মাধৱদেৱ Class 12 – লক্ষ্মীধৰ শৰ্মা ( প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া | Class 12 Advance Assamese Lesson 8 Question Answer
বিষয় | ঐচ্ছিক অসমীয়া |
পাঠৰ নাম | মাধৱদেৱ |
উপলব্ধ | গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ |
পাঠ | 8 |
কবি | লক্ষ্মীধৰ শৰ্মা |
শ্ৰেণী | দ্বাদশ শ্ৰেণী |
পাঠ্যক্ৰম | অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC) |
মাধৱদেৱ Class 12
প্র : লক্ষ্মীধৰ শৰ্মাৰ দুখন গল্প পুথিৰ নাম লিখা।
উঃ লক্ষ্মীধৰ শৰ্মাৰ দুখন গল্প পুথিৰ নাম হ’ল- (১) ব্যৰ্থতাৰ দান আৰু (২) অনাগতৰ অভিশাপ।
প্র : শংকৰদেৱে কি মন্ত্ৰেৰে আসামক আকৌ প্রাণ দিছিল?
উঃ শংকৰদেৱে মৃতাসঞ্জীৱনী মন্ত্ৰেৰে আসামক আকৌ প্ৰাণ দিছিল
প্র: লক্ষ্মীধৰ শৰ্মাই কেতিয়া আৰু ক’ত জন্ম গ্রহণ কৰিছিল।
উঃ লক্ষ্মীধৰ শৰ্মাই ১৮৯৭ চনত শোণিতপুৰ জিলাত জন্ম গ্ৰহণ কৰিছিল।
প্ৰঃ লক্ষ্মীধৰ শৰ্মাই ৰচনা কৰা এখন নাটকৰ নাম লিখা।
উঃ লক্ষ্মীধৰ শৰ্মাই ৰচনা কৰা এখন নাটকৰ নাম হ’ল— নির্মলা।
প্র : লক্ষ্মীধৰ শৰ্মা কেনে ধৰণৰ লিখক আছিল?
উঃ লক্ষ্মীধৰ শৰ্মা প্রগতিশীল লিখক আছিল।
প্র : লক্ষ্মীধৰ শৰ্মাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?
উ : লক্ষ্মীধৰ শৰ্মাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হ’ল— জীৱন-স্মৃতি।
প্র: ‘ধর্মগ্লানি’ মানে কি?
উ : মানুহে যেতিয়া নিজে উন্নতিৰ কাৰণে প্ৰস্তুত কৰা কিছুমান ৰীতি-নীতিৰে নিজক বান্ধি উন্নতিৰ পথত আগুৱাবৰ ইচ্ছা নকৰে, তেনে অৱস্থাক ‘ধর্মগ্লানি’ বোলে।
প্র : মানৱ মনৰ ক্ৰমবিকাশ কেনেকৈ হয়?
উ: মানৱ মনৰ ক্ৰমবিকাশ ক্ষুদ্ৰৰপৰা বৃহত্তৰলৈ, অজ্ঞানৰ পৰা জ্ঞানলৈ হয়। মানৱ মনৰ এই বিৰাট অভিযানেই মানুহক অন্য প্ৰাণীৰ শৰীৰৰ পৰা ক্ৰমে আঁতৰ কৰি আনিছে। এই উন্নতিৰ মূলতে হৈছে মানুহৰ মনৰ উন্নতিৰ ফালে এটি স্বাভাৱিক প্রবৃত্তি।
প্র : ইউৰোপীয় নৱযুগ আৰু ভাৰতীয় নৱযুগৰ মাজত পার্থক্য কি?
উ : ইউৰোপীয় নৱযুগত কেৱল ধৰ্মৰ পথত স্বাধীনতা আৰু প্ৰাণৰ সোঁত বোৱা নাছিল, জীৱনৰ সকলো বিষয়কে কেন্দ্র কৰি এক বিৰাট ভাৱৰ জাগৰণ হৈছিল। জীৱনৰ পূৰ্ণতাৰ প্ৰতি মনৰ হাবিয়াস হৈছিল।
আনহাতে, ভাৰতৰ নৱযুগ বা বৈষ্ণৱ ধৰ্মৰ অভ্যুত্থান প্ৰধানকৈ ধৰ্মৰাজ্যৰ মানৱাত্মাৰ মুক্তিৰ দিশটোতে প্রায় আবদ্ধ আছিল।
Class 12 Advance Assamese Lesson 8
প্র: মাধৱদেৱে অসমীয়া জাতীয় জীৱনলৈ কেনে ধৰণে বৰঙণি আগবঢ়াইছিল, পাঠৰ আধাৰত চমুকৈ বৰ্ণনা কৰা। নাইবা ‘মাধৱদেৱৰ ঋণ কেতিয়াও অসমীয়া জাতিয়ে পৰিশোধ কৰিব নোৱাৰে’— কথাষাৰৰ তাৎপর্য বিশ্লেষণ কৰা।
উ: লেখকৰ মতে মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। অসমীয়া ভাষাক মাধৱদেৱে সবল, সতেজ আৰু দীপ্তিপূৰ্ণ কৰি গ’ল ৷ মহাপুৰুষ শংকৰদেৱৰ সোঁহাতস্বৰূপ হৈ শংকৰদেৱৰ ভাৰখন যদি মাধৱদেৱে নিজৰ কান্ধত তুলি নলহেঁতেন তেতিয়া শংকৰদেৱৰ কাৰ্য অপূৰ্ণ থাকিলহেঁতেন।
মাধৱদেৱে ধৰ্মৰ দিশটোৰ লগতে অসমীয়া ভাষাটোকো উন্নতিৰ দিশত অৱদান দি থৈ গ’ল। সাহিত্য নথকাহেঁতেনে অসমীয়া ভাষা বুলি পৃথক ভাষাই নাথাকিলেহেঁতেন। ব্যক্তিগত আৰু জাতীয় জীৱনৰ একো একোটা অৱস্থা আহে, যেতিয়া মানুহে নিজে উন্নতিৰ কাৰণে প্ৰস্তুত কৰা কিছুমান ৰীতি-নীতিৰে নিজক বান্ধি উন্নতিৰ পথত আগুৱাবৰ ইচ্ছা নকৰে। এই অৱস্থাকে গীতাত ধর্মগ্লানি বোলা হৈছে।
এনে সময়তে একো একাজন মহাপুৰুষৰ আগমন হয় যি এই অস্বাভাৱিক অৱস্থা দূৰ কৰি মানুহক আকৌ সত্য সনাতন পথত অগ্ৰসৰ হ’বলৈ শিকায়। অসমতো তেনে এক সন্ধিক্ষণত শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল। মহাপুৰুষ শংকৰদেৱে সমাজত দেখা দিয়া অধৰ্মৰ প্ৰভাৱ নাশ কৰি মানুহক এক সনাতন পথৰ সন্ধান দি অসমীয়া জাতি গঢ়িছিল। এই কার্যত মাধৱদেৱৰ সহযোগ নাথাকিলে সেই মহান কার্য অসম্পূর্ণ হৈ থাকিলহেঁতেন।
এই কার্যত মাধৱদেৱে ধর্মীয় দিশৰ উপৰিও অসমীয়া ভাষা আৰু সাহিত্য সংস্কৃতিলৈয়ো বহু অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰালো টনকিয়াল কৰি গৈছে। সেয়েহে ‘মাধৱদেৱৰ ঋণ কেতিয়াও অসমীয়া জাতিয়ে পৰিশোধ কৰিব নোৱাৰে। মাধৱদেৱে অসমীয়া জাতীয় জীৱনলৈ দি থৈ যোৱা বহুমূলীয়া অৱদানৰ বাবে অসমীয়া জাতীয়ে সদায় তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিব।
মাধৱদেৱ Class 12
চমুটোকা লিখা :
লক্ষ্মীধৰ শৰ্মা : ১৮৯৭ চনত শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ ভীৰ গাঁৱত লক্ষ্মীধৰ শৰ্মাৰ জন্ম হৈছিল। সৰুৰে পৰা শিক্ষাৰ প্ৰতি ধাউতি থকা লক্ষ্মীধৰ শৰ্মাই ১৯১৬ চনত গুৱাহাটীৰ কটন কলেজিয়েটৰ পৰা প্ৰৱেশিকা পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিছিল। ১৯২৪ চনত তেওঁ ভাৰতীয় ভাষা আৰু সাহিত্য বিষয়ত কলিকতাৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পায়। একে সময়তে বি. এল. পৰীক্ষাতো উত্তীর্ণ হয়।
তেওঁ ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰে। দেশপ্রাণ শৰ্মা স্বাধীনতা সংগ্রামী আৰু প্রগতিশীল লেখক আছিল। তেওঁৰ ৰচিত গ্রন্থসমূহ হ’ল- ব্যৰ্থতাৰ দান, অনাগতৰ অভিশাপ (গল্প) নির্মলা (নাটক) জীৱন স্মৃতি (আত্মজীৱনীমূলক) আদি উল্লেখযোগ্য। শৰ্মাই আবাহন, অসম হিতৈষী আদি কাকত-আলোচনীত গল্প, প্রবন্ধ, নাটক, আদি লিখি অসমীয়া সাহিত্য চহকী কৰি থৈ গৈছে। ১৯৩৪ চনত তেওঁৰ মৃত্যু হয়।
প্র : শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত কেনে ধৰণৰ পাৰ্থক্য থকা বুলি লক্ষ্মীধৰ শৰ্মাই উল্লেখ কৰিছে, বুজাই লিখা।
উ: লেখকৰ মতে মাধৱদেৱৰ ধী-শক্তি আৰু প্ৰতিভা এটাও মহাপুৰুষ শংকৰদেৱতকৈ কম নাছিল। কিন্তু জীৱনৰ লক্ষ্যৰ বিষয়ে দুয়োৰে মত অমিল আছিল। মুক্তি দুয়োজন ব্যক্তিয়েই বিচাৰিছিল যদিও শংকৰদেৱে সেই মুক্তি যাত্ৰাত জীৱনৰ অন্যান্য আনুষঙ্গিক কার্য বিলাকক বাদ দিয়া নাছিল। সমাজৰ উন্নতি যাতে সকলো বিষয়তে হয় সেইটো তেওঁ চেষ্টা কৰিছিল। তেওঁৰ আদৰ্শ আছিল মানৱ সমাজৰ সৰ্বাঙ্গীণ উন্নতি সাধন কৰা। কিন্তু মাধৱদেৱৰ আদৰ্শ আছিল গৃহ সংসাৰ ত্যাগ কৰি যি প্ৰকৃত সত্য বস্তু, যাৰ গইনা লৈ আত্মাক মুক্তি দিব পাৰি, সেই সাৰ পদাৰ্থৰ একাণপতীয়াকৈ সেৱা কৰা।
শংকৰদেৱ উদাৰ আৰু মাধৱদেৱ গভীৰ আছিল। এয়ে দুয়োৰে মাজত পাৰ্থক্য। মাধৱদেৱৰ প্ৰত্যেক কার্যতে তেওঁৰ হৃদয়ৰ অদম্য উচ্ছ্বাস প্রতিফলিত হৈছিল। তেওঁ যি সত্যক উপলব্ধি কৰিছিল তাকেই তেওঁ জীৱনত প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছিল।
প্র : লক্ষ্মীধৰ শৰ্মাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?
উ : লক্ষ্মীধৰ শৰ্মাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হ’ল— জীৱন-স্মৃতি।
প্র: ‘ধর্মগ্লানি’ মানে কি?
উ : মানুহে যেতিয়া নিজে উন্নতিৰ কাৰণে প্ৰস্তুত কৰা কিছুমান ৰীতি-নীতিৰে নিজক বান্ধি উন্নতিৰ পথত আগুৱাবৰ ইচ্ছা নকৰে, তেনে অৱস্থাক ‘ধর্মগ্লানি’ বোলে।
প্র : মানৱ মনৰ ক্ৰমবিকাশ কেনেকৈ হয়?
উ: মানৱ মনৰ ক্ৰমবিকাশ ক্ষুদ্ৰৰপৰা বৃহত্তৰলৈ, অজ্ঞানৰ পৰা জ্ঞানলৈ হয়। মানৱ মনৰ এই বিৰাট অভিযানেই মানুহক অন্য প্ৰাণীৰ শৰীৰৰ পৰা ক্ৰমে আঁতৰ কৰি আনিছে। এই উন্নতিৰ মূলতে হৈছে মানুহৰ মনৰ উন্নতিৰ ফালে এটি স্বাভাৱিক প্রবৃত্তি।