মোৰ মাতৃমুখ দর্শন Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

বিষয়  অসমীয়া
পাঠৰ নাম মোৰ মাতৃমুখ দর্শন
শ্ৰেণী  দ্বাদশ শ্ৰেণী
লেখক লক্ষ্মীনাথ বেজবৰুৱা
গােট গদ্যাংশ
পাঠৰ নং অধ্যায় 4
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মোৰ মাতৃমুখ দর্শন Class 12

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : ‘মােৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উঃ ‘মােৰ মাতৃ দর্শন’ শীর্ষক পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ (প্রথম খণ্ডৰ) পৰা সংগ্রহ কৰা হৈছে।

প্র : লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্প জনক বুলি কোৱা হয়?
উঃ জোনাকী আলােচনীত লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ বিকাশৰ যাত্ৰাৰ সূচনা কৰে। সেয়েহে লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক বুলি কোৱা হয়। তেওঁৰ ৰচিত চুটিগল্প হ’ল জোনবিৰি, সাধুকথাৰ কুকি, কেহােকলি, সুৰভি আদি।

প্র : ‘মােৰ মাতৃমুখ দর্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজ বৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা।
উঃ লিখক লক্ষ্মীনাথ বেজবৰুৱাদেৱে কামৰ ব্যস্ততাৰ কাৰণে ডেৰকুৰি-দুকুৰি বছৰৰ পাছত মাতৃমুখ দর্শনৰ বাবে সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্রা কৰিছিল। দুর্গাপূজাৰ বন্ধত ৰেল কোম্পানীয়ে যাত্রীক ভাড়াৰ সুবিধা কৰি দিয়া বাবে লিখকে সেই সুযােগ এৰি নিদি ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত অসমলৈ যাত্ৰা আৰম্ভ কৰিছিল। এই যাত্ৰাৰ সংগী আছিল তেখেতৰ সহধর্মিণী আৰু সৰু জীয়েক। সংস্কৃত শ্লোক আছে যে পথে নাৰী বিবর্জিত। অর্থাৎ যাত্রাপথত নাৰী লগত থাকিলে আহুকালে দেখা দিয়ে। গতিকে ক’ৰবালৈ গলে লগত তিৰােতা মানুহ নিব নালাগে। কিন্তু লিখকৰ ক্ষেত্ৰত তেনে কোনাে বিপদ হােৱা নাছিল। তেওঁৰ ভার্যা লগত থকা বাবে ৰেল যাত্ৰাত সহায়হে হৈছিল। লিখকৰ ভাষাত মই কওঁ মােৰ বহু দর্শনত ‘পথে নাৰী বর্জিতা নহয় সম্পূজিতাহে। যাত্রা পথত তেখেতৰ ভার্যাই ৰেলৰ টিকট কিনা, ফল কাটি দিয়া, পিঠা-চাহ পানীৰ যোগান ধৰা আনকি ৰেলৰ খােটালী ভাত-পানীৰ যােগান ধৰি ভােক নিবাৰণ কৰাৰ দৰে, শুরৰ সময়ত পার্টীখন পাৰি দিয়া, গাৰুটো মূৰৰ তলত গুজি দিয়া, বিচনীৰে বিচি ঘাম দূৰ কৰা আদি কামবােৰে তেওঁক লঘু আনন্দৰে যাত্ৰা সুসম্পাদিত হৈ অন্ত পৰিছিল। সেয়েহে লেখকৰ বাবে নাৰী পথত যে গলগ্রহ নহয় বৰং গলৰ মালাহে অর্থাৎ মালতীৰ মালা। লিখকৰ সেইবাৰৰ ৰেল যাত্ৰাটো কিছু বিৰক্তিকৰ আছিল। তেওঁলােক সেইদিনা সম্বলপুৰৰ পৰা ৩১ মাইল দূৰৈৰ বেংগল, নাগপুৰ ৰেলৰ জংছন ঝাৰচোগােড়া জংছন পাওঁতে কিছু পলম হােৱাত ঝাৰচোগােড়া পােৱাৰ আগতে বােম্বাই মেইলখনে, ষ্টেচন এৰিছিল। পিছত ষ্টেচনতে অপেক্ষা কৰি থাকোতে ৰাতি দুই তিনিমান বজাতহে কলিকতালৈ যােৱা পেছেঞ্জাৰ এখনত উঠি পিছদিনা ৰাতি ৮ বজামানত কলিকতা পাইছিল। এই যাত্ৰাত ৰাতিটো অনাহাৰে থাকিবলগীয়া হৈছিল কিয়নাে তেওঁলােকে এইখন ট্রেইনত খাবৰ বাবে একো নিয়া নাছিল। লগত জমা থকা খােৱা বস্তুও শেষ হৈছিল। গতিকে সময় বাঢ়ি যােৱাৰ লগে লগে তেওঁলােক ভােকত অতিষ্ঠ হৈ পৰিছিল। গার্ডক কৈ খৰগপুৰ আৰু চক্ৰধৰপুৰ ৰিফ্রেছমেণ্ট ৰূমৰ মেনেজাৰলৈ টেলিগ্রামাে কৰিছিল আহাৰ যােগান ধৰাৰ বাবে। কিন্তু টেলিগ্রাম কৰবাত পৰি থাকিল, তেওঁলােকৰ বাবে কোনাে সঁহাৰি নাহিল। ফুটা নাৱত চিৰচিৰকৈ পানী সােমােৱাদি ওৰে দিনটো লেখকৰ পেটত ভােকে চিৰচিৰাই থাকিল। অৱশেষত পেটৰ ভােকৰ ফুটাত সােপা দি ৰাখিবলৈ ষ্টেচনত বিক্ৰী কৰা কচুৰি-শিঙৰাকে খাই তেওঁলােকে কলিকতা পালে। ট্রেইন যাত্ৰাত দ্বিতীয় শ্রেণীৰ ডবাবােৰত কিছুমান মগনিয়াৰ মানুহ সােমাই ভিৰ কৰিছিল। শেষত মানুহৰ ভিৰ বাঢ়ি ডবাবােৰ অন্ধকূপ যেন হৈ পৰিছিল। এনেদৰে নানা আহুকালৰ মাজেৰে আহি লেখকে বাইশ তাৰিখে গুৱাহাটীত উপস্থিত হৈছিলহি।

মোৰ মাতৃমুখ দর্শন Class 12

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ ‘মােৰ মাতৃ মুখ দর্শন’ত লেখকে উল্লেখ কৰা মাজিউ’ আৰু জ্ঞান’ কোন আছিল?
উ : ‘মােৰ মাতৃমুখ দর্শন’ত লেখকে উল্লেখ কৰা ‘মাজিউ’ আছিল সুকবি, সু-বিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্র কুমাৰ আগৰৱালা আৰু জ্ঞান’ আছিল আর্সল কলেজৰ প্রসিদ্ধ প্রিন্সিপাল মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এৰ।

লগতে পঢ়ক:   মগনিয়াৰ কথা কবিতা Class 12 Question Answer দ্বাদশ শ্ৰেণী

প্রঃ ডিব্ৰুগড়ৰ অসমীয়া তিৰােতাসকলৰ কেনে ধৰণৰ গড়গতি আৰু কার্যকলাপত লক্ষ্মীনাথ বেজবৰুৱা আনন্দ বিমিশ্রিত আচৰিত হৈ পৰিছিল চমুকৈ লিখা। (2021) নাইবা-
‘ডিব্ৰুগড়ত গােটাচেৰেক কথাই মােক বৰ সন্তোষ দিছিল’– ডিব্ৰুগড়ত কোনবােৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, বুজাই লিখা। (2018)
উঃ লেখকে মাতৃমুখ দর্শনৰ বাবে অসমলৈ আহি কেইদিনমান ডিব্ৰুগড়ত কটাইছিল। কথাতে কয় ‘আইৰাে বার্তা, গংগাৰৰ যাত্রা। বেজবৰুৱায়াে ডিব্ৰুগড়ত থকা জী-জোঁৱাইৰ খবৰ লােৱাৰ লগতে বন্ধুবান্ধব, সতীর্থ সকলৰ লগতে সাক্ষাৎ কৰিছিল। দুই-এদিন ডিবুৰুতে থাকি কিছুমান নতুন নতুন জ্ঞান লাভ কৰিছিল। গােটাচেৰেক দুই-এটা কথাই তেওঁক সন্তোষ দিছিল বুলি কৈছে। প্রথমে তেওঁ সন্তোষ লাভ কৰিছিল ডিবুৰৰ অসমীয়া মহিলাসকলৰ কার্যকলাপ, মাত কথা, ব্যৱহাৰ দেখি। তেওঁলােক ওৰণিৰ তলতে আবদ্ধ হৈ চেঁচুকৰ ডেমডেউকা হৈ থকা নাই। শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কাম-কাজততা আজি-কালি তেওঁলোক অগ্রণী, সকলাে সজ কামত পুৰুষৰ সমানে আগ্রহী হৈ অংশ লয়। ৰক্ষণশীল সমাজৰ শিকলি ছিঙি তেওঁলোেক ওলাই আহিছে। সভা-সমিতিত সুন্দৰ বক্তৃতা দি নামজ্বলা পুৰুষকো চেৰ পেলাইছে। ৰামমােহন ৰায়ৰ স্মৃতিসভাত কল্যাণীয়া শ্ৰীমতী যােগা দেৱীৰ বক্তৃতা শুনি তেওঁ বৰকৈ অভিভূত হৈ পৰিছিল। অসমীয়া তিৰােতাই মাজতে বােৱা-কটা এৰিছিল। কিন্তু ডিবুৰুৰ মহিলাসকলে পুনৰ হাতে-কামে বােৱা কটা গ্ৰহণ কৰিছিল। বেজবৰুৱাদেৱক সন্তোষ দিয়া আন এটা কথা হল বালিকা স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীমতী গৌৰীপ্রভা চলিহাৰ ব্যৱহাৰ। তেওঁ লগত সহশিক্ষয়িত্ৰী আৰু একুৰিমান ছাত্ৰী লৈ বেজবৰুৱাক সাক্ষাৎ কৰিবলৈ আহিছিল। তেওঁলােকে বেজবৰুৱাক সন্মান যাচি বিদ্যালয়খনলৈ গৈ দুই এটি জ্ঞান গর্ভ উপদেশ দিবলৈ নিমন্ত্রণ কৰিছিল। তেওঁলােকৰ নিমন্ত্রণে লেখকক বৰকৈ আনন্দিত কৰিছিল। লেখকক তেওঁলােকৰ সন্মান আৰু আন এক কার্যই বৰকৈ সন্তোষ দিছিল। স্কুলখনলৈ তেওঁ গৈ পােৱাত তেওঁলােকে বৰ আদৰ-সাদৰ কৰিছিল। বাছকবনীয়া ৰূপৰ বঁটা এটাত যি কাকত এডুখৰি দি সন্মান জনাইছিল সেয়াই সদায় সন্তোষ দি থাকিব বুলি উল্লেখ কৰিছে। ডিবুৰুৰ সম্রান্ত ঘৰৰ মহিলাসকলৰ ব্যৱহাৰেও লেখকক সন্তোষ দিছিল। তেওঁলােকৰ মুগাৰ কাপােত ছােৱা সভাৰ অভিনন্দন পত্ৰখন লাভ কৰি বৰ আনন্দ লাভ কৰিছিল। এয়া যেন তেওঁৰ হাতত আদৰৰ সমল হৈ থাকিব।

ডিবুৰুৰ ডেকাসকলৰ সাংস্কৃতিক চিন্তা-ভাৱনা। দেখিও লেখকে সন্তোষ পাইছিল। ৰংগশালত ডেকাসকলৰ গান-বাজনা, নাট-যাত্রা-ভাওনা আদিৰ অনুশীলন দেখি লেখকে বৰ আনন্দ পাইছিল। স্নেহাস্পদ মুক্তানাথ বৰদলৈৰ পেইন্টিং আৰু ফটোগ্রাফীয়েও তেওঁক সন্তোষ দিছিল।

Class 12 Assamese Lesson 1 Question Answer

(পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণকথা কি বিষয়ক গ্রন্থ?
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণকথা’ এখন তত্ত্বমূলক গ্রন্থ।

প্রঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ কাৰণ তিনিটা হ’ল—(১) গুৱাহাটীৰ প্রাকৃতিক সৌন্দর্য (২) গুৱাহাটীৰ ঐতিহাসিক উৎকর্ষ আৰু (৩) গুৱাহাটীৰ প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা।

প্রঃ “পানীমে মীন পিয়াসী।
মােক শুনত শুনত লাগে হাসি”।
এই পদ ফাকি কাৰ ৰচনা? পদফাঁকি অর্থ কি? বেজবৰুৱাই কি প্ৰসংগত ইয়াৰ অৱতাৰণা কৰিছে?

উঃ এই পদফাঁকি ভক্ত কবীৰৰ ৰচনা। এই পদফাঁকি এটা দোহাৰ অন্তৰ্গত। বেজবৰুৱাদেৱ বছৰ ধৰি কর্মব্যস্ততাৰ বাবে মাতৃভূমিলৈ আহিব পৰা নাছিল। এজন অসমীয়া ডেকাই গপ বা অভিমানত তেওঁ মাতৃভূমিৰ পৰা আঁতৰি আছে বুলি অভিযােগ কৰিছিল। এই অভিযােগৰ উত্তৰ দিবলৈ গৈ বেজবৰুৱাই এই পদফাকিৰ অৱতাৰণা কৰিছে। মানুহৰ অন্তৰতে ঈশ্বৰ আছে যদিও ভক্তিহীন অজ্ঞানী মানুহে তেওঁক উপলব্ধি কৰিব নােৱাৰে। অজ্ঞানীজনৰ এনে অৱস্থা দেখি কবিৰ হাঁহি উঠে।

লগতে পঢ়ক:   অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা Class 12th অসমীয়া দ্বাদশ শ্ৰেণী

লক্ষ্মীনাথ বেজবৰুৱাই কর্মব্যস্ততাৰ বাবে বহুবছৰ ধৰি অসমলৈ অহা নাছিল। কলিকতা, সম্বলপুৰ আদিতে বেছি বছৰ কটাইছিল। শিৱসাগৰত অনুষ্ঠিত সভা এখনত এজন অসমীয়া ডেকাই কয় যে বেজবৰুৱাই গপ বা অভিমান কৰিহে মাতৃ ভূমিৰ পৰা আতৰি আছে। মাতৃভূমিৰ প্ৰতি তেওঁৰ যেন আস্থা কমি গৈছে। এয়া শিৱসাগৰীয়া এজন ডেকাৰ অভিযােগ। বেজবৰুৱাই প্রবাসত থাকিও যে মাতৃভূমিৰ প্ৰতি সেৱা কৰি আছে সেয়া যেন ডেকাই বুজি পােৱা নাই। বিধিৰ বিপাকত পৰিলে এডিঙি পানীত থকা মানুহেও পানী বিচাৰি নাপাই পিয়াহত শুকাই মৰে। তেনেদৰে অসমত থাকিও কিছুমানে অসমৰ প্ৰতি একো নকৰে।

মোৰ মাতৃমুখ দর্শন

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ ‘Comedy of Errors’ৰ অসমীয়া ভাঙনি “ভ্ৰমৰংগ” কোন চনত প্ৰকাশ পাইছিল?
উঃ ‘Comedy of Errors’ৰ অসমীয়া ভাঙনি “ভ্ৰমৰংগ” ১৮৮৮ চনত প্রকাশ পাইছিল।

প্রঃ যথা নিযুক্তোহস্মি তথা কৰােমি” পদটিৰ অর্থ লিখা।
উঃ উক্ত সংস্কৃত পদটিৰ অৰ্থ হ’ল— যিদৰে বা যিটো কামৰ বাবে নিযুক্ত হৈছে, তাকে কৰিছে।

ব্যাখ্যা কৰা :
“কালৰ পীড়নত আজিৰ অসম জীর্ণ-শীর্ণ-দীর্ণ।”
উ : “কালৰ পীড়নত আজিৰ অসম জীর্ণ-শীর্ণ-দীর্ণ।” উপৰােক্ত বাক্যৰি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত ‘মােৰ মাতৃমুখ দর্শন’ নামৰ প্রবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

সােণত সুৱগা চৰা অসমী আইয়ে চিৰকাল অসমবাসীক গৌৰৱান্বিত কৰি আহিছে। ইয়াৰ প্রাকৃতিক সৌন্দৰ্য্য, ঐতিহাসিক উৎকর্ষ, প্রাচীন গৰিমাই অসমবাসীক যেন বিশ্ব দৰবাৰত জিলিকাই তুলিছে। চিৰদিন অসমীয়াৰ গৌৰৱৰ ধ্বজা হৈ অহা অসম আজি যেন কালৰ পীড়নত স্নান হৈ যাব ধৰিছে। যুগ-যুগ ধৰি বিভিন্ন জাতি-জনজাতিয়ে অসম মাতৃৰ বুকুত কৰি অহা আঘাতে যদিও অসম মাতৃক জীর্ণ কৰি তুলিছে, তথাপি কেতিয়াও দুর্বল কৰিব পৰা নাই। অসমযাত্রী বিদেশীয়ে অসমীয়াৰ ঢকুৱাৰ বেৰ গুৱাহাটীত নেদেখে, বৰং যিমানকৈ চকু বহলকৈ মেলে, সিমানলৈ বৰচুৰিয়াৰ ফেৰহে দেখিবলৈ পাব বুলি কৈ বেজবৰুৱাদেৱে গুৱাহাটীক অসমৰ গৌৰৱৰ চানেকি বুলি শলাগিছে। অর্থাৎ বিদেশীৰ আঘাতত মান হ’ব খোজা অসমী আইৰ ঐতিহ্য, কীর্তিক গুৱাহাটীয়ে নতুনকৈ প্রতিষ্ঠা কৰা বুলি কোৱাৰ প্ৰসংগতে বেজবৰুৱাদেৱে এই বাক্যৰিৰ অৱতাৰণা কৰিছে।

প্রঃ সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
উ : সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত।

মোৰ মাতৃমুখ দর্শন

প্রঃ বেজবৰুৱাই মাতৃমুখ’দৰ্শনৰ বাবে কৰ পৰা ক’লৈ যাত্ৰা কৰিছিল?
উঃ বেজবৰুৱাই মাতৃমুখ’ দৰ্শনৰ বাবে সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল।

প্রঃ ১৯৩০ চনৰ ১১ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰােতে বেজবৰুৱাৰ সংগী কোন আছিল?
উঃ বেজবৰুৱাদেৱৰ সহধর্মিণী প্রজ্ঞা সুন্দৰী আৰু সৰু জীয়ৰী অসমলৈ যাত্ৰা কৰােতে বেজবৰুৱাৰ সংগী আছিল।

প্রঃ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা।
উ : লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হল— লিতিকাই।

প্রঃ লক্ষ্মীনাথ বেজবৰাই কলকাতাৰ কোনখন উচ্চ শিক্ষা প্রতিষ্ঠানৰ পৰা বি. এ. ডিগ্রী লাভ কৰে?
উঃ লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ জেনেৰেল এছেমব্রি ইনষ্টিটিউশ্যনৰ পৰা বি. এ. ডিগ্রী লাভ কৰে।

প্রঃ অঃ আঃ উঃ সভা মানে কি?
উঃ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা।

প্রঃ মােৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত মাতৃশব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ অন্তত লেখকৰ মাতৃমুখ দর্শন হৈছিল?
উঃ ‘মােৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত মাতৃ’শব্দটিৰ দ্বাৰা লেখকৰ জন্মভূমি অসমৰ কথা বুজোৱা হৈছে। লেখকৰ প্ৰায় ডেৰকুৰি দুকুৰি বছৰৰ অন্তত মাতৃমুখ দর্শন হৈছিল।

প্রঃ মােৰ মাতৃমুখ দর্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কর্মৰ কাহিনীটো তােমাৰ নিজৰ ভাষাত লিখা।
নাইবা
হাহা হুহ’ কোন আছিল? এওঁলােকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা।
উঃ হাহা হুহু পার্বতীয়ে মহাদেৱক পথাৰত আমনি কৰিবলৈ সৃষ্টি কৰা দুজন মানসপুত্ৰ আছিল। মােৰ মাতৃমুখ দর্শন’ পাঠটিত লেখকে মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো এনেদৰে উল্লেখ কৰিছে। মহাদেৱে হেনাে ভাং, ধতুৰা খাই বহি থাকে বুলি এদিন পার্বতীয়ে ধিক্কাৰ দি কৈছিল গৃহস্থৰ কাম-কাজত মন নাই। ইফালে ঘৰতে থকা বৃষভটো (ষাড়গৰু) ঘাঁহ-পানী খাই নােদোকা হৈ পৰিছে। তাৰ দ্বাৰা ধানৰ খেতি কৰে যদিও খাবলৈকে নােজোৰে। ঘৈণীয়েকৰ নানা ককৰ্থনা শুনি মহাদেৱে হেনাে ভাং, ধতুৰা খাই বহি থাকে বুলি এদিন পার্বতীয়ে ধিক্কাৰ দি কৈছিল গৃহস্থৰ কাম-কাজত মন নাই। ইফালে ঘৰতে থকা বৃষভটো (ষাড়গৰু) ঘাঁহ-পানী খাই। নােদোকা হৈ পৰিছে। তাৰ দ্বাৰা ধানৰ খেতি কৰে যদিও খাবলৈকে নােজোৰে। ঘৈণীয়েকৰ নানা ককৰ্থনা শুনি মহাদেৱৰ মনত বৰ বেজাৰ লাগিল। তেওঁ তেতিয়াই খেতি কৰিবলৈ দৃঢ় সংকল্প ল’লে। বৃষভৰ পিঠিত উঠি তেওঁ টুক- টুককৈ গৈ খেতি কৰিবলৈ লাগিল। দেৱাদিদেৱ মহাদেৱে খেতি কৰিবলৈ লােৱাত খেতি উভৈনদী হ’ল। মহাদেৱে খেতিত এনেদৰে ব্যস্ত হ’ল যে পথাৰতে দিনে-ৰাতি লাগি থাকি ঘৰলৈ নহা হল। ফলত পার্বতী মহামস্কিলত পৰিল। মহাদেৱক আনিবলৈ নন্দী-ভৃংগীকে ধৰি যােৰে যােৰে পার্বতীয়ে মানুহ পঠিয়ালে। উপায়হীন হৈ পার্বতীয়ে নাৰদক ৰিপুৱা (গুপ্তচৰ) ধৰিলে যদিও বিফল হল। নাৰদে উভতি আহি পার্বতীক ক’লে যে, মহাদেৱে কাৰৰ কথা নুশুনে, কোনাে তেওঁৰ ওচৰকে চাপিব নােৱাৰে। শেষত অনেক ভাবি-চিস্তি পার্বতীয়ে মহদেৱক খেতি কার্যত আমনি কৰিবলৈ উঁহ, মহ, চেৰেপা-চৰ্জন কৰি পঠিয়াই দিলে৷ এইটোও কামত নহাত পার্বতীয়ে হাহা হুহুনামৰ দুজন মানসপুত্র সুজন কৰি মহাদেৱক আনিবলৈ পঠিয়াইছিল।

লগতে পঢ়ক:   জনতাৰ আহ্বান – সম্পূৰ্ণ প্ৰশ্নোত্তৰ দ্বাদশ শ্ৰেণী

মোৰ মাতৃমুখ দর্শন দ্বাদশ শ্ৰেণী

প্র : ডিবুৰত থকা কেইদিন বৰষুণে লিখকক কিদৰে বিধি পথালি দিছিল?
উ : লিখকে ২৪ তাৰিখে পুৱা ন-মান বজাত ডিব্ৰুগড় পাইছিল। সেই দিনাই ৰাতিৰে পৰা তাত বৰষুণৰ লানি লাগিছিল। লিখকৰ ভাষাত বৰষুণ চেলেং পেটেং বিধৰ নাছিল ভালকৈয়ে গা সৰকি যােৱা আছিল। সেই লেলপেল বৰষুণ প্রায় পােন্ধৰ দিন ধৰি চলি আছিল। বৰষুণৰ দৌৰাত্মত কোনেও হৃষ্টচিত্তেৰে ওলাই বা ফুৰিবলৈ যাব নােৱাৰিছিল লিখকে ৰাজনৈতিক বন্দীৰ দ্বৰে জী-জোঁৱাইৰ ঘৰতে সােমাই থাকিল। বিভিন্ন ঠাইলৈ যাত্ৰা কৰা কল্পনাবােৰত পুৱা বৰষুণে বিধি পথালি দিছিল। বন্ধুৰ ঘৰলৈ যােৱা, চিকাৰলৈ যােৱা, সভা সমিতিলৈ যােৱা কার্যবােৰত এনেদৰে লিখকক বৰষুণে বিধি পথালি দিছিল।

প্রঃ লিখকে ট্রেইন যাত্ৰাৰ সময়ত কালৈ কিয় টেলিগ্রাম কৰিছিল?
উ : ঝাৰচোগােড়াৰ পৰা কলিকতা যাত্ৰাৰ সময়ত নিশা তেওঁলােকৰ খােৱা বস্তুৰ প্ৰয়ােজন হৈছিল। প্রথম ট্রেইনখন ধৰিব নােৱাৰাৰ বাবে তেওঁলােকক যথেষ্ট আহুকালে দেখা দিছিল। পিছত পেচেঞ্জাৰ ট্ৰেইনতহে ঝাৰচোগােড়াৰ পৰা কলিকতালৈ আহিবলগীয়া হ’ল। পেছেঞ্জাৰ ট্ৰেইনত আহাৰৰ ব্যৱস্থা নাছিল ভােকে ইতিমধ্যে তেওঁলােকৰ পেটত কলমলাই আছিল। পিছত লেখকে গার্ডক কৈ খৰগপুৰ আৰু চক্ৰধৰপুৰ ৰিফ্রেছমেন্ট ৰূমৰ মেনেজাৰলৈ টেলিগ্রাম কৰিছিল- যাতে তেওঁলােকৰ বাবে অলপ আহাৰৰ ব্যৱস্থা কৰে। কিন্তু তাৰাে কোনাে সঁহাৰি নাপালে। শেষত লিখকে ষ্টেচনত বিক্ৰী কৰা শিঙৰা, কচুৰিকে খাই ভােকৰ ফুটাত সােপা দিছিল।

প্র : লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্প জনক বুলি কোৱা হয়?
উঃ ঊনবিংশ শতিকাৰ শেষ দশকত কলিকতাত পঢ়িবলৈ যােৱা এমুঠি ডেকা সাহিত্যিকে অসমীয়া সাহিত্যলৈ এক নৱচেতনা কঢ়িয়াই আনিছিল। সেই সকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা অন্যতম। বেজবৰুৱাদেৱে জোনাকী আলোচনীত চুটিগল্প লিখাৰ শুভাৰম্ভ কৰিছিল “ভদৰী”, নামৰ এটি গল্পৰ জৰিয়তে। এই গল্পটিকে প্রথম অসমীয়া চুটি গল্প বুলি অভিহিত কৰা হয়। পৰৱৰ্তী সময়ত বেজবৰুৱাদেৱে “জোনবিৰি, সাধুকথাৰ কুকি, কেহােকলি, সুৰভি আদি চুটিগল্প” পুথিৰ সম্ভাৰেৰে অসমীয়া গল্পসাহিত্য সমৃদ্ধ কৰে। সেয়ে বেজবৰুৱাদেৱক চুটিগল্পৰ জনক বুলি আখ্যা দিয়া হৈছে।

 

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top