নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ দশম শ্ৰেণী পাঠ ৯

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ
বিষয় (Subject) অসমীয়া (Assamese)
কিতাপৰ নাম অসমীয়া সাহিত্য চয়নিকা
পাঠৰ নাম নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) পাঠ ৯
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

দশম শ্ৰেণী – অসমীয়া সাহিত্য

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ
ড০ কুলেন্দু পাঠক

অর্থ লিখাঃ
পৰিপন্থী→বিৰােধী, প্রতিকূল। গজগজীয়া→ডাঙৰ-দীঘল; স্থায়ী। খ্যাতনামা→বিখ্যাত। গছত গৰু উঠা→অসম্ভৱ; অবাস্তৱ। দুৰূহ →বুজিবলৈ টান। বুনিয়াদ→ভেটি। বিশ্বজনীন→যি স্থান-কাল-ভেদে শুদ্ধ বা সভ্য।

প্রঃ ১। তলৰ প্রশ্নবােৰৰ অতি চমুকৈ উত্তৰ দিয়াঃ
(ক) কোনখন গ্রন্থ প্রকাশৰ পিছত নিউটনৰ প্ৰতিভাৰ কথা বিদ্ব্যত্মহলে গম পাইছিল?
উঃ প্রিচিপিয়া গ্রন্থ প্রকাশৰ পিছত নিউটনৰ প্ৰতিভাৰ কথা বিদ্ব্যত্মহলে গম পাইছিল।

(খ) ড° কুলেন্দুপাঠকৰ জন্মস্থান কত?
উঃ ড° কুলেন্দু পাঠকৰ জন্মস্থান নগৰবেৰাত।

(গ) ড° কুলেন্দু পাঠকে নেখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰিছিল?
উঃ ড° কুলেন্দু পাঠকে ইংলেণ্ডৰ বার্মিংহাম বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰিছিল।

(ঘ) ভুকেন্দ্রিক বিশ্বধাৰণাৰ প্ৰধান প্রবক্তা কোন?
উঃ ভূকেন্দ্রিক বিশ্বধাৰণাৰ প্রধান প্রবক্তা হ’ল ইজিপ্তৰ জ্যোতির্বিজ্ঞানী টলেমী।

প্র : গেলিলিওৱে আকাশ অধ্যয়নৰ কথাবােৰ কোন গ্রন্থত প্ৰকাশ কৰিছিল ?
উঃ গেলিলিওৱে আকাশ অধ্যয়নৰ কথাবোেৰ ‘The Starry Messenger’ নামৰ গ্ৰন্থত প্ৰকাশ কৰিছিল।

প্র : লণ্ডনৰ ৰয়েল ছ’চাইটি কেতিয়া স্থাপন হৈছিল? এই ছ’চাইটিৰ সৈতে নিউটন কেনেদৰে জড়তি হৈছিল বুজাই লিখা।

উঃ ১৬৬২ চনত লণ্ডনৰ ৰয়েল ছ’চাইটিৰ স্থাপন হৈছিল। এই চনতে বিজ্ঞানৰ এই সংগঠনটোৱে ৰাজকীয় চনদ লাভ কৰি ৰয়েল ছ’চাইটি অৱ লণ্ডন নামেৰে পৰিচিত হয়। সেই সময়ত বিজ্ঞানৰ তথ্য তত্ত্ব আৰু অগ্রগতি সম্পর্কে আলােচনা কৰিবলৈ পৃথিৱীৰ ভিন ভিন দেশত একাডেমী, সমিতি আদি স্থাপন কৰা হৈছিল। সেইবােৰৰ ভিতৰত লণ্ডনৰ ৰয়েল ছ’চাইটি অন্যতম। আধুনিক বিজ্ঞান বিপ্লৱৰ শ্ৰীবৃদ্ধিত ৰয়েল ছ’চাইটিৰ যথেষ্ট অৱদান আছে। এই ক্ষেত্ৰত নিউটনৰ ভূমিকাও গুৰুত্বপূর্ণ। প্রথমে ১৬৮৭ চনত ৰয়েল ছ’চাইটিৰ প্রকাশনৰ জৰিয়তে নিউটনে বিজ্ঞান বিপ্লৱৰ তথা বিজ্ঞানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পুথি ‘প্রিচিপিয়া’ প্রকাশ কৰিছিল। পৰৱৰ্তী সময়ছােৱাত ১৭০৫ চনৰপৰা মৃত্যু পর্যন্ত নিউটনে ৰয়েল ছ’চাইটিৰ সভাপতি হিচাপে ছ’চাইটিৰ কাম-কাজৰ তদাৰক কৰিছিল।

প্রঃ নিউটনৰ ‘প্রিন্সিপিয়া’ গ্রন্থই বৌদ্ধিক মহলত কেনেদৰে খলকনি তুলিছিল চমুকৈ আলােচনা কৰা।
নাইবা
‘প্রিন্সিপিয়া’ গ্ৰন্থৰ বিষয়ে চমুকৈ লিখা। 
উ : বিজ্ঞান বিপ্লৱৰ তথা বিজ্ঞানৰ আটাইতকৈ গুৰুত্বপূর্ণ নিউটনৰ দ্বাৰা ৰচিত প্রিচিপিয়া’ গ্রন্থখনি ১৬৮৭ চনত ৰয়েল ছ’চাইটিয়ে প্রকাশ কৰি উলিয়ায়। নিউটনৰ গ্ৰন্থই সেই সময়ত বৌদ্ধিক মহলত যথেষ্ট খলকনি তুলিছিল যদিও সোতৰ শতিকাৰ শেষৰ ফালেহে গ্ৰন্থখনিক বিদ্বান সমাজে আদৰি লয়। প্রিচিপিয়া গ্ৰন্থত নিউটনে মহাকৰ্ষণৰ বিশ্বজনীন। সুত্ৰ আৰু গতি বিজ্ঞানৰ তিনিটা সূত্ৰৰ সহায়ত গ্রহ-গতি সম্পর্কে সৱল গাণিতিক ব্যাখ্যা আগবঢ়াইছিল। বৈজ্ঞানিক কর্মৰ ফলত নিউটনৰ সােতৰ শতিকাৰ শেষৰফালে বিদ্বান মহলে। বুজি পাইছিল যে বিশ্বখন জটিল হ’লেও কিছুমান অতি সৰল নিয়মৰ দ্বাৰাও পৰিচালিত হয়। কপাৰনিকাছ কেপলাৰ আৰু গেলিলিওৱে গ্রহগতি সম্পর্কে নতুন ধাৰণা আৰু পৰীক্ষা ভিত্তিক তথ্য আৱিষ্কাৰ কৰিছিল সঁচা কিন্তু নিউটনে পৃথিৱীৰ গ্রহ ধমকেতু আদিক নিজৰ গতি পথত ধৰি ৰখা বল আৰু নিয়ম গণনা কৰি উলিয়ায়। প্রিচিপিয়া’ৰ প্ৰকাশৰ মাজেদি গেলিলিও আৰু গিলবার্টে আৰম্ভ কৰা বিজ্ঞান চর্চাৰ নতুন কামৰ পূর্ণতা লাভ কৰে। জীৱনৰ শেষছােৱাত নিউটনে পৃথিৱীৰ শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে পৰিচিত হৈছিল। প্রিচিপিয়া গ্রন্থ ৰচনা কৰি নিউটনে আধুনিক বিজ্ঞান চর্চাক এক নতুন গতিশীলতা প্রদান কৰিছিল। ইউক্লিডৰ এলিমেন্ট অৱ জ্যামিতিৰ দৰে নিউটনৰ প্ৰিচিপিয়াও মানুহৰ বৌদ্ধিক সাধনাৰ অগ্ৰগতিৰ মাইলৰ খুটি ৰূপে পৰিচিত।

লগতে পঢ়ক:   দৃশ্যান্তৰ কবিতা – (প্রশ্নোত্তৰ) Class 10 Assamese Lesson 5 Question Answer

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

প্রঃ  শিক্ষা লাভৰ কালছােৱাত নিউটন কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল বুজাই লিখা।

উ: নিউটনে নিজৰ প্ৰতিভাৰ ফলত কেমব্রিজ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক হয় যদিও তেওঁৰ দেউতাক নিৰক্ষৰ আছিল। নিউটনৰ শিক্ষা জীৱন বৰ কষ্ট আছিল। এটা সাধাৰণ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। নিউটনৰ জন্মৰ আগতে দেউতাকৰ মৃত্যু হয়। নিউটনৰ বয়স তিনি বছৰ নৌহওঁতেই মাক দ্বিতীয় বিবাহত আৱদ্ধ হয়। নিউটনৰ মােমায়েকৰ বংশ শিক্ষিত আছিল। মাকৰ ফালৰ ককাক- আইতাকৰ লগত এক অকলশৰীয়া শিশু হিচাপে নিউটন। ডাঙৰ হয়। শিক্ষিত ককাকে নিউটনক শিক্ষিত কৰিবলৈ যত্ন কৰিছিল। সােতৰ বছৰ বয়সত মাকে তেওঁক স্কুলৰ পৰা আঁতৰাই খেতি-বাতিৰ কাম শিকাবলৈ চেষ্টা কৰিছিল  যদিও “নিউটনৰ মন বহা নাছিল। নিউটনৰ প্রতিভা দেখি অৱশ্যে মােমায়েক আৰু শিক্ষক এগৰাকীয়ে মাকক বুজাই নিউটনৰ উচ্চ শিক্ষাৰ ব্যৱস্থা কৰে। তেওঁক বিশ্ববিদ্যালয়ত পটুওৱাৰ ইচ্ছা হয়তাে মাকৰ নাছিল, কাৰণ বিশ্ববিদ্যালয়ত তেওঁৰ পঢ়াৰ সম্পূর্ণ খৰচ মাকে দিয়া নাছিল। সেই সময়ত বিশ্ববিদ্যালয়লৈ ধনী, ভদ্রলােকৰ ল’ৰাহে পঢ়িবলৈ আহিছিল। আৰু তেনে ছাত্ৰৰ লগত এজন ভৃত্যও আছিল। নিউটনে পঢ়াৰ খৰচ উলিয়াবলৈ এনে ভৃত্যৰ কামাে কৰিবলগীয়া হৈছিল। অকলশৰীয়া নিউটনে কিতাপকে তেওঁৰ বন্ধু কৰি লৈছিল। সেই সময়ত কেমব্রিজ বিশ্ববিদ্যালয়ৰ বৌদ্ধিক। পৰিৱেশ বৰ উৎসাহজনক নাছিল। ১৬৬৪ চনৰ পৰাই তেওঁ গণিত আৰু বিজ্ঞানৰ পুথি পঢ়িবলৈ লয়। ১৬৬৫ চনত প্লেগ মহামাৰীৰ বাবে বিশ্ববিদ্যালয় বন্ধ দিয়াত নিউটন গাঁৱৰ ঘৰলৈকে ঘূৰি আহে। ১৬৬৭ চনৰ এপ্রিল মাহত তেওঁ কেমব্রিজলৈ ঘূৰি আহে। গাঁৱত থকা কালছােৱাকে নিউটনৰ জীৱনৰ আশ্চর্য সময়’ বুলি ক’ব পাৰি। এই সময়তে তেওঁ কেলকুলাছ আৱিষ্কাৰ কৰে আৰু মহাকর্ষণ বলৰ বিষয়েও গভীৰভাৱে চিন্তা-চৰ্চা কৰিছিল।

প্রঃ সােতৰ শতিকাৰ তিনিটা উল্লেখযােগ্য বৈজ্ঞানিক মাইলৰ খুটি’ৰ কথা উল্লেখ কৰা।
উ : সােতৰ শতিকাৰ তিনিটা উল্লেখযােগ্য বৈজ্ঞানিক মাইলৰ খুটি’ৰ কথা তলত উল্লেখ কৰা হ’ল—
(১) ১৬০০ খ্রীষ্টাব্দত প্রকাশিত বিলিয়াম গিলবার্ট Demagncte গ্রন্থই চুম্বক বিজ্ঞান আৰু বিদ্যুৎ বিজ্ঞান চর্চাৰ আধুনিক আৰু বৈজ্ঞানিক ধাৰাৰ প্ৰৱর্তন কৰে। গিলবার্ট প্রতিভাসম্পন্ন গৱেষক হােৱাৰ উপৰি চিকিৎসক আছিল।
(২) ১৬২৮ চনত প্রকাশিত বিলিয়াম হার্ভেৰ দ্বাৰা ৰচিত ‘On the Motions of Heart and Blood in Animals’ জীৱ বিজ্ঞান আৰু শৰীৰ বিজ্ঞানৰ বাটকটীয়া পুথি।
(৩) ১৬২০ চনত ইংৰাজ দার্শনিক, পণ্ডিত আৰু প্ৰৱন্ধকাৰ। ফ্রান্সিছ বেকাৰ Novum organin গ্রন্থ প্রকাশিত হয়। এই প্রস্থত বেকনে আৰােহণ, পৰীক্ষা নিৰীক্ষা আৰু বৈজ্ঞানিক সহযােগিতাৰ গুৰুত্বৰ বিষয়ে আলােচনা কৰিছে। ৰয়েল ছ’চাইটি, লণ্ডন আৰু আন বহুতাে বিজ্ঞান ভিত্তিক একাডেমী, সমিতি আদি স্থাপনৰ ক্ষেত্ৰত প্ৰৱন্ধবােৰে। বিশেষ উগণি দিছিল।

লগতে পঢ়ক:   অৰণ্য যাত্ৰা দশম শ্ৰেণী (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) Class 10 অসমীয়া

প্রঃ  গেলিলিও কোন দেশৰ লােক আছিল? গেলিলিওৱে কেতিয়া দূৰৰীণ যন্ত্র সাজি উলিয়াইছিল ?
উঃ গেলিলিও ইটালী দেশৰ লােক আছিল। গেলিলিওৱে ১৬০৯ চনত দূৰবীণ যন্ত্র সাজি উলিয়াইছিল।

প্রঃ  আধুনিক বিজ্ঞান ইউৰােপীয় জ্ঞান সাধনাৰ এক স্বতন্ত্র ধাৰা হিচাপে কেতিয়া আৰু কেনেকৈ সমাদৃত হয়।
উঃ বিজ্ঞান পৰীক্ষাভিত্তিক নহ’লে অর্থহীন আৰু ত্রুটিপূর্ণ হয়। পৰীক্ষাই হ’ল সকলে নিশ্চয়তাৰ মাতৃ আৰু সুনির্দিষ্ট পৰীক্ষাই হ’ল বিজ্ঞানৰ সঠিক মাপকাঠি। এনে ধাৰণা ইউৰােপৰ একাংশ বুদ্ধিজীৱী আৰু গৱেষকৰ চিন্তা-চৰ্চাত ক্রমান্বয়ে সুদৃঢ় হৈ আহে আৰু সােত শতিকাৰ শেষভাগত আধুনিক বিজ্ঞান ইউৰােপীয় জ্ঞান সাধনাৰ এক সন্মানীয় আৰু স্বতন্ত্র ধাৰা হিচাপে সমাদৃত হয়।

প্রঃ  আকাশ অধ্যানৰ সম্বন্ধে গেলিলিওৱে ৰচনা কৰা গ্রন্থখনিৰ নাম কি আছিল? এই গ্রন্থখন কেতিয়া প্রকাশ হৈছিল?
উঃ The Starry Messenger. ১৬১০ খ্রীঃত এই গ্রন্থখন প্রকাশ হৈছিল।

প্রঃ  কেপলাৰৰ গণনাৰ ভিত্তি কি আছিল?
উঃ ডেনমার্ক বিখ্যাত জ্যোতির্বিজ্ঞানী টাইক’ ৱাহৰ পর্যবেক্ষণলব্ধ নতুন তথ্য।

প্রঃ  ভূকেন্দ্রিক বিশধাৰণাৰ প্রধান প্রবক্তা কোন
উঃ ভূকেন্দ্রিক বিশধাৰণাৰ প্রধান প্রবক্তা হ’ল— টলেমী।

প্রঃ  টলেমী কোন দেশৰ লােক আছিল? তেওঁৰ দ্বাৰা ৰচিত বিশ্বকোষ সদৃশ পুথিখনৰ নাম কি আছিল?
উঃ টলেমী ইজিপ্তৰ লােক আছিল। তেওঁৰ দ্বাৰা ৰচিত বিশ্বকোষ সদৃশ পুথিখনৰ নাম হল-এলমেজেষ্ট।

প্রঃ  আধুনিক পৰমাণু বিজ্ঞানৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়।
উঃ আধুনিক পৰমাণু বিজ্ঞানৰ পিতৃৰূপ বুলি ৰাডাৰ ফৰ্ডক কোৱা হয়।

প্রঃ ফ্রান্সি বেকন কোন আছিল? তেওঁৰ দ্বাৰা বিৰচিত গ্রন্থখনিৰ নাম কি আছিল আৰু এইখন কেতিয়া প্রকাশ পাইছিল?
উঃ ফ্রান্সিছ বেকন ইংৰাজ দার্শনিক, পণ্ডিত আৰু প্ৰৱন্ধকাৰ আছিল। তেওঁৰ দ্বাৰা বিৰচিত গ্রন্থখনিৰ নাম Novum Organum, এইখন গ্রন্থ ১৬২০ চনত প্ৰকাশ হৈছিল।

প্রঃ  ঘাটাংক গণিত বা লগাৰিথম কোনে উদ্ভাৱন কৰিছিল?
উঃ স্কটলেণ্ডৰ জন নেপিয়াৰে উদ্ভাৱন কৰিছিল।

প্রঃ  De Magnete গ্ৰন্থৰ ৰচক কোন আৰু গ্রন্থখনি কিমান চনত প্রকাশিত হৈছিল ?
উ : De Magnete গ্রন্থৰ ৰচক বিলিয়াম গিলবার্ট। এই গ্রন্থখন ১৬০০ খ্রীষ্টাব্দত প্ৰকাশ হৈছিল।

লগতে পঢ়ক:   প্ৰাচীন ভাৰতীয় শিক্ষা Class 10 Question Answer দশম শ্ৰেণী 

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ চমুটোকা লিখা

(ক) ক’পার্নিকাছ (খ) গেলিলি’ গেলিলি (গ) কেপলাৰ : আপেক্ষিকতাবাদ। (ঘ) আপেক্ষিকতাবাদ
(ক) ক’পার্নিকাছঃক’পার্নিকাছ পােলেণ্ডৰ এগৰাকী জ্যোতির্বিদ আছিল। তেওঁ ১৪৭৩ খ্রীঃত জন্মগ্রহণ কৰিছিল। তেওঁ সৌৰকেন্দ্রিক গ্রহ-গতিৰ ধাৰণা আগবঢ়াই সূর্য সৌৰজগতৰ কেন্দ্ৰ আৰু খালী চকুৰে দেখা গ্রহবােৰ সূৰ্যৰ চাৰিওফালে বৃত্তীয় পথেৰে ঘূৰা তথা চন্দ্ৰই পৃথিৱীক পৰিভ্ৰমণ কৰাৰ কথা প্ৰকাশ কৰিছিল। তেওঁৰ আগলৈ জোন, বেলি, তৰা পৃথিৱীৰ চৌপাশে ঘূৰে বুলি আগবঢ়োৱা টলেমীৰ ভূকেন্দ্রিক ধাৰণাত বিশ্বাস কৰা হৈছিল।‘on the Revolutions of the Celestial spheres’ হৈছেক’পাৰনিকাছৰ বিখ্যাত গ্রন্থ। ১৫৪৩ খ্রীঃত ক’পার্নিকাছৰ মৃত্যু হৈছিল।

(খ) গেলিলি’ গেলিলিঃ গেলিলিঅ’ এগৰাকীইটালীৰ বিজ্ঞানীতথা জ্যোতির্বিদ আছিল। ১৫৬৪ চনত জন্মগ্রহণ কৰা গেলিলিঅই আকাশ অধ্যয়ন কৰি বৃহস্পতিৰ চাৰিটা উপগ্রহ আৰু চন্দ্ৰৰ পর্বতমালা সম্বন্ধে বিশ্ববাসীক অৱগত কৰিছিল তেওঁৰ “দ্য ষ্ট’ৰী মেছেঞ্জাৰ” গ্রন্থখনৰ মাধ্যমেৰে। তেওঁক’পার্নিকাছে। আগবঢ়োৱা মতবাদক সমর্থন কৰিছিল। ইয়াৰ বাবে তেওঁ ৰােমান কেথলিক গীর্জাৰ ৰােষত পৰিবলগীয়া হৈছিল। তেওঁ টলেমীআৰুক’পাৰ্কিাছৰ ধাৰণাক লৈ বহুত চিন্তাৰপিছত তিনিগৰাকী ব্যক্তিৰ কথােপকথন হিচাপে “Dialogue Concerning Two Chief World System: Ptolemiac and Copernican” নামৰ গ্ৰন্থ ৰচনা কৰিছিল যিখন পাছলৈ বিজ্ঞান তথা ইউৰােপীয় ইতিহাসৰ অমূল্য দলিল হিচাপে পৰিগণিত হয়। গেলিলিঅ’ৰ ১৬৪২ চনত মৃত্যু হৈছিল।

(গ) কেপলাৰ : জ’হান কেপলাৰ এগৰাকী জার্মান জ্যোতির্বিদ আছিল। তেওঁৰ ১৫৭১ খ্রীঃত জন্ম আৰু ১৬৩০ খ্রীঃত মৃত্যু হৈছিল। তেওঁ “গ্রহবােৰৰ কক্ষপথ বৃত্তকাৰ নহয় তথা কক্ষপথেৰে গ্ৰহবােৰে সূৰ্যক প্রদক্ষিণ কৰোঁতে গ্রহবােৰৰ বেগ সলনি হৈ থাকে”— ধাৰণাটো প্ৰকাশ কৰিছিল। তেওঁৰৰচিত এখন বিখ্যাত গ্রন্থ হ’ল “এস্ট্রোনমিয়া নােভা” (নিউ এস্ট্রোন মী)।

(ঘ) আপেক্ষিকতাবাদ:  এলবার্ট আইনষ্টাইনে আপেক্ষিকতাবাদ মতবাদ আগবঢ়াইছিল। এই মতবাদে পদার্থ বিজ্ঞানৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্রহণ কৰি আহিছে। এই মতবাদ দুটা সিদ্ধান্তৰ ওপৰত প্রতিষ্ঠিত। প্রথম কোনাে বন্ধুৰ গতি অন্য নিৰপেক্ষ হােৱা সম্ভৱ নহয়। আনহাতে দ্বিতীয়টো সিদ্ধান্ত হ’ল, স্থান আৰু কাল পৰস্পৰ আপেক্ষিক, অর্থাৎ সম্বন্ধযুক্ত। ইয়াৰে এটাক বাদ দি আনটোৰ
কোনাে অস্তিত্ব নাই। এই মতবাদৰ বিস্তৃত যুক্তিত জ্যোতির্বিজ্ঞানৰ বিভিন্ন অভিনৱ উদঘাটন হৈছে। এই মাদ সকলাে ক্ষেত্ৰতে নির্ভুল বুলি প্রমাণিত হৈ আহিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top