উদ্যোগী হওঁ আহাঁ Class 10 – অসমীয়া সকলো প্ৰশ্নৰ উত্তৰ

Advertisements
উদ্যোগী হওঁ আহাঁ
বিষয়  অসমীয়া (Assamese)
কিতাপৰ নাম অসমীয়া সাহিত্য চয়নিকা
খণ্ড গদ্য়াংশ
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ
লেখক
দেৱজিৎ ভূঞা
শ্ৰেণী  দশম (X)
পাঠ  6
পাঠৰ নাম উদ্যোগী হওঁ আহাঁ
পাঠ্যক্ৰম  ছেবা (SEBA)

উদ্যোগী হওঁ আহাঁ Class 10

প্রশ্ন ১। (ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী- শিক্ষক গৰাকীৰ নাম কি?
উত্তৰ : শিক্ষক গৰাকীৰ নাম শ্ৰীমান প্রকাশ গোস্বামী।

(খ) শ্রেণী শিক্ষক গৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?
উত্তৰ : এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী বা আণ্ট্ৰাপিনিও ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে|

(গ) এজন সফল উদ্যোগী হবলৈ কি গুণৰ প্ৰয়োজন ?
উত্তৰ : এজন সফল উদ্যোগী হ’বৰ বাবে লাগিব ধৈর্য্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ অধিকাৰী হব লাগিব ।

(ঘ) এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি?
উত্তৰ : এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান হ’ল ‘এলাহ’।

(ঙ) ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?
উত্তৰ: ‘Eat cricket, sleep cricket, dream cricket, drink cricket’..

(চ) নাৰায়ণ মুৰ্ত্তী কোন?
উত্তৰ : ইন্‌ন্ফাচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা
আণ্ট্ৰাপিনিওৰ ৷

(ছ) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?
উত্তৰ : উদ্যোগী সকল হ’ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰি কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্ম সংস্থান দিবলৈ সক্ষম হয়। ছাৰৰ প্ৰশ্নৰ উত্তৰত বিজিতে এইদৰে কৈছিল।

(জ) প্রথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব ?
উত্তৰ : প্রথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। অর্থাৎ সৰু বৰ সকলো কাম কৰিবলৈ লজ্জাবোধ কৰিব নালাগিব।

(ঝ) টমাচ আলভা এডিচনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাবে বিফল হৈ কি হৈছিল?
উত্তৰ : মই বিফল হোৱা নাই। মাত্ৰ বুজিলোঁ যে ১০,০০০ ধৰণে ই কাম নকৰে। বিফল হৈ টমাচে এইদৰে মন্তব্য কৰিছিল।

লগতে পঢ়ক:   ছাত্ৰ জীৱন আৰু সমাজ সেৱা (প্রশ্নোত্তৰ) Class X Question Answer

উদ্যোগী হওঁ আহাঁ Class 10

প্রশ্ন ২। ‘উদ্যোগী পুরুষ সিহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।’ শিক্ষক গৰাকীয়ে কিয় এনেদৰে ক’লৈ বুজাই লিখা।
উত্তৰ: এজন সফল উদ্যোগী হ’বৰ বাবে লাগিব ধৈর্য্য, একত্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সিংহ পুৰুষৰ এইবোৰ গুণ বিদ্যমান। কিন্তু এলেহুৱা পুৰুষৰ গাত এই গুণবোৰ নাথাকে। তেওঁলোক কথাৰ ফুল জাৰি মৰাত ওষ্টাদ।

বনৰ ৰজা সিংহই যেনেকৈ নিজে চিকাৰ কৰি ভক্ষণ কৰে ঠিক তেনেদৰে সিংহ পুৰুষে কেতিয়া আনলৈ বাট চাই নাথাকে৷ নিজৰ শক্তি,শ্ৰম, বুদ্ধি আদি প্রয়োগ কৰি উন্নতিৰ শিখৰলৈ ধাৱমান হয়। কিন্তু এলেহুৱা পুৰুষে অইনৰ উপাৰ্জন ভোগ কৰি জীৱন নিৰ্ব্বাহ কৰা দেখা যায়।

প্রশ্ন ৩। ইন্‌ফাচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো কি?
উত্তৰ : ইন্‌ফাচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক হ’ল- নাৰায়ণ মুৰ্ত্তী কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আছিল। সেয়ে অভিযান্ত্রিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁ চাকৰি
ত্যাগ কৰি Sofitonies নামৰ এক কোম্পানী প্রতিষ্ঠা কৰে। কিন্তু প্রতিষ্ঠা কৰাৰ ডেৰ বছৰৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজন মান বন্ধুৰ লগ লাগি Infosys নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মুৰ্ত্তীক তেওঁৰ পত্নীয়ে দহ হাজাৰ টকা নিজৰ সাচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। দহ হাজাৰ মূলধনেৰে আৰম্ভ কৰা ‘ইন্‌ফচিচ’ প্ৰথম অৱস্থাত বহুতো বাধাৰ সন্মুখীন হ’ব লগা হৈছিল।

নব্বৈৰ দশকত তেতিয়াৰ বিত্ত মন্ত্ৰীয়ে ভাৰতীয় অর্থনীতিক মুকলি কৰি দিয়াত ইন্‌ফাচিচৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সময়ৰ শৰ সময়ত মৰাৰ পাছত নাৰায়ণ মুৰ্ত্তী আৰু তেওঁলোকৰ কোম্পানীয়ে পিছলৈ ঘুৰি চাব লগা নহ’ল। ধৈৰ্য্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ শৰ সময়ত মৰা বাবে আজি নাৰায়ণ মুৰ্ত্তী বিশ্বৰ ভিতৰতে এজন সফল নামজ্বলা উদ্যোগী।

Advertisements
লগতে পঢ়ক:   দৃশ্যান্তৰ কবিতা – (প্রশ্নোত্তৰ) Class 10 Assamese Lesson 5 Question Answer

প্রশ্ন ৪। “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো সিমান সহজ নহয়।” কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।
উত্তৰ : এজন উদ্যোগী হ’বলৈ সহজ। ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে কিন্তু সফল উদ্যোগী হোৱাটো বৰ কঠিন। কাৰণ এজন সফল উদ্যোগী হ’বৰ বাবে লাগিব ধৈর্য্য, একগ্রতা, নিয়মানুবর্তিতা, সময়নুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। এই সকলো বোৰ গুণ থকাটো দৰকাৰ। অর্থ্যৎ সফল উদ্যোগী হ’বলৈ হ’লে বনৰজা সিংহৰ দৰে হ’ব লাগিব।

Read Also: দশম শ্ৰেণীৰ অসমীয়া

Class 10 Assamese Chapter 6 Question Answer

প্রশ্ন ৫। “ভাৰতৰ সৰ্বতোকালৰ এজন ব্যবসায়ী ধীৰু ভাই আম্বানীৰ হাতত মূলধনো নাছিল।” মূলধন আৰু শিক্ষাগত অর্হতা নথকাকৈ তেওঁ কেনেকৈ এজন সফল উদ্যোগী হ’ব পাৰিছিল, বর্ণনা কৰা?
উত্তৰ : মেট্ৰিকৰ শিক্ষা সমাপ্ত কৰা ধীৰুভাই প্রথমে পেট্রল ডিপোেত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। কিন্তু উদ্যোগী হৈ নিজক প্রতিষ্ঠা কৰাৰ দুৰ্ব্বাৰ হাবিয়াসৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰিব বাবে সিদ্ধান্ত ল’লে। ‘মন কৰিলে চন, বাকৰি মাটিতে ধন।’ নিজৰ মূল ধন নথকা বাবে তেওঁ আমাৰ অসমীয়াৰ ফকৰা যোজনা “তোমাৰ বাৰীৰো বাঁহ গাজ আনি তাৰে কৰিছোঁ খৰিচা; তোমাতে সলাই ধান দোন লৈছোঁ কথাটো মন কৰিছা” সঠিক ভাবে প্ৰয়োগ কৰিলে।

ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অর্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰ সকলৰ মাজতো বিতৰণ কৰিলে। মূলধনৰ অভাব উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ’ব নোৱাৰে। পেট্রল পাম্পৰ চাকৰি বাদদি মোম্বাইৰ এটা ৩৫০ বৰ্গ ফুটৰ কোঠাৰ পৰা ধীৰু ভাইয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। তাৰ পৰাই তেওঁ “ৰিলায়েঞ্চ কমাৰচিয়েল কর্পোৰেচন” স্থাপন কৰে আৰু পৰবৰ্তী সময়ত ইয়েই বিখ্যাত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ হয়গৈ। ধীৰু ভাই আম্বানীয়ে কৈছিল নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই।

লগতে পঢ়ক:   মই অসমীয়া Class 10 সম্পূৰ্ণ প্ৰশ্ন উত্তৰ দশম শ্ৰেণী

ডাঙৰকৈ ভাবা খৰতকীয়াকৈ ভাবা, আনতকৈ আগতকৈ ভাবা।” উপযুক্ত প্রশিক্ষণ আৰু অভিৰোচনৰ দ্বাৰা উদ্যোগী গঢ়ি তুলিব পাৰি। ইয়াৰ বাবে কেৱল এজন ব্যক্তিৰ থাকিব লাগিব আত্ম বিশ্বাস, ইচ্ছাশক্তি আগ্রহ, দক্ষতা, স্বাধীন চিতিয়া আৰু সৃষ্টিশীল মন। এই সকলো বোৰ গুণ ধীৰু ভাইৰ থকা বাবে তেওঁ এজন সফল উদ্যোগী হৈ নিজকে প্রতিষ্ঠিত কৰিব পাৰিছে।

উদ্যোগী হওঁ আহাঁ Class 10

প্রশ্ন ৬। ভাৱ সম্প্ৰসাৰণ কৰা :.

(ক) যি মুলা বাঢ়ে তাৰ দুপাততে চিন
উত্তৰ : (ক) মূলা এবিধ মানুহৰ পাচলি যুক্ত খাদ্য। গজালি মেলা মূলা পুলি এটা আগলৈ ভাল হ’ব নে নহয়,তাৰ চিন সৰুতে পোৱা যায় । যিটো মুলা পুলি ভাল হ’ব,সি দুপতীয়াতে লহপহকৈ ধুনীয়াকৈ বাঢ়ি আহিব। আৰু যিটো কেৰুলীয়া হ’ব সি দুপতীয়াতে সেমেৰা হ’ব। সেয়ে ভাল বা বেয়াৰ চিন সৰুতে পোৱা যায়। এই কথাষাৰ সকলো ক্ষেত্ৰতে ঘাটে। যিটো ল’বা শৈশবতেই সজ, বুদ্ধি সম্পন্ন আৰু কৰ্মনিপুন হয় সেই জন ল’ৰা ভবিষ্যত জীৱনত অগ্ৰণী আৰু প্ৰতিভাবান হোৱাতো নিশ্চিত।

(খ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে
উত্তৰ : শিয়ালৰ বাবে উৎকৃষ্ট চিকাৰ হ’ল হাঁহ। চিকাৰ কৰিবলৈ হ’লে শিয়ালে চুপ চাপে থাকি হাঁহৰ পিছ লব লাগিব। তেতিয়াহে হাঁহ ধৰিব পাৰিব। যদি এনকুৱা নকৰি শিয়ালে গাতত শুই থাকে তেতিয়া হ’লে হাঁহ ধৰা দূৰৰ কথা খুদ কণ এটাও পেটত নপৰিব। ইয়াৰ দ্বাৰা আমি এইটোৱে বুজিব পাৰো যে কর্ম নকৰিলে একো পোৱা নাযায়? । কৰ্মই হ’ল মানুহৰ উন্নতিৰ সৰ্বস্ব।

Leave a Comment