শ্ৰী শ্ৰী শংকৰদেৱ Class 8 Assamese Lesson 8

শ্ৰী শ্ৰী শংকৰদেৱ | Class 8 Assamese Chapter 8 question answer | অষ্টম শ্ৰেণী অসমীয়া পাঠ 8 প্ৰশ্ন উত্তৰ

শ্ৰী শ্ৰী শংকৰদেৱ Class 8
শ্ৰেণী (Class) অষ্টম শ্ৰেণী
পাঠ (Lesson) শ্ৰী শ্ৰী শংকৰদেৱ(8)
সমাধান পাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় (Subject) অসমীয়া
মাধ্যম অসমীয়া
পাঠ্যক্ৰম
NCERT

শ্ৰী শ্ৰী শংকৰদেৱ কবিতা

পাঠভিত্তিক প্ৰশ্ন উত্তৰ

প্রশ্ন ৩। উত্তৰ দিয়া।
(ক) কবিয়ে ধ্যানমগ্ন যােগী’ বুলি কাক কৈছে?
উত্তৰঃ কবিয়ে ‘ধ্যানমগ্ন যােগী’ বুলি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱক কৈছে।

(খ) কবিয়ে কিহেৰে ভূমি পবিত্র কৰাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে ‘ধ্যানমগ্ন যােগী’ অর্থাৎ মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ পুণ্য কিৰণেৰে ভূমি পৱিত্ৰ কৰাৰ কথা কৈছে।

(গ) কবি কাননত কি বজোৱাৰ কথা কৈছে?
উত্তৰ:কবি কাননত বীণা বজোৱাৰ কথা কৈছে।

(ঘ) মৰতত কোনে কিহৰ বাতৰি আনি দিলে?
উত্তৰ মৰতত ‘ধ্যানমগ্ন যােগী’ ৰূপী মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে।

(ঙ) কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে?
উত্তৰ: ‘ধ্যানমগ্ন যােগী’য়ে কোনােবা কবি কাননত নিৰলে বজোৱা বীণাৰ মধুৰ ঝংকাৰৰ সুৰ আজিও অসমৰ ঘৰে ঘৰে বাজি উঠাৰ কথা কোৱা হৈছে।

Class 8 Assamese Chapter 8 question answer

প্রশ্ন ৪। কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱক কবিতাটোত ধ্যানমগ্ন যােগী’ বুলি আখ্যা দিছে। তেওঁ অসমৰ জাতীয় জীৱনক সাহিত্য-সংস্কৃতি, ধর্ম-সভ্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰাইছে। তেওঁৰ দান অসমীয়া জাতিলৈ অতুলনীয় আৰু অপৰিমেয়। তেওঁ যে স্বৰ্গৰ পৰা বােৱাই আনিলে ভক্তি সোঁত, ধৰ্মৰ জ্ঞান। তেওঁ বিভিন্ন গ্রন্থ ৰচনা কৰি অসমক ভাষা দিলে, অসমৰ অস্তিত্ব ৰক্ষা কৰি জীৱন দান দিলে। অসমৰ বিভ্রান্ত তথা বিশৃঙ্খল সমাজ জীৱনক ৰীতি-নীতি, সদাচাৰ, অসমৰ ব্যৱহাৰ ধৰ্মভাৱ, গীত-পদ, সাহিত্য-সংস্কৃতি দান দি এক পৰিশীলিত অসমীয়া জীৱনবােধ জগাই তুলিলে। বেদ-উপনিষদ, শাস্ত্র-ভাগৱত মথি অসমীয়া লােকক অমৃত পিয়ালে। তেওঁ আছিল মহাজ্ঞানী, মহাভক্ত, কর্মবীৰ আৰু অসমৰ ৰত্ন। তেওঁৰ কাৰণেই আজি অসমীয়া জাতিয়ে নিজকে জগতত চিনাকি দিব পাৰিছে।

প্রশ্ন ৫। তলৰ আঁচ টনা শব্দবােৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে। সেইবােৰৰ শুদ্ধ অর্থ বাছি উলিয়াই লিখা।
(ক) কোনদূৰ অতীতৰ ধ্যানমগ্ন যােগী তুমি। (তন্ময়/বিস্ময়/মহান)
উত্তৰঃ তন্ময়

(খ) গােটেই অসমভূমি বিকৃত জীৱনী যাৰ। (শিপাই যােৱা/নাইকিয়া হােৱা/বিয়পি পৰা)
উত্তৰ: বিয়পি পৰা।

লগতে পঢ়ক:   পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Assamese Chapter 10 question answer

(গ) তােমাৰ গৰিমা গীতি হয়ে হয়ে বাজে। (যশসা/গঞ্জনা/লাঞ্ছনা)
উত্তৰ : যশস্যা।

(ঘ) স্বৰ্গৰ বাতৰি আনি দিয়া দেৱ মৰতত পৃথিৱী/পাতাল/আকাশ)
উত্তৰ: পৃথিৱী।

প্রশ্ন ৬ | বাক্য ৰচনা কৰা ?
পবিত্র, কর্মবীৰ, সদাচাৰ, ৰীতি-নীতি, মৰত, মধুৰ।
উত্তৰ: পৱিত্র→ মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ যত্নতেই অসম পবিত্র ভূমিত পৰিণত হৈছিল।

কর্মবীৰ→ মহাপুৰুষজনাৰ অসমৰ সাহিত্য-সংস্কৃতি, ধর্ম, ভাষা আদিত্ৰ আগবঢ়োৱা মহান কৰ্মৰাজিৰ বাবেই তেওঁক কর্মবীৰ বােলা হৈছে।
সদাচাৰঃ→ বিশৃঙ্খল অসমীয়া জাতিক সদাচাৰ শিক্ষা দি মহাপুৰুষ শংকৰদেৱে জাতিটোক উদ্ধাৰ কৰিছিল।
ৰীতি-নীতি → মহাপুৰুষজনাই অসমীয়া জাতিকো ধর্মীয় আচাৰ, ৰীতি-নীতিৰৰ শিক্ষা দিছিল।
মৰতঃ→ মহাপুৰুষ জনাই সৰগৰ পৰা যেন এই মৰতলৈ ভক্তিধাৰা বােৱাই আনিছিল।
মধুৰঃ→ মহাপুৰুষজনাই অসমীয়া জাতিটোক ধৰ্মৰ মধুৰ ৰাগিণী শুনাইছিল।

প্রশ্ন ৭। কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা।
মধুৰ—তাৰ গভীৰ — সুৰে
আজিও উঠিছে বাজি — ঘৰে।
যি — সুৰেৰেই প্রেম মন্দাকিনী ধাৰা।
অসমী সাধনা বলে নমালা স্বৰ্গৰ পৰা।
উত্তৰ: মধুৰ ঝঙ্কাৰ তাৰ গভীৰ উদাৰ সুৰে
আজিও উঠিছে বাজি অসমৰ ঘৰে।
যি বীণৰ সুৰেৰেই প্রেম মন্দাকিনী ধাৰা।
অসমী সাধনা বলে নমালা স্বৰ্গৰ পৰা।

শ্ৰী শ্ৰী শংকৰদেৱ Class 8

প্রশ্ন ৮ | প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।
(ক) নিৰলে বজাই বীণা কোন কবি কাননত।
স্বৰ্গৰ বাতৰি আনি দি দিলা দেৱ মৰতত।
উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি যতীন্দ্র নাথ দুৱৰাদেৱ ৰচিত ‘শ্ৰীশ্ৰীশংকৰদেৱ’ নামৰ কবিতাটিৰ অন্তৰ্গত।
মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে নিৰলে একান্ত মনেৰে পদপুথিৰচি কিদৰে অসমীয়া ভাষা- সাহিত্য-সংস্কৃতিৰ অভূতপূর্ব উন্নতি সাধন কৰিলে তাকে প্রকাশ কৰিবলৈ যাওঁতে কবিতাটোত এনেদৰে উল্লেখ কৰিছে।
মহাপুৰুষজনাই একান্তভাৱে পদ-পুথি ৰচি, ভক্তি ধাৰা বােৱাই অসমীয়া মানুহক ধর্ম, ভাষা, কৃষ্টি-সংস্কৃতিৰ শিক্ষা দি অসমৰ বিভ্রান্ত তথা বিশৃংঙ্খল সমাজ জীৱনৰ নথিত লগাবলৈ যত্ন কৰিছিল আৰু তাত সফললা হৈছিল। তেওঁ যেন সৰগৰ পৰা অমৃতৰ ধাৰা বােৱাই আনি অসমভূমি পৱিত্ৰ কৰি তুলিছিল। এই অমৃত পান কৰি অর্থাৎ তেওঁৰ এইবােৰ শিক্ষা লাভ কৰি ভাৰতীয় জীৱন শৈলীত তথা বিশ্ববাসীৰ মাজত অসমীয়াই আজি নিজৰ স্থিতিক লৈ গৌৰৱ কৰিব পাৰিছে।

(খ) তােমাৰ জীৱনী দেৱ। লিখে এনে সাধ্য কৰ
গােটেই অসমভূমি বিস্তৃত জীৱনী যাৰ।
উত্তৰ: উদ্ধৃত কথাফাকি কবি যতীন্দ্রনাথ দুৱৰাদেৱ ৰচিত ‘শ্ৰীশ্ৰীশংকৰদেৱ’ নামৰ কবিতাটোৰ অন্তৰ্গত।
মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ অসমীয়া জাতিলৈ আগবঢ়োৱা মহান অৱদানৰ কথা প্রকাশ কৰিবলৈ যাওঁতে কবিয়ে কবিতাটিত এনেদৰে উল্লেখ কৰিছে।
মহাপুৰুষ জনাৰ অসমীয়া জাতিটোল আগবঢ়োৱা অৱদানৰ কথা কৈ শেষ কৰিব নােৱাৰি। তেওঁ পদ-পুথি ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰিলে, নৱ বৈষ্ণৱধর্ম প্রচাৰ কৰি ভক্তিৰ অমৃত ধাৰা মানুহৰ প্রাণে প্রাণে বােৱাই দিলে, ৰীতি- নীতি, সদাচাৰ, বৱেহাৰ, ধৰ্মৰ্ভৱ জগাই বিশৃংখল অসমীয়া জাতিটো থানথিত লগালে, নামঘৰ স্থাপন কৰি নাট-ভাওনা, গীতেৰে অসমীয়া সংস্কৃতিৰ পথাৰখনি উজ্বলাই তুলিলে। গুৰুজনাৰ প্ৰতিটো সৃষ্টি কর্মই অসমীয়া জাতিটো সমৃদ্ধিশালী কৰি তুলিলে। তেওঁৰ অসমীয়া জাতিটোৰ কাৰণে কৰা এই বিস্তৃত কামৰ কথা লিখি বা কৈ শেষ কৰাটো কাৰােৰে পক্ষে
একেবাৰে সম্ভৱ নহয়।

লগতে পঢ়ক:   অতীতক নাযাবা পাহৰি প্ৰশ্ন উত্তৰ Class 8 Question Answer

Class 8 Assamese Chapter 8 question answer

প্রশ্ন ৯। শেষ ধ্বনি মিল থকা শব্দবােৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা।
তুমি, ধাৰা, মাজে, ঘূৰে, জ্ঞান, সদাচাৰ
উত্তৰ : তুমি— ভূমি, ধাৰা – পৰা, মাজে- বাজে, ঘূৰে- ঘৰে, জ্ঞান- দান, সদাচাৰ-ব্যৱহাৰ।

প্রশ্ন ১০ | চমুকৈ লিখা।
(ক) স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত’—উল্লেখ কৰা স্বৰ্গৰ বাতৰি’ কি বুজাই লিখা।
উত্তৰঃ ইয়াত দেৱ’ শব্দই মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱক বুজাইছে। মৰত’ শব্দৰ অৰ্থ যদিও পৃথিৱী ইয়াত অসমভূমিক বুজাইছে। স্বৰ্গৰ অমৰ কাহিনীৰ তথা বাতৰিৰ দৰে মহাপুৰুষ জনাই পদ-পুথি ৰচনা কৰি, ভক্তি-ধর্ম, সাহিত্য-সংস্কৃতিৰ অমৃত ধাৰা বােৱাই অসমভূমিক পৱিত্ৰ কৰাৰ কথা কৈছে।

(খ) কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে ?
উত্তৰ: মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধর্ম, ভাষা, সংস্কৃতি, সাহিত্য, ৰীতি- নীতি, সদাচাৰ, ব্যৱহাৰ ধৰ্মৰ্ভৱ— এইবােৰ দান দি অসমৰ সকলােকে নতুন সাজেৰে সজালে। অর্থাৎ বিশৃঙ্খল তথা বিভ্রান্ত অসমীয়া জাতিটোক থানথিত লগাই সুশৃঙ্খল জাতি হিচাপে সজাই তুলিলে।

(গ) কত যতনেৰে দেৱ। গাঁঠিলা মালাধাৰি’—ইয়াত কোনে কি মালা গাঁঠাৰ কথা কৈছে বুজাই লিখা।
উত্তৰ: বেদ-উপনিষদ আদি শাস্ত্ৰৰ পৰা বিভিন্ন ধর্মীয় তথা ভক্তিমূলক কাহিনী, তত্ত্বমূলক কথা বাছি বাছি আনি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে অতি যতনেৰে অসংখ্য পদ পুথি ৰচনা কৰি অসমবাসীক উপহাৰ দি গ’ল, অসমীয়া ভাষা-সাহিত্য টনকিয়াল কৰিলে। ইয়াৰ তুলনা নাই। তেওঁৰ এই পদ-পুথি ৰচনা কৰা কার্যকে বেদ-উপনিষদৰ পৰা বাছি বাছি ফল আনি মালা গাঁঠা বুলি কৈছে।

(ঘ) শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে ?
উত্তৰঃ শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্রস্বার্থ, ভিনভাৱ, সৰু বৰ এনেবােৰ ভাৱ আঁতৰাই ঐক্য-সংহতি আৰু ধৰ্মৰ মালাৰে সকলােকে আদৰাৰ শিক্ষা দিয়ে।

শ্ৰী শ্ৰী শংকৰদেৱ Class 8

খ -ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ১১। তলৰ শব্দবােৰৰ সমার্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা।
পৃথিৱী, বাগিচা, মৰম, গংগা, সন্যাসী, গৌৰৱ, অন্তৰ, মিঠা।
উত্তৰ পৃথিৱী -মৰত
বাগিচা–কানন।
গংগা- মন্দাকিনী
সন্যাসী– যােগী

লগতে পঢ়ক:   হোমি জাহাংগীৰ ভাবা Class 8 Assamese Chapter 13 Question Answer

গৌৰৱ– গৰিমা।
অন্তৰ-হৃদয়।
মৰম- প্রেম।
মিঠা- মধুৰ।

প্রশ্ন ১২। তলত দিয়া শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা।
অতীত, পবিত্র, পুণ্য, জীৱন, প্রেম, অশেষ
উত্তৰঃ অতীত – ভৱিষ্যৎ,

পৱিত্ৰ- অপৱিত্ৰ
পুণ্য -পাপ
জীৱন- মৰণ
প্রেম-অপ্রেম
অশেষ- শেষ।

Class 8 Assamese Chapter 8 question answer

প্রশ্ন ১৩। কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবােৰ বাছি উলিয়াই দুখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ বিশেষ্যঃ যােগী, বীণা, কানন, মৰত, মন্দাকিনী, স্বর্গ, অসম, ভাষা, দেৱ, বেদ, সাধনা ইত্যাদি।
বিশেষণ : পুণ্য, পৱিত্ৰ, মধুৰ, গভীৰ, অসীম, ক্ষুদ্র, সৰু, বৰ ইত্যাদি।

প্রশ্ন ১৪। “যি বীণৰ সুৰৰেই প্রেম মন্দাকিনী ধাৰা।
এই ধাৰা’ শব্দটোৰ লগত বেলেগ শব্দ যােগ কৰি কেইটামান শব্দ তলত দিয়া হ’ল। সেইবােৰৰ অৰ্থ লিখা।
ফল্গুধাৰা, জীৱনধাৰা, ধাৰাসাৰ, ধাৰাবাহিক, ধাৰাভাষ্য, ধাৰাপাত।
উত্তৰ: ফল্গুধাৰা -গংগাত থকা অন্তঃসলিলা নদী।
জীৱনধাৰা- জীৱন পদ্ধতি।
ধাৰাসাৰ -নেৰানেপেৰা, ছেদভেদ নােহােৱা।
ধাৰাবাহিক— ক্রমিক, একেলেঠাৰিয়ে, অবিচ্ছেদ।
ধাৰাভাষ্য– মৌখিক বিৱৰণী, একেলেঠাৰিয়ে কৈ যােৱা।
ধাৰাপাত— গণনাৰ আদিপুথি।

প্রশ্ন ১৫। এটা শব্দত প্ৰকাশ কৰা।
(ক) কেৱল এজন দেৱতাৰ ওচৰত শৰণ লােৱা।
(খ) বিকুক ভক্তি কৰে যি।
(গ) একে গুৰুৰ শিষ্য।
(ঘ) পিতৃ-মাতৃহীন সন্তান।
(ঙ) সত্ৰ সম্বন্ধীয়।
উত্তৰঃ (ক) একেশবাদী (খ) বিষ্ণুভক্ত, বৈষ্ণৱ (গ) সতীর্থ, হৰিভকত (ঘ) অনাথ (ঙ) সত্ৰীয়া।
প্রশ্ন ১৬। তলত দিয়া বুৰীয়া শব্দকেইটাৰে বাক্য সাজা।
(ক) জয় জয় (খ) কোন কোন (গ) নিজে নিজে (ঘ) দলে দলে (৬) পাচিয়ে পাচিয়ে।

উত্তৰ: (ক) জয় জয় ঃ ল’ৰাজন চাকৰিত সােমােৱাৰ পৰা তাৰ ঘৰুৱা অৱস্থা জয় জয় ময় ময় হৈ পৰিছে।
(খ) কোন কোন কোন কোন ইয়ালৈ আহিছিল ক’ব পাৰিবানে?
(গ) নিজে নিজে ও আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজে নিজে কাম কৰিব লাগে।
(ঘ) দলে দলে ? উৱলৈ দলে দলে মানুহবােৰ আহিছে।
(ঙ) পাচিয়ে পাচিয়ে ও হাতীয়ে পাচিয়ে পাচিয়ে ধান খাব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top