মোৰ গাঁও Class 12 – ডিম্বেশ্বৰ নেওগ (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

মোৰ গাঁও Class 12 – ডিম্বেশ্বৰ নেওগ (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া | Class 12 Advance Assamese Lesson 4 Question  Answer | দ্বাদশ শ্ৰেণীৰ ঐচ্ছিক অসমীয়া

বিষয়  ঐচ্ছিক অসমীয়া
পাঠৰ নাম মোৰ গাঁও
উপলব্ধ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ 4
কবি ডিম্বেশ্বৰ নেওগ
শ্ৰেণী  দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম 
অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মোৰ গাঁও Class 12

প্র : ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি আছিল?
উ : ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম আছিল মানিক চন্দ্ৰ নেওগ।

প্রঃ ডিম্বেশ্বৰ নেওগৰ জন্ম গাঁওখনৰ নাম কি?
উঃ ডিম্বেশ্বৰ নেওগৰ জন্ম গাঁওখনৰ নাম হ’ল শিৱসাগৰৰ কমাফদিয়া গাঁও।

প্র : ইন্দ্ৰধনু’ৰ কবি কোন? অসমীয়া সাহ্যিতত তেওঁ কিহৰ বাবে বিখ্যাত হৈ ৰৈছে?
উ : ইন্দ্ৰধনুৰ কবি বুলি ডিম্বেশ্বৰ নেওগক কোৱা হয়। সাহিত্যৰ বুৰঞ্জী প্ৰণেতা হিচাপে অসমীয়া সাহিত্যত তেওঁ বিখ্যাত।

প্রঃ ‘ব্রহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি কবি ডিম্বেশ্বৰ নেওগে কোনখন গাঁৱৰ কথা কৈছে?
উ : ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি কবি ডিম্বেশ্বৰ নেওগে নিজৰ গাঁওখনৰ কথা কৈছে।

প্র : ডিম্বেশ্বৰ নেওগৰ এখন কবিতা পুথিৰ নাম লিখা।
উ : ডিম্বেশ্বৰ নেওগৰ এখন কবিতা পুথিৰ নাম হ’ল—মালতী।

প্র : কমাফদিয়া গাঁও অসমৰ কোনখন নদীৰ পাৰত অৱস্থিত?
উঃ কমাৰফদিয়া গাঁও অসমৰ দিখৌ নদীৰ পাৰত অৱস্থিত।

প্র : ‘ডিম্বেশ্বৰ নেওগৰ গীতি-কবিতা পুথিখনৰ নাম কি?
উ : ডিম্বেশ্বৰ নেওগৰ গীতি-কবিতা পুথিখনৰ নাম ‘মুকুতা’।

প্র : ‘বিশ্বৰ সৌন্দৰ্য’ বুলি কবিয়ে কিহক কৈছে?
উ : ‘বিশ্বৰ সৌন্দৰ্য’ বুলি কবিয়ে নিজ গাঁওখনক কৈছে।

প্রঃ ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ নামৰ গ্ৰন্থখনৰ লেখক কোন?
উ: ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ নামৰ গ্ৰন্থখনৰ লেখক হ’ল— ডিম্বেশ্বৰ নেওগ।

প্র : ডিম্বেশ্বৰ নেওগে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?
উ: ১৯৬৫ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নলবাৰী অধিৱেশনত সভাপতিত্ব কৰিছিল।

মোৰ গাঁও Class 12

প্রসংগ সংগতি দর্শাই দেখুৱাই ব্যাখ্যা কৰাঃ

(ক) ‘বিশ্বৰ সৌন্দৰ্য খনি
জন্মভূমি তই মাথোঁ
এচমকা ব্রহ্মাণ্ডৰ হিয়া।
উ : উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘ইন্দ্ৰধনুৰ কবি’ ডিম্বেশ্বৰ নেওগদেৱৰ দ্বাৰা ৰচিত ‘মোৰ গাঁও’ নামৰ কবিতাটোৰ পৰা অনা হৈছে।
কবিৰ কমাৰফদিয়া নামৰ মৰমৰ গাঁওখন যে তেওঁৰ বাবে কিমান আপোন তাকে বুজাবলৈ উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

কবিয়ে তেওঁৰ শৈশৱ আৰু যৌৱনৰ আদিছোৱা কমাৰফদিয়া গাঁওখনতে কটাইছিল। তেওঁৰ বাবে গাওঁখন অতি মৰমৰ। সেইখন গাঁৱতেই তেওঁ পৃথিৱীৰ প্ৰথম পোহৰ দেখিছিল। সেই সময়ত গাঁওখনত গঞা ৰাইজৰ মাজত মিলাপ্রীতি আছিল। সকলোৱে নিজৰ দৰে বাস কৰিছিল। অর্থনৈতিকভাৱেও তেওঁৰ গাওঁখন স্বাৱলম্বী আছিল। বছৰটো ভঁৰালৰ ধানে খাবলৈ জুৰিছিল। গাঁওখনৰ অপৰূপ প্রাকৃতিক সৌন্দর্যই কবিক আত্মহাৰা কৰি তোলে।

লগতে পঢ়ক:   হাতী Class 12 – হোমেন বৰগোহাঞি (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

তেওঁ অনুভৱ কৰে যে বিশ্বৰ আটাইবোৰ সৌন্দৰ্য তেওঁৰ এই গাঁওখনতে বিৰাজমান।  কবিৰ মতে তেওঁৰ গাঁওখন বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰতেই মনোমোহা । তেওঁৰ বাবে নিজ জন্মভূমি এই কমাৰফদিয়া গাওঁখন অতি মৰমৰ, অতি চেনেহৰ, প্ৰাণৰো আপোন।

প্রঃ ‘ব্রহ্মাণ্ডৰ চালি-জাৰি
ক’তো হ’লে পোৱা নাই
এদিনৰ কাৰণেও
সৰলতা আজি তেনেকুৱা।
উঃ ব্যাখ্যেয় কবিতাফাকি কবি ডিম্বেশ্বৰ নেওগৰ ৰচিত ‘মোৰ গাঁও’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।

কবিয়ে নিজ জন্মভূমি গাঁওখনৰ প্ৰতি থকা অসীম মৰম-ভালপোৱাৰ কথা ক’বলৈ উক্ত কবিতাফাকি অৱতাৰণা কৰিছে।
কবিয়ে তেওঁৰ জন্মগাঁও কমাৰফদিয়াক ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি কবিতাটিত অভিহিত কৰিছে। ব্ৰহ্মাণ্ডৰ সকলো সৌন্দৰ্যৰে ভৰা সেই গাঁওখনতে তেওঁ জন্ম হৈ লগৰ লগৰীয়াৰ সৈতে খেলা-ধুলা কৰি, পুহ মাহৰ জাৰৰ মেজি খৰি বিচাৰি, পথাৰে পথাৰে গৰু-যুঁজ চাই ভাই-ভনীৰ মৰম-চেনেহৰ মাজত তেওঁ শৈশৱৰ কালছোৱা অতিবাহিত কৰিছিল। আজিও সেই শৈশৱ কালৰ স্মৃতিৰ ৰোমন্থনে কবিক ব্যাকুল কৰি অতীতলৈ লৈ যায়।

মানুহৰ মাজত থকা সেই মধুৰ সম্পৰ্ক, গঞাজীৱনৰ সৰলতাই কবিক ব্যাকুল কৰি তোলা তেওঁৰ গাঁওখনৰ সেই সৰলতা বিশ্বব্ৰহ্মাণ্ডৰ ক’তো বিচাৰি নাপায় বুলি কৈছে।  কবিয়ে ব্ৰহ্মাণ্ডত চালি-জাৰি চাই এদিনৰ কাৰণেও কতো তেনে সৰলতা বিচাৰি পোৱা নাই। ভালপোৱা বস্তুত সৰলতা, মধুৰতা আৰু অসীম সৌন্দর্য অনুভূত হয়। কবিয়েও আপোন গাঁওখন অতিকৈ ভাল পায় কাৰণ ব্ৰহ্মাণ্ডত নোপোৱা সৰলতাখিনি কবিয়ে তেওঁৰ সেই অতীত আপোন গাঁৱখনতে বিচাৰি পাইছে।

মোৰ গাঁও Class 12

প্রঃ জাতীয় উছৱ আদি
কোনো ৰঙ ধেমালিতে
নাই প্রাণ আগৰ সিদৰে।
‘ধনকে মাথোন চিনি
মৰম নিচিনা হ’ল
ধনেই কাল হ’ল
দয়া-স্নেহ মূলতে সবাৰে।’
—কবিয়ে এনেদৰে আক্ষেপ কৰাৰ কাৰণ কি, বুজাই লিখা।
উ : কবিয়ে এৰি অহা নিজ গাঁওখনত অভূতপূর্ব পৰিৱৰ্তন দেখি আচৰিত হৈছে। কবিৰ মতে আগৰ দৰে গাঁওখনৰ মানুহৰ মাজত মৰম স্নেহ নাই। ডেকা-গাভৰুৰ অন্তৰতো আগৰ সেই উৎসাহ-উদ্দীপনা নাই। বৰ্তমানৰ ডেকাবোৰে কবিৰ দৰে শৈশৱত গাৰ ছকঠীয়াখন থৈ মেজি খৰি গোটাই গৰু যুঁজ চাবলৈ নাহে।

লগতে পঢ়ক:   কাঞ্চনজঙ্ঘা বুৰঞ্জী Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

আগৰ সমৃদ্ধিশালী গাওঁখন যেন কাঁহ পৰি জীপ যোৱাৰ দৰে সকলোপিনে নিমাত-নিতাল হৈ পৰিছে। ঢোলৰ মাত শুনি আগৰদৰে ডেকা-গাভৰু মতলীয়া নোহোৱা হ’ল। মানুহে কেৱল ধনকহে সকলোৰে মূল বুলি ভাবি ধনৰ চিন্তা আৰু উপাৰ্জনত আত্ম নিয়োগ কৰি দয়া-মৰম বিসর্জন দি মৰম- স্নেহ পাহৰি গ’ল। তেওঁৰ ল’ৰালি কালৰ গাঁৱখনৰ এনে কৃত্রিমতা দেখি কবিয়ে এনেদৰে আক্ষেপ কৰিছে।

প্র : কবিয়ে কবিতাটিত কমাৰফদিয়া গাৱঁৰ কেনেধৰণৰ পৰিবৰ্তন হোৱাৰ কথা উল্লেখ কৰিছে লিখা।
উ : ইন্দ্ৰধনুৰ কবি ডিম্বেশ্বৰ নেওগে ‘মোৰ গাঁও’ নামৰ কবিতাটোত গাঁওখনৰ অতীত আৰু বৰ্তমানৰ লগত তুলনা কৰি পোৱা পৰিৱৰ্তনৰ চিত্ৰ সুন্দৰকৈ অংকন কৰিছে। এই পৰিৱৰ্তনত কবি অতিকৈ দুখী। কবিয়ে তেওঁৰ জীৱনৰ বিয়লি বেলাত এৰি অহা দিনবোৰৰ দৰে সেই সৰলতা গাওঁখনৱত নাই বুলি ভাবিবলৈ বাধ্য হৈছে। কবিৰ মতে গাঁৱৰ পৰিৱেশ সকলো কৃত্ৰিম হৈ পৰিছে। পৰিৱৰ্তনৰ বতাহত গাওঁখন সলনি হৈ পৰিছে।

দিখৌ নৈ আগৰদৰে অবিৰাম গতিত বৈ আছে যদিও নৈখনক কবিৰ এসময়ৰ কিমান যে লগৰীয়াৰ চিতাৰ জুয়ে ধুৱলী-কুঁৱলী কৰিলে তাৰ হিচাপ নাই। গাৱঁলীয়া জীৱনৰ আৰ্থিক অৱস্থা অৱনমিত হৈছে। বছৰ জুৰি ভঁৰালৰ ভাত খাব নোহোৱা হোৱাত অভাৱৰ তাড়নাত বহুত গঞা ৰাইজে গাঁও এৰি অনাই বনাই ঘূৰি ফুৰিছে।

ডেকা-গাভৰৰ অন্তৰতো আগৰ সেই উৎসাহ উদ্দীপনা নাই। বৰ্তমানৰ ডেকাবোৰে কবিৰ দৰে শৈশৱত গাৰ কঠীয়াখন থৈ মেজি খৰি গোটাই গৰু যুঁজ চাবলৈ নাহে। আগৰ সমৃদ্ধিশালী গাওঁখন যেন কাঁহ পৰি জীণ যোৱাৰ দৰে সকলোপিনে নির্মাত নিতাল হৈ পৰিছে। ঢোলৰ মাত শুনি আগৰদৰে ডেকা-গাভৰু মতলীয়া নোহোৱা হ’ল। আগৰদৰে গাঁৱৰ মানুহৰ মাজত মিলা- প্রীতি নোহোৱা হৈ মনবোৰ হিংসা কপটতাৰে ভৰি পৰিল।

ধনৰ মোহত পৰি গাঁৱৰ মানুহৰ দয়ামায়া নাইকিয়া হ’ল। কবিয়ে নিজৰ গাঁওখনৰ এনে পৰিৱৰ্তন দেখি মর্মাহত হৈ পৰিছে। সেয়েহে এদিন গাঁওখনৰ অস্তিত্ব হেৰাই যাব বুলি তেওঁ ভাবিবলৈ বাধ্য হৈছে। তথাপি কবি গর্বিত যে শৈশৱত নিজৰ গাঁওখনতে উপভোগ কৰা সেই অকৃত্রিম সৰলতা তেওঁ জগতৰ কতো এনে আপোন ঠাই বিচাৰি পোৱা নাই।

লগতে পঢ়ক:   বহাগ বিহুৰ পৰম্পৰা Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

Class 12 Advance Assamese Lesson 4 Question  Answer

প্র : ‘মোৰ গাঁও’ কবিতাটিত প্ৰকাশ পোৱা কবিৰ অতীত ৰোমস্থনৰ এটি বিৱৰণ দিয়া।
উ : ‘মোৰ গাঁও’ কবিতাটো কবি ডিম্বেশ্বৰ নেওগৰ নিজৰ কমাৰফদিয়া গাঁওখন সোঁৱৰণ কৰি লিখা এটি সুন্দৰ কবিতা।
কবিতাটিৰ মাজেদি কবিয়ে গাঁওখনৰ প্ৰতি থকা হিয়াভৰা প্ৰেম অতি উজ্জ্বল ৰূপত ৰোমন্থন কৰি কবিতাটো লিখিছে।

নেওগদেৱে তেওঁৰ জন্মস্থান দিখৌ পাৰৰ কমাৰফদিয়া গাঁওখন অতিকৈ ভাল পায়। নিজৰ গাওঁখনলৈ মনত পৰিলে কবিব দুচকুৱেদি আনন্দতে অশ্ৰু নিগৰে। সময়ৰ সোঁতত কবিয়ে নিজৰ গাঁওৰপৰা আঁতৰি প্রবাসী জীৱন অতিবাহিত কৰিলেও তেওঁৰ গাঁওখন মনত সজীৱ হৈ আছে। নিজৰ গাওঁখনক কবিয়ে ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ আভৰণ বুলি কৈছে। কমাৰফদিয়া গাঁওখনতে কবিয়ে তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰিছিল।

বিনন্দীয়া সৃষ্টিৰ সৌন্দৰ্যৰে ভৰপুৰ কবিৰ গাওঁখনৰ সকলো মানুহেই বাই-ভনী আৰু বাই-ককাইৰ দৰে আপোন আছিল। গাঁৱত কবিয়ে সমনীয়াৰ লগত উমলি মনৰ কথা পাতি শান্তিৰে দিনবোৰ
পাৰ কৰিছিল। কিন্তু জীৱনৰ বিয়লি বেলাত কবি বৰ নষ্টালজিক হৈ পৰিছে আৰু তেওঁ শৈশৱত কটোৱা গাঁওখনৰ কথা ৰোমন্থন কৰি কৈছে যে তেওঁৰ সেই সময়ৰ গাঁওখন আছিল অতি সমৃদ্ধিশালী। মানুহৰ মাজত নাছিল কোনো ধৰণৰ হাই-উৰুমি, ভেদাভেদ থকাৰ পৰিৱৰ্তে সকলোৰে মাজত মিলাপ্ৰীতি বিৰাজ কৰিছিল।

পুহ মাহৰ জাৰত কবিয়ে লগৰীয়াৰ সতে মেজিৰ খৰি গোটাইছিল৷ পথাৰত গৰু যুঁজ চাই আনন্দত মতলীয়া হৈছিল। তেওঁ গাওঁখনত বিনন্দীয়া সৃষ্টিৰ পোহৰ দেখা পাইছিল। কবিৰ মতে তেওঁৰ গাঁওখন বিশ্বব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ আভৰণ। সেয়ে কবিয়ে নিজৰ গাঁওখনক ভাল পায়। সময়ৰ সোঁতত গাওঁখনৰ পৰা দূৰত থাকিলেও কবিয়ে জীৱনৰ বিয়লি বেলাত নিজৰ গাওঁখনৰ কথা মনত পেলাই আনন্দ উপলব্ধি কৰিছে।

মোৰ গাঁও Class 12

শব্দার্থ :

ছকঠীয়াখনি– গাত লোৱা আলোৱানখন।

জন্মান্তৰ– এইজন্মৰ আগৰ বা পাছৰ কোনো জন্ম।

বিনন্দীয়া-অতি ধুনীয়া, আনন্দপূর্ণ।

কুচ্চুট-হিংসা, কুটিলতা।

কপট-চাতুৰী।

প্র : ডিম্বেশ্বৰ নেওগৰ এখন কবিতা পুথিৰ নাম লিখা।

উ : ডিম্বেশ্বৰ নেওগৰ এখন কবিতা পুথিৰ নাম হ’ল—মালতী।

প্র : কমাফদিয়া গাঁও অসমৰ কোনখন নদীৰ পাৰত অৱস্থিত?

উঃ কমাৰফদিয়া গাঁও অসমৰ দিখৌ নদীৰ পাৰত অৱস্থিত।

প্র : ‘ডিম্বেশ্বৰ নেওগৰ গীতি-কবিতা পুথিখনৰ নাম কি?

উ : ডিম্বেশ্বৰ নেওগৰ গীতি-কবিতা পুথিখনৰ নাম ‘মুকুতা’।

প্র : ‘বিশ্বৰ সৌন্দৰ্য’ বুলি কবিয়ে কিহক কৈছে?

উ : ‘বিশ্বৰ সৌন্দৰ্য’ বুলি কবিয়ে নিজ গাঁওখনক কৈছে।

Leave a Comment