পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Assamese Chapter 10 question answer

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Assamese Chapter 10 question answer | অষ্টম শ্ৰেণী অসমীয়া পাঠ 10 প্ৰশ্ন উত্তৰ

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8
শ্ৰেণী (Class)অষ্টম শ্ৰেণী
পাঠ (Lesson)পৰীক্ষিতৰ ব্ৰহ্মশাপ (10)
সমাধানপাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় (Subject)অসমীয়া
মাধ্যমঅসমীয়া
পাঠ্যক্ৰম
NCERT

Class 8 Assamese Chapter 10 question answer

পাঠভিত্তিক ক্রিয়া কলাপ

প্রশ্ন ১। তলৰ বাক্য কেইটা পঢ়া আৰু উত্তৰ দিয়া।
(ক) দেখন্ত: মুনি চক্ষু মুদি সমাধি কৰি আচন্ত। এমন মুনিত তৃষ্ণায়ে আকুল হৈয়া জল খুজিলা।

মুনিয়ে চকু মুদি কি কৰি আছিল?
উত্তৰ: মুনিয়ে চকু সমাধি কৰি আছিল।

মুনি জনৰ নাম কি ?
উত্তৰঃ মুনিজনৰ নাম শমীক।

পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল?
উত্তৰঃ পিয়াহত আকুল হৈ পৰীক্ষিত ৰজাই মুনিক পানী খুজিছিল।

প্রশ্ন ২। পাচে তান পুত্র শৃঙ্গী বার্তা পায়া ক্রোধে ছৱালসৰ আগতে বােলন্তঃ অহো ৰাজাৰ অন্যায় দেখ।

কি খবৰ পাই মুনিপুত্র শৃঙ্গীৰ খং উঠিছিল?
উত্তৰ: পৰীক্ষিত ৰজাই মৰা সাপ ধনুৰ আগৈৰে আনি শমীক মুনিৰ গলত দিয়া কথাটো শুনি মুনিপুত্র শৃঙ্গীৰ খং উঠিছিল।

ৰজাই কি অন্যায় কৰাৰ কথা কৈছে?
উত্তৰঃ: ধ্যানমগ্ন হৈ থকাৰ কাৰণে পিয়াহত আতুৰ পৰীক্ষিত ৰজাই পানী খােজাৰ কথা শমীক মুনিয়ে ক’ব নােৱাৰিলে। তথাপি ৰজাক অৱজ্ঞা কৰি মুনিয়ে পানী নিদিলে বুলি ভাবি মুনিক শাস্তি দিয়াৰ উদ্দেশ্যে মৰা সাপ এডাল ধনুৰ আগেৰে আনি ধ্যানমগ্ন মুনিৰ গলত দিলে। ৰজাৰ এই কার্যকে অন্যায় কৰা বুলি কৈছে।

প্রশ্ন ৩। আজি মঞি দণ্ডিবােঃ মােৰ বল দেখ। এহি বুলি কৌষিকী জলত আচান্ত কৰি ৰজাক সপ্ত দিনত তক্ষকে দংশােক বুলি শাপ দিলা।
উক্ত কথা ফাকি কোনে কৈছিল আৰু কিয় কৈছিল?
উত্তৰঃউক্ত কথাফাকি শমীক মুনিৰ পুত্র শৃঙ্গীয়ে কৈছিল। পৰীক্ষিত ৰজাই অন্যায়ভাৱে ধ্যানমগ্ন পিতৃ শমীক মুনিৰ গলত মৰা সাপ দিয়াৰ কাৰণে শৃঙ্গীয়ে খং কৰি এনেদৰে কৈছিল।

প্রশ্ন ৪। শৃঙ্গীয়ে কৌষিকী জলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল?
উত্তৰঃ শৃঙ্গীয়ে কৌষিকী জলত গা ধুই ৰজাক এই বুলি অভিশাপ দিলে ৰজাক সপ্তদিনত তক্ষকে দংশােক’।

প্রশ্ন ৫। অহাে দুষ্টপুত্র কি অন্যায় কৰিলি।
শমীক মুনিয়ে শৃঙ্গীক দুষ্ট পুত্ৰ বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা আছিল?
উত্তৰ: পৰীক্ষিত ৰজাক অভিশাপৰ কথা যেতিয়া শৃঙ্গীয়ে পিতৃ শমীক মুনিক ক’লে তেতিয়া খং কৰি শমীক মুনিয়ে পুতেক শৃঙ্গীক দুষ্টপুত্ৰ বুলি কৈছে আৰু খঙতে শৃঙ্গীয়ে ৰজাক অভিশাপ দিয়া কাৰ্যক অন্যায় কৰা বুলি কৈছে।

প্রশ্ন ৬। মহান্ত হৈয়া। যাক জল খুজিলস্ত। আঙ্ক কেনে শাপ দিলি। ই পাপৰ আন প্রায়শ্চিত্ত নেদেখি কৃষ্ণক প্রার্থন্ত।

শঙ্গীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শমীক মুনিয়ে ভগবান কৃষ্ণৰ ওচৰত কি বুলি প্রার্থনা কৰিছিল।
উত্তৰঃ শঙ্গীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শমীক মুনিয়ে ভগবান কৃষ্ণৰ ওচৰত এই বুলি প্রার্থনা কৰিছিল— ‘হে কৃষ্ণ, অনা-অপৰাধী তােমাৰ ভক্তক অবােধ দুৱালে অপকাৰ কৰিলে। তাক সর্বাত্মা তুমি ক্ষমা কৰা।

লগতে পঢ়ক:   সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Assamese Chapter 14 Question Answer

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8

প্রশ্ন ২। উত্তৰ দিয়া ।
(ক) পৰীক্ষিত ৰজাৰ মৃত্যু হ’লে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি শমীক মুনিয়ে পুতেকক কৈছে?
উত্তৰঃ পৰীক্ষিত ৰজাৰ মৃত্যু হলে ৰাজ্য নষ্ট হ’ব, মানুহৰ মাজত চোৰ ডকাইত হ’ব, প্রজাসকলেও নানা দুখ পাব, এই পাপে তাক পাব বুলি শমীক মুনিয়ে পুতেকক কৈছে।

(খ) শমীক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছে লিখা।
উত্তৰঃ শমীক মুনি মহাজ্ঞানী আছিল। ধ্যানমগ্ন হৈ থকাৰ কাৰণে পিয়াহত আতুৰ পৰীক্ষিতে খাবলৈ পানী খােজাৰ কথা গম পােৱা নাছিল । ৰজাক অবজ্ঞা কৰি মুনিয়ে খাবলৈ পানী নিদিলে বুলি ৰজাই ভুলকৈ ভাবি মুনিক মৰা সাপ গলত দি শাস্তি দিয়াতাে মুনিয়ে ৰজাক খং নকৰিলে। কাৰণ পৰীক্ষিত তেওঁলােকৰ ৰজা। তেওঁ চক্ৰৱৰ্তী ৰজা। অন্যায়ভাৱে একো চিন্তা নকৰাকৈ পুতেকে ৰজাক অভিশাপ দিয়াত মুনিয়ে বৰ দুখ পালে। কাৰণ ৰজাৰ মৃত্যু হ’লে ৰাজ্য অৰাজক হ’ব, চোৰ-ডকাইতৰ উৎপাত বাঢ়িব, প্রজাসকলৰ নানা দুখ কষ্ট হ’ব। মুনিয়ে ৰাজ্যত তেনে হােৱাটো কেতিয়াও বাঞ্ছা নকৰে। তাৰােপৰি ৰজা আছিল কৃষ্ণৰ পৰম ভক্ত। কৃষ্ণ ভক্তক এনেদৰে অভিশাপ দিয়াটো বৰ অন্যায় হৈছে বুলি মুনি ভাবিছে। তেওঁ ভগৱান কৃষ্ণৰ ওচৰত অবােধ পুতেকক ক্ষমা কৰিবলৈ প্রার্থনা জনাইছে। এই বিলাক কথাৰ পৰা শমীক মুনিৰ মহত্ব প্রকাশ পাইছে।

প্রশ্ন ৩৷ পৰীক্ষিতৰ ব্ৰহ্মশাপ’ নামৰ পাঠটোৰ পৰা তলত তুলি দিয়া বাক্যকেইটা আধুনিক অসমীয়া গদ্যৰূপত লিখা।

(ক) একদিনা পৰীক্ষিত ৰাজা ধনুশৰ ধৰি মৃগয়া কৰিতে বনক গৈলা।
উত্তৰ: এদিন পৰীক্ষিত ৰজাই ধনু-শৰ লৈ চিকাৰ কৰিবলৈ বনলৈ গৈছিল।

(খ) মৃগক খেদি ক্ষুধায়ে তৃষ্ণায়ে শ্রান্ত হৈলা।
উত্তৰ: চিকাৰত পহু খেদি খেদি ভোক পিয়াহত ক্লান্ত হৈ পৰিল।

(গ) এহি বুলি মৰা সর্প ধনুৰ আগে আনি মুনিৰ গলত দিয়া গৃহক গৈলা।
উত্তৰঃ এই বুলি মৰা সাপ ধনুৰ আগেৰে তুলি আনি মুনিৰ গলত দি ঘৰলৈ গৈছিল।

(ঘ) পাচে শৃঙ্গী ৰাজাক শাপিবাৰ কথা কহিলা।
উত্তৰ: পিছত শৃঙ্গীয়ে ৰজাক অভিশাপ দিয়াৰ কথা ক’লে।

(ঙ) মহা ধর্মপৰ, আৰৰ হৰিভক্ত। মহাশ্ৰান্ত হৈয়া আমাত জল খুজিলন্ত।
উত্তৰঃ মহা ধার্মিক আৰু হৰিভক্ত। বৰ ক্লান্ত হৈ মােৰ ওচৰত পানী খুজিছিল।

(চ) যাতে সাধুসৱে পৰৰ দুঃখেসে দুঃখী হৈয়া আপুনাৰ দুঃখ নুগুনে।
উত্তৰঃ যেহেতু সাধুসকলে পৰৰ দুখত দুখী হৈ নিজৰ দুখৰ কথা নাভাবে।

পাঠ নংপাঠৰ নাম
পাঠ ১নিয়ৰ (কবিতা)
পাঠ  ২যুগমীয়া শৰাইঘাট
পাঠ ৩এন্ ফ্রাংকৰ ডায়েৰি
পাঠ ৪জাগা জননীৰ সন্তান (কবিতা)
পাঠ ৫ভক্তপ্রাণ প্রহ্লাদ

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Question Answer

প্রশ্ন ৪। ব্যাখ্যা কৰা:

(ক) দাস হৈয়া স্বামীক অপকাৰ কৰেঃ ব্রাহ্মণ সবে ক্ষত্রিয়ক ৰাজা পাতিছেঃ সি কোন আমাক দ্রোহ কৰে । দুষ্টৰ নিয়ন্তা কৃষ্ণ বৈকুণ্ঠক গৈলে, আৰা এতেকে অন্যায় কৰা
উত্তৰঃ উদ্ধৃত কথাখিনি পৰীক্ষিতৰ ব্ৰহ্মশাপ’নামৰ পাঠটিৰ অন্তৰ্গত। ৰজা পৰীক্ষিতে শমীক মুনিৰ গলত মৰা সাপ দি গুচি যােৱাত মুনিপুত্র শৃঙ্গীয়ে খং কৰি সেই কথাফাকি কৈছিল।

ব্রাহ্মণসকলে আগৰ দিনত ক্ষত্রিয়ক ৰজা পাতিছিল। গতিকে ব্রাহ্মণসকল ক্ষয়িত্ৰৰ গৰাকী তথা স্বামী আৰু ক্ষত্রিয়ৰ ৰজাসকল ব্রাহ্মণৰ দাস। দাসে স্বামী বা গৰাকীৰ অপকাৰ কৰিব নাপায়। ৰজা পৰীক্ষিতে আছিল ক্ষয়িত্ৰ ৰজা। তেৱোঁ ব্রাহ্মণৰ দাস। দাস হৈ ব্রাহ্মণ মুনি শমীক গলত মৰা সাপ দি বৰ অপকাৰ কৰিলে। দুষ্টৰ নিয়ন্ত বৈকুণ্ঠলৈ গ’ল বুলিয়েনো পৃথিৱীত ইমান অন্যায় হব পাৰেনে? এয়া আছিল শমীক মুনিৰ পুত্ৰ শৃঙ্গীৰ যুক্তি।

লগতে পঢ়ক:   শিশুলীলা Class 8 প্ৰশ্ন উত্তৰ । অসমীয়া পাঠ 15 । অষ্টম শ্ৰেণী

(খ) যাতে সাধুসৱে পৰ্বৰ দুঃখেসে দুঃখী হৈয়া আপুনাৰ দুঃখ নুগুনে।
উত্তৰঃ উদ্ধৃত কথাফাকি ‘পৰীক্ষিতৰ ব্ৰহ্মশাপ’নামৰ পাঠটিৰ অন্তৰ্গত। এই কথাফাকিৰে সূতে সাধুসন্ত মুনি শমীক মহান গুণৰ কথা প্রকাশ কৰিছে।

সাধু সন্ত সকল মহাজ্ঞানী। তেওঁলােকৰ বিচাৰ-বিবেচনা, চিন্তাধাৰা অতি উচ্চ। তেওঁলােকে নিজৰ দুখ-কষ্টৰ কথা মনলৈ নানি পৰৰ দুখ কষ্টত দুখী হয়। শমীক মুনিয়ে আছিল জ্ঞানীজন সাধু। সেয়ে ৰজা পৰীক্ষিতে তেওঁৰ গলত অন্যায়ভাৱে মৰা সাপ দিলেও ৰজাক দোষী কৰা নাই, বৰং ভােক-পিয়াহত আতুৰ ৰজাক তেওঁ ধ্যানমগ্ন হৈ থকাৰ কাৰণে শুশ্রুষা কৰিব নােৱাৰি দুখহে প্ৰকাশ কৰিছে। আনহাতে পুত্র শৃঙ্গীয়ে ঈশ্বৰৰ পৰম ভক্ত ধার্মিক পৰীক্ষিত ৰজাক অভিশাপ দিয়াত অতিকৈ মনােকষ্ট পাইছে। এয়া সাধুসকলৰ মহানতা তথা গুণ।

Class 8 Assamese Chapter 10 question answer

প্রশ্ন ৫। তলৰ শব্দবিলাকৰ অর্থ লিখা
সমাধি, তৃষ্ণা, আকুল, দণ্ডিবাে, কৌশিকী, আচান্ত, তক্ষক, শাপ।
উত্তৰঃ সমাধি– ধ্যানমগ্ন, তন্ময় অৱস্থা, মৰিশালী, কবৰ।
তৃষ্ণা— পিয়াহ।
আকুল -কাতৰ, বিবুদ্ধি।
কৌষিকী— এখন নদীৰ নাম।
আচান্ত— স্নান কৰি, গা ধুই।
তক্ষক–নাগজ, সাপৰ ৰজা, এবিধ সাপ।
শাপ— শাও, অমঙ্গল বা অশুভ কামনা কৰি উচ্চাৰণ কৰা বাক্য।

প্রশ্ন ৬। তলত দিয়া শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা।
প্রজা, প্রশংসা, নিম, উপকাৰ, শান্ত, ন্যায়, সুখ, অসমর্থ।
উত্তৰ: প্ৰজা – ৰজা। প্রশংসা – নিন্দা।
নিম্ন – উচ্চ। উপকাৰ — অপকাৰ।
ন্যায় – অন্যায়। শান্ত -উগ্র।
সুখ -দুখ। অসমর্থ – সমর্থ।

প্রশ্ন ৭ তলত দিয়া শব্দবােৰৰ অৰ্থ লিখি পার্থক্য প্রকাশ হােৱাকৈ বাক্য ৰচনা কৰা।
শাপ, সাপ, তান,টান, শৰ,সৰ, সুত
উত্তৰঃ শাপ (শাও)→ শমীক মুনিৰ পুত্ৰ শৃঙ্গীয়ে পৰীক্ষিতক সপ্তদিনত তক্ষকে দংশক বুলি শাপ দিছিল।
সাপ (নাগ, সর্প)→ সকলাে সাপৰ ৰিৰ নাথাকে।
তান (সুৰ)→ সকলাে গানৰে একেধৰণৰ তাৰ নহয়।
টান (কঠিন)→ কোমল কহাে শুকালে সাধাৰণতে টান হয়।
শৰ (কাড়) : সময়ৰ শৰ মাৰিব জানিব লাগে।
সৰ -(গাখীৰৰ চামনি)→ গাখীৰৰ সৰৰ পৰা কালাকান তৈয়াৰ কৰে।
সুত (পুত্র)→ শমীক মুনিৰ সুত শৃঙ্গীয়ে ৰজা পৰীক্ষিতক অভিশাপ দিছিল।
সূত (এজন মুনিৰ নাম)→ সূতে পৰীক্ষিত ৰজাক ধৰ্মৰ কথা শুনাইছিল।

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Question Answer

প্রশ্ন ৮। শুদ্ধ উত্তৰটো বাছি উলিওৱা,
কৃষ্ণ’ শব্দটোৰ ষ্ণ’ যুক্তাক্ষৰটো ভাঙিলে তলৰ কোনটো হ’ব?
(ক) ষ + ঐ (খ) ষ + ছ (গ) ষ + ণ (ঘ) ষ + ন
উত্তৰঃ (গ) ষ + ণ = ফ

প্রশ্ন ৯। শ্রান্ত’ শব্দৰ ‘শ্র’ যুক্তাক্ষৰ ভাঙিলে তলৰ কোনটো হ’ব?
(ক) উ + শ। (খ) ষ + ডু (গ) শ + ঋ (ঘ) শ + ৰ।
উত্তৰঃ (ঘ) শ + ব = ‘এ’

প্রশ্ন ১০। ‘অৱজ্ঞা’ শব্দৰ জ্ঞ’ যুক্তাক্ষৰ ভাঙিলে তলৰ কোনটো হ’ব?
(ক) জ + ণ। (খ) জ + ন (গ) জ + ঞ (ঘ) জ + ছ
উত্তৰ : (গ) জ + ঞ = জ্ঞ।

প্রশ্ন ১১। পাঠত পােৱা ৰাজা, পিতৃ, ব্রাহ্মণ, পুত্র-এই শব্দকেইটাৰ বিপৰীত লিংগ লিখা।
উত্তৰঃ ৰাজা – ৰাণী, পিতৃ – মাতৃ, ব্রাহ্মণ – ব্রাহ্মণী, পুত্র – পুত্রী।

লগতে পঢ়ক:   হোমি জাহাংগীৰ ভাবা Class 8 Assamese Chapter 13 Question Answer

Class 8 Assamese Chapter 10 question answer

প্রশ্ন ১২। পাঠটো পঢ়ি পুৰণি অসমীয়া ভাষাত ব্যৱহাৰ হােৱা বর্তমান, অতীত আৰু ভৱিষ্যৎ কালৰ ক্রিয়াপদ কেইটা বাছি উলিয়াই লিখা।
উত্তৰঃ বোেলন্ত – বর্তমান কাল।
হইবেক – ভৱিষ্যত কাল।
গৈলা -অতীত কাল।
দংশােক – ভবিষ্যত কাল।
আচাস্ত -বর্তমান কাল।
পাইবেক – ভবিষ্যত কাল।
দেখন্ত-বর্তমান কাল।
প্রার্থন্ত – বর্তমান কাল।
দণ্ডিবাে -বর্তমান কাল।

গ- জ্ঞান সম্প্রসাৰণ
প্রশ্ন ১৩। পৰীক্ষিত ৰজাই শমীক মুনিৰ গলত মৰা সাপ আঁৰি দি ভুল কৰা নাছিল নে? তােমাৰ মতামত ব্যক্ত কৰা।
উত্তৰ: পৰীক্ষিত ৰজাই শমীক মুনিৰ গলত মৰা শাপ আঁৰি দি ভুল কৰিছিল। পৰীক্ষিত ৰজা ধর্মপৰায়ণ আৰু হৰিভক্ত হােৱাৰ উপৰিও তেওঁ আছিল চক্ৰৱৰ্তী ৰজা। এনে এজন গুণী-জ্ঞানী আৰু দায়িত্বশীল ৰজাই ধ্যানমগ্ন মুনি শমীকৰ ওপৰত ভুল ধাৰণা লৈ মুনিয়ে তেওঁক অৱজ্ঞা কৰা বুলি ভবাটো কেতিয়াও উচিত কাম হােৱা নাছিল। তেওঁ শমীক মুনিৰ গলত মৰা সাপ আঁৰি দিয়াৰ দৰে ভুল কাম কৰিব নালাগিছিল।

প্রশ্ন ১৪। তােমাৰ জীৱনত কেতিয়াবা তুমি নকৰিবলগীয়া কাম কৰিছিলা নেকি লিখা।
উত্তৰ কথাতে কয় মানুহ মাত্রেই ভুল হয়। জীৱনত মানুহে কেতিয়াও ভুলৰ পৰা হাত সাৰিব নােৱাৰে। গতিকে মােৰ জীৱনতাে মােৰ জ্ঞান আৰু সচেনতাৰ অভাৱত কেতিয়াবা কৰিব নলগীয়া কামাে হয়তাে কৰিছিলাে আৰু তাৰ পিছত ভুল বুলি জানিব পাৰি তাৰ বাবে যথেষ্ট অনুতপ্তও হৈছিলাে।

প্রশ্ন ১৫৷ তলত দিয়া বিষয়সমূহ আলােচনা কৰা।

(ক) পৰীক্ষিতৰ জন্ম কাহিনী
উত্তৰ: পৰীক্ষিত চন্দ্র বংশীয় এজন ৰজা। দ্বাপৰ যুগৰ শেষৰ কালচােখৰত এওঁ ৰাজত্ব কৰিছিল। এওঁ তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ ঔৰসত বিৰাট ৰজাৰ কন্যা উত্তৰাৰ গৰ্ভত পৰীক্ষিতৰ জন্ম হয়। পাণ্ডৱক নির্মূল কৰা অর্থে অশ্বত্থামাই প্রয়ােগ কৰা ব্রহ্মাস্ত্রই এওঁক মাতৃ গর্ভতে মাৰি পেলাইছিল। শ্রীকৃষ্ণই যােগৰ বলেৰে গৰ্ভতে পুনর্জীৱিত কৰে। পাণ্ডৱ বংশ ক্ষয় পােৱা অৱস্থাত এওঁ ওপজে বাবে শ্রীকৃষ্ণই এওঁৰ নাম পৰীক্ষিত হয়। পাণ্ডৱসকল মহাপ্রস্থানলৈ যাত্ৰা কৰা সময়ত পৰীক্ষিত নিচেই শিশু অৱস্থাত আছিল যদিও হস্তিনাপুৰৰ সিংহাসনত ৰজা হ’ব লাগিছিল।

(খ) শমীক মুনিৰ গলত মৰা সাপ আঁৰি দি পৰীক্ষিত ৰজা কেনেকুৱা অৱস্থাৰ সন্মুখীন হ’বলগীয়া হ’ল।
উত্তৰঃ শমীক মুনিৰ গলত মৰা শাপ আঁৰি দি পৰীক্ষিত ৰজা দাৰুণ অৱস্থাৰ সন্মুখীন হ’বলগীয়া হ’ল। শমীক মুনিৰ পুত্ৰ শৃঙ্গীয়ে পৰীক্ষিত ৰজাৰ এই কার্যত ভীষণ খং কৰিছিল। আৰু খঙৰ কোবতে সাতদিনৰ ভিতৰতে তক্ষকে ৰজাক খুটি মাৰক বুলি অভিশাপ দিছিল। এই নিদাৰুণ অভিশাপৰ পৰা ৰজা পৰীক্ষিত হাত সাৰিব পৰা নাছিল আৰু ফল স্বৰূপে সাতদিনৰ দিনা তেওঁক তক্ষকে খুটি মাৰিছিল।

(গ) মৃগয়াই কিদৰে প্রাণীকুল আৰু প্রাকৃতিক পৰিৱেশৰ ক্ষতি সাধন কৰিব পাৰে, যুক্তি সহকাৰে লিখা।
উত্তৰ: প্ৰকৃতিৰ জীৱ-জন্তুকে ধৰি বিভিন্ন গছ-লতা আদিও ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল হৈ বসবাস কৰি জীয়াই থাকে। মৃগয়াত, অর্থাৎ বিভিন্ন চৰাই-চিৰিকতি, বনৰীয়া জন্তু চিকাৰ কৰি মাৰিলে সেই প্রাণীসমুহ ক্রমে ক্রমে বিলুপ্তি হ’বলৈ ধৰে। বননী ধ্বংস হয়। ইয়াৰ ফলত পৃথিৱীত লাহে লাহে অনেক জীৱ-জন্তু নাইকিয়া হ’বলৈ ধৰিছে। গড় চিকাৰৰ ফলত ঘাইকৈ অসময়ত গড়ৰ সংখ্যা কমি আহিছে। বাঘ, হৰিণ আদি জন্তুৰৰ দ্রুতগতিত হ্রাস পাবলৈ ধৰিছে। সেয়ে এইবােৰ চৰকাৰীভাৱে আইন-কানুন কৰি সংৰক্ষিত বনাঞ্চলত সংৰক্ষণৰ ব্যৱস্থা কৰিছে। আনহাতে প্রকৃতিৰ বনাঞ্চল ধ্বংসৰ কাৰণেও বনৰীয়া জন্তু জানােৱাৰে থাকিবলৈ ঠাইনাপাই আৰু খাদ্যৰ অভাৱত মানুহৰ বসতি অঞ্চলত উৎপাত কৰিবলৈ লাগিছে।

মুনিয়ে চকু মুদি কি কৰি আছিল?

উত্তৰ: মুনিয়ে চকু সমাধি কৰি আছিল।

মুনি জনৰ নাম কি ?

উত্তৰঃ মুনিজনৰ নাম শমীক।

পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল?

উত্তৰঃ পিয়াহত আকুল হৈ পৰীক্ষিত ৰজাই মুনিক পানী খুজিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top