নিয়ৰৰ কবিতা Class 8 অষ্টম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ

নিয়ৰৰ কবিতা Class 8 || Class 8 Assamese Lesson 1 question Answer  || অষ্টম শ্ৰেণী অসমীয়া পাঠ 1 প্ৰশ্ন উত্তৰ

নিয়ৰৰ কবিতা Class 8
শ্ৰেণী (Class) অষ্টম শ্ৰেণী
পাঠ (Lesson) নিয়ৰৰ কবিতা
সমাধান পাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় (Subject) অসমীয়া
মাধ্যম অসমীয়া
পাঠ্যক্ৰম
NCERT

নিয়ৰৰ কবিতা Class 8

ক-পাঠভিত্তিক ক্রিয়াকলাপ
প্রশ্ন ২। উত্তৰ দিয়া

(ক) মুকুতা মণিটি বুলি কবিয়ে কাক কৈছে?
উত্তৰঃ ফুলৰ পাহিত জিলিকি থকা ফটিক পানীৰে ধােৱা নিয়ৰ কণিকাক কৈছে।।

(খ) নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে?
উত্তৰ: নিশা নচা নাচনীৰ ছিগি ৰৈ যােৱা মুকুতা মণিৰ লগত তুলনা কৰিছে।

(গ) নিয়ৰে হিয়াত কি সাঁচি থােৱাৰ কথা কৈছে?
উত্তৰঃ নিজম নিশাৰ নিচুপ কথা হিয়াত সাঁচি থােৱাৰ কথা কৈছে।

(ঘ) ফুলনিত কি ছিগি ৰৈ গ’ল ?
উত্তৰঃ ফুলনিত নিশা নচা কোনােবা নাচনীৰ মন ছিগি ৰৈ গ’ল বুলি কৈছে।

(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?
উত্তৰঃ সৰগত টোপনি যােৱা নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকা বুলি কৈছে।

প্রশ্ন ৩। কবিতাটোৰ মূলভাৰ চমুকৈ লিখা
উত্তৰঃ ফটিক পানীৰে ধােৱা নিয়ৰ কণাবােৰ ৰাতিপুৱা ফুলৰ পাহি, গছ-বনৰ পাছত উলমি থকা দেখিলে এনেহেন লাগে যেন নিশাৰ আকাশৰ পৰা তৰাবােৰহে তাত সৰি পৰি আছে। কবিৰ কল্পনাত নিয়ৰ হৈছে ফুলনিত নিশা কোনােবা হাঁহি হাঁহি নাচি থকা নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা সেমেকি উঠা একোটোপাল চকুপানী। সেই চকুপানী অথবা মুকুতা মণি নিয়ৰ হৈ ফুলপাহিত পুৱাৰ হেঙুলি পােহৰত জিলিকি উঠিছে। কিন্তু দুখৰ কথা কবিয়ে সেই মুকুতা মণিস্বৰূপ নিয়ৰবােৰলৈ থৰ লাগি চাই থাকোতেই এজাক বতাহে আহি ফুলৰ পাহিবােৰ জোকাৰি পেলাই নাইকিয়া কৰিলে ৷

প্রশ্ন ৪। শব্দ সম্ভাৰ আৰু অর্থ
ফটিক→ অতি পৰিষ্কাৰ বগা চকচকীয়া এবিধ পাথৰ।
শােভে –জেউতি চৰায়।
হেঙুলি →ৰঙচুৱা, ৰঙা-হালধীয়া বৰণৰ।।
নিজম→ নিস্তব্ধতা, নিটাল, সাৰি-শব্দ নােহােৱা।
নিচুক→ কান্দন এৰা।।
বিষম→ সমান নােহােৱা, বেয়া, দুষ্ট, অসৎ ।

নিয়ৰৰ কবিতা Class 8

প্রশ্ন ৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—
নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছেসাঁচি,
কোন কাহানিৰ সপােন দেখিছে।
কোনে হাঁহিছিল নাচি।

উত্তৰ: উদ্ধৃত কবিতা ফাকি ‘প্রতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালা ৰচিত “নিয়ৰ কবিতাটিৰ অন্তৰ্গত।
ৰাতিপুৱা মুকুতা সদৃশ নিয়ৰ কণাবােৰ ফুলৰ পাহিত ওলমি থকা দেখি কবিৰ মনত জাগি উঠা মনােৰম কল্পনা এই কবিতা ফাকিৰ জৰিয়তে প্রকাশ পাইছে। ফটিক পানীত ধােৱা মুকুতা সদৃশ নিয়ৰ কণাবােৰক কবিয়ে নিশাৰ আকাশত সৰি পৰা তৰা আৰু পুৱাৰ হেঙুলি বেলিৰ পােহৰত সেমেকি পৰা চকু পানীৰ লগত তুলনা কৰিছে। আনহাতে নিজম আকাশৰ হিয়াত সাঁচি থােৱা কান্দোন ভাবৰ কথাৰে হাঁহি হাঁহি নাচি থকা কোনােবা নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা মনিৰ লগত কবিয়ে নিয়ৰ কণাক তুলনা কৰিছে। কোনােবাই কাহানিবাই দেখা সপােনৰ ই যেন অভিব্যক্তি।

লগতে পঢ়ক:   অতীতক নাযাবা পাহৰি প্ৰশ্ন উত্তৰ Class 8 Question Answer

প্রশ্ন ৬। পাঠৰ পৰা অন্ত্য মিল থকা শব্দবােৰ লিখা।
উত্তৰ: ধােৱা→ যােবা।
সাঁচি→ নাচি,
মণি→ কণি, পানী,
ভাহি→ পাহি।

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৭। উল্লিখিত শব্দবোৰৰ সমার্থক শব্দ লিখা।
টোপনি, বেলি, পানী, ফুল, নিশা, সপােন, আকাশ, চকু।
উত্তৰ টোপনি – নিদ্রা, ঘুমতি। বেলি – ৰবি, তপন, সূর্য। পানী– জল, নীৰ, সলিল। ফুল –কুসুম। নিশা – ৰাতি, নিশি। সপােন– কল্পনা। আকাশ –মহাশূন্য, স্বর্গ। চকু –নয়ন, আখি।

প্রশ্ন ৮। বিপৰীত অর্থ বুজোৱা শব্দ লিখা।
ছিগা, সৰগ, পুৱা, দিন, নিজম, হাঁহি।
উত্তৰঃ ছিগা – নিছিগা।
পুৱা – সন্ধিয়া।
নিজম – হুলস্থূলীয়া।

দিনঃ ৰাতি

হাঁহিঃ কান্দোন

প্রশ্ন ৯। বাক্য ৰচনা কৰা।
মুকুতা, পাহি, শােভে, নিচুক, ফুলজুপি, ফটিক।

উত্তৰঃ মুকুতা – ৰাতিপুৱা নিয়ৰ কণাৰােৰ মুকুতা মণি যেন দেখি।
পাহি – ফুলকলিৰ পাহিবােৰ মেলখালে বৰ ধুনীয়া দেখি।
শােভে– ৰাতিপুৱা নিয়ৰ কণাই ফুলজুপিৰ শােভা বঢ়ায়।
নিচুক – নিজম আকাশৰ নিচুক কথাটি কোনােবা নাচনীয়ে সাঁচি থৈছে বুলি কবিয়ে কল্পনা কৰিছে।
ফুলজুপি – ৰাতিপুৱাৰ নিয়ৰে ফুলজুপি ধুনীয়া কৰিছে।
ফটিক – নিয়ৰ কণাবােৰ ফটিক পানীৰে ধােৱা মুকুতা মণিৰ দৰে সুন্দৰ।

class 8 assamese lesson 1 question Answer

তৎসম, অর্ধতৎসম, তদ্ভব ইত্যাদি।
প্রশ্ন ১০। (ক) নিয়ৰ’কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবােৰ বাছি উলিয়াই লিখা।

তৎসম শব্দ তদ্ভব শব্দ
আকাশ মুকুতা, ফটিক, নিশা, সৰগ, সপােন, নাচ, শােভা
বায়ু পাহি।

(খ) তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবােৰৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ তৎসম শব্দঃ আকাশ, বংশ, বর্ণ, দীর্ঘ, জীৱন, চন্দ্র, সূর্য, নদী, কৃষ্টি, লতা, ধন, ফল ইত্যাদি।
তদ্ভব শব্দ: হাত, কাণ, হাতী, আজি, ওঁঠ, সাপ, গাঁত, দাঁত, কাম ইত্যাদি।

প্রশ্ন ১১। দৈনিক জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবােৰ ভাগে ভাগে লিখা।
উত্তৰঃ শিক্ষা সম্বন্ধীয়: স্কেল, পেঞ্চিল, পেন, ব্লেকবাের্ড, চকপেঞ্চিল, ৰবৰ, হেণ্ডেল ইত্যাদি।
খেল সম্বন্ধীয়: ক্রিকেট, ফুটবল, ভলীবল, বাস্কেট বল, টেনিচ, বেডমিণ্টন ইত্যাদি।
যানবাহন সম্বন্ধীয়ঃ স্কুটাৰ, বাইক, মটৰ-গাড়ী, বাছ, বাইচাইকেল, এবােপ্লেন, অটোভান,ৰিক্সা ইত্যাদি।
পােছাক-পাতি সম্বন্ধীয়ঃ ফ্রক, ব্লাউজ, চেমিজ, লংপেণ্ট, হাফপেন্ট, ছার্ট, কোট ইত্যাদি।
আচৰাৰ সম্বন্ধীয়: টেবুল, চেয়াৰ, ফেন, টুল, আলমিৰা, ফ্রীজ, মিচেফ ইত্যাদি।
বাচন-বৰ্তন সম্বন্ধীয়: কাপ-প্লেট, ডিছ, কুকাৰ ইত্যাদি।

লগতে পঢ়ক:   পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Assamese Chapter 10 question answer

নিয়ৰৰ কবিতা Class 8

প্রশ্ন ১২। এটা শব্দত প্ৰকাশ কৰা :
(ক) যি আনৰ উন্নতি দেখিব নােৱাৰে
উত্তৰ: পৰশ্রীকাত।
(খ) একে মাকৰ সন্তান
উত্তৰঃ সহােদৰ।
(গ) যাৰ ঘৰ-বাৰী নাই
উত্তৰঃ অঘৰী।
(ঘ) যি ভাল-বেয়া বিচাৰ কৰিব নােৱাৰে।
উত্তৰ: অবিবেচক।

(ঙ) যি আগেয়ে হােৱা নাই
উত্তৰঃ অভূতপূর্ব।

প্রশ্ন ১৩। নিয়ৰ কবিতাটিত পােৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপােন, চকু আদি শব্দযুক্ত হৈ গঠিত খণ্ড বাক্যবােৰেৰে বাক্য ৰচনা কৰা৷
উত্তৰ: তৰা-নৰা→ আনৰা (বৰকৈ বেগাই) : বাঘৰ কথা শুনি সি ভয়তে তৰা-নৰা চিঙি দৌৰি ঘৰলৈ গ’ল।
আকাশত চাং পতা→ (অস্বাভাৱিক কল্পনা, অলীক কল্পনা)- যি কাম কৰাটো সম্ভৱ। নহয় তাৰ কাৰণে আকাশত চাং পতাৰ প্ৰয়ােজন নাই
পানীৰ তলৰ কাইট। → (নেদেখা বিপদ, অজান শত্রু) – পানীৰ তলৰ কাঁইটৰ দৰে মানুহৰ জীৱনত অনেক নেদেখা বিপদ বা শত্রু থাকে।
কথা চহকী →(বেছিকৈ কথা কোৱা লােক)- কথা চহকী মানুহৰ অন্তৰত একো কথা লুকাই নাথাকে।
হিয়াৰ আমঠু→ (অতি মৰমৰ) : আইতাকৰ কাৰণে নাতি-নাতিনী হিয়াৰ আমঠু স্বৰূপ।
অলীক সপােন→ (মিছা কল্পনা, অমূলক কল্পনা)-  অসম্ভৱ বস্তুৰ কাৰণে অলীক কল্পনা কৰি লাভ নাই।
চকু চৰহা → (আনৰ ভাল দেখিব নােৱাৰা)- চকু চৰহা মানুহে আনৰ উন্নতি হােৱা দেখিব নােৱাৰে।

প্রশ্ন ১৪। তলৰ বাক্যকেইটিৰ খালী ঠাইত অর্থৰ লগত সংগতি ৰাখি ভাগি, ভাঙি, ছিগি, ছিঙি বহুৱাই পূৰ কৰা।
(ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো —— গ’ল।
উত্তৰ: মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো ভাগি গ’ল।
(খ) ধুমুহাই ঘৰটো ——পেলালে।
উত্তৰ: ধুমুহাই ঘৰটো ভাঙি পেলালে।
(গ) পুৰণি হােৱা বাবে ৰছীডাল—— থাকিল।
উত্তৰ: পুৰণি হােৱা বাবে ৰছীডাল ছিঙি থাকিল।

(ঘ) জোৰকৈ টনা-আজোৰা কৰা বাবে ৰছীডাল –– গ’ল।
উত্তৰঃ জোৰকৈ টনা-আজোৰা কৰা বাবে ৰছীডাল ছিঙি গ’ল।
(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো –– গ’ল।
উত্তৰ; এবছৰ নৌহওঁতেই মথাউৰিটো ভাগি গ’ল।
(চ) বানপানীয়ে মথাউৰিটো ––পেলালে।
উত্তৰঃবানপানীয়ে মথাউৰিটো ভাঙি পেলালে।।

অষ্টম শ্ৰেণী অসমীয়া পাঠ 1 প্ৰশ্ন উত্তৰ

প্রশ্ন ১৫। দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা।
(ক) ৰাতিপুৱা খালী ভৰিৰে নিয়ৰসিক্ত দূৰি গছকি পােৱা অনুভূতি
উত্তৰঃ (নিজৰ অনুভূতি)-  ভৰিত ঠাণ্ডা পােৱাৰ উপৰি গা-মূৰতাে ঠাণ্ডা পােৱা যায়। গােটেই গাটোতে আৰু মনতাে এক আমেজভৰা শিহৰণ অনুভব কৰা যায়। নিয়ৰ সিক্ত মিহি দুৱৰি বনৰ স্পৰ্শই ভৰি দুখনিতাে সুৰ সুৰাই যায়। খালী ভৰিলে নিয়ৰ সিক্ত দূৱৰি গছকিলে স্বাস্থ্যৰ কাৰণে ঘাইকৈ চকুৰ কাৰণে ভাল বুলি কোৱা শুনিছাে।

লগতে পঢ়ক:   ভক্ত প্রহ্লাদ Class 8 অষ্টম শ্ৰেণী অসমীয়া পাঠ 5 প্ৰশ্ন উত্তৰ

(খ) পদুমকচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ –
উত্তৰ: (নিজৰ অনুভৱ) : ফটিক পানীৰে ধােৱা মণি-মুকুতাহে যেন পদুম, কচু বা অন্যান্য গছৰ পাতত ওলমি আছে আৰু পুৱাৰ হেঙুলি পােহৰ পৰি তিৰবিৰাই আছে, এনে অনুভৱ হয়।

(গ) গছৰ পাতৰ পৰা টোপাটোপে নিয়ৰ সৰা দেখি কৰা কল্পনাৰােৰ-
উত্তৰঃ (নিজৰ অনুভৱবােৰ) ঃ গছৰ পাতৰ পৰা টোপাটোপে নিয়ৰ সৰা দেখি এনে অনুভৱ হয় যেন কোনােবা সৰগীয় নাচনীৰ গলৰ মালা ছিগি বহুমুলীয়া মণিহে এটি এটিকৈ পৰি আছে। আনহাতে এনেদৰেও কল্পনা কৰা যায় যেন কোনােবা ক্রন্দনৰত অপেশ্বৰীৰ চকুপানীহে টোপাটোপে পৰি আছে।

প্রশ্ন ১৬। সাঁথৰ ভাঙা:
(ক) মৌ মাখি নহয় কিন্তু, কৰে গুণ গুণ, বামুণ নহয় কিন্তু, কান্ধত গুণ
উত্তৰ: যতৰ।
(খ) ৰজাৰ ঘৰৰ হাতী, ধান খায় পাচি পাচি।
উত্তৰঃ টেকী
(গ) ৰজাৰ কাপােৰ তিয়াব পাৰি, শুকুৰাৰ নােৱাৰি।
উত্তৰ : জিভা।

Assamese Class 8 Book Answer

অসমীয়া [ASSAMESE]
পাঠ নং পাঠৰ নাম
পাঠ ১ নিয়ৰ (কবিতা)
পাঠ  ২ যুগমীয়া শৰাইঘাট
পাঠ ৩ এন্ ফ্রাংকৰ ডায়েৰি
পাঠ ৪ জাগা জননীৰ সন্তান (কবিতা)
পাঠ ৫ ভক্তপ্রাণ প্রহ্লাদ
পাঠ ৬ প্রগতিৰ সােণালী বাট
পাঠ ৭ বস্তু বিজ্ঞান অধ্যয়ন
পাঠ ৮ শ্ৰীশ্ৰী শংকৰদেৱ (কবিতা)
পাঠ ৯ ভয়
পাঠ ১০ পৰীক্ষিতৰ ব্ৰহ্মশাপ
পাঠ ১১ অতীতক নাযাবা পাহৰি
পাঠ ১২ সুখ (কবিতা)
পাঠ ১৩ হােমি জাহাংগীৰ ভাবা
পাঠ ১৪ সংস্কৃতি আৰু আমাৰ জীৱন
পাঠ ১৫ শিশুলীলা – শ্ৰীশ্ৰীশংকৰদেৱ

নিয়ৰে হিয়াত কি সাঁচি থােৱাৰ কথা কৈছে?

উত্তৰঃ নিজম নিশাৰ নিচুপ কথা হিয়াত সাঁচি থােৱাৰ কথা কৈছে।

নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে?

উত্তৰ: নিশা নচা নাচনীৰ ছিগি ৰৈ যােৱা মুকুতা মণিৰ লগত তুলনা কৰিছে।

মুকুতা মণিটি বুলি কবিয়ে কাক কৈছে?

উত্তৰঃ ফুলৰ পাহিত জিলিকি থকা ফটিক পানীৰে ধােৱা নিয়ৰ কণিকাক কৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top