতন্ত্রৰ ভেটি শক্তিশালী। কৰে।

স্থানীয় চৰকাৰ Class 11

ৰচনাধর্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক-৬)

১৷ স্থানীয় স্বায়ত্ব শাসনৰ বৈশিষ্ট্য আলােচনা কৰা।
উত্তৰ : কোনাে এটা বিশেষ অঞ্চলৰ গাঁও,নগৰ বা চহৰৰ সমস্যা সমাধানকল্পে তাৰ স্থানীয় অহর্তাসম্পন্ন লােকসকলৰ দ্বাৰা নির্বাচিত আৰু চৰকাৰৰ মনােনীত সদস্যক লৈ গঠিত প্রশাসনীয় অনুষ্ঠানকে স্থানীয় স্বায়ত্ব শাসন’ বােলে। স্থানীয় স্বায়ত্ব শাসনৰ কিছুমান বৈশিষ্ট্য আছে। যেনে :
(ক) স্থানীয় স্বায়ত্ব শাসন এক বিধিগত সংগঠিত অনুষ্ঠান। ইয়াৰ নিজস্ব আইনগত ক্ষমতা আৰু কাৰ্য আছে।
(খ) স্থানীয় স্বায়ত্ব শাসন এক স্বতন্ত্র অনুষ্ঠান। প্রশাসনীয় আৰু অর্থনৈতিক দুয়াে দিশতে ইয়াৰ স্বতন্ত্রতা আছে।
(গ) স্থানীয় স্বায়ত্ব শাসন স্থানীয় সমস্যাৰ লগত জড়িত। স্থানীয় অঞ্চলৰ উন্নয়নকল্পে ইয়াৰ সৃষ্টি হৈছে।
(ঘ) স্থানীয় স্বায়ত্ব শাসন অনুষ্ঠান স্থানীয় ভােটাৰসকলে নির্বাচিত কৰা স্থানীয় প্রতিনিধিৰ দ্বাৰা গঠিত হয়।
(ঙ) স্থানীয় বঢ়ঙণি স্থানীয় স্বায়ত্ব শাসনৰ এক বৈশিষ্ট্য। স্থানীয় কর্তৃপক্ষই কৰা উন্নয়নমূলক কাম- কাজবােৰত ব্যয় হােৱা অর্থ সেই অঞ্চলৰ লােকসকলে কৰ হিচাপে আগবঢ়াব লাগে।

লগতে পঢ়ক:   ধর্ম নিৰপেক্ষতা Class 11 প্রশ্নোত্তৰ একাদশ শ্ৰেণী Chapter 18 Political Science

২। পৌৰসভা গঠন আৰু কার্যাবলী আলােচনা কৰা।
উত্তৰ: ১৯৫৬ চনত অসম চৰকাৰে অসম পৌৰ নিগম আইন গ্রহণ কৰে। এই আইন মতে যিবােৰ পৌৰ এলেকাত দহহাজাৰতকৈ অধিক জনসংখ্যা আছে, তাত পৌৰ সভা গঠন কৰা হয়। পৌৰসভাৰ মুঠ সদস্য সংখ্যা ৩০ জনতকৈ অধিক আৰু ১০ জনতকৈ কম হ’ব নােৱাৰে। পৌৰসভাত দুই ধৰণৰ সদস্য থাকে। যেনে নির্বাচিত সদস্য আৰু মনােনীত সদস্য। ইয়াৰ নির্বাচিত সদস্যসকলক স্থানীয় ভােটাৰসকলে নির্বাচন কৰে। ইয়াৰ কিছু সদস্য চৰকাৰে মনােনীত কৰে। সদস্যসকলৰ নির্বাচনৰ উদ্দেশ্যে পৌৰসভা অঞ্চলক কেইবাটাও ৱাৰ্ডত ভাগ কৰি প্রতি ৱাৰ্ডৰ পৰা এজনকৈ সদস্য নির্বাচন কৰা হয় । পৌৰসভাৰ কার্যাৱলী তলত উল্লেখ কৰা ধৰণৰ

(ক) পৌৰসভা ইয়াৰ স্থানীয় এলেকাৰ ভিতৰত জনস্বাস্থ্য আৰু স্থানীয় সমস্যা সমাধানৰ লগত জড়িত।
(খ) চহৰৰ ৰাস্তা-ঘাট, দলং,সাঁকো, কালভার্ট সংৰক্ষণ আৰু ইয়াৰ উন্নয়নৰ কাম কৰে।
(গ)নগৰ অঞ্চলত পানী যােগান ধৰা ইয়াৰ অন্যতম। কাম।
(ঘ) পৌৰসভাই ইয়াৰ এলেকাৰ ভিতৰত শিক্ষা প্ৰসাৰ কৰাৰ লগতে জড়িত। ই প্রাথমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক পর্যায়লৈ বিদ্যালয় স্থাপন কৰিব পাৰে।
(চ) পৌৰ সভাই নিজ এলেকাৰ ভিতৰত অগ্নি নির্বাপক আৰু প্ৰতিৰােধৰ অৰ্থে অগ্নিনির্বাপক কেন্দ্র স্থাপন কৰে।

স্থানীয় চৰকাৰ Class 11

২।পৌৰ নিগমৰ গঠন আৰু কার্যাৱলী আলােচনা কৰা।
উত্তৰ : পৌৰ নিগম সাধাৰণতে বৃহৎ আকাৰৰ চহৰত প্ৰতিষ্ঠা কৰা হয়। পৌৰ নিগম নিজ এলেকা বা চহৰৰ ভােটাৰসকলে নির্বাচন কৰি দিয়া প্রতিনিধিসকলৰ দ্বাৰা গঠিত হয়। পৌৰ নিগমৰ সর্বোচ্চ সদস্য সংখ্যা ৬০ জন। সদস্যসকলৰ নিৰ্বাচনৰ উদ্দেশ্যে পৌৰ নিগম। অঞ্চলক কেইবাটাও ৱাৰ্ডত ভাগ কৰি লােৱা হয়। সাধাৰণতে ৭,৫০০ জন জনসংখ্যাৰ মাজৰ পৰা এজনকৈ কাউন্সিল নির্বাচিত হয়। যদি অনুসূচীত জাতি আৰু জনজাতিৰ পৰা কোনাে লােক নির্বাচিত নহয়, তেন্তে এজন অসূচীত জাতিৰ পৰা আৰু আন এজন অনুসূচীত জনজাতিৰ পৰা সদস্য ল’ব পাৰে। পৌৰ নিগমৰ দুটা শাখা বা ভাগ থাকে। যেনে – আইন সমন্বীয় শাখা আৰু কাৰ্যবাহী শাখা। নিগমৰ পৰিষদ, স্থায়ী সমিতি আৰু মেয়ৰক লৈ আইন সমন্ধীয় শাখাটো গঠিত হয়। তলত দিয়া কার্যসমূহ পৌৰ নিগমৰ কার্যাৱলীৰ ভিতৰত পৰে। যেনে—

লগতে পঢ়ক:   কার্যপালিকা Class 11 {প্ৰশ্ন উত্তৰ} ৰাজনীতি বিজ্ঞান অধ্যায় ৪

(ক) নিজ অঞ্চলৰ ৰাইজৰ জনস্বাস্থ্য সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা।
(খ) চহৰৰ ৰাস্তা-ঘাট, দলং,সাঁকো, কালভার্ট সংৰক্ষণ। আৰু ইয়াৰ উন্নয়নৰ কাম কৰা।
(গ) চহৰ অঞ্চলৰ লােকসকলক বিশুদ্ধ খােৱা পানীৰ যােগান ধৰা।
(ঘ) মাতৃমঙ্গল আৰু শিশু কল্যাণ কেন্দ্র স্থাপন কৰা।
(ঙ) নগৰৰ পৰিকল্পনা কৰা।
(চ) অগ্নি নির্বাপক সেৱা আগবঢ়োৱা।
(ছ) নগৰ বনানীকৰণ, পৰিবেশ সংৰক্ষণ আদি কাম কৰা।
(জ) দৰিদ্ৰতা নির্মূল কৰা।
(ঝ) জন্ম-মৃত্যুৰ পঞ্জীয়ন কৰা।
(ঞ) নিজ এলেকাৰ লােকসকলৰ মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে ৰাজহুৱা স্থানত আমােদ- প্রমােদৰ ব্যৱস্থা কৰা। ব্যায়ামাগাৰ প্রতিষ্ঠা কৰা।
(ত) শাৰীৰিকভাৱে অক্ষম আৰু মানসিকভাৱে বিকাৰগ্রস্ত ব্যক্তিসকলক ৰক্ষণাবেক্ষণ দিয়া।

৩। ১৯৯৪ চনৰ অসম পঞ্চায়ত আইন অনুসৰি গাওঁ পঞ্চায়তৰ গঠন আৰু কার্যাৱলী আলােচনা কৰা
উত্তৰ: ১৯৯৪ চনৰ অসম পঞ্চায়ত আইন’ অনুসৰি ১০ জন সদস্যৰে গাওঁ পঞ্চায়ত গঠিত হয়। ইয়াৰ এক-তৃতীয়াংশ সদস্য মহিলা হ’ব লাগে। এই আইনে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবেও ব্যৱস্থা ৰাখিছে। গাওঁ পঞ্চায়তৰ এজন সভাপতি আৰু এজন উপসভাপতি থাকে। ইয়াৰ কাৰ্যকাল ৫ বছৰ। গাওঁ পঞ্চায়তৰ কাৰ্যবােৰ তলত উল্লেখ কৰা ধৰণৰ হয়।
(ক) কৃষিৰ উন্নয়ন আৰু সম্প্ৰসাৰণ কৰা।
(খ) পশুধন, দুগ্ধ আৰু হাঁহ-কুকুৰাৰ উন্নয়ন কৰা।
(গ) ভূমি উন্নয়ন, ভূমি সংস্কাৰ আঁচনি প্ৰৱৰ্তন আৰু ভূমি সংৰক্ষণ কৰা।
(ঘ) ক্ষুদ্র জলসিঞ্চনৰ ব্যৱস্থা কৰা,
(ঙ) সামাজিক বনানীকৰণ আৰু পাম বনানীকৰণ কৰা।
(চ) নিজ এলেকাত বিশুদ্ধ খােৱাপানীৰ ব্যৱস্থা কৰা।
(ছ) গ্রাম্য বৈদ্যুতিকৰণ।
(জ) দৰিদ্ৰতা নির্মূল আঁচনি ৰূপায়ণ।
(জ) পুথিভঁৰাল স্থাপন কৰা।
(ঝ) পৰিয়াল পৰিকল্পনা বাস্তৱায়িত কৰা।
(ঞ) প্রাথমিক শিক্ষা আৰু প্রাপ্ত বয়স্ক শিক্ষাৰ ব্যৱস্থা
(ট) কুটিৰ শিল্পৰ উন্নয়ন কৰা।
(ঠ) শাৰীৰিকভাৱে অক্ষম লােকৰ কল্যাণমূলক আঁচনি গ্ৰহণ কৰা।
(ড) বাট-পথ,নলা-নর্মদা আদিৰ উন্নয়ন সাধন কৰা।

 

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top