ঔপনিৱেশবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ – বুৰঞ্জী দশম শ্ৰেণীৰ (ঐচ্ছিক)

ঔপনিৱেশবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ Class 10 | ঔপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ | বুৰঞ্জী প্রথম অধ্যায় | Class 10 History Chapter 1 Assamese Medium | Class 10 Elective History | দশম শ্ৰেণীৰ বুৰঞ্জী (ঐচ্ছিক) |

বিষয় বুৰঞ্জী (ঐচ্ছিক)
কিতাপৰ নামদশম শ্ৰেণীৰ বুৰঞ্জী
পাঠৰ নামঔপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ
শ্ৰেণী দশম
বিষয়ৰ ধৰণ(ঐচ্ছিক) Elective History
অধ্যায় প্রথম অধ্যায়
পাঠ্যক্ৰমছেবা (SEBA)

ঔপনিৱেশবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ Class 10

প্রশ্নমালা

১। অতি চমু উত্তৰ দিয়া :
তলত দিয়া ঘটনাবোৰৰ চন-তাৰিখ উল্লেখ কৰা।
(ক) আমেৰিকাৰ স্বাধীনতা ৰণ?
উত্তৰ : ১৭৮৩ চন।

(খ) স্পেইনৰ দ্বাৰা পেৰু দখল?
উত্তৰ : ১৫৬৫ চন।

(গ) স্পেইনীয় নৌবহৰৰ পৰাজয়?
উত্তৰ : ১৫৮৮ চন।

(ঘ) ওলণ্ডাজ-ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গঠন?
উত্তৰ : ১৬০২ চন।

(ঙ) ফ্রেন্স-ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গঠন?
উত্তৰ : ১৬৬৪ চন।

(চ) ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন?
উত্তৰ : ১৬০০ চন।

(ছ) ছুৱেজ খাল মুকলি কৰা সময়?
উত্তৰ : ১৮৬৯ চন।

(জ) পানামা খাল মুকলি কৰা সময়?
উত্তৰ : ১৯১৪ চন।

২। তলত উল্লেখ কৰা ঘটনাসমূহৰ সৈতে জড়িত ব্যক্তিসকলৰ নাম উল্লেখ কৰা :

(ক) ইউৰোপৰ পৰা ভাৰতবৰ্ষলৈ সামুদ্রিক পথৰ আৱিষ্কাৰক?
উত্তৰ : বাথোলোমি জিয়াজ।

(খ) পশ্চিম ভাৰতীয় দ্বীপপুঞ্জলৈ সামুদ্রিক পথৰ আৱিষ্কাৰক?
উত্তৰ : ভাস্কো-ডা-গামা।

(গ) চলচ্চিত্ৰৰ আৱিষ্কাৰক?
উত্তৰ : টমাছ আলভা এডিছন আৰু জৰ্জ ইষ্টমেন।

(ঘ) টেলিফোনৰ আৱিষ্কাৰক?
উত্তৰ : গ্রাহাম বেল।

(ঙ) ষ্টেণ্ডার্ড অইল কোম্পানীৰ প্ৰতিষ্ঠাতা?
উত্তৰ : ৰকফেলাৰ।

(চ) কিউবাৰ বিপ্লৱৰ নেতা?
উত্তৰ : ফিডেল কেষ্টো।

(ছ) অস্ট্রেলিয়া কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ : কেপ্তেইন কুক।

(জ) তাছমানিয়াৰ আৱিষ্কাৰক ?
উত্তৰ : কেপ্তেইন কুক।

ঔপনিৱেশবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ Class 10

লগতে পঢ়ক:   ভাৰতৰ বৈদেশিক নীতি Class 10 – বুৰঞ্জী (ঐচ্ছিক) দশম শ্ৰেণীৰ

৩। চমু উত্তৰ দিয়া :

১। ঔপনিৱেশবাদ কি?
উত্তৰ : এখন দেশৰ একাংশ লোকে জীৱন জীৱিকাৰ সন্ধানত প্ৰৱজনৰ জৰিয়তে আন এখন দেশলৈ গৈ তাত অস্থায়ীকৈ বসবাস কৰাকে ঔপনিৱেশবাদ বোলা হয়।

২। সাম্রাজ্যবাদ কি?
উত্তৰ : সম্রাটৰ অধীনত থকা অঞ্চলক সাম্রাজ্য বোলা হয়। আনহাতে আন দেশ জয় কৰি তাত নিজ দেশৰ নিয়ন্ত্ৰণ স্থাপন কৰি সেই দেশৰ সম্পদ চলে- বলে-কৌশলে আহৰণ কৰি নিজ দেশক চহকী কৰা ব্যৱস্থাকে সাম্রাজ্যবাদ বোলা হয়।

৩। পুঁজিবাদ কি?
উত্তৰ : শিল্প বিপ্লৱৰ ফলত সৃষ্টি হোৱা অর্থনৈতিক পৰিৱৰ্তনকে পুঁজিবাদ বোলা হয়। ইয়াৰ ফলত নিজ দেশত উৎপাদিত সামগ্ৰীসমূহ অধিক দামত বিক্ৰী কৰিবৰ বাবে বজাৰ সৃষ্টি হয়। পুঁজিবাদে সাম্ৰাজ্যবাদৰ দুৱাৰ মুকলি কৰে।

৪। কনষ্টান্টিনোপলৰ পতনৰ তাৎক্ষণিক পৰিণতি কি আছিল?
উত্তৰ : ১৪৫৩ চনত কনষ্টাণ্টিনোপলৰ পতনৰ লগে লগে বাইজাইনটাইন সাম্ৰাজ্যৰ পতন ঘটে আৰু মধ্যযুগৰ অন্ত পৰি আধুনিক যুগ আৰম্ভ হয়। ফলত তুর্কীসকলৰ অটোমেন সাম্ৰাজ্যৰ সৃষ্টি হয় আৰু বাণিজ্যিক সম্পর্ক বৃদ্ধি পায়।

Class 10 History Chapter 1 Assamese Medium

৫। সংক্ষেপতে উত্তৰ দিয়া :
(ক) স্পেইনে ফিনিপাইন কেতিয়া দখল কৰিছিল?

উত্তৰ : ১৫৬৫ চনত।

(খ) এগৰাকী সুদক্ষ নাৱিক হিচাপে কলম্বাছৰ জীৱনৰ অন্যতম উচ্চাংকাংক্ষা কি আছিল?
উত্তৰ : ভাৰতবৰ্ষ আৱিষ্কাৰ কৰাটো।

(গ) নতুন পৃথিৱী কোন দেশক বোলা হৈছিল?
উত্তৰ : পাটাগোনিয়া অৰ্থাৎ বৰ্তমানৰ আৰ্জেণ্টিনাক নতুন পৃথিৱী বোলা হৈছিল।

(ঘ) অৱ ট্রেড কি আছিল?
উত্তৰ : ১৫০৪ চনত স্পেইনৰ সম্রাটে গঠন কৰা এক সংঘৰ নাম আছিল হাউচ অৱ ট্রেড।

ঔপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ

ৰচনাধৰ্মী প্রশ্ন :

১। ঔপনিৱেশিকতাবাদৰ উৎপত্তিৰ কাৰকসমূহ উল্লেখ কৰা।
উত্তৰ : এখন দেশৰ একাংশ লোকে জীৱন জীৱিকাৰ সন্ধানত প্ৰৱজনৰ জৰিয়তে আন এখন দেশলৈ গৈ অস্থায়ীভাৱে বসবাস কৰে। যিখন দেশত তেওঁলোকে নতুনকৈ বসবাস কৰে সেইখন দেশকে উপনিৱেশ বোলা হয়। অর্থনৈতিক, সামাজিক, ৰাজনৈতিক আদি কাৰকে ঔপৱিৱেশিকতাবাদৰ সৃষ্টিত বিশেষভাৱে অৰিহণা যোগায়। উপনিৱেশবোৰত প্ৰৱজনকাৰীসকলে নিজৰ আৰু নিজ দেশৰ স্বাৰ্থত তাৰ প্ৰাকৃতিক সম্পদ, উৎপাদিত সম্পদ, মানৱ সম্পদ, তাৰ অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলোতে নিজৰ অধিকাৰ সাব্যস্ত কৰে। ফলত পূৰ্বৰ বাসিন্দাসকলৰ স্বাৰ্থ অৱহেলিত হৈ পৰে। প্ৰৱজনকাৰীসকলে নিজ দেশৰ স্বাৰ্থত উপনিৱেশত এক নীতিগত আৰু পদ্ধতিগত নিয়ন্ত্রণ জাপি দিয়ে।

লগতে পঢ়ক:   প্রথম বিশ্বযুদ্ধ Class 10 – ঐচ্ছিক বুৰঞ্জী দ্বিতীয় অধ্যায়

১৪৫৩ কনষ্টান্টিনোপলৰ পতনৰ লগে লগেমধ্যযুগৰ অন্ত পৰে আৰু উপনিৱেশিকতাবাদৰ জন্ম হয়। ইউৰোপৰ ইংলেণ্ড, ফ্রান্স, হলেণ্ড, পর্তুগাল স্পেইন আদি দেশে শিল্প বিপ্লৱৰ পিছতে জন্মা পুঁজিবাদে এছিয়া, আফ্রিকা আদি মহাদেশত উপনিৱেশ স্থাপন কৰে। দেখা যায় উল্লিখিত যিবোৰ দেশে বিশ্বত উপনিৱেশ স্থাপন কৰিছিল সেইবোৰ দেশৰ অর্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক কাৰকসমূহেগুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মন্তব্যত ক’ব পাৰি উল্লিখিত কাৰক কেইটাই ঔপনিৱেশিকতাবাদৰ উৎপত্তিৰ ভেটি।

২। সাম্ৰাজ্যবাদৰ উৎপত্তিৰ কাৰকসমূহ উল্লেখ কৰা।
উত্তৰ : দেশ জয় কৰি তাত নিজ দেশৰ নিয়ন্ত্রণ সাব্যস্ত কৰি সেই দেশৰ সম্পদসমূহ চলে, বলে, কৌশলে আহৰণ কৰা ৰাজনৈতিক প্রক্রিয়াটোকে সাম্রাজ্যবাদ বোলা হয়। পুঁজিবাদৰ বিকাশৰ ফলতে সাম্ৰাজ্যবাদৰ জন্ম। সাম্রাজ্যবাদ আৰু ঔপনিৱেশবাদৰ উৎপত্তিৰ কাৰকসমূহ সম্পর্কিত। সাম্রাজ্যবাদৰ কাৰক ৰাজনৈতিকতকৈ বেছি অর্থনৈতিকহে। অধীন দেশবোৰত অর্থনৈতিক শোষণৰ স্বাৰ্থত সাম্ৰাজ্যবাদে ৰাজনৈতিক চল-চাতুৰি প্ৰয়োগ কৰে। সাম্ৰাজ্যবাদৰ মূল চালিকা শক্তিয়েই হ’ল অধীন দেশবোৰৰ বজাৰ দখল, তাৰ কেঁচামাল সংগ্রহ, অধিক লাভৰ বাবে নিজ দেশৰ উৎপাদিত সামগ্ৰীৰ বিক্রী। ইউৰোপৰ যিবোৰ দেশে এছিয়া আৰু আফ্ৰিকাত উপনিৱেশ স্থাপন কৰিছিল সেইবোৰ দেশ উপনিৱেশবোৰৰ সম্পদ লুণ্ঠনৰ ফলত বিশ্বত ধনী দেশ ৰূপে পৰিগণিত হৈছিল। সেইবোৰ দেশে কেৱল লুণ্ঠনতে সন্তুষ্ট নাথাকি উপনিৱেশবোৰত নিজকে শ্রেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা কৰিছিল।

ঔপনিৱেশবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ

৩৷ পৰ্টুগালৰ নেতৃত্বত সংঘটিত হোৱা ভৌগলিক আৱিষ্কাৰসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰ : আটলান্টিক মহাসাগৰৰ পাৰৰ পশ্চিম ইউৰোপৰ পৰ্টুগাল নামৰ দেশখন ভৌগলিক আৱিষ্কাৰৰ ক্ষেত্ৰত বাটকটীয়া। পৰৱৰ্তীকালত পটুগালৰ নেতৃত্বত ইউৰোপৰ বহুদেশে নতুন নতুন দেশ আৱিষ্কাৰ কৰে। ১৪১৫ চনত আফ্ৰিকাৰ উপকূল অঞ্চলত পৰ্টুগালৰ দ্বাৰা ছেউতা বিজয়ে ভৌগলিক আৱিষ্কাৰৰ পাতনি মেলে।

১৪৮১ চনত পৰ্টুগালৰ নৌ অভিযানৰ ফলত আফ্ৰিকাৰ গুইনা অঞ্চল দখললৈ আহে। ১৪৮১ চনত বাৰ্থলোমিও ভিয়াজে আফ্ৰিকাৰ দক্ষিণৰ ‘ধুমুহাৰ অন্তৰীপ’ আৱিষ্কাৰ কৰি ভৌগলিক আৱিষ্কাৰৰ ইতিহাসত এক যুগান্তকাৰী চাঞ্চল্যৰ সৃষ্টি কৰে। সমুদ্র পথেদি ভাৰতলৈ অহাৰ পথ সুগম হোৱাৰ ইচ্ছা পূৰণ হোৱাত পৰ্টুগালৰ ৰজা দ্বিতীয় জোৱাওৱে উক্ত অন্তৰীপটোৰ নাম ‘উত্তমাশা অন্তৰীপ’ দিয়ে।

১৪৯৭ চনত ৰজা মানুৱেলৰ নিৰ্দেশত পর্তুগীজ নাৱিক ভাস্কো-ডা-গামাই উত্তমাশা অন্তৰীপ হৈ ভাৰত মহাসাগৰেদি আহি ১৪৯৮ চনৰ ১৭ মে’ তাৰিখে ভাৰতৰ মালৱাৰ উপকূলৰ কালিকটত উপস্থিত হয়হি। ফলত ইউৰোপৰ পৰা ভাৰতবৰ্ষলৈ অহাৰ সামুদ্রিক পথৰ সন্ধান ওলাল। ১৫০০ চনত কেব্ৰালৰ নেতৃত্বত পৰ্টুগীজ নাৱিক, সদাগৰসকলে কোচিনত বাণিজ্য ঘাটি স্থাপন কৰে।

লগতে পঢ়ক:   প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯)

১৫০৩ চনত আলবুকাৰ্কৰ নেতৃত্বত পৰ্টুগীজসকলে তাত এটা নৌ ঘাটিও স্থাপন কৰে। ১৫০৭-১৫০৮ চনত লোহিত আৰু পাৰস্য
উপসাগৰৰ ছাকোত্ৰা আৰু অৰমুজত সামৰিক কোঠ মাৰি পৰ্টুগালৰ নেতৃত্ব দৃঢ় কৰে। ১৫০৯ চনত ভাৰতবৰ্ষৰ ডিউ, ১৫১০ চনত গোৱা আৰু ১৫১১ চনত মালাক্কা আৰু মালয় দখল কৰে। প্ৰথম এশ বছৰ মানলৈ প্ৰাচ্যত, পর্তুগীজসকলৰ কোনো ইউৰোপীয় প্রতিদ্বন্দ্বী
নাছিল। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ গোৱা, দমন আৰু ডিউ ১৯৬০ চনলৈকে পৰ্টুগীজসকলৰ উপনিৱেশ, আছিল।

 ৪। মধ্য আৰু লেটিন আমেৰিকাত আমেৰিকা যুক্তৰাষ্ট্ৰ কেনেকৈ এক ঔপনিৱেশিক শক্তিলৈ উন্নীত হৈছিল আলোচনা কৰা।
উত্তৰ : ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশৰ প্ৰক্ৰিয়াটো এক নিৰৱচ্ছিন্ন ঐতিহাসিক প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াত পূৰ্বৰ উপনিৱেশ পিছত নিজেই সাম্রাজ্যবাদী শক্তিত পৰিণত হোৱা দেখা যায়। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথাকে ক’ব পাৰি।১৭৭৫-১৭৮৩ চনত আমেৰিকাস্থিত ইংৰাজৰ ১৩ খন উপনিৱেশে বৃটেইনৰ বিৰুদ্ধে স্বাধীনতা যুদ্ধ কৰি সফলতা লাভ কৰে। এই সফলতাৰ প্ৰেৰণাত ১৮২০ চনলৈকে স্পেইন আৰু পৰ্টুগালৰ আমেৰিকাত থকা উপনিৱেশসমূহেও স্বাধীন ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠে। ১৮৪৮ চনত মেক্সিকো জয় কৰি যুক্তৰাষ্ট্ৰই পশ্চিম প্রশান্ত মহাসাগৰৰ উপকূল অঞ্চলতো নিজৰ ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰে। নতুন নতুন আৱিষ্কাৰ আৰু দ্রুত শিল্পায়নৰ যোগেদি আমেৰিকা যুক্তৰাষ্ট্ৰই নিজকে অর্থনৈতিকভাৱে সবল কৰি তোলে। শক্তিশালী পুঁজিবাদী আৰু সামৰিক ৰাষ্ট্ৰ আমেৰিকাই মধ্য আৰু দক্ষিণ আমেৰিকাৰ লগতে বিশ্বৰ আন দেশতো সামৰিক শক্তি প্রয়োগ কৰিবলৈ সমৰ্থ হৈ উঠে। কিউবা, ছাণ্টিয়াগো, ফিলিপাইন দ্বীপপুঞ্জ, গোৱাম, নিকাৰাগুৱা, হেইটী, মেক্সিকো, পানামা আদি অধিকাৰ কৰি আমেৰিকাই সাম্রাজ্যবাদীশক্তিৰূপে প্ৰতিষ্ঠা কৰে। এইদৰেই মধ্য আৰু লেটিন আমেৰিকাত আমেৰিকা যুক্তৰাষ্ট্ৰই ঔপনিৱেশিক শক্তিলৈ উন্নীত হৈছিল।

প্রশ্ন: ঔপনিৱেশবাদ কি?

উত্তৰ : এখন দেশৰ একাংশ লোকে জীৱন জীৱিকাৰ সন্ধানত প্ৰৱজনৰ জৰিয়তে আন এখন দেশলৈ গৈ তাত অস্থায়ীকৈ বসবাস কৰাকে ঔপনিৱেশবাদ বোলা হয়।

প্রশ্ন: সাম্রাজ্যবাদ কি?

উত্তৰ : সম্রাটৰ অধীনত থকা অঞ্চলক সাম্রাজ্য বোলা হয়। আনহাতে আন দেশ জয় কৰি তাত নিজ দেশৰ নিয়ন্ত্ৰণ স্থাপন কৰি সেই দেশৰ সম্পদ চলে- বলে-কৌশলে আহৰণ কৰি নিজ দেশক চহকী কৰা ব্যৱস্থাকে সাম্রাজ্যবাদ বোলা হয়।

প্রশ্ন: নতুন পৃথিৱী কোন দেশক বোলা হৈছিল?

উত্তৰ : পাটাগোনিয়া অৰ্থাৎ বৰ্তমানৰ আৰ্জেণ্টিনাক নতুন পৃথিৱী বোলা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top