বিশ্ব খনিকৰ দ্বাদশ শ্ৰেণী কবিতা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ

বিষয়  অসমীয়া
পাঠৰ নাম বিশ্ব খনিকৰ (biswa khanikar)
শ্ৰেণী  দ্বাদশ শ্ৰেণী
লেখক মফিজুদ্দিন আহমদ হাজৰিকা
গােট পদ্যাংশ
পাঠৰ নং অধ্যায় 5
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

বিশ্ব খনিকৰ কবিতা

(পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনে ধৰণৰ দৰ্শনৰ প্ৰকাশ ঘটিছে?
ডঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত ছুফী সাধকসকলৰ দৰ্শনৰ (ছুফীবাদী) প্রকাশ ঘটিছে।

প্রঃ প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ
সত্ত্বঃ, ৰজঃ তমাে গুণ……
বােলে হুনু বিশ্ব-গিৰি সেই মহাজন। (F-2020)
উঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ ৰচিত ‘বিশ্বখনিকৰ কবিতাটিৰ পৰা অনা হৈছে।
ইয়াৰ মাজেৰে যিজনৰ চালনাত এই বিশ্বব্রহ্মাণ্ড চালিত হৈ আছে সেই পৰম সত্তাৰ কথা কোৱা হৈছে।
ভগৱান হ’ল অদৃশ্য শক্তি। সত্ত্বঃ, ৰজঃ, তমাে গুণ উৰ্দ্ধত তেওঁ নির্গুণ শক্তিৰ অধিকাৰী। এই বিশ্বব্রহ্মাণ্ডৰ তেৱেঁই সৃষ্টিকর্তা কাৰণ সকলাে জীৱকে তেৱেঁই সৃষ্টি কৰিছে। গতিকে তেৱেঁই হল জন্মদাতা আৰু পালন কৰোঁত। ভগৱান এই তিনিগুণৰ অধিকাৰী হৈয়াে নির্গুণ। অর্থাৎ এই তিনি গুণে ভগৱানক ক্রিয়া
কৰিব নােৱাৰে। সত্ত্বঃ এই গুণটো হ’ল সুখদায়ক আৰু জ্ঞানদায়ক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰি ৰাখে। ৰজঃ এই গুণটো ৰুগাত্মক। এই গুণৰ দ্বাৰা মানুহ বিষয় বাসনাত আসক্ত হৈ পৰে। তমােঃ এই গুণৰ দ্বাৰা জীৱৰ মােহ উৎপাদন হয়। এই গুণে মানুহক প্রমাদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলাে ঢাকি ৰাখি জীৱক মােহপাশত বন্দী কৰে। এই তিনি গুণ ভগৱানৰ সৃষ্টি যদিও তেওঁ এই তিনিগুণৰ উর্ধত থাকি জড়জগত, জীৱজগত সুন্দৰকৈ পৰিচালনা কৰি আছে।

(পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : বিশ্বখনিকৰ কবিতাটিত বিশ্বখনিকৰ বুলি কাক কোৱা হৈছে?
উ :বিশ্বখনিকৰ কবিতাটিত বিশ্বখনিকৰ বুলি এটা পৰমসত্তাক, অর্থাৎ জীৱজগত, জড়জগতৰ সৃষ্টিকর্তা ভগৱানক কোৱা হৈছে।

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ বিশ্ব খনিকৰক কিয় খেপিয়ালে পােৱা নাযায়?
উ : বিশ্ব খনিকৰ হ’ল এক অদৃশ্য শক্তি। মায়াৰ ওৰণিৰে মুখ ঢাকি তেওঁ আমাৰ ওচৰতে থাকে যদিও আমি তেওঁক খেপিয়ালেও বিচাৰি নাপাওঁ।

প্রঃ নিশ্চয় নিশ্চয় তেৱে…..
অন্তর্যামী সর্বজ্ঞান, বিশ্ব আত্মা প্রাণ।
সর্বব্যাপী, সর্ব শক্তিমান।…. কবিতা ফাকিৰ তাৎপর্য ব্যাখ্যা কৰা।
উঃ জ্ঞানমালিনীৰ কবি’ মফিজুদ্দিন আহমদ হাজৰিকাই উক্ত কবিতাফাকিত নির্গুণ নিৰাকাৰ স্বৰূপ ঈশ্বৰ আৰু তেওঁৰ কৰ্মৰ বিষয়ে প্রকাশ কৰিছে। কবিয়ে কৈছে ঈশ্বৰক চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও দেখা নাই। তথাপি ত্রিলােকৰ সৃষ্টি, স্থিতি আৰু লয়ৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব সদায় অনুভৱ কৰিব পাৰি। তেৱেঁই খনিকৰৰূপে সমগ্র বিশ্বকে সৃষ্টি কৰিছে যদিও তেওঁক কোনেও দেখা নাপায়। তেওঁ হৈছে অন্তর্যামী, সর্বজ্ঞান, বিশ্বব্রহ্মাণ্ডৰ প্ৰাণ-আত্মাস্বৰূপ আৰু সর্বত্রতে বিয়পি থকা সর্বশক্তিমান।

বিশ্ব খনিকৰ দ্বাদশ শ্ৰেণী

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ জ্ঞানমালিনীৰ কবি কোন?
উঃ মফিজুদ্দিন আহমদ অসমীয়া সাহিত্যত জ্ঞানমালিনী কবিৰূপে জনাজাত।

See also  মিলন Class 12 - নলিনীবালা দেৱী (প্রশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

প্রঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উ : মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-(১) আধ্যাত্মিক তথা সহজ-সৰল ভাষা আৰু (২) দার্শনিক ভাব প্রকাশ।

প্রঃ প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰা
তেৱে কাম তেৱে কর্মী কাৰিকৰ
নিশ্চয় নিশ্চয় তেৱে বিশ্বখনিকৰ।
উঃ উক্ত কবিতাফাকি আমাৰ পাঠৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
ইয়াৰ দ্বাৰা ইয়াকে কোৱা হৈছে যে গােটেই পৰমেশ্বৰ অর্থাৎ বিশ্বখনিকৰ।

আমাৰ এই সুন্দৰ পৃথিৱীখন আৰু ইয়াত থকা সকলাে বস্তু কেৱল এজন ঈশ্বৰৰেই সৃষ্টি। অনন্ত বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি, স্থিতি আৰু ইয়াৰ অংশৰ লয়ৰ মূলতে আছে সকলােৰে প্রত্যক্ষৰ অগােচৰ কিন্তু অস্তিত্ব অনুভৱ কৰিব পৰা এজন বিশ্ব খনিকৰ। এই পৰমেশ্বৰৰ কৃপাতে এই পৃথিৱীত থকা জীৱসমূহ জীয়াই আছে। এওঁৰ মহিমাৰ বলতেই এখিলা সৰু পাতেও সময়ত গৈ এজোপা ডাঙৰ গছৰ ৰূপ লয়। গছ-গছনি, হাবি-বন আদি সকলাে ঠাইতে ঈশ্বৰৰ অস্তিত্ব আছে, কিন্তু তেওঁক কোনেও দেখা নাপায় কাৰণ তেওঁ নিজকে মায়াৰ ওৰণিৰে ঢাকি ৰখিছে। এই পৃথিৱীখনত পৰমেশ্বৰেই কর্মী হৈ কাম কৰে, খেতি কৰে, জ্ঞানী পণ্ডিত হৈ শিষ্যসকলক জ্ঞান প্রদান কৰে। পৃথিৱীত থকা সকলাে বস্তু তেওঁৰেই সৃষ্টি। তেওঁ নিজেই কাৰিকৰ হৈ এইবােৰ সৃষ্টি কৰিছে। সমগ্র বিশ্বব্রহ্মাণ্ডৰ জ্ঞান তেওঁতেই নিহিত হৈ আছে তেওঁ বিশ্বৰ আত্মাপ্রাণ স্বৰূপ। সর্বত্র ব্যাপ্ত এই পৰমসত্তা সর্বশ্রেষ্ঠ আৰু সর্ব শক্তিমান।

(পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ সত্ত্ব, ৰজঃ তমঃ গুণ কি? নাইবা
বিশ্বখনিকৰ কবিতাটোত থকা তিনিটা গুণ কি কি?
উঃ বিশ্বখনিকৰ কবিতাটোত থকা তিনিটা গুণ হল- (১) সত্বঃ (২) ৰজঃ আৰু (৩) তমাে গুণ।

প্রঃ  গােমােস্তা’ শব্দটিৰ অৰ্থ লিখা।
উঃ গােমােস্তা’ শব্দটিৰ অৰ্থ হৈছে— দোকানত হিচাপ-পত্র ৰখা কৰ্মচাৰী।

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

অর্থ লিখাঃ যদিস্যাতাে—যদিও।

প্রঃ বিশ্বখনিকৰ কবিতাত কবিয়ে কুঁহিগজালি’ বুলি কোন তিনিজোপা গছৰ নাম বন্ধনীত উল্লেখ কৰিছে?
উ : বিশ্বখনিকৰ’কবিতাত কবিয়ে কুঁহিগজালি’ বুলি পমা, চিচু আৰু পাৰলীক নামৰ তিনিজোপা গছক বন্ধনীত উল্লেখ কৰিছে।

প্রঃ সত্ত্ব,ৰজঃ আৰু তমঃ গুণে মানৱ জীৱনলৈ কি কঢ়িয়াই আনে?
উঃ সত্ত্বঃ, ৰজঃ, তমঃ—এই তিনিটা গুণতে, অর্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। সত্ত্বঃ গুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজঃ গুণ ৰাগাত্মক অর্থাৎই মানুহক বিষয়ত আসক্ত কৰে। ই দুখদায়ক। তমঃ গুণ অজ্ঞানৰ পৰা হয়। ই জীৱনৰ মােহ উৎপাদন কৰে আৰু প্ৰমাদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলাে ঢাকি ৰাখি জীৱক মােহপাশত বন্দী কৰে।

See Also: Class 12 Assamese Question Answer

বিশ্ব খনিকৰ কবিতা (biswa khanikar)

প্রঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কোন চনত আৰু কত জন্ম হৈছিল? তেওঁ কোন যুগৰ কবি?
ডঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ ১৮৭০ চনত ডিব্ৰুগড়ত জন্ম হৈছিল। মফিজুদ্দিন আহমদ হাজৰিকা ‘জোনাকী যুগৰ কবি।

See also  মোৰ মাতৃমুখ দর্শন Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

প্রঃ বিশ্বখনিকৰ কবিতাটি কাৰ ৰচনাঃ এই কবিতাটো কোন শ্ৰেণীৰ কবিতা?
উঃ বিশ্বখনিকৰ কবিতাটি মফিজুদ্দিন আহমদ হাজৰিকাৰ ৰচনা। এই কবিতাটো আধ্যাত্মিক তথা দার্শনিক শ্ৰেণীৰ কবিতা।

প্রঃ বিশ্বখনিকৰে এমা-ডিমা ল’ৰাক কিহলৈ পৰিৱর্তন কৰে।
উ : বিশ্বখনিকৰে এমা-ডিমা লৰাক ডেকা ল’ৰালৈ পৰিৱর্তন কৰে।

প্রঃ কুহি-গজালিৰ ক্ষেত্ৰত কবিয়ে তিনিধি গছৰ কথা উলেখ কৰিছে, তাৰ নাম লিখা।
উ: কুঁহি-গজালিৰ ক্ষেত্ৰত কবিয়ে উল্লেখ কৰা তিনিবিধ গছৰ নাম হ’ল— (১) পমা (২) চিচু আৰু (৩) পাৰলীক।

প্র : মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণােত্তৰভাৱে প্রকাশিত কাব্যগ্রন্থখনিৰ নাম কি? (F-14)
উ : মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণােত্তৰভাৱে প্রকাশিত কাব্যগ্রন্থখনিৰ নাম হ’ল—“তত্ত্ব পাৰিজাত।

প্রঃ সত্ত্বঃ, ৰজঃ তমাে গুণৰ উদ্ধত থকা নিৰগুণৰ অধিকাৰী কোন?
উঃ সত্ত্বঃ ৰজঃ তমােঃ গুণৰ উৰ্দ্ধত থকা নিৰগুণৰ অধিকাৰী হ’ল— ঈশ্বৰ।

প্রঃ কবিয়ে ঈশ্বৰক কিয় ‘বিশ্বখনিকৰ” বুলি অভিহিত কৰিছে?
উঃ খনিকৰে যিদৰে শিল, কাঠ বা অন্যান্য মাটিৰ মূর্তি নির্মাণ কৰে ঠিক তেনেদৰে খনিকৰৰ দৰে ভগৱানে এই বিশ্বখন সুন্দৰকৈ সজাইছে। কবিৰ মতে এই বিশ্ব জগতখন এক পৰম সত্তাই পৰিচালনা কৰিছে। তেওঁৰ চালনাতে স্বৰ্গম, পাতাল এই ত্রিজগতৰ সকলাে জড়জগত-জীৱজগত চলি আছে। সেই পৰম সত্তাই বিশ্বব্রহ্মাণ্ডৰ প্ৰতিটো বস্তুকে সৃষ্টি কৰিছে। সেয়েহে তেওঁক বিশ্বখনিকৰ বুলি কবিয়ে অভিহিত কৰিছে।

প্রঃ কবিয়ে সৃষ্টিকর্তাক বাজীকৰ বুলি কৈছে কিয়?
উ : বাজীকৰে বা যাদুকৰে যিদৰে সাপ বা বান্দৰ নচুৱাই মানুহক আনন্দিত কৰে। তেনেদৰে বিশ্বখনিকৰ ঈশ্বৰৰ ছালনাত সকলােৱে চালিত হৈ থাকে। ঈশ্বৰে সকলােকে ছালনা কৰিব পাৰে বাবে কবিয়ে সৃষ্টিকর্তাক বাজীকৰ বুলি কৈছে।

প্রঃ অসম সাহিত্য সভাৰ কোনখন আধৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল?
উঃ ১৯৩০ চনত অনুষ্ঠিত তাসম সাহিত্য সভাৰ পােলাট অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল।

প্রঃ এমাডিমা মানে কি? কবিয়ে কাক এমাডিমা বুলি কৈছে?
উঃ এমডিয়া মানে হ’ল কেঁচুৱা অৱস্থা নিচেই ল’ৰালি কাল। কবিয়ে নিচেই কেঁচুৱাক এমাডিমা বুলি কৈছে।

প্রঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্য পুথিৰ নাম লিখা।
উঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্য পুথিৰ নাম হ’ল (১) জ্ঞান মালিনী’ আৰু (২) তত্ত্ব পাৰিজাত।

প্রঃ বিশ্ব খনিকৰ’ কবিতাটি প্রকাশিত আধ্যাত্মিক দর্শর্নব চমু আভাষ দিয়া।
উ: মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ এটি আধ্যাত্মিক দার্শনিক কবিতা। ভাৰতীয ছুফীবাদৰ আধ্যাত্মিক ভেটিত কবিতাটি ৰচিত হৈছে বাবে ইয়াত ইছলামীয় ছুফীবাদী দর্শন প্রকাশ পাইছে। এই বিশ্ব ব্রহ্মাণ্ডখন এজন পৰম সৃষ্টি কর্তাৰ অধীনত চালিত হৈ আছে। সত্ত্বঃ, ৰজঃ, তমাে গুণৰ উদ্ধত তেওঁৰ স্থিতি। তেওঁ অদৃশ্য, আমাৰ ওচৰতে থাকে যদিও কোনেও দেখা নাপায়। সকলাে জীৱৰ সুখ-দুখৰ তেৱেঁই গৰাকী। তেওঁ অন্তর্যামী সর্বজ্ঞানী। তেৱেই খনিকৰ ৰূপে সমগ্র বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপায় তথাপি তেৱেঁই অন্তর্যামী, সর্বজ্ঞানী, বিশ্বৰ প্রাণ, আত্মা, সর্বত্রতে বিয়পি থকা সর্ব শক্তিমান।

See also  মগনিয়াৰ কথা কবিতা Class 12 Question Answer দ্বাদশ শ্ৰেণী

বিশ্ব খনিকৰ দ্বাদশ শ্ৰেণী

প্র “তেওঁ ধনী, তেৱে ধন—
গােমাস্তা ও মহাজন।”

উঃ প্রশ্নোক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।
ইয়াৰ দ্বাৰা লেখকে এক পৰম শক্তিৰ তাত্ত্বিক কথা ক’বলৈ বিচাৰিছে।

এই পৃথিৱীখন এক অদৃশ্য পৰম শক্তি অর্থাৎ ঈশ্বৰে পৰিচালিত কৰি আছে। এই বিশ্বখনিকৰ সৰ্বজ্ঞানী, সর্বশক্তিমান। তেওঁৰ হাততে ধন, জন সকলো। সেয়েহে কবিৰ মতে “তেৱে ধনী, তেৱে ধন”। তেওঁৰ হাততে ধনী-দুখীয়া, ধন সকলাে আছে। গােমাস্তাই দোকানৰ হিচাপ-নিকাচ কৰাৰ দৰে ঈশ্বৰেই জন্ম-মৃত্যুৰ হিচাপ ৰাখে বাবে তেৱেঁই মহাজন, তেৱেঁই মালিক। গােমাস্তা, ধনী-দুখীয়া, চাকৰ-মলিক সকলােকে তেৱেঁই সৃষ্টি কৰি তেৱেঁই নিয়ন্ত্রণ কৰে। সৃষ্টিৰ ৰহস্যৰ লগত জড়িত প্রতিটো বস্তুৰ সৈতে তেৱেই একাত্ম হৈ আছে।

প্রঃ বিশ্ব খনিকৰ’ কবিতাটিৰ মাজেৰে কবিয়ে প্রকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?
উঃ ‘বিশ্বখনিকৰ’ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ এটি দার্শনিক কবিতা। কবিয়ে পৃথিৱী যে এক পৰম সত্ত্বাৰ দ্বাৰা পৰিচালিত হৈ আছে তাকে কবিতাটিৰ মাজেৰে অনুভৱ কৰিছে। কবিয়ে বিশ্বখনিকৰ বুলি প্ৰকৃততে সৃষ্টিকর্তা পৰম ঈশ্বৰৰ কথা কৈছে। কবিয়ে কৈছে যে এই পৰম সত্ত্বাই ত্রিলােকৰ সকলােকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ অন্ত নাই। তেৱেঁই হ’ল সৃষ্টি, স্থিতি আৰু লয়ৰ মূল আধাৰ। তেওঁৰ চালনাতে এই বিশ্বজগত চলি আছে। তেওঁৰ মহিমা অপাৰ। তেওঁতে বিৰাজমান যদিও তেওঁ নির্গুণ। তেওঁৰ অস্তিস্ব বা মহিমাৰ কথা গছৰ পাতেও বখানে। তেওঁ সত্ত্বঃ, ৰজঃ, তমাে গুণ উদ্ধত। তেৱেঁই হ’ল এই বিশ্বব্রহ্মাণ্ডৰ খনিকৰ তথা অন্তর্যামী আৰু সর্বশক্তিমান। তেৱেই খনিকৰ ৰূপে সমগ্র বিশ্বক তিলতিলকৈ গঢ়ি তুলিছে।

প্রঃ বিশ্বখনিকৰ’ কবিতাটিৰ মূল ভাৱটি লিখা।

উ : ‘বিশ্বখনিকৰ নামৰ কবিতাটিত জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে এই বার্তা প্রেৰণ কৰিছে যে এই জগতৰ প্রতিটো অনু-পৰমাণুতেই পৰম পুৰুষ ভগৱানৰ অস্তিত্ব চিৰবিদ্যমান। আমি আমাৰ চর্ম চকুৰে ভগৱানৰ অবয়ব দেখা নাপালেও ভগৱানে তেওঁৰ অদৃশ্য হাতেৰে এই সহগৰা পৃথিৱীখন নিয়ন্ত্রণ কৰিছে। জোন, বেলি, তৰা, গ্রহ ভিন্ন ৰঙী গছ-লতিকা, তৰ-তৃণ, এই সকলােবােৰক ভগৱানেই স্বজন, পালন, তথা নিয়ন্ত্রণ কৰিছে। কণমানি সন্তান এটি তেজাল ডেকা এটিলৈ ৰূপান্তৰিত হােৱাৰ এই দীর্ঘ পৰিক্ৰমাটো ভগৱানেই নিয়ন্ত্রণ কৰিছে, যি সন্তানকলৈ পিতৃ-মাতৃয়ে গৌৰৱ অনুভৱ কৰে। ধনী, মানী, গুণী জ্ঞানী, খেতিয়ক, বুধিয়ক, ধার্মিক, বিধর্মী, যােগী, তপস্বী, বাজীকৰ, গােমােস্তা, মহাজন, কাম-কর্মী, কাৰিকৰ, সাত্বিক, ৰাজসিক, তামসিক আদি দোষ- গুণ, জলচৰ, স্থলচৰ আদি প্রাণী, এই সকলােকে নিয়ন্ত্রণ কৰাজনেই হ’ল ভগৱান। সেয়ে কবিয়ে ভগৱানক বিশ্বখনিকৰ বুলি অভিহিত কৰিছে।

অর্থ লিখাঃ নিৰগুণ↔সকলাে গুণৰ উদ্ধত।

শেহান্তৰে↔অন্তত, অৱশেষত।

বিশ্ব-গিৰি↔বিশ্বৰ গৰাকী অর্থাৎ ঈশ্বৰ। সর্বব্যাপী↔সকলােতে জুৰি থকা। অন্তর্যামী↔মনৰ সকলাে ভাব বুজি পাওঁতা। খনিকৰ↔শিল-কাঠ-মাটিৰ মূর্তি নির্মাণ কৰোঁতা।

Leave a Comment