ৰাজনৈতিক তত্ত্ব Class 11 এক পৰিচয় (প্ৰশ্ন উত্তৰ) একাদশ শ্ৰেণী

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম ৰাজনৈতিক তত্ব : এক পৰিচয়
শ্ৰেণী  একাদশ শ্ৰেণী
গােট খ – শাখা
পাঠৰ নং অধ্যায় ১
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ৰাজনৈতিক তত্ত্ব Class 11 এক পৰিচয়

ক) অতি চম প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক -১)

১। ৰাজনীতি’ (Politics) শব্দটো ক’ৰ পৰা উদ্ভৱ হৈছে?
উত্তৰ: গ্রীক শব্দ ‘পলিচৰ পৰা

২। পলিচ (Polis) শব্দৰ অর্থ কি?
উত্তৰ: নগৰ ৰাষ্ট্র (City-state)।

৩। ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়?
উত্তৰ: এৰিষ্টটলক।

৪। প্রাচীন গ্রীচত ৰাজনীতি’শব্দটো কি বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ?
উত্তৰ: প্রীচীন গ্রীচত নগৰ ৰাষ্ট্র সম্পর্কীয় অধ্যয়ন বা আলােচনাক বুজাবলৈ ৰাজনীতি’ শব্দটো ব্যৱহাৰ কৰা হৈছিল।

৫। ৰাজনীতি সম্পর্কে এৰিষ্টটলে ৰচনা কৰা গ্রন্থখনৰ নাম কি ?
উত্তৰ : পলিটিক্স।

৬। কোনে ৰাজনীতি বিজ্ঞানক শ্রেষ্ঠ বিজ্ঞান বুলি কৈছিল?
উত্তৰ: এৰিষ্ট’টলে।

৭। কোনে ৰাজনীতি বিজ্ঞানক ‘প্রগতিশীল বিজ্ঞান’ বুলি আখ্যা দিছিল ?
উত্তৰ: লর্ড ব্রাইচে।

ৰাজনৈতিক তত্ত্ব এক পৰিচয় Class 11

৮। ৰাজনীতি বিজ্ঞানৰ ব্যৱহাৰিক দিশটো কি?
উত্তৰঃ ৰাজনীতি।

৯। ৰাজনীতিৰ আধ্যাত্মিকীকৰণৰ বিষয়ে কোনে উল্লেখ কৰিছিল ?
উত্তৰ: মহাত্মা গান্ধীয়ে।

১০। মহাত্মা গান্ধীয়ে স্বৰাজ সম্পর্কে ৰচনা কৰা গ্রন্থখনৰ নাম কি?
উত্তৰ: হিন্দ স্বৰাজ।

১১। ৰাজনীতি হ’ল চৰকাৰী নীতি প্রস্তুত কৰা এটা প্রক্রিয়া’ – উক্তিটো কোনে কৰিছিল ?
উত্তৰ: ডাষ্টিন ৰেন্নীয়ে।

১২। ৰিপাব্লিক’ গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰ: গ্রীক দার্শনিক প্লেটো।

১৩। লিবাৰ’(Liber)শব্দটো কোন ভাষাৰ পৰা আহিছে?
উত্তৰ: লেটিন’ভষাৰ পৰা।

১৪। ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন ৰাষ্ট্ৰতেইআৰম্ভ হয় আৰু ৰাষ্ট্ৰতেই অন্ত হয়ঃ উক্তিটো কাৰ?
উত্তৰ: গার্ণাৰৰ।

১৫। সকাৰাত্মক স্বাধীনতা মানে কি?
উত্তৰঃ বাধা-নিষেধ থকা স্বাধীনতা।

১৬। লিবাৰ’ (Liber) শব্দৰ অর্থ কি?
উত্তৰ: মুক্ত।

১৭। স্বাধীনতা অতি শাসন বিৰােধী’ –কথাষাৰ কোনে কৈছিল?
উত্তৰ: চিলিয়ে।

১৮। সাধাৰণ ইচছাৰ ধাৰণাটে। কোন চিন্তাবিদৰ ?
উত্তৰ : ৰুছোৰ।

১৯। গণতন্ত্রৰ উৎকৃষ্ট সংজ্ঞা দিয়া ব্যক্তিজন কোন?
উত্তৰ: আব্রাহাম লিংকন।

২০। বৈজ্ঞানিক সমাজবাদৰ পিতৃ কোন?
উত্তৰ : কার্ল মাক্স।

২১। প্লেটোৰ মতে ৰাষ্ট্ৰ এখনৰ জনসংখ্যা কিমান হােৱা উচিত ?
উত্তৰ: ৫০৪০ জন।

২২। ৰাষ্ট্ৰৰ ভিত্তি শক্তি নহয়, সামূহিক ইচ্ছাহে’? কথাষাৰ কোনে কৈছিল ?
উত্তৰ : গ্রীণ।

লগতে পঢ়ক:   শান্তি Class 11 [প্রশ্নোত্তৰ] ৰাজনীতি বিজ্ঞান একাদশ শ্ৰেণী

২৩। মানুহ স্বাভাবিকভাবেই সমাজপ্রিয় জীৱ- কথাষাৰ কোনে কৈছিল?
উত্তৰ: এৰিষ্ট’টলে।

২৪। ভাৰতীয় জনসাধাৰণৰ তথ্য জনাৰ অধািকৰ আছেনে?
উত্তৰ: আছে।

ৰাজনৈতিক তত্ব : এক পৰিচয়

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ২)

১। ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজত থকা দুটা পার্থক্য উল্লেখ কৰা।
উত্তৰ : ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজত কিছু পার্থক্য আছে। যেনে –
(ক) ৰাজনীতি বিজ্ঞানৰ পৰিসৰ বিশাল। ই ৰাজীনীতিৰ তাত্ত্বিক দিশ আৰু ব্যৱহাৰিক দিশ দুয়ােটাই সামৰি লয়। আনহাতে ৰাজনীতিয়ে ৰাজনীতি বিজ্ঞানৰ ব্যৱহাৰিক দিশটোকহে সূচায়।

দ্বিতীয়তে, ৰাজনীতি বিজ্ঞান হৈছে এক শাস্ত্র। ই প্রণালীবদ্ধ অধ্যয়নৰ লগত জড়িত এক বিজ্ঞান। আনহাতে ৰাজনীতি হৈছে দেশৰ শাসন কার্যৰ লগত
জড়িত বাস্তৱ বিষয়। ই সংঘাত, সহযােগিতা, প্রতিযােগিতা আদিৰ বাস্তৱ অৰিয়া-অৰিৰ ক্ষেত্র।

২। ৰাজনৈতিক তত্ত্বৰ ভাৰতীয় দৃষ্টিভংগী আৰু গ্রীক দৃষ্টিভংগীৰ মাজত দুটা পার্থক্য লিখ।
উত্তৰঃ ৰাজনৈতিক তত্ত্বৰ ভাৰতীয় দৃষ্টিভংগী আৰু গ্রীক দৃষ্টিভংগীৰ মাজত দুটা পার্থক্য হল-
(ক) ভাৰতীয় দৃষ্টিভংগী মতে ৰাষ্ট্র এক মানৱীয় অনুষ্ঠান। ই নিৰাপত্তা জনিত চুক্তিৰ ফলত সৃষ্টি হৈছে। আনহাতে গ্রীক দৃষ্টিভংগী মতে ৰাষ্ট্ৰ হৈছে এক প্রাকৃতিক অনুষ্ঠান।

(খ) ভাৰতীয় দৃষ্টিভংগীত ৰাষ্ট্ৰ আৰু চৰকাৰ দুটা পৃথক অনুষ্ঠান। কিন্তু গ্রীক দৃষ্টিভংগীমতে ৰাষ্ট্ৰ আৰু চৰকাৰ একে। দুয়ােটাৰ মাজত একো পার্থক্য নাই।

৩। আধুনিক ৰাজনৈতিক তত্ত্বৰ দুটা সমস্যা উল্লেখ কৰা।
উত্তৰ : আধুনিক ৰাজনৈতিক তত্ত্বৰ দুটা সমস্যা হল :
(ক) আধুনিক ৰাজনৈতিক তত্ত্বত সর্বজন গৃহীত তত্ত্বৰ অভাৱ।
(খ) আধুনিক ৰাজনৈতিক তত্ত্বত সামাজিক প্ৰমূল্যৰ স্থান অতি কম।

৪। পৰম্পৰাগত দৃষ্টিভংগীৰ মতে ৰাজনীতি বিজ্ঞানৰ দুটা মূল বিষয়বস্তু উল্লেখ কৰা।
উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ পৰম্পৰাগত দৃষ্টিভংগী মতে ৰাজনীতি বিজ্ঞানৰ দুটা মূল বিষয়বস্তু হ’ল ৰাষ্ট্ৰ আৰু চৰকাৰ।

ৰাজনৈতিক তত্ত্ব Class 11

গ. চমু প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। গণতন্ত্ৰৰ সাফল্যৰ বাবে সতর্ক নাগৰিকৰ প্রয়ােজন।’ — উক্তিটো ব্যাখ্যা কৰা।
উত্তৰ: গণতন্ত্রৰ সাফল্যৰ বাবে সতর্ক নাগৰিকৰ। প্রয়ােজন কথাষাৰ বৰ তাৎপর্যপূর্ণ। কাৰণ গণতন্ত্র হৈছে এনে এক শাসন ব্যৱস্থা য’ত জনসাধাৰণেই হৈছে। দেশ এখনৰ প্রশাসক। জনসাধাৰণে সিহঁতৰ মাজৰ পৰা গণতান্ত্রিক পদ্ধতিত প্রতিনিধি নির্বাচন কৰি দিয়ে আৰু সেইনির্বাচিত প্রতিনিধিয়ে ৰাইজৰ হৈৰাইজক শাসন কৰে।বহুসময়ত নির্বাচিত প্রতিনিধিসকল ক্ষমতাৰ লােভত স্বেচ্ছাচাৰী হৈউঠে। প্রতিনিধিসকলৰ স্বেচ্ছাচাৰীতাকবাধা দিবলৈ দেশৰ প্ৰতিজন নাগৰিক সচেতন হােৱা উচিত।

লগতে পঢ়ক:   জাতীয়তাবাদ Class 11 Political Science Chapter 17 Assamese Medium

দ্বিতীয়তে, নাগৰিকসকলে গণতান্ত্রিক আদর্শ বজাই ৰাখিব লাগিব। গণতান্ত্রিক ধ্যান-ধাৰণা, আদর্শ আদিৰ বিষয়ে সম্যক জ্ঞান থাকিলেহে নাগৰিক সকলে, এইবােৰৰ মূল্য অনুধাৱন কৰিব পাৰে আৰু নিজকে ৰাজনৈতিক প্রাণী হিচাপে উপলব্ধি কৰিব পাৰে।

তৃতীয়তে, গণতন্ত্রত প্রতিজন নাগৰিকেই দায়িত্বশীল। নাগৰিকৰ সুশিক্ষা, সচেতনতা, সক্রিয়তা, দায়িত্ববােধ থাকিলেহে গণতান্ত্রিক প্রমূল্যবােধ বৰ্তি থাকিব পাৰে। সেয়ে গণতন্ত্ৰৰ সাফল্যৰ বাবে সতর্ক নাগৰিকৰ প্রয়ােজন।

Class 11 Political Science Chapter 11 Assamese

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰঃ প্রত্যেকটোৰ মূল্যাংক-৬)

১। ৰাজনীতি বিজ্ঞানৰ পৰিসৰ (বিষয়-বস্তু) আলােচনা কৰা।
উত্তৰঃ ৰাজনীতি বিজ্ঞান হ’ল চৰকাৰ আৰু ইয়াৰ কার্যকলাপৰ লগত সম্পর্ক থকা বিষয়ৰ বিজ্ঞানাৰাজনীতি বিজ্ঞানে তলত উল্লেখ কৰা বিষয়বােৰ সামৰি লয়।
(ক) ৰাজনীতি বিজ্ঞানে ৰাজনৈতিক তত্ত্বৰ মূল বিষয়- বউ যেনে – ৰাষ্ট্রৰ উৎপত্তি, প্রকৃতি, উপাদান, আদি তত্ত্ব ব্যাখ্যা কৰাৰ উপৰিও চৰকাৰ, চৰকাৰৰ নীতি,
কার্যাৱলী, ক্ষমতাৰ বিভাজন, ক্ষমতা প্রয়ােগ, চৰকাৰৰ কল্যাণমুখী আঁচনিৰ তত্ত্ব আদি বিষয় আলােচনা কৰে।
(খ) ৰাজনীতি বিজ্ঞানে ক্ষমতা আহৰণৰ উপায়, ক্ষমতাৰ প্ৰকাৰ আদি বিষয় আলােচনা কৰে।
(গ) ৰাজনৈতিক তত্ত্বই বিভিন্ন ৰাজনৈতিক আদর্শ সমাজবাদ, ব্যক্তিবাদ, উদাৰতাবাদ আদি বিষয়ৰ আলােচনা সামৰি লয়।
(ঘ) ৰাজনৈতিক তত্ত্বই বাস্তৱ ৰাজনৈতিক ঘটনা প্রবাহৰ এক পদ্ধতিগত আলােচনা আগবঢ়ায়
(ঙ) ৰাষ্ট্ৰৰ বিভিন্ন তাত্বিক দিশ আলােচনা কৰাৰ উপৰিও জনসাধাৰণৰ বাবে সৃষ্টি কৰা বিভিন্ন কল্যাণকামী সংস্থা, অনুষ্ঠান, প্রতিষ্ঠান আদিৰ বিষয়েও ৰাজনীতি বিজ্ঞানে অধ্যয়ন কৰে।

_____

ৰাজনৈতিক তত্ত্ব Class 11 Political Science Chapter 11 question Answer available here

প্ৰশ্ন: আধুনিক ৰাজনৈতিক তত্ত্বৰ দুটা সমস্যা উল্লেখ কৰা।

উত্তৰ : আধুনিক ৰাজনৈতিক তত্ত্বৰ দুটা সমস্যা হল :
(ক) আধুনিক ৰাজনৈতিক তত্ত্বত সর্বজন গৃহীত তত্ত্বৰ অভাৱ।
(খ) আধুনিক ৰাজনৈতিক তত্ত্বত সামাজিক প্ৰমূল্যৰ স্থান অতি কম।

প্ৰশ্ন: ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়ােজনীয়তা আলােচনা কৰা।

উত্তৰ: মানুহৰাজনৈতিক প্রাণী হিচাপে ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়ােজন আছে। কাৰণ –
(ক) ৰাজনৈতিক পণ্ডিতসকলে নতুন নতুন তত্ত্ব, ধাৰণা, সূত্র, নীতি আদিৰ সৃষ্টি কৰে। ৰাজনৈতিক তত্ত্ব অধ্যয়নে আমাক এইনতুন নতুন তত্ত্ব আৰু ধ্যান ধাৰণাৰ সৈতে পৰিচয় কৰাই দিয়ে।
(খ) ৰাজনৈতিক তত্ত্বই আমাক ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আদি বিভিন্ন সমস্যা সমাধান কৰাৰ উপায় বিচাৰি উলিওৱাত সহায় কৰে।
(গ) আমি গণতান্ত্রিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে ৰাষ্ট্ৰৰ বিভিন্ন নীতি, আদর্শ,ৰাষ্ট্ৰ পৰিচালনাৰ পদ্ধতি,ৰাজনৈতিক দল আদি সম্পর্কে ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰি এইবােৰ সম্পর্কে জ্ঞান আহৰণ কৰিব পাৰাে।
(ঘ) ৰাজনৈতিক তত্ত্বইনতুন নতুন ধ্যান-ধাৰণা সৃষ্টিত সহায় কৰে।
(ঙ) ৰাজনৈতিক তত্ত্বই আমাক সমতা বা ন্যায় সম্পর্কে প্রণালীবদ্ধ জ্ঞান লাভ কৰাত সহায় কৰে।

প্ৰশ্ন: আধুনিক ৰাজনৈতিক তত্ত্বৰ দুটা সমস্যা উল্লেখ কৰা।

উত্তৰ : আধুনিক ৰাজনৈতিক তত্ত্বৰ দুটা সমস্যা হল :
(ক) আধুনিক ৰাজনৈতিক তত্ত্বত সর্বজন গৃহীত তত্ত্বৰ অভাৱ।
(খ) আধুনিক ৰাজনৈতিক তত্ত্বত সামাজিক প্ৰমূল্যৰ স্থান অতি কম।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top