মিলন Class 12 – নলিনীবালা দেৱী (প্রশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

বিষয়  অসমীয়া
পাঠৰ নাম মিলন কবিতা
শ্ৰেণী  দ্বাদশ শ্ৰেণী
লেখক নলিনীবালা দেৱী
গােট পদ্যাংশ বৰগীত (ৰাগ-কৌ)
পাঠৰ নং অধ্যায় 10
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মিলন Class 12

প্র : নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? (Final-16)
উঃ নলিনীবালা দেৱীয়ে অলকানন্দা নামৰ কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

প্র: নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? (Final-17)

উ : নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হ’ল—এৰি অহা দিনবােৰ৷

প্রঃ ‘মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হােৱাৰ কথা বুজাইছে আলােচনা কৰা। (Final-17)
উ : মিলন’ কবিতাটিত কবিয়ে পৰম আৰাধ্য ঈশ্বৰৰ লগত নিজৰ আত্মাৰ মিলন হােৱাৰ কথা কৈছে। প্ৰকৃতিৰ সকলাে বস্তুতে দিনে-নিশাই কবিয়ে আৰাধ্যজনকে দেখে। নিজৰ মনৰ মাজত, নিশাৰ তৰাৰ মাজত বা দোভাগ নিশা টোপনিত লাল কাল দি থাকিলেও ভগৱানৰ উপস্থিতি কবিয়ে অনুভৱ কৰে। কেৱল নেদেখাজনৰ দৰ্শনৰ বাবে হৃদয় মন্দিৰত থাপনা পাতি ৰৈ থাকে। কবিয়ে সপােনে, দিঠকে পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজতে অনুভৱ কৰে। জোনাকী নিশা, গধূলিৰ তৰাভৰা আকাশৰ মােহনীয় সৌন্দর্য-সুষমাই কবিৰ ভগৱ-প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তােলে। ৰাতিপুৱা সূর্য উদয় হােৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণে অনুভৱ কৰে আৰু কবিয়ে এই অনুভৱক পৰমজনৰ সতে অন্তহীন মিলন বুলি অভিহিত কৰে।

প্র :  নলিনীবালা দেৱীয়ে লিখা দুখন জীৱনীগ্রন্থৰ নাম লিখা। (Final-18)
উঃ নলিনীবালা দেৱীয়ে লিখা দুখন জীৱনীগ্রন্থৰ নাম হ’ল- (১) স্মৃতিগ্ৰন্থ আৰু (2) বিশ্বদীপা।

প্র : কিমান চনত নলিনীবালা দেৱীয়ে পদ্মশ্রী উপাধি লাভ কৰিছিল? (Final-18)
উ : ভাৰত চৰকাৰৰ পৰা নলিনীবালা দেৱীক ১৯৫৮ চনত পদ্মশ্রী উপাধি লাভ কৰিছিল।

প্রঃ নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ পাইছে, তােমাৰ, পাঠটিৰ আধাৰত আলােচনা কৰা। (Final-18)

উ : নলিনীবালা দেৱী হ’ল মূলতঃ অতিন্দ্রীয় বাদী বা ৰহস্যবাদী কবি। তেওঁৰ কবিতাসমূহৰ মাজেৰে আধ্যাত্মিক চেতনাৰ অপূর্ব প্রকাশ দেখিবলৈ পােৱা যায়। ৰহস্যবাদী কবিসকলে জীৱনৰ দুখ-বেদনা পৰমজনৰ ওচৰত অৰ্পণ কৰিব বিচাৰে। তেওঁলােকে ঈশ্বৰৰ অস্তিত্ব সকলােতে অনুভৱ কৰি নিজক অর্পণ কৰি দিয়ে। কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত এক পৰম সত্তা বা ভগৱানৰ অস্তিত্ব পৃথিৱীৰ সকলােতে অনুভৱ কৰা হৈছে। ঈশ্বৰৰ সৈতে মিলনেই হৈছে কবিৰ হৃদয়ৰ আকুলতা। ৰাতিপুৱা সূর্য উদয় হােৱাৰ পৰা নিশা গভীৰ টোপনিত লালকাল দি থকালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। এই অনুভৱকে কবিয়ে পৰমজনৰ লগত অন্তহীন। মিলন বুলি কৈছে।

লগতে পঢ়ক:   কৰুণতম কবিতা প্ৰশ্ন উত্তৰ দ্বাদশ শ্ৰেণী (Question Answer)

মিলন কবিতা দ্বাদশ শ্ৰেণী

প্রঃ নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্রতিধ্বনিত হােৱা দুখন কাব্যগ্রন্থৰ নাম লিখা। (Final-19)
উঃ নলিনীবালা দেৱীৰ ভাৱৰ ব্যঞ্জনা প্রতিধ্বনিত হােৱা দুখন কাব্যগ্রন্থৰ নাম হ’ল—(১) সপােনৰ সুৰ (২) অন্তিমৰ সুৰ।

প্রঃনলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি? (Final-19)
উ: নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ আছিল আধ্যাত্মিকতা।

প্রঃ ‘বিশ্বদীপা’ শীর্ষক জীৱনীমূলক, গ্রন্থখনৰ ৰচক কোন? (Final-20)
উঃ ‘বিশ্বদীপা’ শীর্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক হ’ল- নলিনীবালা দেৱী।

প্রঃ নলিনীবালা দেৱীৰ কোন দুখন কাব্যগ্রন্থৰ ভালেমান কবিতাত স্বদেশপ্রেমৰ সুৰ প্ৰবাহিত হৈছে। (Final-20)
উঃ নলিনীবালা দেৱীৰ যুগ দেৱতা’আৰু জাগৃতি’নামৰ কাব্যগ্রন্থ দুখনৰ ভালেমান কবিতাত স্বদেশপ্রেমৰ সুৰ প্রবাহিত হৈছে।
**
প্রঃ নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?
উঃ নলিনীবালা দেৱীক অতিন্দ্রীয়বাদী বা ৰহস্যবাদী কবিৰূপে জনা যায়।

প্রঃ ‘মিলন’ কবিতাটিত কবিয়ে তােমাৰ বুলি কাক বুজাইছে? এই কবিতাটিৰ মাজেৰে কবিয়ে কি কামনা কৰিছে?
উ : “মিলন’ কবিতাটিত কবিয়ে ‘তােমাৰ বুলি সৃষ্টিকর্তা ভগৱানক বুজাইছে। এই কবিতাটিৰ মাজেৰে কবিয়ে পৰম ভগৱানৰ সৈতে অন্তহীন মিলন কামনা কৰিছে।

প্রঃ মিলন কবিতাটি নলিনীবালা দেৱীৰ কোনখন কবিতা পুথিৰ পৰা লােৱা হৈছে?
উ : মিলন কবিতাটি নলিনীবালা দেৱীৰ সন্ধিয়াৰ সুৰ নামৰ কবিতা পুথিৰ পৰা লােৱা হৈছে।

প্রঃ নিশাৰ আকাশত মংগল উৰুলি কোনে গায়?
উঃ নিশাৰ আকাশত মংগল উৰুলি আকাশৰ তৰাৰ শাৰীয়ে গায়।

প্রঃ গধূলিৰ স্নান এন্ধাৰত কবিয়ে কাক দেখে বুলি কৈছে?.
উঃ গধূলিৰ ম্লান এন্ধাৰত কবিয়ে পৰম আৰাধ্যজনক দেখে বুলি কৈছে।

মিলন নলিনীবালা দেৱী

প্রঃ কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে?
উ : কবিয়ে আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলাে বিষয়ৰ মাজত ভিন ভিন ৰূপত অনুভৱ কৰে। কবিক আৰাধ্যদেৱতাই নিতে আহি দেখা দিয়ে মানসৰ তীৰে তীৰে, সপােনত, দিঠকত এইদৰে তেওঁ পৰমজনৰ অস্তিত্বৰ অনুভৱ কৰে। সূর্য উদয় হােৱাৰ পৰা নিদ্রাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। কবিৰ ভগৱানৰ প্ৰতি থকা আধ্যাত্মিক অনুভূতিকে আৰাধ্যজনৰ দৰ্শন বুলি ভাবিছে।

প্র:কবিয়ে ‘আছা মােৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে?
উ : কবিয়ে ‘আছা মােৰ নিজান কোণত’ বুলি পৰম আৰাধ্যজনৰ কথা কৈছে। পৰম দেৱতাই চিৰ দিনৰে পৰা কবিৰ মনত যেন গােপনে থিতাপি লৈ আছে। কবিৰ নিজৰ নিভৃত কোণত, হৃদয়ত সকলাে সময়তে পৰম ঈশ্বৰক দেখি আছে। মনৰ দৃষ্টিৰে সদায় কবিয়ে আৰাধ্যজনক দেখা পায়।

লগতে পঢ়ক:   হস্তিবিদ্যাৰ্ণৱ পুথি দ্বাদশ শ্ৰেণী গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

প্রঃ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?

উঃ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলেও কবিয়ে ভগৱানকেই দেখা পায়। ঈশ্বৰ সর্বব্যাপী, সকলােতে ব্যাপী থাকে। সেয়েহে কবিয়ে দোভাগ নিশা টোপনিত লালকাল হৈ থাকিলেও তেওঁকে দেখে।

প্রঃ কবিয়ে ‘তােমাৰ লগত মােৰ অনন্ত মিলন’বুলি কি বুজাইছে ব্যাখ্যা কৰা।
উ : কবিয়ে ‘তােমাৰ লগত মােৰ অনন্ত মিলন’ বুলি ঈশ্বৰৰ লগত আত্মাৰ অনন্ত মিলন হােৱা বুলি কৈছে। আচলতে জীৱনত স্বামী বিয়ােগৰ যন্ত্ৰণা আৰু পুত্ৰ বিয়ােগৰ দুখ-বেদনাই কবিক আজীৱন বিষাদগ্রস্ত কৰি তুলিছিল। এই দুখ-বেদনাৰ পৰা হাত সাৰিবলৈ কবিয়ে আধ্যাত্মিক জগতত সােমাই পৰিছে। এইদৰে ব্যক্তিগত জীৱনত দুখ-যন্ত্রণাই কবিক আধ্যাত্মিক জগতলৈ উত্তৰণ ঘটাইছে। পৃথিৱীৰ সকলাে বস্তুৰ মাজতে কবিয়ে নেদেখাজনৰ উপস্থিতি অনুভৱ কৰে। অতিন্দ্রীয়বাদী কবিসকলে অন্তৰৰ গােপন কোণত ভগৱানৰ উপস্থিতি অনুভৱ কৰাৰ দৰে কবিয়েও এই অনুভৱকে পৰমজনৰ প্রতি অন্তহীন মিলন বুলি কৈছে। সেয়েহে পৰমজনৰ সান্নিধ্য পাবলৈ তেওঁ নিতে প্রার্থনা কৰে।

প্রঃ ‘নিশা আহে জ্বালি লৈ
জোনাকীৰ উজ্জ্বল দীপালি।
কথাষাৰৰ তাৎপর্য বুজাই লিখা।

উ : কবিতাফাকিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি প্ৰকাশ হৈছে।
কবিয়ে প্রকৃতিৰ সকলাে বস্তুতে কেৱল পৰম আৰাধ্যজনক দেখে। নিশাৰ আকাশত ৰাবােৰৰ মাজত কবিয়ে পৰমজনকে দেখা পায়। যেতিয়া নিশাৰ এন্ধাৰত জোনাকী পৰুৱাই পােহৰ বিলায় তেতিয়া দীপালিৰ লােহৰৰ দৰে পৰমজনে যেন কবিকবাট দেখুৱাই নিবলৈ আহিছে বুলি ভাবে জোনাকীৰ পোহৰত পৰমজনক লাভ কৰাৰ দুৰ্বাৰ বাসনা তেওঁৰ মনত জাগি উঠে।

প্রঃ মিলন কবিতাৰ মুলভাৱ লিখা।

উ : ‘মিলন’ নলিনীবালা দেৱীৰ এটি দার্শনিক কবিতা। কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি শুনিবলৈ পােৱা যায়। কবিতাটোৰ দ্বাৰা ৰহস্যবাদৰ ভাবধাৰা সুন্দৰকৈ প্ৰকাশ পাইছে। ব্যক্তিগত জীৱনত কবিয়ে অনেক দুখ-যন্ত্রণা লাভ কৰিছিল। এই দুখ আৰু বেদনাক ভাৰতীয় ধর্ম আৰু দার্শনিক চিন্তাৰ মাজেৰে বিচাৰ কৰি শােক সন্তপ্ত হৃদয়ত শান্তি পাইছিল। এই দুখ-যন্ত্রণাৰ পৰা হাত সাৰিবলৈ পুৱা, গধূলি, নিশা সকলাে সময়তে পৰমজনক পাবলৈ কবিয়ে বিচাৰিছিল। কবিৰ মনত ভগৱৎ প্রীতিৰ চিন্তা। অন্তহীন মিলনৰ বাসনাত কৰিব মন উদ্বাউল হৈ পৰিছে। কবিৰ মতে ভগৱানৰ সান্নিধ্যৰ প্ৰতিটো ক্ষণেই তেওঁৰ বাবে ভগৱানৰ সৈতে মিলনৰ ক্ষণ। সেয়েহে পৃথিৱীৰ সকলাে বস্তুতে তেওঁ পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। নিশাৰ আন্ধাৰত জোনাকী পােহৰত কবিয়ে তেওঁকে দেখিবলৈ পায়। গতিকে ভগৱানৰ দর্শন লাভ কৰিলেই কবিৰ কামনা-বাসনা পূর্ণ হ’ব বুলি কৈছে।

প্রঃ কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, বুজাই চমুকৈ লিখা।

উঃ কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক পাবলৈ ব্যাকুল হৈ থকাৰ। বাবে সকলাে সময়তে আৰু সকলােতে তেওঁৰ অস্তিত্ব দেখা পায়। বুলি কৈছে। কবিৰ মনৰ নিজান কোণত, নিশাৰ আকাশৰ ৰূপােৱালীৰাৰ মাজত কবিয়ে তেওঁক দেখিবলৈ পায়। গধূলিৰ আন্ধাৰত কবিয়ে যেতিয়া ঈশ্বৰৰ ধ্যান কৰে তেতিয়াও তেওঁৰ লগত দেখাদেখি হয়। গভীৰ এন্ধাৰ ৰাতি গােটেই জগত যেতিয়া নিঃপালি দিয়ে তেতিয়াও কবিয়ে তেওঁকে দেখে। কবিৰ মনৰ নিজান কোণত, সপােনৰ দেশত, মানসৰ তীৰত, জোনাকীৰ উজ্জ্বল দীপালিত, আকাশৰ তৰাৰ তিৰবিৰণিৰ মাজত, গধূলিৰ ক্ষীণ পােহৰত, ধ্যানৰ সময়ত, হৃদয়ৰ আৱেগশীলতাৰ মাজত, পুৱতি শুভ লগনত, গভীৰ নিশাৰ নিস্তব্ধতাৰ মাজত, উষাৰ দোকমােকালি পােহৰত, সর্বত্র কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top