বস্তু বিজ্ঞান অধ্যয়ন Class 8 Assamese Chapter 7

বস্তু বিজ্ঞান অধ্যয়ন || Class 8 Assamese Chapter 7 question answer || অষ্টম শ্ৰেণী অসমীয়া পাঠ 7 প্ৰশ্ন উত্তৰ

বস্তু বিজ্ঞান অধ্যয়নClass 8
শ্ৰেণী (Class) অষ্টম শ্ৰেণী
পাঠ (Lesson) বস্তু বিজ্ঞান অধ্যয়ন (7)
সমাধান পাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় (Subject) অসমীয়া
মাধ্যম অসমীয়া
পাঠ্যক্ৰম
NCERT

বস্তু বিজ্ঞান অধ্যয়ন

সত্যনাথ বৰা।

ক – পাঠভিত্তিক ক্রিয়া কলাপ)
প্রশ্ন ১। উত্তৰ দিয়া।
(ক) বিজ্ঞানশাস্ত্র কিহৰ ভঁৰাল ?
উত্তৰঃ বিজ্ঞান শাস্ত্র জ্ঞানৰ ভঁৰাল।

(খ) বিজ্ঞানৰ বলত মানুহে কেনেধৰণৰ কাম কৰিবলৈ ধৰিছে?
উত্তৰঃ বিজ্ঞানৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিবলৈ ধৰিছে।

(গ) বিজ্ঞানচর্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে?
উত্তৰ বিজ্ঞান চর্চা কৰিলে মানুহে প্ৰকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰিব পাৰিছে।

(ঘ) উদ্‌গতি পথত কিহে বাধা দিয়ে?
উত্তৰঃ জাতীয় কুসংস্কাৰে জাতীয় উদগতিৰ পথত আৰু ব্যক্তিৰ কু-সংস্কাৰে ব্যক্তিৰ উদ্‌গতি পথত বাধা দিয়ে।

(ঙ) ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে?
উত্তৰ ধনগুলৈক প্রেতৰ মায়া বুলি মানুহে বিশ্বাস কৰে।

(চ) হাতীয়ে গা লৰালে কি হয় বুলি ভাবে?
উত্তৰ হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে।

(ছ) বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়?
উত্তৰঃ বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়।

প্রশ্ন ২। ধনগুলৈৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা।
উত্তৰ পানী কাষৰীয়া ঠাইত গধূলি মলিয়ন বস্তুৰ ভাপ ওলায়। সেই ভাপ বাহিৰৰ পৰিষ্কাৰ বাযুত পৰিলে জ্বলি উঠে। ইয়াকে ধনগুলৈ বােলা হয় আৰু ইয়াৰ উৎপত্তি এনেকৈয়ে

প্রশ্ন ৩। প্রতিধ্বনি’ কেনেকৈ হয় ?
উত্তৰঃ হাবিয়নিত ৰা পাহাৰ, নৈৰ গৰা আদিৰ ওচৰত চিঞৰিলে সেই চিঞৰ এইবােৰত খুন্দা খাই ঘূৰি আহি আমাৰ কাণত বাজি উঠে। ইয়াকে প্রতিধ্বনি বােলে আৰু এনেকৈয়ে প্রতিধ্বনি হয়।

প্রশ্ন ৪। কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় ?
উত্তৰঃ বিজ্ঞান শাস্ত্ৰৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে। ৰে’ল, জাহাজ, টেলিফোন, ফটোগ্রাফ, ফনােগ্রাফ, গ্রামােফোন, অণুবীক্ষণ, দূৰবীক্ষণ; সম্প্রতি ওলােৱা বিমান, নানাবিধ ঔষধ আৰু নানাৰম চিকিৎসা প্রণালী এই আটাইবিলাক বিজ্ঞান চর্চাৰ  ফল। বিজ্ঞান চর্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি অর্থাৎ প্রাকৃতিক ঘটনাবােৰৰ মূল কাৰণ জানিব পাৰি। সেই কাৰণেই বিজ্ঞান শাস্ত্রক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়।

প্রশ্ন ৫। বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি কি কি আৱিষ্কাৰ কৰিছে?
উত্তৰ : বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি টেলিফোন, গ্রামােফোন, ফণােগ্রাফ আদি যন্ত্র আৱিষ্কাৰ কৰিছে।

Class 8 Assamese Chapter 7 question answer

প্রশ্ন ৬। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

(ক) কুসংস্কাৰ উদগতিৰ পথৰ এটা বাধা।
উত্তৰঃ কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠৰ পৰা তুলি অনা হৈছে।
মানুহৰ মাজত চলি অহা সকলাে বিশ্বাসেই যে সঁচা নহয়, বিজ্ঞানে তাৰ সঁচা-মিছা প্রমাণ কৰিব পাৰে এই কথা ক’বলৈ যাওঁতে কথাফাকি উল্লেখ কৰিছে।
প্রাচীন কালৰ পৰাই মানুহে মিছা কথা কিছুমাননা সঁচা বুলি বিশ্বাস কৰি আহিছে। এইবােৰকে কু-সংস্কাৰ বােলে। এনে জাতীয় কুসংস্কাৰে জাতীয় উদ্‌গতিৰ পথ আৰু ব্যক্তিৰ কু-সংস্কাৰে ব্যক্তিগত উদ্‌গতিৰ পথত বাধা দি আহিছে। এই কু-সংস্কাৰবােৰ আঁতৰাবলৈ বিজ্ঞানে বর্তমান অহৰহ চেষ্টা কৰি আহিছে। কাৰণ বিজ্ঞানে এইবােৰৰ সঁচা-মিছা নিৰূপণ কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰিছে।

(খ) বিজ্ঞান শাস্ত্র জ্ঞানৰ ভঁৰাল।
উত্তৰঃ এই কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। বর্তমান বিজ্ঞানে মানুহক কিমান জ্ঞানৰ খবৰ দি আহিছে, মানুহৰ কিমান উপকাৰ কৰিছে তাৰ কথা কবলৈ যাওঁতেই পাঠটিত এনেদৰে উল্লেখ কৰিছে। বিজ্ঞানে সকলাে ধৰণৰ জ্ঞান প্ৰদান কৰিব পাৰে। বিজ্ঞানৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে। বিজ্ঞানে প্রকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰিব পাৰে। অর্থাৎ প্রাকৃতিক ঘটনাবােৰৰ মূল কাৰণ উদ্ঘাটন কৰিব পাৰে। ৰেল, জাহাজ, টেলিফোন, টেলিগ্রাফ, ফনােগ্রাফ, আমােফোন,অণুবীক্ষণ, দূৰৰীক্ষণ, সম্প্রতি ওলােৱা বিমান, যানবাহন, নানাবিধ ঔষধী আৰু চিকিৎসা প্রণালী আদিৰ সৃষ্টি বিজ্ঞান শিক্ষাৰ ফল। আজি মানুহৰ জীৱন ধাৰণৰ সকলাে দিশতে বিজ্ঞানৰ অৱদান আছে। সেইকাৰণেই বিজ্ঞানশাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি।
কৈছে।

(গ) মনুষ্য জাতিৰ বর্তমান সভ্যতা কেৱল বিজ্ঞানৰ ফল।
উত্তৰঃএই কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। মানৱ জাতিৰ ওপৰত বর্তমান বিজ্ঞানৰ প্ৰভাৱ সম্পর্কে ক’বলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰিছে।
বিজ্ঞানশাস্ত্র হ’ল জ্ঞানৰ ভঁৰাল। ইয়াৰ দ্বাৰা মানুহৰ মাজত চলি অহা কুসংস্কাৰবােৰ আঁতৰ কৰাৰ উপৰি প্ৰকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰি মানুহৰ মাজত প্রকৃত সত্যটা প্রকাশ কৰিছে। সমাজৰ সকলাে বাধা আঁতৰাই উদগতিৰ পথত বাট বুলিবলৈ বিজ্ঞানে শিক্ষা দিছে। মানুহে আগৰ বেয়া কথা, বেয়া চিন্তা, কু-সংস্কাৰ আদি আঁতৰাই লাহে লাহে সভ্যতাৰ পথত আগবাঢ়িছে। অদ্ভুত অদ্ভুত কাম কৰি, আৱিষ্কাৰ কৰি মানুহৰ প্ৰয়ােজনীয় সকলাে সামগ্রী নির্মাণৰ সহায় কৰি মানৱ সভ্যতাক সকলাে ফালৰ পৰাই আগুৱাই লৈ গৈছে।

(ঘ) সকলােৰে কিঞ্চিৎ কিঞ্চিৎ তেহে এটাৰ সমুচিত।
উত্তৰঃ এই কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে।
বিজ্ঞানবিদসকলৰ বিজ্ঞান অধ্যয়নৰ প্ৰণালী সম্পর্কে ক’বলৈ যাওঁতে পাঠটিত এই কথাফাকি উল্লেখ কৰিছে।
বিজ্ঞান শাস্ত্র নানাবিধ আছে। সকলোেবিধৰ সম্পূর্ণ জ্ঞান লাভ কৰা বৰ দুঙ্কৰ কথা। সেইদেখি মানুহে এবিধ বিজ্ঞানৰ মাথােন চর্চা কৰে। আগৰ বিজ্ঞানবিদ পণ্ডিতসকলৰ একোজনে একোটা বিষয়ৰ বিজ্ঞানহে চৰ্চা কৰিছিল। কিন্তু এটা বিষয় সম্পূর্ণ জ্ঞান লাভ কৰিবলৈ সকলাে বিষয়ৰ অলপ অলপ জানিব লাগে। সকলােৰে অলপ অলপ জানিলেহে এটা সম্পূর্ণ জনাত সহায় হয়। এতেকে আগেয়ে সকলাে বিষয়ৰ অলপ অলপ জ্ঞান গােটাই লৈ পাছত এক বিষয়ত ভালকৈ লাগিব পাৰে।

বস্তু বিজ্ঞান অধ্যয়ন Class 8

প্রশ্ন ৭ বহলাই লিখা।
(ক) পাঠৰ সহায়ত কুসংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কু-সংস্কাৰবােৰ দূৰ কৰিব পাৰি লিখা।
উত্তৰ: পাঠত উল্লেখ কৰিছে যে বহুতাে চহা মানুহে ধনগুলৈক প্রেতৰ মায়া বুলি বিশ্বাস কৰে, কিছুমানে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। এইবিলাক সামান্য কুসংস্কাৰৰ দৃষ্টান্ত মাথােন। ইয়াতকৈও গুৰুতৰ বিষয়ত মানুহৰ কু-সংস্কাৰ আছে। ইয়াৰে এটা দৃষ্টান্ত হ’ল আগৰ দিনৰ কিছুমানৰ মাজত থকা সতীদাহ প্রথা কু-প্রথা। বিজ্ঞান শিক্ষা লাভ কৰিলে সমাজৰ পৰা এই কু-সংস্কাৰবােৰ দূৰ কৰিব পৰা যায়। বিজ্ঞানে মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সঁচা- মিছা, ভাল-বেয়া, ন্যায়-অন্যায় বুজিব পাৰি।

লগতে পঢ়ক:   পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Assamese Chapter 10 question answer

(খ) বিজ্ঞান শাস্ত্র অধ্যয়নৰ এটা ঘাই বিষয়। যুক্তিৰে মতামত দাঙি ধৰা।
উত্তৰঃ বিজ্ঞান শাস্ত্র অধ্যয়নৰ এটা ঘাই বিষয় এই কাৰণেই যে ইয়াক অধ্যয়ন কৰিলে। প্রকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অর্থাৎ প্রাকৃতিক ঘটনাবােৰৰ মূল কাৰণ জানিব পাৰি। আমাৰ সমুখত নানা ঘটনা ঘটে। যেনে— ঢােলত কোব মাৰিলে শব্দ উঠে, বিয়নিত চিঞৰিলে প্রতিধ্বনি হয়। এইবিলাক ঘটনা আমি দিনে নিশাই দেখি আছে; কিন্তু কাৰণ সুধিলে আমি ক’ব নােৱাৰাে। বিজ্ঞান শাস্ত্র অধ্যয়ন কৰিলে এই বিলাক ঘটনাৰ কাৰণ জনা। যায়। বিজ্ঞান শাস্ত্র অধ্যয়নৰ দ্বাৰা আজি ৰেল, জাহাজ, বিমান, বিভিন্ন যানবাহন, টেলিফোন, গ্রমােফোন, ফটোগ্রাফ, ফনােগ্রাফ, দূৰবীণ, অণুবীক্ষণ, নানাবিধ ঔষধ নানা ধৰণৰ চিকিৎসা প্রণালী ইত্যাদি অনেক কথা আৰু কাৰ্যই আৱিষ্কাৰ আৰু উদ্ভৱ হৈছে। আচলতে মনুষ্য জাতিৰ বর্তমান সভ্যতা কেৱল বিজ্ঞান শাস্ত্র অধ্যয়নৰ ফল।

খ) ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন ৮। প্রত্যয় ভাঙি দেখুওৱা ?
ৰােৱনী, ৰান্ধনি, নাৱৰীয়া, মৰমিয়াল, পনীয়া, জোনালী, দয়ালু, ধৰুৱা।
উত্তৰ : ৰােৱনী। =ৰাে + অনী।
ৰান্ধনি = ৰান্ধ + অনি
নাৱৰীয়া = নাও + অৰীয়া

মৰমিয়াল = মৰম + ইয়াল
পনীয়া= পানী + ইয়া

জোনালী= জোন + আলী।
দয়ালু= দয়া + আলু
ধৰুৱা = ধাৰ + উৱা

বস্তু বিজ্ঞান অধ্যয়ন Class 8

প্রশ্ন ৯। ৰচনা লিখা
(ক) দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ (আৰম্ভণি, মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈছে, বিজ্ঞানৰ অৱদান, অপকাৰ, মন্তব্য।)
(খ) কম্পিউটাৰ আৰু আধুনিক জীৱন।
(গ) মানৱ সভ্যতা বিকাশত বিজ্ঞানৰ অৱদান।
(ঘ) দূৰদৰ্শন—ইয়াৰ ভাল-বেয়া প্ৰভাৱ।
(ঙ) কথাছবি আৰু সমাজত ইয়াৰ প্ৰভাৱ।

উত্তৰ:
(ক) দৈনন্দিন জীবন বিজ্ঞানৰ প্ৰভাৱ
আৰম্ভণি: বর্তমান যুগত বিজ্ঞানৰ অভূতপূর্ব সাফল্যই মানুহক অফুৰন্ত ক্ষমতাৰে ক্ষমতাশালী কৰি তুলিছে। মানুহে আজি বিজ্ঞানৰ বলত অসম্ভৱকো সম্ভৱ কৰিছে। প্রকৃতি ৰাজ্যত সংঘটিত ঘটনাৰ কাৰণ নির্ণয় কৰি প্ৰকৃতিৰ গুপ্ত ৰহস্য ভেদ কৰিছে। আনকি বিজ্ঞানৰ বলত মানুহে টেষ্ট টিউবত মানৱ শিশু জন্ম দিব পাৰিছে। মানুহৰ এই কামৰােৰ যেন ভগৱানৰ সৃষ্টি ৰহস্য ভেদ কৰাৰ বাৰে মানুহৰ প্ৰত্যাহ্বান। মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈছে । বিজ্ঞানে মানুহৰ দৈনন্দিন জীৱনৰ প্রয়ােজনীয় নানান সা-সঁজুলি, যন্ত্রপাতি, যানবাহন, খাদ্য সামগ্ৰীৰ যােগান ধৰি জীৱনক সুখ-সুবিধা ভৰা, আৰামসর্বস্ব, আমােদময় কৰি তুলিছে। বিজ্ঞানে আগবঢ়োৱা এই সুবিধা আজিৰ মানুহে গ্ৰহণ নকৰাকৈ থাকিব পৰা নাই। যাতায়াত বা ভ্ৰমণৰ বাবে যান বাহন, পােহৰৰ বাবে বিজুলী চাকি, ৰন্ধনৰ বাৰে গেছ, ৰন্ধাৰ আহিলা-পাতি, দৈনন্দিন জীৱনৰ ব্যৱহার্য সামগ্রী তেল, চাবােন, টুথপেষ্ট, ব্রাছ, ৰােগৰ ঔষধ, বিবিধ প্রস্তুত খাদ্য সামগ্রী মানুহে ব্যৱহাৰ নকৰাকৈ থাকিব পৰা নাই। বিজ্ঞানে আগবঢ়োৱা এই সুবিধাবােৰে মানুহৰ পৰিশ্ৰম কমাই পেলাইছে আৰু মানুহ পৰিশ্ৰমবিমুখ হৈ পৰিছে। বিজ্ঞানৰ অৱদান অবিহনে আজিৰ মানুহে জীৱন ধাৰণৰ কথা ভাবিব নােৱাৰে। পুৱাৰ পৰা গধূলিলৈ মানুহে কৰা প্ৰতিটো কামেই বিজ্ঞানৰ অৱদানজনিত।

বিজ্ঞানৰ অৱদান: মানৱ জাতিলৈ দিয়া বিজ্ঞানৰ অৱদানৰ তুলনা নাই। যাতায়াত বা ভ্ৰমণৰ বাবে চাইকেল, মটৰ চাইকেল, স্কুটাৰ, কাৰ মটৰ, বাছ, ৰে’ল, উৰাজাহাজ, জলপথেৰে ভ্ৰমণৰ বাবে পানী জাহাজ আদি আৱিষ্কাৰ কৰি বিজ্ঞানে মানৱ জাতিক দূৰত্ব আৰু সময়ৰ ব্যৱধান কমাই দিয়াৰ উপৰি ভ্ৰমণ সুখকৰ কৰি দিছে। আধুনিক মানুহৰ মনােৰঞ্জনৰ বাবে বিজ্ঞানে গ্রামােফোন, ৰেডিঅ’, টেলিভিছন আদিৰ সুবিধা দিছে। সৰু বস্তু, ৰােগৰ বীজাণু, আদি নিৰীক্ষণৰ বাবে অণুবীক্ষণ, দূৰৰ বস্তু দেখিবৰ বাবে দূৰবীণ আৱিষ্কাৰ কৰিছে। দূৰ সংযােগৰ বাবে টেলিফোন, টেলিগ্রাফ, জটিল গাণিতিক সমস্যা সমাধানৰ বাৰে কম্পিউটাৰ আৱিষ্কাৰ কৰি মানৱ জাতিৰ উপকাৰ সাধন কৰিছে। আধুনিক মানুহৰ জীৱন যাত্ৰাত এইবােৰ সা-সামগ্রী ব্যৱহাৰ নকৰাকৈ থাকিব নােৱাৰে। বিজ্ঞান প্রদত্ত এই সুবিধাবােৰে মানুহৰ জীৱন সুখময় আৰু আমােদ-প্রমােদভৰা কৰি তুলিছে।

মন্তব্য: মানৱ জাতিৰ ভৱিষ্যৎ প্রগতিৰ বাবে বিজ্ঞান সদা সচেতন। বিজ্ঞান চর্চাই মানৱ জাতিক অধিকৰ পৰা অধিকতৰ সুবিধালৈ লৈ যাওক তাকে আমি আশা কৰো। কিন্তু বিজ্ঞান যাতে হিংসাত্মক কার্যত লিপ্ত নহয় সেই কথালৈ সদায় সর্তক হৈ থাকিব লাগিব

Class 8 Assamese Chapter 7 question answer

(খ) কম্পিউটাৰ আৰু আধুনিক জীৱন
হিচাব-নিকাচ কৰা এটা এবেকাছ’ নামৰ যন্ত্র চীন দেশত প্রায় আঢ়ৈ হাজাৰ বছৰ আগতে আৱিষ্কাৰ হৈছিল। ঊনৈশ বছৰীয়া ফৰাচী বিজ্ঞানী পাস্কেলে এবেকাছ’ যন্ত্ৰতকৈ বেলেগ হিচাব-নিকাচ কৰা যন্ত্র এটা আৱিষ্কাৰ কৰিছিল (১৬১২ চনত)। চার্লছ বেবেজ নামৰ এজন বিজ্ঞানীয়ে উনৈশ শতিকাৰ মাজ ভাগত পােনপ্ৰথমবাৰৰ বাবে আধুনিক, কম্পিউটাৰ আৱিষ্কাৰ কৰাৰ চিন্তা কৰিছিল। এইজনা বিজ্ঞানীয়েই কম্পিউটাৰৰ স্মৃতি ভঁৰালৰ কথাও কল্পনা কৰিছিল। আমেৰিকান বিজ্ঞানী হার্মান হলৰিয়ে ১৮৯০ চনত কম্পিউটাৰত তথ্য সুমুৱাই ৰাখি প্রয়ােজনবােধে উলিয়াই আনিব পৰা পদ্ধতি আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছত ১৯৪৪ চনত আমেৰিকাৰ হার্বার্ড বিশ্ববিদ্যালয়ে এটা বিদ্যুৎ-যান্ত্রিক কম্পিউটাৰ আৱিষ্কাৰ কৰে। ইয়াৰ দুবছৰ পিছত আমেৰিকা যুক্তৰাষ্ট্রৰ পেচিলভেনিয়া বিশ্ববিদ্যালয়ে ‘এনিয়াক’নামৰ ইলেকট্রিক কম্পিউটাৰ নিৰ্মাণ কৰি উলিয়াইছিল। এই আৱিষ্কাৰৰ পিছৰে পৰা কম্পিউটাৰৰ ক্রমাগত ক্রমবর্ধমান হ’বলৈ আৰম্ভ কৰে আৰু পৃথিৱীত এক বৈপ্লৱিক পৰিৱৰ্তন আনে। প্রথমে কেৱল জটিল গাণিতিক সমস্যা সমাধানৰ বাবে প্রস্তুত কৰা কম্পিউটাৰেপিছলৈ সকলাে দিশকে সামৰি কম্পিউটাৰৰ ক্ষেত্ৰখন অভাৱনীয়ভাৱে বিস্তৃত কৰি তােলে।
কম্পিউটাৰ যন্ত্ৰটোত সাধাৰণতে— (ক) তথ্য মজুত ৰখা, (খ) কামকাজ নিয়ন্ত্রণ কৰা, (গ) যােগ-বিয়ােগ, পূৰণ-হৰণ কৰা, (ঘ) স্মৃতি ভঁৰাল আৰু(ঙ) গণনাৰ সিদ্ধান্ত দিয়া—এই পাঁচটা মূল অংশ বা ভাগ থাকে। কেৱল গাণিতিক সমস্যা সমাধান কৰিবলৈ প্রথমে ব্যৱহাৰ কৰা এই কম্পিউটাৰ যন্ত্র আধুনিক পৃথিৱীত এতিয়া সকলাে ক্ষেত্ৰতে ব্যৱহাৰ হ’ব ধৰিছে। উন্নত দেশবােৰত দৈনন্দিন জীৱনৰ কামবােৰত কম্পিউটাৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। নেটৱৰ্কৰ সহায়ত যিকোনাে কম্পিউটাৰে আন কম্পিউটাৰৰ পৰা প্রয়ােজনীয় তথ্য সংগ্রহ কৰি আনিব পাৰে। উন্নত দেশবােৰত কম্পিউটাৰে গাড়ী-মটৰক পথ নির্দেশােকৰিব পাৰে। মানুহে এতিয়া ব্যক্তিগতভাৱেও কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰে আৰু লাগতিয়াল তথ্য সংগ্রহ কৰি ল’ব। পাৰে। কৃষক, ব্যৱসায়ী, চাকৰিয়াল সকলােৱে নিজৰ প্রয়ােজনীয় তথ্য কম্পিউটাৰযােগে সংগ্রহকৰিব পাৰে। আনকি চাকৰি কৰা কৰ্মচাৰী কার্যালয়লৈ নােযােৱাকৈ ঘৰৰ পৰাইব্যক্তিগত কম্পিউটাৰৰ সহায়ত নিজৰ কাম কৰিব পাৰে। এক কথাত ক’ব লাগিলে আধুনিক জীৱনৰ ওপৰত কম্পিউটাৰে কল্পনাতীত প্ৰভাৱ বিস্তাৰ কৰিছে। আধুনিক সমাজখনত খােজ মিলাই চলাৰ বাবে কম্পিউটাৰ শিক্ষাৰ প্ৰয়ােজন অপৰিহাৰ্য হৈ পৰিছে। এই কথালৈ লক্ষ্য কৰিয়েই। বর্তমান বিদ্যালয়সমূহত কম্পিউটাৰ শিক্ষা বা পাঠ্যক্রম সন্নিৱিষ্ট কৰা হৈছে। কম্পিউটাৰ বিজ্ঞানে মানুহক অসম্ভবকে সম্ভৱ কৰাৰ ক্ষমতা দিছে। ভাবিব নােৱাৰি ভৱিষ্যতৰ দিনত
কম্পিউটাৰে মানুহক আৰু কিমান সক্ষম কৰিব।

লগতে পঢ়ক:   যুগমীয়া শৰাইঘাট Class 8 Assamese Chapter 2 Question Answer

Class 8 Assamese Chapter 7 question answer

(গ) মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অবদান।
আদিম মানুহ আৰু আধুনিক মানুহৰ জীৱন-যাপন পদ্ধতিৰ তুলনা কৰি চালে অনুমান কৰা টান হ’ব যে আদিম মানুহৰ পৰা বৰ্তমানৰ আধুনিক মানুহলৈ পৰিৱৰ্তনৰ বাবে কিমান যুগ অতিবাহিত কৰি বৰ্তমানৰ সভ্যতাৰ অৱস্থা পাইছে। আদিম যুগৰ মানুহ আছিল বৰ্বৰ, অঘৰী, অসংগঠিত। অসংগঠিত অঘৰী মানুহে প্রাকৃতিক সংঘটন মর্মে যেতিয়া জুইৰ আৱিষ্কাৰ কৰিব পাৰিছিল, জুইত পুৰি জীৱ জন্তুৰ মাংস খাবলৈ শিকিছিল, শিলৰ অস্ত্র ব্যৱহাৰ কৰি জন্তু বধ কৰিব শিকিছিল, মাটিত গছৰ গুটি সৰি গজালি মেলা দেখি খেতি কৰাৰ কথা শিকিছিল, জীৱিকাৰ বাবে সততে প্রয়ােজনীয় পানীৰ ওচৰত ঘৰ সাজি থাকিব
শিকিছিল তেতিয়াই মানুহে সভ্যতাৰ পথত প্রাথমিক খােজ পেলাইছিল। আখৰ আৰু ছপা যন্ত্র আবিষ্কাৰে মানুহৰ সভ্যতাৰ বিকাশত প্রভূতভাৱে সহায় কৰিছিল। মানুহৰ বুদ্ধি বৃত্তি তথা মগজুৰ বিকাশৰ ফলত ক্রমে আৰম্ভ হৈছিল বিজ্ঞানৰ আৱিষ্কাৰৰ যুগ। বিজ্ঞানৰ আৱিষ্কাৰে মানৱ সভ্যতাক অৱদানেৰে কিমান আগুৱাই নিছিল আৰু আজিও নি আছে তাক কল্পনা কৰিব নােৱাৰি। বিবিধ যান বাহন, যেনে- মটৰ, বাছ, ৰে’ল, জাহাজ, উৰাজাহাজ আদিৰ আৱিষ্কাৰেৰে বিজ্ঞানে মানুহৰ যাতায়াত জল-স্থল-আকাশ সকলােতে সুচল আৰু সহজসাধ্য কৰি তুলিছিল। টেলিগ্রাফ, টেলিফোনৰ আৱিষ্কাৰৰ বিজ্ঞানে মানুহক দিছিল কম সময়তে বা বাতৰি পঠাব পৰাৰ সুযােগ। পুৰণি কালত মানুহে বহু সময় ব্যয় কৰি, কষ্টকৰ ভ্ৰমণ কৰিহে এটা জৰুৰী বার্তা দূৰ ঠাইত দিব পাৰিছিল। কিন্তু বিজ্ঞানৰ আৱিষ্কাৰে দীঘলীয়া সময়ৰ ব্যয় আৰু শাৰীৰিক কষ্ট দুয়ােটাকে হ্রাস কৰি বাতৰি যােগানৰ সুযােগ দিছে। মনােৰঞ্জনৰ বাবে বিজ্ঞানে মানুহক আৱিষ্কাৰ কৰি দিছে গ্রামােফোন, ৰেডিঅ’, টেলিভিছন, কম্পিউটাৰ আদি যন্ত্র। মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়ােজনীয় বিবিধ সা-সামগ্রী, খাদ্য বস্তু আদিও বিজ্ঞানে সুলভ কৰি তুলিছে। আধুনিক মানুহৰ জীৱন বিজ্ঞানৰ অৱদানে আৰাম আৰু সুখ-সমৃদ্ধিভৰা আৰু মর্যাদাশালী কৰি তুলিছে। পুৰণি কালত আকস্মিকভাৱে সংঘটিত প্রাকৃতিক দুর্যোগত বহুতাে মানুহে প্রাণ হেৰুৱাব গাত পৰিছিল। কিন্তু আধুনিক মানুহক বহু আগতেই বিজ্ঞানে ধুমুহা, ভূঁইকপ, আগ্নেয়গিৰি, অতিবৃষ্টি, শিলাবৃষ্টি, মুনামি আদিৰ আগজাননী দি নিৰাপদ ঠাইত আশ্রয় লােৱাৰ সুযােগ দিছে। বিজ্ঞানে মানুহক অধিক সভা-সচেতন-কৌশলী কৰি তুলিছে। মানুহৰ বুদ্ধিয়ে বিজ্ঞানক নিত্যনতুন আৱিষ্কাৰৰ বাবে, ব্যৱহাৰ কৰাৰ বাবে অহৰহ পৰীক্ষা-নিৰীক্ষা চলাই আছে। বিজ্ঞানৰ চৰ্চা আৰু মানুহৰ বিকশিত বুদ্ধিয়ে অদূৰ ভৱিষ্যতে মানুহক আৰু কিমান ক্ষমতা দিব ভাবিব নােৱাৰি। বিজ্ঞানৰ অৱদানে দিনে দিনে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উচ্চৰ পৰা উচ্চতৰ পর্যায়লৈ নিব লাগিছে। সেই কাৰণেই বর্তমানৰ মানৱ সভ্যতাৰ বিকাশ বিজ্ঞানৰ অৱদান বুলি কোৱা হৈছে। বিজ্ঞানৰ অৱদানবিহীন জীৱন-যাপনৰ কথা আধুনিক যুগৰ মানুহে ভাবিবই নােৱাৰে।

(ঘ) দূৰদৰ্শন— ইয়াৰ ভাল-বেয়া প্রভাব
দূৰদৰ্শন মানৱ জাতিলৈ বিজ্ঞানৰ এক চমকপ্রদ অৱদান। দূৰদৰ্শনৰ আৱিষ্কাৰে পৃথিৱীৰ মানুহক ঠাইতে থাকি নিমিষতে পৃথিৱীৰ যিকোনাে ঠাইত সংঘটিত ঘটনাৰ সচিত্র বাতৰি যােগান ধৰিছে। ১৯২৫/২৬ চনত ইংৰাজ বিজ্ঞানী জন লগি বেয়ার্ডে (John Logic Baird) দূৰদৰ্শন আৱিষ্কাৰ কৰা বুলি ধৰা হয়। কিন্তু বেয়ার্ডৰ পূর্বে জার্মান বিজ্ঞানী পল নিস্ক’ই দূৰদৰ্শন আৱিষ্কাৰৰ কিছুমান প্রাথমিক কাম কৰিছিল। ইয়াৰ বাহিৰেও আন কেইবাজনাে বিজ্ঞানীয়ে দূৰদৰ্শন আৱিষ্কাৰৰ ক্ষেত্ৰত অৰিহণা যােগাইছিল। বি বি চিয়ে (বৃটিছ ব্রোকাষ্টিং কর্পোৰেচন) ১৯৩৬ চনত পােনপ্ৰথমে দূৰদৰ্শনযােগে বাতৰি প্ৰচাৰ কৰিছিল। পৰৱর্তী ২৫-৩০ বছৰৰ ভিতৰত সমগ্র পৃথিৱী সামৰি দূৰদৰ্শনৰ অভাৱনীয় উন্নতি ঘটিছিল। ভাৰতত ১৯৫৯ চনৰ পৰা দূৰদৰ্শনৰ প্ৰচলন আৰম্ভ হৈছিল। সেই চনতে ৰাজধানী দিল্লীত দূৰদৰ্শন ব্যৱস্থা সংস্থাপিত হৈছিল। তাৰ পিছত ১৯৮১-৮২ চনত গােটেই ভাৰততে দূৰদৰ্শন কেন্দ্র স্থাপন হৈছিল। দূৰদৰ্শন বা টেলিভিছ ৰেডিঅ’ৰ এটি উন্নত অৱস্থা বুলিব পাৰি। ৰেডিঅ’ই বাতৰি সম্প্ৰচাৰ কৰোতে প্রদর্শন কৰিব নােৱৰা সংঘটিত ঘটনাৰ চিত্র দূৰদৰ্শনে বাতৰি প্ৰচাৰৰ লগে লগে হুবহু প্রদর্শন কৰে। শ্রোতা বা দর্শকে নিজৰ কোঠালিতে বহি পৃথিৱীৰ কোনােবা চুকত ঘটা ঘটনাৰ বাতৰি চিত্রসহ দেখিবলৈ পায় । বা-বাতৰি আৰু সংঘটিত ঘটনাৰ বাতৰিৰ সৈতে চিত্র প্রদর্শন কৰাৰ উপৰি দূৰদর্শনে মানুহক মনােৰঞ্জনৰ সুবিধাও দিছে। কলা-কৃষ্টি, গীত-মাত, নাট-ভাওনা আদি বিষয়ে প্ৰচাৰ কৰি দূৰদৰ্শনে মানুহক আনন্দৰ খােৰাক যােগাইছে। কেৱল মনােৰঞ্জনৰ ব্যৱস্থা কৰাই নহয়, ভালেমান শিক্ষামূলক আৰু শিক্ষণীয় বিষয়গা দূৰদৰ্শনে সম্প্রচাৰ আৰু প্ৰদৰ্শন কৰে। ছাত্র-ছাত্রীসকলৰ উপযােগী পাঠৰৰ ব্যৱস্থা কৰে। ইচ্ছুক ছাত্র-ছাত্রীসকলে প্ৰচাৰিত ৰা প্রদর্শিত পাঠৰ পৰা বহুতাে শিক্ষা লাভ কৰিব পাৰে। দূৰদৰ্শনে বিবিধ বিষয়ৰ অনুষ্ঠান দিনে-নিশাই প্ৰচাৰ কৰিব পাৰে। কিন্তু সকল বিষয় সকলাে বয়সৰ মানুহৰ বাবে নহয়। দূৰদৰ্শনৰ ২৪ ঘণ্টীয়া কাৰ্যসূচীয়ে ছাত্র-ছাত্ৰীসকলৰ অনিষ্ট সাধন কৰিব। গতিকে ছাত্র-ছাত্রীসকলে নিজৰ শিকিবলা কোনাে কাৰ্যসূচী
বাহিৰে অনবৰতে প্ৰচাৰ কৰি থকা বিষয়সমূহ চাই নিজৰ সময় অপণ্য কৰিব লাগে । অভিভাৱকসকলে এই বিষয়ে সাৱধান হৈ সকলাে সময়তে সকলাে কাৰ্যসূচী ছাত্র-ছাত্রীসক উপভােগ কৰাৰ পৰা বিৰত ৰাখিব লাগে। অনবৰত দূৰদৰ্শন চাই থাকিলে চকু আৰু ‘মৰাত্মৰ অনিষ্ট হয় দূৰদৰ্শনে কৰা অনিষ্টক লক্ষ্য কৰি আমেৰিকাত দূৰদৰ্শনক ইঞ্চিকাট বক্স’ (idiotpox) অর্থাৎ মূখৰ বাকছ বুলি অৱহেলা কৰা হৈছে। কোমল বয়সৰ ল’ৰা-ছােৱালীৰ দৃষ্টি আৰু স্মৃতি শক্তি হ্রাসকাৰক বাবেই দূৰদৰ্শনক এই নাম দিয়া হৈছে। স্মৃতি শক্তি হ্রাস কৰি দূৰদৰ্শনে মানুহৰ সৃষ্টিশীলতাক বাধা দিব পাৰে। এনে কু-ফলৰ প্ৰতি সজাগ হৈ নিজৰ
ক্ষতিসাধন নােহােৱাকৈ নিজৰ প্রয়ােজনীয় কার্যসুচীহে নির্দিষ্ট সময়ৰ বাবে দুৰদৰ্শনত চোৱাটো সকলােৰে পক্ষেই বাঞ্ছনীয়।

লগতে পঢ়ক:   ভক্ত প্রহ্লাদ Class 8 অষ্টম শ্ৰেণী অসমীয়া পাঠ 5 প্ৰশ্ন উত্তৰ

Class 8 Assamese Chapter 7 question answer

(ঙ) কথাছবি আৰু সমাজত ইয়াৰ প্ৰভাৱ
বিজ্ঞানে মানুহক জীৱন ধাৰণৰ বাবে দিয়া সা সুবিধাৰ অন্ত নাই। বিজ্ঞানৰ অৱদানে মানুহৰ জীৱন আৰামদায়ক, সুখ-সন্তোষভৰা কৰিছে। জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় প্রায় সকলাে আহিলা-পাতি, সা-সামগ্রী যােগান ধৰাৰ উপৰি বিজ্ঞানে মানুহৰ মনােৰঞ্জনৰ দিহাও কৰি দিছে। বিজ্ঞানে চলচিত্র বা কথাছবি আৱিষ্কাৰ কৰি মানুহক মনােৰঞ্জন কৰা অথবা আমােদ দিয়াৰ ব্যৱস্থা কৰিছে। উনবিংশ আৰু বিংশ শতিকাৰ বিজ্ঞানৰ অভূতপূর্ব আৱিষ্কাৰ, উন্নতিয়ে চমকৰ সৃষ্টি কৰিছিল। সেই সময়তে লুমিয়ে দুই ভাই-ককায়ে গতিশীল চিত্ৰৰ প্রদর্শন কৰিব পৰা চিনেমেটোগ্রাফ নামৰ এটা যন্ত্র আৱিষ্কাৰ কৰিছিল। আৰম্ভণিৰ এই
চলচিত্র বা কথাছবি আছিল নির্বাক। নির্বাক চলচিত্ৰৰ আৱিষ্কাৰৰ পিছত ১৯২৭ চনৰ ৬ অক্টোবৰ তাৰিখে উত্তৰ আমেৰিকাৰ নিউইয়র্ক চহৰত পােন প্ৰথমবাৰ প্ৰদৰ্শন কৰা হৈছিল সবাক চলচিত্র বা কথাছবি। ইয়াৰ চাৰি বছৰ পিছত নির্মাণ হয় ভাৰতৰ প্ৰথমখন সবাক চিত্র ‘আলম আৰা’। ১৯৩৫ চনত অসমতাে প্রথম সবাক চিত্র ‘জয়মতী’ নির্মাণ কৰি উলিয়ায় প্রতিভাধৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। ইয়াৰ পিছৰে পৰা চলচিত্ৰৰ অভাৱনীয় বিকাশৰ যুগ আৰম্ভ হয়। কলামােদী দর্শকৰ মাজত চলচিত্ৰই বিপুল জনপ্রিয়তা লাভ কৰিবলৈ ধৰে। বিগত ১৯৮০-৯০ ৰ দশকলৈ সমগ্ৰ ভাৰততে কথাছবিৰ জনপ্রিয়তা শীৰ্ষত আছিল। কিন্তু কথাছবিৰ জনপ্রিয়তা ক্রমাৎ হ্রাস হৈ আহে দূৰদৰ্শনৰ প্ৰচলন আৰম্ভ হােৱাৰ পৰা। ১৯৮২ চনত ভাৰতত এছিয়ান গেমছ অনুষ্ঠিত হােৱাৰ আপাহতে স্থাপন হােৱা দূৰদৰ্শন কেন্দ্রসমূহে দূৰদৰ্শন যােগে চিনেমা, ছিৰিয়েল, গীত-মাত, অনুষ্ঠান, সভা-সমিতি আদিত প্রদর্শন কৰিবলৈ ধৰাত মানুহে ঘৰতে বহি জ্ঞান আৰু আমােদ লাভৰ সুবিধা পােৱাত কথাছবি চোৱাৰ প্রতি আগ্রহ এৰিবলৈ ধৰে। দর্শকৰ সংখ্যা কমি অহাৰ লগে লগে। চিনেমা নির্মাতাসকল ভীষণভাবে ক্ষতিগ্রস্ত হ’বলৈ ধৰে। নির্মাতাসকলে বৃহৎ পৰিমাণৰ অর্থ ব্যয় কৰি নিৰ্মাণ কৰা কথাছবিসমূহৰ নিৰ্মাণ ব্যয়াে সংগ্ৰাহিত নােহােৱা অৱস্থা হােৱাত
নির্মাতাসকলে কথাছবি নির্মাণত নিৰাশ হৈ পৰে। ফলস্বৰূপে বহুতাে চিনেমা গৃহৰ মালিকসকলে চিনেমা গৃহ বন্ধ কৰি দিব লগা অৱস্থা হয়। চলচিত্রই মানুহক রান দান কৰি উপকাৰ কৰাৰ লগতে অপকাৰৰ নকৰা নহয়। অর্থ সংগ্রহ আৰু জনপ্রিয়তা অর্জনৰ বাবে কোনাে কোনাে নির্মাতা আৰু প্রযােজকে সস্তীয়া, অশালীন দৃশ্য ছবিত প্রদর্শন কৰিবলৈ জয়। এনে ছবিয়ে ডেকা-গাভৰুসকলৰ বহুতকে পথভ্রষ্ট কৰে। চলচিত্ৰৰ দৰে ছিৰিয়েল কিছুমানতাে সস্তীয়া কাহিনী আৰু অশালীন ঘটনা প্রদর্শন কৰি ডেকা-গাভৰুসকলক বিপথগামী, পথভ্রষ্ট অথবা বিকৃত মনােভাৰৰ কৰি তােলাত ইন্ধন যােগায়। সমাজ আৰু ভৱিষ্যৎ প্রজন্মৰ মংগলৰ বাবে অশালীন চিনেমা-ছিৰিয়েল যাতে প্রদর্শন কৰা নহয় তালৈ প্রযােজকসকলে সচেতন দৃষ্টি ৰখা বাঞ্ছনীয়। আনহাতে ৰাজহাঁহে পানী মিহলি গাখীৰৰ পৰা কেৱল গাখীৰখিনি খাই পানী এৰাৰ দৰে আমাৰ সুবুদ্ধিসম্পন্ন দর্শকসকলে বেয়াখিনি বর্জন কৰি ভালখিনি গ্রহণ কৰিলে চিনেমা বা ছিৰিয়েলে আনিষ্ট কৰিব নােৱাৰিব বুলি ভবাৰ অৱকাশ আছে।

Class 8 Assamese Chapter 7

প্রশ্ন ১০। চমুটোকা লিখা 
(ক) ৰেডিঅ’ (অনাতাঁৰ), (খ) গ্রামােফোন, (গ)ইণ্টাৰনেট, (ঘ) দূৰভাষ (টেলিফোন), (ঙ) অণুবীক্ষণ।
উত্তৰঃ (ক) ৰেডিঅ’ (অনাতাঁৰ)→ ১৮৯৫ চনত ইটালী দেশৰ বিজ্ঞানী মার্কনিয়ে ৰেডিঅ’ বা অনার্তাৰ যন্ত্র আৱিষ্কাৰ কৰিছিল। দূৰদৰ্শন আৱিষ্কাৰৰ পূর্বে ৰেডিঅ’ই মানুহক দেশ-বিদেশৰ বতৰা দিছিল। মনােৰঞ্জন আৰু জ্ঞান লাভৰ বাবে গীত-মাত, নাট, গহিনী, ইতিহাস আদি পৃথিৱীৰ সকলাে ঠাইতে পৰিৱেশন কৰিছিল। দেশৰ সংকট কালত, যুদ্ধ-বিগ্রহৰ সময়ত ৰেডিঅ’ই বাতৰি যােগান আৰু ল’বলগীয়া সতর্কতাৰ জাননী দিছিল। আজিও ৰেডিঅ’ৰ জনপ্রিয়তা কমি যােৱা নাই। দূৰদৰ্শনে ঢুকি নােপােৱা ঠাই আৰু কর্মব্যস্ত মানুহক ৰেডিঅ’ই আজিও বা বাতৰি যােগােৱাৰ উপৰি মনােৰঞ্জন দি আছে।

(খ) গ্রামােফোন→ ১৮৮৭ চনত ইমিল বার্লিনাৰ নামৰ আমেৰিকান বিজ্ঞানী এজনে গ্রামােফোন আবিষ্কাৰ কৰিছিল। এসময়ত মনােৰঞ্জনৰ বাবে গীত মাত পৰিৱেশনৰ ক্ষেত্ৰত গ্রামােফোনেই জনপ্রিয় আহিলা আছিল। ৰেডিঅ’বা দূৰদৰ্শনৰ প্ৰচলনে গ্রামােফোনৰ চাহিদা কমাইছে যদিও ইয়াৰ ব্যৱহাৰ লুপ্ত হােৱা নাই।।

(গ) ইন্টাৰনেট → ইন্টাৰনেট আধুনিক বিজ্ঞানৰ এক চাঞ্চল্যকৰ আৱিষ্কাৰ। ১৯৬৯ চনত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে বাহিৰৰ কোনাে শত্ৰুৰ আক্ৰমণৰ বিৰুদ্ধে সৈন্যবাহিনীক সষ্টম কৰাৰবাবে কম্পিউটাৰৰ যােগেজাননী দিয়াৰ প্রচেষ্টা চলাইইটাৰনেটৰপ্ৰচলনকৰিছিল।ইন্টাৰনেটৰ উপকাৰিতাৰ কথা জনাৰ পিছত সমগ্র পৃথিৱীতে ইয়াৰ দ্রুত প্রসাৰ ঘটিছিল। ইণ্টাৰনেটৰ যােগে মানুহে লাগতিয়াল যিকোনাে তথ্য উলিয়াই ল’ব পাৰে। সেইবােৰ কাৰণতে মাত্র চাৰি বছৰৰ ভিতৰত ইণ্টাৰনেটে পৃথিৱীৰ জনপ্রিয়তা লাভ কৰি সম্প্ৰসাৰিত হৈছিল। এতিয়াৰ পৰা ৩০ বছৰ আগতে আৱিষ্কাৰ হােৱা ইণ্টাৰনেট বর্তমান মানৱ সভ্যতাৰ অপৰিহাৰ্য হৈ পৰিছে।

(ঘ) দূৰভাষ (টেলিফোন)→ ১৮৭৬ চনত স্কটলেণ্ডৰ বিজ্ঞানী আলেকজেণ্ডাৰ গ্রাহামবেলে দূৰভাষ বা টেলিফোন আৱিষ্কাৰ কৰিছিল। দূৰ সংযােগ দ্রুততৰ কৰি দূৰভাষে। মানৱ জাতিৰ অশেষ উপকাৰ সাধন কৰিছে। টেলিফোনৰ দ্বাৰা পৃথিৱীৰ যিকোনাে দূৰত্বত থকা জনৰ সৈতে সংযােগ স্থাপন কৰি কথা-বতৰা পাতিব পাৰি। নিমিষতে খা-খবৰ আদান-প্রদানৰ সুবিধা দি দূৰভাষ বা টেলিফোনে মানুহৰ উদ্বিগ্নতা নােহােৱা কৰিছে।

(ঙ) অণুবীক্ষণ → তেনেই সৰু বা ক্ষুদ্রাকৃতিৰ, খালী চকুৰে মনিব নােৱৰা বস্তুকো অণুবীক্ষণৰ সহায়ত বৃহৎ আকাৰত চাব পাৰি। ৰােগৰ বীজাণু ধৰা পেলােৱাত চিকিৎসা বিজ্ঞানীসকলক অণুবীক্ষণে সহায় কৰাৰ ফলত ৰােগ নিৰাময়ৰ বাবৈঔষধ-পাতি আৱিষ্কাৰ কৰি মানৱ জাতিৰ কল্যাণ সাধন কৰাত সহজ হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top