কাঞ্চনজঙ্ঘা বুৰঞ্জী Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

কাঞ্চনজঙ্ঘা বুৰঞ্জী Class 12 কবিতা – জ্যোতিপ্ৰসাদ আগৰৱালা ( প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া | Class 12 Advance Assamese Lesson 5 Question  Answer

বিষয় ঐচ্ছিক অসমীয়া
পাঠৰ নামকাঞ্চনজঙ্ঘা বুৰঞ্জী
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ5
কবিজ্যোতিপ্ৰসাদ আগৰৱালা
শ্ৰেণী দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

কাঞ্চনজঙ্ঘা বুৰঞ্জী Class 12

প্র : ‘ইন্দ্ৰমালতী’ কথাছবিৰ নিৰ্মাতা কোন?
উ : ‘ইন্দ্ৰমালতী’ কথাছবিৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

প্র : ‘ৰূপকোঁৱৰ আখ্যা কাক দিয়া হৈছে?
উ:জ্যোতিপ্ৰসাদ আগৰৱালাক ‘ৰূপকোঁৱৰ আখ্যা দিয়া হৈছে।

প্র : ‘কাঞ্চনজংঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিৰ ৰচক কোন?
উ : ‘কাঞ্চনজংঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিৰ ৰচক হৈছে— জ্যোতিপ্ৰসাদ আগৰৱালা।

প্র: প্রথম অসমীয়া কথাছবি নির্মাতা কোন?
উ : প্রথম অসমীয়া কথাছবি নির্মাতা হৈছে—জ্যোতিপ্ৰসাদ আগৰৱালা।

প্র: জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল— ‘শোণিত কুঁৱৰী’ আৰু ‘কাৰেঙৰ লিগিৰী’।

প্র : জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া সাহিত্যত কি নামেৰে পৰিচিত?
উ: জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া সাহিত্যত ‘ৰূপকোঁৱৰ নামেৰে পৰিচিত।

প্র : সুৰধনি গংগা মানে কি?
উ : সুৰধনী গংগা মানে কল-কল শব্দৰে সংগীতৰ সুৰৰ দৰে বৈ যোৱা গংগাৰ জলৰাশি।

প্ৰ: কাঞ্চনজংঘাৰ ‘কিন্নৰী বালিকা’ কোন?
উ : সুললিত স্বৰেৰে মুখৰিত কৰি থকা চৰাই চিৰিকতিবোৰ।

প্র : ‘সুৰধনী গংগা’— ইয়াত ‘শৈলজা’ শব্দই কাক বুজাইছে?
উ : ‘শৈলজা’ শব্দই পৰ্বত-কন্যাক বুজাইছে।

প্র : ‘জয়মতী’ কথাছবি কিমান চনত নিৰ্মাণ কৰা হৈছিল?
উ: ‘জয়মতী’ কথাছবি ১৯৩৫ চনত নিৰ্মাণ কৰা হৈছিল।

প্র : জ্যোতিপ্ৰসাদ আগৰৱালাই উলিওৱা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?
উ : জ্যোতিপ্ৰসাদ আগৰৱালাই উলিওৱা প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ’ল ‘জয়মতী’।

প্র : জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হোৱা ঠাই খনৰ নাম কি?
উ: ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।

প্র: প্রথম আধুনিক অসমীয়া কবিতাটোৰ নাম কি? ইয়াৰ ৰচকৰ নাম লিখা।
উ : “কাঞ্চন জংঘাৰ বুৰঞ্জী” অসমীয়া ভাষাৰ প্ৰথম আধুনিক কবিতা। ইয়াৰ ৰচক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

লগতে পঢ়ক:   ই যে অগ্নি-বীণাৰ তান Class 12 (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

প্র : জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?
উ : ১৯০৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।

প্ৰ: ‘কাঞ্চনজংঘাৰ বুৰঞ্জী’ কবিতাটিত উল্লেখ কৰা নদীখনৰ নাম কি?
উ: ‘কাঞ্চনজংঘাৰ বুৰঞ্জী’ কবিতাটিত উল্লেখ থকা নদীখনৰ নাম হ’ল— গংগানদী।

কাঞ্চনজঙ্ঘা বুৰঞ্জী Class 12

প্র : ‘প্ৰকৃতিৰ অভিনয় মানপী পুতলা’ – ইয়াত মানুহক ‘প্ৰকৃতিৰ অভিনয় পুতলা’ বোলাৰ কাৰণ কি?
উ : মানুহ হৈছে ক্ষণস্থায়ী জীৱ। ৰংগ মঞ্চত ভাৱৰীয়াই ভাও দিয়াৰ দৰে মানুহে জীৱনত নিজৰ নিজৰ ভাও লয়। এচাম আহে এচাম যায়। কিয়নো মানুহৰ স্থায়িত্ব নাই সেয়েহে মানুহক ‘প্ৰকৃতিৰ অভিনয় পুতলা’ বুলি কোৱা প্ৰকৃতিৰ বুকুত মানুহে নানা ৰূপত অভিনয়’ কৰি নানা খেলা খেলি আহিছে। পৃথিৱীৰ বুকুত মানুহৰ স্বাভাৱিক জীৱন ৰংগ মঞ্চৰ পুতলাৰ অভিনয়ৰ নিচিনা। নাটকত সূত্ৰধাৰে যিদৰে পুতলা নচুৱাই মানুহেও পুতলাৰ দৰে পৃথিৱীত ভাও দিয়ে।

প্ৰকৃতিৰ বুকুত মানুহে যুগ যুগ ধৰি সুৰধনী গংগাৰ দৰে অহৰহ সভ্যতাৰ ভঙা-গঢ়াৰ অভিনয় কৰাৰ বাবে মানুহক প্ৰকৃতিৰ অভিনয় মানপী পুতলা বোলা হৈছে।

প্র: ‘মই কাঞ্চনজংঘা
তুষাৰ শুভ্ৰশিৰ
ময়ে অভ্রভেদী বীৰ।’
-ইয়াত কাঞ্চনজংঘাত কাৰ গুণ আৰোপ কৰা হৈছে আৰু কিয় আৰোপ কৰা হৈছে?
উ: ‘কাঞ্চনজংঘাৰ বুৰঞ্জী’ নামৰ কবিতাটোত জ্যোতিপ্ৰসাদ আগৰৱালাই হিমালয়ৰ সুউচ্চ শৃংগ কাঞ্চনজংঘাৰ সৌন্দৰ্য বৰ্ণনা কৰিছে। কবিয়ে কাঞ্চনজংঘাক মহাদেৱৰ জটাৰ সৌন্দৰ্যৰ লগত তুলনা কৰিছে।

মহাদেৱ হিন্দুসকলৰ এজন চিৰ উপাস্য দেৱতা। মহাদেৱৰ শৰীৰ যিদৰে ভষ্মৰে ধূসৰিত সেইদৰে কাঞ্চনজংঘাৰ দেহাও বৰফাবৃত। জটাধাৰী বাঘৰ ছাল পৰিহিত মহাদেৱৰ দেহৰ সৌন্দর্যও অতি মনোৰম। তুষাৰ শুভ্ৰ ৰাশিৰে শোভাষিত হৈ থকা কাঞ্চনজংঘাক অভ্রভেদী বীৰৰ ৰূপত কবিয়ে কল্পনা কৰিছে। বৰফেৰে আবৃত কাঞ্চনজংঘাৰ পৰা নিগৰি অহা বৰফৰ গলিত জলৰাশিষে মহাদেৱৰ জটাৰ পৰা বৈ অহা সুৰধনী গংগাহে।

কাঞ্চনজংঘা হৈছে হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত ভাৰতৰ অন্যতম সুউচ্চ পর্বত। গোটেই বছৰ ইয়াৰ শিখৰ শুভ্ৰ বৰফে আবৃত হৈ থাকে। ভাৰতবৰ্ষত হিন্দুসকলৰ বাবে যেনেদৰে মহাদেৱৰ স্থান উচ্চ ঠিক তেনেদৰে পৰ্বতশৃঙ্গৰ ভিতৰত কাঞ্চনজংঘাৰ স্থান উচ্চ। যুগৰ পৰিৱৰ্তনৰ লগে লগে ভাৰতবৰ্ষ ও সভ্যতাৰ নতুন পথত আগবাঢ়ি গৈছে। কিন্তু অতীতৰে পৰা কাঞ্চনজংঘাৰ কোনো পৰিৱৰ্তন হোৱা নাই। ই নিজৰ ঠাইত অপৰিৱৰ্তিতভাৱে থিয় হৈ আছে আৰু থাকিবও।

লগতে পঢ়ক:   বহাগ বিহুৰ পৰম্পৰা Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

অতীতৰ পৰা বৰ্তমানলৈ আৰু বৰ্তমানৰ পৰা হয়তো ভৱিষ্যতলৈয়ো ইয়াৰ পৰিৱৰ্তন হোৱাৰ কোনো আশা নাই। সেই বাবে কবিয়ে ভাৰতবৰ্ষৰ কিৰিটিস্বৰূপ কাঞ্চনজংঘা ভাৰতবৰ্ষৰ উত্থান-পতনৰ সাক্ষী বুলি কৈছে। সুৰধনী গংগা অতীতৰ পৰা যিদৰে একেদৰে অবিৰাম গতিত বৈ আছে উদাসী কাঞ্চনজংঘাও সেইদৰেই ৰৈ আছে, আৰু অনন্ত কাললৈ ৰৈ থাকিব বুলি কবিৰ বিশ্বাস।

Class 12 Advance Assamese Lesson 5

প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

প্র : অহৰহ আছে বৈ
সুৰধনী গংগা ময়ো উদাসী আছোঁ
কাঞ্চন জংঘা।
উ : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত কাঞ্চনজংঘাৰ বুৰঞ্জীৰ পৰা তুলি অনা হৈছে।
যুগৰ পৰিৱৰ্তনে কিঞ্চিতো বিচলিত কৰিব নোৱাৰা কাঞ্চনজংঘা একেদৰেই যে আছে তাকেই বুজাবলৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।
যুগৰ পৰিৱৰ্তনে ভাৰতবৰ্ষক আগুৱাই নিছে। সভ্যতাৰ নতুন পথত আগুৱাই নিছে যদিও অতীতৰে পৰা কাঞ্চনজংঘা একেদৰেই আছে পৰিৱৰ্তন হোৱা নাই। অতীতৰে পৰা বৰ্তমানলৈকে আৰু বৰ্তমানৰ পৰা হয়তো ভৱিষ্যতলৈও ইয়াৰ পৰিৱৰ্তন নহয়। সেয়েহে কবিয়ে ভাৰতবৰ্ষৰ কিৰিটি স্বৰূপ কাঞ্চনজংঘা ভাৰতবৰ্ষৰ উত্থান-পতনৰ সাক্ষী বুলি কৈছে। সুধনী গংগা অতীতৰ পৰা যিদৰে একেদৰেই অহৰহ বৈ আছে, কাঞ্চনজংঘাও সেইদৰেই ৰৈ আছে।

প্ৰ: ‘ৰূপান্তৰেদি আহি
বৰণ সলাই হাঁহি
মানপীয়ে নাচে এই ভাৰতৰ মঞ্চত।’
উ : উক্ত কবিতাফাকি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত ‘কাঞ্চনজংঘাৰ বুৰঞ্জী’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

ভাৰতবৰ্ষই ৰূপান্তৰ হৈ আজিৰ গৌৰৱময় অৱস্থাত যে উপনীত হৈছে সেই প্রসঙ্গত কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
ৰাপান্তৰে ধুনীয়া সৃষ্টি কৰে। ৰূপান্তৰক কবিয়ে ফুলৰ মন্ত্ৰ বুলি ভাৱে। কবিৰ মতে পুৰণিৰ বুকুতে নতুনে জন্ম লয়। প্রাচীনকালৰ পৰাই ভাৰতত নানান সভ্যতা গঢ়ি উঠিছে। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহ সভ্যতাৰ দিশত ধাবমান হয়। মানুহৰ জীৱন ক্ষণস্থায়ী মানুহ মহাকালৰ মাজত বন্দী। যুগে যুগে বহুতো মহান মনীষীয়ে ভাৰত ভূমিত জন্ম গ্ৰহণ কৰি এই ভাৰতবৰ্ষৰ মঞ্চত অভিনয় কৰি বিদায় লৈছে। তেওঁলোকৰ অৱদানে ভাৰতক আজি সভ্যতাৰ দিশত বহুদুৰ আগবাঢ়িবলৈ সক্ষম কৰিছে। অর্থাৎ পুৰণিৰ বুকুত নানান ৰাজ বংশৰ উত্থান-পতন হৈছে। সেই সকলৰ অবদানত ভাৰতে আজি বিশ্বৰ সভ্যতাত গৌৰৱময় স্থান অধিকাৰ কৰিছে।

লগতে পঢ়ক:   আমাৰ ছাৰ Class 12 – (প্ৰশ্নোত্তৰ) Advance Assamese Lesson 11

প্র: কাঞ্চনজংঘাক ভাৰতৰ অতীত বৰ্তমানৰ সাক্ষী কিয় কৰা হৈছে?
উ: কবি জ্যোতিপ্ৰসাদ আগৰৱালাই কবিতাটোত কাঞ্চনজঘাৰ অপৰূপ সৌন্দর্য দাঙি ধৰিছে। কাঞ্চনজংঘা হৈছে ভাৰতৰ হিমালয় পর্বতশ্রেণীৰ এটি সুউচ্চ শৃঙ্গ। ই অতীতৰ পৰা বৰ্তমানলৈকে গৌৰৱ ধবজা উৰুৱাই থিয় হৈ আছে।

কাঞ্চনজংঘাই ভাৰতৰ প্ৰতিটো ঘটনাৰ সাক্ষী হৈ আছে। সময়ৰ লগে লগে ভাৰতৰো নানা পৰিৱৰ্তন হ’ল। ৰজা- মহাৰজাই যশ্যসা আর্জি পৃথিৱীৰ পৰা বিদায় ল’লে। নতুন নতুন সভ্যতাৰ সৃষ্টি হ’ল । ইয়াৰ নামনিতে থকা ভাৰতবৰ্ষৰ প্ৰতিটো ঘটনা প্রবাহ ইয়াৰ চকুৰ আগতে ঘটি আছে বুলি কবিৰ কল্পনাত স্থান পাইছে। কবিৰ মতে যুগে যুগে বহুতো ৰাজবংশ, ৰজা-মহাৰজাৰ উত্থান পতনৰো ই সাক্ষী হৈ আছে। মঞ্চত যেনেকৈ মানুহে অলপ সময়ৰ বাবে ভাও দি গুচি যায় ঠিক তেনেদৰে ভাৰতবৰ্ষ নামৰ বিশাল ভূ- মঞ্চখনত বহুতে বিভিন্ন ভাও দি গুচি গৈছে। মানুহে ‘ক্ষন্তেকীয়া জীৱন যাপন কৰাৰ দৰে কাঞ্চনজংঘাৰ স্থিতি
ক্ষন্তেকীয়া নহয়। মানুহৰ সকলো সু-কীৰ্তি আৰু কু-কীৰ্তিৰ, সাক্ষী হৈ ৰয় এই সুউচ্চ সুপ্রাচীন কাঞ্চনজংঘা। সময়ৰ গতিত ভাৰতবৰ্ষ আগুৱাই গ’লেও সুৰধনী কাঞ্চনজংঘা গংগাৰ দৰে ৰৈ থাকিব। যুগৰ পৰিৱৰ্তনে ভাৰতবৰ্ষৰ স্বৰূপ সলনি কৰিলেও, সভ্যতাৰ পথত ধাৱমান অতীত আৰু বৰ্তমানৰ নিচিনাকৈ হয়তো ভৱিষ্যেতেও সুৰধনী গংগা বৈ থকাৰ দৰেই কাঞ্চনজংঘাও বৈ থাকিব। সেয়েহে কবিয়ে কাঞ্চনজংঘাক ভাৰতবৰ্ষৰ অতীত আৰু বৰ্তমানৰ সাক্ষী বুলি কৈছে।

Class 12 Advance Assamese Lesson 5

শব্দার্থ :

শব্দঅর্থ
কিন্নৰীসর্গত নৃত্য কৰা অপ্সৰী
তুষাৰবৰফ
অভ্রভেদীআকাশলংঘা
পয়োধৰামেঘ, ডাৱৰ, স্তন।
সলিলানদী।
সুৰধনীকলকল শব্দৰে প্ৰবাহিত নদীৰ জলধাৰা।
অবিৰতঅহৰহ
শৈলজাপর্বতত জন্ম হোৱা।
অন্বনৃসম্পূর্ণ দেহজুৰি
দ্যুতিউজ্জ্বলতা
আলোক- বোধনপোহৰক আহ্বান জনোৱা।
কুটজগিৰিমল্লিকা ফুল আৰু তাৰ গছ।
সমিৰণছন্দামৃদু বতাহ
শৈলবালাপর্বত কন্যা, পার্বতী।
কস্তুৰীগন্ধামৃগনাভি, গান্ধকলাই।

প্ৰ: ‘কাঞ্চনজংঘাৰ বুৰঞ্জী’ কবিতাটিত উল্লেখ কৰা নদীখনৰ নাম কি?

উ: ‘কাঞ্চনজংঘাৰ বুৰঞ্জী’ কবিতাটিত উল্লেখ থকা নদীখনৰ নাম হ’ল— গংগানদী।

প্র : ‘কাঞ্চনজংঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিৰ ৰচক কোন?

উ : ‘কাঞ্চনজংঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিৰ ৰচক হৈছে— জ্যোতিপ্ৰসাদ আগৰৱালা।

প্র : সুৰধনি গংগা মানে কি?

উ : সুৰধনী গংগা মানে কল-কল শব্দৰে সংগীতৰ সুৰৰ দৰে বৈ যোৱা গংগাৰ জলৰাশি।

প্ৰ: কাঞ্চনজংঘাৰ ‘কিন্নৰী বালিকা’ কোন?

উ : সুললিত স্বৰেৰে মুখৰিত কৰি থকা চৰাই চিৰিকতিবোৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top