সংবিধান সভা আৰু সংবিধান – 1st Sem ৰাজনীতি বিজ্ঞান (Major)

সংবিধান সভা আৰু সংবিধান – 1st Sem ৰাজনীতি বিজ্ঞান (Major) The Constituent Assembly And The Constitution

বিষয় ৰাজনীতি বিজ্ঞান
খণ্ডসংবিধান সভা আৰু সংবিধান
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
অংশ 2
অধ্যায়১ম অধ্যায়
শ্ৰেণী BA 1st Sem Major
পাঠ্যক্ৰম Dibrugarh University

সংবিধান সভা আৰু সংবিধান

A. Objective Type Questions :

Q.1. India is a Federation of how many States ? ভাৰত কিমানখন ৰাজ্যৰ ফেডাৰেচন 
Ans: ২৯ খন

Q.2. What do you mean by Ideal Constitution ? আদৰ্শ সংবিধান বুলি ক’লে কি বুজাব বিচাৰিছে
Ans: যিখন সংবিধান লিখিত বা ৰাষ্ট্ৰৰ শাসন পৰিচালনাৰ বাবে উৎকৃষ্ট বিবেচিত হয় সেইখন সংবিধানেই অদর্শ সংবিধানকেই বোলা হয়।
Q.3.When was the constitution adopted by the Constituent Assembly of India?ভাৰতৰ সংবিধান সভাই কেতিয়া সংবিধান গ্ৰহণ কৰিছিল
Ans: ১৯৪৯ চনৰ ২৬ নবেম্বৰ।

Q. 4. What is Written Constitution ? লিখিত সংবিধান কি?
Ans: যিখন ৰাষ্ট্ৰৰ শাসন কার্য পৰিচালনা, আইন কানুন সম্বন্ধীয় সকলো বিধি বিধান লিখিত ৰূপত থাকে তাক লিখিত সংবিধান বোলে৷

Q.5. Why India is called Quasi-Federal? ভাৰতক কিয় অৰ্ধ-যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়?
Ans : ভাৰতৰ সংবিধানখন গঠনৰ ফালৰ পৰা যুক্তৰাষ্ট্ৰীয় আৰু প্ৰকৃতিৰ ফালৰ পৰা একাত্মক হোৱাৰ বাবে ভাৰতক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়।

Q.6. How many subjects contained in the Concurrent List? সমকালীন তালিকাত কিমানটা বিষয় আছে?
Ans : 52 subjects

Q.9. Can the Fundamental Rights be Amended ? মৌলিক অধিকাৰবোৰ সংশোধন কৰিব পাৰিনে?
Ans: হয়, সংশোধন কৰিব পাৰি।

Q.10. What is meant by Fundamental Right ? মৌলিক অধিকাৰৰ অৰ্থ কি?
Ans : যিবিলাক মৌলিক সুযোগ সুবিধা অবিহনে ব্যক্তিৰ ব্যক্তিত্বৰ বিকল্প সাধন সম্ভৱ নহয় সেই মৌলিক সুযোগ সুবিধা বিলাককে মৌলিক অধিকাৰ বোলা হয়।

Q.11. Is Preamble Justiciable ? প্ৰস্তাৱনা ন্যায়যোগ্য নেকি ?
Ans: হয়।

Q. 13. What is Directive Principle of State Policy ? ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশাত্মক নীতি কি ?
Ans : ৰাষ্ট্ৰৰ শাসন কার্য পৰিচালনা সম্পৰ্কত সংবিধানে চৰকাৰৰ প্ৰতি আগবঢ়োৱা কেতবোৰ নিৰ্দ্দেশনাৱলীয়েই হৈছে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দ্দেশাত্মক নীতি।

Q.14. Is Fundamental Rights are Absolute ? মৌলিক অধিকাৰবোৰ নিৰপেক্ষ নেকি ?
Ans: নহয়।

Q.15. Which part of Indian Constitution Guarantees Fundamental Rights? ভাৰতীয় সংবিধানৰ কোনটো অংশই মৌলিক অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰে?
Ans: তৃতীয় অধ্যায়।

Q.16. Which part of Indian Constitution contains Directive Principles of state Policy? ভাৰতীয় সংবিধানৰ কোনটো অংশত ৰাষ্ট্ৰ নীতিৰ নিৰ্দেশনামূলক নীতি আছে?
Ans: চতুর্থ অধ্যায়।

Q.17. Who was the elected chairman of the Constitutent Assembly? সংবিধান সভাৰ নিৰ্বাচিত অধ্যক্ষ কোন আছিল?
Ans: ৬০ ৰাজেন্দ্র প্রসাদ।

সংবিধান সভা আৰু সংবিধান  BA 1st Sem Major

B. Short Type Questions :

Q.1. Mention any four Sources of the Indian Con-stitution? ভাৰতীয় সংবিধানৰ যিকোনো চাৰিটা উৎস উল্লেখ কৰা?
Ans: তলত ভাৰতৰ সংবিধানৰ উৎসসমূহৰ সম্পর্কে আলোচনা কৰা হ’ল-
১। বিদেশী সংবিধানৰ প্ৰভাৱ (Influence of Foreign Constitution) : ভাৰতৰ সংবিধান প্রণেতাসকলে সংবিধানৰখন প্রণয়ন কৰাৰ সময়ত বিভিন্ন ৰাষ্ট্ৰবিলাকৰ সুবিধাসমূহৰ দ্বাৰা বাৰুকৈয়ে প্রভাবিত হৈছিল। তেওঁলোকে বিভিন্ন ৰাষ্ট্ৰৰ সংবিধানসমূহ বিশেষভাবে অধ্যয়ন কৰি সিবিলাকৰ আদৰ্শত্মক বৈশিষ্ট্যসমূহ ভাৰতৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ পটভূমিত নিজ দেশৰ সংবিধানত সন্নিৱিষ্ট কৰাৰ পোষকতা কৰিছিল। প্রসংগক্রমে উল্লেখ কৰাটো সমুচিত হ’ব যে ভাৰতৰ সাংবিধানিক উপদেষ্টা হিচাপে কৰ্মৰত বি এন ৰাও (B. N. Rao) য়ে চৰকাৰী সংগঠনবিলাকৰ কাৰ্যাৱলীৰ পাৰদৰ্শিতা সম্পর্কে অধ্যয়ন কৰাৰ লক্ষ্যৰে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰবিলাক ভ্ৰমণ কৰিছিল। বি এন ৰাওৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু সংবিধান প্রণেতাসকলৰ নিজা অভিজ্ঞতাৰ ভিত্তিত ভাৰতৰ সংবিধানত কেইখনমান বিদেশী সংবিধানৰ কেতবোৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সন্নিবিষ্ট কৰিছে। এইক্ষেত্ৰত নিম্নোক্ত দেশকেইখনৰ সংবিধান বিশেষভাবে উল্লেখযোগ্য

(ক) ইংলেণ্ডৰ সংবিধানৰ প্ৰভাৱ (Impact of British Constitution) :
ভাৰতৰ সংবিধানত ব্ৰিটেইনৰ সংবিধানৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে বুলি ক’ব পাৰি। ইয়াৰ মুখ্য কাৰণ হ’ল ইংলেণ্ডৰ লগত থকা ভাৰতৰ দীঘলীয়া সম্বন্ধ ৷ ভাৰতৰ সংসদীয় চৰকাৰ ব্যৱস্থা, ৰাষ্ট্ৰ নামমাত্র মুৰব্বী (ৰাষ্ট্ৰপতি) আৰু মন্ত্ৰীপৰিষদৰ হাতত প্ৰকৃত কাৰ্যনিৰ্বাহক ক্ষমতা অর্পণ, মন্ত্রীপৰিষদক সংসদৰ ওপৰত দায়বদ্ধ কৰাৰ ব্যৱস্থা, মন্ত্ৰীসকলৰ সমূহীয়া দায়বদ্ধতা পদ্ধতি, কেবিনেটৰ সিদ্ধান্তক গোপনীয় কৰি ৰখা, মন্ত্রীসকলক দুয়োখন সদনৰ পৰা লোৱাৰ ব্যৱস্থা, প্রধান মন্ত্রীজন লোকসভাৰ পৰা অহা, আইন প্রণয়ন পদ্ধতি, অধ্যক্ষ পদ, সৰ্বভাৰতীয় সেৱা, একক নাগৰিকত্ব আদি ব্যৱস্থাসমূহ ইংলেণ্ডৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে।

(খ) আমেৰিকাৰ সংবিধনৰ প্ৰভাৱ (Impact of U. S.Constitution):
ভাৰতৰ সংবিধানত আমেৰিকাৰ সংবিধানখনৰ প্ৰভাৱো কম নাছিল। ভাৰতৰ সংবিধানত উল্লেক কৰা প্ৰস্তাৱনা, মৌলিক অধিকাৰ, ৰাষ্ট্ৰৰ মুৰব্বী, এক নির্বাচকমণ্ডলীৰ দ্বাৰা ৰাষ্ট্ৰপতিৰ পৰোক্ষ নির্বাচন, অপসাৰণ, সংবিধান সংশোধনৰ ক্ষেত্ৰত ৰাজ্যিক বিধানমণ্ডলৰ অনুমোদন, উপৰাষ্ট্ৰপতিৰ কাৰ্যাৱলী আদি ব্যৱস্থাসমূহত আমেৰিকাৰ সংবিধানৰ প্ৰভাৱ পৰিলক্ষিত হয়।

(গ) আয়াৰলেণ্ডৰ সংবিধানৰ প্ৰভাৱ (Impact of the Irish Constitution) :
ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি, প্ৰস্তাৱনী, বিজ্ঞান, কলা, সংস্কৃতি, সমাজ সেৱা আদিত পাৰদৰ্শিতা দেখুওৱা লোকক ৰাজ্যসভালৈ মনোনীত কৰা আদি ব্যৱস্থাসমূহ আয়াৰলেণ্ডৰ সংবিধানৰ পৰা গ্ৰহণ কৰা বুলি ক’ব পৰা যায়।

ঘ) কানাডাৰ সংবিধানৰ প্ৰভাৱ (Impact of Canadian Constitution) :
ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৱলীত কানাডিয়ান সংবিধানৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন, অৱশিষ্ট বিষয়ৰ ওপৰত কেন্দ্ৰৰ কৰ্তৃত্ব, শক্তিশালী কেন্দ্ৰীয় চৰকাৰ আদি ব্যৱস্থাৱলী কানাডাৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে।

(ঙ) দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ প্ৰভাৱ (Impact of Constitution of South Africa) :
ভাৰতৰ সংবিধানত সন্নিৱিষ্ট কৰা ৰাজ্যসভাৰ সদস্য নির্বাচন পদ্ধতি, সংবিধান সংশোধন পদ্ধতি আদিত দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ প্ৰভাৱ পৰা দেখা যায়।

(চ) জার্মানীৰ সংবিধানৰ প্ৰভাৱ :
কানাডা, আমেৰিকা আদিৰ দৰে জাৰ্মানীৰ সংবিধানৰো প্ৰভাৱ ভাৰতীয় সংবিধানত বাৰুকৈয়ে পৰিছে। ভাৰতৰ সংবিধানত সন্নিৱিষ্ট জৰুৰীকালীন ব্যৱস্থাৰ দফাসমূহ জামাৰ্নীৰ সংবিধানৰ পৰা আহৰণ কৰা হৈছে।

Q.2. Significance of preamble. প্ৰস্তাৱনাৰ গুৰুত্ব।
Ans: সংবিধনৰ প্ৰস্তাৱনাৰ গুৰুত্ব সম্পৰ্কে তলত আলোচনা কৰা হ’ল—
প্ৰথমতে, প্ৰস্তাৱনাই সাংবিধানিক ব্যৱস্থাৱলী স্পষ্ট ভাষাত প্ৰকাশ কৰাত সহায় কৰে। অৰ্থাৎ, কোনো দফাৰ ভাষা স্পষ্ট নহ’লে বা কোনো দফাৰ সঠিক ব্যাখ্যা দাঙি ধৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ’লে প্ৰস্তাৱনাৰ আদৰ্শ আৰু লক্ষ্যৰ ওপৰত ভিত্তি কৰি ইয়াক স্পষ্ট কৰিব পৰা যায়।

দ্বিতীয়তে, দেশৰ সংবিধানখনে কি লক্ষ্যত উপনীত হোৱাটো বিচাৰিছে সেইটো প্ৰস্তাৱনাৰ পৰাই জানি ল’ব পাৰি। সেয়ে দেশৰ উন্নতিকল্পে চৰকাৰে আঁচনি তৈয়াৰ কৰা আৰু তাক ৰূপায়ন কৰাৰ সময়ত প্ৰস্তাৱনাৰ লক্ষ্য আৰু আদৰ্শকে ভেটি হিচাপে গ্ৰহণ কৰিব পাৰে।

তৃতীয়তে, প্ৰস্তাৱনাত দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষাও সুস্পষ্টভাৱে ফুটি উঠে। গতিকে দেশৰ আইন আৰু নীতি প্রণয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ সময়ত চৰকাৰে প্ৰস্তাৱনাটোৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ বাধ্য হয়।

চতুৰ্থতে, গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাত চৰকাৰৰ সালসলনি এক সাধাৰণ ঘটনা। সেয়ে যি চৰকাৰেই শাসনত অধিষ্ঠিা নহওঁক লাগে কোনেও প্ৰস্তাৱনাৰ আদৰ্শাৱলী অৱজ্ঞা কৰিব নোৱাৰে। যি চৰকাৰে এই আদৰ্শাৱলীৰ প্ৰতি পিঠি দিব সেই চৰকাৰে তৎকালে জনসাধাৰণৰ সমৰ্থন হেৰুৱাব।

পঞ্চমতে, প্ৰস্তাৱনাই চৰকাৰৰ সফলতা আৰু বিফলতাসমূহ বিচাৰ কৰাত সহায় কৰে।

সংবিধান সভা আৰু সংবিধান  BA 1st Sem Major

Q.3. Is Preamble a part of the Constitution ? প্ৰস্তাৱনা সংবিধানৰ অংশ নেকি ?
Ans: প্ৰস্তাৱনাটো সংবিধানৰ এক অংশ হয়নে নহয় তাক লৈ এক বিতৰ্কৰ সূচনা হৈছে। বেৰুবাৰী গোচৰৰ সিদ্ধান্তত সর্বোচ্চ ন্যায়ালয়ে প্রস্তাৱনাটো সংবিধানৰ অংশ নহয় বুলি মত পোষণ কৰিছে। কিন্তু কেশবানন্দ ভাৰতী গোচৰৰ ৰায়টোত উচ্চমক ন্যায়ালয়ে ইয়াৰ পূৰ্বৰ মত সলনি কৰে আৰু ইয়াক সংবিধানৰ অংশ বুলি মানি লোৱা হয় । গতিকে প্ৰস্তাৱনাটো সংবিধানৰ এক অংগ। অৱশ্যে যদিও প্ৰস্তাৱনাটো সংবিদানৰ অংগ, তথাপি ইয়াক আইনৰ জৰিয়তে ৰূপায়ন কৰিব নোৱাৰি। অৰ্থাৎ ইবাদযোগ্য (Justiciable) নহয় ৷

Q.4. Four characteritics of Indian Constitution ? ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য ?
Ans: ১। লিখিত সংবিধান (Written Constitution) : পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানৰ দৰে ভাৰতবৰ্ষৰ সংবিধানখন এখন লিখিত সংবিধান। ভাৰতৰ সংবিধানখন এখন সংবিধান সভাই যুগুত কৰিছিল। এই সভাৰ সভাপতি আছিল ড০ ৰাজেন্দ্ৰ প্ৰসাদ। অৱশ্যে ড০ আম্বেদকাৰৰ নেতৃত্বত গঠিত ৯ জনীয়া সদস্যৰ এখন খচৰা কমিটিয়ে এই সংবিধানখনৰ খচৰা প্ৰস্তুত কৰিছিল। সংবিধান সভাই এই খচৰাৰ ওপৰত বিশদ আলোচনা কৰাৰ পাছত কিছু সাল-সলনি কৰি ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখন গ্ৰহণ কৰে আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ তাৰিখৰ পৰা এই নতুন সংবিধানখন লিখিত সংবিধান হ’লেও আমাৰ দেশত কিছুমান পৰম্পৰা নীতিও মানি চলা দেখা যায়।

২। ভাৰতীয় সংবিধানখন নমনীয় আৰু দৃঢ় সংবিধান (Partly Rigid and Partly Flexible ) :
ভাৰতীয় সংবিধানখন আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে অনমনীয় সংবিধান। ভাৰতৰ সংবিধানখন আমেৰিকা যুক্তৰাষ্ট্ৰ দৰে জটিলো নহয় আৰু ইংলেণ্ডৰ দৰে নমনীয় নহয়। কিয়নো সংবিধানৰ কিছুমান দফা সংশোধন কৰিবৰ বাবে বিশেষ পদ্ধতি গ্রহণ কৰিব লগা হয় যদিও কিছুমান দফা ভাৰতীয় সংসদে সহজভাৱে সাধাৰণ পদ্ধতিৰে সংশোধন কৰিব পাৰে। উদাহৰণস্বৰূপে নতুন ৰাজ্য গঠন কৰা, পুৰণি ৰাজ্যৰ সীমা পুনঃ নিৰ্ধাৰণ, কোনো ৰাজ্যৰ উচ্চ সদন উঠাই দিয়া আদি বিষয়বিলাক সংসদৰ সাধাৰণ ভোটাধিক্যত সংশোধন কৰিব পাৰি।

অন্যহাতেদি কিছুমান বিষয় যেনে-ৰাষ্ট্ৰপতি নির্বাচন পদ্ধতি, কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতা বিভাজন, উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আদি বিষয়সমূহৰ সংশোধনৰ বাবে সংসদৰ দুয়োখন সদনৰ তিনিভাগৰ অংশ উপস্থিত সদস্যৰ সমৰ্থনৰ উপৰিও মুঠ সদস্যৰ আধাতকৈ সৰহ সংখ্যকৰ সমৰ্থন আৱশ্যক হয় আৰু ৰাজ্যিক বিধান সভাবিলাকৰ কমেও আধা সংখ্যকে অনুমোদন জনাব লাগে।

ইয়াৰ বাদেও সংবিধানৰ কিছুমান দফা সংশোধনৰ বাবে সংসদৰ তিনিভাগৰ দুই অংশ সদস্যৰ সমৰ্থন আৱশ্যক হয়। ইয়াৰ পৰা এইটো
স্পষ্ট যে ভাৰতৰ সংবিধানৰ কিছুমান দফা সংসদে বিশেষ পদ্ধতি অৱলম্বন নকৰাকৈ সংশোধন কৰিব পাৰে আৰু এই দৃষ্টিকোণৰ পৰা ভাৰতীয় সংবিধানখনক নমনীয় সংবিধান বুলি ক’ব পাৰি। অন্যহাতেদি কিছুমান দফা সংসদৰ অনুমোদনৰ উপৰিও আধাতকৈ বেছি সংখ্যক ৰাজ্যিক বিধানসভাৰ অনুমোদনৰ প্ৰয়োজন হয় আৰু এই দৃষ্টিকোণৰ পৰা ভাৰতীয় সংবিধানখনক এখন কঠিন সংবিধান বুলি ক’ব পাৰি ।

৩। মৌলিক অধিকাৰৰ অন্তৰ্ভুক্তি (Incorporation of Fundamental Rights ) : ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য গৈছে মৌলিক অধিকাৰৰ অন্তর্ভুক্তি। জনসাধাৰণৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান মৌলিক অধিকাৰৰ আৱশ্য্যক। ব্ৰিটিছ শাসনকালত ভাৰতীয়সকলে তেনে কোনো বিশেষ অধিকাৰ ভোগ কৰিব পৰা নাছিল। সেয়েহে ভাৰতীয় নাগৰিকে ব্ৰিটিছ শাসনকালৰ পৰাই মৌলিক অধিকাৰৰ বিষয়ে চিন্তা- চৰ্চা কৰি আছিল। জনসাধাৰণৰ এই উপলব্ধিৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলে সাতবিধ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই দিয়া হৈছে আৰু সেয়ে বর্তমান ৬ বিধহে অধিকাৰ মৌলিক অধিকাৰৰ তালিকাত আছে।

এই মৌলিক অধিকাৰ বিলাক হৈছে— সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মৰ অধিকাৰ, সংস্কৃতি আৰু শিক্ষা বিষয়ক অধিকাৰ আৰু সাংবিধানিক প্রতিকাৰৰ অধিকাৰ। এই অধিকাৰসমূহ খৰ্ব কৰিলে আদালতৰ জৰিয়তে সাব্যস্ত কৰিব পৰা যায়৷ অৱশ্যে ভাৰতীয় নাগৰিকৰ বাবে প্ৰদান কৰা এই মৌলিক অধিকাৰসমূহ নিৰংকুশ নহয় ৷ দেশৰ জৰুৰীকালীন সময়ছোৱাত চৰকাৰে নাগৰিকৰ মৌলিক অধিকাৰসমূহ বাতিল কৰিব পাৰে। জৰুৰী সময়ৰ বাদে আন কোনো সময়ত নাগৰিকৰ মৌলিক অধিকাৰত চৰকাৰে হস্তক্ষেপ কৰিলে উচ্চতম ন্যায়ালয়ত গোচৰ তৰি নিজৰ অধিকাৰ নাগৰিকে ৰক্ষা কৰিব পাৰে।

৪। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ অন্তৰ্ভুক্তি (Inclusion of Directive Principles of State Policy): আয়াৰলেণ্ডৰ আৰ্হিত ভাৰতৰ সংবিধানত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি সন্নিৱিষ্ট কৰা হৈছে। সংবিধানৰ চতুৰ্থ অধ্যায়ত অন্তৰ্ভুক্ত কৰা এই নীতিসমূহৰ দ্বাৰা ভাৰতবৰ্ষক এখন জনকল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে । নিৰ্দেশাত্মক নীতিসমূহৰ জৰিয়তে জনসাধাৰণৰ মংগলৰ বাবে কিছুমান কাম কৰিবৰ বাবে চৰকাৰক নিৰ্দেশ দিয়া হৈছে। অৱশ্যে এই নির্দেশাত্মক নীতিসমূহ আদালতৰ দ্বাৰা সাব্যস্ত কৰিব নোৱাৰি। এয়ে হ’লেও কিন্তু এই নীতিসমূহ মূল্যহীন নহয়। কাৰণ ভাৰতবৰ্ষক এখন জনকল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই নির্দেশাত্মক নীতিসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।

সংবিধান সভা আৰু সংবিধান  BA 1st Sem Major

Q.5. Distination between Fundamental Rights and directive principles of State policy. মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰীয় নীতিৰ নির্দেশাত্মক নীতিৰ মাজত পাৰ্থক্য।
Ans: মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ পাৰ্থক্য :

মৌলিক অধিকাৰ

  • এই অধিকাৰসমূহ বিচাৰযোগ্য
  • ই চৰকাৰৰ কামত বাধাৰ সৃষ্টি কৰে।
  • এনে নীতি কার্যকৰী কৰিবলৈ নতুন আইনৰ প্ৰয়োজন হয়।
  • এনে নীতিবোৰ প্ৰায় অর্থনৈতিক, সামাজিক।
  • এনে নীতি ৰক্ষা কৰিবলৈ চৰকাৰ বাধ্য নহয়।
  • জনকল্যাণৰ বাবে এনে নীতিৰ প্ৰয়োজন৷

নির্দেশাত্মক নীতি

  •  বিচাৰযোগ্য নহয়।
  • এই অধিকাৰ জনসাধাৰণক প্রদান কৰা হয়।
  • ইয়াক কাৰ্যকৰী কৰিবলৈ নতুন আইন নালাগে।
  • এই অধিকাৰবিলাক মূলতঃ ৰাজনৈতিক
  • এই অধিকাৰ ৰক্ষা কৰিবলৈ চৰকাৰ বাধ্য
  • ব্যক্তি স্বতন্ত্ৰতাৰ বাবে এনে অধিকাৰ লাগে।
  • ই চৰকাৰক কাম কৰিবলৈ নির্দেশ দিয়ে।
  • এই নীতি চৰকাৰলৈ দিয়া হয়।
লগতে পঢ়ক:   চৰকাৰৰ অংগসমূহ – ১ BA 1st Semester Political (Major)

Essay type question :

Q.1. Discuss about the ideals of the preamble of the conctitution of Indias. ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ আদৰ্শৰ বিষয়ে আলোচনা কৰা।
Ans: প্ৰস্তাৱনাৰ আদৰ্শ :
১. প্ৰস্তাৱনাত উল্লেখ থকা আন এটা আদর্শ হ’ল সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্রতিষ্ঠা কৰা। সামাজিক ভাৱে সকলো মানুহক সমান অধিকাৰ দিয়া, লিংগ-বর্ণ-ধর্ম-জাতিৰ ভিত্তিত বৈষম্যমূলক আচৰণ নকৰা কাৰ্য সামাজিক ন্যায়ৰ অন্তৰ্ভুক্ত। অস্পৃশ্যতা বর্জন, আইন আদালতত সকলোকে সম দৃষ্টিৰে চোৱাৰ ব্যৱস্থাত ৰখা হৈছে। অর্থনৈতিক ন্যায়ে ধনী-দুখীয়াৰ মাজৰ বৈষম্য হ্ৰাস কৰি সকলোকে সমান অৰ্থনৈতিক সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা বুজায়। জাতীয় আয় সকলোৱে উপভোগ কৰিব পৰা ব্যৱস্থা থকাটো অৰ্থনৈতিক ন্যায়ে বিচাৰে।

এমুঠি মানুহৰ হাতত অৰ্থ-সম্পদ পুঞ্জীভূত হোৱাৰ পৰিৱৰ্তে সম্পদৰ সম- বিতৰণ হ’ব লাগে। ৰাজনৈতিক ন্যায়ে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত সমভাৱে ৰাজনৈতিক অধিকাৰ উপভোগ কৰাটো বুজায়। ইয়াৰ উপৰিও সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত কিছুমান নীতি সন্নিবিষ্ট কৰি ন্যায় প্রতিষ্ঠাৰ বাবে নির্দেশাত্মক নীতি কিছুমান সংবিধানত সন্নিবিষ্ট কৰা হৈছে। সমাজৰ পিছপৰা শ্ৰেণীৰ বাবে আসন আৰু চাকৰি সংৰক্ষণৰ ব্যৱস্থাৰ দ্বাৰা ন্যায়ৰ ব্যৱস্থা কৰা হৈছে।

২. প্ৰস্তাৱনাত জনসাধাৰণৰ বাবে চিন্তা, ভাৱ প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা দিয়া হৈছে। ভাৰতৰ জনসাধাৰণৰ ব্যক্তিৰ বিকাশৰ বাবে এই স্বাধীনতাৰ আদৰ্শ লিপিবদ্ধ কৰা হৈছে। এই আদৰ্শ ৰক্ষাৰ বাবে সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

৩. সমতাৰ আদৰ্শ প্ৰস্তাৱনাৰ আন এটা আদর্শ, সমতা আৰু সমমর্যাদা প্রদান কৰাৰ আশ্বাস ইয়াত দিয়া হৈছে। জাতি-ধর্ম-বর্ণ নির্বিশেষে ভাৰতৰ জনসাধাৰণক চৰকাৰে সমান সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। প্রত্যেক ব্যক্তিৰ বাবে ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক সমতা প্ৰদান কৰি সমতাপূৰ্ণ এখন সমাজ প্ৰতিষ্ঠাৰ আদৰ্শ ইয়াত সন্নিবিষ্ট আছে।

৪. ভাতৃত্ববোধ ৰক্ষাৰ ব্যৱস্থা প্ৰস্তাৱনাৰ আন এটা আদৰ্শ, জনসাধাৰণৰ মাজত জাতীয় চেতনা জগাইতুলিব পাৰিলেহে ভাতৃত্ববোধৰ সৃষ্টি হ’বপাৰে। সেইবাবে অস্পৃশ্যতা বৰ্জন কৰি, সাম্প্রদায়িকতা, প্রাদেশিকতাবাদ, বিচ্ছিন্নতাবাদ আদি সংকীর্ণতা দূৰ কৰিবলৈ প্ৰস্তাৱনাই অভিপ্রায় ব্যক্ত কৰিছে।

৫. ঐক্য আৰু সংহতি ৰক্ষা ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ আন এটা আদর্শ। দেশৰ প্ৰগতিৰ বাবে, সহযোগিতাৰ বাবে জনসাধাৰণৰ মাজত ঐক্য আৰু সংহতি ৰক্ষা কৰিব লাগিব। একে আইনৰ ব্যৱস্থা, এক নাগৰিকত্ব, সামাজিক-ৰাজনৈতিক-অর্থনৈতিক ন্যায় প্রতিষ্ঠা কৰি ঐক্য আৰু সংহতি ৰক্ষাৰ বাবে আদর্শ উল্লেখ কৰা হৈছে।

The Constituent Assembly And The Constitution

Q.2. Discuss the outstanding features of Indian Constitution. ভাৰতীয় সংবিধানৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা।
Ans:
ভাৰতৰ সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল –
১. লিখিত সংবিধানয় : ভাৰতবৰ্ষৰ সংবিধান আইনগতভাৱে সংগঠিত এখন সংবিধান সভাই ৰচনা কৰিছে। ড° ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত গঠিত হোৱা সংবিধান পৰিষদে সংবিধান ৰচনা কৰিছিল। ড° আম্বেদকাৰৰ অধ্যক্ষতাত গঠন হোৱা সংবিধান খচৰা কমিটিয়ে প্রায় তিনি বছৰ সময়ৰ ভিতৰত ভাৰতৰ সংবিধান ৰচনা কৰিছিল।

২. দীর্ঘতম সংবিধান : ভাৰতৰ সংবিধানৰ অন্যতম প্রধান বৈশিষ্ট্য হৈছে পৃথিৱীৰ অন্যান্য দেশৰ সংবিধান সমূহতকৈ দীঘল আৰু ব্যাপক। মূল সংবিধানত ৩৯৫ টা অনুচ্ছেদ ৮ খন অনুসূচী আৰু ২২ টা অধ্যায় আছিল। সংবিধান সংশোধনৰ জৰিয়তে বর্তমানে ইয়াৰ আকাৰ আৰু বৃদ্ধি পাইছে। ভৱিষ্যতেও ইয়াৰ আকাৰ বৃদ্ধি হ’ব পাৰে। ভাৰতৰ সংবিধান দীঘল হোৱাৰ কিছুমান কাৰণ আছে। ভাৰতৰ সংবিধান প্রণেতাসকলে ইংলেণ্ড, আয়াৰলেণ্ড, কানাডা, অস্ট্রেলিয়া আদি দেশৰ পৰা বহু নীতি গ্ৰহন কৰিছে।

১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইনৰ অধিকাংশ অনুচ্ছেদ ভাৰতৰ সংবিধানত অন্তর্ভূক্ত কৰা হৈছে। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি, অনুসূচীত জাতি-জনজাতিৰ বাবে ল’ব লগা ব্যৱস্থাৱলী, মৌলিক অধিকাৰ আৰু কৰ্তব্য, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বণ্টনৰ ব্যৱস্থা আদিয়ে সংবিধান দীঘলীয়া কৰাত সমল যোগাইছে।

৩. ভাৰতৰ সংবিধান নমীয় আৰু দৃঢ় সংবিধানৰ সংমিশ্রণ : ভাৰতৰ সংবিধানৰ কিছুমান অনুচ্ছেদ সহজে সংশোধন কৰিব পাৰি। কিন্তু কিছুমান অনুচ্ছেদ সংশোধন কৰা জটিল। ভাৰতৰ সংবিধান তিনিটা পদ্ধতিৰে সংশোধন কৰিব পাৰি –
(ক) সংবিধানৰ কিছুমান অনুচ্ছেদ সংসদৰ সাধাৰণ ভোটাধিক্যত সংশোধন কৰিব পাৰি। নতুন ৰাজ্য গঠন, পুৰণি ৰাজ্যৰ সীমা নিৰ্ধাৰণ আদি বিষয়ত এনে পদ্ধতি গ্ৰহণ কৰা হয়।

(খ) মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আদি বিষয়সমূহ সংশোধনব বাবে সংসদৰ উভয় সদনৰ দুই-তৃতীয়াংশ সদস্যৰ সম ‘ন আৰু উপস্থিত সদস্যৰ আধাতকৈ অধিক সদস্যৰ উপস্থিতি আৱশ্যক।
(গ) ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি আদিত সংসদৰ উভয় সদনৰ দুই- তৃতীয়াংশৰ সম ‘নৰ উপৰিও ৰাজ্য বিধানসভাবোৰৰ আধাতকৈ বেছি ৰাজ্যৰ সম ‘নৰ প্ৰয়োজন হয়।

৪. যুক্তৰাষ্ট্ৰীয় সংবিধান : ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটো অন্তৰ্ভুক্ত হোৱা নাই । ইয়াৰ সলনি ৰাজ্য সমূহৰ সংঘ (Union of states) বুলিহে উল্লেখ আছে। লিখিত সংবিধান, সংবিধানৰ প্ৰাধান্যতা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজন, স্বাধীন ন্যায়পালিকা আদি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতৰ সংবিধানত পৰিলক্ষিত হয়। উল্লিখিত বৈশিষ্ট্যসমূহ থকা স্বত্তেও ভাৰতৰ সংবিধানত অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ প্ৰাৱল্য দেখা যায়। জৰুৰী অৱস্থাৰ সময়ত কেন্দ্ৰৰ প্ৰাধান্যতা, এক নাগৰিকত্ব, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত দুই ধৰণৰ সংবিধানৰ অনুপস্থিতি, ৰাজ্যপালৰ ভূমিকা আদিয়ে অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ প্ৰাৱল্য বুজায়। সেইবাবে K. C. Wheare-এ ভাৰতৰ যুক্তৰাষ্ট্ৰক Quasi- federation বুলি আখ্যা দিছে।

৫. সংসদীয় গণতন্ত্র : ভাৰতৰ সংবিধানৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে সংবিধানে সংসদীয় চৰকাৰৰ ব্যৱস্থা কৰিছে। ৰাষ্ট্ৰপতি আৰু ৰাজ্যপাল, প্ৰশাসনৰ নামমাত্র মূৰব্বীহে। নিম্ন সদনৰ ওচৰত দায়িত্বশীল মন্ত্ৰীপৰিষদহে প্ৰকৃত মূৰব্বী। বিধান মণ্ডলৰ সন্তুষ্টিৰ ওপৰতহে মন্ত্রীপৰিষদৰ কাৰ্যকাল নিৰ্ভৰ কৰে। অনাস্থা প্ৰস্তাৱৰ যোগেদি বিধানমণ্ডলে মন্ত্রীসভা ভংগ কৰিব পাৰে।

৬. মৌলিক অধিকাৰ : ভাৰতৰ সংবিধানৰ ১২ নংৰ পৰা ৩৫ নং অনুচ্ছেদলৈ মৌলিক অধিকাৰৰ বিৱৰণ আছে। এই অধিকাৰ সমূহ হ’ল –
১. সমতাৰ অধিকাৰ,
২. স্বাধীনতাৰ অধিকাৰ,
৩. শোষণৰ বিৰুদ্ধে অধিকাৰ,
৪. ধৰ্মীয় অধিকাৰ,

৬. সাংবাদিক প্ৰতিকাৰৰ
৫. সংস্কৃতি আৰু শিক্ষাৰ অধিকাৰ, অধিকাৰ, ৪৪ তম সংবিধান সংশোধনী অনুসৰি সম্পত্তিৰ অধিকাৰ বিলোপ কৰা হ’ল। মৌলিক অধিকাৰ সমূহ অলংঘনীয় নহয়। এই অধিকাৰ সমূহত ৰাষ্ট্ৰীয় স্বাৰ্থত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।

৭. নির্দেশাত্মক নীতি : সংবিধানৰ চতুর্থ অধ্যায়ত এই নিৰ্দেশাত্মক নীতিসমূহ অন্তর্ভুক্ত কৰা হৈছে। এই নীতি সমূহৰ যোগেদি সামাজিক আৰু অর্থনৈতিক ন্যায় প্রতিষ্ঠা কৰিবলৈ যত্ন কৰা হৈছে। দেশ প্ৰশাসনৰ ক্ষেত্ৰত এই নীতিসমূহক মানি চলিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হৈছে। আদৰ্শৰ ভিত্তিত এই নীতিসমূহক পাঁচ ভাগত ভগাব পাৰি।
১. অর্থনৈতিক নীতি, ২. সামাজিক নীতি,
৩. গান্ধীবাদী নীতি,
৫. আন্তর্জাতিক নীতি
৪. শাসন নীতি,
অৱশ্যে এই নীতিসমূহ চৰকাৰে কাৰ্যকৰী নকৰিলে কোনেও আদালতৰ কাষ চাপিব নোৱাৰে।

৮. গণতান্ত্রিক প্রজাতন্ত্র : সংবিধানে ভাৰতবৰ্ষক এখন গণতান্ত্রিক ৰাষ্ট্ৰৰ মর্যাদা প্ৰদান কৰিছে। সাৰ্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ জৰিয়তে জনসাধাৰণে চৰকাৰ গঠন কৰে। প্ৰত্যেক পাঁচ বছৰৰ মূৰে মূৰে জনসাধাৰণে চৰকাৰ গঠনত সক্রিয় অংশ গ্রহণ কৰে। জনসাধাৰণৰ সার্বভৌম ক্ষমতা আছে। দেশৰ সাংবিধানিক মূৰব্বী হিচাপে এজন ৰাষ্ট্ৰপতি নির্বাচন কৰাৰ ব্যৱস্থা কৰা হৈছে।

৯. ধর্ম নিৰপেক্ষ সমাজবাদী ৰাষ্ট্ৰ : ৪২ তম সংবিধান সংশোধনৰ যোগেদি এই শব্দ দুটা সংযোজন কৰা হৈছে। ভাৰতবৰ্ষৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই, সকলো ধৰ্মৰ প্ৰতি সহানুভূতিশীল। ভাৰতবৰ্ষৰ সংবিধান প্রণেতাসকলে সমাজবাদৰ পোষকতা কৰিছিল। এই উদ্দেশ্যেই চৰকাৰে ধনী-দুখীয়াৰ মাজৰ বৈষম্য দূৰ কৰিবলৈ, জাতীয় সম্পদ সমবিতৰণৰ বাবে সমাজবাদ প্ৰতিষ্ঠা ব্যৱস্থা কৰা হৈছে। কিন্তু কার্যক্ষেত্ৰত সমাজবাদৰ ধাৰণাক প্ৰায় বিসর্জন দিয়া হৈছে।

১০. স্বাধীন ন্যায়পালিকা : ভাৰতৰ সংবিধানৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে ন্যায়পালিকাৰ স্বাধীনতা যুক্তাৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা বিবাদ উচ্চতম ন্যায়ালয়ে নিৰপেক্ষভাৱে বিচাৰ কৰিব লাগে। সংসদে প্রণয়ন কৰা আইনসমূহ সংবিধান বর্হিঃভূত হ’লে উচ্চতম ন্যায়ালয়ে তেনে আইন নাকচ আৰু অকার্যকৰী কৰিব পাৰে। উচ্চতম ন্যায়ালয়ে সংবিধানৰ আৰু মৌলিক অধিকাৰৰ অভিভাৱক ৰূপে দায়িত্ব পালন করে।

১১. জৰুৰীকালিন ব্যৱস্থা : সংবিধানে ৰাষ্ট্ৰপতিক জৰুৰীকালিন ক্ষমতা প্রদান কৰিছে। ৩৫২, ৩৫৬ আৰু ৩৬০ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে মন্ত্রীসভাৰ পৰামৰ্শ অনুসৰি দেশত জৰুৰীকালিন ক্ষমতা প্রয়োগ কৰিব পাৰি। এই সময়ছোৱাত মৌলিক অধিকাৰ আৰু সংসদৰ ক্ষমতা বহুখিনি হ্রাস পায়। দেশত আভ্যন্তৰীণ বিদ্রোহ, বিদেশী আক্রমণ বা অর্থনৈতিক সংকটৰ কালছোৱাত এনে ক্ষমতা ৰাষ্ট্ৰপতিয়ে প্ৰয়োগ কৰিব পাৰে।

১২. পিছপৰা শ্ৰেণীৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা : পিছপৰা শ্রেণী, অনুসূচীত জাতি-জনজাতিৰ বাবে সংবিধানে বিশেষ সুবিধা প্রদান কৰিছে। এইসকল লোকৰ বাবে শিক্ষানুষ্ঠানত ভর্তিকৰণ, চৰকাৰৰ অধীনস্থ চাকৰিত, লোকসভা আৰু বিধানসভাত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ষষ্ঠ অনুসূচী অনুসৰি এই সকল জনজাতি লোকৰ আৰ্থ- সামাজিক আৰু সাংস্কৃতিক বিকাশৰ ব্যৱস্থা সংবিধানে প্ৰদান কৰিছে।

১৩. মৌলিক কৰ্তব্যৰ অন্তৰ্ভূক্তি : ৪২ তম সংশোধন অনুসৰি সংবিধানে দহটা মৌলিক কর্তব্য অন্তর্ভূক্তি কৰিছে। সংবিধান মানি চলা, জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, ভাৰতবৰ্ষৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা আদি কৰ্তব্য সমূহ অন্তৰ্ভূক্তি কৰিলেও এইবিলাকৰ কোনো আইনগত ভিত্তি নাই।

১৪. সৰ্বভাৰতীয় সেৱা : দেশৰ প্ৰশাসনিক ঐক্য ৰক্ষাৰ বাবে সংবিধানে সৰ্বভাৰতীয় সেৱাৰ ব্যৱস্থা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলৰ উপৰিও ৰাজ্যিক চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল সৰ্বভাৰতীয় সেৱাৰ বিষয়া। অৱশ্যে এনে ব্যৱস্থাই ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক অধিক শক্তিশালী কৰি তুলিছে।

সংবিধান সভা আৰু সংবিধান  BA 1st Sem Major

Q.3. Discuss about the basic features of Government of India Act, 1935. ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ মূল বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা।
Ans: ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ মূল বৈশিষ্ট্যসমূহ –

১। ব্ৰিটিছ সংসদৰ প্ৰধান্য (Supremacy of the British Parliament) : ১৯৩৫ চনৰ ভাৰত শাসন আইনে ভাৰতবাসীক সন্তুষ্ট কৰিব পৰাকৈ বিশেষ একো উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰা নাছিল। প্রস্তাৱনাৰ জৰিয়তে ভাৰতক অধিৰাজ্য (Dominion) ৰ মর্যাদা দিব লাগে বুলি ভাৰতবাসীয়ে কৰি অহা দাবীৰ প্রতি কোনো ধৰণৰ মনোযোগ নিদিয়াকৈয়ে এই আইনখন গ্ৰহণ কৰা হ’ল। ব্ৰিটিছ সংসদক মুখ্য নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰিব পৰা ক্ষমতা অর্পণ কৰি পর্যায়ক্রমে দায়িত্বশীল চৰকাৰৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছিল। এই নীতিত একো নতুনত্ব নাছিল। কাৰণ ১৯১৭ চনতে এই ব্যৱস্থাৰ বিষয়ে ঘোষণা কৰা হৈছিল। ১৯১৭ চনৰ পৰা এই আইন গ্ৰহণ কৰালৈকে এই দীঘলীয়া ওঠৰ বছৰৰ সময়ছোৱাত ব্ৰিটিছ চৰকাৰৰ নীতিৰ কোনো পৰিৱৰ্তন নহ’ল। ভাৰতৰ ৰাজনৈতিক ভৱিষ্যত থিৰাং কৰাৰ ক্ষেত্ৰত ব্ৰিটিছ সংসদকেই সর্বেসর্বা কৰি থোৱা হ’ল । ইয়াৰ উপৰি ভাৰতৰ সংবিধান সংশোধন ঘটোৱা, সালসলনি ঘটোৱা আৰু কোনো দফা ৰদ কৰা আদি সকলো ক্ষেত্ৰতে ব্ৰিটিছ সংসদৰ ক্ষমতা অটুট ৰখা হ’ল।

২। প্রাদেশিক স্বায়ত্ব শাসন (Provincial Autonomy) :
প্রদেশসমূহত দায়িত্বশীল চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই আইনে ১৯১৯ চনৰ আইনতকৈ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল। ১৯১৯ চনৰ আইনৰ দ্বাৰা প্ৰদেশবিলাকত আংশিক ভাবেহে দায়িত্বশীল চৰকাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু ১৯৩৫ চনৰ আইনে প্রাদেশিক কার্যনির্বাহকক প্রাদেশিক আইন সভাৰ ওচৰত দায়বদ্ধ কৰাই নহয় আঁতৰাব পৰাৰ ক্ষমতাও অৰ্পন কৰিছিল। সংৰক্ষিত আৰু হস্তান্তৰিত বিষয়সমূহৰ ভিতৰত থকা পাৰ্থক্যৰ ওৰ পেলাই সকলোবিলাক প্রাদেশিক বিষয়কে জনপ্ৰিয় মন্ত্রীসভাৰ হাতত অৰ্পণ কৰা হৈছিল। এইবিলাক ব্যৱস্থা গ্ৰহণ কৰা হ’লেও এই আইনৰদ্বাৰা প্ৰদান কৰা প্ৰাদেশিক স্বায়ত্ব-শাসন সম্পূর্ণ বা অৰ্থপূৰ্ণ হোৱা নাছিল। কাৰণ স্বায়ত্ব শাসনৰ ব্যৱস্থাৱলীৰ লগতে কিছুমান চৰ্তও আৰোপ কৰা হৈছিল আৰু এইবিলাকে স্বায়ত্ব শাসন ব্যৱস্থাক অর্থহীন কৰি পেলাইছিল। এইবিলাকৰ উপৰি প্ৰাদেশিক স্বায়ত্ব-শাসনৰ পৰিপন্থী কিছুমান ব্যৱস্থাও গ্রহণ কৰা হৈছিল।

এইবিলাকৰ ভিতৰত ৰাজ্যপালসকলক নীতি নিৰ্ধাৰণ কৰি প্ৰাদেশিক চৰকাৰৰ ওপৰত আৰোপ কৰিব পৰা ক্ষমতা প্ৰদানৰ ব্যৱস্থা উল্লেখযোগ্য্য। প্রকৃত অৰ্থত ক’বলৈ হ’লে এই আইনৰ প্ৰণেতাসকলে এফালেদি প্রদেশবিলাকক স্বতন্ত্রতা প্ৰদান কৰিছিল আৰু আনফালেদি ৰাজ্যপালকো, স্বতন্ত্রভাৱে কাম কৰাৰ ক্ষমতা প্রদান কৰিছিল যিটো একেবাৰে সুস্থ ব্যৱস্থা আছিল বুলি ক’ব নোৱাৰি।

৩। কেন্দ্ৰত দ্বৈত-শাসন (Dyarchy at the Centre) : ১৯৩৫ চনৰ আইনে প্রথমবাৰৰ বাবে কেন্দ্রীয় কার্যনির্বাহকক আংশিকভাৱে আইনসভাৰ ওচৰত দায়বদ্ধ আৰু আঁতৰাব পৰা ক্ষমতা প্ৰদান কৰিছিল ৷ প্ৰতিৰক্ষা, বৈদেশিক, ধৰ্মীয় আৰু জনজাতীয় এলেকা
সম্বন্ধীয় বিষয়সমূহ কেন্দ্ৰীয় আইনসমভাৰ ওচৰত দায়বদ্ধ নকৰাকৈ মন্ত্ৰীসভাৰ হাতত অৰ্পণ কৰা হৈছিল। এই বিষয়সমূহ পৰিচালনা কৰাৰ সম্পূৰ্ণ কতৃত্ব গৱৰ্ণৰ জেনেৰেলৰ হাতত অৰ্পণ কৰা হৈছিল। অৱশিষ্ট কেন্দ্রীয় বিষয়সমূহ কেন্দ্ৰীয় আইনসভাই ওফৰাই পেলাব পৰা মন্ত্ৰীসকলৰ হাতত অৰ্পণ কৰা হৈছিল। উল্লেখযোগ্য যে মন্ত্ৰীসকলৰ দায়িত্বত দিয়া বিভিন্ন বিভাগসমূহৰ ওপৰতো মন্ত্ৰীসকলৰ সম্পূৰ্ণ কতৃত্ব নাছিল। কাৰণ এই ক্ষেত্ৰতো বিশেষ দায়িত্বৰ দোহাই দি গৱৰ্ণৰ জেনেৰেলে মন্ত্ৰীসকলৰ কাম-কাজত হস্তক্ষেপ কৰাৰ কতৃত্ব লাভ কৰিছিল। এইবিলাকৰ ক্ষেত্ৰত কেন্দ্ৰীয় আইনসভাৰ ওপৰত কিছুমান বিশেষ বাধা নিষেধ আৰোপ কৰা হৈছিল। ফলত, আইন সভাই এক বান্ধোনৰ মাজত কাম কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল।

লগতে পঢ়ক:   চৰকাৰৰ অংগসমূহ – ১ BA 1st Semester Political (Major)

৪। নিৰাপত্তামূলক ব্যৱস্থা (Safeguards) : ১৯৩০ চনত চৰকাৰ আৰু কংগ্ৰেছৰ মাজত কিছুমান নিৰাপত্তামূলক ব্যৱস্থাৰ বিষয়ে আলোচনা হৈছিল ৷ এই ব্যৱস্থাসমূহ ভাৰতৰ কল্যাণৰ বাবেই প্রয়োজনীয় বুলি গান্ধী-আউইন চুক্তিটো একমত প্ৰকাশ কৰা হৈছিল। কিন্তু ১৯৩৫ চনৰ আইনৰ দ্বাৰা গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পৰা এইটো স্পষ্টভাৱে প্ৰমাণ হ’ল যে এই সকলোবিলাক কেৱল ব্ৰিটিছ চৰকাৰৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে কৰা হৈছিল। এই ব্যৱস্থাই সামৰা আটাইতকৈ জঘন্য দিশটো আছিল ভাতৰ গণতান্ত্রিক শক্তিসমূহ মষিমূৰ কৰিবলৈ গৱৰ্ণৰ জেনেৰেল আৰু ৰাজ্যপালসকলক অত্যাধিক ক্ষমতা প্রদান কৰাটো। এই সুৰক্ষাৰ শিকলিৰ দ্বাৰা ব্ৰিটিছ চৰকাৰে অনিচ্ছাকৃতভাৱে ভাৰতক প্ৰদান কৰা ক্ষমতাসমূহ এনেদৰে বান্ধি ৰাখিছিল যে ভাৰতীয়সকলৰ হাতলৈ হস্তান্তৰ কৰা সকলো দায়িত্বই অৰ্থহীন হৈ পৰিছিল।

৫। ক্ষমতা বিভাজন (Division of Power) : কেন্দ্ৰ আৰু প্ৰাদেশিক চৰকাৰসমূহৰ মাজত ক্ষমতা বিভাজনৰ বেলিকাও এই আইনত এনে কিছুমান অদ্ভুত ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যিবিলাক যুক্তৰাষ্ট্ৰীয় প্ৰথাৰ সম্পূৰ্ণ বিপৰীতধৰ্মী আছিল। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বাটকটীয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানে সংযুক্ত চৰকাৰৰ ক্ষমতাসমূহ সুস্পষ্টকৈ নিৰ্দিষ্ট কৰি দি অৱশিষ্ট ক্ষমতা ৰাজ্যবিলাকৰ হাতত অৰ্পণ কৰাৰ ব্যৱস্থা কৰিছে। অন্যহাতেদি, কানাডাৰ সংবিধানে ইয়াৰ ওলোটা ব্যৱস্থা গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ ক্ষমতা সু-স্পষ্ট কৰি অৱশিষ্ট ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰিছে। ভাৰতৰ ক্ষেত্ৰত এই দুয়োটা পদ্ধতিৰ এটাও গ্ৰহণ কৰা হোৱা নাছিল। ঘূৰণীয়া মেজমেলত যেতিয়া এই বিষয়টো উত্থাপিত হৈছিল তেতিয়া উপৰোক্ত দুই মেৰুৰ কোনটো পদ্ধতি গ্ৰহণ কৰিব সেই বিষয়ে ভাৰতৰ প্রতিনিধিসকলৰ মাজত মত পাৰ্থক্য হৈছিল। শেষত, এই অচলাৱস্থাৰ ওৰ পেলাবলৈ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সমিতিৰ সভাপতি লর্ড চাংকেই এটা প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁ এই প্ৰস্তাৱ যিমানদূৰ সম্ভৱ অৱশিষ্ট হিচাপে কোনো বিষয় বাদ নিদিয়াকৈ কেন্দ্ৰ আৰু প্ৰাদেশিক চৰকাৰৰ মাজত ক্ষমতা নিৰ্ধাৰণ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল আৰু প্ৰতিনিধিসকলে তেওঁৰ প্ৰস্তাৱকে গ্ৰহণ কৰিছিল। চাংকেৰ পৰামৰ্শৰ ভিত্তিতে তিনিখন তালিকাৰ যোগেদি চৰকাৰৰ ক্ষমতাসমূহ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ভাগ বাটোৱাৰৰ ব্যৱস্থা কৰা হৈছিল।

Q.4. Explain various provisions of the Indian Inde. pendence Act. 1947. ভাৰতীয় স্বাধীনতা আইন ১৯৪৭ ৰ বিভিন্ন ব্যৱস্থা ব্যাখ্যা কৰা।
Ans: ১৯৪৭ চনত প্ৰণয়ন কৰা ভাৰতৰ স্বাধীনতা আইনখনক এখন অতি তাৎপর্যপূর্ণ দলিল বুলি আখ্যা দিব পাৰি। কাৰণ এই আইনখনে ভাৰতক ব্ৰিটিছ শাসনৰপৰা মুক্ত কৰি এক নতুন যুগৰ সূচনা কৰিছিল। অৱশ্যে আন এটা দিশত এই আইনখনে বহুতৰ মনলৈ দুখ-বেদনাও কঢ়িয়াই আনিছিল । কাৰণ আইনখনৰ জৰিয়তে সৃষ্টি হোৱা পাকিস্থানক লৈ যদিও মুছলমানসকলে আনন্দ উপভোগ কৰিছিল, হিন্দু আৰু শিখসকলে তেনেদৰে দুখত ভাগি পৰিছিল। যিয়েই নহওঁক, এই আইনখনে ব্ৰিটিছ শাসনৰ ওৰ পেলাই ভাৰতীয়সকলৰ হাতলৈ শাসনভাৰ হস্তান্তৰ কৰিছিল। এই আইনখন ১৯৪৭ চনৰ জুলাই মাহত ব্ৰিটিছ সংসদত গৃহীত হৈছিল। অৱশ্যে সংসদত উত্থাপন কৰাৰ আগতে কংগ্ৰেছ আৰু মুছলীম লীগৰ নেতাসকলক তেওঁলোকৰ মতামতৰ বাবে ইয়াৰ খচৰাটো দেখুওৱা হৈছিল। তাৰ পিছত ১৯৪৭ চনৰ ৪ জুলাই তাৰিখে সংসদৰ কমন্স সভাত উত্থাপন কৰা হৈছিল আৰু অতি কম দিনৰ ভিতৰতে বিধেয়কখন দুয়োটা সদনত গৃহীত হৈছিল। এই আইনখনে আগবঢ়োৱা ব্যৱস্থাৱলী আছিল নিম্নোক্ত ধৰণৰ—

১। ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ভাৰতত ব্ৰিটিছ শাসনৰ অন্ত পেলাই ভাৰত আৰু পাকিস্থান নামে দুখন ৰাষ্ট্ৰ গঠন কৰাৰ ব্যৱস্থা কৰিছে।
২। এই আইনখনে ভাৰতৰ বাবে থকা সচিব পদৰ বিলুপ্তি ঘটাই তেওঁৰ ক্ষমতা আৰু কাৰ্যাৱলী কমনৱেলথৰ বাবে থকা সচিবলৈ হস্তান্তৰ কৰিছে।
৩। দুয়োখন ৰাষ্ট্ৰৰ বাবে একোজনকৈ গৱৰ্ণৰ জেনেৰেল দিয়া আৰু তেওঁলোকে সংশ্লিষ্ট ৰাষ্ট্ৰৰ মন্ত্ৰীপৰিষদৰ পৰামৰ্শমতে কাম কৰাৰ ব্যৱস্থা কৰিছে।
৪। গৱৰ্ণৰ জেনেৰেল আৰু প্ৰদেশবিলাকৰ গৱৰ্ণৰসকলে সকলো বিষয়তে মন্ত্ৰীসকলৰ পৰামৰ্শমতে কাৰ্যনিৰ্বাহ কৰাৰ দিহা কৰিছে।
৫। ৰজাৰ ভেটো ক্ষমতা আৰু কিছুমান বিধেয়ক তেওঁৰ বিচাৰ-বিবেচনাৰ বাবে পঠোৱাৰ ব্যৱস্থা ৰদ কৰিছে।
৬। অসামৰিক সেৱাত নিযুক্তি আৰু আসন সংৰক্ষণৰ ক্ষেত্ৰত পূৰ্বে থকা ৰাষ্ট্ৰীয় সচিবৰ ক্ষমতা বিলুপ্তি কৰা হৈছে।
৭। ব্ৰিটিছ চৰকাৰৰ সকলো ক্ষমতা সংবিধান প্রণয়ন পৰিষদলৈ হস্তান্তৰ কৰা হৈছে আৰু সংবিধান প্রস্তুত হৈ নুঠালৈকে দুয়োখন ৰাষ্ট্ৰৰ সংবিধান পৰিষদক আইনসভাৰ দৰে কাম-কাজ চলাই যাবলৈ ক্ষমতা প্রদান কৰিছে, আৰু
৮। নতুন সংবিধান প্রস্তুত হৈ নুঠালৈকে ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ ব্যৱস্থাৱলীৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰৰ প্ৰদেশবিলাকৰ কাম-কাজ চলাই নিয়াৰ ব্যৱস্থা কৰা হৈছে। প্রয়োজন সাপেক্ষে আৱশ্যকীয় সালসলনি ঘটোৱাৰ কৰ্তৃত্ব প্ৰদান কৰিছে।

Q.5. Discuss the making of the Indian Constitution. ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ বিষয়ে আলোচনা কৰা।
Ans: কেবিনেট মিছনে ভাৰতৰ সংবিধান ৰচনা কৰাৰ বাবে এখন সাংবিধানিক পৰিষদ গঠনৰ দিহা দিছিল আৰুসেইমতে ভাৰতৰ আটাইবিলাক প্রধান সম্প্ৰদায়ৰ প্ৰতিনিধিৰদ্বাৰা এই পৰিষদখন গঠন কৰাৰ ব্যৱস্থা কৰা হৈছিল। পৰিষদৰ আসনসমূহ জনসংখ্যাৰ ভিত্তিত প্ৰদেশ আৰু ৰাজ্যবিলাকৰ মাজত বিতৰণ কৰা হৈছিল; সেইমতে ১ মিলিয়ন জনসংখ্যাৰ মাজৰ পৰা এজন সদস্য নির্বাচন কৰাৰ ব্যৱস্থা কৰা হৈছিল। আকৌ প্ৰদেশবিলাকৰ মাজত যিবিলাক আসন বিতৰণ কৰা হৈছিল সেইবিলাক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছিল— সাধাৰণ, মুছলীম আৰু শিখ। সংবিধান পৰিষদত মুঠ সদস্য সংখ্যা ৩৮৯ জন ধার্য কৰা হৈছিল। ইয়াৰ ভিতৰত ২৯২ খন আসন ব্ৰিটিছ ভাৰতৰ প্রদেশবিলাকক (২১০ সাধাৰণ, ৭৮ মুছলীম, আৰু ৪ শিখ) আৰু ৯৩ খন ৰাজ্যবিলাকক দিয়া হৈছিল। ইয়াৰ বাহিৰেও ৩ খন আসন মুখ্য আয়ুক্তৰ প্রদেশবিলাকক আৰু এখন ব্ৰিটিছ বেলুচিস্তানক দিয়া হৈছিল। ৰাজ্যবিলাকৰ প্রতিনিধিসকলক আলোচনাৰ মাধ্যমেদি নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰা হৈছিল; কিন্তু অন্যহাতেদি প্রদেশবিলাকৰ প্ৰতিনিধিসকলক একক হস্তান্তৰিত ভোটৰ জৰিয়তে বিধান পৰিষদবিলাকে নির্বাচন কৰাৰ ব্যৱস্থা কৰা হৈছিল।

সংবিধান পৰিষদৰ বাবে ১৯৬৪ চনৰ জুলাই মাহত নির্বাচন অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচনত ২১০ খন সাধাৰণ আসনৰ ভিতৰত ১৯৯ খন আসন কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হৈছিল। মুছলীমৰ বাবে সংৰক্ষিত কৰি ৰখা ৭৮ খন আসনৰ ভিতৰত মুছলীম লীগে ৭৩ খন আসন লাভ কৰিছিল। ৰজাৰদ্বাৰা শাসিত ৰাজ্যবিলাকৰ প্ৰতিনিধি বর্গই পিছতহে যোগদান কৰিছিল। উল্লেখযোগ্য যে এই পৰিষদখন সার্বভৌম সংস্থা নাছিল। এইখন ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছিল আৰু ব্ৰিটিছ চৰকাৰে ইয়াক ভংগ কৰাৰ অধিকাৰো লাভ কৰিছিল। সেইদৰে পৰিষদৰ ক্ষমতাও অতি সীমিত ধৰণৰ আছিল। কাৰণ, কেবিনেট মিছনে নিৰ্ধাৰণ কৰি দিয়া নিয়ম নীতিৰ ভিতৰত সংবিধানখন ৰচনা কৰাৰ কতৃত্ব প্ৰদান কৰা হৈছিল। কিন্তু ১৯৪৭ চনত স্বাধীনতা আইন প্রণয়ন কৰাৰ পিছত সাংবিধানিক পৰিষদখনৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ আমূল পৰিৱৰ্তন ঘটে। এই আইনখনৰ জৰিয়তে মুছলমানসকলৰ বাবে পৃথক পাকিস্তান ৰাষ্ট্ৰ গঠনৰ সিদ্ধান্ত হোৱাত মুছলীম লীগৰ সদসস্যসকল পৰিষদৰ পৰা ওলাই আহে।

আকৌ এই আইনখনৰ ফলশ্ৰুতিত পৰিষদৰ ওপৰত থকা সকলো ধৰণৰ বাহিৰা কতৃত্বৰ অৱসান ঘটে, অর্থাৎ এই আইনখন কাৰ্যকৰী হোৱাৰ পিছৰ পৰা সংবিধান পৰিষদে নিজৰ স্বাধীন চিন্তাধাৰাৰে ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ বাবে কতৃত্ব লাভ কৰিবলৈ সক্ষম হ’ল। অন্যহাতেদি, মুছলীম লীগৰ সদস্যসকলে পদত্যাগ কৰাত সংবিধান পৰিষদে আৰু অধিক সুকলমে কাম কৰিবলৈ সুবিধা লাভ কৰিছিল। ইয়াৰ উপৰি সংবিধান পৰিষদৰ কাম-কাজৰ পৰিসীমাও যথেষ্ট বৃদ্ধি পাইছিল, কাৰণ ১৯৫২ চনত নতুন সংসদ গঠন হোৱালৈকে পৰিষদে সাময়িকভাৱে সংসদৰ কাম-কাজ কৰিবলগা হৈছিল। সংবিধান পৰিষদৰ প্ৰথমখন বৈঠক ১৯৪৬ চনৰ ৯ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। ১১ ডিচেম্বৰ তাৰিখে ড০ ৰাজেন্দ্ৰ প্ৰসাদ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। প্ৰথমখন বৈঠকত মুঠতে ২০৭ জন সদস্য উপস্থিত আছিল। মুছলীম লীগৰ সদস্যসকলক কংগ্ৰেছ আৰু ব্ৰিটিছ চৰকাৰ উভয়ে উপস্থিত থাকিবৰ বাবে অনুৰোধ জনাইছিল যদিও তেওঁলোকে পৃথক এখন সংবিধান পৰিষদ গঠনৰ দাবীত আঁকোৰগোজ হিচাপে লাগি থকাত এই বৈঠকত যোগদান নকৰিলে । অৱশ্যে মুছলীম লীগৰ সদস্যসকলৰ অনুপস্থিতি স্বত্বেও বৈঠকৰ কাম-কাজ সুকলমে আৰম্ভ হ’ল।

পৰিষদৰ প্ৰথমখন বৈঠকতে ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে ইয়াৰ উদ্দেশ্যধর্মী প্ৰস্তাৱটো জৱাহৰলাল নেহৰুৱে নিজেই উত্থাপন কৰিছিল আৰু আলোচনাৰ পিছত ১৯৪৭ চনৰ ২২ জানুৱাৰীত প্ৰস্তাৱটো গৃহীত হৈছিল। এই প্রস্তাৱটোৰ মতে, পৰিষদে ভাৰতবৰ্ষক এখন স্বাধীন সার্বভৌম প্রজাতন্ত্র হিচাপে ঘোষণা কৰিবলৈ সিদ্ধান্ত লয় আৰু ইয়াৰ ভৱিষ্যতে শাসনৰ বাবে এখন সংবিধান প্রণয়ন কৰাৰ কথা ঘোষণা কৰে। ব্ৰিটিছ ভাৰত আৰু দেশীয় ৰাজ্যবিলাক তথা ইচ্ছা সাপেক্ষে অন্যান্য অঞ্চল সামৰি এখন ইউনিয়ন গঠন কৰিব। ইউনিয়ন, অংগ ৰাজ্য আৰু চৰকাৰৰ অংগবিলাকে জনসাধাৰণৰ পৰা ক্ষমতা আহৰণ কৰিব । সকলো শ্ৰেণীৰ লোকৰ বাবে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক ন্যায় নিশ্চিত কৰাৰ লগতে সমান মর্যাদা, সুবিধা, বিবেকৰ স্বাধীনতা আদি নিশ্চিত কৰিব। সংখ্যালঘিষ্ঠ, পিছপৰা আৰু দুৰ্বল শ্ৰেণীৰ লোকৰ কাৰণে ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ উপৰিও ভাৰতক বিশ্বৰ উচ্চস্থানত ৰখাৰ লগতে বিশ্ব-শান্তি আৰু জনকল্যাণৰ হকে কাম কৰিব।

সাংবিধানিক পৰিষদৰ সমিতিসমূহ (Committees of the Constituent Assembly) :
সংবিধানৰ সঠিকভাৱে ৰচনা কৰাৰ অৰ্থে বিভিন্ন সমিতি গঠন কৰি এই সমিতিবিলাকৰ ওপৰত বিভিন্ন বিষয় ন্যস্ত কৰা হৈছিল। এই সমিতিবিলাকৰ ভিতৰত ১৯৪৭ চনৰ ২৯ আগষ্টত ড০ বি আৰ আম্বেদকাৰৰ অধ্যক্ষতাত গঠন কৰা খচৰা সমিতিখনেই আটাইতকৈ উল্লেখনীয় সমিতি আছিল। এই সমিতিখনৰ অন্যান্য বিশিষ্ট সদস্যসকল আছিল এন গোপালস্বামী আয়েংগাৰ, আল্লাদি কৃষ্ণস্বামী আয়াৰ, কে এম মুন্সি, চৈয়দ মহম্মদ চাদুল্লা, এন মাধৱ ৰাও আৰু ডি পি খৈতান (ডিপি খৈতানৰ মৃত্যুৰ পিছত টি টি কৃষ্ণ মাছাৰিক অন্তৰ্ভুক্ত কৰা হৈছিল)। সৰ্বমুঠ ২২ খন সমিতি গঠন কৰি দিয়া হৈছিল। এই সমিতিবিলাকৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ড০ আম্বেদকাৰৰ অধ্যক্ষতাত গঠন হোৱা খচৰা সমিতিক সংবিধানৰ খচৰা প্ৰস্তুত কৰিবৰ বাবে দায়িত্ব দিয়া হৈছিল আৰু এই খচৰা সমিতিয়ে ১৯৪৮ চনৰ ২১ ফ্ৰেব্ৰুৱাৰীত নিজৰ প্রতিবেদন দাখিল কৰিছিল। ২১ ফ্ৰেব্ৰুৱাৰীতে খচৰা সংবিধানখন দাখিল কৰা হৈছিল।

বহুত দিনৰ বিৰতিৰ পিছতহে অৰ্থাৎ ১৯৪৮ চনৰ ৪ নৱেম্বৰ তাৰিখেহে সংবিধান পৰিষদে এই খচৰা সংবিধানখনৰ ওপৰত আলোচনা আৰম্ভ কৰিছিল৷ এইদীঘলীয়া বিৰতিৰ কাৰণ আছিল যাতে জনসাধাৰণে, বাতৰিকাকত তথা অন্যান্য প্ৰচাৰ মাধ্যমে আৰু প্ৰাদেশিক বিধান সভাবিলাকে এই প্রতিবেদনৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়াবলৈ সুবিধা লাভ কৰিব পাৰে। ১৯৪৯ চনৰ ১৭ অক্টোবৰত পৰিষদে খচৰা সংবিধানৰ ওপৰত দ্বিতীয় লানি আলোচনা সম্পূৰ্ণ কৰিছিল। আলোচনা কালত এই খচৰা সংবিধানখনৰ ওপৰত মুঠতে ৭৬৩৫ টা সংশোধনী আহিছিল যদিও পিছত ইয়াৰ ভিতৰত ২৪৭৩ টা সংশোধনী প্রস্তাৱহে উত্থাপন কৰা হৈছিল আৰু এইবিলাকৰ ওপৰত খৰচি মাৰি আলোচনা কৰা হৈছিল। সকলো আলোচনা শেষ কৰাৰ পাছত পৰিষদে ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখন গ্ৰহণ কৰিছিল আৰু পৰিষদৰ সভাপতিয়ে সংবিধানখনত স্বাক্ষৰ কৰিছিল। গতিকে দেখা গ’ল যে ১৯৪৬ চনৰ ৯ ডিচেম্বৰত বহা প্রথম বৈঠকৰ পৰা সংবিধানখন সম্পূৰ্ণ কৰি তোলালৈকে সংবিধান পৰিষদক ২ বছৰ ১১ মাহ ১৮ দিনৰ প্ৰয়োজন হৈছিল। শেষত ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলৱৎ হয়।

এই সংবিধানখন প্রণয়ন কৰোঁতে মুঠতে ৪.৬ কোটি টকাৰ খৰছ হৈছিল।

সংবিধান পৰিষদৰ গঠন আৰু কাম-কাজৰ দোষ-ত্রুটি (Shortcomings in the Composition and Working of the Constituent Assenbly) :
(ক) সমালোচকসকলে সাংবিধানিক পৰিষদখনৰ গঠন আৰু কাম-কাজৰ ক্ষেত্ৰত ভালেমান দোষ-ত্রুটি থকা বুলি ক’ব খোজে৷ তেওঁলোকৰ মতে, সংবিধান পৰিষদখন প্ৰতিনিধিত্বমূলক হোৱা নাছিল ৷ পৰিষদখন যদিও বিশিষ্ট লোকৰ দ্বাৰা গঠন কৰা হৈছিল তথাপি তেওঁলোকে প্রাদেশিক বিধানমণ্ডলৰ দ্বাৰাহে নিৰ্বাচিত হৈছিল৷ ইয়াৰ উপৰি মুছলীম লীগৰ সদস্যসকলে সদস্যপদ প্রত্যাহাৰ কৰাৰ পাছত যিবিলাক সদস্যক পৰিষদত অন্তৰ্ভুক্ত কৰা হৈছিল সেইবিলাক আনকি পৰোক্ষভাৱেও নিৰ্বাচিত হোৱা নাছিল । অন্যহাতেদি পৰিষদৰ সদস্যসকলৰ নামবিলাক গণভোটৰ জৰিয়তে জনসাধাৰণৰ পৰা অনুমোদন লোৱাৰো কোনো ব্যৱস্থা কৰা হোৱা নাছিল ।

(খ) দ্বিতীয়তে, তেওঁলোকে ক’ব বিচাৰে যে পৰিষদে স্বাধীনভাৱে কাম কৰাৰ পৰিৱৰ্তে বিভিন্ন হেঁচা আৰু মেৰপাকৰ মাজত থাকি কাম কৰিবলগা হৈছিল। প্রথম অৱস্থাত ব্ৰিটিছ সংসদৰ তত্বাৱধানত কাম কৰাই নহয় ব্ৰিটিছ সংসদে সংবিধান পৰিষদখন ভংগ কৰি দিয়াৰ
ক্ষমতাও ৰাখিছিল। ১৯৪৭ চনৰ স্বাধীনতা আইনে ইয়াপ অৱসান ঘটালে যদিও পিছত পৰিষদে কংগ্ৰেছী চক্ৰটোৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। সকলোবিলাক ক্ষেত্রতে কংগ্ৰেছী চক্ৰটোৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। আনকি পৰিষদৰ বিশেষ সিদ্ধান্তবিলাক কংগ্ৰেছৰ কাৰ্যকৰী সমিতিতে প্রথমে গৃহীত হৈছিল আৰু সেইমতেই খচৰা সমিতিলৈ পঠোৱা হৈছিল। খচৰা সমিতিত হোৱা বিতর্ক বিলাকতো কংগ্ৰেছী সদস্যসকলেই প্রাধান্য বিস্তাৰ কৰিছিল।

(গ) তৃতীয়তে, পৰিষদৰ বিভিন্ন বিষয়বিলাকত হোৱা আলোচনাত ফলদায়ক হিচাপে বিৰোধ মন্তব্য আগবঢ়াব পৰা সদস্য নাছিল। যদিও দুই-এজন সদস্যই এনে মন্তব্য আগবঢ়াইছিল তথাপি কংগ্ৰেছী চক্ৰটোৰ প্ৰৱল হেঁচাত তেওঁলোক নিমাত হ’বলগা হৈছিল ৷ গতিকে প্রায়বিলাক সিদ্ধান্ত কংগ্ৰেছী সদস্যসকলৰ মত্ৰ সপক্ষেই গৃহীত হৈছিল।

(ঘ) চতুৰ্থতে, সমালোচকসকলে এইবুলিও ক’ব খোজে যে সংবিধান পৰিষদৰ অধিকাংশ সদস্যই অধিবক্তা, ৰাজনীতিবিদ আছিল। ফলত সমাজৰ অন্যান্য শ্ৰেণীৰ লোকৰ প্ৰতিনিধিত্ব সীমিত হৈ পৰিছিল। পৰিষদখনক অধিবক্তাৰ ভূ-স্বৰ্গ বুলি অভিহিত কৰি তেওঁলোকে ক’ব বিচাৰে যে এনে হোৱাৰ ফলত সংবিধানখনৰ প্ৰায়বিলাক দফা ৰচনা কৰোঁতে অনাৱশ্যকভাৱে বহুত সময় লৈছিল। তেওঁলোকে উদাহৰণ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ আফ্ৰিকাৰ সংবিধান দুখনৰ কথা আঙুলিয়াই দেখুৱাই কৈছে যে এই কেইখন ৰচনা কৰোঁতে সময় লৈছিল ক্রমে ৪ মাহ আৰু এবছৰ; কিন্তু ভাৰতৰ সংবিধান প্রণয়ন কৰোঁতে সময় লৈছিল প্রায় ৩ বছৰ ।

লগতে পঢ়ক:   চৰকাৰৰ অংগসমূহ – ১ BA 1st Semester Political (Major)

(চ) সমালোচকসকলৰ শেষৰ অভিযোগটো হ’ল সংবিধান পৰিষদে সংবিধানখন যুগুতাই উলিওৱাৰ পাছত চূড়ান্তভাৱে গণভোটৰ দ্বাৰা
গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা নাছিল। এনে ব্যৱস্থা কৰা হ’লে সংবিধানখন অধিক জনপ্ৰিয়া হোৱাৰ লগতে জনসাধাৰণৰদ্বাৰা সংবিধানখন চূড়ান্তভাৱে গ্ৰহণ কৰি বলৱৎ কৰাৰ আগতে জনসাধাৰণৰ অনুমোদন। কৰাই লোৱাৰ ব্যৱস্থা নকৰাত পৰিষদৰ ডাঙৰ ক্ৰুটি ৰৈ গ’ল।

সংবিধান সভা আৰু সংবিধান  BA 1st Sem Major

Q.6. Discuss about the Fundamental Rights of In dian constitution with special reference to right to equality and right to freedom. সমতাৰ অধিকাৰ আৰু স্বাধীনতাৰ অধিকাৰৰ বিশেষ উল্লেখৰে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা।
Ans: ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ৰ (Part – III) ১২ নং ৰপৰা ৩৫ নং অনুচ্ছেদলৈ নাগৰিকৰ মৌলিক অধিকাৰৰ বিষয়ে লিপিবদ্ধ কৰা হৈছে। ১২ নং অনুচ্ছেদত তৃতীয় অধ্যায়ৰ অনুচ্ছেদত থকা ‘ৰাষ্ট্ৰ’ শব্দটোৰ সংজ্ঞা নিৰূপণ কৰিছে। ১৩ নং অনুচ্ছেদত আইনসভাৰ অবাঞ্চিত আক্ৰমণৰ পৰা নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহৰ সংৰক্ষণ ব্যৱস্থা কৰা হৈছে। কিন্তু ১৯৭৮ চনৰ সংবিধানৰ ৪৪ তম সংশোধনী আইনৰ জৰিয়তে “সম্পত্তিৰ অধিকাৰক” (Rights to property) মৌলিক অধিকাৰৰ তালিকাৰ পৰা
পৌৰ অধিকাৰৰ (Civil Rights) তালিকাত অন্তৰ্ভুক্ত কৰা হয়। বর্তমান মৌলিক অধিকাৰ হ’ল ছয়বিধ—
(ক) সমতাৰ অধিকাৰ (অনুচ্ছেদ ১৪-১৮)
(খ) স্বাধীনতাৰ অধিকাৰ (অনুচ্ছেদ ১৯-২২)
(গ) শোষণৰ বিৰুদ্ধে অধিকাৰ (অনুচ্ছেদ ২৩-২৪)
(ঘ) ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ (অনুচ্ছেদ ২৫-২৮)
(ঙ) সংস্কৃতি আৰু শিক্ষাৰ অধিকাৰ (অনুচ্ছেদ ২৯-৩০)
(চ) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ (অনুচ্ছেদ ৩২-৩৫)

১। সমতাৰ অধিকাৰ (Rights of Equality) :
সমতাৰ অধিকাৰৰ বিষয়ে সংবিধানৰ ১৪ নং অনুচ্ছেদৰ পৰা ১৮ নং অনুচ্ছেদলৈকে উল্লেখ আছে। এই অধিকাৰৰ অধীনত মুঠ ৫ বিধ অধিকাৰ সামৰি লোৱা হৈছে। এই কেইবিধ হৈছে—

১) আইনৰ সমতা, (১৪ নং অনুচ্ছেদ)
(২) বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে অধিকাৰ, (১৫ নং অনুচ্ছেদ)
(৩) সম-সুবিধাৰ অধিকাৰ, (১৬ নং অনুচ্ছেদ)
(৪) অস্পৃশ্যতা নিবাৰণৰ অধিকাৰ (১৭ নং অনুচ্ছেদ) আৰু
(৫) উপাধি প্রদান নিবাৰণৰ অধিকাৰ (১৮ নং অনুচ্ছেদ)।

১৪ নং অনুচ্ছেদে নাগৰিক আৰু বিদেশী সকলোকে আইনৰ সম- সুৰক্ষা প্ৰদান কৰিছে। ইয়াত উল্লেখ কৰা হৈছেযে ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত কোনো মানুহকে আইনৰ দৃষ্টিত সমতা আৰু আইনৰ দ্বাৰা সমান সুৰক্ষা নিদিয়াকৈ থাকিব নোৱাৰে। অৰ্থাৎ আইনৰ চকুত সকলো নাগৰিকেই সমান আৰু সকলো নাগৰিকে আইনৰ সমান সুবিধা ভোগ কৰিব। এই অনুচ্ছেদে “আইনৰ দৃষ্টিত সমতা” আৰু “আইনৰ সমান ৰক্ষণাবেক্ষণ” এই দুয়োটা কথাৰ ওপৰত বিশেষ গুৰুত্ব দিছে। দুয়োটা কথা একে যেন লাগিলেও দুয়োটাই বেলেগ বেলেগ অর্থ প্রকাশ কৰে। ‘আইনৰ দৃষ্টিত সমান ব্যৱহাৰ’ ব্ৰিটিছ সাংবিধানিক ব্যৱস্থাৰ অনুকৰণ বুলিব পাৰি৷ এই ধাৰণাটো ডাইচিৰ (Dicey)- ৰ আইনৰ অনুশাসনৰ পৰা লোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে যে কোনো ব্যক্তি আইনৰ উৰ্দ্ধত নহয়৷ এজন ব্যক্তিৰ পদ মর্যাদা বা স্থান যিয়েই নহওক, সকলো লোককে একে ধৰণৰ আইন আৰু আদালতৰ জৰিয়তে বিচাৰ কৰা হয়।

প্ৰধানমন্ত্ৰীৰ পৰা এজন সাধাৰণ খেতিয়কলৈকে সকলো আইনৰ চকুত সমান । সকলো লোকক আইনৰ চকুত সমান কৰাৰ একমাত্ৰ অৰ্থ হৈছে ভাৰতীয় লোকৰ মাজত সমতা প্রতিষ্ঠা কৰা। আইনৰ দৃষ্টিত সকলো সমান এই কথাষাৰ অনুসৰণ কৰিলেও ইংলেণ্ডৰ দৰে দেশবিলাকত ব্যতিক্রম আছে। ঠিক সেইদৰে ভাৰতবৰ্ষতো তলত উল্লেখ কৰা ধৰণে কিছুমান ব্যতিক্রম আছে—
(ক) ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালে তেওঁলোকৰ সাংবিধানিক ক্ষমতা প্রয়োগ কৰোঁতে কোনো আদালতত জবাব দিব নালাগে।
(খ) ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ কাৰ্যপদ চলাই থাকোঁতে তেওঁলোকৰ বিৰুদ্ধে কোনো ফৌজদাৰী মোকদর্মা কৰিব নোৱাৰি।
(গ) ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ শাসনকালত তেওঁলোকক আটক কৰা নাইবা কাৰাবাস দিয়াৰ কাৰণে কোনো আদালতে পৰোৱানা জাৰি কৰিব নোৱাৰে। এই সা-সুবিধাখিনিয়ে তলত দিয়া দিশ দুটা সামৰি লোৱা নাই—

(ক) ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে সদনত মহাভিযোগ (Impeachment) প্ৰস্তাৱ আৰু

(খ) কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ কাৰ্যৰ বিৰুদ্ধে আদালতৰ কাষচপা। অৰ্থাৎ চৰকাৰৰ কোনো কাৰ্যৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব পৰা যায়। আইনৰ সমান ৰক্ষণাবেক্ষণ (Equal protection of Law) সমানৰ মাজত সমান ব্যৱহাৰক বুজায়। ইয়াৰ অৰ্থ হৈছে যে একে পৰিস্থিতিত সমান সা-সুবিধা প্ৰদান কৰা। উদাহৰণস্বৰূপে –আয় কৰ (Income Tax) সকলো লোকে প্ৰদান কৰিব নালাৰে। এক নিৰ্দিষ্ট উপাৰ্জনৰ সীমাৰ উৰ্দ্ধৰ লোকসকলেহে এই আয় কৰ ভৰিব লাগে। দুজন সমান আয়ৰ লোকে সমান আয় কৰ দিব লাগে। এই ব্যৱস্থাৰ দ্বাৰা চৰকাৰে দুৰ্বল শ্ৰেণীৰ লোকক একে বন্ধনীৰ মাজত কিছুমান বিশেষ সা-সুবিধা প্ৰদান কৰিব পাৰে। ১৫ নং অনুচ্ছেদ অনুসৰি জাতি, ধর্ম, লিংগ, বৰ্ণ আৰু জন্মৰ স্থান আদিৰ ভিত্তিত কোনো নাগৰিককে দোকান, হোটেল, চিনেমাগৃহ আদিত প্ৰৱেশ কৰা আৰু নাদ-পুখুৰী, গা ধোৱা ঘাট, ৰাস্তা আদি ব্যৱহাৰ কৰিবলৈ নিদিয়াকৈ থাকিব নোৱাৰিব। চৰকাৰী সাহাৰ্যৰে নিৰ্মাণ কৰা জিৰণি চ’ৰা, নাইবা জন – কল্যাণৰ কাৰণে তৈয়াৰ কৰা ঠাই ব্যৱহাৰ কৰাৰ পৰা কোনো নাগৰিককে বঞ্চিত কৰিব নোৱাৰিব । যি কি নহওক, এই অনুচ্ছেদ অনুসৰি ল’ৰা-ছোৱালীৰ মহিলা, সামাজিকভাৱে আৰু শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ লোক, অনুসূচিত জাতি আৰু জনজাতি লোকৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ ১৬ নং অনুচ্ছেদ মতে, অৰ্হতাৰ ভিত্তিত চৰকাৰী চাকৰি লাভ কৰাৰ ক্ষেত্ৰত সকলো নাগৰিকৰে সমান অধিকাৰ আছে ।

অৱশ্যে কিছুমান চাকৰিৰ ক্ষেত্ৰত সংসদে বাসস্থান সম্পৰ্কীয় অৰ্হতা নিৰ্ধাৰণ কৰি দিব পাৰে। সেইদৰে অনগ্ৰসৰ শ্ৰেণীৰ লোকৰ উপযুক্ত সুবিধা প্ৰদানৰ বাবে ৰাষ্ট্ৰই কিছু চাকৰি তেওঁলোকৰ বাবে সংৰক্ষিত কৰি ৰাখিব পাৰে। ১৭ নং অনুচ্ছেদে অস্পৃশ্যতা দূৰীকৰণৰ ব্যৱস্থা কৰিছে। অস্পৃশ্যতাক প্ৰশয় দিয়াটো অপৰাধ বুলি গণ্য কৰি তেনে কাৰ্য কৰাজনক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। ১৯৫৫ চনৰ অস্পৃশ্যতা বর্জন আইনে এনে প্রথা চলাই থকা লোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা কৰিছে। এই অনুচ্ছেদে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ।

১৮ নং অনুচ্ছেদ মতে, চৰকাৰে সামৰিক আৰু শিক্ষা সম্পৰ্কীয় উপাধিৰ বাবে অন্য কোনো উপাধি কোনো লোককে প্রদান কৰিব নোৱাৰে। সামাজিক সমতাত বাধা প্ৰদান কৰিব বুলি এই ব্যৱস্থা কৰা হৈছিল। অৱশ্যে এই অনুচ্ছেদে বিশ্ববিদ্যালয়ক ডিগ্ৰী প্ৰদান কৰাত বাধা দিয়া নাই। সেইদৰে দেশৰ কাৰণে বিশিষ্ট সেৱা আগবঢ়োৱা লোকক ভাৰত চৰকাৰে পদ্মশ্রী, পদ্মভূষণ আদি উপাধি দিয়াৰ ব্যৱস্থা কৰিছে। অৱশ্যে এই সম্মানবিলাক এজন ব্যক্তিৰ উপাধিৰ পাছত ব্যৱহাৰ কৰিব নোৱাৰি। ১৯৫৪ চনত সৃষ্টি কৰা ভাৰত-ৰত্ন, পদ্ম বিভূষণ, পদ্মশ্ৰী আদি পুৰস্কাৰ সমূহে সামাজিক সমতা ব্যাহত কৰিছে বুলি বিভিন্ন সময়ত সমালোচনা হৈছে।

ওপৰত উল্লেখ কৰা অধিকাৰসমূহৰ মুখ্য উদ্দেশ্য হৈছে সমতাৰ নিশ্চয়তা প্রদান কৰা। প্রকৃত অৰ্থত, সমতা লাভ কৰিবলৈ হ’লে অর্থনৈতিক সমতাৰ সুযোগ লাভ কৰিব লাগিব। কিন্তু অৰ্থত, সমতা লাভ কৰিবলৈ হ’লে অর্থনৈতিক সমতাৰ সুযোগ লাভ কৰিব লাগিব। কিন্তু উপৰোক্ত অধিকাৰসমূহৰ এটাও অর্থনৈতিক সমতা লাভ কৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। কাৰণ কাম কৰাৰ অধিকাৰ, উপযুক্ত পৰিমাণৰ নিম্নতম দৰ্মহা আদিৰ বিষয়ে ইয়াত কোনো উল্লেখ নাই। সেয়ে ভাৰতত এতিয়াও ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান প্রকট ৰূপত প্ৰতিফলিত হোৱা দেখা যায়। গতিকে ক’ব পৰা যায় যে যেতিয়ালৈকে নিম্নতম আৱশ্যকীয় মঞ্জুৰী আৰু কাম কৰাৰ অধিকাৰক নিশ্চিত কৰা নাযায় তেতিয়ালৈকে ভাৰতৰ সমাজবাদী ৰাষ্ট্ৰৰ সপোন বাস্তৱত পৰিণত নহয় ।

(২) স্বাধীনতাৰ অধিকাৰ (Right to Freedom) : আমাৰ সংবিধানে প্ৰদান কৰা আনএটা মৌলিক অধিকাৰ হৈছে স্বাধীনতাৰ আধিকাৰ। সংবিধানৰ ১৯ নং অনুচ্ছেদৰ পৰা ২২ নং অনুচ্ছেদলৈকে এই অধিকাৰক সামৰি লৈছে। ১৯ নং অনুচ্ছেদৰ জৰিয়তে নাগৰিকক স্বাধীনতা আৰু ভাৱ প্ৰকাশৰ স্বাধীনতা প্রদান কৰা হৈছে। অৱশ্যে ১৯৫১ চনৰ প্ৰথম সংবিধান সংশোধনীৰ জৰিয়তে ৰাষ্ট্ৰৰ সুৰক্ষা, বিদেশী ৰাষ্ট্ৰৰ সৈতে বন্ধুত্ব স্থাপন কৰা, শান্তি-শৃংখলা অটুট ৰখা, দেশৰ সংহতি ৰক্ষা কৰা আদিৰ ক্ষেত্ৰত এই অধিকাৰে বাধা প্ৰদান কৰিলে ন্যায়সংগত বাধা নিষেধ আৰোপ কৰাৰ বাবে সংসদক কতৃত্ব দিয়া হৈছে। অস্ত্র-শস্ত্ৰ নোলোৱাকৈ সমবেত হোৱা, সংঘ বা পৰিষদ আদি গঠন কৰাৰ বাবেও এই অনুচ্ছেদে নাগৰিকক অধিকাৰ প্ৰদান কৰিছে। সেইদৰে এজন নাগৰিকক দেশৰ চাৰিওফালে মুক্তভাবে চলা-ফুৰা কৰা, সম্পত্তি অধিগ্রহণ কৰা, হস্তান্তৰ কৰা আদি অধিকাৰো প্ৰদান কৰিছে।

এই ক্ষেত্ৰতো অৱশ্যে ৰাজহুৱা স্বার্থ আৰু অনুসূচীত জাতি আৰু অনুসূচিত জনজাতি লোকসকলৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰই বাধা-নিষেধ আৰোপ কৰিব পাৰে। ইয়াৰ উপৰিও এই অনুচ্ছেদে। সকলো নাগৰিককে চাকৰি বা ব্যৱসায়-বাণিজ্য চলাই যোৱাৰ অধিকাৰ প্ৰদান কৰিছে। এই ক্ষেত্ৰতো চৰকাৰে আৱশ্যক অনুসৰি বাধা-নিষেধ। আৰোপ কৰিব পাৰে।

২০ নং অনুচ্ছেদে জনসাধাৰণৰ কিছুমান বিষয়ত ৰক্ষণাবেক্ষণ দিছে। এই অনুচ্ছেদ মতে, কোনো লোককআইনভংগ কৰাৰ বাহিৰে আন কোনো কাৰণত আটক কৰিব নোৱাৰা আঁইন অমান্য কৰাৰ সময়ত যি শাস্তিৰ ব্যৱস্থা আছে তাতকৈ অধিক শাস্তি প্রদান কৰিব নোৱাৰা, কোনো লোককে একে দোষত দুবাৰ বা ততোধিক শাস্তি প্রদান কৰিব নোৱৰা আৰু কোনো লোককে নিজৰ বিৰুদ্ধে সাক্ষ্যদান কৰিবলৈ বাধ্য কৰিব নোৱাবাৰ ব্যৱস্থা আছে।

২১ নং অনুচ্ছেদে যধে-মধে আটক কৰাত বাধা দিছে। এই অনুচ্ছেদ উল্লেক আছে যে
(১) কোনো লোকক আটক কৰিলে সেই লোকজনক আটক কৰাৰ কাৰণ দর্শাব লাগিব,

(২) ২৪ ঘণ্টাৰ ভিতৰত তেওঁক ওচৰৰ বিচাৰকৰ সন্মুখত হাজিৰ কৰিব লাগিব আৰু তেওঁৰ অনুমতি সাপেক্ষেহে অধিককাল আটক কৰি ৰাখিব পাৰিব আৰু

(৩) তেওঁক নিজৰ ইচ্ছামতে কোনো অধিবক্তাৰ লগত পৰামৰ্শ কৰিবলৈ দিব লাগিব। এই সুবিধা অৱশ্যে শত্রুপক্ষৰ লোক বা বিদেশীলোক আৰু নিবাৰক নিৰোধ আইনৰ দ্বাৰা (Preventive Detention Act) আটক কৰা লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।

‘নিবাৰক নিৰোধ আইন’ (Preventive Detention Act) হ’ল কোনো লোকক অপৰাধমূলক কাম কৰাত বাধা দিবৰ বাবে বিনা বিচাৰে আটক কৰি ৰাকিব পৰা ব্যৱস্থা। অৰ্থাৎ চৰকাৰে যদি ভাবে যে এজন লোকে ভৱিষ্যতে অপৰাধমূলক কামত লিপ্ত হ’ব পাৰে তেন্তে তেনে সন্দেহৰ ওপৰত ভিত্তি কৰি তেওঁক আটক কৰিব পাৰে। যেতিয়া চৰকাৰৰ হাতত এজন ব্যক্তিৰ বিরুদ্ধে তেওঁক বিচাৰ কৰি শাস্তি দিব পৰাকৈ যথেষ্ট সাক্ষ্য প্রমাণ নাথাকে। অথচ আটক কৰি নাৰাখিলে তেওঁ অপৰাধমূলক কামত লিপ্ত হোৱাৰ সম্ভাৱনা
থাকে তেনে ক্ষেত্ৰত নিবাৰক নিবোধ আইনৰ সহায়ত তেওঁক আটক কৰি ৰাখিব পাৰে। এনেদৰে আটক কৰিব পৰা সাংবিধানিক ব্যবস্তা কেইটা হৈছে—
দেশৰ প্ৰতিৰক্ষাৰ স্বাৰ্থ, বৈদেশিক সম্পর্ক উন্নত কৰা, ৰাজহুৱা আইন শৃংখলা অটুট ৰখা আৰু সমাজৰ কাৰণে অপৰিহাৰ্য যোগান আৰু সেৱাসমূহ অব্যাহত ৰখা । অৱশ্যে এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা লোকক তিনিমাহতকৈ অধিক কাল কিনা বিচাৰে বন্দী ৰাখিব নোৱাৰে। তিনিমাহতকৈ বেছি দিন আটক কৰি ৰাখিবলৈ হ’লে উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হ’বৰ যোগ্যতা থকা ব্যক্তিক লৈ গঠিত উপদেষ্টা পৰিষদৰ অনুমোদন লাগিব। সংসদে উপদেষ্টা পৰিষদক বিভিন্ন সময়ত দিহা পৰামৰ্শ দিব পাৰে। এই নিবাৰক নিৰোধ আইনখন ১৯৫০ চনৰ পৰা ১৯৬৯ চনলৈকেক কাৰ্যকৰী কৰা হৈছিল।

এই আইনখন ৰদ কৰাৰ পাছত ১৯৭১ চনত একে উদ্দেশ্যৰে পুনৰ এখন আইন প্ৰৱৰ্তন কৰা হ’ল। এইআইনখনৰ নাম দিয়া হৈছিল— আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষা আইন (Main- tenance of Internal Security Act) চমুকৈ এই আইনখনক মিছা (MISA) বুলি কোৱা হয়। সেইদৰে অৰ্থনৈতিক অপৰাধ ৰোধ কৰিবৰ বাবেও আইন প্রণয়ন কৰা হ’ল। এই আইনবিলাকৰ ব্যৱস্থাৱলী নিবাৰক নিৰোধ আইনতকৈও কঠোৰ ধৰণৰ বুলি ক’ব পাৰি। নিষ্ঠু আইনত গ্ৰেপ্তাৰ কৰা লোকক কোনো কাৰণ দর্শাব নালাগেন অনির্দিষ্ট কালৰ কাৰণে আটক কৰি ৰাখিব পাৰে আৰু আদালতত নিবেদন কৰাৰো ব্যৱস্থা নাছিল। ১৯৭৫-৭৬ চনৰ জৰুৰীকালীন সময়ছোৱাত এই আইনবিলাকৰ অপপ্রয়োগ কৰা হৈছিল। এই আইনৰ অধীনক কোনো বাচ বিচাৰ নোহোৱাকৈ চৰকাৰৰ ৰাজনৈতিক প্রতিদ্বন্দ্বীকে ধৰি মুঠ প্রায় ১,৭৫,০০০ লোকক গ্রেপ্তাপ কৰা হৈছিল। এনে ধৰণৰ ব্যৱস্থা আমেৰিকা, ইংলেণ্ড আদি কোনো গণতান্ত্রিক দেশতে নাই বুলি ক’ব পাৰি।

প্ৰশ্ন: লিখিত সংবিধান কি?

Ans: যিখন ৰাষ্ট্ৰৰ শাসন কার্য পৰিচালনা, আইন কানুন সম্বন্ধীয় সকলো বিধি বিধান লিখিত ৰূপত থাকে তাক লিখিত সংবিধান বোলে৷

প্ৰশ্ন: মৌলিক অধিকাৰবোৰ সংশোধন কৰিব পাৰিনে?

Ans: হয়, সংশোধন কৰিব পাৰি।

প্ৰশ্ন: প্ৰস্তাৱনা ন্যায়যোগ্য নেকি ?

Ans: হয়।

প্ৰশ্ন: মৌলিক অধিকাৰবোৰ নিৰপেক্ষ নেকি ?

Ans: নহয়।

প্ৰশ্ন: ভাৰতীয় সংবিধানৰ কোনটো অংশই মৌলিক অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰে?

Ans: তৃতীয় অধ্যায়।

Leave a Comment