ন্যায়পালিকা Class 11 Political Science Chapter 6 Assamese Medium

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম ন্যায়পালিকা
শ্ৰেণী  একাদশ শ্ৰেণী
গােট ক – শাখা
পাঠৰ নং অধ্যায় ৬
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ন্যায়পালিকা Class 11

অতি চমু প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক -১)

১। ভাৰতৰ উচ্চতম ন্যায়ালয় কত অৱস্থিত ?
উত্তৰ : দিল্লীত।

২। উচ্চতম ন্যায়ালয় ভাৰতৰ অভিভাৱক হয়।
উত্তৰ : হয়।

৩। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে?
উত্তৰঃ ৰাষ্ট্রপতিয়ে।

৪। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে?
উত্তৰ: ৬৫ বছৰ বয়সত।

৫। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে?
উত্তৰ : ৬২ বছৰ বয়সত।

৬। কোনে উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ সংখ্যা নির্ধাৰণ কৰে?
উত্তৰ: সংসদে।

৭। কাবেৰী নদীৰ বিবাদ সমাধা কৰিবলৈ তামিলনাড়ু চৰকাৰে ন্যায়ালয়ৰ ওচৰ চাপিব বিচাৰে। এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ কি ক্ষমতা?
উত্তৰ: পৰামর্শদানমূলক ক্ষমতা।

Class 11 Political Science Chapter 6 Assamese Medium

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাক – ২)

১। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনৰ অৰ্হতা উল্লেখ কৰা।
উত্তৰ:  উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনৰ অৰ্হতা হ’ল——
(১) তেওঁ ভাৰতীয় নাগৰিক হ’ব লাগিব।
(২) বিচাৰ বিভাগীয় পদত দহ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব ।

২। উচ্চতম ন্যায়ালৰ দুই প্রকাৰৰ ক্ষমতা উল্লেখ কৰা।
উত্তৰ:  উচ্চতম ন্যায়ালয়ৰ দুই প্রকাৰৰ ক্ষমতা হলঃ
(ক) মৌলিক ক্ষমতা আৰু
(খ) পৰামর্শদান মমতা।

৩। ন্যায়পালিকাৰ স্বতন্ত্রতা বুলিলে কি বুজা?
উত্তৰঃ ন্যায়পালিকাৰ স্বতন্ত্র বুলিলে ইকাৰ্যপালিকা আৰু বিধানমণ্ডলৰ নিয়ন্ত্রণমুক্ত হােৱাটোকে বুজায়। আন কথাত ন্যায়পালিকাৰ স্বতন্ত্রতাই ই নিৰপেক্ষ আৰু আন কোনাে সংস্থাৰ প্ৰভাৱৰ পৰা মুক্ত হােৱাটোকে বুজায়।

৪। ন্যায়পালিকা কি ?
উত্তৰ : চৰকাৰৰ যিটো অংগই আইনৰ ব্যাখ্যা আৰু বিবাদ মীমাংসাৰ লগত জড়িত, সেই অংগকে ন্যায়পালিকা’ বুলি কোৱা হয়।

৫। ন্যায়িক সক্রিয়তা কি?
উত্তৰ : ন্যায়িক সক্রিয়তা হ’ল ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ এক নতুন ধাৰা। সাম্প্রতিক কালত ন্যায়ালয়ে স্বার্থ জড়িত আবেদনৰ ভিত্তিত জনসাধাৰণৰ ন্যায় প্রদান ক্ষেত্ৰত অধিক সক্রিয় ভূমিকা গ্ৰহণ কৰিছে। এই পৰিঘটনাটো বুজাবলৈ ন্যায়িক সক্রিয়তা’ ধাৰণাটো ব্যৱহাৰ কৰা হৈছে।

৬। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কিদৰে অপসাৰিত কৰিব পাৰি?
উত্তৰ: উচচতম ন্যায়ালৰ ন্যায়াধীশসকলক অযােগ্যতা অথব সৎ আচৰণৰ বাবে কার্যকাল শেষ হােৱাৰ আগতেইৰাষ্ট্রপতিয়ে পদৰ পৰা অপসাৰণ কৰিব পাৰে। ‘সংসদৰ উভয় সদনৰ দুই-তৃতীয়াংশ সদস্য আৰু দুয়ােখন সদনৰ মুঠ সদস্যৰ অধিকাংশৰ দ্বাৰা সমর্থিত অপসাৰণ প্ৰস্তাৱটো ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰিলে ৰাষ্ট্রপতিয়ে ন্যায়াধীশ এজনক অপসাৰণ কৰিব পাৰে।

লগতে পঢ়ক:   ভাৰতৰ সংবিধানত থকা অধিকাৰসমূহ Class 11 Political Science Assamese Medium

ন্যায়পালিকা একাদশ শ্ৰেণী

চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। ন্যায়িক সমীক্ষাৰ ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰ:  ন্যায়িক সমীক্ষা হ’ল উচ্চতম ন্যায়ালয়ৰ এটা বিশেষ ক্ষমতা। বিধানমণ্ডলে প্রণয়ন কৰা আইনৰ সাংবিধানিক বৈধতা বিচাৰ কৰিব পৰা উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়লয়ৰ ক্ষমতাক ন্যায়িক সমীক্ষা ক্ষমতা বুলি কোৱা হয়। বিধান মণ্ডলে প্রণয়ন কৰা কোনাে আইন যদি সংবিধানৰ পৰিপন্থী হয়, তেতিয়া ন্যায়পালিকাই তেনে আইনক অসাংবিধানিক বুলি ঘােষণা কৰি বাতিল কৰিব পাৰে। অৱশ্যে সংবিধানত ন্যায়িক সমীক্ষাৰ উল্লেখ নাই। বিধান মণ্ডলে প্রণয়ন কৰা আইনৰ বৈধতা বিচাৰ কৰা আৰু নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ যি ক্ষমতা উচ্চতম ন্যায়ালয়ে প্রয়ােগ কৰে তাৰ পৰাইন্যায়িক সমীক্ষাৰ ধাৰণাটোৰ উদ্ভৱ হৈছে৷

২। নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণত উচ্চতম ন্যায়লয়ৰ ভূমিকা আলােচনা কৰা।
উত্তৰ : ভাৰতৰ সংবিধানে নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ন্যায়পালিকাৰ ওপৰত ন্যস্ত কৰিছে। সংবিধানে নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে দুটা উপায় উল্লেখ কৰিছে। যেনেঃ
(ক) সংবিধানৰ ৩২ নং অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ে বিভিন্ন লেখ, যেনে বন্দী প্রত্যক্ষীকৰণ, পৰমাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ত তলব, উৎপ্রেষণ আদি জাৰি কৰি নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰে।

(খ) সংবিধানৰ ১৩নং অনুচ্ছেঅনুসৰি সংসদে প্রণয়ন কৰা কোনাে আইনে যদিনাগৰিকসকলৰ মৌলিক অধিকাৰ খর্ব কৰে, তেতিয়া উচ্চতম ন্যায়ালয়ে তেনে আইনক অসাংবিধানিক বুলি ঘােষণা কৰি বাতিল কৰিব পাৰে।

৩। লেখ বুলিলে কি বুজা?
উত্তৰ: উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়ালয়সমূহ হ’ল সংবিধানৰ ব্যাখ্যাকাৰক আৰু নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক। নাগৰিকৰ মৌলিক অধিকাৰ উলংঘা হ’লে উচ্চতম ন্যায়ালয়ে নাগৰিকৰ এই অধিকাৰ ৰক্ষণাবেক্ষণ বা সাব্যস্ত কৰাৰ কৰিাণে কোনাে আদেশ বা নির্দেশ জাৰি কৰিব পাৰে। এই আদেশ বা নিদের্শক লেখ’বুলি কোৱা হয়। উচ্চতম ন্যায়ালা আৰু উচ্চ ন্যায়ালয়ে জাৰি কৰিব পৰা লেখ সমূহ হ’ল ঃ বন্দী প্রত্যক্ষীকৰণ, পৰমাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ত তলব,উৎপ্রেষণ আদি।

ন্যায়পালিকা HS 1st Year

ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৬)

লগতে পঢ়ক:   স্বাধীনতা Class 11 গুৰুত্বপূৰ্ণ প্রশ্নোত্তৰ একাদশ শ্ৰেণী

১। উচ্চতম ন্যায়ালয়ৰ গঠন, ক্ষমতা আৰু কার্যাবলী আলােচনা কৰা।
উত্তৰ : ভাৰতৰ উচ্চতম ন্যায়ালয় হৈছে ভাৰতৰ বিচাৰ বিভাগৰ শীর্ষতম অনুষ্ঠান।সংবিধানৰ ১২৪ নং অনুচ্ছেদ অনুসৰি এজন মুখ্য ন্যায়াধীশ আৰু ৭ জন ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় গঠিত হয়। সংসদে ন্যায়াধীশসকলৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। বর্তমান সময়ত উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশসহ ২৭ জন ন্যায়াধীশ আছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। উচ্চতম ন্যায়ালয়ৰ ক্ষমতাক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি। যেনে – (ক) মৌলিক ক্ষমতা, (খ) আপীল সম্পৰ্কীয় ক্ষমতা আৰু (গ) পৰামর্শ দানৰ ক্ষমতা তলত এইবােৰ চমুকৈ আলােচনা কৰা হ’ল :

মৌলিক ক্ষমতা : সংবিধানৰ ১৩১ নং অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ে কিছুমান বিষয়ত মৌলিক ক্ষমতা প্রয়ােগ কৰিব পাৰে। সেইবােৰ হ’ল।
(১) কেন্দ্রীয় চৰকাৰ আৰু এখন বা অধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ মীমাংসা কৰা।
(২) দুখন বা তাতােকৈ ৰাজ্য চৰকাৰৰ মাজত বিবাদৰ বিচাৰ কৰা।
(৩) সংবিধানৰ ৩২ নং অনুচ্ছেদ অনুসৰি কোনাে নাগৰিকে তেওঁৰ মৌলিক অধিকাৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে উচ্চতমন্যায়ালয়য়ে বিভিন্ন লেখ জাৰি কৰি নাগৰিকৰ মৌলিক অধিকাৰ বলবৎ কৰে। আপীল সংক্রান্ত ক্ষমতা : উচ্চতম ন্যায়ালয়ে দেৱানী আৰু ফৌজদাৰী আদি সকলাে ধৰণৰ গােচৰৰ বাবে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ওপৰত আপীলমূলক বিচাৰ কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ আপীল বিচাৰ ক্ষমতা তিনি ভাগত বিভক্ত। যেনে—-

(ক) ন্যায়িক আপীল : সংবিধানৰ ১৩২ নং অনুচ্ছেদ অনুসৰি যদি কোনাে গােচৰত সংবিধানৰ ব্যাখ্যা সম্বন্ধে কোনাে গুৰুত্বপূৰ্ণ আইনগত প্রশ্ন জড়িত থাকে, তেন্তে সেই ক্ষেত্ৰত কোনাে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে। উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰে।

(খ) দেৱানী আপীল: দেৱানী গােচৰৰ বাবে উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ বিৰুদ্ধে উচ্চতমন্যায়ালয়ত আপীল কৰিব পাৰি। উচ্চ ন্যায়ালয়ে গােচৰটো আপীলযােগ্য বুলি অনুমতি পত্র দিব পাৰে।

(গ) ফৌজদাৰী আপীল:  ভাৰতৰ বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত।আপীল কৰিব পাৰি যদিহে উচ্চ ন্যায়ালয়ে অভিযুক্ত ব্যক্তিৰ মুক্তিৰ আদেশ বাতিল কৰি মৃত্যুদণ্ডৰ আদেশ দিয়ে। নাইবা উচ্চ ন্যায়ালয়ে কোনাে নিম্ন আদালত পৰা কোনাে গােচৰ উঠাই আনি নিজে বিচাৰ কৰি মৃত্যুদণ্ডৰ ৰায় দিযে, তেন্তে উচ্চতম ন্যায়লয়ত তেনে বিচাৰৰ আপীল কৰিব পাৰি পৰামৰ্শদানৰ ক্ষমতা ও মৌলিক আৰু আপীল ক্ষমতাৰ উপৰিও ভাৰতৰ উচ্চতমন্যায়ালয়ৰপৰামর্শদানৰ ক্ষমতা আছে। কোনাে ৰাজহুৱা গুৰুত্বপূর্ণ বিষয় বা আইন সংক্রান্ত বিষয়ত সংবিধান ব্যাখ্যাৰ প্রয়ােজন হলে ৰাষ্ট্রপতিয়ে উচচতম ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰিব পাৰে। কিন্তু ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ মানিবলৈ বাধ্য নহয়। অৱশ্যে উচ্চতমন্যায়ালয়ৰ পৰামৰ্শৰ ভিত্তিত চৰকাৰে কোনাে কার্যব্যৱস্থা গ্ৰহণ কৰিব পাৰেনাইবা কিবা বিধেয়ক সংশােধন কৰিব পাৰে।

লগতে পঢ়ক:   বিকাশ Class 11 Political Science প্রশ্নোত্তৰ একাদশ শ্ৰেণী

অন্যান্য ক্ষমতা: ভাৰতৰ উচ্চতম ন্যায়ালয়ে নিজৰ আদেশ বা ৰায়ৰ পুনৰ বিচাৰ কৰিব পাৰে। সংবিধানৰ কোনাে অনুচ্ছেদৰ অৰ্থকলৈ বিবাদৰ সৃষ্টি হলে উচ্চতম নয়ায়ালয়ে ইয়াৰ ব্যাখ্যা কৰিব পাৰে। প্রয়ােজনবােধে উচ্চতম ন্যায়ালয়ে বিভিন্ন ধৰণৰ লেখ বা আদেশ জাৰি কৰিব পাৰে। কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ আদেশ পর্যালােচনা কৰাৰ ক্ষমতাও উচ্চতম ন্যায়ালয়ৰ আছে। ভাৰতৰ ভিতৰত থকা সকলােবােৰ আদালতে উচ্চতম ন্যায়ালয়ৰ ৰায় মানি চলিব লাগে।

২। ন্যায় পালিকা কি? ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষাৰ উপায় আলােচনা কৰা।
উত্তৰ: চৰকাৰৰ যিটো অংগই আইন ব্যাখ্যা আৰু বিবাদ মীমাংসাৰ লগত জড়িত, সেই অংগকে ন্যায়পালিকা’ বুলি কোৱা হয়। ভাৰতৰ ন্যায়পালিকাৰ শীর্ষতম স্থানত আছে ভাৰতৰ উচ্চতম ন্যায়লয়। ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষাৰ কেইবাটাও উপায় আছে। যেনে—–

(১) নিয়ােগ পদ্ধতি : ন্যায়পালিকা ৰক্ষাৰ বাবে এটা উপযুক্ত নিয়ােগ পদ্ধতি প্রয়ােজন। সাধাৰণতে ন্যায়পালিকাৰ দ্বাৰা ন্যায়াধীশ নিযুক্তিৰ ব্যৱস্থাটো উত্তম বুলি গণ্য হয়। এনে পদ্ধতিত ন্যায়পালিকা সদায় আইনসভাৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকে।

(২) যােগ্যতাৰ ভিত্তিত নিযুক্তি : ন্যায়পালিকাৰ স্বাধীনতাৰক্ষাৰ বাবে যােগ্যতাৰ ভিত্তিত ন্যায়াধীশ নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। জ্ঞানী, গুণী,সৎ আৰুঅভিজ্ঞতাসম্পন্ন ব্যক্তিকহেন্যায়াধীশ হিচাপে নিযুক্তি দিব লাগে।

(৩) বিচাৰকৰ কার্যকাল: বিচাৰকৰ কাৰ্যকালৰ ওচৰতাে ন্যায়পালিকাৰ স্বাধীনতা নির্ভৰ কৰে। কার্যকালৰ স্থায়িত্ব নাথাকিলে বিচাৰকসকলে কেতিয়াও স্বাধীন তথা নিৰপেক্ষ হ’ব নােৱাৰে।

(৪) কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ পৰা মুক্ত : কাৰ্যপালিকা আৰু বিধান মণ্ডলৰ পৰা ন্যায়পালিকাক মুক্ত কৰি ৰাখিব পাৰিলে স্বাধীন আৰু নিৰপেক্ষ বিচাৰ পােৱাটো সম্ভৱ হয়।
(5) অপসাৰণ : কোনাে সুনির্দিষ্ট অভিযােগ ননাহােৱাকৈ আৰু বিশেষ পদ্ধতি অৱলম্বন নকৰাকৈ ন্যায়াধীশ সকলক অপসাৰণ কৰা যুগুত নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top