এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8 Assamese Chapter 3 question answer

 এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8 Assamese Chapter 3 question answer || অষ্টম শ্ৰেণী অসমীয়া পাঠ 3 প্ৰশ্ন উত্তৰ

 এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8
শ্ৰেণী (Class) অষ্টম শ্ৰেণী
পাঠ (Lesson)  এন্ ফ্রাঙ্কৰ ডায়েৰি (3)
সমাধান পাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় (Subject) অসমীয়া
মাধ্যম অসমীয়া
পাঠ্যক্ৰম
NCERT

 এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8

পাঠভিত্তিক ক্রিয়াকলাপ

প্রশ্ন ১। তলৰ প্ৰশাবিলাকৰ উত্তৰ দিয়া:

(ক) (১) জন্মসূত্রে এ ফাংক কোন সম্প্রদায়ৰ ছােৱালী আছিল?
উত্তৰঃ জন্মসূত্রে এ ফাকে ইহুদী সম্প্রদায়াৰ ছােৱালী আছিল।

(২) এন্ ফ্রাংকৰ দেউতাকৰ নাম কি আছিল?
উত্তৰঃ এন ফ্রাংকৰ দেউতাকৰ নাম আছিল অট’ ফ্রাংক।

(৩) নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলােক ক’ত লুকাই আছিল?
উত্তৰঃ নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলােক দুবছৰ কাল এটা পণ্যাগাৰত লুকাই আছিল।

(৪) এন ফ্রাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল?
উত্তৰঃ এন ফ্রাংকে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্টলৈকে দিনলেখা লিখিছিল।

(৫) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জার্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল ?
উত্তৰ:  দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জার্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ। তেওঁ ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাবে হত্যা কৰিছিল।

(খ) (১) এন ফ্রাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল?
উত্তৰঃ নাজীবাহিনীৰ বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ গােটেই ফ্রাংক পৰিয়াল দুবছৰ কাল এটি পণ্যাগাৰত আত্মগােপন কৰি আছিল। যন্ত্রণাকাতৰ এই আত্মগােপন জীৱনৰ কৰুণ কাহিনী ধৰি ৰাখিবলৈকেই তেৰ বছৰীয়া এন ফ্রাংকে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল।

(২) দিনলেখাসমূহ এন ফ্রাংকে কিয় সম্পাদনা কৰিছিল?
উত্তৰ দিনলেখাসমূহ পুথি আকাৰে প্ৰকাশ কৰিবলৈ সম্পাদনা কৰিছিল।

(৩) অট’ ফ্রাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগােপন কৰি আছিল?

উত্তৰঃ নাজীবাহিনীৰ বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ অট’ ফ্রাংকে পণ্যাগাৰত আত্মগােপন কৰি আছিল।

এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8

(গ) মানুহতকৈ কাগজৰ ধৈর্য বেছি’ বুলি এন্ ফ্রাংকে উপলব্ধি কৰিছিল কিয়— বুজাই লিখা।
উত্তৰ: এন্ ফ্রাংকে তেৰ বছৰ বয়সতে দিনলেখা লিখিবলৈ আৰম্ভ কৰিছিল। এই দিনলেখাত যন্ত্রণাকাতৰ গােপন জীৱনৰ কৰুণ অভিজ্ঞতাসমূহ প্রতিদিনে লিখি গৈছিল। নাজীবাহিনীৰ পৰা মুক্তি পাই কি কৰোঁ কি নকৰাে এনে ভাবত হতাশ হৈ পৰিছিল। অৱশেষত তেওঁ নিজে লিখা ডায়েৰী অর্থাৎ দিনলেখাখনি লগত লৈ হতাশা আঁতৰাবলৈ চেষ্টা কৰিছিল। তেতিয়াই তেওঁ উপলব্ধি কৰিছিল— ‘মানুহতকৈ কাগজৰ ধৈর্য বেছি। তেতিয়ালৈকে সেই টোকা বহীখন যাক তেওঁ ‘ডায়েৰি’ বুলি নামকৰণ কৰিছে, কাকো পঢ়িবলৈ দিয়াৰ কথা ভবা নাছিল। কাৰণ তেতিয়ালৈকে তেওঁ এগৰাকী প্রকৃত বন্ধু পােৱা নাছিল।।

লগতে পঢ়ক:   সুখ কবিতা Class 8 Assamese Chapter 12 question Answer

(ঘ) এ ফ্রাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল ?
উত্তৰ: এন্ ফ্রাংকে নিজকে প্রথমে অকলশৰীয়া বুলি অনুভব কৰিছিল। কাৰণ নাজীবাহিনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাত দেউতাকৰ বাহিৰে মাক, বায়েক আৰু অন্যান্য লােক অনাহাৰ-অত্যাচাৰত মৃত্যুমুখত পৰে। কিন্তু তাৰ পিছত তেওঁ অকলশৰীয়া নহয়য়া বুলি অনুভৱ কৰিছে।

প্রশ্ন ২। তলৰ শব্দসমূহৰ অর্থ লিখা-
গণ্য, বৰ্বৰ, অধিগৃহীত, আড়ম্বৰ, পুঞ্জীভূত, গতানুগতিক,পৰিত্যক্ত, থিৰাং, প্রত্যাশিত, শামটা, অস্ত্রোপচাৰ, প্রবাদ, উৎসর্গা, ভাবমূর্তি, সন্নিৱিষ্ট।
উত্তৰঃ গণ্য – মান্য, মানিবলগীয়া
বৰ্বৰ- অসভ্য, অতিদুষ্ট
অধিগৃহীত- দখল কৰা।
পুঞ্জীভূত- একত্রিত
গতানুগতিক- আগৰ পৰা যেনেকৈ চলি আছে তেনে।
পৰিত্যক্ত- বর্জিত, ত্যাগ কৰা।
থিৰাং- নিশ্চিত, নিশ্চয় কৰা।
প্রত্যাশিত – নিশ্চিত, ভৰসা কৰিব পৰা।
আড়ম্ব- ৰজাক-জমক
শাম কটা- অন্ত পৰা, শেষ হােৱা।

অস্ত্রোপচাৰ -কটাচিঙা কৰা কাৰ্য।
প্রবাদ- আনৰ পৰা শুনা; মুখে মুখে চলি অহা।
উৎসর্গ -অর্পণ।
ভাবমুর্তি – ধ্যান ধাৰণা
সন্নিৱিষ্ট – ভালকৈ সমুওৱা, ভালকৈ বহুওৱা।

এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8

প্রশ্ন ৩। ‘কিটি’ কোন? এন্ ফ্রাংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা।
উত্তৰঃ “কিটি হ’ল এন্ ফ্রাংকৰ ডায়েৰিখন। এন্ ফ্রাংকে লিখা ডায়েৰিখনত তেওঁৰ কল্পনাৰ বহু প্রত্যাশিত বন্ধুগৰাকীৰ ভাবমূর্তি বৃদ্ধিৰ কাৰণে একোৱেই নিলিখিলে। এই ডায়েৰিখনকে তেওঁ তেওঁৰ প্রকৃত বন্ধু হিচাপে গণ্য কৰিবলৈ ইচ্ছা কৰিলে আৰু সেইবাবেই তেওঁৰ বন্ধু অর্থাৎ ‘ডায়েৰিখনৰ নাম “কিটি’ ৰাখিলে।

প্রশ্ন ৪। এন্ ফ্রাংকৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হােৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰিখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল ?
উত্তৰ : এন্ ফ্রাংকৰ ডায়েৰিখন পুথি আকাৰে প্রকাশ হােৱাত তেওঁৰ দেউতাক অট’ ফ্রাংকে আগভাগ লৈছিল। ১৯৪৪ চনৰে কোনােবা এদিন হলেণ্ড চৰকাৰৰ এজন বিষয়াই লগুনৰ পৰা অনাৰ্তাৰ যােগে ঘােষণা কৰিলে যে যুদ্ধ শামকটাৰ পিছত তেওঁ জার্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লােকে যুদ্ধৰ সময়ত দুখ-যন্ত্রণা ভােগ কৰিছিল তেওঁলােকৰ সাক্ষ্য গ্রহণ কৰিব আৰু এইবােৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি-পত্ৰ আৰু ডায়েৰিৰ কথা উল্লেখ কৰিছিল। বিষয়াজনৰ কথাত অনুপ্রাণিত হৈ এ ফ্রাংকে তেওঁৰ ডায়েৰিখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব বুলি সিদ্ধান্ত কৰিছিল আৰু ডায়েৰিখন সম্পাদনাও কৰিছিল। কিন্তু হঠাতে নাজীবাহিনীৰ হাতত বন্দী হ’ব লগীয়া হােৱাত এ ফ্রাংকৰ দেউতাক অট’ ফ্রাংকে সেই ডায়েৰিখন এক মূল্যৱান সম্পত্তি হ’ব বুলি ভাবি পুথি আকাৰে প্ৰকাশ কৰিছিল। সঁচাকৈয়ে এন ফ্রাংকৰ এই ডায়েৰিখন পিছলৈ এখনি বিশ্ববিখ্যাত গ্রন্থত পৰিণত হৈছিল।

লগতে পঢ়ক:   অতীতক নাযাবা পাহৰি প্ৰশ্ন উত্তৰ Class 8 Question Answer

Class 8 Assamese Chapter 3 question answer

প্রশ্ন ৫। এন্ ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল?
উত্তৰঃ এন্ ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ বৰ মধুৰ আছিল। সেই কাৰণেই আইতাকৰ অসুখ হােৱাত আৰু অস্ত্রোপচাৰ কৰিবলগীয়া হােৱাত এ ফ্রাঙ্কে নিজৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰিছিল। আইতাকৰ মৃত্যুৰ পিছতাে তেওঁৰ আইতাকলৈ বৰকৈ মনত পৰি আছিল। কাৰণ তেওঁ আইতাক বৰ ভাল পাইছিল। সেইকাৰণেই তেওঁৰজন্মদিনৰ মমবাতিবােৰৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলাইছিল।

প্রশ্ন ৬। পাঠটো পঢ়ি এ ফ্রাঙ্কৰ সেই সময়ত হােৱা মনৰ ভাবৰ বিষয়ে লিখা।
উত্তৰ : এন্ ফ্রাঙ্কে মাত্র তেৰবছৰ বয়সতে ডায়েৰি লিখিবলৈ লৈছিল। তেওঁৰ নুিচিনা এজনী ছােৱালীৰ কাৰণে ডায়েৰি লিখাটো সঁচাকৈয়ে আশ্চর্যকৰ অভিজ্ঞতা বুলি তেওঁ ভাবিছিল। তথাপি নাজীবাহিনীৰ বৰ্বৰ অত্যাচাৰ আৰু হত্যালীলাৰ কথা সবিস্তাৰে লিখি ৰখাৰ মনােভাবেৰে পৰিয়ালসহ পণ্যাগাৰত লুকাই থকা অৱস্থাতে এ ফ্রাঙ্কে দিনলেখা অর্থাৎ ডায়েৰি লিখি গৈছিল। তেওঁ ভাবিছিল ডায়েৰিখনত তেওঁৰ মাক-দেউতাক বায়েক আৰু অন্যান্য আত্মীয়সকলৰৰ বিৱৰণ থাকিব। কেনেকৈনাজীবাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰাৰ উপৰিও লাখ লাখ ইহুদীক হত্যা কৰিছে তাৰে বিৱৰণ বিশ্ববাসীক সময়ত জনাব পাৰিব এই ডায়েৰিখনৰ জৰিয়তে। এনে মনােভাব এন ফ্রাঙ্কৰ আছিল। আইতাককে ধৰি ঘৰৰ পৰিয়াল আত্মীয়সকলৰ প্ৰতি তেওঁৰ আছিল অতি মৰম, শ্রদ্ধা আৰু সহানুভূতিৰ ভাব।

ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৭। পাঠটোত অধি, অনু, প্রতি এইকেইটা উপসর্গ যােগ হৈ হােৱা শব্দ কেইটা বিচাৰি লিখা।
উত্তৰঃ অধি-অধিগৃহীত, অনু- অনুবাদ,অনুপ্রাণিত

প্রতি- প্রতিবিম্ব অনুষ্টুপীয়াকৈ, প্রতি-প্রতিদিনে,

Class 8 Assamese Chapter 3 question answer

প্রশ্ন ৮ তলৰ শব্দৰােৰৰ বিপৰীত অর্থ বুজোৱা শব্দৰােৰ লিখা।
স্থায়ী, প্রকাশ, ভােগ, স্মৃতি, সমাপ্ত, আড়ম্বৰ, ভাগ্য, ধৈর্য।
উত্তৰঃ স্থায়ী-অস্থায়ী। প্রকাশ-অপ্রকাশ, গােপন। ভােগ – দুর্ভোগ। স্মৃতি-বিস্মৃতি, পাহৰণি। সমাপ্ত – অসমাপ্ত। আড়ম্বৰ -অনাড়ম্বৰ। ভাগ্য – দূর্ভাগ্য। ধৈর্য -অধৈর্য।

প্রশ্ন ৯। তলৰ শব্দৰােৰৰ প্রতিশব্দ লিখা-
যন্ত্রণা, কশ, কিশােৰী, মৃত্যু
উত্তৰঃ যন্ত্রণা- কষ্ট, যাতনা।
কণ – বেজাৰ, শোকাবহ, দৃখলগা।
কিশােৰী-বালিকা, ছােৱালী।

লগতে পঢ়ক:   সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Assamese Chapter 14 Question Answer

প্রশ্ন ১০। তলৰ বাক্যবােৰ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্রেণী বিভাজন কৰা
(ক) মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ’ল।
উত্তৰঃ যৌগিক বাক্য।
(খ) ভাল লৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে।
উত্তৰঃ সৰল বাক্য।
(গ) বৰষুণ পৰিছে।
উত্তৰঃ সৰল বাক্য।
(ঘ) মই সদায় ভাত খাই স্কুললৈ যাওঁ।
উত্তরঃ সৰল বাক্য।
(ঙ) একমাত্র দেউতাকেই নাজীবাহিনীৰ কৱলৰপৰা জীৱিত ৰূপত বাচি আহিছিল।
উত্তৰঃ সৰল বাক্য।
(চ) এ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লেখা কাম আৰম্ভ কৰিছিল।
উত্তৰঃ সৰল বাক্য।
(ছ) এইবাৰ পিছে তেওঁ মৰমৰ কিটি’ বুলি সম্বােধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত তােমাৰ এম্বুলি সমাপ্ত কৰিছিল।
উত্তৰ: যৌগিক বাক্য।
(জ) জন্মদিনৰ মমবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলােৱা হ’ল।
উত্তৰঃ সৰল বাক্য।

প্রশ্ন ১১। তলৰ বাক্যবােৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা (দুটা আৰু বহুতৰ মাজত)
(ক) সোণ উজ্জ্বল।
উত্তৰঃ ৰূপ, তাম আদি ধাতুতকৈ সােণৰ উজ্জ্বলতা বেছি।
(খ) মীনা মেধাবী।
উত্তৰঃ সীতাতকৈ মীনা মেধাবী।

সীতা, ৰীণা, টিনা এই সকলতকৈ মীনা মেধাবী।
(গ) অৰুণ ওখ।
উত্তৰঃ তৰুণতকৈ অৰুণ ওখ।
তৰুণ, বৰুণ, কৰুতকৈ অৰুণ ওখ।
(ঘ) জোনবাই সৰু
উত্তৰঃ সূৰুষতকৈ জোনবাই সৰু।।
সূর্য আৰু পৃথিৱীতকৈ জোনবাই সৰু।
(ঙ) এই কিতাপখন ভাল।
উত্তৰ: এইখনতকৈ এইখন কিতাপ ভাল।
এই আটাইবােৰ কিতাপৰ ভিতৰত এইখন কিতাপ ভাল।

Class 8 Assamese Chapter 3 question answer

প্রশ্ন ১২। বাক্য ৰচনা কৰা ।
অনতি পলমে, হাঁহি-ধেমালি, ৰূপান্তৰিত, আত্ম-গােপন, চিঠি-পত্র, দুখ-যন্ত্রণা, পৰিত্যক্ত, বিশ্ববিখ্যাত, আদান-প্রদান, চিন্তা-ভাবনা।

উত্তৰঃ অনতি-পলমেঃ দেৰী নকৰি অনতি-পলমে কামটো কৰিবা।
হাঁহি-ধেমালি: হাঁহি ধেমালিৰে জীৱনটো কটালেহে সুখ পায়।
ৰূপান্তৰিতঃ ৰূপ সােণলৈ ৰূপান্তৰিত হয়।
আত্মগােপনঃ বিপদৰ উমান পাই সি আত্মগােপন কৰিলে।
চিঠি-পত্র : ফোনবােৰ ওলােৱাৰ কাৰণে আজিকালি মানুহে চিঠি-পত্র নিলিখাই হ’ল।
দুখ যন্ত্রণা : মানুহৰ জীৱনত দুখ-যন্ত্রণা থাকেই।
পৰিত্যক্তঃপৰিত্যক্ত ঠাইবিলাক বৰ জয়াল হৈ পৰে।
বিশ্ববিখ্যাত : এন্ ফ্রাঙ্কৰ ডায়েৰিখন এখনি বিশ্ববিখ্যাত গ্রন্থ।
আদান প্রদান : আদান-প্রদানৰ মাধ্যমেৰে মানুহৰ মাজত আত্মীয়তা গঢ় লৈ উঠে।
চিন্তা-ভাবনা: চিন্তা ভাবনাৰেহে সুস্থিৰ সিদ্ধান্ত ল’ব পৰা যায়।

প্রশ্ন ১৩ ‘এন্ ফ্রাঙ্কৰ ডায়েৰি’ পাঠটোত মন, আটক, শব্দযুক্ত হৈ থকা তলৰ খণ্ড বাক্যৰােৰ ব্যৱহাৰ কৰি ৰাক্য ৰচনা কৰা।
উত্তৰ: মন পা-(মন বুজ) আপোনজৰহে মন পাবলৈ সহজ।

মন বান্ধ – (মন দমা) – টকা-পইচা নাই যেতিয়া ডাঙৰ ঘৰ বন্ধাৰ কথাটোত মন বান্ধ।
মন পুতি লাগ – (মনােযােগ দি লাগ) : মনপুতি লাগিলেহে কামত সফল হ’ব পাৰি।
মন মাৰ – (নিৰানন্দ হু) : বেয়া খবৰটো শুনি সি মন মাৰি বহি আছে।
মন কৰ – (ইচ্ছা কৰ) : ভাল কামলৈ সদায় মন কৰিব লাগে।
আটক কৰ – (আবদ্ধ কৰ) : পুলিচে চোৰটোক আটক কৰিলে।
আটক ধুনীয়া (অসাধাৰণ ৰূপে ধুনীয়া) : ঠাইখনি বৰ আটক ধুনীয়াকৈ সজাই তুলিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top