কপিলীপৰীয়া সাধু Class 12 (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

কপিলীপৰীয়া সাধু Class 12  – লক্ষ্মীধৰ শৰ্মা ( প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া | Class 12 Advance Assamese Lesson 10 Question  Answer

বিষয় ঐচ্ছিক অসমীয়া
পাঠৰ নামকপিলীপৰীয়া সাধু
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ10
কবিনৱকান্ত বৰুৱা
গোট৩ (নাটক)
শ্ৰেণী দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

কপিলীপৰীয়া সাধু Class 12

প্রঃ ‘কোন? সেই কৈদী গোসাঁই? —কোনে কাক ‘কৈদী গোসাঁই’ বুলি কৈছিল?
উ : হাৰিয়াই তিলক গোসাঁইক ‘কৈদী গোসাঁই’ বুলি কৈছিল।

প্র : চুধাংছু বাবুৰ বিষয়ে চমুকৈ লিখা।
উ : নৱকান্ত বৰুৱাই চুধাংছু বাবুৰ চৰিত্ৰটো গুৱাহাটীৰ জেলত থকা সত্যাগ্রহী কয়দীৰ ৰূপত দেখুৱাইছে। তেওঁৰ পানবজাৰত কাপোৰ আৰু মণিহাৰীৰ দোকান আছিল। গান্ধীৰ স্বদেশী আন্দোলনত যোগদান কৰি তেওঁ দোকানত থকা বিলাতী বস্তু জ্বলাই দি গান্ধীৰ খদ্দৰহে বেচিছিল। তেওঁ গান গাই ভাল পাইছিল। তেওঁ ৰূপাইকে ধৰি অন্য কয়দীৰ আগত খুদিৰামৰ ফাঁচী, লাট চাহাবলৈ পিষ্টল মৰাৰ কথাকে ধৰি স্বদেশী আন্দোলনৰ কথা কৈছিল। গান্ধীৰ অহিংসা আন্দোলনৰ তাৎপর্যও ব্যাখ্যা কৰিছিল।

প্র : ৰঙিলী কোন আছিল?
উঃ ৰঙিলী নৱকান্ত বৰুৱাৰ ৰচিত উপনাস ‘কপিলী পৰীয়া সাধু’ৰ প্রধান চৰিত্ৰ ৰূপাইৰ পালিত মাক। নিজৰ মাক নহ’লেও ৰূপাইৰ প্ৰতি তেওঁৰ অকৃত্রিম মৰম প্ৰকাশ পাইছে। জন্মদাত্রী মাকে যিদৰে নিজৰ সন্তানক ডাঙৰ-দীঘল কৰে ৰঙিলীয়েও ঠিক সেইদৰে ৰূপাইৰ যত্ন লৈছিল। কপিলী নদীত উটি অহা পানীকেঁচুৱা ৰূপাইক ধীৰ সিং আৰু ৰঙিলীয়ে ডাঙৰ-দীঘল কৰিছিল।

প্র : মোৰ কথাবোৰ বাৰু বেঁকা : তই চিধা বাট ল।’ কোনে, কাক এনেদৰে কৈছিল?
উ : উক্ত কথাষাৰ সুলভ মূল্যৰ দোকানীয়ে ৰূপাইক কৈছিল।

প্র : কপিলীপৰীয়া সাধুৰ লেখক কোন?
উ: কপিলীপৰীয়া সাধুৰ লেখক হৈছে—নৱকান্ত বৰুৱা।

প্র : ৰূপায়ে চুধাংছু বাবুক ক’ত লগ পাইছিল?
উঃ ৰূপাযে চুধাংছু বাবুক গুৱাহাটীৰ কাৰাগাৰত লগ পাইছিল।

প্র: ‘মই শিচ ভজাবলৈ এৰিলো নহয়, এজনৰ শিচহে।’ কোনে, কাক এনেদৰে কৈছিল?
উঃ ৰূপায়ে তিলক গোসাঁইৰ ওচৰত শৰণ ল’বলৈ যোৱাত তিলক গোসাঁয়ে উক্ত কথাষাৰ ৰূপাইক কৈছিল।

প্র: ৰূপায়ে দীনবন্ধু উকীলক কি বুলি সম্বোধন কৰিছিল?
উঃ ৰূপায়ে দীনবন্ধু উকীলক ‘আইনা’ বুলি সম্বোধন কৰিছিল।

প্ৰ : ৰূপাইহঁতৰ গাঁৱৰ দোকানীজনৰ নাম কি আছিল।
উ: ৰূপাইহঁতৰ গাঁৱৰ দোকানীজনৰ নাম আছিল মিনাৰাম।

প্র : ‘কপিলীপৰীয়া সাধু’ উপন্যাসত উকীলনিক দিয়া বজাৰৰ হিচাপমতে কাৱৈ মাছ একুৰিৰ মূল্য কিমান ?
উ : ‘কপিলীপৰীয়া সাধু’ উপন্যাসত উকীলনীক দিয়া বজাৰৰ হিচাপমতে কাৱৈ মাছ একুৰিৰ মূল্য ২ আনা ৬ পাই।

প্র: বেথাৰাম কোন? তেওঁৰ আচল ঘৰ ক’ত আছিল?
উ : বেথাৰাম আছিল ৰূপাই পঢ়া পাঠশালাৰ এজন পণ্ডিত।

প্র : ‘সেইগলান কি হা?” এনেকৈ কোনে কাক কৈছিল।
উঃ উক্ত কথাযাৰ হাৰিয়াই ৰূপাইক কৈছিল।

প্রঃ বসু কোন? তেওঁৰ শিক্ষাগত অৰ্হতা কি?
উ : বসু আছিল তিলক গোসাঁইৰ ভতিজা ল’ৰা। তেওঁ মেট্রিক পাছ আছিল। বেথাৰাম পণ্ডিতৰ মৃত্যুৰ পিছত তেওঁ ভূৰবন্ধা গাঁৱৰ স্কুলৰ শিক্ষক হৈছিল।

প্রঃ সুলভ দোকানীৰ বিষয়ে চামগুৰীয়াই কি কথা কৈছিল, চমুকৈ লিখা।
উঃ চামগুৰীয়াই ৰূপায়ে তিলক গোসাঁইৰ ওচৰত শৰণ ল’বলৈ যোৱাৰ দিনা সুলভ দোকানীৰ বিষয়ে কৈছিল যে সুলভ দোকানী মানুহজন বৰ স্বাৰ্থপৰ, হিংসুক আৰু চতুৰ আছিল। নিজৰ সুবিধাৰ বাবে তেওঁ বসু গোসাঁই নামৰ লোকজনৰ দোকানখন পুলিচৰ হতুৱাই ভাঙি দিছিল। দোকানৰ বাকীৰ নামত তেওঁ দুখীয়া মানুহক ঠগি মাটি পর্যন্ত কাঢ়ি লৈছিল। তিলক গোসাঁইকে তেওঁ শত্রু জ্ঞান কৰিছিল।

প্র: ‘কপিলীয়েই আমাক চিনাকী কৰিলে ………কেতিয়াবা কপিলীয়েই আঁতৰাই লৈ যাব।’ কোনে কাক এনেদৰে কৈছিল ?
উ : ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ শেষৰ পিনে ৰূপাই আৰু সোণপাহীৰ শেষ সাক্ষাতৰ সময়ত সোণপাহীয়ে উক্ত কথাষাৰ কৈছিল।

প্র : ‘মই তেওঁৰ সত্ৰত শৰণ ল’ব খোজা নাই নহয় পিতাই, তেওঁতহে শৰণ লম।’— ইয়াত কোনে কাৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে?
উ: ইয়াত ৰূপায়ে তিলক গোসাঁই নামৰ গোসাঁইৰ ব্যক্তিত্বত মোহিত হৈ তেওঁৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে।

প্র : ধীৰসিংহঁতৰ গাঁওখনৰ বিষয়ে চমুকৈ লিখা।
উঃ নৱকান্ত বৰুৱাই ধীৰসিংহঁতৰ গাঁওখনৰ পটভূমিতেই ‘কপিলীপৰীয়া সাধু’ নামৰ উপন্যাসখন ৰচনা কৰিছে। ধীৰসিংহঁতৰ গাঁওখনৰ নাম ভুৰবন্ধা গাঁও। গাঁওখন বৃহত্তৰ কপিলীপৰীয়া অঞ্চলৰ অন্তৰ্গত। গাঁওখন কৃষিভিত্তিক। গাঁৱৰ মানুহবোৰ দুখীয়া। গাঁওখনৰ ৰাইজৰ জীৱন-সম্পত্তি, সুখ-দুখ, আশা-আকাঙ্খা কপিলী নৈখনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। এই কপিলী নদীয়ে প্ৰতি বছৰে গাঁওখনৰ ৰাইজক জীয়াতু ভোগায় যদিও সিহঁতৰ গাওঁখন অতি আপোন।

প্র : সোণপাহী আৰু ৰূপাইৰ অন্তিম সাক্ষাৎ ক’ত আৰু কিদৰে হৈছিল লিখা।
উঃ ৰূপাই আৰু সোণপাহীৰ অন্তিম সাক্ষাৎ কপিলী নৈৰ পাৰত হৈছিল। এদিনা ৰূপায়ে নানা চিন্তাত বিভোৰ হৈ টোপনি নহাত কপিলী নৈৰ পাৰত গৈ বহি আছিল। তেনেতে এখন টুলুঙা নাৱত উঠি সোণপাহী আহি ৰূপাইৰ ওচৰত উপস্থিত হ’ল। বহুদিন দুয়োৰে দেখা-দেখি নোহোৱা বাবে সোণপাহী নিজে তাক বিচাৰি ৰূপাইৰ ওচৰ পাইছিলগৈ। সেই দিনাই সোণপাহীয়ে ৰূপাই মৰমৰ সাক্ষীৰূপে তাই অন্তঃসত্ত্বা হৈছে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক:   উপন্যাস Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

কপিলীপৰীয়া সাধু Question Answer

চমুটোকা লিখা :

(ক) বেথাৰাম পণ্ডিত : কপিলীপৰীয়া অঞ্চলৰ ভুৰবন্ধা গাঁৱৰ পাঠশালা স্কুলৰ শিক্ষকজনৰ নাম আছিল বেথাৰাম পণ্ডিত। তেওঁ স্কুলত সোমোৱা দিনৰ পৰা ভুৰবন্ধা গাঁৱতে থাকে। ৰূপাই, ভেদৌং, নোমল, কোমল আদি ল’ৰাবোৰ তেওঁৰ স্কুলতে পঢ়ে। ৰূপাইয়ে পাঠশালাত অনুপস্থিত থকা কেইদিনত শিকোৱা অংক কৰিবলৈ দিয়াত ৰূপাইয়ে কৰিব নোৱাৰাত এচুকত এঠেঙীয়া বগলী হৈ থিয় হ’বলৈ দি শাস্তি দিছিল। তেওঁ নিজৰ পথাৰত কাম বন ঠিক ৰাখি স্কুলখনো সমানে সমানে চলাই থাকে।

তেওঁৰ শিক্ষার্থীসকল স্বভাৱত অঘাইতং। সিহঁতৰ চকু থাকে কপিলী নদীখনলৈহে। স্কুলৰ চৌহদত থকা জৰি গছজোপাৰ ছাঁটো নির্দিষ্ট ঠাইখনত পৰিলেই অর্থাৎ প্রায় এঘাৰ বজাতেই শিক্ষকজনে স্কুল ছুটি দিয়ে। শিক্ষকজনৰ ওচৰত শিক্ষা লাভ কৰি ছাত্ৰসকলে আখৰ কেইটাৰ লগত পৰিচয় হ’ব পাৰিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত আৰম্ভ হোৱা আন্দোলনত বেথাৰাম পণ্ডিতে অংশ লৈ জেললৈ গৈছিল আৰু তাতেই তেওঁৰ মৃত্যু হৈছিল।

(খ) মিনাৰাম দোকানী : মিনাৰাম ভুৰবন্ধা গাঁৱৰ এজন দোকানী আছিল। তেওঁ সৰলমনা লোক আছিল। এদিন ৰূপাই ঘৰৰ পৰা নোহোৱা হোৱাত ককায়েক দদায়েকহঁতে ৰূপাইক বিচাৰিবলৈ লেম্পৰ প্ৰয়োজন হোৱাত মিনাৰাম দোকানীৰ ঘৰলৈ গৈছিল। মিনাৰামে সেই সময়ত সপোন দেখি আছিল। সপোনত তেওঁ দেখা পাইছিল যে কপিলীৰ বানে তেওঁৰ আম কাঠৰ বাকচটো উটুৱাই লৈ গৈছে।

এনেতে ৰূপাইৰ দায়েকহঁতে মতাত তেওঁ টোপনিৰ পৰা সাৰ পাই সিহঁতক লেম্পটো দি দিয়ে। তেওঁ সাধাৰণতে লেম্পটো কাৰোবাক দিলে ভাড়া লয়। কিন্তু লেম্পৰ বিনিময়ত তেওঁ সিদিনাখন ভাড়া নল’লে।

(গ) ধীৰ সিং : ধীৰ সিং হৈছে মান সিঙৰ পুত্ৰ। মানৰ আক্ৰমণৰ সময়ত অহা ধীৰ সিং, কপিলীপৰীয়া ভুৰবন্ধা গাঁৱত থাকিবলৈ লয়। ধীৰ সিঙে এবাৰ ক্ষেত্ৰীৰ পিনে উঠি যাব খুজিছিল যদিও কপিলীয়ে সেই গাঁৱৰে ভকত ধূলি বৈৰাগীক সপোনত দেখুৱালে যে ধীৰ সিং উঠি গ’লে কপিলীয়ে তেওঁৰ পিছে পিছে যাব। সেইবাবে ধীৰ সিংগাঁও এৰি নগ’ল। ধীৰ সিং সন্তানহীন আছিল যদিও কপিলীৰ বানত উটি অহা পানী কেঁচুৱা এটি পাই ডাঙৰ দীঘল কৰে। পত্নী ৰঙিলীয়ে সেই কেঁচুৱাটোকে নিজৰ বুলি ডাঙৰ কৰে যাৰ নাম ৰূপাই সিং দিয়ে।

(ঘ) হেমো গাওঁবুঢ়া : হেমো গাওঁবুঢ়া চৰিত্ৰটোৰ মাজেৰে ঔপন্যাসিকে অসমীয়া সমাজত বৰ্তি থকা অন্ধবিশ্বাস ভালদৰে উপস্থাপন কৰিছে। তেওঁ অন্ধবিশ্বাসী আছিল। এদিন ৰূপাই শোৱাপাটীৰ পৰা নোহোৱা হোৱাত তেওঁ ৰূপাইক বিচাৰি কপিলী নৈৰ পাৰলৈ অকলে গৈছিল। তাত ৰূপাইক তেওঁ অকলশৰে নদীৰ পাৰত বহি থকা দেখা পাই লৈ আহোঁতে ৰূপাইক ভূত-যখিনীয়ে পালে বুলিও সন্দেহ কৰিছিল। ভয়তে ৰূপাইক তেওঁ ৰাম’ নাম জপিবলৈ কৈছিল।

(ঙ) দীনবন্ধু উকীল : দীনবন্ধু উকীল জাতত বঙালী শ্রীহট্টৰ ফালৰ মানুহ। তেওঁ এজন সুবিধাবাদী লোক। তেওঁ একুৰি বছৰ ধৰি অসমত আছে যদিও অসমীয়া ভাষাটোকে শিকিব নোৱাৰিলে। ৰূপাইৰ দেউতাক ধীৰ সিঙে তেওঁক ভালকৈ চিনি পায়। এবাৰ ৰূপাইৰ দেউতাকে ৰূপাইক বৃত্তি পৰীক্ষা দিবলৈ উকীলৰ ঘৰত কিছুদিন থৈছিল। তাত থাকি ৰূপাইয়ে বৃত্তি পৰীক্ষা দিছিল যদিও বৃত্তিটো নাপালে। পিছত দেউতাকে ৰূপাইক খেতিৰ কামত লগাব খুজিলত ভাঙুৰী ভকতৰ বুজনিত ৰূপাইক দীনবন্ধু উকীলৰ, ঘৰত থৈ বঙালী স্কুলত নাম লগাই দিয়ে। কিন্তু দীনবন্ধু উকীলে ৰূপাইক ঘৰৰ কামত লগাই দিয়াত পঢ়িব নোৱাৰি পৰীক্ষাত সফল নহ’ল।

(চ) হাৰিয়া : হাৰিয়া হৈছে দীনবন্ধু উকীলৰ ঘৰত কাম কৰা লগুৱা তেওঁ কামৰূপৰ ফালৰ মানুহ। ৰূপায়ে উকীলৰ ঘৰত থাকোতে হাৰিয়াৰ লগত একেটা কোঠালীতে শুইছিল। হাৰিয়াই ৰূপাইক নানা কাহিনী কৈ নিজৰ পাণ্ডিত্য প্রদর্শন কৰিছিল । সি ৰূপাইক কৰ্কশ ব্যৱহাৰ কৰি ডাবি-ধমকি দি কামত লগাইছিল আৰু ভুলপথে পৰিচালিত কৰিছিল। তেওঁ ৰূপাইক তেওঁৰ কাৰণে গান্ধী বিড়ি আনিবলৈ দিয়াত ৰূপাই ধৰা পৰি গালি আৰু চৰ খাবলগা হৈছিল। হাৰিয়ায়ো ৰূপাইক কাণমুচৰি দিছিল।

(ছ) সোণপাহী : সোণপাহী হৈছে ‘কপিলীপৰীয়া সাধু’ নামৰ উপন্যাসৰ প্ৰধান চৰিত্ৰ। সোণপাহী ৰূপাইৰ প্রেমিকা আছিল। সোণপাহী প্ৰলয়ংকাৰী কপিলী নৈৰ বানত উটি অহাত গছৰ ডালত অসহায় অৱস্থাত ৰূপাই আৰু তিলক গোসাঁইয়ে উদ্ধাৰ কৰে। তাৰ কিছুদিন পিছত ৰূপায়ে নিজৰ জন্মৰ ৰহস্য শুনি কপিলী নৈত জাপ দি আত্মহত্যা কৰিবলৈ যোৱাত সোণপাহী আৰু তাইৰ দেউতাকে উদ্ধাৰ কৰে। তেতিয়াৰ পৰা ৰূপাই আৰু সোণপাহীৰ মাজত প্ৰণয় আৰম্ভ হয়। গোসাঁই পুখুৰীৰ পাৰত দুয়োৰে মিলন হয়। পিছত সোণপাহী অন্তঃসত্ত্বা হয়। সোণপাহীয়ে ৰূপাইক বিয়াৰ প্ৰস্তাৱ দিয়াত ৰূপায়ে অস্বীকাৰ কৰিছিল। শেষত অপমান সহ্য কৰিব নোৱাৰি কপিলীৰ বুকুত জাপ দি সোণপাহীয়ে আত্মহত্যা কৰে।

(জ) চামগুৰীয়া : চামগুৰীয়া হৈছে তিলক গোসাঁইৰ ঘৰত কাম-বন কৰা আৰু গোসাঁইক আলপৈচান ধৰা লগুৱা ৷ তেওঁ ঘৰখনৰ বজাৰ সমাৰ কৰি দিয়ে। তেওঁৰ আচাৰ-ব্যৱহাৰ ভাল। ৰূপায়ে তিলক গোসাঁইৰ ওচৰত শৰণ ল’বলৈ যোৱাত চামগুৰীয়াই ৰূপাইক থকা-খোৱাৰ যত্ন লৈছিল।

কপিলীপৰীয়া সাধু Class 12 Question Answer

চমুটোকা :

ভাঙুৰী ভকত : ভাঙুৰী ভকতে ভুৰবন্ধা গাঁৱত ভকতনীৰ সৈতে বসবাস কৰিছিল। তেওঁ সন্তানহীন আছিল। ভাওনা সবাহৰ প্ৰতি তেওঁৰ বৰ আগ্ৰহ আছিল বাবে বাট ফুৰি বাই হ’লেও ভাওনা চাবলৈ গৈছিল। ৰূপাইক তেওঁ বৰ মৰম কৰিছিল আৰু গীত-মাত শিকাইছিল। ভাঙুৰী ভকতক ঔপন্যাসিকে এজন দূৰদৰ্শী হিচাপে অংকন কৰিছে। ৰূপাইয়ে বৃত্তি নোপোৱাত দেউতাকে তেওঁক খেতিৰ কাম কৰাব খোজাত ভাঙুৰী ভকতে ৰূপাইৰ ভৱিষ্যত চিন্তা কৰি পুনৰ বিদ্যালয়লৈ পঠাবলৈ ধীৰ সিঙক বুজনি দিছিল। তাৰোপৰি বেথাৰাম পণ্ডিতৰ
মৃত্যু হোৱাত ৰূপাইৰ হতুৱাই তেওঁ বিদ্যালয়খন পুনৰ নিৰ্মাণ কৰায়। তেওঁ বানপানীৰ সময়ত ইংৰাজ বিষয়াৰ লগত সাহাৰ্য অভিযানত সহায়ৰ হাত আগবঢ়াইছিল।

লগতে পঢ়ক:   বর্ষা বর্ণন Class 12 কবিতা – শ্ৰীশংকৰদেৱ ( প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

তিলক গোসাঁই : তিলক গোসাঁইৰ চৰিত্ৰটো উপন্যাসিকে এজন আদর্শ গান্ধীবাদী, মানৱতাবাদী নেতা হিচাপে দেখুৱাইছে। ৰূপায়ে তিলক গোসাঁইক জেলত লগ পাইছিল। জেলৰ ভিতৰতে তেওঁ গান্ধীবাদী আদৰ্শ আৰু স্বাধীনতা আন্দোলনৰ বাণী প্ৰচাৰ কৰিছিল। ৰূপাইক তেওঁ গান্ধীজীৰ অহিংসা নীতিৰ মহিমা, সত্যাগ্রহীৰ ধৰ্ম আদি বিষয়বোৰ বুজাই দিছিল।

ৰূপায়ে তেওঁৰ ব্যক্তিত্বত মোহিত হৈ তিলক গোসাঁইত শৰণ ল’বলৈ হাবিয়াস কৰি তেওঁক বিচাৰি তেওঁৰ গাঁওখনলৈ গৈছিল। কিন্তু তিলক গোসাঁইয়ে কৈছে যে তেওঁ ৰূপাইক শৰণ দিব নোৱাৰে। তেওঁ এজনৰে শিচ্‌সেয়া হৈছে মহাত্মাগান্ধী। তেওঁ নিজে মহাত্মা গান্ধীৰ অহিংসা নীতি আৰু আদৰ্শৰ ওচৰতহে শৰণ লৈছে। তেওঁ আন গোসাঁইৰ দৰে শৰণ দিয়াৰ নামত শিষ্যক ঠগাব নোৱাৰে। ইয়াতে তেওঁৰ মানবতাবাদী গুণ প্রকাশ পাইছে। নিজৰ সমাজ, দেশৰ প্ৰতি,কৰা কামেই হৈছে প্ৰকৃত ধৰ্ম বুলি তেওঁ ৰূপাইক কৈছিল।

Class 12 Advance Assamese Lesson 10

প্ৰঃ ৰূপাই কোন? তেওঁৰ চাৰিত্ৰিক কার্যকলাপৰ বিষয়ে লিখা।
নাইবা
কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ মূল কথাখিনি চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা।
নাইবা
কপিলীপৰীয়া সাধু’ উপন্যাসখনত থকা প্রধান চৰিত্ৰ ৰূপাইৰ জন্ম ৰহস্যৰ আঁৰত থকা সত্যটো দাঙি ধৰা।
উ: নৱকান্ত বৰুৱাৰ ‘কপিলীপৰীয়া সাধু’ উপন্যাসখন নদী ভিত্তিক উপন্যাস। উপন্যাসখনৰ বিষয়বস্তু লিখকে নগাঁও জিলাৰ কপিলীপৰীয়া অঞ্চল, বিশেষকৈ ভুৰবন্ধা গাঁওৰ দুখীয়া ৰাইজৰ জীৱন-যাত্ৰাক কেন্দ্ৰ কৰি ৰচনা কৰিছে। উপন্যাসখনত কপিলী নদীয়ে সৃষ্টি কৰা বানপানীৰ ফলত সেই অঞ্চলৰ ৰাইজে ভোগ কৰা দুখ-দুর্দশাৰ এখন বাস্তৱ চিত্র অতি কৰুণভাৱে কাৰ্য্যসূলভ গদ্যৰীতিৰে অংকন কৰিছে।

‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ কাহিনী থুলমুলকৈ তলত বর্ণনা কৰা হ’ল– উপন্যাসখনৰ প্ৰধান চৰিত্ৰ হৈছে ৰূপাই। তেওঁ ধীৰ সিং আৰু ৰঙিলীৰ পুত্ৰ। ঔপন্যাসিকে তেওঁক এজন অঘাইতং ল’ৰা, বৃত্তি পৰীক্ষাত বহিব পৰা ছাত্ৰ, এজন গোলাম, এজন মানৱতাবাদী, স্বাধীনতা যুদ্ধত যোগদানকাৰী, সমাজ সচেতন আৰু এজন প্রেমিক হিচাপে উপস্থাপন কৰিছে।

ৰূপাইয়ে নিজ গাৱঁতে থকা বেথাৰাম পণ্ডিতৰ পাঠশালাত পঢ়িছিল যদিও পঢ়া-শুনাতকৈ সিহঁতৰ গাঁৱৰ বুকুৱেদি বাগৰি যোৱা কপিলীৰ প্ৰতিহে তাৰ ধাউতি বেছি আছিল। লগৰ অঘাইতং ছাত্ৰবোৰৰ লগতে ৰূপায়ো দুষ্টালি কৰি ফুৰিছিল। তেওঁ পঢ়া-শুনা কৰাতকৈ কপিলী নৈত মাছুৱৈসকলে মাছ মাৰি থকা দৃশ্য চাইছে আনন্দ পাইছিল। কিন্তু অন্যান্য ছাত্ৰসকলৰ তুলনাত তেওঁ লিখা-পঢ়াত কিছু উন্নত আছিল বাবে বৃত্তি পৰীক্ষা দিবলৈ সুবিধা পাইছিল।

পৰীক্ষাৰ কেইদিন তেওঁ চহৰৰ দীনবন্ধু উকীলৰ ঘৰত আছিল। কিন্তু বৃত্তি নোপোৱাত দেউতাক ধীৰ সিঙে তেওঁক খেতিৰ কামত লগাব বিচাৰিছিল পিছত ভঙুৱা ভকতৰ পৰামৰ্শ মতে তেওঁক দীনবন্ধু, উকীলৰ ঘৰত থৈ বাংলা স্কুলত নাম লগাই দিয়ে। উকীলৰ ঘৰত তেওঁ ইটো-সিটো ঘৰুৱা কাম কৰিব লগা হোৱাত পঢ়া- শুনা কৰিবলৈ সময় নাপাই পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে। তাত থকা সময়খিনিত তেওঁ উকীলনী আৰু হাৰিয়া নামৰ লণ্ডৱা জনৰ ডাবি-ধমকি খাব লগা হয়।

ইয়াৰ পিছত তেওঁ গান্ধীজীৰ স্বাধীনতা আন্দোলনত অংশ গ্রহণ কৰি ফাটেকলৈ যাবলগা হয়। ফাটেকত তেওঁ গান্ধীবাদী আদৰ্শৰ লগত পৰিচয় হয়। তাৰ পৰা মুক্তি হয়। এবাৰ কপিলী নদীৰ প্ৰচণ্ড বানত ৰূপাইহঁতৰ গাঁৱৰ লগতে আৰু ভালেমান গাওঁ তল পৰিল। তেওঁ এই বানত ইংৰাজ বিষয়া এজনৰ লগত বানপানী বিধ্বস্ত অসহায় গাঁওবাসীক উদ্ধাৰ কৰা অভিযানত অংশ গ্ৰহণ কৰে। বানবিধ্বস্ত এলেকা ঘূৰি ৰূপাইৰ বিৰল অভিজ্ঞতা হ’ল। সেই অভিযানত তেওঁ সোণপাহী নামৰ গাভৰু ছোৱালী এজনীক বানপানীৰ কবলৰ পৰা উদ্ধাৰ কৰে।

সেই একে বছৰতে ৰূপাইৰ জন্ম পৰিচয়ৰ আন এটা সত্যৰ সন্ধান পায়। তেওঁৰ দেউতাকৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত জানিব পাৰে যে তেওঁ ধীৰ সিং আৰু ৰঙিলীৰ তোলনীয়া পুতেকহে। সেই গাঁৱৰ সাতোলা নামৰ ব্যক্তিজনে ৰূপাইক কয় যে ধীৰ সিং নিঃসন্তান আছিল। ধীৰ সিঙৰ দেউতাকে নাতি এটাৰ মুখ চাবলৈ বহু আশা কৰিছিল যদিও সেই আশা পূৰণ নোহোৱাকৈ মৃত্যু মুখত পৰে। পিছলৈ এবাৰ এক প্ৰলয়ংকৰী বানপানীৰ সময়ত উদ্ধাৰ অভিযানত ধীৰ সিঙে এটি পানী কেঁচুৱা ঘৰৰ ছালত লাগি থকা দেখা পাই তুলি আনি নিজ পুত্র হিচাপে ডাঙৰ-দীঘল কৰিবলৈ লয়।

ৰূপায়ে নিজৰ জন্মৰ কাহিনী শুনি মনৰ বেজাৰত কপিলী নদীত জাপ দি আত্মহত্যা কৰিবলৈ লোৱাত সোণপাহী আৰু তাইৰ দেউতাকে ৰূপাইক উদ্ধাৰ কৰে। লাহে লাহে সোণপাহীৰ লগত ৰূপাইৰ প্রেম হয়। দুয়োজনৰ মিলনৰ ফলত সোণপাহী অন্তঃসত্ত্বা হয়। ৰূপায়ে তাইক বিয়া কৰাবলৈ মাস্তি নহ’লত সোণপাহীয়ে তাইৰ ইচ্ছাক কুঠাৰাঘাত কৰাত কপিলীত জাপ দি আত্মহত্যা কৰে।

লগতে পঢ়ক:   চুটিগল্প Class 12 – ( প্ৰশ্নোত্তৰ) Advance Assamese

কপিলীপৰীয়া সাধু Question Answer

প্র : ‘কপিলীপৰীয়া সাধু’ উপন্যাসত ঔপন্যাসিক নৱকান্ত বৰুৱাই কপিলী নদীয়ে সৃষ্টি কৰা বানপানীৰ চিত্ৰটো কেনেদৰে অংকন কৰিছে, তোমাৰ নিজৰ ভাষাত চমুকৈ লিখা।
নাইবা
‘কপিলীপৰীয়া সাধু’ নামৰ উপন্যাসখনক নদী ভিত্তিক উপন্যাস বুলি ক’ব পাৰিনে? আলোচনা কৰা।
নাই বা
কপিলী ‘দুখৰো চকুলো’ ‘আনন্দৰো চকুলো।’ এই উক্তিৰ আধাৰত কপিলী নদীৰ সতে দাঁতি কাষৰীয়া মানুহৰ আত্মিক সম্পৰ্ক বিচাৰ কৰা।
উ : নৱকান্ত বৰুৱাৰ ‘কপিলীপৰীয়া সাধু’ উপন্যাসখন নদী কেন্দ্রিক উপন্যাস। উপন্যাসখনত লিখকে নগাঁও জিলাৰ কপিলীপৰীয়া অঞ্চলৰ ভুৰবন্ধা গাঁৱৰ দুখীয়া ৰাইজৰ জীৱন- যাত্ৰাক কেন্দ্ৰ কৰি ৰচনা কৰিছে। কপিলী নৈৰ পাৰৰ ভূৰবন্ধা গাঁৱৰ কৃষিজীৱী মানুহৰ সুখ-দুখ, আশা-আকাঙ্খা, শ্রম, প্রেম-ভালপোৱা আদি উপন্যাসখনত লিখকে সুন্দৰকৈ উপস্থাপন কৰিছে। কপিলী নদীয়ে সৃষ্টি কৰা বানপানীৰ ফলত সেই অঞ্চলৰ ৰাইজে ভোগ কৰা দুখ-দুর্দশাৰ চিত্ৰ অতি সুন্দৰকৈ অংকন কৰিছে।

কপিলী নৈক কেন্দ্ৰ কৰি ভূৰ বন্ধা গাঁৱৰ মানুহৰ সুখ- দুখ, আপদ-বিপদ বর্তি আছে। গাৱঁৰ ৰাইজে প্রত্যেক বছৰে বানত
আক্ৰান্ত হৈয়ো, অনেক মানুহৰ মৃত্যুৱেও নদীখনক পাহৰিব নোৱাৰে আৰু এৰি যাবও নোৱাৰে। উপন্যাসখনৰ আৰম্ভণিৰ পৰা
শেষলৈ কপিলী নৈখন সেই অঞ্চলৰ ৰাইজৰ সুখ-দুখৰ লগৰী, ৰীতি-নীতি সংস্কাৰ বিশ্বাসৰ কাৰক, সিহঁতৰ আশা আৰু
আকাঙ্খাৰ উৎস হিচাপে অংকিত হৈছে।

উপন্যাসখনত কপিলী নৈখনৰ সংহাৰী ৰূপটোহে চিত্ৰিত হৈছে। উপন্যাসখনৰ
আৰম্ভণিতেই লেখক নৱকান্ত বৰুৱাই নদীখনৰ সম্পৰ্কে এনেদৰে আভাস দিছে মানুহে জানে কপিলী দুখৰো চকুলোঃ আনন্দৰো চকুলো। কপিলীয়েই কপিলীপৰীয়া মানুহৰ জীৱন। কপিলী জীয়া নৈ।……. সিহঁতৰ জীৱন আৰু মৃত্যুৰ সৈতে এই জীয়া নৈখন মিহলি হৈ আছে।

উপন্যাসখনৰ প্ৰধান চৰিত্ৰ ৰূপাই আৰু নায়িকা সোণপাহীক উপন্যাসিকে কপিলীৰ সন্তান বুলি কৈছে। উপন্যাসখনত বর্ণিত হৈছে যে ইংৰাজ বিষয়া এজনৰ লগত ৰূপাই সিং আৰু তিলত গোসায়ে বানপানীত বিষাক্ত গাঁওবোৰলৈ উদ্ধাৰ অভিযান চলাই সোণপাহী আৰু তাইৰ দেউতাকক উদ্ধাৰ কৰিছে। তাৰোপৰি কপিলী নদীক সুখ-দুখৰ লগৰী হিচাপে, ৰীতি- নীতি বিশ্বাসৰ কেন্দ্ৰ হিচাপে, কৃষিজীৱী ৰাইজৰ সম্ভাৱনা হিচাপে অতি সচেতনভাৱে দেৱীৰ ৰূপতে সুন্দৰকৈ সজাই তুলিছে। প্রয়োজনত লেখকে কপিলীক জননীৰৰূপত, দেৱীৰ ৰূপত, সংহাৰিণীৰূপকে ধৰি ভিন্ন ৰূপত উপস্থাপন কৰিছে।

উপন্যাসখনিৰ আৰম্ভণিৰ পৰা শেষলৈকে কপিলী নৈক কেন্দ্ৰ কৰি আৰম্ভ হৈছে আৰু কপিলী নৈক কেন্দ্ৰ কৰিয়েই শেষ হৈছে। সেয়ে
ইয়াক নদী ভিত্তিক উপন্যাস বুলি ক’ব পাৰি।

Class 12 Advance Assamese Lesson 10

প্র : ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনত থকা গোসাঁই পুখুৰীটোৰ লগত জড়িত থকা জনবিশ্বাসটো চমুকৈ আলোচনা কৰা।
উ : ‘কপিলীপৰীয়া সাধু’ নামৰ উপন্যাসখনত নৱকান্ত বৰুৱাই গোসাঁই পুখুৰী নামৰ পুখুৰী এটা আৰু ইয়াৰ লগত জড়িত জনবিশ্বাসৰ সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। এই পুখুৰীটোৰ পাৰতেই উপন্যাসখনৰ মূল চৰিত্ৰ তথা ৰূপাই আৰু সোণপাপীৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। তেওঁলোকৰ দৈহিক মিলনৰ সাক্ষী হৈ ৰ’ল এই পুখুৰীটো।

ৰূপাইহঁতৰ ঘৰৰ পৰা দুমাইলমান দূৰত থকা গোসাঁই পুখুৰীটো সোণপাহীহঁতৰ গাঁৱৰ বাহিৰৰ এটি অন্যতম ঐতিহ্যময় পুখুৰী। প্রাচীন ঐতিহ্য বহন কৰা পুখুৰীটো কোনে কেতিয়া খন্দাইছিল তাক কোনেও নাজানে। পুখুৰীটোৰ পাৰকেইটা অতি ওখ বাবে বানপানী হ’লে পানী নোসোমায়। পাত থকা ফল-মূলৰ গছবোৰৰ পৰা সৰি পৰা ফলবোৰ কোনেও নাখায়। তাতেই পকি সৰে, তাতেই গজে। গৰখীয়ায়ো নাখায়। সকলোৱে ভয় কৰে পুখুৰীটোত কালিকা থকা বুলি।

পুখুৰীটোত থকা কাছবোৰৰ পিঠিত শেলুৱৈ গজিছে। পুখুৰীটোত ভৰ্তি হৈ থকা মাছবোৰো কোনেও নামাৰে। কিংবদন্তি মতে গাঁৱত কালীয়দমন ভাওনা হ’লে গোসাঁই ঘৰৰ ল’ৰাই ভাও লোৱাটো হেনো এটি পৰম্পৰা। ভাওত কিবা ছিদ্র থাকিলে গোসাঁই অসন্তুষ্ট হয়। কুহিলাৰে সজা কালীয় নাগে জীৱন্ত হৈ হোলোকা-হোলোকে তেজ বমি কৰায়। কৃষ্ণই ফণাত উঠি থকা ঠাইডোখৰত এটা পুখুৰী হয় আৰু সাপডালৰ সৈতে কৃষ্ণৰ ভাও লোৱা ল’ৰাজন পানীৰ তললৈ সোমাই যায়। এনেদৰেই পুখুৰীটোৰ সৃষ্টি হৈছে বুলি জনবিশ্বাস আছে।

এনেদৰে গোসাঁই পুখুৰীটোৱে যুগ যুগ ধৰি চুবুৰীয়া গাঁওবাসীৰ মনত ভয়, শ্রদ্ধা আৰু সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। গোসাঁই পুখুৰীটোৰ পাৰতে ৰূপাই আৰু সোণপাহীৰ গোপন মিলন হৈছিল। সোণপাহীৰ আমন্ত্ৰণক্ৰমে নির্জন জয়াল ঠাইত থকা এই পুখুৰীটোলৈ নিশা ৰূপায়ে কপিলীৰে নাও বাই আহে। ৰূপাইৰ বাবে পুখুৰীটোৰ পাৰত ৰাতি চাকি জ্বলাই সোণপাহীয়েও অপেক্ষা কৰি থাকে।

প্র : ৰঙিলী কোন আছিল?

উঃ ৰঙিলী নৱকান্ত বৰুৱাৰ ৰচিত উপনাস ‘কপিলী পৰীয়া সাধু’ৰ প্রধান চৰিত্ৰ ৰূপাইৰ পালিত মাক। নিজৰ মাক নহ’লেও ৰূপাইৰ প্ৰতি তেওঁৰ অকৃত্রিম মৰম প্ৰকাশ পাইছে। জন্মদাত্রী মাকে যিদৰে নিজৰ সন্তানক ডাঙৰ-দীঘল কৰে ৰঙিলীয়েও ঠিক সেইদৰে ৰূপাইৰ যত্ন লৈছিল। কপিলী নদীত উটি অহা পানীকেঁচুৱা ৰূপাইক ধীৰ সিং আৰু ৰঙিলীয়ে ডাঙৰ-দীঘল কৰিছিল।

প্র : মোৰ কথাবোৰ বাৰু বেঁকা : তই চিধা বাট ল।’ কোনে, কাক এনেদৰে কৈছিল?

উ : উক্ত কথাষাৰ সুলভ মূল্যৰ দোকানীয়ে ৰূপাইক কৈছিল।

প্র : কপিলীপৰীয়া সাধুৰ লেখক কোন?

উ: কপিলীপৰীয়া সাধুৰ লেখক হৈছে—নৱকান্ত বৰুৱা।

প্র : ৰূপায়ে চুধাংছু বাবুক ক’ত লগ পাইছিল?

উঃ ৰূপাযে চুধাংছু বাবুক গুৱাহাটীৰ কাৰাগাৰত লগ পাইছিল।

Leave a Comment