একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

স্বাধীনতা Class 11 গুৰুত্বপূৰ্ণ প্রশ্নোত্তৰ একাদশ শ্ৰেণী

বিষয় ৰাজনীতি বিজ্ঞান
পাঠৰ নামৰাজনৈতিক তত্ব : স্বাধীনতা
শ্ৰেণী একাদশ শ্ৰেণী
গােটখ – শাখা
পাঠৰ নংঅধ্যায় ২
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

স্বাধীনতা Class 11

ক. অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ১)

১। স্বাধীনতাৰ ইংৰাজী প্রতিশব্দ ‘Liberty কোন ভাষাৰ পৰা আহিছে?
উত্তৰ: লেটিন শব্দ Liber’ পৰা।।

২। সদা জাগ্রত অৱস্থাই স্বাধীনতা’ – কথাষাৰ কোনে কৈছিল?
উত্তৰ : জেফাচনে।

৩। স্বাধীনতা আৰু আইন পৰম্পৰ বিৰােধী’ – কথাষাৰ কোনে কৈছিল?
উত্তৰ : লর্ড একটুনে।

৪। অন লিবার্টি (OnLiberty) নামৰ গ্ৰন্থখনৰ লিখক কোন?
উত্তৰ: জন ষ্টুৱার্ট মিল।

৫। স্বাধীনতা আমাৰ জন্মগত অধিকাৰ। আমি ইয়াক পাবই লাগিব। উক্তিটো কাৰ?
উত্তৰ: বাল গংগাধৰ তিলকৰ।

৬। স্বৰাজ’ মানে কি?
উত্তৰ: স্ব’ মানে নিজা আৰু ৰাজ’ মানে শাসন। সেয়ে স্বৰাজ মানে নিজক নিজে কৰা শাসন ব্যৱস্থা।

৭। লং ৱাক টু ফ্রিডম’ (Long Walk to Freedom) গ্ৰন্থখনৰ লিখক কোন?
উত্তৰ : নেলচন মেণ্ডেলা।

৮। ফ্রিডম ফ্রম ফেয়াৰ’ (Freedom from Fear) গ্ৰন্থখনৰ লিখক কোন?
উত্তৰ : আং চাং ছ্য়ু কী।

৯। মহাত্মা গান্ধীয়ে ‘হিন্দ স্বৰাজ’ (Hind Swaraj) গ্ৰন্থখন কেতিয়া ৰচনা কৰিছিল ?
উত্তৰ: ১৯০৯ চনত।

স্বাধীনতা Class 11

১০। মহাত্মা গান্ধীয়ে স্বৰাজ সম্পর্কে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰ : হিন্দ স্বৰাজ।

১১। ৰামায়ণ ৰিটোল্ড’ (Ramayana Re- told) কিতাপখনৰ ৰচক কোন?
উত্তৰ : ঔব্রে মেনন।

১২। এক মর্যদাপূর্ণ জীৱন নির্বাহৰ বাবে আমি ভয়ৰ পৰা মুক্ত হােৱাটো দৰকাৰ।’—উক্তিটো কাৰ?
উত্তৰ : আং চাং চ্যু কীৰ।

১৩। জন ৱার্ট মিল উদাৰতাবাদৰ সমর্থক আছিল – কথাষাৰ সঁচানে?
উত্তৰঃ সঁচা।

১৪। আং চাং ছ্য়ু কীৰ মতে প্রকৃত স্বাধীনতা কি?
উত্তৰঃ ভয়ৰ পৰা মুক্তি।

১৫। সর্বাত্মক চৰকাৰৰ বিপৰীত ধাৰণাই স্বাধীনতা’ – কোনে কৈছিল?
উত্তৰ : চিলীয়ে।

১৬। লিবাৰ’ (Liber) শব্দৰ অর্থ কি?
উত্তৰঃ মুক্ত।

১৭। স্বাধীনতা অতি শাসন বিৰােধী’ – কথাষাৰ কোনে কৈছিল?
উত্তৰঃ চিলিয়ে।।

১৮। ৰাজনৈতিক স্বাধীনতাৰ অৰ্থ হ’ল ৰাষ্ট্ৰৰ কার্যকলাপত সক্রিয় হােৱাৰ ক্ষমতা’ : উক্তিটো কাৰ?
উত্তৰঃ লাস্কিৰ।

১৯। অর্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অর্থহীন’ – উক্তিটো কাৰ?
উত্তৰঃ চি ই এম জ’দৰ।

২০। প্রাকৃতিক স্বাধীনতাৰ এজন সমর্থকৰ নাম লিখা।
উত্তৰ : ৰুছে।

২১। ‘য’ত আইন নাই তাত স্বাধীনতাও নাই’ – উক্তিটো কাৰ?
উত্তৰ : জন লকৰ।

২৩। স্বাধীনতাই যুক্তিযুক্ত বাধাৰ উপস্থিতিক বুজায়’ – কথাষাৰ সঁচানে?
উত্তৰ : সঁচা।

২৪। আইন স্বাধীনতাৰ চৰ্ত’ – সঁচানে?
উত্তৰঃ সঁচা।

২৪। আইন স্বাধীনতাৰ পৰিপূৰক’ – সঁচানে?
উত্তৰঃ সঁচা।

ৰাজনৈতিক তত্ত্ব একাদশ শ্ৰেণীৰ

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -২)

১। স্বাধীনতা সম্পর্কে লাস্কিয়ে দিয়া সংজ্ঞাটো লিখা।
উত্তৰঃ স্বাধীনতা সম্পর্কে লাস্কিয়ে এক সন্তোষজনক সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে, স্বাধীনতা বুলিলে এনে এটা পৰিবেশৰ সযত্ন সংৰক্ষণক বুজায় য’ত ব্যক্তিয়ে ব্যক্তিত্ব প্রকাশৰ পূর্ণ সুযােগ পায়।

২। প্রাকৃতিক স্বাধীনতাৰ দুজন সমর্থকৰ নাম লিখা।
উত্তৰঃ প্রাকৃতিক স্বাধীনতাৰ দুজন সমর্থক হ’ল — জন লক আৰু ৰুছাে।

৩। স্বাধীনতাৰ সাকাৰাত্মক ধাৰণাটোসমর্থক কৰা দুজন চিন্তাবিদৰ নাম লিখা।
উত্তৰঃ স্বাধীনতাৰ সকাৰাত্মক ধাৰণা সমর্থন কৰা দুজন চিন্তাবিদৰ নাম হ’ল – লাস্কি আৰু গ্ৰীণ।।

৪। স্বাধীনতাৰ নকৰাত্মক ধাৰণাটোৰ দুজন সমর্থকৰ নাম লিখা।
উত্তৰ : স্বাধীনতাৰ নকাৰাত্মক ধাৰণাটোৰ দুজন। সমর্থকৰ নাম হ’ল – জন ৱার্ট মিল আৰু আডাম স্মিথ।

৫। প্রাকৃতিক স্বাধীনতাৰ ধাৰণাটো তুমি গ্রহণযােগ্য বুলি ভাবানে? যুক্তি দিয়া।
উত্তৰ : ৰাষ্ট্ৰৰ জন্মৰ আগতে মানুহে যি অবাধ স্বাধীনতা ভােগ কৰিছিল সেই স্বাধীনতাকে প্রাকৃতিক স্বাধীনতা বুলি কোৱা হয়। অর্থাৎ এনে স্বাধীনতাত আনৰ অধিকাৰৰ প্রতি লক্ষ্য নকৰি নিজ ইচ্ছামতে যি ইচ্ছা তাকে কৰাটো বুজয়। এনে স্বাধীনতাক আমি সমর্থন কৰিব নােৱাৰো। কাৰণ প্রাকৃতিক স্বাধীনতাই সমাজত বিশৃঙ্খলতাৰ সৃষ্ট কৰিব। জোৰ যাৰ মুলুক তাৰ নীতি আজিৰ যুগত গ্রহণযােগ্য নহয়। ব্যক্তি স্বাধীনতা সুৰক্ষাৰ বাবে এক সার্বজনীন অনুষ্ঠানৰ প্রয়ােজন। ৰাষ্ট্ৰ হৈছে এনে এক অনুষ্ঠান। ৰাষ্ট্ৰই- কিছুমান চর্ত সাপেক্ষে জনসাধাৰণক স্বাধীনতা উপভােগ কৰাৰ সুবিধা আৰু পৰিবেশ সৃষ্টি কৰি দিয়ে। গতিকে প্রাকৃতিক স্বাধীনতা অসম্ভৱ।

স্বাধীনতা Class 11

গ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। নকৰাত্মক আৰু সকৰাত্মক স্বাধীনতাৰ মাজত পার্থক্য কি কি ?
উত্তৰ : নকাৰাত্মক আৰু সকাৰাত্মক স্বাধীনতাৰ মাজত থকা পার্থক্যবােৰ হ’লঃ
(ক) নকৰাত্মক স্বাধীনতাই সীমাহীন স্বাধীনতাক সমর্থন কৰে। আনহাতে সকাৰাত্মক স্বাধীনতাই নিয়ন্ত্রিত স্বাধীনতাক সমর্থন কৰে।
(খ) নকাৰাত্মক স্বাধীনতাইৰাষ্ট্ৰক অপ্রয়ােজনয় বুলি গণ্য কৰে। আনহাতে সকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰক প্রয়ােজনীয় অনুষ্ঠান বুলি বিবেচনা কৰে।
(গ) নকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতি সমর্থন কৰে। আনহাতে, সকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰৰ হস্তক্ষেপ আৰু সম্প্ৰসাৰণ নীতি সমর্থন কৰে।

২। আইন আৰু স্বাধীনতাৰ মাজৰ সম্পর্ক আলােচনা কৰা।
অথবা
‘আইন হৈছে স্বাধীনতাৰ চৰ্ত’ আলােচনা কৰা।
উত্তৰ : কিছুমান চিন্তাবিদে আইন আৰু স্বাধীনতা পৰস্পৰ বিৰােধী ধাৰণা বুলি মত প্রকাশ কৰে। সিহঁতে যুক্তি দর্শায় যে আইনে স্বাধীনতা উপভােগ কৰাত হস্তক্ষেপ কৰে। আকৌ আন কিছুমান চিন্তাবিদে কয় যে আইনে যুক্তিসংগত নিয়ন্ত্রণ আৰােপ কৰি স্বাধীনতা উপভােগ কৰাৰ সুবিধা কৰি দিয়ে। যিয়েই নহওক আইন আৰু স্বাধীনতাৰ মাজত ওতঃপ্রােত সম্পর্ক আছে। কাৰণ

(ক) আইনে প্রতিজন ব্যক্তি স্বাধীনতাক আনৰ হস্তক্ষেপৰ পৰা ৰক্ষা কৰে৷
(খ) আইনে সমাজত শান্তি-শৃঙ্খলা আৰু সুস্থ। পৰিবেশ বজাই ৰাখি জনসাধাৰণক স্বাধীনতা উপভোেগ কৰাত সহায় কৰে।
(গ) সাংবিধানিক আইনে মৌলিক অধিকাৰ সুৰক্ষাৰ জৰিয়তে নাগৰিকৰ স্বাধীনতা ভােগ কৰাৰ সুযােগ কৰি দিয়ে। মুঠতে আইন হৈছে এক চর্ত যি যুক্তিসংগতভাৱে স্বাধীনতা উপভােগ কৰাৰ সুযােগ বা পৰিবেশ সৃষ্টিকৰে।

ৰাজনৈতিক তত্ত্ব class 11 স্বাধীনতা

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ৬)

১। স্বাধীনতা কি? স্বাধীনতাৰ বিভিন্ন প্রকাৰসমূহ আলােচনা কৰা।
উত্তৰঃ অসমীয়া স্বাধীনতা’ শব্দৰ ইংৰাজী প্রতিশব্দ হ’ল ‘লির্বাটি’ (Liberty)। আকৌইংৰাজী লিবার্টি (Lib-erty) শব্দটো লেটিন শব্দ ‘লিবাৰ’ (Liber) ৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল মুক্ত। গতিকে উৎপত্তিগত অর্থৰ পিনৰ পৰা স্বাধীনতা মানে কোনাে নিয়ন্ত্ৰণত নাথাকি বাধাহীনভাৱে নিজ ইচ্ছামতে যিকোনাে কাম কৰিব পৰা অৱস্থাকে বুজায়। কিন্তু স্বতন্ত্রতাই নিয়ন্ত্রণহীন অৱস্থাক নুবুজায়। আচলতে সমাজত ব্যক্তিয়ে আনৰ অধিকাৰত হস্তক্ষেপনকৈ নিজৰ অধিকাৰ ভােগ কৰাকে স্বাধীনতা’ বা স্বতন্ত্রতা’বুলি কোৱা হয়। প্রকৃতি অনুসৰি স্বাধীনতাক পাঁচভাগত ভাগ কৰিব পাৰি। যেনে – প্রাকৃতিক স্বাধীনতা, নাগৰিক স্বাধীনতা, ৰাজনৈতিক স্বাধীনতা, ৰাষ্ট্ৰীয় স্বাধীনতা আৰু অর্থনৈতিক স্বাধীনতা। তলত এইবেৰৰ বিষয়ে চমুকৈ আলােচনা কৰা হ’ল –

(ক) প্রাকৃতিক স্বাধীনতা : ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে প্রাকৃতিক অৱস্থাত মানুহে যি স্বাধীনতা ভােগ কৰিছিল সেয়াই আছিল প্রাকৃতিক স্বাধীনতা। প্রাকৃতিক স্বাধীনতা অবাধ আছিল। এই স্বাধীনতা অনুসৰি মানুহে বাধাহীনভাৱে জীৱন-যাপন কৰিব পাৰিছিল।

(খ) নাগৰিক স্বাধীনতা : যিবােৰ সুযােগ-সুবিধা উপভােগৰ দ্বাৰা নাগৰিকে সমাজত ব্যক্তিত্ব আৰু প্রতিভাৰ বিকাশ সাধন কৰিব পাৰে তাকে নাগৰিক
স্বাধীনতা বােলে নাগৰিক স্বাধীনতা হ’ল ৰাষ্ট্ৰৰ অৱদান ইয়াৰ উৎস হ’ল ৰাষ্ট্র।

(গ) ৰাজনৈতিক স্বাধীনতা : নাগৰিকসকলে ৰাষ্ট্র শাসন পৰিচালনাত অংশ গ্রহণ কৰিব পৰা অধিকাৰকে ৰাজনৈতিক স্বাধীনতা বােলে। ভােটদানৰ অধিকাৰটো হ’ল নাগৰিকৰ ৰাজনৈতিক স্বাধীনতা। এই স্বাধীনতাৰ জৰিয়তে নাগৰিকে চৰকাৰ গঠন কৰিব পাৰে, নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰে, চৰকাৰী পদবীৰ বাবে আবেদন কৰিব পাৰে বা অহর্তা অনুসৰি যিকোনাে চৰকাৰী পেশা গ্ৰহণ কৰিব পাৰে।

(ঘ) ৰাষ্ট্রীয় স্বাধীনতাঃ ৰাষ্ট্ৰীয় স্বতন্ত্রতা মানে কোনাে বিদেশী নিয়ন্ত্ৰণৰ পৰা মুক্ত হােৱা অৱস্থাকে বুজায়। অর্থাৎ ৰাষ্ট্ৰীয় স্বাধীনতাই দেশ এখনৰ সার্বভৌম ক্ষমতাৰ অধিকাৰী হােৱা বুজায়।

(ঙ) অর্থনৈতিক স্বাধীনতা : অর্থনৈতিক স্বাধীনতাৰ অর্থ হ’ল আর্থিকভাৱে নাগৰিকসকল স্বতন্ত্র হােৱাকে বুজায়। আইনসংগতভাৱে যিকোনাে কাম কৰাৰ
স্বাধীনতা, উপযুক্ত মজুৰি পােৱাৰ স্বাধীনতা আদি অর্থনৈতিক স্বাধীনতাৰ উদাহৰণ।

Class 11 Political Science Chapter 12 Assamese

২। স্বাধীনতা ৰক্ষাৰ উপায়সমূহ আলােচনা কৰা।
উত্তৰ : অসমীয়া স্বাধীনতা’শব্দৰ ইংৰাজী প্রতিশব্দ হ’ল লির্বাটি’ (Liberty)। আকৌ ইংৰাজী লিবার্টি’ (Liberty) শব্দটো লেটিন শব্দ ‘লিবাৰ’ (Liber) ৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল মুক্ত। গতিকে উৎপত্তিগত অর্থৰ পিনৰ পৰা স্বাধীনতা মানে কোনাে নিয়ন্ত্ৰণত নাথাকি বাধাহীনভাৱে নিজ ইচ্ছামতে যিকোনাে কাম কৰিব পৰা অৱস্থাকে বুজায়। কিন্তু স্বতন্ত্রতাই নিয়ন্ত্রণহীন অৱস্থাক নুবুজায়। আচলতে সমাজত ব্যক্তিয়ে আনৰ অধিকাৰত হস্তক্ষেপ নকৰাকৈ নিজৰ অধিকাৰ ভােগ কৰাকে স্বাধীনতা’ বা ‘স্বতন্ত্রতা’বুলি ক’ব পাৰি। স্বাধীনতা ৰক্ষাৰ বিভিন্ন উপায় আছে। তলত এই উপায়সমূহ আলােচনা কৰা হ’ল –

(ক) সংবিধানত মৌলিক অধিকাৰৰ অন্তর্ভূক্তিঃ নাগৰিকৰ স্বাধীনতা সংৰক্ষণৰ বাবে সংবিধানত মৌলিক অধিকাৰ অন্তর্ভূক্ত কৰিব পাৰি। ইতিমধ্যে আমেৰিকা,ফ্রান্স, ভাৰতবর্ষ আদি দেশৰ সংবিধানত মৌলিক অধিকাৰ অন্তর্ভূক্ত কৰি নাগৰিকৰ স্বাধীনতা ৰক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে। মৌলিক অধিকাৰবােৰ বাদযােগ্য হােৱা বাবে নাগৰিকে এই অধিকাৰ ৰক্ষাৰ বাবে আইনৰ ওচৰ চাপিব পাৰে।

(খ) আইনৰৰ অনুশাসনঃ দেশত আইনৰ শাসন প্রতিষ্ঠা কৰিও স্বাধীনতা সুৰক্ষিত কৰিব পাৰি। আইনৰ শাসন চলিবলৈ এক সুস্থ আৰু কল্যাণমুখী আদর্শবান সংবিধানৰ প্রয়ােজন। আইনৰ অনুশাসন চলিলে ‘আইনৰ চকুত সকলাে সমান’নীতি কার্যকৰী হয় বাবে নাগৰিকৰ স্বাধীনতা সুৰক্ষিত হ’ব পাৰে।

(গ) গণতান্ত্রিক শাসন ব্যৱস্থা : গণতান্ত্রিক শাসন ব্যৱস্থাত স্বাধীনতা সহজে সুৰক্ষিত হ’ব পাৰে। কাৰণ গণতন্ত্রত ৰাইজেই ৰজা৷ ৰাইজে নিজৰ পছন্দ অনুযায়ী নিজকে শাসনৰ বাবে প্রতিনিধি নির্বাচন কৰি আইন সভালৈ পঠিয়ায়। নির্বাচিত প্রতিনিধিজন নাগৰিকৰ প্রতি দায়িত্বশীল থাকে। গতিকে গণতান্ত্রিক শাসন ব্যৱস্থাৰ দ্বাৰাও স্বাধীনতা ৰক্ষা কৰিব পাৰি।

(ঘ) নিৰপেক্ষ বিচাৰ বিভাগঃ দেশত স্বাধীন আৰু নিৰপেক্ষ বিচাৰ বিভাগ স্থাপন কৰিও স্বাধীনতা ভোগ কৰিব পাৰি। কিন্তু বিচাৰ বিভাগে মুক্ত আৰু স্বাধীনভাৱে ন্যায় প্রদান কৰিবলৈ হ’লে ই কাৰ্যপালিকা আৰু বিধান মণ্ডলৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব লাগিব।

(ঙ) ক্ষমতাৰ বিকেন্দ্রীকৰণ : ক্ষমতাৰ বিকেন্দ্রীকৰণৰ জৰিয়তে নাগৰিকে ৰাজনীতিত অংশ গ্রহণ কৰাৰ সুবিধা পায়। ফলত নাগৰিকসকলৰ মাজত ৰাজনৈতিক সচেতনতা গঢ়ি উঠে। স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাই ক্ষমতাৰ বিকেন্দ্রীকৰণক সূচায়। বিশ্বৰ বহুতাে দেশত ক্ষমতাৰ বিকেন্দ্রীকৰণ নীতি গ্রহণ কৰি নাগৰিকৰ স্বতন্ত্রতা সুৰক্ষিত কৰিছে।

(চ) আইনৰ নিম্নতম জ্ঞান : ব্যক্তি স্বাধীনতা ৰক্ষা কৰিবলৈ হ’লে নাগৰিকলকৰ আইনৰ বিষয়ে ন্যতম জ্ঞান থাকিব লাগিব। আইনৰ জ্ঞান অবিহনে ব্যক্তি স্বাধীনতা ৰক্ষা কৰা আৰু উপভােগ কৰাটো অসম্ভৱ হৈ পৰে।

(ছ) চিৰসজাগতা : স্বাধীনতা ৰক্ষাৰ এক উপায় হৈছে চিৰসজাগতা। নাগৰিকসকল সদায় সজাগ হৈ থাকিলে কোনেও স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰাৰ সাহস নাপায়। ফলত স্বাধীনতা সুৰক্ষিত হয়। অবশ্যে চিৰ সজাগতাৰ বাবে সার্বজনীন শিক্ষা লাভ কৰাৰ সুবিধা থকা প্রয়ােজন।

—————–

Here we discuss the answers to the question of Class XI Political Science Lesson 12 “Freedom”. Political Science Questions and HS First Year Answers are available here. The answer to this chapter 12 question this year will give students a clear insight into the exam paper pattern and can focus only on important questions.

Madhav

Madhav Nath is a dedicated teacher and content writer who is passionate about making education accessible and engaging. With a Bachelor of Science in Physics from Dibrugarh University, he possesses a strong foundation in scientific principles and a love for demystifying complex topics. For years, Madhav has been creating high-quality question-and-answer notes and educational materials designed to help students excel in their studies. His writing is known for its clarity, accuracy, and ability to break down difficult concepts into easy-to-understand explanations. He believes that with the right resources, every student can achieve their academic goals. When he is not writing or teaching, Madhav enjoys staying up-to-date with the latest advancements in physics and finding new, innovative ways to share his knowledge with the world.

View all posts by Madhav →

💬 Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam