উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ : এক পৰ্য্যালোচনা Class 12

উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ : এক পৰ্য্যালোচনা Class 12 |  HS 2nd Year Economics Chapter 3 question Answer – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান | Class 12 Economics Part 2 Chapter 3 Assamese Medium দ্বাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান তৃতীয় অধ্যায়

বিষয় অৰ্থনীতি বিজ্ঞান দ্বাদশ শ্ৰেণীৰ
দ্বিতীয় অধ্যায়উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ : এক পৰ্য্যালোচনা
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
অংশ 2
অধ্যায়তৃতীয় অধ্যায়
শ্ৰেণী দ্বাদশ শ্ৰেণী অর্থনীতি বিজ্ঞান
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ : এক পৰ্য্যালোচনা

(ক) অতি চমু প্রশ্ন উত্তৰ :

১। ভাৰতত অৰ্থনৈতিক পুনগঠন বা অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হেছিল?
উত্তৰ: 1991 চনত ।

২। উদাৰীকৰণ বুলিলে কি বুজা?
উত্তৰঃ ভাৰতীয় অর্থনীতিক বিশ্বৰ অৰ্থনীতিৰ লগত সংহতিপূৰ্ণ কৰি তুলিবলৈ ইয়াৰ ওপৰত থকা যাৱতীয় ধৰণৰ নিয়ন্ত্ৰণ প্ৰত্যাহাৰেই হৈছে উদাৰীকৰণ। অপ্রয়োজনীয় প্রশাসনিক নিয়ন্ত্ৰণৰ পৰা ভাৰতৰ ঔদ্যোগিক অর্থনীতিক মুক্ত কৰা, প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ পথত থকা বাধা সমূহকে দূৰ কৰা আৰু লোকচান মুখী ৰাজহুৱা সংস্থা সমূহৰ ওপৰত থকা বিত্তীয় হেচাঁক নাইকিয়া কৰা আছিল উদাৰীকৰণ বাবে নিতান্ত প্রয়োজনীয়।

৩। গোলকীকৰণ বা বিশ্বায়ন কি?
উত্তৰ: অর্থনীতিক বিশ্বমুখী কৰি তোলায়েই হৈছে বিশ্বায়ন। বিশ্বৰ বিভিন্ন দেশৰ মাজত অনিয়ন্ত্রিতভাৱে বস্ত্ৰ সামগ্রী, সেৱা, মূলধন, শ্ৰম তথা প্ৰযুক্তিৰ আদান-প্ৰদানৰ মাধ্যমত সিহঁতৰ অর্থনীতি সমূহক সংহতপূৰ্ণ কৰি তোলাৰ প্ৰক্ৰিয়াই হৈছে গোলকীকৰণ।

8। ব্যক্তিগতকৰণ কি ?
উত্তৰঃ চৰকাৰী উদ্যোগত বে-চৰকাৰী খণ্ডই মালিকানা স্বত্ব অর্জন কৰাৰ প্ৰক্ৰিয়াই হৈছে উদ্যোগৰ ব্যক্তিগতকৰণ ।অৱশ্যে অধিকতৰ প্ৰশস্ত অৰ্থত ব্যক্তিগতকৰণক বে-চৰকাৰী খণ্ডৰ দ্বাৰা ৰাজহুৱা উদ্যোগৰ পৰিচালনা নিয়ন্ত্রণ ব্যৱস্থাকে বুজায়।

৫। নিৰ্বিনিয়োগৰ অৰ্থ কি ?
উত্তৰঃ ৰাজহুৱা উদ্যোগৰ পৰা চৰকাৰী ই কুইটি–শ্বেয়াৰ বিক্ৰীৰ মাধ্যমত ব্যক্তিগতখণ্ডলৈ মালিকানা স্বত্বৰ হস্তান্তৰ প্ৰক্ৰিয়াই হৈছে নিৰ্বিনিয়োগকৰণ।

৬। কিমান দেশ বিশ্ব বাণিজ্য সংস্থাৰ সদস্য ?
উত্তৰঃ 2001 চনলৈ 142 খন ৰাষ্ট্ৰ।

৭। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অতি গুৰুত্বপূৰ্ণ কাৰ্য কি?
উত্তৰঃ কাগজী নোট ছপা কৰা।

উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ

চমু আৰু দীঘল প্রশ্ন উত্তৰ :

১। অর্থনৈতিক সংস্কাৰ সংঘটিত কৰাৰ মুখ্য কাৰণ সমূহ কি কি?
উত্তৰ : (ক) অত্যাধিক ৰাজহ ঘাটি।
(খ) লেনদেনৰ উদ্বৃত্তৰ ঘাটি।
(গ) সামগ্ৰীৰ দৰ বৃদ্ধি ।
(ঘ) ৰাজহুৱা খণ্ডৰ উদ্যেগৰ দুৰ্বল প্ৰদৰ্শন।
(ঙ) অত্যাধিক নিয়ন্ত্রণ।

২। অর্থনৈতিক পুনগঠনৰ গুৰুত্বপূৰ্ণ এলেকা সমূহ কি কি?
উত্তৰ : (ক) অধিক হাৰে বৈদেশিক সম্পদ-বিনিয়োগ তথা প্রযুক্তি কৌশলৰ সদ্ ব্যৱহাৰ।
(খ) ৰাজহুৱা খণ্ডৰ কাৰ্য্যক্রম এলেকাৰ সংবৰ্দ্ধন তথা সংশোধন আৰু দক্ষতা বৃদ্ধি।
(গ) বিত্তীয় খণ্ডৰ পুনর্গঠন তথা আধুনিকীকৰণ।
(ঘ) উদ্যোগিক উৎপাদনত আন্তর্জাতিক প্রতিযোগিতাৰ সৃষ্টি।

৩। অর্থনৈতিক সংস্কাৰৰ মূল উদ্দেশ্য সমূহ কি কি ?
উত্তৰ: (ক) বিত্তীয় তথা মুদ্ৰাগত নীতিৰ পুনৰ্গঠন ।
(খ) বৈদেশিক বিনিয়োগ আৰু বৈদেশিক ব্যৱসায় নীতিৰ পুনর্গঠন।
(গ) অবিৰত বহনযোগ্য অর্থনৈতিক উন্নয়ন।
(ঘ) জ্ঞানভিত্তিক উদ্যোগক শক্তিশালী কৰি তোলা ।
(ঙ) পৰম্পৰাগত উদ্যোগ সমূহ সুদৃঢ় থথা আধুনিক কৰি তোলা।

8। অর্থনৈতিক সংস্কাৰৰ মূল বৈশিষ্ট্য সমূহ কি কি?
উত্তৰঃ (ক) অর্থনৈতিক উদাৰীকৰণ (Economic Libualisation)।
(খ) বিশ্বমুখী অর্থনীতি (Globalisation)।
(গ)ব্যক্তিগত কৰণ (Privatisation)।
(ঘ) নিৰ্বিনিয়োগ কৰণ (Disinvestment)।

৫। উদাৰীকৰণৰ দুটা সুবিধা লিখা।
উত্তৰ: (ক) উদ্যোগিক লাইচেন্স প্রত্যাহাৰ কৰা বাবে প্ৰশাসনীয় হাৰাশাস্তিৰ পৰা উদ্যোগপত্তি সমূহ মুক্ত হৈছে।
(খ) উদাৰীকৰণৰ ফলত ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ তথা জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ দ্ৰুত হৈছে।

৬। উদাৰীকৰণৰ দুটা অসুবিধা লিখা।
উত্তৰঃ (ক) উদাৰীকৰণৰ পিছত নিয়োগ সৃষ্টিৰ বৃদ্ধিৰ হাৰ কমি আহিছে।
(খ) অনা-নিয়ন্ত্রিত প্রতিযোগিতাই শেষ পর্যন্ত ডাঙৰ ডাঙৰ উদ্যোগপতি সমূহৰ একচেটিয়া ব্যৱসায়ৰ সৃষ্টি কৰিব পাৰে।

৭। গোলকীকৰণৰ দুটা সুবিধা লিখা।
উত্তৰ: (ক) গোলকীকৰণৰ ফলত ভাৰতলৈ প্ৰযুক্তি হস্তান্তৰ হ’বলৈ পাইছে।
(খ) গোলকীকৰণৰ ফলস্বৰূপে বস্তু সামগ্ৰীৰ ব্যৱসায় যথেষ্ঠ সম্প্ৰসাৰিত হৈছে।

৮। গোলকীকৰণৰ দুটা অসুবিধা লিখা।
উত্তৰঃ (ক) গোলকীকৰণৰ ফলত ভাৰতৰ নিয়োগ পৰিস্থিতিৰ অধিক অৱনতি হৈছে।
(খ) ইয়াৰ ফলস্বৰূপে উন্নতদেশ সমূহে, উন্নয়নশীল দেশ সমূহক যথেষ্ঠ পৰিমাণে শোষণ কৰিছে।

লগতে পঢ়ক:   মুদ্ৰা আৰু বেংক ব্যৱস্থা Class 12 Economics (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

৯। ব্যক্তিগতকৰণৰ দুটা সুবিধা লিখা।
উত্তৰ: (ক) উদ্যোগ সমূহৰ পৰিচালনাত ঔদ্যোগিক দক্ষতা যথেষ্ঠ পৰিমাণে বৃদ্ধি পাব।
(খ) অর্থনৈতিক সক্ষদৰ সম্পূৰ্ণ সুস্থ বিতৰণ নিশ্চিত হ’ব।

১০। ব্যক্তিগতকৰণৰ দুটা অসুবিধা লিখা।
উত্তৰ: (ক) গণতান্ত্রিক সমাজত শ্রমিকৰ স্বাৰ্থক উপেক্ষা কৰি উদ্যোগসমূহৰ ব্যক্তিগতকৰণৰ কেতিয়াও সম্ভৱ নহয়।
(খ) অতিশয় লোকচানমুখী ৰাজহুৱা উদ্যোগক ব্যক্তিগতকৰণ কৰাও সম্ভৱ নহয়।

১১৷ পূৰ্ণগঠন ভাৰতবৰ্ষত কিয় আৰম্ভ কৰা হৈছিল?
উত্তৰঃ ভাৰতত 1991 চনৰ আগলৈ, আমদানিৰ তুলনাত ৰপ্তানি বৃদ্ধি নোপোৱাত বিদেশী বিনিময়ৰ ভঁৰাল কমি আহে আৰু উচ্চ মুদ্ৰস্ফীতিৰ বাবে অর্থনীতিয়ে সমস্যাৰ সন্মুখীন হয়। ভাৰতবৰ্ষই 1991চনৰ বিত্তীয় সংকট আঁতৰাবলৈ আৰু বিশ্ববেংক তথা আন্তর্জাতিক হেঁচাৰ বাবে ইয়াৰ অৰ্থনৈতিক কৌশল সমূহ পৰিৱৰ্তন কৰিবলৈ পূর্ণগঠন আৰম্ভ হয়।

১২। ভাৰতীয় ৰিজাৰ্ভ বেংকে কেনেকৈ বাণিজ্যিক বেংকসমূহক নিয়ন্ত্ৰণ কৰে?
উত্তৰঃ ৰিজাৰ্ভ বেংকৰ নীতি আৰু বিধিৰ দ্বাৰা বাণিজ্যিক বেংকসমূহ নিয়ন্ত্রণ হয়। বাণিজ্যিক বেংকসমূহে কিমান পৰিমাণৰ মুদ্ৰা নিজৰ হাতত জমা ৰাখিব, সুতৰ হাৰ নিৰ্ধাৰণ, বিভিন্ন খণ্ডলৈ কেনেকুৱা প্ৰকাৰৰ ঋণ যোগান ধৰিব, সেয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে ঠিক কৰে।

১৩। টকাৰ অৱমূল্যয়ণ বুলিলে তুমি কি বুজা ?
উত্তৰ : মুদ্ৰাৰ মূল্যক কমাই দিয়াকে অৱমূল্যায়ণ বোলে। 1991 চনত লেন-দেনৰ ভাৰসম্যতাৰ সংকট দূৰ কৰাৰ বাবে বিদেশী মুদ্ৰাৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ মূল্য তৎকালীনভাৱে কমাই দিয়া বা হ্রাস কৰাকে টকাৰ অৱমূলায়ণ বুলি জনা যায়। টকাৰ অৱমূল্যায়ণনৰ ফলত বিদেশী বিনিময়ৰ ভাণ্ডাৰৰ আগমন বৃদ্ধি কৰে।

১৪। পার্থক্য নির্ণয় কৰা।
(ক) কৌশল সম্বন্ধীয় আৰু লঘু বিক্ৰী
(খ) দ্বিপাক্ষীক আৰু বহুপক্ষীয় বাণিজ্য
(গ) শুল্ক আৰু অনা শুল্ক প্রতিবন্ধকতা সমূহ
উত্তৰঃ (ক) কৌশল সম্বন্ধীয় আৰু লঘু বিক্ৰী :
কৌশল সম্বন্ধীয় বিক্ৰী হ’ল যিবিলাক প্রতিষ্ঠানে নিজৰ দক্ষতাৰে উন্নত ব্যৱসায়ৰ ভিতৰত প্রবেশ কৰিব পাৰে আৰু উদাৰীকতাৰে বিশ্ব পৰিবেশত বেছি দক্ষতাৰে প্ৰতিযোগিতা কৰিব পাৰে। আনহাতে লঘু বিক্ৰী হ’ল- পৰম্পৰাগত ভাৱে চলি অহা বিক্ৰী প্ৰক্ৰিয়া। ই কেৱল ক্ৰেতা আৰু বিক্ৰেতাৰ মাজতে সীমাবদ্ধ।

দ্বাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান তৃতীয় অধ্যায়

(খ) দ্বিপাক্ষীক আৰু বহুপক্ষীয় বাণিজ্য :
দ্বিপক্ষীয় বাণিজ্য হ’ল কেৱলমাত্ৰ দুখন দেশৰ মাজত গঢ় লৈ উঠা বাণিজ্য। আনহাতে বহুপঞ্জীক বাণিজ্য হ’ল দুখনতকৈ অধিক দেশৰ লগত চলা বাণিজ্য।

(গ) শুল্ক আৰু অনা শুল্ক প্রতিবন্ধকতা সমূহ :
শুল্ক হ’ল এক প্ৰকাৰৰ কৰ, য’ত সামগ্ৰীসমূহে কোনো এখন দেশৰ বাহিৰলৈ যাওঁতে বা দেশৰ ভিতৰলৈ সোমাওতে ইয়াক আৰোপ কৰা হয়। আনহাতে, অন্য শুল্ক প্রতিবন্ধকতা হ’ল কোনো এবিধ সামগ্রী আমদানী কৰোতে আৰোপ কৰা বাধা। অন্য শুল্ক প্রতিবন্ধকতা সমূহ হ’ল। প্ৰশাসনীয় ব্যৱস্থা যাক স্থানীয় বা ঘৰুৱা চৰকাৰৰ দ্বাৰা আৰোপ কৰা হয়।

১৫। শুল্ক কিয় আৰোপ কৰা হয় ?
উত্তৰঃ এখন দেশে শুল্ক আৰোপ কৰাৰ মুখ্য উদ্দেশ্য হ’ল – আমদানীৰ ওপৰত নিয়ন্ত্ৰণ ৰক্ষা কৰা আৰু দেশৰ ঘৰুৱা উদ্যোগ সমূহক বাহিৰা প্ৰতিযোগিতাৰ পৰা মুক্ত ৰখা।

১৬। সাংখ্যিক নিয়ন্ত্ৰণৰ অৰ্থ কি?
উত্তৰ : সাংখ্যিক নিয়ন্ত্ৰণ মানে হ’ল, ঘৰুৱা উদ্যোগৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমদানিৰ ক্ষেত্ৰত যি ‘কিছু সাংখ্যিক প্রতিবন্ধকতা আৰোপ কৰে।

১৭। যিবিলাক ৰাজহুৱা খণ্ডৰ অধীনৰ উদ্যোগে লাভ অৰ্জন কৰি আছে, সেই বিলাকক ব্যক্তিগতকৰণ কৰিব লাগে। তোমালোকে সেই মতক সমৰ্থন কৰানে? কিয় ?
উত্তৰ: নকৰো। কিয়নো ৰাজহুৱা খণ্ডৰ উদ্যোসমূহক সামান্য খৰচত গুণগত উৎপাদিত সামগ্রী সৰ্বসাধাৰণ ৰাইজক দিব পাৰে আৰু কোম্পানী সমূহৰ সকলো ষ্টক হলডাৰৰ (Stock Holder) ওচৰত দায়বদ্ধ থাকে, যিবিলাক ব্যক্তিগতকৰণৰ পিছত সম্ভৱ নহয়।

১৮। বৰ্হিসোঁত ভাৰতবৰ্ষৰ বাবে ভাল বুলি তোমালোকে ভাবানে? উন্নত দেশসমূহে ইয়াৰ বিৰোধিতা কৰিছে কিয়?
উত্তৰঃ বৰ্হিসোঁত ভাৰতবৰ্ষৰ বাবে ভাল বুলিয়ে ক’ব লাগিব। ভাৰতবর্ষ এখন জনবহুল দেশ আৰু ইয়াত জনসংখ্যা অধিক হোৱাৰ বাবে সস্তীয়া শ্রমিক অধিক। গতিকে বৰ্হিসোঁতৰ ফলত ভাৰতৰ অসীম জনসংখ্যাই উন্নত মজুৰিৰ সৈতে নিয়োগৰ সুবিধা পাব আৰু মানৱ শক্তিৰ বিকাশ সাধন সম্ভৱ হ’ব। উন্নত দেশ সমূহে ইয়াৰ বিৰোধিতা কৰিছে। কাৰণ, উন্নত দেশসমূহৰ বজাৰত উন্নয়নশীল দেশসমূহক সোমাবলৈ দিলে, তেওঁলোকৰ বাবে প্রতিযোগিতাৰ সৃষ্টি হ’ব আৰু ই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত অশুভ প্রভাৱ পেলাব।

লগতে পঢ়ক:   Class 12 Assamese Question Answer – দ্বাদশ শ্ৰেণীৰ (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অসমীয়া মাধ্যমৰ বাবে।

১৯। ভাৰতবৰ্ষৰ বৰ্হিসোঁতৰ উদ্দেশ্য পূৰণৰ বাবে কিছুমান লাগতীয়াল সুবিধা আছে। এই সবিধাসমূহ কি কি ?
উত্তৰঃ এই সুবিধাসমূহ হ’ল –
(a) ভাৰতবৰ্ষত মজুৰিৰ হাৰ কম।
(b) ভাৰতবৰ্ষত বুদ্ধিমান মানৱ শক্তিৰ পৰিমাণ কম হোৱাৰ বাবে, ইয়াক সহজে ব্যৱহাৰ কৰিব পাৰি।
(c) প্ৰচুৰ পৰিমাণৰ অব্যৱহৃত প্রাকৃতি সম্পদ।
(d) কেঁচা সামগ্ৰী সমূহ সহজ লভ্য।

২০। তোমালোকে ভাবানে, চৰকাৰৰ নৱৰত্ন কৌশলে ভাৰতৰ ৰাজহুৱা খণ্ডৰ অধীনত থকা উদ্যোগৰ উন্নয়নত সহায়ক হৈছে? কেনেকৈ?
উত্তৰঃ উন্নয়নত সহায়ক হৈছে। কিয়নো এই কৌশলৰ পিছত, প্রতিষ্ঠান সমূহে নিজৰ দক্ষতাৰে উন্নত ব্যৱসায়ৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে আৰু উদাৰীকৰণৰ বিশ্ব পৰিবেশত বেছ দক্ষতাৰে প্রতিযোগিতা কৰিব পাৰে। এই কৌশল স্থাপন কৰাৰ উদ্দেশ্য আছিল ৰাইজক আন্তগাঁথনি আৰু প্ৰত্যক্ষ নিযুক্তি প্ৰদান কৰা। নৱৰত্ন মর্যাদা দিয়াৰ ফলত এই কোম্পানী বা উদ্যোগসমূহে অধিক ভালফল দেখুৱাব পাৰিছে।

২১। কি কি প্ৰধান কাৰণৰ বাবে সেৱা খণ্ডৰ উচ্চ বিকাশ ঘটিছে?
উত্তৰ: প্ৰধান কাৰণসমূহ হ’ল–
(a) পৰম্পৰাগত সামগ্ৰীসমূহৰ ৰপ্তানি আৰু আমদানিৰ পৰিমাণ কম হোৱাৰ বাবে।
(b) উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বমুখীকৰণৰ প্ৰভাৱৰ বাবেও সেৱা খণ্ডৰ বিকাশ ঘটিছে।
(c) দেশবিলাকে বৰ্হিসোঁতৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবেও সেৱা খণ্ডৰ বিকাশ ঘটিছে।
(d) বিভিন্ন বাণিজ্যিক সংগঠন, বিত্তীয় প্রতিষ্ঠান ইত্যাদিবোৰে সেৱা খণ্ডৰ অন্তৰ্ভুক্ত বিষয়সমূহক গুৰুত্ব দিয়াৰ লগে লগে ইয়াৰ বিকাশ সাধন হৈছে।

২২। পূর্ণগঠনৰ কাৰ্যপ্ৰণালীৰ দ্বাৰা কৃষি খণ্ডই বিপৰীতমুখী প্ৰভাৱৰ সম্মুখীন হ’ব লগা হৈছে। কিয়?
উত্তৰঃ পুনর্গঠনে কৃষিৰ কোনো হিত সাধন কৰিব নোৱাৰৰ বাবে ইয়াৰ বিকাশৰ হাৰ কমি আহিছিল। পূৰ্ণগঠনৰ সময়ছোৱাত ৰাজহুৱা বিনিয়োগ, বিশেষকৈ আন্তঃগাথনি যাৰ ভিতৰত জলসিঞ্চন, শক্তি, ৰাস্তা, বজাৰ সংযোগ আৰু গৱেষণা ইত্যাদি কৃষিৰ ক্ষেত্ৰত কমোৱা হ’ল। আনহাতে, ৰাজসাহায্য উঠাই দিয়াৰ বাবে উৎপাদন ব্যয় বৃদ্ধি পালে। যাৰ ফলত ক্ষুদ্ৰ আৰু প্ৰান্তিক খেতিয়ক সকল বেয়াকৈ ক্ষতিগ্রস্ত হ’ল। ইয়াৰ উপৰিও কৃষিত ৰপ্তানীগত কৌশল নীতিয়ে উৎপাদনৰ ক্ষেত্ৰত ঘৰুৱা বজাৰৰ পৰা ৰপ্তানি বজাৰলৈ কৃষকসকলক আকৰ্ষণ কৰিলে। যাৰ ফলত খাদ্য শস্য উৎপাদনৰ পৰিবৰ্তে নগদ শস্য উৎপাদনত কৃষকসকল কেন্দ্ৰিভূত হৈ পৰিল আৰু খাদ্য শস্যৰ দামৰ ওপৰত এক হেঁচাৰ সৃষ্টি কৰি, গোটেই কৃষি ক্ষেত্ৰতে বিপৰীতমুখী প্ৰভাৱ পেলালে।

২৩। পূর্ণগঠনৰ সময়চোৱাত উদ্যোগ খণ্ডৰ কাৰ্যক্ষমতা কিয় দুর্বল হৈছে?
উত্তৰঃ ইয়াৰ কাৰণ হ’ল— আমদানিকৃত সামগ্ৰীৰ মূল্য কম হোৱা আৰু আন্তগাঁথনিত উপযুক্ত বিনিয়োগ নোহোৱাৰ বাবে উদ্যোগজাত সামগ্ৰীৰ চাহিদা হ্রাস পাই আহিছে। বিনিয়োগৰ অভাৱত আন্তগাঁথনি ব্যৱস্থা, যেনে শক্তি যোগানৰ নিচিনা ব্যৱস্থা অনুপযুক্ত হৈ আছে। আকৌ বিশ্বমুখীকৰমে এনেকুৱা কিছুমান অৱস্থাৰ সৃষ্টি কৰিছে, যাৰ ফলত বিদেশৰ সামগ্ৰী আৰু সেৱাই মুক্ত চলাচলৰ সুবিধা লাভ কৰিছে। ইয়াৰ ফলস্বৰূপে উন্নয়নশীল দেশসমূহৰ স্থানীয় উদ্যোগ আৰু নিযুক্তিৰ সুবিধাৰ ওপৰত এক বেয়া প্ৰভাৱ পেলাইছে। কম মূল্যৰ আমদানিকৃত যন্ত্ৰৰ উপস্থিতিয়ে আৰু বিনিয়োগ কমি যোৱাৰ বাবে পূৰ্ণগঠনৰ সময়ছোৱাত উদ্যোগ খণ্ডৰ বিকাশ লেহেমীয়া হৈছে।

২৪। ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ বিভিন্ন দুর্বলতাসমূহ ব্যাখ্যা কৰা।
উত্তৰ : ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ বিভিন্ন দুর্বলতাসমূহ তলত উল্লেখ কৰা হ’ল-
(ক) মুদ্রাস্ফীতি ৰোধ কৰিব নোৱাৰাটো ভাৰত চৰকাৰৰ অৰ্থনৈতিক সংস্কাৰৰ দুৰ্বলতাৰ অন্যতম কাৰণ।
(খ) আগৰ বছৰত চাবচিডিবোৰ কমাই দি চৰকাৰে পিছৰ বছৰত অৰ্থনৈতিক সংস্কাৰত যে সফল হৈছে সেইটোও পৰিলক্ষিত হোৱা দেখা নাই। যেনেকৈ খাদ্যৰ ক্ষেত্ৰত চাবচিডি চহৰত বসবাস কৰা মধ্যবৰ্গৰ লোকৰ পৰা কমাই আনি গাঁৱত বসবাস কৰা দুখীয়া লোক সকলে পর্যাপ্ত পৰিমাণে নতুন খাদ্য সম্ভাৰ যোগান ধৰা দেখা পোৱা নাযায়।

(গ) ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ আন এটা উল্লেখযোগ্য দুর্বলতা হ’ল নিবনুৱা সমস্যা। এফালে চৰকাৰী কাৰ্যালয়ত অধিক কৰ্মচাৰীয়ে কাম কৰাৰ লগতে কিছু অতিৰিক্ত কৰ্মচাৰীয়ে কাম কৰে। কিন্তু আনহাতে, বে-চৰকাৰী প্ৰতিষ্ঠানবোৰ বৰ্তমান যুগৰ প্ৰযুক্তিবিদ্যাৰে সম্বলিত কাৰু কাৰ্য্যৰে পৰিচালিত। গতিকে কৰ্মচাৰীসকলৰ কাৰ্যকালো চৰকাৰী চাকৰিয়ালতকৈ কম। কিছু কিছু ক্ষেত্ৰত বে-চৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলক ঐচ্ছিক অৱসৰো গ্ৰহণ কৰা দেখা যায়। যাৰ ফলত কিছু নিবনুৱাৰ সমস্যাৰ সৃষ্টি হোৱা দেখা যায়।

(ঘ) অর্থনৈতিক সংস্কাৰৰ দুৰ্বলতাৰ অন্যতম কাৰণ হ’ল আন্তর্জাতিক সংঘৰ পৰা লোৱা লোণ বা ঋণ। যেনে— বিশ্ববেংকৰ পৰা লোৱা লোণ বা ঋণে অর্থনৈতিক ভাবে এই সংস্থাবোৰ ওচৰতৰ ঋণী হৈ থাকি আত্মসম্পূৰ্ণ কৰিব লাগে।
(ঙ) ভাৰত চৰকাৰে অৰ্থনৈতিক সংস্থাৰৰ বাবে লোৱা কিছুমান পদক্ষেপ যদিও বিত্ত মন্ত্রালয় তথা ৰিজাৰ্ভ বেংকৰ লগত আলোচনা বিলোচনাৰ জৰিয়তে লয় তথাপিও তৎক্ষণাত কাৰ্যকৰী কৰিব নোৱাৰে। কিয়নো চৰকাৰে আমোলাতন্ত্রী তথা ভাৰত আৰু বিদেশী বিনিয়োগকাৰীসকলক কিছু সময় দিয়া প্রয়োজন।

লগতে পঢ়ক:   মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Class 12 – ষষ্ঠ অধ্যায় অর্থনীতি বিজ্ঞান

২৫। মুদ্রাস্ফীতিৰ মূল কাৰণসমূহ উল্লেখ কৰা।
উত্তৰঃ মুদ্রাস্ফীতিৰ বিভিন্ন কাৰণবোৰ হ’ল —
(ক) মজুৰি বৃদ্ধি আৰু কেঁচামালৰ দৰ বৃদ্ধিৰ কাৰণে দ্রব্য-সামগ্ৰীৰ উৎপাদনী ব্যয় বৃদ্ধি হয় আৰু সাধাৰণ দৰসূচী বৃদ্ধি হয়।
(খ) মুনাফা বৃদ্ধিৰ অৰ্থে দ্রব্য-সামগ্রী উৎপাদনকাৰী আৰু ব্যৱসায়ীসকলে এইবোৰৰ দৰ বৃদ্ধি ঘটায়। এহাতেদি উচ্চ উৎপাদন ব্যয় আৰু আনহাতে, অধিক মুনাফা উপাৰ্জনৰ লক্ষ্যৰ কাৰণে মূল্যস্তৰ বৃদ্ধি হোৱাটো স্বাভাৱিক।
(গ) দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দেশৰ চৰকাৰে কিছুমান প্রয়োজনীয় দ্রব্য সামগ্ৰীৰ আমদানি সংকোচন কৰিবলৈ বাধ্য হয়। এনে আমদানিকৃত দ্রব্য-সামগ্ৰীসমূহৰ নাটনিয়েও মূল্য বৃদ্ধিত ইন্ধন যোগায়।
(ঘ) মুদ্রাস্ফীতিৰ অন্যতম কাৰণ হৈছে পৰোক্ষ কৰসমূহ। অধিকাংশ দেশৰ চৰকাৰে বৰ্ধিত ৰাজহৰ চাহিদা পূৰণৰ অৰ্থে দ্ৰব্য-সামগ্ৰী আৰু সেৱাৰ ওপৰত বিভিন্ন প্ৰকাৰৰ পৰোক্ষ কৰ ধার্য কৰে। এনে পৰোক্ষ কৰসমূহ দ্রব্য সামগ্ৰীৰ দৰৰ অন্তৰ্ভুক্ত হয় আৰু এইবোৰৰ মূল্য বৃদ্ধি পায়।

২৬। তলৰ ধাৰণা দুটা বহলাই লিখা :
(ক) চাহিদাজনিত মুদ্রাস্ফীতি
উত্তৰঃ চাহিদাজনিত মুদ্রাস্ফীতিৰ তত্ত্ব অনুসৰি চলিত মূল্যত এখন দেশত যি পৰিমাণৰ দ্রব্যসামগ্ৰী আৰু সেৱাৰ যোগান হয় তাতকৈ যদি সিহঁতৰ প্ৰতি সামগ্রিক চাহিদা অধিক হয় তেতিয়াই দৰসূচী ঊর্ধ্বগামী হয় আৰু দেশৰ অৰ্থনীতিত মুদ্রাস্ফীতিৰ লক্ষণসমূহ স্পষ্ট হৈ
পৰে। চাহিদাজনিত তত্ত্ব অনুসৰি এখন দেশে পূর্ণ নিয়োগৰ অৱস্থাত উপনীত হোৱাৰ পাছত যেতিয়া দেশখনত মুদ্ৰাৰ যোগান বৃদ্ধি হয় তেতিয়া মুদ্রাস্ফীতিয়ে দেখা দিয়ে। কাৰণ এনে অৱস্থাত মুদ্ৰাৰ যোগান বৃদ্ধি হ’লে উৎপাদন বৃদ্ধি নহয় আৰু ইয়াৰ ফলত যি অনুপাতত মুদ্ৰাৰ যোগান বৃদ্ধি হয় সেই অনুপাতত দৰসূচী বৃদ্ধি হয়। মুদ্ৰাৰ পৰিমাণ তত্ত্বৰ পৃষ্ঠপোষকতা কৰা সংস্থাপিত অর্থনীতিবিদসকলৰ মতে পূর্ণ নিয়োগৰ অৱস্থাত মুদ্ৰাৰ যোগান বৃদ্ধিয়ে দ্রব্যসামগ্ৰীৰ যোগানতকৈ সিহঁতৰ প্ৰতি চাহিদা অধিক হাৰত বৃদ্ধি কৰে আৰু ইয়াৰ ফলত দেশৰ অৰ্থনীতিয়ে মূল্যবৃদ্ধি আৰু মুদ্রাস্ফীতি সমস্যাৰ সন্মুখীন হয়।

(খ) ব্যয়জনিত মুদ্রাস্ফীতি
উত্তৰঃ অৰ্থনীতিবিদৰ মতে অতিৰিক্ত চাহিদাৰ পৰিবৰ্তে উৎপাদনী ব্যয় বৃদ্ধিৰ কাৰণেহে মুদ্রাস্ফীতিয়ে দেখা দিয়ে। তেখেতসকলৰ মতে দেশৰ মুঠ উৎপাদনত সকলো উৎপাদনৰ উপাদানে নিজৰ উপাৰ্জনৰ অংশ বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ কাৰণে মূল্যস্তৰ বৃদ্ধি হয়। উৎপাদনৰ উপাদানসমূহক অধিক মূল্য প্ৰদান কৰাটোৱে সিহঁতৰ ওপৰত ব্যয় বৃদ্ধিৰ বিষয়ে নিৰ্দেশ দিয়ে । উপাদানৰ ব্যয় বৃদ্ধিৰ কাৰণে মূল্যস্তৰ বৃদ্ধি হয়। উৎপাদনৰ উপাদানৰ ব্যয় বৃদ্ধিৰ ফলত মুদ্রাস্ফীতিয়ে দেখা দিয়াৰ কাৰণে ইয়াক ব্যয়জনিত মুদ্রাস্ফীতি আখ্যা দিয়া হয়। ব্যয়জনিত মুদ্রাস্ফীতিক মজুৰি বৃদ্ধিজনিত মুদ্রাস্ফীতিও আখ্যা দিয়া হয়। কাৰণ এটা দ্ৰব্যৰ উৎপাদনৰ মুঠ ব্যয়ৰ প্ৰায় ৭০ শতাংশ মজুৰিৰ অন্তৰ্ভুক্ত হয়। বিশেষকৈ যিবোৰ দেশৰ উৎপাদন ব্যৱস্থাত মূলধনৰ ব্যৱহাৰৰ অনুপাতৰ তুলনাত শ্ৰমিকৰ ব্যৱহাৰৰ অনুপাত অধিক হয়, উক্ত দেশবোৰত মজুৰি বৃদ্ধিৰ কাৰণেই প্ৰধানকৈ মুঠ উৎপাদনী ব্যয় বৃদ্ধি হয় আৰু ইয়াৰ ফলত মূল্যস্তৰ বৃদ্ধি পায়।

প্রশ্ন: উদাৰীকৰণ বুলিলে কি বুজা?

উত্তৰঃ ভাৰতীয় অর্থনীতিক বিশ্বৰ অৰ্থনীতিৰ লগত সংহতিপূৰ্ণ কৰি তুলিবলৈ ইয়াৰ ওপৰত থকা যাৱতীয় ধৰণৰ নিয়ন্ত্ৰণ প্ৰত্যাহাৰেই হৈছে উদাৰীকৰণ। অপ্রয়োজনীয় প্রশাসনিক নিয়ন্ত্ৰণৰ পৰা ভাৰতৰ ঔদ্যোগিক অর্থনীতিক মুক্ত কৰা, প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ পথত থকা বাধা সমূহকে দূৰ কৰা আৰু লোকচান মুখী ৰাজহুৱা সংস্থা সমূহৰ ওপৰত থকা বিত্তীয় হেচাঁক নাইকিয়া কৰা আছিল উদাৰীকৰণ বাবে নিতান্ত প্রয়োজনীয়।

প্রশ্ন: গোলকীকৰণ বা বিশ্বায়ন কি?

উত্তৰ: অর্থনীতিক বিশ্বমুখী কৰি তোলায়েই হৈছে বিশ্বায়ন। বিশ্বৰ বিভিন্ন দেশৰ মাজত অনিয়ন্ত্রিতভাৱে বস্ত্ৰ সামগ্রী, সেৱা, মূলধন, শ্ৰম তথা প্ৰযুক্তিৰ আদান-প্ৰদানৰ মাধ্যমত সিহঁতৰ অর্থনীতি সমূহক সংহতপূৰ্ণ কৰি তোলাৰ প্ৰক্ৰিয়াই হৈছে গোলকীকৰণ।

প্রশ্ন: ব্যক্তিগতকৰণ কি ?

উত্তৰঃ চৰকাৰী উদ্যোগত বে-চৰকাৰী খণ্ডই মালিকানা স্বত্ব অর্জন কৰাৰ প্ৰক্ৰিয়াই হৈছে উদ্যোগৰ ব্যক্তিগতকৰণ ।অৱশ্যে অধিকতৰ প্ৰশস্ত অৰ্থত ব্যক্তিগতকৰণক বে-চৰকাৰী খণ্ডৰ দ্বাৰা ৰাজহুৱা উদ্যোগৰ পৰিচালনা নিয়ন্ত্রণ ব্যৱস্থাকে বুজায়।

প্রশ্ন: উদাৰীকৰণৰ দুটা সুবিধা লিখা।

উত্তৰ: (ক) উদ্যোগিক লাইচেন্স প্রত্যাহাৰ কৰা বাবে প্ৰশাসনীয় হাৰাশাস্তিৰ পৰা উদ্যোগপত্তি সমূহ মুক্ত হৈছে।
(খ) উদাৰীকৰণৰ ফলত ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ তথা জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ দ্ৰুত হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top