জনতাৰ আহ্বান – সম্পূৰ্ণ প্ৰশ্নোত্তৰ দ্বাদশ শ্ৰেণী

 

বিষয়  অসমীয়া
পাঠৰ নাম জনতাৰ আহ্বান
শ্ৰেণী  দ্বাদশ শ্ৰেণী
লেখক জ্যোতিপ্ৰসাদ আগৰৱালা
গােট পদ্যাংশ
পাঠৰ নং অধ্যায় 5
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

জনতাৰ আহ্বান Question Answer

প্রঃ জ্যোতিপ্ৰসাদৰ গীতসমূহত কোন দুটা সুৰ ধ্বনিত হৈছে? (Final-15)
উঃ জ্যোতিপ্ৰসাদৰ গীতসমূহত দুটা সুৰ ধ্বনিত হৈছে (১) কোমলমধুৰ সুৰ আৰু (২) পৌৰুষদীপ্ত সুৰ!..

প্রঃ প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা (Final-13)
অভিনৱ এক জীৱনৰ ৰূপ..
সংহত অভ্যুত্থান।…..
উ : ব্যাখেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ “জনতাৰ আহ্বান’ শীর্ষক কবিতাৰ পৰা তুলি অনা হৈছে।
পৃথিৱীক নতুন ৰূপত সজাই মানৱৰ জয়গান গােৱাৰ প্ৰয়াস কৰি কবিয়ে এই কবিতাকি অৱতাৰণা কৰিছে।
কবিয়ে সমগ্র পৃথিৱীখন ৰূপান্তৰৰ মাজেৰে আগবঢ়াৰ কামনা কৰি পৃথিৱীখনক সকলােকে নতুন চকুৰে সজাই তুলিবলৈ কৈছে। আন্ধাৰৰ কাল যৱনিকা ভেদি পােহৰ বিলাবলৈ কবিয়ে জনতাক আহ্বান কৰিছে। বােকাত জম্মপদুমে যেনেকৈ সূৰ্যৰ পােহৰত ফুলি শোভাবর্ধন কৰে তেনেকৈ এন্ধাৰৰ পৰা জ্ঞানৰ পােহৰ পাবলৈ মানুহে চেষ্টা কৰিব লাগে। সকলােৱে যদি প্রেম আৰু একতাৰে কাম কৰে তেতিয়া উন্নতি অনিবার্য হােৱাৰ লগতে জীৱন হ’ব অভিনৱ। কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদয়ৰ যােগেদি এক ৰূপান্তৰৰ পৃথিৱী গঢ়াৰ কথা কৈছে।

প্রঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিয়ে কোন চনৰ কোন তাৰিখে ক’ত মুক্তি লাভ কৰে আৰু গুৱাহাটীৰ ৰাইজে কেতিয়া প্রথমে সেই ছবি চাবলৈ সুবিধা পায়? (Final-16)
উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিয়ে ১৯৩৫ চনৰ ১০ মার্চ তাৰিখে কলকাতাত মুক্তি লাভ কৰে আৰু গুৱাহাটীৰ ৰাইজে একেটা মাহৰে ২০ মার্চত প্রথমে সেই ছবি চাবলৈ সুবিধা পায়।

প্রঃ কবিতাটোত কবিয়ে ‘আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান’ বুলি কিয় কৈছে? (Final-16)
উঃ জনতাৰ আহ্বান নামৰ কবিতাটোৰ মাজেৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই পৃথিৱীৰ আকাশে বতাহে জাগৰণ সৃষ্টি হােৱাৰ কথা কৈছে। কবিৰ মতে আজি সমগ্র পৃথিৱীৰ জনতাৰ মনত নতুন চেতনাবোেধ জাগ্ৰত হৈছে। কবিয়ে ৰূপান্তৰৰ মাজেৰে সুন্দৰৰ পূজাৰ বাবে জয়গান গাবলৈ আহ্বান জনাইছে। বােকাত জন্ম হােৱা অর্থাৎ পৃথিৱীৰ অন্ধকাৰ পৰিৱেশত জন্ম হােৱা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পােহৰ বিলাইছে। তেওঁলােকেও দুর্নীতি-ব্যভিচাৰৰ বিৰুদ্ধে মহাপ্রলয় আনিবলৈ অপূর্ব অভিযান আৰম্ভ কৰিছে। প্রগতিশীল চিন্তাৰ মাজেৰে জনতাৰ পােহৰ অভিমুখী এই অভিযানে আজি পৃথিৱীৰ আকাশ-বতাহ কঁপাই তুলিছে। বেদত ধ্বনিত হােৱা আলােকৰ আগমনি মন্ত্র আজি সার্থক হ’বলৈ আগবাঢ়িছে। ঘােষণা কৰিছে জনতাৰ জয় জনতন্ত্ৰৰ জয় মহা মানৱতৰ জয়।

লগতে পঢ়ক:   মিলন Class 12 – নলিনীবালা দেৱী (প্রশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

প্রঃ নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদে কোনখন নাটকৰ জৰিয়তে আত্নপ্রকাশ কৰে? (Final-17)
উ : নাট্যকাৰ হিচাপে জ্যোতিপ্রসাদে ‘শােণিত কুঁৱৰী’ নাটকৰ জৰিয়তে আত্মপ্রকাশ কৰে।

জনতাৰ আহ্বান Question Answer

প্রঃ প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰা। (Final-17)
আজি জনতাৰ পংকজ ৰূপ…..
বেলিমুৱা হৈ হাঁহে।
উঃ ব্যাখ্যেয় কবিতাফাকি ৰূপকোৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ জনতাৰ আহ্বান’ নামৰ কঝিটিৰ অন্তৰ্গত।
ইয়াৰ মাজেৰে কবিয়ে জনতাৰ আলােক সন্ধানী ৰূপৰ কথা কৈ তেওঁলােকৰ মাজত নতুন চেতনাবােধ জাগ্রত হােৱাৰ কথা কৈছে।
আজিৰ পৃথিৱী পৰিৱর্তনৰ মাজেৰে আগুৱাইছে। এন্ধাৰ অৱহেলিত সমাজৰ পৰিৱর্তে সকলােৱে পৃথিৱীক নতুন চকুৰে চাব বিচাৰে। সেয়েহে কবিয়ে অন্ধকাৰ বিনাশী পৃথিৱীত পােহৰ বিলাবৰ বাবে ওলাই আহিবলৈ জনতাক আহ্বান জনাইছে। বােকাত জন্ম হােৱা পদুম ফুলে যিদৰে ৰাতিপুৱাৰ বেলিৰ কিৰণত ফুলি উঠে, তেনেদৰে এন্ধাৰ পৰিৱেশত জন্ম হােৱা মানুহেও আজি জ্ঞানৰ পােহৰ পাবলৈ বিপ্লৱ আৰম্ভ কৰিছে। সেয়েহে পৃথিৱীত মানুহে শান্তিৰ সুৰভি বিলাবলৈ অভিযান চলাইছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভু্ত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে। আজি জনতাৰ আলােক বিজয়ী অপূর্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱজীৱনৰ মহাসংঘাতে বর্তমানক কঁপাই তুলিছে। সেয়েহে পৃথিৱীত মানুহে শান্তিৰ সুৰভি বিলাই আলােক বিজয়ী অভিযান চলাই নিছে। প্রতিজন মানুহৰ মনত উদ্রেক হোৱা নৱ জীৱনৰ এনে মহাসংঘাতে বর্তমান কঁপাই তুলিছে।”

প্রঃ মৰণােত্তৰভাৱে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? (Final-18)
উঃ মৰণােত্তৰভাৱে প্রকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হল লুইতৰ পাৰৰ অগ্নিসুৰ।

প্রঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোন চনত আৰু কত জন্ম হৈছিল? (Final-18)
উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনত ডিব্ৰুগড়ৰ তামােলবাৰী চাহ বাগিছাত জন্ম হৈছিল।

প্রঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাপুথিখনৰ নাম কি? (Final-18)
উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাপুথিখনৰ নাম হ’ল– ‘লুইতৰ পাৰৰ অগ্নিসুৰ।

জনতাৰ আহ্বান Question Answer

প্রঃ “ষােড়শােপচাৰ” বুলিলে কি কি উপচাৰ কথা বুজায়? ‘আজি সুন্দৰৰ পূজা-থাপনাত যাচিবি কিহেৰে ষােড়শােপচাৰ’– ষােড়শােপচাৰ কি বুজাই লিখা। (Final-18)
উ : ষােড়শােপচাৰ হ’ল পূজাৰ বাবে প্রয়ােজনীয় ষোল্লবিধ উপকৰণ। এই ষোল্লবিধ উপকৰণেৰে দেৱ-দেৱীক পূজা অর্চনা কৰা হয়। সেই উপকৰণ কেইবিধ হ’ল-আসন, স্বাগত, পাদ্য, অর্ঘ্য, আচমনীয়, মধুপর্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবদ্য আৰু বন্দনা।

লগতে পঢ়ক:   মূল্যবোধ শিক্ষা Class 12 অসমীয়া (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

প্রঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ইন্দ্ৰমালতী’কথাছবিখন কোন চনত নির্মাণ কৰিছিল? (Final-20)
উঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ কথাছবিখন ১৯৩৯ চনত নির্মাণ কৰিছিল।

প্রঃ জনতাৰ আহ্বান’কবিতাটোত কবিয়ে কিহৰ জয় বিচাৰিছে? (Final-20/19)
উ : জনতাৰ আহ্বান’ কবিতাটোত কবিয়ে জনগণৰ জয় বিচাৰিছে।

প্রঃ অসমীয়া সাহিত্য-সংস্কৃতি জগতত ৰূপকোঁৱৰ অভিধাৰে কোনগৰাকী সাহিত্যিক বিভূষিত কৰা হৈছে? (Final-20)
উ : অসমীয়া সাহিত্য-সংস্কৃতি জগতত ৰূপকোঁৱৰ অভিধাৰে জ্যোতিপ্ৰসাদ আগৰৱালাক বিভূষিত কৰা হৈছে।

প্রঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ’ কবিতা পুথিখনৰ নাম কি?
উ : জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ’ল— লুইতৰ পাৰৰ অগ্নিসুৰ।

প্র : প্রথম অসমীয়া কথাছবিখনৰ নাম কি?
উঃ প্রথম অসমীয়া কথাছবিখনৰ নাম হ’ল—জয়মতী।

প্রঃ পৃথিৱীৰ আকাশে বতাহে কবিয়ে কিহৰ আহ্বান শুনিবলৈ পাইছে?
উঃ পৃথিৱীৰ আকাশে বতাহে কবিয়ে জনতাৰ আহ্বান শুনিবলৈ পাইছে।

প্রঃ প্রবুদ্ধ শব্দটোৰ অর্থ লিখা। (Final-13/19)
উঃ প্রবুদ্ধ শব্দটোৰ অৰ্থ হ’ল— জ্ঞান লাভ কৰা বা জাগৰিত।

প্র : বােকাত জন্ম লাভ কৰা মানুহে ক’লৈ উঠি আহে?
উঃ বােকাত জন্ম লাভ কৰা মানুহে আলােকলৈ উঠি আহে।

জনতাৰ আহ্বান Question Answer

প্র : কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা।
উঃ কবি জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাক আনৰ গােলামি বা দাসত্বৰ পৰা মুক্ত হােৱাৰ কামনা কৰিছে। কবিৰ মতে এতিয়া বিপ্লৱ আৰম্ভ হৈছে, জনতাই পােহৰ বিলাইছে অজ্ঞানতা আঁতৰি গৈছে। শান্তি আৰু মানৱতাৰে ভৰা নতুন পৃথিৱীত অজ্ঞানৰ, শােষণৰ বিৰুদ্ধে থাকিব কেৱল জনতাৰ স্বতন্ত্র।

আজি জনতাই জ্ঞানৰ পােহৰ বিলাবলৈ ৰাজপথলৈ ওলাই আহিছে। কবিয়ে কৈছে বােকাৰ পদুমফুল আলােকলৈ উঠি আহিছে। এইদৰে আৰম্ভ হৈছে নতুন অভিযান যি অভিযানে জনতাৰ হাতত তুলি দিব নৱ জীৱনৰ আলােকৰ শক্তি। অর্থাৎ বিপ্লৱ আৰম্ভ হৈছে আৰু এই বিপ্লৱেই সমাজ জীৱনৰ পৰিৱৰ্তন কৰি সৌন্দৰ্যৰ পােহৰ বিলাব। কবিয়ে কামনা কৰিছে এইদৰে দেশত জনতন্ত্র প্রতিষ্ঠা হ’ব। এই জনতন্ত্রই ভেদাভেদ নােহােৱাকৈ ন্যায় আৰু অধিকাৰ সমভাৱে বিতৰণ কৰিব।

প্রঃ সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা কৈছে। (Final-14/17)
উঃ সুন্দৰৰ পূজা থাপনাত কবিয়ে ষােড়শােপচাৰৰে উপচাৰ যচাৰ কথা কৈছে।

প্রঃ জনতাৰ.আহ্বান’ কবিতাটোত জনতাৰ মহাপ্রাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলােচনা কৰা
উঃ কবিয়ে ‘জনতাৰ আহ্বান’ কবিতাটোত জনতাৰ মহাপ্রাণ আলােকৰ ফালে জাগি উঠিছে বুলি কৈছে। জীৱশ্রেষ্ঠ মানৱ লাঞ্ছিত আৰু শােষিত হৈ আহিছে। শেষত নিজৰ অধিকাৰৰ প্রতি সচেতন হৈ মানুহ সুপ্ত অৱস্থাৰ পৰা জাগ্ৰত হৈ পৰিল। অর্থাৎ মানুহে ন্যার্য অধিকাৰৰ প্রতি সচেতন হ’ল। জনতাৰ এই বিপ্লৱক বােকাৰ পৰা জন্ম লােৱা পদুম ফুলৰ লগত তুলনা কৰি কৈছে জনতাই আজি,পদুম হৈ ফুলিছে। জনতাই এনেকৈয়ে বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি কবি আশাবাদী। জনতাই আজি জাগ্ৰত হৈ পােহৰ বিচাৰি সকলােৱে ওলাই আহিছে। পৃথিৱীৰ আকাশে বতাহে নিনাদিত হৈছে প্রবুদ্ধ জনতাৰ জয়গান। নৱ
জীৱনৰ অপেক্ষাত আৰম্ভ হৈছে অন্ধকাৰ নাশি সুন্দৰৰ পূজা।

লগতে পঢ়ক:   বিশ্ব খনিকৰ দ্বাদশ শ্ৰেণী কবিতা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ

প্রঃ ব্যাখ্যা কৰা ।
আজি জনতাৰ আলােক বিজয়ী….
নৱজীৱনৰ মহাসংঘাতে কপায় বর্তমান।
উঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তর্গত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ কবিতাটিৰ পৰা তুলি অনা হৈছে।
এই কবিতাফাকিৰ দ্বাৰা মুক্তিকামী জনতাৰ মহা সংগ্ৰামৰ কথা কবিয়ে ক’বলৈ বিচাৰিছে।
আমাৰ দেশ বহুবছৰ ধৰি ব্রিটিছৰ কৱলত আছিল। আনৰ গােলাম হৈ থকাৰ পিছত সকলােৱে এই দাসত্বৰ বন্ধন ছিঙি ৰাজপথলৈ ওলাই আহিল। সমগ্র বিশ্ব আজি জাগ্ৰত হৈছে ৰূপান্তৰ বিচাৰি। আমাৰ দেশৰ লােকসকলেও জ্ঞানৰ পােহৰৰ ফালে ওলাই আহিছে। এক নতুন জীৱনৰ বাবে সকলােৰে মনত সমাজ সচেতনতা জাগি উঠিছে।

প্রঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাপুথিখনৰ নাম কি?

উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাপুথিখনৰ নাম হ’ল– ‘লুইতৰ পাৰৰ অগ্নিসুৰ।

প্রঃ প্রবুদ্ধ শব্দটোৰ অর্থ লিখা।

উঃ প্রবুদ্ধ শব্দটোৰ অৰ্থ হ’ল— জ্ঞান লাভ কৰা বা জাগৰিত।

প্রঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাপুথিখনৰ নাম কি?

উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাপুথিখনৰ নাম হ’ল– ‘লুইতৰ পাৰৰ অগ্নিসুৰ।

প্রঃ জনতাৰ আহ্বান’কবিতাটোত কবিয়ে কিহৰ জয় বিচাৰিছে?

উ : জনতাৰ আহ্বান’ কবিতাটোত কবিয়ে জনগণৰ জয় বিচাৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top