স্মৰণ মাত্ৰকে যিহেতু দুৰ্ঘোৰ
স্মৰণ মাত্ৰকে যিহেতু দুৰ্ঘোৰ | |
শ্ৰেণী | অসমীয়া প্ৰাৰ্থনা |
প্ৰাৰ্থনা নাম | স্মৰণ মাত্ৰকে যিহেতু দুৰ্ঘোৰ |
সংগ্ৰহ কৰা হৈছে | নামঘোষা |
লেখক | মহাপুৰুষ মাধৱদেৱ |
অধ্যায় | দুলড়ি |
ঘোষা | – |
দুলড়ি
স্মৰণ মাত্ৰকে যিহেতু দুৰ্ঘোৰ
সংসাৰ দুখ হৰন্ত।
এহি হেতুতেসে ইশ্বৰৰ হৰি
বোলয় যত মহন্ত।।১৫৫৷৷
আত্মাৰূপে জানা ইটো জগতত
আছন্ত হুয়া প্ৰবেশ।
এহি হেতুতেসে ইশ্বৰক বিষ্ণু
বুলিয় নাম বিশেষ।।১৫৬৷৷
ইন্দ্ৰিয় বৰ্গত যিহেতু ইশ্বৰ
আছন্ত হুয়া প্ৰৱেশ।
এতেকে মহন্ত- সকলে বোলয়
ইশ্বৰৰ হৃষীকেশ।।১৫৭৷৷
অন্তৰ্য্যামী ৰূপে যিহেতু জীৱক
সুখ দুঃখ ভুঞ্জাৱন্ত।
এতেকেসে পৰ- মাত্মা নাম ধৰি
আছন্ত প্ৰভু অনন্ত ।।১৫৮৷৷
পৰম সশ্বৰ- স্বৰূপে জীৱৰ
আছন্ত হুয়া আশ্রয়।
এতেকেসে তাঙ্ক বুলি নাৰায়ণ
নামৰ দিব্য অন্বয়।।১৫৯৷৷
অহঙ্কাৰ আদি একোৱে উপাধি
কৰিতে নপাৰে ছন।
এহিসে কাৰণে মহন্তসকলে
বোলে তাঙ্ক নিৰঞ্জন।।১৬০৷৷
সত্ত্ব ৰজ তম তিনি গুণ বৃত্তি
লুপ্ত তাঙ্ক নকৰয়।
সেহিসে কাৰণে বেদশাস্ত্ৰগণে
বোলে তাঙ্ক নিৰাময়।।১৬১৷৷
যতেক প্ৰাকৃত আকাৰ বৰ্জ্জিত
ভৈলন্ত যিহেতু হৰি।
সেহি হেতুতেসে নিৰাকাৰ নাম
আছন্ত ইশ্বৰে ধৰি।।১৬২৷৷
মা পদে লক্ষ্মী- দেৱীক বোলয়
তাহান স্বামী ই্শ্বৰ।
এতেকেসে তাঙ্ক বোলয় মাধৱ
মহাজন নিৰন্তৰ।।১৬৩৷৷
জনা পদে মায়া- দেৱীক বোলয়
ভক্তৰ মায়া মৰ্দ্দত্ত।
এহি হেতুতেসে জনাৰ্দ্দন নাম
ধৰি আছা ভগৱন্ত।।১৬৪৷৷
মধুমতী মায়া উন্মত কৰায়া
আছে যত জীৱগণ।
ভক্তৰ মায়াক পীড়ন নিমিত্তে
বোলয় মধুসূদন।।১৬৫৷৷
গো পদে বেদ ইন্দ্ৰিয়ক বুলি
কৰন্ত তাক পালন।
এতেকেসে তাঙ্ক বোলয় গোপাল
জানিবাহা মহাজন।।১৬৬৷৷
ইন্দ্ৰ অদি দেৱে গৌৰ ইন্দ্ৰ পাতি
কৰিলন্ত অভিষেক।
পৰম প্ৰসিদ্ধ গোবিন্দ নামক
ধৰিলা হৰি প্রত্যেক।।১৬৭৷৷
দেশ কালে তাঙ্ক একোৰে প্ৰকাৰে
কৰিতে নপাৰে অন্ত।
এহি হেতুতেসে ইশ্বৰৰ নাম
প্রসিদ্ধ ভৈল অনন্ত।।১৬৮৷৷
যত বেদবাদী বেদক বিচাৰি
কৰিতে নপাৰে আদি।
এতেকেসে তান পৰম প্ৰখ্যাত
হুয়াছে নাম অনাদি।।১৬৯৷৷
অধম পুৰুষো হোৱয় উত্তম
ভজিয়া যাৰ চৰণে।
পুৰুষোত্তম নামক ধৰিয়া
আছন্ত এহি কাৰণে।।১৭০৷৷
ক্ষৰ পদে ইটো দেহক বুলিয়
অক্ষৰ শবদে ব্ৰহ্ম।
দুইতো কৰি হৰি উত্তম নিমিত্তে
প্রখ্যাত পুৰুষোত্তম।।১৭১৷৷
প্রকৃতি পুৰুষ দুইতো কৰি পৰ
দুইহানো নিজ কাৰণ।
পৰম ইশ্বৰ নামক ধৰিয়া
আছা তাতে নাৰায়ণ।।১৭২।৷
আছন্ত হুয়া প্ৰখ্যাত।।১৭৩৷।৷
ইশ্বৰৰ সেৱা কৰন্তে জীৱৰ
গুচয় মায়াৰ ভ্ৰম।
ব্ৰহ্ম পদে শুদ্ধ জীৱক বুলিয়
ইশ্বৰৰ পৰমব্ৰহ্ম।।১৭৪৷৷
অন্তৰ্য্যামী ৰূপে জীৱ আদি কৰি
নিয়মন্ত সমস্তক।
এহি হেতুতেসে পৰমাত্মা পদে
বুলি জানা ইশ্বৰক।।১৭৫৷৷
ব্ৰহ্ম পৰমাত্মা কৰিয়া যিহেতু
এশ্বৰ্য্যৰ নাহি অন্ত।
এহি হেতু মহা- মহন্তসকলে
বোলে তাঙ্ক ভগৱন্ত।।১৭৬৷।
নিজ ভক্ত পদে গৰুড়ক ধ্বজ
কৰিলা হৰি যিহেতু।
সেহিসে কাৰণে মহন্তে হৰিক
বোলয় গৰুড়কেতু।।১৭৭৷৷
কাল মায়া আদি যাহাৰ মনক
কৰিতে নপাৰে কুণ্ঠ।
এহিসে কাৰণে ইশ্বৰৰ নাম
প্ৰসিদ্ধ ভৈল বৈকুণ্ঠ।।১৭৮৷৷
সদানন্দ আত্মা চৈতন্য অনন্তে
যিহেতু যোগী ৰময়।
এতেকেসে ৰাম পদে পৰ্ৱ্ৰহ্ম
ৰূপক বুলি নিশ্চয়।।১৭৯৷।
চৈতন্য স্বৰূপে যিহেতু সদায়ে
ৰমাৱম্ভ জগতক।
এতেকেসে ৰাম সুমধুৰ পদে
বুলি জানা ইশ্বৰক।।১৮০৷।
জগততে কৰি আছন্তে নিৱাস
জগতো তান্তে বসয়।
এতেকেসে তাঙ্ক বুলি বাসুদেৱ
নামৰ ইটো অন্তয়।।১৮১৷৷
হৰিপদ সেৱা নকৰে নিমিত্তে
মায়ায়ে বান্ধি ফুৰাৱে।
তাৱত মায়াক ‘নতৰে হৰিত
শৰণ নলৱে যাৱে।।১৮২৷৷
লগতে পঢ়ক: Tumi chitro bitri Muro