মগনিয়াৰ কথা কবিতা Class 12 Question Answer দ্বাদশ শ্ৰেণী

বিষয়  অসমীয়া
পাঠৰ নাম মগনিয়াৰ (কথা কবিতা)
শ্ৰেণী  দ্বাদশ শ্ৰেণী
কবি যতীন্দ্রনাথ দুৱৰা
গােট গদ্যাংশ
পাঠৰ নং অধ্যায় ১
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মগনিয়াৰ কথা কবিতা Class 12

(পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ যতীন্দ্রনাথ দুৱৰাই কোনখন কাব্যপুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উঃ যতীন্দ্রনাথ দুৱৰাই বনফুল কবিতাপুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

প্রঃ ওমৰ তীর্থ’ কাব্যপুথিৰ মুল কি?
উ : ‘ওমৰ তীর্থ’ কাব্যপুথিৰ মূল হল— ফার্চী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়ত।

প্রঃ কোনগৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা- কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে? 
নাইবা
যতীন্দ্রনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটো কোনগৰাকী ৰুচ সাহিত্যিকৰ কোনটো কবিতাৰ লগত সাদৃশ্য আছে?
উ : যতীন্দ্রনাথ দুৱৰাৰ মগনিয়া’ৰ কথা কবিতাটো ৰুছ সাহিত্যিক আইভান টুর্গেনিভৰ “The Beggar” নামৰ কথা কবিতাটোৰ লগত সাদৃশ্য আছে।

(পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ অসমীয়া সাহিত্যত প্রথম কথা কবিতা ৰচনা কৰা কৰিগৰাকী কোন?
উঃ অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা কবিতাৰ ৰচক হ’ল যতীন্দ্র নাথ দুৱৰা।

প্রঃ কবিয়ে লগ পােৱা মগনিয়াৰজনৰ শৰীৰৰ চমু বর্ণনা দিয়া।
উঃ কবিয়ে লগ পােৱা মগনিয়াৰজন আছিল বুঢ়া বেমাৰী। তেওঁৰ গাৰ হাড়-ছাল ওলােৱা, ওঁঠ দুটা শেতা আৰু চকু দুটা ৰঙা আছিল। তেওঁৰ উখহা অপৰিষ্কাৰ হাত আৰু গাত ফটা-কাপােৰ আছিল। দেখিলেই ধৰিব পাৰি তেওঁ দৰিদ্ৰতাৰজ্বলন্ত প্রতিমূর্তি।

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র: “কি হল একো কথা নাই”- ইয়াৰ কাৰণে অশেষ ধন্যবাদ”—কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাইলিখা।
উ : উক্ত কথাষাৰ যতীন্দ্রনাথ দুৱৰাৰ মগনিয়াৰ নামৰ কথা- কবিতাটোৰ পৰা তুলি অনা হৈছে। এই কথাষাৰ মগনিয়াৰজনে কবি যতীন্দ্রনাথ দুৱৰাক কৈছিল।
কবিয়ে ৰাষ্টাৰে গৈ থাকোত হাড় ছাল ওলােৱা, ফটা কাপােৰ পিন্ধা এজন মগনিয়াৰক লগ পাইছিল। কবিয়ে সুন্দৰকৈ বুজি পাইছিলে যে তেওঁ দৰিদ্ৰতাৰ কবলত পৰি শুকাই ক্ষিণাই গৈছে, সর্বদেহত দৰিদ্ৰতাৰ চিন পৰিস্ফুট। মগনিয়াৰজনৰ প্রতি কবিৰ পুতৌ জন্মিছিল যদিও মগনিয়াৰজনক দিবলৈ কবিৰ হাতত একোৱেই নাছিল। সেই সময়ত মগনিয়াৰজনৰ দৰে কবিয়ে নিজকে অসহায় আৰু ভিক্ষাৰী বুলি অনুভৱ কৰিছিল। সেই সময়ত মগনিয়াৰজনৰ প্রতি
কবিৰ অন্তৰত সহানুভূতিৰ বাহিৰে দিবলৈ একো নাছিল। কবিয়ে মগনিয়াৰজনৰ দুহাতত সাবটি ধৰি কৈছিল ককাই, মােৰ ওপৰত খং নকৰিবা মােৰ হাতত একোৱেই নাই। সেয়েহে মগনিয়াজনৰ দুই ওঁঠেৰে আনন্দৰ হাঁহি বিৰিঙিছিল। মুখৰ মধুৰ মাত এষাৰিও কেতিয়াবা বহুমূলীয়া দান হ’ব পাৰে। তেওঁ ভাবিছিল অন্তত এইজনেই মানুহ যিজনে মগনিয়াৰজনক ঘৃণা নকৰে। তেওঁৰ বাবে ইয়াতকৈ মহৎ দান একো হ’ব নােৱাৰে বুলি ভাবি মগনিয়াৰজনে কবিক অশেষ ধন্যবাদ জনাইছিল। দুখীয়াৰ প্রতি মানৱতাবােধেই যে সর্বশ্রেষ্ঠ দান এই কথা কবিয়ে নিজেও বুজি পাইছিল। দৰিদ্ৰতাৰ প্ৰতি থকা আন্তৰিকতা, সহানুভূতি, এই
কথাষাৰৰ মাজত সুন্দৰকৈ প্ৰকাশ পাই ছিল। মগনিয়াৰজনে কবিৰ পৰা কোনাে বস্তু পােৱা নাছিল যদিও তেওঁৰ প্ৰতি কবিয়ে যি আন্তৰিকতা দেখুৱাইছিল
তাকেই তেওঁ দান বুলি ধৰি লৈছিল।

মগনিয়াৰ question answer class 12

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ ওমৰ তীর্থ’ পুথিখন কোন পুথিৰ ভাবানুবাদ?
উঃ ওমৰ তীর্থ’ পুথিখনি ফাচী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়ত নামৰ পুথিখনৰ ভাবানুবাদ।

প্রঃ মগনিয়াৰ শীৰ্ষক কথা কবিতাটোৰ মূলভাৱ লিখা। F-20
উঃ ‘মগনিয়াৰ নামৰ কথা-কবিতাটি কবি যতীন্দ্র নাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত। এদিনাখন কবি বাটেদি গৈ থাকোতে এটা বুঢ়া বেমাৰীহাড়-ছাল ওলাই শুকাই-খীনাই যােৱা মগনিয়াৰ দেখা পাইছিল। মগনিয়াৰজন আহি কবিৰ কাষতে ৰৈছিলহি। কবিয়ে মগনিয়াৰজনক ভালদৰে পর্যবেক্ষণ কৰি দেখা পাইছিল যে মগনিয়াৰজনৰ ওঁঠ দুটা শেঁতা চকু দুটা ৰঙা আৰু গাত কাপোৰ বুলিবলৈ অলপমান ফটা কাপােৰৰ বাহিৰে আন একোৱেই নাই। কবিৰ নিজ চকুৰ আগতে দৰিদ্ৰতাৰ এনে শােক লগা দৃশ্য দেখা পাই মগনিয়াৰজনৰ বাবে বহুত দুখ লাগিছিল, দুখত পৰি যে কেনেকুৱা হৈছে। কবিয়ে এনেদৰে মগনিয়াৰজনৰ কথা ভাবি থাকোতে মগনিয়াৰজনে তাৰ ওখহা অপৰিষ্কাৰ হাতদুখন মেলি কবিক কিবা এটা দিবৰ বাবে অনুৰােধ কৰিলে। কবিয়ে লৰালৰিকৈ নিজৰ চোলাৰ জেপত হাত সুমুৱাই খেপিয়াই চালে, কিন্তু দুর্ভাগ্যবশতঃ মগনিয়াজনক দিবলৈ কবিয়ে একোকে নাপালে, টকা নাই, ঘড়ী নাই আনকি এখন ৰুমালাে নাই।

লগতে পঢ়ক:   কৰুণতম কবিতা প্ৰশ্ন উত্তৰ দ্বাদশ শ্ৰেণী (Question Answer)

কবিয়ে নিজৰ লগত একোকে অনা নাছিল। কবিয়ে নিজৰ পকেটত বস্তু বিচাৰি নােপােৱা স্বত্ত্বেও মগনিয়াৰজনে কিবা এটা পােৱাৰ। আশাত তেতিয়াও কবিৰ ওচৰত হাত পাতিয়েই ৰৈ আছিল আৰু ভোক-পিয়াহে থকা তাৰ দুর্বল শৰীৰটো কঁপিবলৈ ধৰিছিল। মগনিয়াজনৰ এইটো অৱস্থা দেখা পাই কবি আৰু থিৰেৰে থাকিব নােৱৰিলে। তেওঁ তৎক্ষণাত মগনিয়াৰজনৰ হাতত থাপ মাৰি ধৰি কবিয়ে একো দিব নােৱাৰ বাবে তেওঁক খং কৰিবলৈ মানা কৰিলে, কবিৰ ভাষাত— ‘ককাই মােৰ ওপৰত খং নকৰিবা, মােৰ হাতত একোৱেই নাই। তাৰ পিছত মগনিয়াৰজনে আচৰিত ধৰণে এবাৰ কবিলৈ চালে আৰু তাৰ শেতা ওঁঠ দুখনেৰে অলপ হাঁহিলে আৰু কবিৰ হাত দুখনতাে নিজৰ হাতেৰে ধৰি অতি কষ্টেৰে কলে—“একো নহয়, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। অর্থাৎ মগনিয়াৰজনে ইয়াকে বুজালে যে কবিয়ে পার্থিব বস্তু একো দিব নােৱাৰিলেও তেওঁ মগনিয়াৰজনক কৰা ব্যৱহাৰৰ যােগেদি নিজৰ মানৱীয় গুণৰ পৰিচয় দিলে। মগনিয়াৰজনৰ কথাৰ পৰা কবিয়ে বুজি পালে যে মগনিয়াৰজনৰ দৰে কবিও একেবাৰে নিম্ন। মগনিয়াৰজনৰ দৰে তেওঁৰ হাততাে পাৰ্থিৱ বস্তু একো নাই আৰু কবিৰ লগৰীয়া এজনৰ পৰা কবিয়েও এটা আর্শীবাদ পালে।

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন।
উঃ যতীন্দ্রনাথ দুৱৰা হৈছে সাহিত্য একাডেমী বঁটাপ্রাপ্ত প্রথম গৰাকী অসমীয়া।

প্রঃ কবিতা আৰু কথা কবিতাৰ মাজত কি কি পার্থক্য আছে।

প্রঃ কথা কবিতা বুলিলে কি বুজা? ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা। (১৪, ১৮, ২০)
উঃ যি কবিতা সাধাৰণতে গদ্যতৰচনা কৰা হয় তেনে কবিতাক কথা কবিতা বােলা হয়। গদ্যত ৰচিত হয় কাৰণে কথা কবিতাত ছন্দ নাথাকে। কথা কবিতাৰ শ্ৰষ্টা হ’ল ৰুছিয়াৰ বিখ্যাত সাহিত্যিক আইভান টুর্গেনিভ। অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে কবি যতীন্দ্রনাথ দুৱৰাই।
কথা কবিতাৰ তিনিটা বৈশিষ্ট্য হল—
(১) চিত্র ধর্মীতাঃ কথা কবিতা চিত্রধর্মীতাৰ ওপৰত প্রতিষ্ঠিত।

(২) এটা মাত্ৰ ভাৱ প্ৰধানঃ চনেটৰ দৰে কথা কবিতাতাে এটি মাত্র কেন্দ্রস্থ ভাব থাকে। সেই কেন্দ্রস্থ ভাৱটো বিভিন্ন চিত্ৰৰ সহায়ত সজীৱ কৰি তােলা হয়।
(৩) ৰূপকাত্মকঃ কথা কবিতা ৰূপকাত্মক, ইয়াত সংযােজন কৰা প্ৰত্যেকটো চিত্ৰৰ অন্তৰালত একোটি বেলেগ ভাৱ ছদ্মৰূপে অৱস্থান কৰে

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ কথা কবিতা কোন শতিকাত সৃষ্টি হৈছিল? কোনগৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয়?
উঃ কথা কবিতা উনৈশ শতিকাত সৃষ্টি হৈছিল। ৰুছ সাহিত্যিক আইভান টুর্গেনিভক কথা কবিতাৰ জনক বুলি কোৱা হয়।

প্রঃ মগনিয়াৰ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?
উঃ মগনিয়াৰ পাঠটি যতীন্দ্র নাথ দুৱৰাদেৱৰ কথা কবিতা নামৰপুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

প্র : যতীন্দ্র নাথ দুৱৰাই কোন চনত আৰু ক’ত জন্ম হয়?
উ : ১৮৯২ চনত শিৱসাগৰৰ আমােলাপট্টিত যতীন্দ্র নাথ দুৱৰাৰ জন্ম হয়।

প্র : যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন। স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল?
উ : যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হােৱা চতুর্বিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল।

প্রঃ ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।
উঃ ওমৰ খায়াম হ’ল ফাৰ্চী চুফী কবি। তেওঁৰ ৰচিত এখন বিখ্যাত পুথি হ’ল—ৰুবায়ত।

প্রঃ যতীন্দ্রনাথ দুৱৰাক কি কবি বুলি কোৱা হয়?
উ : যতীন্দ্রনাথ দুৱৰাক বনফুলৰ’ কবি বুলি কোৱা হয়।

প্রঃ কথা কবিতা ৰচনা কৰোঁতে কোনগৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল?
উঃ কথা কবিতা ৰচনা কৰোঁতে আফ্রিকাৰ লেখিকা অলিভ শ্রাইনাৰৰ ৰচনাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল।

অতি চমু প্রশ্ন

(প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। অসমীয়া সাহিত্যত প্রথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন?
উত্তৰ: যতীন্দ্র নাথ দুৱৰা।

২। কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?
উত্তরঃ ১৮৯২ চনত।

৩।যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি কোৱা হয়?
উত্তৰঃ বনফুল’ৰ কবি বুলি কোৱা হয়।

৪। ‘ওমৰ তীর্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?
উত্তৰঃ ‘ওমৰ তীর্থ’ পুথিখনি ফাচী ছুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়তৰ’ ভাৱানুবাদ।

কথা কবিতা বৈশিষ্ট্য

(প্ৰতিটো প্রশ্নৰ মূল্যাংক – ২ অথবা ৩)

লগতে পঢ়ক:   মূল্যবোধ শিক্ষা Class 12 অসমীয়া (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

১। কথাকবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ :কথা কবিতা এবিধ কবিতাই। ইয়াত ভাৱ প্ৰকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিবার্চন কৰি লােৱা হয়। কথা-কবিতা পদ্যময় ৰচনা হয়। কথা-কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰে।

কথা কবিতাৰ কেইটিমান লক্ষণ হলঃ
কথা-কবিতাত ৰূপৰ সমাৱেশ থাকে আৰু ই প্ৰায়েই ৰূপাত্মক। কথা কবিতা চিত্র ধর্মিতাৰ ওপৰত প্রতিষ্ঠিত।

২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পার্থক্য আছে?
উত্তৰ: কবিতা আৰু কথা-কবিতাৰ মাজত থকা পার্থক্যবােৰ হ’ল–
(ক) কথা-কবিতা এবিধ কবিতা হ’লেও সম্পূর্ণ ৰূপে কবিতা নহয়, কিন্তু কবিতা এটি সম্পূর্ণ কৰি সূলভ মনােভাবেৰে লিখা হয়।
(খ) কথা-কবিতা চিত্রধর্নিতাৰ ওপৰত প্ৰতিষ্ঠিত; কিন্তু কবিতা যে চিত্রধর্মিতাৰ ওপৰত প্রতিষ্ঠিত হ’বই লাগিব তেনেকুৱা একো কথা নাই ।
(গ) কথা কবিতাত ৰূপৰ সমাবেশ থাকে। আনহাতে সকলো কবিতাত প্রতীক বা ৰূপক নাথাকে ।

৩। ওমৰ খায়ম কোন ? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখ।
উত্তৰঃ ওমৰ খায়াম ফাচী ছুৰ্ফী কবি আছিল। তেওঁ ৰচনা কৰা পুথি এখন হ’ল ‘ৰুবায়ত’।

৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পােৱাৰ কথা কৈছে?
উত্তৰঃ মগনিয়াৰজনে কবিৰ পৰা মানবীয় সহানুভূতি আৰু আন্তৰিকতা দান পােৱাৰ কথা কৈছে।

৫। ককাই, মোৰ ওপৰত খং নকৰিব? মােৰ হাতত একোৱেই নাই।’— কোনে কি প্রসংগত এই উক্তি কৰিছিল?
উত্তৰঃ এই কথাষাৰ কবিয়ে মগনিয়াৰজনক কৈছিল। এদিনাখন কবিয়ে বাটেৰে গৈ থাকোতে হাড়-ছাল ওলােৱা এজন বুঢ়া বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ’লহি। দৰিদ্ৰ ওঁঠ, ছাল ফটা মগনিয়াৰজনক দেখি কবিৰ দয়া উপজিল যদিও বৃদ্ধ মগনিয়াৰ জনক দিবলৈ কবিয়ে মােনাত একো বিচাৰি নাপালে, আনকি এখন ৰুমালাে নাছিল কবিৰ ওচৰত। কবিয়ে লক্ষ্য কৰিছিল যে মগনিয়াৰজনে তেতিয়াও বৰ আশাৰে কবিৰ ওচৰত হাত পাতি থিয় দি আছিল। কবিয়ে তেতিয়া বৰ আন্তৰিকতাৰে মগনিয়াৰ জনৰ হাত দুখন সাৱটি ধৰি একো দিব নােৱাৰা কাৰণে তেওঁক খং নকৰিবলৈ প্ৰশ্নত উদ্ধৃত কথাখিনি কৈছিল।

মগনিয়াৰ শীর্ষক কথা কবিতাটিৰ সাৰাংশ লিখা

দীঘল প্রশ্ন: (প্ৰতিটো প্ৰশ্নৰ মূল্যাকে – ৪ অথবা ৫)

১। মগনিয়াৰ শীর্ষক কথা কবিতাটিৰ সাৰাংশ লিখা
উত্তৰঃ কৰি যতীন্দ্র নাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলােৱা মগনিয়াৰ আহি কবিৰ দুৱাৰৰ সন্মুখত থিয় হৈছে। মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপােৰে দৰিদ্ৰতাৰ শােকদায়ক ছৱি দাঙি ধৰিছে। মগনিয়াৰজনে উখহা অপৰিষ্কাৰ হাত এখন মেলি কবিক সহায় খুজিছে। কবিয়ে মােনাত হাত সুমুৱাই একোকে নাপালে। কবিয়ে নিজৰ লগত টকা, ঘড়ী, ৰুমাল একোৱেই অনা নাহিল। মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰিকৈ ওচৰলৈ গৈ কবিয়ে হাত দুখন সাৱটি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ ক’লে। মগনিয়াৰজনে শেতা ওঁঠ দুখনত অলপ হাঁহি আনি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে । লগতে মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক একপ্ৰকাৰৰ দান বুলিয়ে কবি দুৱৰাৰ সন্মুখত ব্যক্ত কৰিছে। কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা দান পােৱা বুলি কৈ ৰূপকাত্মক অর্থ প্রকাশ কৰিছে। পাঠটোৰ মুখ্য কেন্দ্রস্থ ভাৱ হৈছে দৰিদ্রতা, সেই দৰিদ্ৰতাৰ প্ৰতি থকা কবিৰ আন্তৰিকতা।

২। মগনিয়াৰ পাঠটিত কথা কবিতাৰ কি কি লক্ষ্য পৰিস্ফুট হৈছে?
উত্তৰ: যতীন্দ্রনাথ দুৱাৰৰ মগনিয়াৰ পাঠটি এটি কথা-কবিতা। এই কবিতাটোত কথা- কবিতাৰ উল্লেখিত লক্ষণসমূহ পৰিস্ফুট হৈছে-
(ক)কথা কবিতা ৰূপাত্মক।’ মগনিয়াৰ’ কথা-কবিতাটোত মগনিয়াজনক গােটেই মগনিয়াৰ শ্ৰেণীটোৰে প্ৰতীক তথা ৰূপ হিচাপে গ্ৰহণ কৰা হৈছে।
(খ)কথা কবিতাৰ চিত্ৰধর্মিতাও মগনিয়াৰ কথা কবিতাটিত ফুটি ওলাইছে। ইয়াত সর্বস্বান্ত কবিৰ দৰিদ্ৰতা আৰু মগনিয়াৰ জনৰ দৰিদ্ৰতাৰ সুন্দৰ চিত্ৰ পৰিষ্কাৰকৈ প্রকাশ পাইছে।
(গ) কথা কবিতাৰ এটাই মাথােন কেন্দ্রস্থ ভাৱ থকা বৈশিষ্ট্যও ‘মগনিয়াৰ’কথা কবিতাটিত প্রকাশ পাইছে। কবি আৰু মগনিয়াৰ জনৰ মাজত এটাই মাথােন সাদৃশ্য আছে, সেয়া হ’ল দুয়ােৰে আন্তৰিকতা। এই আন্তৰিকতাই হৈছে ‘মগনিয়াৰ কথা কবিতাটিৰ কেন্দ্রস্থ ভাৱ।

৩. কবি যতীন্দ্র নাথ দুৱৰাৰ সাহিত্যকৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ কবি যতীন্দ্র নাথ দুৱৰাদেৱৰ ১৮৯২ চনত শিৱসাগৰৰ আমােলাপট্টিত জন্ম হয়। কবি যতীন্দ্র নাথ দুৱদেৱে ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনা আৰম্ভ কৰিছিল । তেওঁ ছাত্র অবস্থাত ৰচনা কৰা কবিতা পুথিকেইখন হ’ল- ওমৰ তীর্থ, আপােন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। ‘কথা কবিতা’ তেওঁৰ একমাত্র কথা-কবিতাৰ পুথি। ফাৰ্চী ছুফী কৰি ওমৰ খায়ামৰ ‘ৰুবায়ত’ৰ প্ৰথম অসমীয়ালৈ ভাবানুবাদ কৰি দুৱৰাই ‘ওমৰ তীর্থ’ পুথিখনি ৰচনা কৰে। ‘বনফুল’ কবিতাপুথিৰ বাবে তেওঁ সাহিত্য অকাদেমি বঁটাও লাভ কৰিছিল। এই বঁটা লাভ কৰা তেৱেঁই প্রথম অসমীয়া। দুৱদেৱে ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুর্বিংশ অধিৱেশৰ সভাপতিত্বও কৰিছিল। ১৯৬৪ চনত শিৱসাগৰত দুৱাৰৰ মৃত্যু হয়।

লগতে পঢ়ক:   মিলন Class 12 – নলিনীবালা দেৱী (প্রশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

মগনিয়াৰ কথা কবিতাটোৰ মূলভাৱ

৪।’ মগনিয়াৰ’পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূলভাবটি তােমাৰ ভাষাত লিখা।

উত্তৰঃ ‘মগনিয়াৰ’ পাঠটি যতীন্দ্র নাথ দুৱৰাদেৱৰ ‘কথা কবিতা’নামৰ পুথিখনৰ পৰা লােৱা হৈছে। এদিনাখন কবিয়ে বাটেৰে গৈ থাকোঁতে হাড়-ছাল ওলােৱা এজন বুঢ়া-বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ’লহি। মগনিয়াৰ জনৰ শেতা পৰা ওঁঠ, ৰঙা চকু আৰু ফটা-চিটা কাপােৰৰ দৰিদ্ৰ ৰূপটো দেখি কবিৰ মন ব্যথাৰে ভৰি পৰিল। সেই মুহুর্ততে মগনিয়াৰ জনে কবিৰ কাষলৈ আহি ভিক্ষা খােজাত কবি দোধোৰ-মােধোৰ অৱস্থাত পৰিছিল। কবিয়ে চোলাৰ মােনাত হাত ফুৰাই চালে, কিন্তু একো নাপালে। আনকি এখন ৰুমালাে কবিয়ে বিচাৰি নাপালে। কবিয়ে নিঃস্ব মগনিয়াৰ জনক একো দিবলৈ নাপাই অপৰাধবােধত ভুগিলে। লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি সহায় কৰিব নােৱাৰাৰ বাবে কবিয়ে অতি বিনয়েৰে নিজৰ অসমর্থতা প্রকাশ কৰিলে আৰু অতি আন্তৰিকতাৰে ককাই’ বুলি মগনিয়াৰ জনক সম্বােধি তেওঁক খং নকৰিবলৈ অনুৰােধ জনালে। তাকে শুনি শেতা পৰা ওঁঠ দুটাৰে মগনিয়াৰ জনে বিস্মিত হৈ এটা শেতা হাঁহি মাৰিলে। তাৰ পাছত কবিৰ হাত দুখনত দুর্বলভাৱে ধৰি অতি কষ্টেৰে মাত লগাই কৈছিল— “একো কথা নাই, ইয়াৰ বাবে
অশেষ ধন্যবাদ। ইও যে এটা দান।” নিঃস্ব মগনিয়াৰ জনে কবিৰ মানৱীয় গুণৰ বাবেই কবিক ধন্যবাদ দিয়াত কবিয়ে মগনিয়াৰ জনৰ পৰা এটা অমূল্য পাঠ সংগ্রহ কৰিলে। অর্থতকৈও যে অন্তৰৰ মানৱীয় অনুভূতিৰ মূল্য বেছি। সেই কথাটো কবিয়ে মগনিয়াৰ জনৰ পৰা উপলব্ধি কৰিব পাৰিলে । আন্তৰিকতাই যে
নিঃস্বজনৰ মনতাে আশাৰ সঞ্চাৰ কৰিব পাৰে তাকেই উক্ত কথা-কবিতাটিৰ জৰিয়তে ক’বলৈ। বিচৰা হৈছে।

৫। ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হােৱা কথােপকথনখিনি তােমাৰ নিজৰ ভাষাত লিখা।
উত্তৰ: ওপৰৰ (গ) ৰ ৪ নং প্রশ্নৰ উত্তৰটোৰ সৈতে একে।

 অতি চমু প্রশ্ন প্রশ্নোত্তৰ

(প্ৰতিটো প্রশ্নৰ মূল্যাংক – ১)
১/অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা-কবিতা’ ৰচক কোন?
উত্তৰ: যতীন্দ্র নাথ দুৱৰা।

২/যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথাকবিতা পুথিখনিৰ নাম কি?
উত্তৰ: কথা কবিতা।

৩/যতীন্দ্র নাথ দুৱৰাই কোন চনত জন্ম লাভ কৰিছিল?
উত্তরঃ ১৮৯২ চনত।

8/ যতীন্দ্র নাথ দুৱৰাৰ ওমৰতীর্থ’ কোন গৰাকী ফাৰ্চী ছুফী কবিৰ কাব্যৰ ভাবানুবাদ?
উত্তৰ: ওমৰ খায়াম।

৫। ‘ওমৰ তীর্থ’ কাব্য-পুথিৰ মূল কি?
উত্তৰ: ওমৰ খায়ামৰ ৰুবায়ত’।

মগনিয়াৰ Question Answer class 12

৬/যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিবেশনত সভাপতিত্ব কৰিছিল ?
উত্তৰ: ১৯৫৫ চনত গুৱাহাটীৰ অধিবেশনত।

৭।‘মগনিয়াৰ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ কথা কবিতা’ৰ পৰা সংগ্রীহিত।

৮। ৰুছ সাহিত্যিক ‘টুর্গেনিভ’ৰ কোনটো কথা কবিতাটোৰ লগত ‘মগনিয়াৰ’ৰ সাদৃশ্য আছে?
উত্তৰঃ “The Beggar” ৰ লগত সাদৃশ্য আছে।

৯/দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতাপুথিখনৰ নাম কি?
উত্তৰ: দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম হ’ল ‘বনফুল’।

১০। কথা কবিতা’ৰচনা কৰোতে কোন গৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল?
উত্তৰ : অলিভ শ্লাইনাৰ।

১১। মগনিয়াৰ’ পাঠটিৰ কেন্দ্রস্থ ভাবটো কি?
উত্তৰ: দৰিদ্ৰতাৰ আন্তৰিকতা।

চমু প্রশ্ন: (প্রতিটো প্রশ্নৰ মূল্যাংক -২ অথবা ৩)
১। যতীন্দ্র নাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ ওমৰ তীর্থ’, ‘আপােন-সুৰ’, ‘বনফুল’, ‘ মিলন সুৰ’ আৰু ‘মৰমৰ সুৰ’।

২/. ‘মগনিয়াৰ জনৰ শৰীৰৰ চমু বর্ণনা দিয়া।
উত্তৰঃ মগনিয়াৰ জনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপােৰ। মগনিয়াৰ জনৰ উখহা অপৰিষ্কাৰ হাত, তেওঁৰ চকুৰ সন্মুখত দৰিদ্রতা। মগনিয়াৰ জনৰ শৰীৰ অতি দুর্বল; সেয়ে মগনিয়াৰ জনৰ কপনি উঠা কবি যতীন্দ্র নাথ দুৱাৰাই দেখিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top