ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Class 9 Question Answer Assamese

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
শ্ৰেণীনৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ
বিষয়সমাজ বিজ্ঞানৰ ইতিহাস
অধ্যায়/ পাঠপাঠ 2
পাঠ্যক্ৰমছেবা

Dear students, on this page you can find all the questions and answers of Class IX Social Science Chapter II In Assamese Language. These questions and answers will help you get good results in your future exams.

class 9 social science chapter 2 question answer in Assamese

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Class 9 Question Answer

দ্বিতীয় অধ্যায়

অতি চমু / চমু উত্তৰৰ প্রশ্নঃ

১৷ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্রধান) কাৰকটো কি ? সময় উল্লেখ কৰি লিখা।
উঃ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্রধান) কাৰকটো হল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। ইয়াৰ উন্মেষণৰ সময় হ’ল উনবিংশ শতাব্দীৰ পঞ্চম দহকত অর্থাৎ ১৮৫৭ খ্রীষ্টাব্দত।

২। আনন্দমঠ উপন্যাসৰ ৰচিয়তা কোন?
উঃ বঙ্কিমচন্দ্র চট্টোপাধ্যায়।

৩া স্যাৰে জাহাছে অচ্ছা…গীতৰ গীতিকাৰ কোন?
উঃ মহম্মদ ইকবাল।

৪। ভাৰতত পােন  প্রথম ৰেল যাতায়তৰ কেতিয়া সূচনা হয়?
উঃ ১৮৫৩ খ্রীষ্টাব্দত, বােম্বে আৰু থানেৰ মাজত।

৫। ভাৰতত পােন  প্রথম টেলিগ্রাফ ব্যৱস্থাৰ কেতিয়া সূচনা হয়?
উঃ ১৮৩৯ খ্রীষ্টাব্দত।

৬। ভাৰতত পােন প্রথম ছপাশাল কেতিয়া ক’ত স্থাপন হৈছিল?
উঃ ১৭৯৭ চনত, শ্ৰীৰামপুৰত।

 ৭। কলিকতাৰ প্রেছিডেন্সি কলেজ প্রথমে কি নামেৰে ক’ত প্রতিষ্ঠা হৈছিল ?
উত্তৰঃ ১৮১৭ চনত, হিন্দু কলেজ নামেৰে।

৮। লর্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযােগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ লর্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযােগ্য সমাজ সংস্কাৰক কার্য হ’ল–
(ক) সতীদাহ প্রথা আইন প্রক্রিয়াৰে বিলুপ্তি ঘটোৱা
(খ) স্ত্রী শিক্ষা বিস্তাৰ সাধন কৰা।

৯। ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?
উত্তৰঃ বেংগল গেজেট।

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Class 9 Question Answer

১। চিপাহী বিদ্রোহে কেনেকৈ জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।
উত্তৰঃ সম্রাট ঔৰংজেৱৰ মৃত্যুৰ পিছত মােগল সাম্রাজ্যত দেখা দিয়া বিশৃংখলতাৰ সুযােগবুজি ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ক্রমান্বয়ে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল। ব্যৱসায়ৰ কাৰণে ৰাজনৈতিক ক্ষমতা আহৰণ কৰাৰ প্রয়ােজন হাৈৱাত ইষ্ট ইণ্ডিয়া কোম্পানিৰ বিষয়া বার্ট ক্লাইৱে বংগৰ নবাব চিৰাজুদ্দৌলাক পলাচী যুদ্ধত পৰাস্ত কৰি ভাৰতবৰ্ষত ব্রিটিছ শাসনৰ পাতনি মেলিছিল। পলাচী যুদ্ধৰ এশ বছৰৰ পিছত ব্রিটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষত এটা। প্রচণ্ড বিদ্ৰোহৰ সুত্রপাত হৈছিল। এই বিদ্রোহটোৱেইহ’ল ১৮৫৭ খ্রীষ্টাব্দৰ চিপাহী বিদ্রোহ।

১৮৫৭ খ্রীষ্টাব্দৰ চিপাহী বিদ্রোহ আছিল একপ্রকাৰ ৰাজনৈতিক মুক্তি আন্দোলন কাৰণ চিপাহী বিদ্ৰোহৰ যােগেদি বিদ্রোহীসকলে ইংৰাজ শাসন ওফৰাই দেশখনৰ পুনৰ মােগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। বিদ্ৰোহৰ উদ্দেশ্যপূৰণ হােৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰপ্ৰসাৰী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপৰ ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল। ইংৰাজ প্রশাসনে ভাৰতীয়ক পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ লগত পৰিচয় কৰােৱাত ভাৰতীয়ৰ দৃষ্টিভংগীৰ পৰিবৰ্তন হৈছিল। তেওঁলােকৰ মনত নতুন চেতনাৰ উন্মেষ ঘটিছিল। যুক্তিৰ মাজেৰে সকলাে কথা বিবেচনা কৰাৰ প্রতি তেওঁলােকৰ ধাউতি বাঢ়িছিল। শােষণ, অন্যায় আদিৰ দিশ বিলাক বিচাৰ কৰিবলৈ তেওঁলােকে সক্ষমতা লাভ কৰাৰ লগতে সমাজ, জাতি তথা মাতৃভূমিৰ প্রতি দায়বদ্ধতা ভাব জগাই তুলিছিল। এই নৱচেতনাকে নৱ জাগৰণ বা জাতীয়তাবাদৰ উন্মেষণ বুলি আখ্যা দিয়া হয়। যষ্ঠদশ শতিকাৰ ইউৰােপৰ নৱজাগৰণে যেনেকৈ নতুন ইউৰােপৰ জন্ম দিছিল ঠিক একেদৰে উনবিংশ শতিকাৰ নৱজাগৰণে এখন নতুন ভাৰত সৃষ্টি কৰিছিল।

২। উদৰ প্রেৰণ পত্ৰৰ মূল উদ্দেশ্য কি কি আছিল’ লিখা।
উত্তৰঃ “উদৰ প্রেৰণ পত্ৰ’ৰ মূল উদ্দেশ্যসমূহ হ’ল-
(ক) প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্য্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নির্ধাৰণ কৰা।
(খ) নিম্ন পর্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পর্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্রদান নির্দেশনা প্রদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল।
(গ) মেধাবী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰা।
(ঘ) প্রতিখন প্রদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামর্শ দিয়া।

৩। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত মুখ্য ভূমিকা লােৱা ৬ টা কাৰকৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত মুখ্য ভূমিকা লােৱা ৬ টা কাৰক হ’ল—

(ক) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত পাশ্চাত্য শিক্ষাৰ যথেষ্ট প্রভাৱ পৰিছিল। কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্রথম জাতীয় চেতনাৰ বিকাশ ঘটিছিল। ঈশ্বৰচন্দ্র গুপ্তই পােন প্রথমে স্বদেশপ্রেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্রেম জগাই তুলিছিল।

(খ) কোম্পানিৰ শাসন আৰম্ভ হােৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। ১৮৩৯ খ্রীত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্রাংক ৰােড় নির্মাণ কৰি ব্রিটিছসকলে ভাৰতত স্থলপথৰ আমূল পৰিৱৰ্তন সাধন কৰিছিল। ১৮৮৩ খ্রীত অসমতাে শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰে’ল যােগাযােগৰ আৰম্ভণি হয়। এনে যােগাযােগ উন্নতিয়েই ভাৰতীয়সকলৰ মনত জাতীয়তাবাদী ভাবধাৰাৰ উন্মেষণ ঘটাইছিল।

(গ) বংগদেশৰ প্রখ্যাত মনিষী ৰাজা ৰামমােহন ৰায়ে ভাৰতত নৱজাগৰণ ভাব গঢ়ি তুলিছিল। লর্ড উইলিয়াম বেন্টিংকৰ সংস্কাৰকামী উদ্যোগৰ সহায়ত ৰাজা ৰামমােহন রায়ে ভাৰতত ভালেমান কুসংস্কাৰৰ অৱসান ঘটাইছিল। এওঁৱেই আছিল আধুনিক ভাৰতৰ জন্মদাতা।

(ঘ) ৰামকৃষ্ণ মিছন, আর্যসমাজ, প্রার্থনা সমাজ আদি সংস্থা সমূহে ভাৰতত জাতীয়  জাগৰণ গঢ়ি তােলাত মুখ্য ভূমিকা লৈছিল। প্রার্থনা সমাজে সংস্কামুখী আন্দোলনৰ সৃষ্টি কৰিছিল। আনহাতে মিছন প্রতিষ্ঠাৰ দ্বাৰা স্বামী বিবেকানন্দই ভাৰতীয়ৰ মনত স্বদেশপ্রেম, আত্মবিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাবৰ বিকাশ ঘটাইছিল।

(ঙ) ১৮৮৫ খ্রীত ভাৰতীয় জাতীয় কংগ্রেছৰ জন্মৰ লগে লগে ভাৰতীয়। জাতীয়তাবাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহন কৰিছিল।

(চ) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত বাতৰি কাকতৰ ভূমিকা অতি গুৰুত্বপূর্ণ। আঞ্চলিক ভাষাৰ সংবাদ-পত্রই ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ গঢ়ি তােলাত বিশেষ অৰিহণা জগাইছিল। দেশীয় ভাষাৰ কাকতসমূহে সাম্রাজ্যবাদী শাসকৰ কাম-কাজবােৰৰ ওপৰত কটুৰ সমালােচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল।

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস অধ্যায় ২

৪। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্রভাৱৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত পাশ্চাত্য শিক্ষাৰ ৪ টা প্রভাৱ হ’ল—
(ক) ১৮৫৪ খ্রী:ত চালর্চ উডৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হল। উডে তেওঁৰ প্রেৰণ পত্ৰত প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নির্ধাৰণ কৰি নিম্ন পর্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পর্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্রদানৰ নির্দেশনা প্রদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল।

(খ) পাশ্চাত্য শিক্ষাই বংগবাসীক পােন প্রথমে আলােড়িত কৰিছিল। কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰাটো বংগবাসীৰ গৌৰৱৰ বিষয় হৈ পৰিছিল। তেওঁলােকে পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈছিল। ছাে, ভল্টেয়া, বার্ক, মেকলে আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলােকে মনলৈ সন্তুষ্টিৰ ভাব জগাই তুলিছিল। তেওঁলােকৰ মনত একতাৰ ভাব গঢ়ি উঠিছিল।

(গ) কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্রথম জাতীয় চেতনা বিকাশ ঘটিছিল। ইশ্বৰচন্দ্র গুপ্তই পােন প্রথমে স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্রেম জগাই তুলিছিল। আনন্দ মঠ উপন্যাসৰ ৰচয়িতা বংকিমচন্দ্র চট্টোপধ্যায়ে ‘বন্দেমাতৰম’ গীতেৰে মাতৃভূমিক বচোৱাৰ আহ্বান জনাইছিল। কবি ইকবালে ‘স্যাৰে জাহাছে আচ্ছা, হিন্দু-চাতা-হামাৰা আদি গীতেৰে জাতীয়তাবাদৰ স্পৃহা জাগ্রত কৰিছিল।

লগতে পঢ়ক:   ভূ পৃষ্ঠৰ পৰিৱৰ্তন Class 9 (ভূগোল) প্ৰশ্ন উত্তৰ নৱম শ্ৰেণীৰ

(ঘ) উনবিংশ শতিকাৰ প্রথমার্ধত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয়। প্রথমে বংগদেশত আৰু পিছলৈ ভাৰতৰ আন আন ঠাইসমূহত আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন অনুষ্ঠান গঢ়ি উঠে। একে সময়তে ব্রিটিছ চৰকাৰেও আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছিল। ১৮৩৫ খ্রীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল পৰিষদ আইনৰ সদস্য তথা শিক্ষা সমিতিৰ সভাপতি লর্ড মেকলেই ইংৰাজী ভাষাৰ মাধ্যমেৰে পশ্চিমীয়া শিক্ষা ব্যৱস্থা প্রৱর্তনৰ পৰামৰ্শ আগ বঢ়াইছিল। এই পৰামৰ্শৰ ভিত্তিত ১৮৪৪ খ্রীষ্টাব্দৰ পৰা কোম্পানি চৰকাৰে আধুনিক শিক্ষা প্রবর্তনৰ যাে-জা চলাইছিল।

৫। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা।
উত্তৰঃ কোম্পানিৰ শাসন আৰম্ভ হােৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱর্তন সাধন হয়। ভাৰতবৰ্ষৰ কেঁচা সামগ্রী ক্রয় কৰিবলৈ আৰু ইংলেণ্ডত প্রস্তুত কৰা শিল্পজাত সামগ্রী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়াত ব্যৱস্থা উন্নত কৰা হৈছিল। ১৮৩৯ খ্রী.ত কলিকতাৰ পৰা দিল্লীলৈ গ্লেণ্ড ট্রাংক ৰােড নির্মাণ কৰিছিল। দুটা বছৰৰভিতৰতে এই পথছােৱাৰ নির্মাণ সম্পূর্ণ হােৱাৰ লগে লগে ভাৰতৰ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱর্তন হয়। লর্ড ডেলহাউচিৰ কার্যকালত এই পথটো পেচোৱাৰলৈকে সম্প্রসাৰিত হৈছিল।

১৮৩২ খ্রীত ইংলেণ্ডৰ আৰ্হিত ভাৰতবৰ্যতাে ভাপ কলেৰে ৰেল যােগাযােগ আৰম্ভ কৰাৰ প্ৰস্তাৱ লােৱা হৈছিল। ১৮৫৩ খ্রী,ত বােম্বাই আৰু থানেৰ মাজত ২১ কি.মি. পথত ৰেল চলাচলেৰে ভাৰতবৰ্ষত প্রথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়। ১৮৫৪ খ্রীত মাদ্রাজত ৰেলপথ নির্মাণ কৰে। ১৮৮৩ খ্রী. অসমতে শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যােগাযোেগ আৰম্ভ হয়। অসমত চাহপাত উৎপন্ন আৰু ব্যৱসায় সম্প্রসাৰণৰ বাবে এই ৰেলপথটো নিৰ্মাণ কৰা হয়।

ৰেলপথৰ উপৰি দেশৰ মটৰ-গাড়ী চলাচল কৰিবৰ বাবে’লর্ড ডেলহাউচিয়ে ৰাস্তা- ঘাটৰে নিৰ্মাণ কৰিছিল। ১৮৫৪ চনত তেওঁ কেন্দ্রীয় চৰকাৰৰ অধীনত কেন্দ্রীয় গড়কাপ্তানী বিভাগ এটা খুলিছিল। এই বিভাগটোৱে ৰাস্তা, দলং আৰু খাল আদি নির্মাণ কৰি যাতায়াত, পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ উন্নতি সাধন কৰিছিল।

১৮৩৯ খ্রী:ত কলিকতা আৰু ডায়মণ্ড হাবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্রথম টেলিগ্রাফ লাইনৰ ব্যৱস্থা প্রবর্তন হয়। লর্ড ডেলহাউচিয়ে ১৮৫১ খ্রীত টেলিগ্রাফ ব্যৱস্থাটো চৰকাৰী নিয়ন্ত্রণলৈ আনি কলিকতা আৰু আগ্ৰাৰ মাজত টেলিগ্রাফ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাইছিল। আধুনিক যােগাযােগ ব্যৱস্থাই শিক্ষিত ভাৰতীয়ৰ মনৰ দিগন্ত প্রসাৰ কৰিছিল।

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Class 9 Question Answer

৬৷ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত ৰাজা ৰামমােহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্রথমগৰাকী ব্যক্তিৰ নাম হৈছে ৰাজা ৰামমােহন ৰায়। বংগদেশৰ বর্ধমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালত জন্মগ্রহণ কৰা এইগৰাকী ব্যক্তিয়ে ধর্ম, সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলাে দিশতে নৱজাগৰণৰ ভাব কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা পালন কৰিছিল।

প্রাচীন ভাৰতীয় সংস্কৃতি, ইছলাম ধৰ্মীয় সংস্কৃতি আৰু পাশ্চাত্য (ইউৰােপীয়) এই তিনিওটা সভ্যতাৰ লগত চিনাকি হােৱাৰ যােগ্যতা আহৰণ কৰি ভাৰতবৰ্ষত নৱযুগৰ সূচনা কৰিছিল। হিন্দু ধর্মক সজীৱ আৰু নিকা ৰূপ দিয়াৰ উদ্দেশ্যে তেওঁ প্রাচীন ধর্মীয় গ্রন্থসমূহ গভীৰভাৱে অধ্যয়ন কৰিছিল। ভাৰতীয় প্রাচীন উপনিষদসমূহ মাতৃভাষালৈ অনুবাদ কৰি হিন্দু ধৰ্মৰ সহজ-সৰল বিশ্লেষণ জনসাধাৰণৰ মাজত দাঙি ধৰিছিল। এই কামৰ যােগেদি তেওঁ বঙলা ভাষা-সাহিত্যৰ উন্নতি সাধন কৰাৰ লগতে গােড়া-ৰক্ষণশীল হিন্দু পুৰােহিত শ্ৰেণীয়ে ধৰ্মৰ নামত চলাই অহা কু-সংস্কাৰবিলাক প্রকাশ কৰি জনমানসত প্রবল আলােড়ন সৃষ্টি কৰিছিল।

হিন্দু ধৰ্মৰ মূল গ্রন্থ বেদ আৰু উপনিষদৰ ওপৰত গভীৰ বিশ্লেষণ আগবঢ়াই তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে প্রাচীন হিন্দুসকলেও একেশ্বৰবাদ বিশ্বাস কৰিছিল। তেওঁ বহু দেৱ-দেৱীৰ পূজা অপ্রয়ােজন বুলি কোৱাৰ লগতে মূর্তিপূজাৰ অসাৰতাৰ বিষয়ে হিন্দু সমাজক বুজাইছিল। ৰামমােহন ৰায়ৰ মতে ঈশ্বৰ এজন আৰু ঈশ্বৰৰ কোনাে ৰূপ বা আকাৰ নাই। ঈশ্বৰ পূজাৰ নামত আড়ম্বৰতা অর্থহীন। ৰাজা ৰামমােহন ৰায় এজন বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি আছিল। হিন্দু ধৰ্মৰ সংস্কাৰৰ মাজে মাজে তেওঁ সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰতাে সমানেই গুৰুত্ব দিছিল। তেওঁ বাল্য বিবাহ, পর্দা প্রথা, বহু বিবাহ আদিৰ তীব্র বিৰােধিতা কৰিছিল। বিধৱা বিবাহ আৰু অসবর্ণ বিবাহক সামাজিকভাৱে স্বীকৃতি দিয়াইছিল। ভাৰতবৰ্ষত প্রচলিত সতীদাহ প্রথা সম্পূর্ণ বন্ধ কৰাৰ ক্ষেত্ৰত ৰায়ৰ বলিষ্ঠ ভূমিকা সামাজিক বুৰঞ্জীৰ এটা উল্লেখযােগ্য ঘটনা। একমাত্র ৰায়ৰ সহযােগতেই গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিংকে এই কু-প্রথা সমূহ আইনী প্রক্রিয়াৰে অন্ত পেলাবলৈ সক্ষম হৈছিল।

ৰায়ে ভাৰতবৰ্ষত উদাৰনৈতিক শাসন প্রৱর্তনৰ কাৰণে কোম্পানিৰ চৰকাৰক আহ্বান জনাইছিল। কটকটীয়া শাসনৰ অৱসান ঘটাবলৈ তেওঁ কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ বিচৰাৰ লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰক আবেদন জনাইছিল। বর্ধিত ভূমি কৰ উঠাই দি খেতিয়কৰ আর্থিক অৱস্থা উন্নত কৰিবলৈ আহ্বান জনাইছিল। ১৮৩৩ খ্রীষ্টাব্দত তেওঁ ব্রিটিছ হাউছ অব কমন্সত বাছনি কমিটীৰ সভাত ভাৰতীয়ৰ হকে সাক্ষ্য দিবলৈ লণ্ডনত উপস্থিত হৈছিল। তেওঁ ভাৰতীয়ৰ বাবে নতুন চনদ বিচাৰিছিল আৰু ভাৰতীয় নেতাৰ লগত আলােচনা কৰি চনদ ৰূপায়ণৰ পৰামৰ্শ আগবঢ়াইছিল। ৰায়ে এচাম প্রতিভাশালী জাতীয় নেতাক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল। তেওঁলােকৰ ভিতৰত দ্বাৰকানাথ ঠাকুৰ, প্রসন্ন কুমাৰ ঠাকুৰ, হেনৰি ভিভিয়ান ডেৰজিয় আদি। ৰাজা ৰামমােহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা। আধুনিকতাৰ পৰশ তেওঁ সকলাে ক্ষেত্রলৈ সমানে ছটিয়াই দিব পাৰিছিল।

৭| ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত দয়ানন্দ সৰস্বতীৰ অৱদান লেখত লবলগীয়া। সংস্কৃত ভাষাৰ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত আর্য সমাজ প্রতিষ্ঠা কৰিছিল। আর্য সমাজেও এক ঈশ্বৰক বিশ্বাস কৰি দেৱ-দেৱীৰ উপাসনা আৰু মূর্তি পূজাৰ অসাৰতা জনগণৰ মাজত প্ৰচাৰ কৰিছিল। আর্য সমাজে ধর্মীয় উপাসনাৰ নামত বাহ্যিকতাক সমর্থন কৰা নাছিল। আর্য সমাজে হিন্দু সমাজৰ বাল্য বিবাহ, জাতি-ভেদ, বহু বিবাহক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল। বিধবা বিবাহ, স্ত্রী-শিক্ষা বিস্তাৰৰ বাবে আর্য সমাজে আগভাগ লৈছিল।

স্বামী দয়ানন্দৰ মতে বেদত যি ধর্ম আছে সেয়াই ধর্ম। বেদলৈ উভতি যাবা এই বাণী তেওঁ প্ৰচাৰ কৰিছিল। আর্য সমাজে ধর্মান্তৰকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ইয়াক ‘শুদ্ধি’ বুলি জনা যায়। হিন্দু ধর্মত আগতে অহিন্দু লােকক হিন্দু ধৰ্মত দীক্ষা দিয়াৰ কোনাে প্রথা বা নিয়ম নাছিল। স্বামী দয়ানন্দই প্রথম ধর্মান্তৰকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধর্মীয় লােকক ইচ্ছা অনুসাৰে হিন্দু ধর্ম গ্রহণত অনুমতি প্রদান কৰিছিল। ইছলাম আৰু খ্রষ্টান ধর্মৰ অগ্রগতি ৰােধ কৰি এখন প্রগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্রণী ভূমিকা লৈছিল স্বামী দয়ানন্দ সৰস্বতীয়ে। তেওঁ আর্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰি ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল।

Class 9 Social Science History Chapter 2 Question Answer in Assamese

 ৮ | ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত কেশৱ চন্দ্র সেনৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত কেশৱ চন্দ্র সেনৰ অৱদান উল্লেখনীয়। কেশৱ চন্দ্র সেনে ব্রাহ্ম সমাজৰ আহিত মহাৰাষ্ট্ৰত ১৮৬৭ খ্রীষ্টাব্দত প্রার্থনা সমাজ প্রতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। প্রার্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল। সমগ্র দক্ষিণ ভাৰতত এই অনুষ্ঠানে সংস্কাৰমুখী এটা প্রবল আলােড়ন সৃষ্টি কৰিব পাৰিছিল।

প্রার্থনা সমাজৰ মুল নেতৃত্ব গ্রহণ কৰিছিল জাষ্টিছ মহাদেৱ গােবিন্দ ৰাণাডে। ৰাণাডেৰ একান্ত চেষ্টাত ‘বিধৱা বিবাহ সংস্থা আৰু ‘দাক্ষিণাত্য শিক্ষা সমাজ’ নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি উঠিছিল। প্রথমটো অনুষ্ঠানৰ যােগেদি বিধৱা বিবাহৰ প্রতি উৎসাহ যােগােৱাৰ লগতে অনাদৃত বিধৱাসকলৰ আর্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল।

লগতে পঢ়ক:   বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ – Class 9 Geography Chapter 2 In Assamese

দ্বিতীয়তে, দাক্ষিণাত্য শিক্ষা সমাজে অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলােকৰ লালন-পালনৰ কাৰণে বিভিন্ন ঠাইত আশ্রম স্থাপন কৰিছিল। নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰিছিল। প্রার্থনা সমাজৰ সংস্কাৰ আন্দোলনে সমগ্র দক্ষিণ ভাৰতৰ জনতাৰ অন্তৰত জাতীয়তাবাদী ভাবধাৰাৰ গভীৰ প্রেৰণা সঞ্চাৰ কৰিছিল।

 ৯। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ ৰামকৃষ্ণ পৰমহংস মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছ গঢ়ি উঠিছিল। ৰামকৃষ্ণ পৰমহংস এগৰাকী সহজ-সৰল ব্যক্তি আছিল। অতি সুন্দৰ উপমাৰে তেওঁ ধৰ্মৰ বিশ্লেষণ আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল। ৰামকৃষ্ণ মিছৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। কলিকতা বিশ্ববিদ্যালয়ৰ কৃতী ছাত্র বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্রতি আকর্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্রহণ কৰিছিল৷ গুৰুৰ মৃত্যুৰ পিছত তেওঁ ১৮৮৭ খ্রীত এটা মঠ প্রতিষ্ঠা কৰিছিল। স্বামী বিবেকানন্দই হিন্দু ধর্ম প্রকৃত সত্য দেশে-বিদেশে বিস্তাৰ কৰিছিল। তেওঁৰ ধৰ্ম সাধনাৰ বিশেষত্ব আছিল—
(ক) ভাৰতীয়ৰ মনত স্বদেশপ্রেম সঞ্চাৰ কৰা,
(খ) ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তােলা আৰু
(গ) ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাবৰ বিকাশ ঘটোৱা।
স্বামী বিবেকানন্দই ভাৰতীয়ৰ মাজত ঐক্য-সম্প্রীতি ভাব গঢ়ি তুলিব বিচাৰিছিল। তেওঁৰ উদ্দেশ্য আছিল বিশ্ব দৰবাৰত এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তােলা।

১০| ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত এনি বেছান্টৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ১৮৭৫ খ্রী.ত আমেৰিকাৰ নিউয়র্ক চহৰত এটা আন্তঃৰাষ্ট্রীয় অনুষ্ঠান প্রতিষ্ঠা কৰা হয় । এই অনুষ্ঠানটোৰ নাম ‘ থিয়’ছফিকেল ছ’চাইটি”। এই অনুষ্ঠানটোৰ শাখা কার্যালয় ১৮৮৫ খ্রী,ত মাদ্রাজত মুকলি কৰা হয়। মাদ্রাজক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত থিয় ছফিকেল ছ’চাইটিক জনপ্রিয় কৰি তােলাৰ মূলতে আছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছান্টৰ বিশেষ ভূমিকা।

থিয় ছফিকেল ছচাইটিৰ সদস্য এনি বেছান্টে ১৮৯৩ খ্রীত এই ছ’চাইটিৰ কামত মাদ্রাজত উপস্থিত হৈছিল। এনিবেছান্টে সমাজ সেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত মনােনিবেশ কৰিছিল। ভাৰতীয় আধ্যাত্মিকতাক প্রাধান্য দি তেওঁ কেইবাখনাে আদর্শ শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰিছিল। ১৮৯৮ খ্রীত বাৰাণসীত এনি বেছান্টে প্রতিষ্ঠা কৰা ‘চেস্ট্রেল হিন্দু স্কুল’ খনেই ১৯১৬ খ্রী.ত মদন মােহন মালব্যৰ পৃষ্ঠপােষকতাত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয়। মিছেছ এনিবেছান্টে ভাৰতবৰ্ষক মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। তেওঁ কর্মস্পৃহা আৰু চিন্তাৰ বিশালতাই ভাৰতীয়ক অনুপ্ৰেৰণা যােগাইছিল। ১৯১৬ খ্রীত বেছান্টে ‘হােমরুল লীগ প্রতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্ব-শাসনৰ প্ৰয়ােজনীয়তা প্রচাৰ কৰিছিল। এনেকৈয়ে এনি বেছান্টে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত যথেষ্ট সহায় কৰিছিল।

১১। আলিগড় আন্দোলন কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল লিখা।

উত্তৰঃ ভাৰতীয় মুছলমান সমাজক আলীগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলােকৰ মাজত জাতীয়তাবাদী ভাব চিন্তাৰ সঞ্চাৰ কৰাটোকে আলীগড় আন্দোলন বুলি কোৱা হয়। মুছলমানসকলক আধুনিক চিন্তা-চৰ্চ্চাৰে পুনৰুজ্জীৱিত কৰি পথ দেখুৱাই নিয়াৰ ক্ষেত্ৰত ছৈয়দ আহমদ খানৰ অৱদান উল্লেখনীয়। তেওঁ মুছলমানসকলক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তােলাৰ বাবে ১৮৬৪ খ্রী:ত গাজীপুৰত এখন ইংৰাজী আদর্শ বিদ্যালয় স্থাপন কৰে।

১৮৬৫ খ্রী,ত বিজ্ঞান সমিতি নামৰ এটা সামাজিক অনুষ্ঠান স্থাপন কৰি তেওঁ ইংৰাজী ভাষাৰ কেইখনমান গ্রন্থ উর্দু ভাষালৈ অনুবাদ কৰে। ১৮৭৫ খ্রী:ত তেওঁ আলীগড় মহম্মদান এংলাে ইণ্ডিয়ান কলেজ প্রতিষ্ঠা কৰে। ছৈয়দ আহমদ খানে ১৮৭৫ খ্রী. আলিগড়ত স্থাপন কৰা শিক্ষানুষ্ঠানটোৰ যােগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটাইছিল। জাতীয় কংগ্ৰেছ প্রতিষ্ঠাৰ পিছত কংগ্ৰেছৰ দৰে আন এটা জাতীয় অনুষ্ঠান গঢ়ি তােলাৰ বাবে “আলীগড় মহম্মদ এংলাে ইণ্ডিয়ান” কলেজে বিশেষ বৰঙণি আগবঢ়াইছিল। এই ক্ষেত্ৰত সেই কলেজখনৰ অধ্যক্ষ থিওডােৰ বেগে বিশেষ আগভাগ লৈছিল। এই অনুষ্ঠানবােৰৰ যােগেদি ভাৰতীয় মুছলমানসকলৰ পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ বাট মুকলি হৈছিল। অনুষ্ঠানটোত শিক্ষা লাভ কৰা এচাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজত নেতৃত্ব গ্রহণ কৰি সমাজক বহু পৰিমাণে কু-সংস্কাৰৰ পৰা মুক্ত কৰিব পাৰিছিল। ১৯২০ খ্রীত ‘আলীগড় মহম্মদ এংলাে ইণ্ডিয়ান’ কলেজখন ‘আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পৰিণত হৈছিল।

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

১৩। বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উন্মেষ ঘটাইছিল বর্ণনা কৰা।
উত্তৰঃ  ভাৰতত বাতৰি কাকতৰ পৰম্পৰাৰ ইতিহাস আৰম্ভ হয় জেমচ আগষ্টাছ হিকি নামৰ এজন ইংৰাজ লােকৰ দ্বাৰা। তেওঁ পােন প্ৰথমতে ১৭৮০ চনত কলিকতাত বেংগল গেজেট নামৰ এখন বাতৰি কাকত প্রকাশ কৰে। এই কাকতখন ইংৰাজী ভাষাত প্ৰকাশ পাইছিল। ইয়াৰ পিছত তিনিটা দহক জুৰি ভাৰতত ইংৰাজী ভাষাৰ বাতৰি কাকতে প্রাধান্য বিস্তাৰ কৰি থাকে যদিও লাহে লাহে ভাৰতীয় ভাষাতাে বাতৰি কাকত প্রকাশ হ’বলৈ ধৰে। বাতৰি কাকতসমূহে ভাৰতীয়সকলৰ মাজত জাতীয় ভাৱধাৰাৰ উন্মেষ ঘটোৱাৰ লগতে স্বদেশী চিন্তা চর্চা, স্বাধীনতাৰ শ্লোগান, জাতীয় চিন্তা, স্বদেশী কলা-সংস্কৃতিৰ প্ৰতি ভাৰতীয়সকলৰ মাজত এক জাগৰণ আনিবলৈ সক্ষম হয়। স্বদেশী বাতৰি কাকতসমূহৰ প্ৰভাৱ জনসাধাৰণৰ মাজত ইমানেই প্রৱল আছিল যে ইংৰাজ চৰকাৰ শংকিত হৈ বাতৰি কাকতৰ ওপৰত নিষেধাজ্ঞা বা নিয়ন্ত্রণ আৰােপ কৰিবলৈ লয়।

দেশীয় বাতৰি কাকতসমূহে ইংৰাজসকলৰ সাম্রাজ্যবাদী কাম-কাজবােৰ কটু আৰু চোকা ভাষাৰে সমালােচনা কৰিবলৈ লয়। ফলত জনসাধাৰণ ইংৰাজসকলৰ শাসনৰ বিৰুদ্ধে মুখৰিত হৈ উঠে। বিশেষকৈ বঙালী আৰু উর্দু বাতৰি কাকত যেনেঃ বংগ দর্শন, আর্য দর্শন, সঞ্জীৱনী, অমৃত বাজাৰ পত্রিকা, আল হিলাল আদিকাকতসমূহে দেশবাসীক জাতীয় ভাৱধাৰাৰ লগতে ইংৰাজ শাসনৰ বিৰুদ্ধে প্রৱল জনমত গঠনত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল।

১৪। ভাৰতীয় জাতীয় কংগ্ৰেহুৰ জন্মৰইতিহাস সম্পর্কে এটি চমু টোকা লিখা।
উঃ ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্রেছ’ নামৰ এক ৰাজনৈতিক সংগঠনৰ জন্ম হয়। ইয়াৰ উদ্যোক্তা আছিল এলান অকটোভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত ইংৰাজ অসামৰিক বিষয়। এই জাতীয় সংগঠনৰ সৃষ্টিৰ এক ইতিহাস আছে। এজন ইংৰাজ ব্যক্তি হৈয়াে মিষ্টাৰ হিউম ভাৰতীয়সকলৰ কল্যাণৰ হকে মাত মাতিছিল। তেওঁ ভাৰতীয়সকলৰ স্বাৰ্থত ১৮৮৩ চনত কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰসকলক উদ্দেশ্যি এখন মুকলি চিঠিৰে দেশমাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। তেওঁ প্ৰয় ৫০ জন ছাত্ৰৰ সঁহাৰিত কলিকতাত এখন বৈঠক অনুষ্ঠিত কৰিছিল। সেই বৈঠকত জাতীয় স্বার্থত এটা সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তােলাৰ পােষকতা কৰিছিল। এই বৈঠকত জাতীয় অনুষ্ঠান জন্ম দিয়াৰ উদ্দেশ্যে বােম্বেত এখন মহাসভাৰ আয়ােজন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

ইয়াৰ পিছত ১৮৮৫ চনৰ ২৮ ডিচেম্বৰত বােম্বাই গকুলদাস তেজপাল সংস্কৃত কলেজত কলিকতা বিশ্ববিদ্যালয়ত অনুষ্ঠি হােৱা বৈঠকত লােৱা প্ৰস্তাৱ অনুসৰি এখন মহাসভা অনুষ্ঠিত হয়। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ৭২ জন প্রতিনিধিয়ে মহাসভাত যােগদান কৰিছিল।কলিকতাৰ বেৰিষ্টাৰ উমেশচন্দ্র বন্দোপাধ্যায়ক সভাখনৰ সভাপতি নির্বাচন কৰা হৈছিল। সেই মহাসভাত ভাৰতীয়সকলৰ জাতীয় স্বার্থত এখন সৰ্বভাৰতীয় অনুষ্ঠানৰ জন্ম দিয়ে আৰু ইয়াৰ নাম ৰাখে ভাৰতীয় জাতীয় কংগ্রেছ। এনেদৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়। পিছলৈ এই ভাৰতীয় জাতীয় কংগ্ৰেছেই ভাৰতৰ স্বাধীনতা সংগ্ৰামত মুখ্য ভূমিকা গ্রহণ কৰিছিল।

১৫। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কার্যাৱলী আৰু বিকাশ সম্পর্কে চমুকৈ লিখা।

উঃ ১৮৮৫ চনত প্রতিষ্ঠা লাভ কৰা ভাৰতীয় জাতীয় কংগ্রেছ আছিল ভাৰতবৰ্ষত প্রথম সর্বভাৰতীয় অনুষ্ঠান। এই অনুষ্ঠানখনে ইয়াৰ জন্ম লগ্নৰ পৰাই বৃহৎ ভাৰতীয় জাতিৰ হকে সমাজিক আৰু ৰাজনৈতিক দিশত এক গুৰত্বপূর্ণ ভূমিকা গ্রহণ কৰে। এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল ইংৰাজ শাসনৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰা আৰু ভাৰতীয়সকলক জাতি- বর্ণ নির্বিশেষে ঐক্যবদ্ধ কৰি ভাৰতবৰ্ষক ইংৰাজসকলৰ কৱলৰ পৰা মুক্ত কৰা।

১৮৯০ চনত ৰাজনৈতিকভাৱে কিছু সুবিধা আদায়ৰ উদ্দেশ্যে ভাৰতীয় জাতীয় কংগ্ৰেছে সুৰেন্দ্রনাথ বন্দোপাধ্যায়ৰ নেতৃত্বত এটা সজাতি দল ইংলণ্ডলৈ পঠায়। কিন্তু সেইদলটোয়ে কোনাে ৰাজনৈতিক সুবিধাৰ প্রতিশ্রুতি আদায় কৰিব নােৱাৰি নিৰাশ হৈ উভতি আহে। ইয়াৰ পিছত ১৮৯২ চনত ভাৰত পৰিষদ আইনে ভাৰতবাসীক ৰাজনৈতিকভাৱে একো দিব নােৱাৰাত কংগ্রেছ। কর্মীসকল হতাশ হৈ পৰে আৰু সিহঁতে ইংৰাজসকলৰ পৰা শান্তিপূর্ণ উপায়ে একো আদায় কৰিব নােৱাৰে বুলি কংগ্ৰেছৰ কিছুমান কর্মীয়ে ব্রিটিছৰ বিৰুদ্ধে সশস্ত্র পন্থা অৱলম্বন কৰাৰ পােষকতা কৰে।

লগতে পঢ়ক:   ভাৰতৰ ৰাজনৈতিক দল Class 9 প্ৰশ্ন উত্তৰ (ৰাজনৈতি বিজ্ঞান)

১৯০৫ চনত কংগ্ৰেছৰ বাৰানসী অধিবেশনত কংগ্ৰেছৰ সভাপতি গােপাল কৃষ্ণ গােখলেই নৰম সুৰত ভাষণ দিয়াত কিছুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে সমালােচনা কৰি ইংৰাজৰ বিৰুদ্ধে কঠোৰ কাৰ্য পন্থা গ্ৰহণ কৰিবলৈ মত পােষণ কৰে। ফলত কংগ্ৰেছৰ ভিতৰ চৰাত দুটা ভাগৰ সৃষ্টি হয়। ১৯০৭ চনৰ ৰাসবিহাৰী ঘােযৰ সভাপতিত্বত চুৰাটত। অনুষ্ঠিত হােৱা কংগ্ৰেছ অধিবেশনত প্রকাশ্যভাৱে কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হয়। এটা নৰমপন্থী আৰু আনটো চৰমপন্থী। চৰমপন্থীসকলৰ শিবিত আছিল বাল গংগাধৰ তিলক, লালা লাজপট ৰয়, বিপিন চন্দ্র পাল আৰু সিহঁতৰ সমর্থকসকল। ১৯১৬ চনলৈকে চমপন্থীসকল মূল কংগ্রেছৰ পৰা আঁতৰি আছিল। এনেদৰেভাৰতীয় জাতীয় কংগ্ৰেছেবিকাশ লাভ কৰিছিল।

Also Read; Class 9 Social Science History Chapter 1

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

অতিৰিক্ত অতি চমু প্রশ্নোত্তৰ

১। কোনে পােন প্রথমে স্বদেশপ্রেম কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্রেম জগাই তুলিছিল?
উত্তৰঃ ঈশচন্দ্র গুপ্তই।

২। ‘বন্দে মাতম’ কোনখন উপন্যাসৰ পৰা লােৱা হৈছে?
উত্তৰঃ “আনন্দ মঠ’।

৩। কলিকতাৰ পৰা দিল্লীলৈ গ্রেট্রাংক বােড কেতিয়া নির্মাণ কৰা হৈছিল ?
উত্তৰঃ ১৮৩৯ খ্রীত।

৪। কিমান খ্রীত মাদ্রাজত ৰেলপথ নিমার্ণৰ কাম আৰম্ভ কৰিছিল ?
উত্তৰঃ ১৮৫৪ খ্রী,ত।।

প্রশ্ন ৫। অসমত ৰে’ল যােগাযােগ ব্যবস্থা কেতিয়াৰ পৰা হয় ?
উত্তৰঃ ১৮৮৩ খ্র.ত অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰে’ল যােগাযােগ আৰম্ভ হয়।

৬। কিমান খ্রী. ত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্রথমটো টেলিগ্রাফ ব্যবস্থা বহুৱা হৈছিল ?
উত্তৰঃ ১৮৩৯ খ্রীত।

৭৷ কোনে আৰু কেতিয়া টেলিগ্রাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্রণলৈ আনিছিল?
উত্তৰঃ লর্ড ডেলহাউচিয়ে ১৮৫১ খ্রীত।

৮৷ ভাৰতীয় সমাজলৈ নবচেতনা বােৱাই অনা প্রথম ব্যক্তিজন কোন?
উত্তৰ : ৰাজা ৰামমােহন ৰায়।

৯। ব্রাহ্ম সমাজ প্রতিষ্ঠাতা কোন?
উত্তৰ ৰাজা ৰামমােহন ৰায়।

১০। কিমান খ্রীত ‘ব্রাহ্ম সভা’ নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল? এই সভাই পিছলৈ কি নামেৰে বিখ্যাত হৈ পৰে?
উত্তৰ : ১৮২৮ ‘ব্রাহ্ম সভা’নামৰ এটা অনুষ্ঠান ৰাজা ৰামমােহন ৰায়ে স্থাপন কৰিছিল। এই ব্রাহ্ম সভাই’ পিছলৈ ব্রাহ্ম সমাজ’ নামেৰে বিখ্যাত হৈ পৰে।

১১। সতীদাহ প্রথা কোনে নিষিদ্ধ ঘােষণা কৰিছিল ?
উত্তৰঃ ৰাজা ৰামমােহন ৰায়ৰ সহযােগত গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিংকে। সতীদাহ প্রথা নিষিদ্ধ বুলি ঘােষণা কৰিছিল।

১২। কিমান চনত আৰু ক’ত হিন্দু কলেজ প্রতিষ্ঠা কৰিছিল?
উত্তৰ: ১৮১৭ খ্রী.ত কলিকতাত।

১৩। প্রেছিডেন্সি কলেজৰ আগৰ নাম কি আছিল ?
উত্তৰঃ হিন্দু কলেজ।

১৪। আধুনিক ভাৰতৰ জন্মদাতা কোন?
উত্তৰ : ৰাজা ৰামমােহন ৰায়।

১৫। কাক প্রথমগৰাকী জাতীয়তাবাদী বুলি কোৱা হয়?
উত্তৰঃ হেনৰি ভিভিয়ান ডেৰজিয়ক।

১৬। আর্য সমাজৰ ধৰ্মান্তৰকৰণ ব্যৱস্থাটোৰ নাম কি?
উত্তৰঃ ‘শুদ্ধি কৰণ।

১৭। কোনে ‘শুদ্ধি কৰণ ব্যৱস্থাটো প্রচলন কৰিছিল ?
উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতীয়ে।

১৮। প্রার্থনা সমাজৰ নেতৃত্ব কোনে বহন কৰিছিল ?
উত্তৰঃ জাষ্টিছ মহাদেব গােবিন্দ ৰাণাড়ে।

১৯। কি কাৰণে “নৈশ বিদ্যালয় স্থাপন কৰা হৈছিল ?
উত্তৰ: নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা

২০ কাৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল ?
উত্তৰঃ ৰামকৃষ্ণ পৰমহংস মতবাদক।

২১। ৰামকৃষ্ণ মিছনৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰঃ স্বামী বিবেকানন্দ।

২২। স্বামী বিবেকানন্দৰ প্রকৃত নাম কি আছিল?
উত্তৰ: নৰেন্দ্ৰ নাথ বিশ্বনাথ দত্ত।

প্রশ্ন ২৩। কিমান চনত আৰু ক’ত স্বামী বিবেকানন্দৰ জন্ম হৈছিল ?
উত্তৰ :১৮৬৩ চনৰ ১২ জানুৱাৰী তাৰিখে কলিকতা চহৰত।

২৪। স্বামী বিবেকানন্দৰ মৃত্যু চনটো লিখা।
উত্তৰঃ ৪ জুলাই ১৯০২, কলিকতাত ।

২৫। আমেৰিকাৰ চিকাগাে চহৰত অনুষ্ঠিত বিশ্ব ধর্মসমাজত কোনে তেজস্বী ভাষণ দিছিল?
উত্তৰ ১৮৯৩ খ্রী.ত স্বামী বিবেকানন্দই।

২৬। এনি বেছান্ট কোন দেশৰ মহিলা আছিল?
উত্তৰ: আয়াৰলেণ্ডৰ।

২৭। এনি বেছান্টে প্রতিষ্ঠা কৰা স্কুলখনৰ নাম কি ?
উত্তৰঃ ১৮১৮ খ্রীত বানসীত এনি বেছান্টে প্রতিষ্ঠা কৰা স্কুলখনৰ নাম হ’ল— চেস্ট্রেল হিন্দু স্কুল।

২৮। চেট্লে হিন্দু কলেজখন পিছলৈ কি নামেৰে পৰিচিত হয়?
উত্তৰঃ ১৯১৬ খ্রী:ত মদন মােহন মালব্যৰ পৃষ্ঠপােষকতাত বেনাৰচত হিন্দু বিশ্ববিদ্যালয় নামে পৰিচিত হয়।

২৯। “হােম ৰুল লীগ” কোনে কেতিয়া প্রতিষ্ঠা কৰিছিল?
উত্তৰ : ১৯১৬ খ্রী.ত এনি বেছান্টে হােম ৰুল লীগ প্রতিষ্ঠা কৰিছিল।

৩০৷ ভাৰতৰ জাতীয় কংগ্রেছৰ প্রথম মহিলা সভাপতি কোন আছিল ?
উত্তৰ এনি বেছান্ট, ১৯১৭ চনত।

৩১। আলিগড় মহমেদান এংলাে ইণ্ডিয়ান কলেজ কোনে আৰু কেতিয়া প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ১৮৭৫ খ্রী.ত ছাৰ ছৈয়দ আহমদ খানে আলিগড় মহম্মদান এংলাে ইণ্ডিয়ান কলেজখন প্রতিষ্ঠা কৰিছিল।

৩২। “আলিগড় মহম্মদান এংলাে ইণ্ডিয়ান কলেজ”খন পিছলৈ কি নামেৰে পৰিচিত হয় ?
উত্তৰ : ১৯২০ খ্রীত এই কলেজখন, “আলিগড় মুছলিম বিশ্ববিদ্যালয়” নামেৰে পৰিচিত হয়।

৩৩। বেংগল গেজেট’ কাৰ প্ৰচেষ্টাত প্রকাশিত হৈছিল?
উত্তৰঃ ১৭৮০ খ্রী:ত জেমছ আগষ্টাচ হিক্কিৰ দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাত সংবাদ- পত্র ‘বেংগল গেজেট প্রকাশিত হৈছিল।

৩৪। কোনখন আইনৰ যােগেদি বাতৰি কাকতৰ ওপৰত ৰাধা নিষেধ আৰােপ কৰা হৈছিল?
উত্তৰঃ ১৭৯৯ খ্রীত ‘প্ৰেছ ৰেগুলেচন’ প্রয়ােগৰ যােগেদি লর্ড ৱেলেছলিয়ে ভাৰতীয় বাতৰি কাকতৰ ওপৰত বাধা নিষেধ আৰােপ কৰিছিল।

৩৫। কিমান চনত আৰু কোনে কুখ্যাত ‘প্রেছ আইন” জাৰি কৰিছিল?
উত্তৰ: লর্ড লিটনে ১৮৭৮ খ্রীত কুখ্যাত “প্ৰেছ আইন” জাৰি কৰিছিল।

৩৬। কোনে কেতিয়া অস্ত্র আইন বলবৎ কৰিছিল ?
উত্তৰ গৱৰ্ণৰ জেনেৰেল লর্ড লিটনে ১৮৭৮ খ্রীত ‘অস্ত্র আইন বলবৎ কৰিছিল।

৩৭। ইণ্ডিয়ান এছ’চিয়েচন” কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰ : বংগীয় নেতা সুৰেন্দ্রনাথ বন্দোপাধ্যায়ে।

৩৮। কাৰ কাৰ্যকালত আই চি এছ পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ উচ্চতম সীমা ২১ পৰা ১৯ বছৰলৈ হ্ৰাস কৰিছিল?
উত্তৰ: লর্ড লিটন।

৩৯৷ এলেন অক্টোভিয়ান হিউম কোন আছিল?
উত্তৰ : অসামৰিক বিষয়া।

৪০৷ কাৰ কাৰ্যকালত ভাৰতীয় জাতীয় কংগ্ৰেছ প্রতিষ্ঠা হয়?
উত্তৰ গৱৰ্ণৰ জেনেৰেল লর্ড ডাফৰিণৰ (১৮৮৪-৮৮) কার্যকালত।

৪১। ভাৰতীয় জাতীয় কংগ্রেছৰ জন্মদাতা কোন?
উত্তৰ  এলেন অক্টোভিয়ান হিউম।

৪২। ভাৰতীয় জাতীয় কংগ্রেছ কেতিয়া প্রতিষ্ঠা হয় ?
উত্তৰ : ১৮৮৫ খ্রীত ২৮ ডিচেম্বৰত।

৪৩। ১৯০৫ চনত বাৰাণসীত অনুষ্ঠিত হােৱা জাতীয় কংগ্ৰেছ সভাত কোনে সভাপতিত্ব কৰিছিল ?
উত্তৰ : গােপাল কৃষ্ণ গােখলে।

৪৪। ১৯০৬ খ্রী:ত অনুষ্ঠিত হােৱা কলিকতা জাতীয় কংগ্ৰেছ অধিবেশনত কোনে সভাপতিত্ব কৰিছিল ?
উত্তৰ: দাদাভাই নৌৰজী।

৪৫। কিমান খ্রীত চমপন্থী নেতাসকলে মূল জাতীয় কংগ্ৰেছ দলৰ পৰা আঁতৰি আহিছিল।
উত্তৰ: ১৯১৬ চনত।

৪৬। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রথম সভাপতি কোন আছিল ?
উত্তৰঃ কলিকতাৰ বেৰিষ্টাৰ উমেশচন্দ্র বন্দোপাধ্যায়।

৪৭। ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰা প্ৰথমজন ভাৰতীয়ৰ নাম কি আছিল ?
উত্তৰঃ দাদাভাই নৌৰজী।

৪৮। নৌৰজীৰ দৃষ্টিত স্বৰাজ মানে কি আছিল ?
উত্তৰ : স্বায়ত্ত শাসনৰ এটা ৰূপ।।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top