বৰগীত Class 10 Question Answer দশম শ্ৰেণী পাঠ ১

বৰগীত
বিষয়  অসমীয়া (Assamese)
কিতাপৰ নাম অসমীয়া সাহিত্য চয়নিকা
খণ্ড পদ্য়াংশ
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ
লেখক
শ্ৰীশ্ৰীমাধৱদেৱ
শ্ৰেণী  দশম (X)
পাঠ 
পাঠৰ নাম বৰগীত
পাঠ্যক্ৰম  ছেবা (SEBA)

বৰগীত Class 10

বৰগীত class 10 short questions

প্রঃ সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা ।

অধমে জানিবো কেনে তোমাৰ মহিমা ।।

ক) শ্ৰী শ্ৰী মাধৱদেৱৰ মহিমা। খ)  মহাপুৰুষ শংকৰদেৱৰ মহিমা। গ) হৰিৰ মহিমা।  ঘ) গোবিন্দগিৰী ভূঞাৰ মহিমা।

উঃ গ) হৰিৰ মহিমা

প্রঃ তলৰ কোনটো নীতি বৰগীতৰ লক্ষণ  ?

ক) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত  খ)  বৰগীতসমূহ ভোজপুৰী আধুনিক গীত গ)  বৰগীতসমূহ অসমীয়া আধুনিক গীত ঘ)  বৰগীতসমূহ নেৱাৰী, আধুনিক গীত

উঃ ক) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত

প্রঃ ‘বিষয় বিকলে’ মানে কি ?

ক) মায়াৰ বন্ধনত কাতৰ খ)বিষয়-বাসনাত কাতৰ  গ)ধ্যানৰ চিন্তাত কাতৰ  ঘ)নিগমশাস্ত্ৰৰ বাবে কাতৰ

উঃ  খ)  বিষয়-বাসনাত কাতৰ

প্রঃ মানুহে কেতিয়া মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে বুলি বৰগীতটোত উল্লেখ কৰিছে 

ক) সাহিত্য সৌন্দৰ্যৰ জ্ঞান লাভ কৰিব পাৰিলে  খ)ভকতৰ কৃপা লাভ কৰিব পাৰিলে গ)হৰিৰ কৃপা লাভ কৰিব পাৰিলে  ঘ)সংসাৰৰ সুখ লাভ কৰিব পাৰিলে

উঃ গ) হৰিৰ কৃপা লাভ কৰিব পাৰিলে

প্রঃ তলত উল্লেখ কৰা কোন শাৰী পদে মায়াৰ বন্ধনৰ কথা বুজাইছে ?

ক) আতুৰ ভৈলোহো হৰি বিষয় বিকলে খ)কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ গ)সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা ঘ)কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে

উঃ খ)  কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ

বৰগীত Class 10 Question Answer

প্রঃ অর্থ লিখাঃ
নিগম নিগম →শাস্ত্র। ছােড়→ ছিঙি দিয়া। মােহপাশ→মায়াৰ বন্ধন। ধিয়ায়→ধ্যান কৰে। যাহাকু→যিজনক।
প্র : ১। চমুকৈ উত্তৰ দিয়া ।

(ক) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?
উঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ হ’ল নামঘােষা।”

(খ) “…নেৰিবা বান্ধৱ মােক জীৱনে মৰণে।”
কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰােধ কৰিছে?
উঃ কবিয়ে জীৱনে-মৰণে নেৰিবৰ বাবে ভগৱান শ্রীকৃষ্ণক অনুৰােধ কৰিছে।

(গ) তােমাৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীতটো কি ৰাগৰ?
উঃ শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীতটো বসন্ত ৰাগৰ।।

(ঘ) সনক সনন্দ যােগী যাহাকু ধিয়ায়।
-সনক, সনন্দ আদি যােগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
উ : সনক, সনন্দ আদি যােগীসকলে শ্রীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

(ঙ) কবি কিহত আতুৰ হােৱা বুলি কৈছে?
উঃ কবি সংসাৰৰ দুখ-যন্ত্রণা, বিষয় বাসনাত আতুৰ হােৱা বুলি কৈছে।

(চ) বৰগীতটি কোনে ৰচনা কৰিছে?
উঃ বৰগীতটি শ্রীশ্রী মাধৱদেৱে ৰচনা কৰিছে।

(জ) কবিয়ে বান্ধৱ বুলি কাক সম্বােধন কৰিছে?
উ : কবিয়ে বান্ধৱ বুলি শ্রীকৃষ্ণক সম্বােধন কৰিছে।

(ঝ) মােহ-পাশ’ মানে কি?
উঃ ‘মােহ-পাশ’– মানে মায়াৰ পাশ বা মায়াৰ বন্ধন।

বৰগীত class 10 answers

প্রঃ চমু টোকা লিখা : 

ব্ৰজাৱলী ভাষাঃ  ব্ৰজাৱলী ভাষা এক প্রকাৰ কৃত্রিম সাহিত্যিক ভাষা। শ্ৰীমন্ত শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত এটা কৃত্রিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল। এই ভাষাক ব্রজবুলি, ব্রজবোল নামেৰেও জনা যায়। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভােজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্রণেৰে ই ঠাইবিশেষে একোটা স্বতন্ত্র ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু প্ৰচুৰ স্বৰধ্বনিৰ অধিক প্রয়োেগৰ বাবে শ্রুতিমধুৰ।

লগতে পঢ়ক:   প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answer

প্রঃ ২। বৰগীতৰ তিনিটা লক্ষণৰ বিষয়ে লিখা।
উঃ বৰগীতৰ তিনিটা লক্ষণ হৈছে—
(১) বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত।
(২) বৰগীতৰ ভাষা ব্ৰজাৱলী।
(৩) বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।

প্র : ৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
উঃ কবি পৰিচয়ঃ শ্রীশ্রীমাধৱদেৱ নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্রচাৰক। তেওঁ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গােবিন্দগিৰী ভূঞা আৰু মাতৃ মনােৰমা। শংকৰদেৱৰ প্রিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুকৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধর্ম প্রচাৰ কৰিছিল। মাধৱদেৱ ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰে পূজাৰী আছিল। তেওঁৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ’ল নামঘােষা’, এহেজাৰটা ঘােষা থকা বাবে এইখনক হেজাৰী ঘােষা বুলিও কোৱা হয়। তেখেতৰ আন আন ৰচনাসমূহ হ’ল- আখ্যানমূলক ৰচনা-ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
নাটক— অর্জুন ভঞ্জন বা দধিমথন।
ঝুমুৰা— চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি লেটোৱা, ভােজনবিহাৰ।।
তত্ত্বমূলক ৰচনা—জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমল্লিকা।

বৰগীত class 10 মূলভাব

প্র : ৪। বৰগীতটিৰ মূলভাৱ লিখা।
উঃ মূলভাৱঃ শ্রীশ্রী মাধৱদেৱৰ ৰচিত বৰগীতসমূহ ভক্তি তত্ত্বৰে ভৰপূৰ। এই বৰগীতটোৰে কবিয়ে সংসাৰৰ প্ৰতি যি বিৰক্তি পৰমার্থক তাকেই ব্যক্ত কৰিছে। পৰমানন্দৰ গৰাকী স্বয়ং কৃষ্ণ৷ তেওঁ সমস্ত জগত ব্যাপী আছে। তেওঁৰ পৰাই সমগ্র বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টি হৈছে। তেওঁ হৈছে নিৰাকাৰ, ত্রাণকর্তা আৰু জগতৰ মুক্তিদাতা। কৃষ্ণৰ লীলা সাধাৰণ মানুহে বুজি নাপায়। সনক, সনন্দ আদি যোগীসকলেও কৃষ্ণক পাবৰ বাবে হেজাৰ বছৰ তপস্যা কৰিছিল। তেনেস্থলত কবিয়ে কৃষ্ণৰ স্বৰূপ কিদৰে বুজিব। জগতপতিৰ সন্ধান নাপাই আমি মায়াত বন্দী হওঁ। ঈশ্বৰক উপলব্ধি কৰিব পাৰিলেই আমি সংসাৰ বন্ধনৰ পৰা মুক্তি পাব পাৰোঁ। কবিয়ে নিজকে অধম বুলি কৈ ভগৱানৰ চৰণত আশ্রয় লােৱাৰ বাহিৰে অন্য উপায় নাই বুলি নিজকে সমর্পন কৰিছে।

বৰগীত class 10 ব্যাখ্যা কৰা

(ক) “সহস্র বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবাে কেনে তােমাৰ মহিমা।”

সংগতিঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা উদ্ধৃত কৰা হৈছে।

প্রসংগঃ হৰিৰ মহিমা বর্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ ভগৱান শ্রীকৃষ্ণ অনাদি অনন্ত। তেওঁ কৃপাৰ সাগৰ। সনক, সনন্দৰ দৰে মহান যােগীয়ে ধ্যান, তপ কৰি, নিজকে তেওঁৰ ওচৰত অৰ্পণ কৰি, সত সহস্র বাৰ এই ধৰাত জন্ম লভিও যাৰ বিষয়ে জানিব নােৱাৰি, একো সীমাই বিচাৰি নাপায়। কিন্তু সেই অনাদি অনন্ত বিশ্বব্রহ্মাণ্ডৰ গৰাকী এই বিশ্বৰ প্ৰতিটো কোণতেই বিৰাজমান। মহাপুৰুষজনাই নিজকে অধম জ্ঞান কৰি কৈছে যে সংসাৰৰ মায়া-মমাহত আৱদ্ধ অধমে কেনেদৰে তেওঁৰ অস্তিত্বৰ বিষয়ে জানিব পাৰিব।

লগতে পঢ়ক:   জিকিৰ Class 10 দশম শ্ৰেণী অসমীয়া পাঠ ২

 (খ) “আতুৰ ভৈলােহাে হৰি বিষয় বিকলে।
কৰিয়াে উদ্ধাৰ মােক চৰণ কমলে।”

সংগতিঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ মহাপুৰুষ মাধৱদেৱ ৰচিত বৰগীতটোৰ পৰা তুলি অনা হৈছে।

প্রসংগঃ সংসাৰৰ মায়াপাশৰ পৰা মুক্তিপথ দেখুৱাবলৈ হৰিক প্রার্থনা জনাই কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যা: সংসাৰৰ মায়া-মমাহৰ পৰা পৰিত্ৰাণ পােৱাৰ একমাত্র পথ হৈছে ভগৱানৰ চৰণত শৰণ লােৱা। যােগী, মহাযােগীসকলে যাৰ মহিমা বুলিব নােৱাৰে সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে সাধাৰণ মানুহে কেনেকৈ বুজিব পাৰিব। সংসাৰৰ দুখ যাতনাৰ পৰা পৰিত্ৰাণ পাবলৈ কবিয়ে ভগৱানক কাকূতি কৰিছে যাতে ভগৱানে তেওঁৰ চৰণ কমলত ঠাই দি কবিক উদ্ধাৰ কৰে।

Also Read: বিষাদ যোগ Class 10

দশম শ্ৰেণী অসমীয়া পাঠ ১

(গ) তােমাৰ চৰণ দুই মােৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীবন।”

সংগতিঃ উদ্ধৃত পদফাকি আমাৰ পাঠ্যপুথি সাহিত্য-সুবাসৰ মহাপুৰুষ শ্ৰী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’ পাঠটিৰ পৰা লােৱা হৈছে।

প্রসংগঃ পদফাকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে, ভগৱানৰ চৰণতে ভক্তসকলৰ প্রকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেই
হ’ল অমূল্য সম্পদ।

ব্যাখ্যাঃ কৃষ্ণ হ’ল পৰম পুৰুষ ভগৱান। তেওঁ আচলতে ভকতৰ অধীন। যিজন নিষ্কাম ভকত তেওঁকহে ভগৱানে ধৰা দিয়ে। কবিৰ মতে কৃষ্ণৰ চৰণ দুখনি তেওঁৰ বাবে মহাধন। ভকতৰ বাবে কৃষ্ণই হৈছে একমাত্র মুক্তিদাতা। কৃষ্ণই ভকতৰ মনােবাঞ্ছা পূৰণ কৰিবলৈ ভক্তকে পৰীক্ষা কৰে। গতিকে হৰিয়ে যেন এবাৰলৈ তেওঁক অর্থাৎ ভকতক কৃপা কৰে, এয়ে কবিৰ একমাত্র প্রার্থনা।

প্রঃ ৬। সনক সনন্দ যােগী যাহাকু ধিয়ায়’
সকল নিগমে যাক বিচাৰি নপায়।” —তাৎপর্য বিচাৰ কৰাঁ।
উঃ ইয়াত পৰম পুৰুষ ভগৱান শ্রীকৃষ্ণৰ কথা কোৱা হৈছে। কৃষ্ণই অপাৰ মহিমাৰে সংসাৰৰ দুখ মােচন কৰিছে। তেওঁ নিৰাকাৰ আৰু তেওঁৰ লীলা অপাৰ। সনক, সনন্দৰ দৰে যােগীয়েও ধ্যান কৰি তেওঁৰ মহিমা বুজিব নােৱাৰে। তেনেস্থলত পৰমেশ্বৰৰ মহিমা নিজকে অধম বুলি কৈ মাধৱদেৱে কেনেকৈ বুজিব পাৰিব। এই কথাকেই পদকিৰ মাজেৰে কবিয়ে ব্যক্ত কৰিছে।

ভাষা বিষয়ক

১/তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা ?
নপাৰস্তু, কেনে, ভৈলােহাে, তুমিসে,জনেৰ , ।

শব্দ আধুনিক ৰূপ।
নপাৰস্তু নাপায়
কেনে কেনেকৈ, কিদৰে
ভৈলােহাে হলো
তুমিসে তুমিহে, তুমিয়েই
জনেৰ জনৰ, সকলৱ
  কয়

Class 10 Assamese Borgeet Question Answer

ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উঃ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হলঃ

(ক) ব্ৰজাৱলী হ’ল মধ্যযুগীয় বৈওৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্রিম সাহিত্যিক ভাষা।

(খ) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ’ল মৈথিলী ভাষা।

(গ) পশ্চিমা হিন্দীৰ অপভ্রংশ ব্রজভাষাৰ লগত এই ভাষাৰ কোনাে সম্পর্ক নাই।

(ঘ) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্রহণ কৰিছে।

লগতে পঢ়ক:   দৃশ্যান্তৰ কবিতা – (প্রশ্নোত্তৰ) Class 10 Assamese Lesson 5 Question Answer

(ও) ব্ৰজাৱলী ভাষাটো শক্তিশালী হােৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্রয়ােগ হােৱাৰ বাবে ই অতি শ্রুতি মধুৰ হৈ পৰিছে।

বৰগীত class 10 অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

(ক) মাধৱদেৱৰ কেতিয়া আৰু কত জন্ম হৈছিল ?

উঃ মাধৱদেৱৰ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰনাৰায়ণপুৰৰ লেটেকুপুখুৰীত জন্ম হৈছিল।

(খ) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উঃ মাধৱদেৱৰ পিতৃৰ নাম গােবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনােৰ আছিল।

(গ) মাধৱদেৱ কাৰ প্রিয় শিষ্য আছিল ?
উঃ মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্রিয় শিষ্য আছিল।

(ঘ) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?
উঃ মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।

প্র: বৰগীত মূলভাব লিখা

উঃ মূলভাৱঃ শ্রীশ্রী মাধৱদেৱৰ ৰচিত বৰগীতসমূহ ভক্তি তত্ত্বৰে ভৰপূৰ। এই বৰগীতটোৰে কবিয়ে সংসাৰৰ প্ৰতি যি বিৰক্তি পৰমার্থক তাকেই ব্যক্ত কৰিছে। পৰমানন্দৰ গৰাকী স্বয়ং কৃষ্ণ৷ তেওঁ সমস্ত জগত ব্যাপী আছে। তেওঁৰ পৰাই সমগ্র বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টি হৈছে। তেওঁ হৈছে নিৰাকাৰ, ত্রাণকর্তা আৰু জগতৰ মুক্তিদাতা। কৃষ্ণৰ লীলা সাধাৰণ মানুহে বুজি নাপায়। সনক, সনন্দ আদি যোগীসকলেও কৃষ্ণক পাবৰ বাবে হেজাৰ বছৰ তপস্যা কৰিছিল। তেনেস্থলত কবিয়ে কৃষ্ণৰ স্বৰূপ কিদৰে বুজিব। জগতপতিৰ সন্ধান নাপাই আমি মায়াত বন্দী হওঁ। ঈশ্বৰক উপলব্ধি কৰিব পাৰিলেই আমি সংসাৰ বন্ধনৰ পৰা মুক্তি পাব পাৰোঁ। কবিয়ে নিজকে অধম বুলি কৈ ভগৱানৰ চৰণত আশ্রয় লােৱাৰ বাহিৰে অন্য উপায় নাই বুলি নিজকে সমর্পন কৰিছে।

প্রঃ বৰগীতৰ তিনিটা লক্ষণৰ বিষয়ে লিখা।

উঃ বৰগীতৰ তিনিটা লক্ষণ হৈছে—
(১) বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত।
(২) বৰগীতৰ ভাষা ব্ৰজাৱলী।
(৩) বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।

প্রঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?

উঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ হ’ল নামঘােষা।

1 thought on “বৰগীত Class 10 Question Answer দশম শ্ৰেণী পাঠ ১”

  1. Prabhat sobor

    Thank you for the answers and good writing the lesson but I am so happy it’s
    So important for me thank you

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top