অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দশম শ্ৰেণী

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
বিষয় অসমীয়া
কিতাপৰ নাম অসমীয়া সাহিত্য চয়নিকা
পাঠৰ নাম অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
শ্ৰেণী  দশম (X)
অধ্যায় অধ্যায় ৮
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি প্ৰশ্ন উত্তৰ

১) প্ৰাচীন কালৰে পৰা অসম দেশখন কিহৰ বাবে প্ৰসিদ্ধ আছিল ?
ক) যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে
খ) বিভিন্ন ভাষা গোষ্ঠীৰ বাবে
গ) বিভিন্ন চাহ উদ্যোগ প্ৰতিষ্ঠানৰ বাবে
ঘ) বৈচিত্ৰপূৰ্ণ সাহিত্য সমলৰ বাবে
উঃ ক) যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে

২)অসমত চাহ উদ্যোগ কেতিয়া প্ৰতিষ্ঠা হৈছিল ?
ক) আহোমসকল অসমলৈ অহাৰ পাছত
খ) বৃটিছসকল অসমলৈ অহাৰ পাছত
গ) লোহাৰসকল অসমলৈ অহাৰ পাছত
ঘ) চাহ বনুৱা সকল অসমলৈ অহাৰ পাছত
উঃ খ) বৃটিছসকল অসমলৈ অহাৰ পাছত

৩) ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল’ -কিহৰ বাবে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল ?
ক) বাহিৰৰ পৰা অহা লোকসকলেও অসম দেশৰ ভাষা-সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰাৰ বাবে
খ) থলুৱা জন-জাতীয় সংস্কৃতিত ধৰ্মই বিশেষ স্থান লাভ কৰা বাবে
গ) অসম দেশলৈ নতুন সংস্কৃতিসম্পন্ন লোক অহা বাবে
ঘ) অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষা স্কুলীয়া শিক্ষাৰ মাধ্যম হোৱা বাবে
উঃ ক) বাহিৰৰ পৰা অহা লোকসকলেও অসম দেশৰ ভাষা-সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰাৰ বাবে

৪) তলৰ কোনটো শব্দই ‘নিগাজী‘ শব্দৰ অৰ্থ প্ৰকাশ কৰিছে ?
ক) বিভেদকামী
খ) বংশ
গ) জীন যোৱা
ঘ) স্থায়ী
উঃ ঘ) স্থায়ী

৫) ‘বৃটিছ আহিল, চাহ উদ্যোগ ________ হ’ল
খালী ঠাইত তলৰ উপযুক্ত ‘প্ৰ’ উপসৰ্গ থকা শব্দটোৰে সম্পূৰ্ণ কৰা ।
ক) প্ৰধান
খ) প্ৰতিষ্ঠা
গ) প্ৰভাৱান্বিত
ঘ) প্ৰাচীন
উঃ খ) প্ৰতিষ্ঠা

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

 ১) ত্রয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠী কোনটো ?
উঃ ত্রয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠীটো হৈছে মংগােলীয় গােষ্ঠী।

 ২) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?
উঃ প্রাচীন কালৰে পৰা অসম দেশ যাদু-মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল।

৩) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?
উঃ ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে।

৪) সকলােকে বান্ধি থােৰা এনাজৰীডাল কি আছিল?
উঃ সকলােকে বান্ধি থােৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

৫) অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক কোনবিলাক?
উঃ অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক হৈছে আহােমসকল।

Read Also: বিষাদ যোগ Class 10

অর্থ লিখা

নিগাজী→ স্থায়ী। স্বকীয়তা→নিজস্বতা। আঁহফলা নীতি →বিভেদকামী মনােভাব। জাহ যােবা→জীন যােব, মিলি যােবা। তান্ত্রিক ধর্ম→ প্রাচীন তন্ত্ৰৰ ওপৰত প্রতিষ্ঠিত হিন্দু ধর্ম। উপভাষা →মুল ভাষাৰ আঞ্চলিক ৰুপ। লােকগীত→ অনাদি কালৰে পৰা মুখে মুখে চলি অহা মৌখিক গীতসমূহকে লােকগীতৰ আখ্যা দিয়া হয়।উদাহৰণস্বৰূপে নিচুকনি গীত, বাৰমাহী গীত, আই নাম, বিয়া নাম, বনগীত ইত্যাদি।

চমু উত্তৰ লিখাঃ

১) অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় ?
উঃ অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে প্রধানকৈ কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী মিচিং, বড়াে, তিৱা, কাৰ্বি আদি অনার্য জাতিবােৰক বুজায়

২) কিমান চনৰপৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?
উঃ ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।

৩) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলােকে ক’ৰ পৰা অসমলৈ আহিছিল ?
উঃ চাহ-উদ্যোগৰ কৰ্মীসকল হৈছে চাওঁতাল, কুর্মি, মােছহৰ, মুণ্ডা তেলেঙা, হাে, ভূমিজ, তাতী, লােহাৰ আদি। তেওঁলােকে বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

৪) পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্রস্তুত কৰা।
উঃ পাঠটিত থকা খাদ্যবস্তুসমূহ হৈছে – পৰাথা, পােলাও, কোর্মা-কোপ্তা, কে’ক-বিস্কুট, ৰুটি, ৰসগােল্লা, লাল-মােহন, চিঙ্গা, লুচি-পুৰী, ড’চা, চাম্বাৰ,
ইডলি।।

৫) অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ কি কি?
উঃ অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলােৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্র সাহিত্য আৰু ডাকৰ বচন আদি।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি প্ৰশ্ন উত্তৰ

৬) অসমৰ বৈচিত্র্যপূর্ণ জনগােষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে– কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগােষ্ঠীৰ বৈচিত্র্যৰ কথা  বর্ণনা কৰা।

উঃ সমগ্ৰ অসম ৰাজ্য মূলতঃ বিভিন্ন জনগােষ্ঠীৰ সমষ্টি। ভিন ভিন জনগােষ্ঠীয়ে স্বকীয়  বর্ণাঢ্য সংস্কৃতিৰে অসমৰ স্বকীয়তা গঢ়ি তুলিছে। প্রাচীন কালৰেপৰাই অসমত বাস কৰি আহিছে বিভিন্ন জনজাতীয় গােষ্ঠী অর্থাৎ অনার্য জাতিৰ লােক। কছাৰী, চুটিয়া, মেচ, কোচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাবি আদি প্রধান জনগােষ্ঠীসমূহকে ধৰি অতীতত অকা, ডফলা, আবৰ, মিছিমি আদি জাতি-জনগােষ্ঠীসমূহেও অসম ভুমিত বাস কৰিছিল।

লগতে পঢ়ক:   ধৰ ঝাড়ু ধৰ ভাই Class 10 Question Answer প্ৰশ্নৰ উত্তৰ

এই সকলোেবােৰ জাতি-জনগােষ্ঠী নিজৰ স্বকীয় ভাষা-সংস্কৃতিৰ এৰা-ধৰাৰ মাজেৰে বৃহৎ অসমীয়া জাতি গঠন কৰি বিশালবৰেণ্য অসমীয়া সংস্কৃতি গঢ়ি তুলিছে।  ত্রয়ােদশ শতিকাত এইবােৰ জনগােষ্ঠীৰ লগতে অসমলৈ নতুন গােষ্ঠীৰ আগমন ঘটিল– সেয়া হৈছে ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগােলীয়সকল। মংগােলীয় গােষ্ঠীৰ ভিতৰত আহােমসকলে অসমৰ সংস্কৃতিলৈ আগবঢ়োৱা অৱদানে অসমক তজবজীয়া কৰি তুলিলে। সেই সময়তে অসমলৈ আহিছিল মুছলমানসকলাে।  উনবিংশ শতিকাত বৃটিছে চাহ উদ্যোগ প্রতিষ্ঠা কৰাত অসমলৈ আহিল চাওঁতাল, কুর্মি, মােছহৰ, মুণ্ডা তেলেঙা, হাে, ভূমিজ,তাঁতী, লােহাৰ আদি ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তৰ জাতিসমুহ। বেপাৰ বাণিজ্যৰ সূত্ৰ ধৰি অসমৰ বাসিন্দা হ’ল পাঞ্জাৱী, শিখ, মাৰােৱাৰী, বিহাৰী, ৰাজস্থানী লােকসকল।

এনেদৰে বিভিন্ন সময়ত বিভিন্ন কথা-কাণ্ডৰ গইনা লৈ অসমত বিভিন্ন জাতি- জনগােষ্ঠীয়ে নিজস্ব সংস্কৃতি সহিতে বাস কৰিবলৈ ল’লে আৰু আজি এইবােৰ অসমৰ এৰাব নােৱাৰা অংগ হৈ পৰিল। ইয়াৰ কোনােটোকে বাদ দি অসমীয়া সংস্কৃতি সম্পূর্ণ নহয়। বৈচিত্র্যপূর্ণ ভাৰতৰ আটাইতকৈ বিচিত্র প্রান্তৰ হৈছে অসম আৰু ই সম্ভৱ হৈছে অসমৰ জনগােষ্ঠীৰ বিচিত্র গাঁথনিৰ বাবে।

৭) ‘বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লােৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল’–ইয়াত কি ঔদ্যোগিক আৱেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে— পাঠৰ আলমত বিচাৰ কৰা।

উঃ ইয়াত ঔদ্যোগিক আৱেষ্টনী মানে ব্রিটিছসকলে অসমত প্রতিষ্ঠা কৰা চাহ উদ্যোগৰ কথা ক’বলৈ বিচৰা হৈছে। চাহউদ্যোগৰ লগত জড়িত লোেকসকলে অনুকুল পৰিৱেশ পৰিস্থিতিৰ অভাৱত থলুৱা সংস্কৃতিৰ পৰা আঁতৰিব লগা হােৱা বুলি লেখকে কৈছে। ঊনবিংশ শতিকাত বৃটিছৰ আগমনে অসমত এক নতুন উদ্যোগৰ সূচনা কৰিলে, সেয়া হৈছে চাহ উদ্যোগ। এই উদ্যোগত কাম কৰিবলৈ বিহাৰ,উৰিষ্যা, মধ্য প্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা কিছুসংখ্যক লােক আহিল অসমলৈ। অসমৰ চাহ উদ্যোগৰ এৰাব নােৱাৰা অংশ হৈ পৰিল চাওঁতাল, কুর্মি, মােছহৰ, মুণ্ডা তেলেঙা, হাে, ভূমিজ, ওৰাং, তাঁতী, লােহাৰ আদি জাতিৰ লােকসকল।

এওঁলােকে আহোঁতে অসমলৈ লৈ আহিল নিজস্ব সংস্কৃতি। অসমৰ থলুৱা আচাৰ-নীতি, মাত-কথা, সাজ-পাৰ এওঁলােকে গ্রহণ কৰিলে আৰু তাৰ মাজতে মিলাই পেলালে নিজৰ কৃষ্টি-সংস্কৃতিও। যিহেতু এওঁলােক ঔদ্যোগিক কামতহে অসমলৈ আহিছিল, সেয়ে চাহ উদ্যোগৰ জৰিয়তে অসমলৈ অর্থনৈতিক বৰঙণি যােগাব পাৰিলে যদিও সাংস্কৃতিকভাৱে সিমান মিলিব নােৱাৰিলে। কিয়নাে, এওঁলােক শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পিছপৰা আছিল আৰু চাহৰ কামত ব্যস্ত হৈ থাকিবলগীয়া হােৱাত সাংস্কৃতিক পৰিৱেশৰ পৰাও দূৰত থাকিব লগা হৈছিল। তদুপৰি মূল জনসোঁতৰ পৰা দূৰৰ চাহ বাগানবােৰত এওঁলােক থাকিবলগীয়া হােৱাত থলুৱা সংস্কৃতি চর্চা যথেষ্ট কম হৈছিল।মুঠতে চাহকেন্দ্রিক ঔদ্যোগিক আৱেষ্টনীয়ে চাহ বনুৱাসকলক অসমৰ থলুৱা সাংস্কৃতিক পৰিৱেশৰ পৰা বহুখিনি নিলগাই ৰখাৰ কথা প্রশ্নোদ্ধৃত কথাফাকিত স্পষ্টভাৱে ওলাই পৰিছে।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

৮) “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনাে যুক্তি তর্কৰ অবকাশ নাই।” – ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। “নুই কৰাৰ কোনাে যুক্তিতর্কৰ অৱকাশ নাই।” বােলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা।

উঃ ইয়াত লেখকে অসমীয়া জাতিটোক এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। লেখকে অসমীয়া জাতিটোক এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কোৱাৰ কাৰণ হৈছে অসমীয়া জাতিটো কেৱল মাত্র এটা জনগােষ্ঠী আৰু তেওঁলােকৰ ভাষা-সংস্কৃতিক লৈ গঢ়ি উঠা নাই। প্রাচীন কালৰ পৰাই অসম হ’ল ভিন ভিন জাতি- জনগােষ্ঠীৰ বাসস্থান বিভিন্ন সময়ত বিভিন্ন বহিৰাগত জাতি জনগােষ্ঠীৰ লােকেও অসমলৈ আহি অসমৰ থলুৱা লােকসকলে সকলােকে নির্বিাদে গ্ৰহণ কৰিছিল।

প্রথম অৱস্থাত সকলােৱে নিজ নিজ ভাষা-সংস্কৃতি ৰক্ষা কৰিছিল যদিও উমৈহতীয়া স্বাৰ্থত বহিৰাগতসকলে নিজৰ ভাষা-সংস্কৃতিৰ লগতে অসমীয়া ভাষা-সংস্কৃতিকো আঁকোৱালি লৈছিল। এনেদৰে একেটা ভৌগােলিক পৰিবেষ্টনীত ওচৰা-উচৰিকৈ থকাত এটা সম্প্রদায়ে আন এটা সম্প্রদায়ৰ ভাষা-সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত হ’বলৈ ধৰিছিল। ইয়াৰ ফলস্বৰূপে কালক্ৰমত জাতি-জনগােষ্ঠীসমূহৰ ভাষা-সংস্কৃতিৰ আদান- প্ৰদানৰ দ্বাৰা এটা বৃহৎ সংমিশ্রিত সংস্কৃতিসম্পন্ন অসমীয়া জাতিৰ গঠন হৈছিল। এইক্ষেত্ৰত কোনাে জাতি-জনগােষ্ঠীৰ অৱদানকে অৱমাননা কৰিব পৰা বিধৰ নহয়। বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে গঢ়ি উঠা অসমীয়া জাতিটোক সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কোৱা কথাষাৰ তেনেই সত্য।

লগতে পঢ়ক:   ছাত্ৰ জীৱন আৰু সমাজ সেৱা (প্রশ্নোত্তৰ) Class X Question Answer

৯) “লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।”—কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।

উঃ অসমলৈ ভিন ভিন সময়ত বিভিন্ন জাতি আহি বৃহৎ অসমীয়া জাতি গঢ়ি তুলিছিল। আৰু এই প্রক্রিয়াৰ লগে লগেই ৰূপান্তৰ ঘটিছিল সংস্কৃতিৰাে।
প্রাচীন কালত অসম অনার্য জাতিৰ বাসস্থান আছিল। ত্রয়ােদশ শতিকাত মংগােলীয় গোষ্ঠীৰ লােকসকল বিশেষকৈ আহােমসকল, মুছলমানসকল আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা কেইবাটাও জাতিৰ লােক অসমলৈ আহে আৰু অসমতে নিগাজীকৈ থাকিবলৈ লয়।এওঁলােকৰ ভিতৰত কোনােবাই দেশ জয় কৰিবলৈ অসমলৈ আহিল, আকৌ যুদ্ধবন্দী হিচাপে নভবাকৈয়ে কোনােবা অসমত থাকিগ’ল। তদুপৰি বেপাৰ- বাণিজ্য, পূজা-পার্বন আৰু তীর্থ সংক্রান্তত কেইবাটাও জাতিৰ অসমলৈ আগমন ঘটিল।

ৰজাঘৰীয়া পৃষ্ঠপােষকতা লাভ কৰি অহা জাতিও অসমৰ মাটিত ৰৈ গ’ল। এওঁলােক প্রত্যেকেই নিজস্ব সুন্দৰ সংস্কৃতি অসমৰ বহল বুকুত উলিয়াই থ’লে আৰু অসমৰ প্রাচীন বাসিন্দাসকলে সেয়া গ্রহণ কৰিলে। লাহে লাহে বহিৰাগত লােকসকলে তেওঁলােকৰ পূৰ্বৰ সংস্কৃতি পাহৰি অসমৰ সংস্কৃতি সমৃদ্ধ কৰাত মনােনিৱেশ কৰিলে ইয়াত পূর্বৰে পৰা চলি অহা ভাষা-সংস্কৃতিক তেওঁলােকে নিজৰ কৰি ল’লে, তেওঁলােক মনে-প্রাণে অসমীয়া হ’ল। এই প্রক্রিয়াৰ লগে লগেই ৰূপান্তৰ স্বাভাৱিকভাৱেই ঘটিল পূর্বৰে পৰা চলি অহা অসমীয়া সংস্কৃতিৰ।

প্রত্যেক সম্প্রদায়ৰ ভাল লগা কথাবোেৰ পৰস্পৰে গ্ৰহণ কৰিলে। নতুনত্ব চৌদিশে উপচি পৰিল। মুকলি মনেৰে আধুনিকতাই প্রৱেশ কৰিলে অসমীয়া সংস্কৃতিৰ মাজত। এই ৰূপান্তৰৰ প্রক্রিয়া আছিল স্বতঃস্ফুর্ত। কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিল। এনেদৰেই স্বতঃস্ফূর্ত প্রক্রিয়াৰে আজিৰ বণার্চ আৰুবাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিছে।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি প্ৰশ্ন উত্তৰ

তাৎপর্য ব্যাখ্যা কৰা ?

১০) দেখা যায় সকলােকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

উঃ ভিন ভিন জনগােষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ সেঁতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোৱে–প্ৰশ্নোদ্ধৃত কথাফাকিত ফুটি উঠা ভাব এয়াই। প্রাচীন কালৰে পৰাই অসম বিভিন্ন জাতি-জনগােষ্ঠীৰ ভূখণ্ডৰূপে পৰিচিত। ইয়াত থলুৱা অনার্য লােকসকলৰ লগতে বহিৰাগত ভিন ভিন জাতিৰ লােকে বিভিন্ন সময়ত আহি বসবাস কৰিবলৈ লয়। এই অসম প্রদেশৰ মুখ্য ভাষা হৈছে অসমীয়া। এওঁলােকে নিজ দোৱান বা উপভাষাতে নিজৰ মাজত কথা পাতিলেও প্রত্যেকেই অসমীয়া ভাষা বুজে আৰু কয়।

অসমীয়া ভাষাক তেওঁলােকে উমৈহতীয়া ভাষাৰূপে গ্রহণ কৰিছিল। সেয়ে মেঘালয়, নাগালেণ্ড, অৰুণাচলকে ধৰি সমগ্র অঞ্চলৰ সামূহিক ভাষাৰূপে অসমীয়া ভাষাই ভৌগােলিক, সামাজিক বিভিন্নতাৰ মাজত সেঁতু গঢ়িছিল। এই সেঁতু ইমান মজবুত আছিল যে অসমত আহােমে আহােম ভাষাৰে, ব্রাহ্মণ-ক্ষত্রিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী-ফাছীৰে কথা নাপাতে; প্রত্যেকেই অসমীয়া ভাষাৰ সেঁতুৰে পাৰ কৰিছিল দৈনন্দিন জীৱন। তেওঁলােকৰ আপােন হৈ পৰিছিল অসমীয়া, মাতৃভাষা । অসমীয়া  ভিন ভিন সংস্কৃতিসম্পন্ন হলেও একভাষিক চেতনাই সকলােকে এক কৰি ৰখাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।

১১) এই গােটেইবােৰ হ’ল স্বতঃপ্রণােদিতভাবে হােৱা প্রক্রিয়া।

উঃ ভিন ভিন জাতি-জনগােষ্ঠীৰ কলা-সংস্কৃতি, ৰীতি-নীতি আদিৰ সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠিছে। এইকার্য বিভিন্ন সময়ত বিভিন্ন প্রক্রিয়াৰ মাজেৰে সংঘটিত হৈছে। লেখকে ক’ব বিচাৰিছে যে এই প্রক্রিয়াবােৰ অতি স্বাভাবিক। আমাৰ অজানিতে আমি ভিন্নতা পৰিহাৰ কৰি এক হৈছে। বিভিন্ন সময়ত আমি মাত-কথা, আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, ৰীতি-নীতি আদিৰ ক্ষেত্ৰত কেৱল নিজৰটোকে ধৰি নাৰাখি অইনৰটোও গ্রহণ কৰিছে, অইনেও আমাৰটো আঁকোৱালি লৈছে, বিভিন্ন ভাৰতীয় তথা বিদেশী খাদ্যই আমাৰ ৰান্ধনিশালত ঠাই উলিয়াই লৈছে।

এই ক্ষেত্ৰত আগৰ নিচিনা জাত- কুলৰ বিচাৰ নাইকিয়া হােৱা বুলি ক’ব পাৰি। বিয়া, দাহ-সকাৰ আদি প্রথাত ভিন ভিন জাতিৰ লােকে একেলগে ভাগ ল’ব পৰা হৈছে, একেদৰে পৰস্পৰে। পৰস্পৰৰ উৎসৱ-অনুষ্ঠানত যােগ দিয়ে। জাতি-ধৰ্মৰ প্ৰাচীৰ আমি ভাঙিব পাৰিছো। নিজ কৃতি বা কৰ্মৰ কৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ়ি তুলিছো। এই সংস্কৃতি মিলনৰ সংস্কৃতি, এই সংস্কৃতি সংহতি আৰুসম্প্রীতি ৰক্ষাৰ বাট। স্তৰেৰে আপােনা-আপুনি হােৱা এই কৰ্ষণৰ প্রক্রিয়া নিঃসন্দেহে স্বাভাবিক। কিয়নাে সময়ৰ লগত খােজ মিলাই পৰিৱর্তনে সংস্কৃতিলৈ নতুনত্ব আনিবই। আমি এই স্বাভাবিক প্রক্রিয়াক ইতিবাচক পদক্ষেপেৰে আগুৱাই নিব লাগে। লেখকে এই ভাবেই ব্যক্ত কৰিছে।

১২)  এইয়া আছিল দিয়া-লােৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা।

উঃ সংস্কৃতি পৰিৱর্তনশীল। অসমতাে বিভিন্ন জাতি-ধৰ্মৰ মানুহবাস কৰাৰ ফলত সময়ৰ লগে লগে সংস্কৃতিয়েও ৰূপ সলাইছিল। প্রশ্নোক্তৃত কথাফাকিৰে
লেখকে এনে পৰিৱর্তনৰ কথাকে কৈছে। অসমত পূর্বতে অনার্য জাতিৰ লােকসকলে বাস কৰিছিল। সেই সময়ত তেওঁলােকৰ সংস্কৃতিয়েই আছিল অসমৰ সংস্কৃতি। কালক্ৰমত অসমলৈ। বিভিন্ন জাতি আৰু ধৰ্মৰ লােকৰ প্ৰব্ৰজন ঘটিল; লগে লগে অসমলৈ আহিল। কেইবা প্ৰকাৰৰৰ সংস্কৃতি। সকলােৱে পৰস্পৰৰ সংস্কৃতিক আঁকোৱালি ল’লে। নিজৰ কিছুমান এৰিলে আৰু কিছুমান পূৰ্বৰ সংস্কৃতিৰ সতে যােগ দিলে।সকলােৱে এটা ভাষাই গ্রহণ কৰিলে সেয়া হৈছে অসমীয়া ভাষা।

লগতে পঢ়ক:   জিকিৰ Class 10 দশম শ্ৰেণী অসমীয়া পাঠ ২

অসমীয়া ভাষাই সকলােকে এক কৰি বান্ধি ৰাখিলে। সকলােবােৰ সম্প্ৰদায়ৰ ভিতৰত কাৰােবাৰ আচাৰ ব্যৱহাৰ, ৰীতি-নীতি অইন কাৰােবাৰ ভাল লগাত তেওঁলােকে গ্রহণ কৰিলে। আকৌ, একেই কথা প্রযােজ্য হ’ল খােৱা-বােৱা, পিন্ধা উৰাৰ ক্ষেত্ৰতো। কোনােৱে কাকো জোৰকৈ একো জাপি দিয়া নাছিল। ভিন্ন সম্প্রদায়ৰ মাজত সমন্বয় সাধন হৈ বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল—এয়া আদর্শ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ প্রত্যেক সম্প্রদায়ে এৰা-ধৰাৰ নীতি পালন কৰিছিল। সংস্কৃতিসম্পন্ন জাতি একোটাৰ ত্যাগ কৰিব পৰা বা গ্ৰহণ কৰিব পৰাৰ মানসিক শক্তি থকা বাবেই সেয়া সম্ভৱ হৈছিল। প্রশ্নোক্ত কথাফাকিত আমি এনে ভাবৰেই উমান পাওঁ।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি প্ৰশ্ন উত্তৰ

ভাষা বিষয়ক

১) সন্ধি ভাঙা 

সংস্কৃতি, জলাঞ্জলি, ভৌগােলিক।

সংস্কৃতি:  সম্ + কৃতি,
জলাঞ্জলি: জল + অঞ্জলি
ভৌগােলিক: ভূগােল + ইক

২) প্র’ উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।
উঃ প্রবল, প্ৰহাৰ, প্ৰকাৰ।

বাক্য ৰচনা কৰা?

ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰবাণিজ্য, সহজ-সৰল, দিয়া-লােৱা, এৰা-ধৰা।

উঃ ভাষা-সংস্কৃতিঃ অসমৰ প্ৰতিটো জাতি-জনগােষ্ঠীৰে একোটা স্বকীয় ভাষা-সংস্কৃতি আছে।

পুজা-পার্বণঃ পুজা-পার্বণত মুখ্য ভূমিকা পালন কৰা ব্রাহ্মণসকলক হিন্দু সমাজত উচ্চ স্থান দিয়া হয়।

বেপাৰ-বাণিজ্য: বেপাৰবাণিজ্যক কেন্দ্ৰ কৰিয়ে নগৰীয়া বসতি গঢ়ি উঠে।

হজ-সৰলঃ সহজ-সৰল লােকে আনৰ সুখত আনন্দ অনুভৱ কৰে।

দিয়া-লােৱাঃ দিয়া-লােৱা বা এৰা-ধৰাৰ মাধ্যমেৰে অসমীয়া বিবাহ কার্য সম্পন্ন হয়।

এৰাধৰাঃ অসমত বাস কৰা সকলাে জনগােষ্ঠীৰ এৰাধৰাৰ মাজেৰে বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠিছিল।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

(ক) অতীতত অসমৰ আন এটা নাম কি আছিল?

উঃ অতীতত অসমৰ আন এটা নাম আছিল কামৰূপ।

(খ) ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনত মান ৰজা আৰু ব্রিটিছৰ মাজত হৈছিল।

(গ) পূর্ব পাকিস্তান বর্তমান কি নামেৰে জনাজাত?
উঃ পূর্ব পাকিস্তান বর্তমান বাংলাদেশ নামেৰে জনাজাত।

(ঘ) পুৰণি অসমত থলুৱা জনজাতীয় সংস্কৃতিত ধর্মই কেনে স্থান লাভ কৰিছিল ?
উঃ পুৰণি অসমত থলুৱা জনজাতীয় সংস্কৃতিত ধর্মই বিশেষ স্থান লাভ কৰিছিল।

(ঙ) অসমত আদিৰে পৰা প্রচলিত ধর্ম দুটা কি কি?
উঃ অসমত আদিৰে পৰা প্রচলিত ধর্ম দুটা হৈছে হিন্দুৰ তান্ত্রিক ধৰ্ম আৰু বৌদ্ধ

(চ) অসমলৈ অহা প্রথম বহিৰাগত কোন?
উঃ অসমলৈ অহা প্রথম বহিৰাগত হৈছেমংগােলীয়সকল।।

(ছ) মুছলমানসকল অসমলৈ কেতিয়া আহে?
উঃ মুছলমানসকল কুৰি শতিকাৰ চতুর্থ দশকত অসমলৈ আহিছিল।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

চমু প্রশ্নোত্তৰ

(ক) মংগােলীয় গােষ্ঠীৰ লােকসকল কৰ পৰা অসমলৈ আহিছিল?

উঃ মংগােলীয় গােষ্ঠীৰ লােকসকল ছকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অসমলৈ আহিছিল।

View More Class 10 Assamese Lesson

Audio Class of Class 10 Assamese Lesson 8

প্ৰঃ অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ কি কি?

উঃ অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলােৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্র সাহিত্য আৰু ডাকৰ বচন আদি।

প্ৰঃ মংগােলীয় গােষ্ঠীৰ লােকসকল কৰ পৰা অসমলৈ আহিছিল?

উঃ মংগােলীয় গােষ্ঠীৰ লােকসকল ছকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অসমলৈ আহিছিল।

প্ৰঃ প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?

উঃ প্রাচীন কালৰে পৰা অসম দেশ যাদু-মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top