জাগা জননীৰ সন্তান Class 8 Assamese Chapter 4 question answer || অষ্টম শ্ৰেণী অসমীয়া পাঠ 4 প্ৰশ্ন উত্তৰ |
| জাগা জননীৰ সন্তান Class 8 | |
| শ্ৰেণী | অষ্টম শ্ৰেণী |
| পাঠ | জাগা জননীৰ সন্তান (4) |
| সমাধান | পাঠভিত্তিক প্ৰশ্ন উত্তৰ |
| বিষয় | অসমীয়া |
| মাধ্যম | অসমীয়া |
| পাঠ্যক্ৰম | NCERT |
জাগা জননীৰ সন্তান Class 8
পাঠভিত্তিক ক্রিয়াকলাপ
প্রশ্ন ২। গীতটো ভালদৰে পঢ়া আৰু বুজি লােৱা।
উত্তৰঃ গীতটো পঢ়ি এই কথা বুজি পােৱা হ’ল যে দেশমাতৃৰ সুসন্তান সকলে মৃত্যু গছকি হ’লেও দুর্জয় অভিযান কৰি দেশমাতৃক বহিঃশত্ৰুৰপৰা ৰক্ষা কৰিব লাগে, দেশ মাতৃৰ সন্মান অটুট ৰাখিবলৈ সন্তান সকলে কর্ম কৰিবই লাগিব। দেশত কর্মহীনতা অথবা কাপুৰুষতাৰ ঠাই নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভাল পােৱাই মানুহক শক্তিশালী কৰি, তােলে, জগাই তােলে অন্তৰৰ সাহসী সত্তাক। আপােন দেশক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুন্ন ৰাখিবলৈ দুর্মদ বীৰ অজেয় নৱ জোৱান সকল সততে সজাগ হৈ থাকিব লাগে। তেতিয়া মাতৃভূমিৰ কেতিয়াও কোনেও হানি-বিঘিনি কৰিব নােৱাৰে।
প্রশ্ন ৩। উত্তৰ দিয়া
(ক) কবিয়ে কাক জাগি উঠিবলৈ কৈছে?
উত্তৰঃ কবিয়ে জননীৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে।
(খ) দুর্জ্জয় অভিযান বুলি কি বুজাইছে?
উত্তৰঃ মৃত্যুভয়কো নেওচি মাতৃভূমিক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহাকেই দুর্জ্জয় অভিযান বুলি কৈছে।
(গ) দুর্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে?
উত্তৰঃ মাতৃভূমিৰ সন্তান ৰক্ষা তথা বহিঃ শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ কৈছে।
(ঘ) জননীৰ সন্তানক কিহে দুর্বল কৰাৰ কথা কৈছে?
উত্তৰঃ জননীৰ সন্তানক কর্মহীনতা অথবা কাপুৰুষতাই দুর্বল কৰাৰ কথা কৈছে।
(ঙ) তথাপিও নাই ভয়’ বুলি কৈছে?
উত্তৰ: তথাপিও নাই ভয়’ বুলি এই কাৰণেই কৈছে যে জননীৰ সন্তান সকল দুর্মদ বীৰ অজেয় নৱ জোৱান। তেওঁলোেক শক্তিমান, দুর্নিবাৰ।
(চ) কাৰ জয় নিনাদত শক্র কম্পমান বুলি উল্লেখ কৰিছে?
উত্তৰঃ অজৈয় নৱ-জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে।
(ছ) আপােন পাহৰা বীৰ কি বুলি আখ্যা দিছে?
উত্তৰ: আপােন পাহৰা বীৰক অজেয় নৱ-জোৱান বুলি আখ্যা দিছে।
জাগা জননীৰ সন্তান কবিতা
প্রশ্ন ৪। গীতটোৰ বুজি নােপােৱা শব্দবােৰৰ অৰ্থ বুজি লােৱা।
উত্তৰঃ জননী – আই, মাতৃ।
মৃত্যুক গছকি – মৃত্যু ভয় ত্যাগ কৰি।
দুর্জয় – সহজে জয় কৰিব নােৱাৰি, যাক বাধা দিব নােৱাৰি ।
দুর্মদ – অজেয়, নতি স্বীকাৰ নকৰা।
জাগা জননীৰ সন্তান কবিতা মূলভাৱ
প্রশ্ন ৫। গীতটোৰ মূলভাৱ লিখা।
উত্তৰঃ দেশমাতৃৰ আহ্বানত দেশৰ সু-সন্তানসকল যুগে যুগে নিজ কর্তব্যত আগবাঢ়ি গৈছে। স্বদেশ-স্বজাতিৰ উন্নতি আৰু ৰক্ষাৰ অভিযানত কর্মহীনতা অথবা কাপুৰুষতাৰ কোনাে স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপােৱাই মানুহক শক্তিশালী আৰু দুর্জয় সাহসী কৰি তােলে। নিজ দেশমাতৃক ৰক্ষা কৰিবলৈ, মাতৃভূমিৰ সন্মান অক্ষুন্ন ৰাখিবলৈ কোনাে ক্ষেত্রতে নতি স্বীকাৰ নকৰা নৱ-জোৱান সকল দেশৰ অতন্দ্র প্রহৰী। এই সকল জোৱান সদা সতেজ হৈ থাকিলে দেশ সদায় সুৰক্ষিত হৈ থাকিব।
জাগা জননীৰ সন্তান প্ৰশ্ন উত্তৰ
খ-ভাষা অধ্যয়ন
প্রশ্ন ৬া বাক্য ৰচনা কৰা ?
শক্তিমান, কাপুৰুষ, নিনাদ, অজেয়, অভিযান।
উত্তৰঃ শক্তিমান – শক্তিমান পুৰুষে কাৰােলৈকে ভয় নকৰে।
কাপুৰুষ – সমাজ আৰু দেশৰ অন্যায় কাপুৰুষৰহে কাম।
নিনাদ – গহন বনত চৰাই-চিৰিকতিৰ সুললিত নিনাদে মনত বৰ আনন্দ দিয়ে।
অজেয়- মহাবীৰ লাচিত এগৰাকী অজেয় বীৰ আছিল।
অভিযান – সর্বশিক্ষা অভিযানে অসমৰ শিক্ষাজগতত নতুন পথৰ সন্ধান দিছে।
সন্ধি গঠন কৰা আৰু ভাঙা
দেৱ + অসুৰ = দেৱাসুৰ।
মহর্ষি = মহা + ঋষি
মূৰ + অৰি = মূৰাৰি।
নৰেন্দ্র = নৰ + ইন্দ্র।
কুশ + আসন = কুশাসন।
দশ + আনন = দশানন।
মনােযােগ = মনঃ + যােগ।
বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ।
উল্লেখ- উৎ + লেখ।
মহা + অৰ্ণৱ = মহার্ণৱ
উজ্জ্বল = উৎ + জ্বল।
নাৱিক = নৌ + ইক।
দিগন্ত = দিক্ + অন্ত।
দিগন্ত = দিক্ + অন্ত।
Class 8 Assamese Chapter 4 question answer
প্রশ্ন ৭। বিপৰীত অর্থ বুজোৱা শব্দ লিখা।
মৃত্যু, জয়, কাপুৰুষ, ভয়, শত্রু, দুর্বল।
উত্তৰঃ মৃত্যু – জন্ম, জয় – পৰাজয়, কাপুৰুষ- সুপুৰুষ। ভয় – সাহস, নির্ভয়, |শত্রু- মিত্র, |দুর্বল -সবল।
প্রশ্ন ৮ তলৰ শব্দবােৰৰ সমার্থক শব্দ লিখা।
জননী, সন্তান, বীৰ, নিনাদ।
উত্তৰঃ জননী – মাতৃ, মাক, আই, জন্মদাত্রী।
সন্তান – পুত্র বা পুত্রী, তনয় বা তনয়া, পাে বা পােৱতী।
বীৰ – নায়ক, নেতা, শক্তিমান, শক্তিবন্ত।
নিনাদ – শব্দ, ধ্বনি, মাত।
প্রশ্ন ৯। এটা শব্দত প্ৰকাশ কৰা
(ক) সাহস থকা মানুহ
উত্তৰঃ সাহসী, সাহিয়াল।
(খ) জাকৈৰে মাছ ধৰা মানুহ।
উত্তরঃ জাকৈয়া।
(গ) যাৰ শক্তি আছ
উত্তৰঃ শক্তিমান, শক্তিৱন্ত।
(ঘ) যাক জিনিব নােৱাৰি
উত্তৰঃ অজেয়, অজিনি।
প্রশ্ন ১০। তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা।
মান, দুর্বলতা, দর্শন, দুখ, মানব।
মান -মানী।
দুর্বলতা – দুর্বল।
দর্শন – দার্শনিক।
দুখ- দুখীয়া।
মানৱ —মানৱিক।
Class 8 Assamese Chapter 4 question answer
প্রশ্ন ১১। ভাব বহলাই লিখা
সাতোৰ সাতোৰ, নিজ বাহুবলে,
সাতুৰিব নােৱাৰিলে যা ৰসাতলে।
উত্তৰঃ সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব। কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়তহে সাঁতুৰিব পৰা যায়। তেনেদৰে সাঁতুৰিব নােৱাৰিলে ৰসাতললৈ অর্থাৎ পানীত ডুবি মৰিবলগীয়া হয়। আনৰ সহায়ত বা আনৰ বাহুবলেৰে সাঁতুৰিব পৰা নাযায়।
এই কথাৰপৰা ইয়াকে কব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহ’লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু যত্ন কৰিব লাগিব। আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিষ্ফল। নিজৰ কঠোৰ পৰিশ্ৰম আৰু চেষ্টা নাথাকিলে জীৱনত কৈতিয়াও কোনাে কামতে সফলতা বা উন্নতি আশা কৰিব নােৱাৰে; বৰং জীৱনলৈ অধঃপতনহে আহি পৰে।
প্রশ্ন ১২। জ্যোতি প্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্রহ কৰি গাবলৈ অভ্যাস কৰা।
উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ এটি গীত
ৰূপহ কোঁৱৰৰ চুমা পৰশতে
লাজুকী কুঁৱৰী মৰহি যায়।
সােণতে সুৱগা আহি সানি দিলে
গােলাপী গালতে ৰঙে চৰাই।
সপােনৰে সখা আহি দিলে দেখা
দিয়া সখী দিয়া হিয়া বিলাই।
জাগা জননীৰ সন্তান Class 8 Question Answer
প্রশ্ন ১৩। জ্যোতি প্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটকেইখনৰ নাম লিখি তাৰে এখনৰ কাহিনীটো চমুকৈ লিখা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটকেইখনৰ নাম হল- শােণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, নিমাতী কইনা বা ৰূপকোঁৱৰ, সােণ পখিলী, লভিতা, খনিকৰ, কনকলতা, সুন্দৰ কোৱৰ।
এই নাটসমূহৰ ভিতৰৰে নিমাতী কইনা বা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখনি মনােমােহা শিশু-নাটিকা। ইয়াৰ কাহিনীটো চমুকৈ তলত উল্লেখ কৰা হ’ল— আমাৰ বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘ নিমাতী কইনা’নামৰ সাধুটিৰপৰা কাহিনী লৈ এই নাটখনি ৰচনা কৰা হৈছে। ইয়াত ঘাই দুটা চৰিত্ৰ হ’ল নিমাতী কইনা আৰু ৰূপকোঁৱৰ। নিমাতীক ইয়াত বােধন কৰিবলৈ দিয়া কলালক্ষ্মী’ স্বৰূপে আৰু ৰূপকোঁৱৰক চিৰ সুন্দৰৰ প্রধান মহাসিদ্ধ সাধক ৰূপে অংকন কৰিছে। কলালক্ষ্মীয়ে সাধকৰ আমন্ত্রণ আৰু বােধন মন্ত্ৰতহে উদ্বোধিত হৈ জগতত হাঁহে। কলালক্ষ্মীৰ হাঁহিয়েই হৈছে আনন্দ আৰু তেওঁৰ গানেই হৈছে বিশ্ব শান্তি। মানৱ জাতিৰ সকলাে কলা-সাধনাই পৃথিৱীত আনন্দ আৰু শাস্তি প্রতিষ্ঠা কৰে। মানুহৰ সভ্যতাৰ অধিষ্ঠাত্রী হৈছে কলালক্ষ্মী। পৃথিৱীত আজি সকলােৱেই নানা কলা-সাধনাৰে এই কলালক্ষ্মীৰ হাঁহি আৰু গান উলিয়াব পৰা নাই। চিৰসুন্দৰৰ একান্ত সেৱক ৰূপকোঁৱৰৰ হাতত পৃথিৱীৰ ভাৰ পৰিলেহে পৃথিৱীত সুন্দৰৰ ৰাজ্য স্থাপন হ’ব, নিমাতী কইনা অর্থাৎ কলালক্ষ্মীৰ মুখৰ মাত ফুটিব, মুখত হাঁহি বিৰঙিব আৰু আনন্দৰ গীত বাজি উঠিব।
এয়াই থুলমূলকৈ ‘নিমাতী কইনা বা ৰূপকোঁৱৰ নামৰ শিশু নাটিকাখনিৰ কাহিনী বা বিষয়বস্তু।
Assamese Class 8 Book Answer
| অসমীয়া | |
| পাঠ নং | পাঠৰ নাম |
| পাঠ ১ | নিয়ৰ (কবিতা) |
| পাঠ ২ | যুগমীয়া শৰাইঘাট |
| পাঠ ৩ | এন্ ফ্রাংকৰ ডায়েৰি |
| পাঠ ৪ | জাগা জননীৰ সন্তান (কবিতা) |
| পাঠ ৫ | ভক্তপ্রাণ প্রহ্লাদ |
| পাঠ ৬ | প্রগতিৰ সােণালী বাট |
| পাঠ ৭ | বস্তু বিজ্ঞান অধ্যয়ন |
| পাঠ ৮ | শ্ৰীশ্ৰী শংকৰদেৱ (কবিতা) |
| পাঠ ৯ | ভয় |
| পাঠ ১০ | পৰীক্ষিতৰ ব্ৰহ্মশাপ |
| পাঠ ১১ | অতীতক নাযাবা পাহৰি |
| পাঠ ১২ | সুখ (কবিতা) |
| পাঠ ১৩ | হােমি জাহাংগীৰ ভাবা |
| পাঠ ১৪ | সংস্কৃতি আৰু আমাৰ জীৱন |
| পাঠ ১৫ | শিশুলীলা – শ্ৰীশ্ৰীশংকৰদেৱ |