অন্বেষণ Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া দ্বাদশ শ্ৰেণী

অন্বেষণ Class 12 কবিতা – সীতানাথ ব্ৰহ্মচৌধুৰী ( প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া | Class 12 Advance Assamese Lesson 6 Question  Answer

বিষয়  ঐচ্ছিক অসমীয়া
পাঠৰ নাম অন্বেষণ
উপলব্ধ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ 6
কবি সীতানাথ ব্ৰহ্মচৌধুৰী
শ্ৰেণী  দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম 
অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

অন্বেষণ Class 12

প্র: সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰা দুখন পুথিৰ নাম লিখা।
উ : সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰা দুখন পুথিৰ নাম হ’ল– (১) ‘কমলকলি’ আৰু (২) ‘চকুলো’।

প্রঃ ‘অন্বেষণ’ কবিতাটি কি ভাৱৰ কবিতা?
উঃ অন্বেষণ’ কবিতাটি প্রেম ভাবৰ কবিতা।

প্র : ‘সমস্ত জগত ঘূৰি নিজ মনে ফুৰিছো বিচাৰি’–
কবিয়ে কাক বিচাৰি ফুৰিছে।
উঃ কবি সীতানাথ ব্ৰহ্মচৌধুৰীয়ে তেওঁৰ প্ৰেয়সী প্রিয়তমাক বিচাৰি ফুৰিছে।

প্র : সীতানাথ ব্ৰহ্মচৌধুৰীয়ে কিমান চনত আৰু ক’ত জন্ম গ্ৰহণ কৰিছিল?
উঃ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ১৯০৮ চনত গোৱালপাৰাৰ ভালুকমাৰীত জন্ম গ্রহণ কৰিছিল।

প্ৰ: অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সভাপতিত্ব কৰিছিল।
উ: অসম সাহিত্য সভাৰ তিনিচুকীয়া আৰু ডিফু অধিৱেশনত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সভাপতিত্ব কৰিছিল।

প্র: সীতানাথ ব্ৰহ্মচৌধুৰীয়ে কলেজীয়া শিক্ষা ক’ত গ্রহণ কৰিছিল? তেওঁৰ কিমান চনত মৃত্যু হৈছিল।
উ: সীতানাথ ব্ৰহ্মচৌধুৰীয়ে গুৱাহাটীৰ কটন কলেজত শিক্ষা গ্ৰহণ কৰিছিল। সীতানাথ ব্ৰহ্মচৌধুৰীৰ ১৯৮২ চনত মৃত্যু হৈছিল।

প্র :-সীতানাথ ব্ৰহ্মচৌধুৰীৰ কবিতাত কি ভাৰৰ প্ৰকাশ ঘটিছে?
উঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ কবিতাত ৰোমাণ্টিক ভাবাদর্শ, প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে।

প্র : সীতানাথ ব্ৰহ্মচৌধুৰীৰ মৃত্যু কেতিয়া হৈছিল।
উঃ ১৯৮২ চনত সীতানাথ ব্ৰহ্মচৌধুৰীৰ মৃত্যু হৈছিল।

লগতে পঢ়ক:   মোৰ গাঁও Class 12 – ডিম্বেশ্বৰ নেওগ (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

প্র : সীতানাথ ব্ৰহ্মচৌধুৰী কেই বাৰ ‘অসম সাহিত্য সভাৰ সভাপতি নির্বাচিত হৈছিল?
উঃ সীতানাথ ব্ৰহ্মচৌধুৰী দুবাৰ ‘অসম সাহিত্য সভাৰ তিনিচুকীয়া আৰু ডিফু অধিবেশনত সভাপতি নির্বাচিত হৈছিল।

প্র : ‘নিজ মনে গাই বিৰহৰ কৰুণ সংগীত।
সমস্ত জগত ঘুৰি নিজ মনে ফুৰিছো বিচাৰি।”
—কবিয়ে কিদৰে বিৰহৰ কৰুণ সংগীত গাই ঘুৰি ফুৰিছে লিখা।
উ : কবি সীতানাথ ব্রহ্মচৌধুৰীয়ে নিজেই তেওঁৰ প্ৰিয়তমাক বিচাৰি ফুৰিছে। সমস্ত জগত ঘূৰিও তেওঁ প্রিয়তমাক বিচাৰি নাপাই বিৰহৰ কৰুণ গীত গাইছে।
প্রিয়তমাৰ লগত পূৰ্বজন্মত কবিৰ সম্পৰ্ক আছিল অতি মধুৰ। তেওঁৰ প্ৰিয়তমাজনী দেখাতো বৰ আকৰ্ষণীয় আছিল। পূর্বজনমত প্ৰেমৰ ৰঙেৰে তাইৰ প্ৰতিটো অংগ জিলিকি উঠিছিল। পূর্বজন্মৰ প্ৰেম সুঁৱৰি এই জন্মত কবিয়ে জগত বিচাৰি চলাথ কৰিও প্রিয়তমাক এবাৰলৈয়ো দেখা পোৱা নাই। সেয়েহে কবিয়ে বিৰহৰ কৰুণ গীত গাইছে।

অন্বেষণ Class 12

প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :

প্র : ‘বিৰহ-কাতৰ মই, বিৰহত মৰো দেই-পূৰি
অ’ মোৰ প্ৰাণৰ প্রিয়া, কত যাম তোমাক বিচাৰি’।
উ : ব্যাখ্যেয় কবিতাফাকি সীতানাথ ব্ৰহ্মচৌধুৰীৰ ৰচিত ‘অন্বেষণ’ নামৰ কবিতাটোৰ পৰা অনা হৈছে।
কবিয়ে সমস্ত জগত চলাথ কৰিও প্রিয়তমাক বিচাৰি নাপাই কবিতাফাকিৰ জৰিয়তে অন্তৰৰ গভীৰ দুখ প্ৰকাশ কৰিছে।

প্রিয়তমাৰ লগত পূৰ্বজনমত কবিৰ সম্পৰ্ক অতি মধুৰ আছিল। তেওঁৰ প্ৰিয়তমা দেখাতো বৰ ধুনীয়া আছিল। পূৰ্বজনমত তাইৰ দেহত বসন্তই খেলা কৰিছিল আৰু প্ৰেমৰ ৰঙেৰে তাইৰ প্ৰতিটো অংগ জিলিকি উছিঠিল। পূৰ্বজন্মৰ প্ৰেম সোঁৱৰি এই জন্মত কবিয়ে প্ৰেয়সীক বিচাৰি চলাথ কৰিও দেখা পোৱা নাই। সেইবাবে কবিৰ হৃদয় বিৰহত দহিছে।

লগতে পঢ়ক:   ই যে অগ্নি-বীণাৰ তান Class 12 (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

প্র: ‘ই জন্মত ক’ত আছে, কেনে আছে, কোনে জানে হায়।’
–এইথাষাৰৰ বক্তা কোন? তেওঁ কিয় তেনেদৰে কৈছে লিখা।
উ: উদ্বৃত কবিতাফাকিৰ বক্তা হৈছে ‘অন্বেষণ’ কবিতাটিৰ কবি সীতানাথ ব্ৰহ্মচৌধুৰী।
কবিতাটিত কবিয়ে পূর্বজন্মৰ প্ৰেয়সীক বিচাৰি নাপাই মনত সৃষ্টি হোৱা বিৰহ প্ৰকাশ কৰিছে। কবিয়ে প্রিয়তমাক বিচাৰি গোটেই জগত ঘূৰি ফুৰিছে যদিও ক’তো বিচাৰি পোৱা নাই। প্রিয়তমা ক’ত আছে, কেনে আছে ভাবি কবিয়ে নিজৰ মনৰ দুখ প্ৰকাশ কৰিছে। পূৰ্বজনমত প্রিয়তমাৰ লগত কবিৰ সম্পৰ্ক আছিল অতি মধুৰ। তেওঁৰ প্ৰিয়তমা দেখাতো বৰ ধুনীয়া আছিল। পূৰ্বজন্মৰ প্ৰেম সোঁৱৰি এই জন্মত কবিয়ে জগত বিচাৰি চলাথ কৰিও প্রিয়তমাক এবাৰলৈয়ো দেখা পোৱা নাই। সেইবাবে কবিতাফাকিৰ জৰিয়তে কবিয়ে দুখ প্ৰকাশ কৰিছে।

অন্বেষণ Class 12 Advance Assamese Lesson 6

প্র : অন্বেষণ কবিতাটিৰ সাৰাংশ লিখা।
উ: সীতানাথ ব্ৰহ্মচৌধুৰীৰ ৰোমাণ্টিক ভাৱ দৰ্শনৰ ‘অন্বেষণ’ নামৰ কবিতাটি মূলতে এটা প্ৰেমৰ কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে প্ৰেয়সীৰ সতে হোৱা বিচ্ছেদ বেদনাৰ এখন ছবি অংকন কৰিছে। বিৰহত কাতৰ কবিয়ে প্রিয়তমাক বিচাৰি নাপাই ব্যাকূল হৈ পৰিছে। পূর্বজন্মত বিশ্বাসী কবিয়ে পূর্বজনমত লগপোৱা প্রেয়সীক বিচাৰি চলাথ কৰিছে। কবিৰ মতে তেওঁৰ প্ৰেয়সী আছিল অনুপমা সৌন্দৰ্যৰ প্ৰতিমা। পূৰ্বজনমত তাই যৌৱনৰ প্ৰথম ঢৌ তুলি কবিৰ প্ৰেম সত্বাক জগাই তুলিছিল।

বর্তমান তাইক ক’তো কবিয়ে বিচাৰি পোৱা নাই। তাইৰ দেহৰ প্ৰতিটো অংগ প্ৰেমৰ ৰঙেৰে জিলিকি উঠিছিল। পূর্ব জনমত সৌন্দর্যময়ী লাৱণী দেহত যৌৱনৰ বসন্তই খেলা কৰিছিল, প্ৰেমৰ ৰঙেৰে তাই আৰু জিলিকি উঠিছিল। কবিৰ ওঠৰ এটি প্রেমভৰা চুমাত তেওঁৰ প্ৰেয়সী প্ৰেমত মতলীয়া হৈ পৰিছিল। পূৰ্ব জনমৰ
জীৱনৰ কোনোবা সন্ধিয়াত কবিৰ সতে প্ৰেয়সীৰ বিচ্ছেদ হ’ল যদিও এই জনমতো তেওঁ পাহৰিব পৰা নাই। ভাৰতীয় দৰ্শনত বিশ্বাসী কবিয়ে পূর্বজন্মৰ লগৰী প্রিয়তমাক বিচাৰি চলাথ কৰিছে। বিদায় লগ্নত তেওঁৰ প্ৰিয়তমায়ো কবিৰ পৰা বিদায় লৈছিল আৰু বিৰহৰ চকুলোৰে প্ৰিয়তমাৰ চকু ভৰি পৰিছিল।

লগতে পঢ়ক:   মানৱ বন্দনা Class 12 ঐচ্ছিক অসমীয়া (প্ৰশ্নোত্তৰ) চন্দ্ৰকুমাৰ আগৰৱালা

কবিয়ে পূৰ্ব জনমৰ তেওঁৰ যৌৱনৰ প্ৰথম লহৰীত লগপোৱা সেই প্রেয়সীজনী এতিয়া ক’ত কেনেকৈ আছে তেওঁ নাজানে। সেয়েহে কবিয়ে সেই প্রেয়সীয়ে আকৌ ক’ত জনম ল’লে আৰু ক’ত কেনেকৈ আছে তাকে জানিবলৈ ব্যাকুল হৈছে। তেওঁৰ মোহময়ী প্রেয়সীক ক’তো বিচাৰি নাপাই কবি বিৰহত ভাগি পৰিছে।

শব্দার্থ : লৱণ— মাখন। অধীৰ—অস্থিৰ। লহৰী—টৌ, | আকুল—কাতৰ। বিৰহ — বিচ্ছেদ। নিৰুপমা—অতুলনীয়।

প্রঃ ‘অন্বেষণ’ কবিতাটি কি ভাৱৰ কবিতা?

উঃ অন্বেষণ’ কবিতাটি প্রেম ভাবৰ কবিতা।

প্র: সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰা দুখন পুথিৰ নাম লিখা।

উ : সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰা দুখন পুথিৰ নাম হ’ল– (১) ‘কমলকলি’ আৰু (২) ‘চকুলো’।

প্র : অন্বেষণ কবিতাটিৰ সাৰাংশ লিখা।

উ: সীতানাথ ব্ৰহ্মচৌধুৰীৰ ৰোমাণ্টিক ভাৱ দৰ্শনৰ ‘অন্বেষণ’ নামৰ কবিতাটি মূলতে এটা প্ৰেমৰ কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে প্ৰেয়সীৰ সতে হোৱা বিচ্ছেদ বেদনাৰ এখন ছবি অংকন কৰিছে। বিৰহত কাতৰ কবিয়ে প্রিয়তমাক বিচাৰি নাপাই ব্যাকূল হৈ পৰিছে। পূর্বজন্মত বিশ্বাসী কবিয়ে পূর্বজনমত লগপোৱা প্রেয়সীক বিচাৰি চলাথ কৰিছে। কবিৰ মতে তেওঁৰ প্ৰেয়সী আছিল অনুপমা সৌন্দৰ্যৰ প্ৰতিমা। পূৰ্বজনমত তাই যৌৱনৰ প্ৰথম ঢৌ তুলি কবিৰ প্ৰেম সত্বাক জগাই তুলিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top