ভাৰতীয় সংস্কৃতি Class 10 প্ৰশ্ন উত্তৰ দশম শ্ৰেণী অসমীয়া

ভাৰতীয় সংস্কৃতি (হেম বৰুৱা)
বিষয় (Subject) অসমীয়া (Assamese)
কিতাপখনৰ নাম অসমীয়া সাহিত্য চয়নিকা
পাঠৰ নাম ভাৰতীয় সংস্কৃতি
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় 7
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

ভাৰতীয় সংস্কৃতি Class 10

প্রঃ ফ্ৰম’ভল্গা টু গংগা’ কোনে লিখিছিল?
উঃ পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল।

প্রঃ মধ্য এছিয়াকা ইতিহাস কোনে লিখিছিল?

উঃ পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল।

প্রঃ অজন্তাৰ ছবিবোৰত প্রকাশ পোৱা ভাৱবস্তু দুটা কি কি?

উঃ অজন্তাৰ ছবিবােৰত প্রকাশ পােৱা ভাববস্তু দুটাৰ এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন।

প্রঃ  ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?
উঃ ক্রমবর্ধমান শক্তি বা জীৱন্ত শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্রাণ।

প্রঃ সর্বপল্লী ৰাধাকৃষ্ণণে কালিয়দমন’ক কি আখ্যা দিছে?
উঃ সর্বপল্লী ৰাধাকৃষ্ণণে কালীয়দমনক আর্যই অনার্যক সংস্কৃত কৰাৰ প্ৰতীকধর্মী নৃত্য বুলি আখ্যা দিছে।

প্রঃ কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?
উঃ প্রকৃতপক্ষে বৌদ্ধধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।

প্রঃ শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল।
উঃ প্রত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মুল মহেঞ্জোদাৰােৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনাও মহেঞ্জোদাৰোৰে সাংস্কৃতিক সম্পদ।

প্রঃ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উঃ গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মুল সম্পদ।

প্রঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্রকাশ কৰিছে?
উঃ গান্ধীজীয়ে  নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্রকাশ কৰিছে।

প্রঃ সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বােলা হৈছে?
উঃ সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্র-শিল্পক বেছি স্থায়ী বােলা হৈছে।

Also Read: মুক্তি মংগল ভটিমা

প্রঃ  “সভ্যতা আৰু সংস্কৃতি” শব্দ দুটাৰ মাজৰ পার্থক্য বিচাৰ কৰা ।
উ : সভ্যতা আৰু সংস্কৃতিৰ মাজত পার্থক্য আছে যদিও এটাক বাদ দি আনটো ব্যৱহাৰ কৰিব নােৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক নাইবা ৰাজনৈতিক অৱস্থাকে বুজায়। ই এটা সমাজ পদ্ধতি। আনহাতে সংস্কৃতি হৈছে কোনাে এটা জাতি বা সমাজ এখনৰ জীৱন প্রতিভা।

সভ্যতাই সমাজ এখন সু-শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায় কৰে। এটা জাতি সু-সভ্য হ’ব পাৰে। আনহাতে ইয়াৰ তেনে কোনাে লেখত লবলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন, ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী।

প্রঃ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। —এই কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ, ‘ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা।

উঃ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰৰ সত্যতা যুক্তিপূর্ণ। কিয়নাে সংমিশ্রিত সংস্কৃতিয়েই হৈছে ভাৰতীয় সংস্কৃতি। বিভিন্ন সময়ত বিভিন্ন জাতি- গােষ্ঠীৰ লােক আহি ভাৰতত থাকিবলৈ ল’লে। আর্য, অনার্য, দ্রাবিড়, মংগােলীয়, শক, মােগল, হুন, ব্রিটিছ আদি বিভিন্ন জাতি-উপজাতি, বিভিন্ন ধর্মাৱলম্বী মানুহে ভাৰতলৈ আহে। এই লােকসকলৰ ভাৱধাৰাৰ সংমিশ্ৰণতেই ভাৰতীয় সংস্কৃতি গঢ় লৈছে। এওঁলােকে বেপাৰ, ধর্ম, ৰাজ্যজয়, প্রাকৃতিক সৌন্দর্য আদিৰ কাৰণত ভাৰতলৈ আহি পিছত ভাৰতীয় হৈ পৰে। তেওঁলােকৰ নিজৰ ভাষা, সংস্কৃতি আছিল যদিও ভাৰতীয় সংস্কৃতিকে আপােন কৰি ভাৰতীয় সংস্কৃতিত জাহ যায়। তাৰ ফলত ভাষাতত্ব, সামাজিক, ৰাজনৈতিক, সাহিত্য, শিল্পকলা আদি সকলােতে এক সমন্বয়ৰ ধাৰা প্রবাহিত হ’বলৈ ধৰে।

উদাহৰণস্বৰূপে দেশ জয়ৰ বাবে অহা ইছলামসকলৰ ভাস্কৰ্যৰ লগত প্রচলিত ভাৰতীয় ভাস্কৰ্যৰ মিলন ঘটি সৃষ্টি হ’ল সংহতিৰ ভাস্কর্য। সমন্বয়ৰ আদৰ্শৰে ভাৰতীয় সংস্কৃতি জীয়াই আছে বুলি ক’ব পাৰি। এই সাংস্কৃতিক সমন্বয় ইমান গাঢ় যে ইয়াৰ বিভিন্ন ধাৰাৰ মূল ঠাৱৰ কৰাটো কঠিন হৈ পৰিছে। ভাৰতৰ বুৰঞ্জী অধ্যয়ন কৰিলেই ৰাজনৈতিক আদর্শ, স্থাপত্য, ভাস্কর্য, সাহিত্য, দর্শন, নৃত্য আদি সকলােতে যে সমন্বয়ৰ সৃষ্টি হৈছে তাকে বুজিব পাৰি। ভাৰতীয় সংস্কৃতি এই সমন্বয়ৰ আদর্শতে জীয়াই আছে আৰু থাকিবও।

Class 10 assamese ভাৰতীয় সংস্কৃতি

প্রঃ উত্তৰ ভাৰত, দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উঃ উত্তৰ ভাৰত, দাক্ষিণাত্য ভাস্কৰ্য আৰু ইছলামীয় ভাস্কৰ্য আদিত ভাৰতীয় জীৱনৰ প্রাণস্বৰূপ সমন্বয়ৰ ইংগিত পোৱা যায়। উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্রভাৱ পোনপটীয়াকৈ পৰা দেখা যায়। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্ৰাদুৰ্ভাৱ বেছি। এনে ভাস্কৰ্যই সংহতিৰ বতৰাহে বিলাই দিছে। ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰৰ জৰিয়তে প্রকাশ পাইছে। উত্তৰ ভাৰতৰ ভাস্কৰ্যত দাক্ষিণাত্যৰ দৰে কাৰু-কাৰ্যৰ বিশালতা নাথাকে। দাক্ষিণাত্যৰ ভাস্কৰ্যত নিজস্ব পদ্ধতি বিৰাজমান। বহিৰাগত প্রভাৱ এই ভাস্কৰ্যৰ ওপবত পোনপটীয়াকৈ পৰা নাছিল। সেয়েহে এই ভাস্কৰ্যত নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্যক ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ,ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। ইয়াৰ অন্য এক বৈশিষ্ট্য হৈছে গঠনৰ বিশালতা। প্ৰত্যেকটো ভংগীমাই সুকীয়া আৰু আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই। উদাহৰণস্বৰূপে কাঞ্জিভৰামৰ মন্দিৰ কথা ক’ব পাৰি। এই মন্দিৰত অন্তঃ এহেজাৰটা স্তম্ভ আছে যদিও এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে। এইবোৰৰ সাজ-সজ্জাৰ জাকজমকতাই আৰু প্রতিকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰি তোলে।

লগতে পঢ়ক:   ধৰ ঝাড়ু ধৰ ভাই Class 10 Question Answer প্ৰশ্নৰ উত্তৰ

সৌন্দৰ্যবোধৰ পৰিচায়কৰূপে ইছলামীয় ভাস্কৰ্য প্রতিষ্ঠিত। গঠনৰ সৰলতা আৰু সূক্ষ্মতাই হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। এই ভাস্কৰ্য জ্যামিতিৰ ছবিবোৰৰ দৰে সৰল। ইছলামীয় ভাস্কৰ্যক সম্পূৰ্ণৰূপে ইছলামীয় বুলি ক’ব ‘নোৱাৰি। ই সমন্বয়ৰ বাহকহে। এইবোৰৰ জৰিয়তে প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিৱিষ্ট হৈ এট নতুন ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলত হ্যাস কৰিছে। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰু-কাৰ্য প্রদান কৰিছে। এনেদৰেই এটা নতুন ধাৰাৰ সৃষ্টি হৈছে। এই সমন্বয়ৰ আদৰ্শ যতেই সফল হৈছে ‘তাতেই আমি তাজমহলৰ নিচিনা অপূৰ্ব সৃষ্টি দেখা পাইছো।

প্রঃ উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উঃ উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এই সংগীতত আমি এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পাওঁ। ইয়াকেই সুৰ- বস্তুৰ ওপৰত লোক সংগীতৰ প্রভাৱ বুলিব পাৰি।

ভাৰতীয় সংস্কৃতি দশম শ্ৰেণী

প্রঃ অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
উ:  অজন্তা গুহাৰ শিল্পকলা ভাৰতীয় সংস্কৃতি তথা ঐতিহ্যৰ বাহক। অজন্তা গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি- প্রগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাৱ-বস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ একেলগে অংকিত হৈছে।

দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছাসময় চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্রেম আৰু যৌৱন। প্রাক মুছলিম যুগৰ জীৱনৰ প্রাচুৰ্যৰ কথাও এই ছবিবোৰত অংকন কৰা আছে। প্রথম শাৰীত আছে দয়া-ধ্যান আৰু মৌনতা। দুয়োবিধতে দুখন সুকীয়া জগত প্রতিফলিত হৈছে। তথাপি পৃথক যদিও এই দুখন পৃথকভাৱে অংকিত হোৱা নাই। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। ইয়েই অজন্তাৰ চিত্ৰশিল্প গৌৰৱ। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযোগ হৈছিল। এই ফালৰপৰা চাবলৈ গ’লে অনুভূতিৰ প্রসাৰ মোগল আৰু ৰাজপুত আৰ্টব প্রধান লক্ষণ। এবিধ মূলতে আনন্দাপ্লুত, ৰস-চঞ্চল। আনবিধ ধীৰ, মন্থৰ প্রাণ। এইবোৰৰ স্থবিৰতাৰ মাজতো হয়তো লুপ্ত আনন্দধাৰ উজ্জ্বল হৈ আছে।

প্রঃ “সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পার্থক্য বিচাৰ কৰা। 
উঃ সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত যথেষ্ট পার্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব পৰা নাযায়। সভ্যতাৰ বুকুত আঁচোৰ মাৰিহে সংস্কৃতিয়ে আৰােহণ কৰে। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। ইয়াৰ প্ৰধান মাপকাঠী হ’ল সমাজ এখনত বাস কৰা লােকসকলৰ জীৱন ধাৰণৰ প্রণালী। অর্থাৎ, সভ্যতাই বস্তুগত প্রাচুর্য, দক্ষতা, সুখ-সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৌদ্ধিক চিন্তা-চৰ্চা, আচাৰ-ব্যৱহাৰৰ সচেতনতা, শালীনতা আদিহে বহন কৰে।

আনহাতে সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। অর্থাৎ, সংস্কৃতিয়ে জাতি এটাৰ ৰীতি-নীতি, বিশ্বাস, ভাষা-সাহিত্য, আচাৰ-ব্যৱহাৰ কর্মপদ্ধতি, সাজ-পােছাক আদি বহন কৰে। সভ্যতাৰ জন্ম আৰু বিকাশ মানুহৰ দৃষ্টিগােচৰ নহয়, কাৰণ সভ্যতাৰ বিকাশ অতি ধীৰ গতিত হয়। কিন্তু সংস্কৃতি সভ্যতাতকৈ কিছুগতিত পৰিৱৰ্তিত ৰূপত দেখা দিয়ে।

সভ্যতা কোনাে জাতি বা জনগােষ্ঠীৰ উত্থান-পতনৰ সৈতে জড়িত থাকে, কিন্তু সংস্কৃতি সেই জাতি বা জনগােষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতেহে জড়িত হৈ থাকে। সভ্যতাৰ সংমিশ্রণ নঘটে। কিন্তু সংস্কৃতিৰ মিশ্রণ ঘটে। উদাহৰণস্বৰূপে সিন্ধু সভ্যতা বুলি কওঁতে আমি কেৱল  সিন্ধু নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা সভ্যতাকহে বুজো। কিন্তু ভাৰতীয় সংস্কৃতিবুলি কওঁতে আর্য, অনার্য, মােগল আদিৰ সংমিশ্রিত সংস্কৃতিৰ কথাকোবুজো।

আনহাতে মানুহৰ বুদ্ধি-কৌশল বা প্রযুক্তিবিদ্যা আদি সভ্যতাৰ সৈতে যিমান ঘনিষ্ঠভাৱে জড়িত, সংস্কৃতিৰ সৈতে নহয়। সিন্ধু সভ্যতা আৰু মহেঞ্জোদাৰােৰ সভ্যতাৰ নগৰ নিৰ্মাণৰ কাৰুকাৰ্যবােৰে তাৰে নিদর্শন দাঙি ধৰে। সংস্কৃতিয়ে এইবােৰৰ সংস্কাৰহে সাধন কৰিব পাৰে। সভ্যতা আৰু সংস্কৃতিৰ মাজত পার্থক্য থাকিলেও এটাক বাদ দি আনটোৰ ব্যাখ্যা কৰা সম্ভৱ নহয়। সভ্যতাইহে সমাজ সু-শৃংখল কৰি সংস্কৃতি গঢ় দিয়াত সহায় কৰে।

দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ ভাৰতীয় সংস্কৃতি

প্রঃ মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত প্ৰৱেশ কৰা চিত্রকলাৰ নতুন ধাৰাটো কেনে আছিল লিখা।
উঃ মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত প্ৰৱেশ কৰা চিত্রকলাৰ ধাৰাটোৰ মূলতে আছিল প্রচুৰ ব্যক্তিবােধ। এই চিত্রকলাৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ।

ইয়াৰ জন্ম হৈছিল টাইমূৰ আৰু চেংগীজ খাঁৰ ৰাজ দৰবাৰত, গতিকে এই চিত্রকলাৰ ধাৰাটো যুগৰ অনুসৰি কঠোৰ আৰু ব্যক্তিবাদী হ’বলৈ বাধ্য হৈছিল। ইয়াত ভাৱ-প্ৰৱণতাৰ পৰিৱর্তে বিপুল উৎসাহ-উদ্দীপনা তথা প্রেৰণাহে আছিল। ব্যক্তিবাদে এই ধাৰাটোৰ জৰিয়তে সাময়িকভাৱে হ’লেও চিত্র-শিল্পত ইংগিত বা সংকেতৰ স্থান প্রায় নােহােৱা কৰিছিল। বাবৰৰ আমােলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্রকলাৰ লগত প্রচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল আৰু দুয়ােটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল।

লগতে পঢ়ক:   নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ দশম শ্ৰেণী পাঠ ৯

প্রঃ উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উঃ উত্তৰ ভাৰতৰ সংগীতে গাম্ভীর্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এক উৰণীয়া ভাবৰ সংযােগ ঘটাৰ কথা আমাৰ চকুত পেলায়। ইয়াকে সুৰবস্তুৰ ওপৰত লােক-সংগীতৰ প্ৰভাৱ বুলিব পাৰি বুলি কৈছে।

প্রঃ ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।
উ : বিভিন্ন জাতি-উপজাতি, বিভিন্ন সভ্যতা সংস্কৃতি, বিভিন্ন ধর্ম তথা ধর্মাৱলম্বী লােকৰ সমন্বয়ৰ ভাৰতীয় সংস্কৃতিলৈ ইছলামৰ অৰিহণা লেখতল’বলগীয়া। গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ইছলামীয় ভাস্কর্য, স্থাপত্য, সুকুমাৰ কলা আদিয়ে ভাৰতীয় সংস্কৃতিলৈ অৰিহণা আগবঢ়াইছে। বিশেষকৈ ইছলাম ধৰ্মৰ ছুফিবাদৰ মূল কোৰাণ শাস্ত্ৰ বুলি কোৱা হয় যদিও ছুফিবাদ আৰু ভাৰতীয় শাস্ত্র উপনিষদৰ মাজত বহুতাে মিল আছে। আনহাতে ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক কাৰুকার্য প্ৰদান কৰিছে। ফলত নতুন ধাৰাৰ সৃষ্টি হোৱাত “তাজমহলৰ দৰে অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ। ভাৰতৰ প্রচলিত চিত্রশিল্পৰ লগত ইছলামীয় চিত্রশিল্পৰ মিলন হৈ ভাৰতীয় চিত্রশিল্পক এক বৈচিত্র প্রদান কৰিছে। ইছলাম ধৰ্মৰ আধ্যাত্মিকতাবাদেও হিন্দু সমাজৰ ওপৰত সুকীয়া প্ৰভাৱ পেলাইছিল। পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্জস্যৰ কথাৰপৰা দূৰৈত ৰাখিছিল। অর্থাৎ ইছলাম ধৰ্মৰ প্রচলিত মানুহৰ মুক্তিৰ বাণীৰ দ্বাৰা ভাৰতীয়সকল প্ৰভাৱান্বিত হৈছিল। সাহিত্যৰ ক্ষেত্ৰতাে পাঠান আৰু মােগল সাম্রাজ্যৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উৎকর্ষ লাভ কৰিছিল। মুঠৰ ওপৰত স্থাপত্য, ভাস্কর্য, সংগীত, সাহিত্য আদি সকলােতে ইছলাম ধৰ্মৰ অৱদান অপৰিসীম।

ভাৰতীয় সংস্কৃতি class 10

প্রঃ প্রাক-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা?
উ : অজন্তৰ গুহাৰ চিত্ৰসমূহত প্রাক্ মুছলিম যুগৰ চিত্ৰকলাৰ নিদর্শন সন্নিৱিষ্ট হৈ আছে। সন্যাস আৰু সমূহীয়া জীৱন এই দুটা ভাৱবস্তু অজন্তাৰ চিত্ৰবােৰত বিৰাজমান। প্রাক্ মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ বতৰা এই চিত্ৰবােৰৰ মাজত প্রকাশ পাইছে। উদাহৰণস্বৰূপে উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্রাদুর্ভাৱ সৰহ। এই অঞ্চলৰ মন্দিৰবােৰত প্ৰাক্ মুছলিম যুগৰ ভাস্কৰ্যৰ ভালেখিনি প্ৰভাৱ পৰা দেখা যায়। ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাই মুছলিম যুগত যথেষ্ট আগবাঢ়িছিল। মােগল সম্রাট বাবৰৰ আমােলত চিত্রশিল্পৰ নতুন ধাৰা প্রথমে ভাৰতত প্ৰৱেশ কৰে। প্ৰচুৰ ব্যক্তিবােধ আছিল এই চিত্রশিল্পৰ মূল ভাস্কর্যৰ ক্ষেত্ৰত তাজমহলৰ সৃষ্টিয়ে মুছলিম যুগৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। মােগলৰ শাসনকালত এনে বহুতাে ভাস্কর্য কীৰ্তিচিহ্নৰ নিদর্শন আজিও জিলিকি আছে।

Also Read; কানাইৰ চাতুৰী

প্রঃ ব্যাখ্যা কৰাঃ

(ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।
উ : উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিত থকা হেমবৰুৱাৰ ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
কথাফাকিৰ জৰিয়তে লেখকে ভাৰতীয় সংস্কৃতি যে স্থিৰ নহয় অর্থাৎ পৰিৱর্তনমুখী তাকে ক’ব বিচাৰিছে।

ভাৰতীয় সংস্কৃতি বৈচিত্র্যময়। বিভিন্ন জাতি, জনজাতিৰ ভাষা, সাহিত্য, সুকুমাৰকলা, স্থাপত্য, ভাস্কর্য আদি উপাদানেই হৈছে ভাৰতীয় সংস্কৃতিৰ মাপকাঠী।
সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা নিৰবিচ্ছিন্নভাৱে বোৱতি নদীৰ দৰে বৈ আছে। অতীতৰপৰা গ্রীক, শক, হুন, আদি বিভিন্ন মানৱগােষ্ঠী ভাৰতলৈ আহি বসবাস কৰিবলৈ লৈ বিৰাট সংস্কৃতি গঢ়িলে। আজিও ই মূল চালিকা শক্তিৰূপে প্রবাহিত হৈ আছে। কালক্ৰমত তেওঁলােকৰ আচাৰ-ব্যৱহাৰ, নিজ ভাষা, সংস্কৃতি আদি ত্যাগ কৰি ভাৰতীয় সংস্কৃতিকে আপােন কৰি ল’লে। তেওঁলােকৰ নৃত্য, কলা, চিত্র আদি এই অবিচ্ছিন্ন ধাৰাই ভাৰতীয় সংস্কৃতিক সুসংগঠিত আৰু টনকিয়াল কৰিছে। সংস্কৃতিৰ প্ৰভাৱেও ভাৰতীয় সংস্কৃতিক জীপাল কৰি ৰাখিছে।

ভাৰতীয় সংস্কৃতি class 10 প্ৰশ্ন উত্তৰ

(খ) সকলাে আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।
উঃ উদ্ধৃত কথাকি আমাৰ অসমীয়া পাঠ্যপুথিত থকা হেমবৰুৱাৰ ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত কথাফাকিৰ দ্বাৰা লিখকে আর্ট বা কলাৰ মূলতে থকা বিপৰীত পন্থা দুটা তথা ভিন্নতাৰ কথা ক’ব বিচাৰিছে।
ভাৰতীয় সংস্কৃতিলৈ চিত্রকলাৰ বহুতাে অৱদান। আছে। লেখকৰ মতে সাধাৰণতে সকলাে আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাক-জমকতাৰ সৃষ্টি, আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে, আনটোৱে আমাক অন্তৰআত্মা স্পর্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে প্ৰায়েই বিৰাট পটভূমিৰ অৱতাৰণ কৰে, দ্বিতীয়টোৱে নকৰে। প্ৰথমটোৰ বহির্জাগতিক বিস্তৃতি আছে দ্বিতীয়টোৰ বহির্জাগতিক বিস্তৃতি নাই।

(গ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।
উ : উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিত থকা হেমবৰুৱাৰ ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
ভাৰতীয় সংস্কৃতিৰ মূল সূতি কিদৰে, ক্রমবর্ধমান সোতেৰে বৈ আছে তাকে ক’বলৈ এই কথা ফাকিৰ অৱতাৰণা কৰিছে।

ভাৰতৰ বুৰঞ্জী ভঙা গঢ়াৰ বুৰঞ্জী। ইটোৰ পিছত সিটো মানৱগােষ্ঠীৰ আক্রমণ বা অভিযান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্রহণ ইত্যাদি
ঘটনাৰে ভাৰত বুৰঞ্জী ভাৰাক্ৰান্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সূতি ক্রমবর্ধমান সোতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যােৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতভূমিত ৰাজপুত, মােগল আদি জাতি এনে এক প্রক্রিয়াৰে ভাৰতৰ বাসিন্দা হৈছিল। তেওঁলােকে সময়ৰ গতিত নিজৰ সকলােখিনি ত্যাগ কৰি ভাৰতৰ সংস্কৃতিক চহকী কৰিছিল। এনেবােৰ বিষয়ৰ বৰ্ণনাৰে ভাৰত বুৰঞ্জী সমৃদ্ধ হৈ আছে। গতিকে সম্যক দৃষ্টিৰে চালে দেখা যায় ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।

লগতে পঢ়ক:   ইন্টাৰনেটৰ তিতা মিঠা Class 10 ( প্ৰশ্ন উত্তৰ ) দশম শ্ৰেণী

ভাৰতীয় সংস্কৃতি Class 10 গুৰুত্বপূৰ্ণ একাধিক বিকল্পপ্ৰশ্ন

১)‘ ফ্ৰম্ ভল্গা টু গংগা ‘ নামৰ কিতাপখন কোনে ৰচনা কৰিছিল ?
ক) ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে
খ) কীট্ছে
গ) হেম বৰুৱাই
ঘ) পণ্ডিত ৰাহুল সংস্কৃত্যায়নে
উত্তৰ: ঘ) পণ্ডিত ৰাহুল সংস্কৃত্যায়নে

২)অজন্তাৰ গুহাবোৰে ভাৰতীয় সংস্কৃতিৰ কোনটো যুগৰ কথা প্ৰতিফলিত কৰে ?
ক) বৌদ্ধ যুগৰ
খ) আৰ্য যুগৰ
গ) অনাৰ্য যুগৰ
ঘ) ইছলামীয় যুগৰ
উত্তৰ: ক) বৌদ্ধ যুগৰ

৩)উত্তৰ ভাৰতৰ ভাস্কৰ্য্যবোৰক সংহতিৰ ভাস্কৰ্য বুলি কিয় কোৱা হয় ?
ক) কাৰণ এই ভাস্কৰ্যবোৰত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ বেছি ।
খ) কাৰণ এই ভাস্কৰ্যবোৰ জ্যামিতিৰ ছবিবোৰৰ দৰে সৰল ।
গ) কাৰণ এই ভাস্কৰ্যবোৰত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিৱিষ্ট হৈ আছে ।
ঘ) কাৰণ এই ভাস্কৰ্যবোৰৰ প্ৰত্যেকটোৰে ভংগীমা সুকীয়া ।
উত্তৰ:গ) কাৰণ এই ভাস্কৰ্যবোৰত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিৱিষ্ট হৈ আছে

৪) ভাৰাক্ৰান্ত ‘ শব্দটোৰ সন্ধি ভাঙিলে তলত দিয়া কোনটো ভাঙনি পাম ?
ক) ভাৰ + ক্ৰান্ত
খ) ভাৰ + আক্ৰান্ত
গ) ভৰ + ক্ৰান্ত
ঘ) ভাৰা + ক্ৰান্ত
উত্তৰ: খ) ভাৰ + আক্ৰান্ত

৫) ৰাজনৈতিক ‘ শব্দটো তলৰ কোনটো পদৰ অন্তৰ্ভূক্ত হ’ব ?
ক) সৰ্বনাম
খ) বিশেষ্য
গ) ক্ৰিয়া
ঘ) বিশেষণ
উত্তৰ: ঘ) বিশেষণ

 

অৰ্থ লিখাঃ

তৰহৰ↔বিধৰ, ধৰণৰ।

উদবাউল→উদ্‌গ্ৰীৱ ৷
অবিচ্ছিন্ন→বিৰাজমান।
নৈৰাশ্য→নিৰাশ ভাৱ।

আঁচোৰ→সাঁচ।
মৰ্মস্থলী→হৃদয়মূল।

অধোগামী→তললৈ গতি কৰা।

উচ্চাঙ্গ সংগীত→ শাস্ত্ৰীয় সংগীত।

ব্যাপ্ত→বিয়পি থকা।
অদৃষ্ট→ভাগ্য।

তিষ্টি→বৰ্তি।

প্রাদুৰ্ভাৱ→প্রভাৱ।

ভাৰতীয় সংস্কৃতি Class 10 সন্ধি ভাঙা

সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্রান্ত, সন্মত
উঃ সংস্কৃতি: সম্ + কৃতি

সমন্বয়: সম্ + অন্বয়
সম্বন্ধ: সম্ + বন্ধ
ভাৰাক্রান্ত: ভাব + আক্রান্ত
সম্মত : সম্ + মত

২২। বিশেষণ আৰু বিশেষ্যলৈ নিয়া
বৈচিত্র্য, ভৌগােলিক, বিস্তৃতি, নৈৰাশ্য, বিল্পর
উঃ বৈচিত্র্য →বিচিত্র।
ভৌগােলিক →ভূগােল
বিস্তৃতি →বিস্তৃত।
নৈৰাশ্য→ নৈৰাশ।
বিল্পর → বৈপ্লৱিক

ভাৰতীয় সংস্কৃতি Class 10 অতি চমু প্রশ্নোত্তৰ

১। হেম বৰুৱাৰ এখন উল্লেখযােগ্য গ্রন্থৰ নাম লিখা।
উঃ হেম বৰুৱাৰ এখন উল্লেখযােগ্য গ্রন্থখন হ’ল ‘The Red River and the Blue Hill”।

২। আৰ্যসকলৰ আদিম বাসভূমি ক’ত ?
উঃ আৰ্যসকলৰ আদিম বাসভুমি মধ্য এছিয়াত।

৩। ভাৰতীয় সংস্কৃতিৰ মূল আদর্শ কি?
উঃ ভাৰতীয় সংস্কৃতিৰ মূল আদর্শ সমন্বয়ৰ সংস্কৃতি।

৪। মহেঞ্জোদাৰােৰ সংস্কৃতিৰ সম্পদ কি?
উঃ মহেঞ্জোদাৰােৰ সংস্কৃতিৰ সম্পদ ধ্যানস্থ শিৱৰ কল্পনা।

৫। সংস্কৃতিৰ অর্থ কি ?
উঃ সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা।

৬। ভাৰতীয় জীৱনৰ মূল সম্পদ কি?
উঃ ভাৰতীয় জীৱনৰ মুল সম্পদ সংস্কৃতিৰ অরিচ্ছিন্ন ধাৰ

৭। কোনে পঞ্জাৱ আৰু আফগানিস্তানক এক কৰি থ’ব বিচাৰিছিল ?
উঃ গ্রীকসকলে পঞ্জাৱ আৰু আফগানিস্তানক এক কৰি থ’ব বিচাৰিছিল।

৮। সংস্কৃতিৰ মাপকাঠী কি?
উঃ ভাষা, সাহিত্য, দর্শন, সুকুমাৰ কলা আদিৰ ক্ষেত্ৰত প্রকাশিত প্রতিভাই সংস্কৃতিৰ মাপকাঠী।

৯। হিন্দুৰ শ্ৰাদ্ধ বিধি কোন যুগৰ অৱদান?
উঃ হিন্দুৰ শ্ৰাদ্ধ বিধি অনার্য যুগৰ অৱদান।

১০। চুফীবাদৰ মূল আধাৰ কি?
উঃ চুফীবাদৰ মূল আধাৰ কোৰাণ।

১১। লিংগ পুজা কোন যুগৰ নিদর্শন?
উঃ লিংগ পূজা অনার্য যুগৰ নিদর্শন।

১২। কামাখ্যাত আগেয়ে কোন সম্প্রদায়ৰ লােকে পুৰােহিতৰ কাম কৰিছিল ?
উঃ কামাখ্যাত আগেয়ে গাৰৰ সম্প্ৰদায়ৰ লােকে পুৰােহিতৰ কাম কৰিছিল।

১৩। ব্যক্তিবাদী চিত্রকলাৰ লক্ষ্য কি?
উঃ ব্যক্তিৰ জীৱন প্ৰকাশ কৰাই ব্যক্তিবাদী চিত্রকলাৰ লক্ষ্য।

Read Also: SEBA Class 10 Assamese Book Question Answer – All solution

প্রঃ ফ্ৰম’ভল্গা টু গংগা’ কোনে লিখিছিল?

উঃ পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল।

প্রঃ মধ্য এছিয়াকা ইতিহাস কোনে লিখিছিল?

উঃ পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল।

প্রঃ অজন্তাৰ ছবিবোৰত প্রকাশ পোৱা ভাৱবস্তু দুটা কি কি?

উঃ অজন্তাৰ ছবিবােৰত প্রকাশ পােৱা ভাববস্তু দুটাৰ এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন।

প্রঃ  ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?

উঃ ক্রমবর্ধমান শক্তি বা জীৱন্ত শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্রাণ।

1 thought on “ভাৰতীয় সংস্কৃতি Class 10 প্ৰশ্ন উত্তৰ দশম শ্ৰেণী অসমীয়া”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top