আমাৰ চাৰিওকাষৰ বস্তুবোৰ নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১

আমাৰ চাৰিওকাষৰ বস্তুবোৰ | Class 9 Science Chapter 1 Question Answer in Assamese । নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১

আমাৰ চাৰিওকাষৰ বস্তুবোৰ
শ্ৰেণী  নৱম শ্ৰেণীৰ
বিষয় বিজ্ঞান (Science)
পাঠ আমাৰ চাৰিওকাষৰ বস্তুবোৰ
অধ্যায় অধ্যায় ১
উপলব্ধ প্ৰশ্ন উত্তৰ
মাধ্যম অসমীয়া
পাঠ্যক্ৰম ছেবা (SEBA )
ৱেবছাইটৰ নাম Assamweb.in

আমাৰ চাৰিওকাষৰ বস্তুবোৰ Class 9

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

১। তলৰ কোনবােৰ পদার্থ?
চকী, বায়ু, প্রেম, গােন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুৱাস।
উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয়।

২। তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দর্শোৱা।

কঢ়াকৈ ভজা গৰম বস্তুৰ গােন্ধ কেইবা মিটাৰ দূৰৰ পৰা পােৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গােন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

উত্তৰঃ আমি জানাে যে সকলাে পদার্থ ক্ষুদ্র ক্ষুদ্র কণিকাৰে গঠিত আৰু এই কণিকাবােৰ অনবৰতে গতি কৰি থাকে। পদার্থৰ কণিকাবােৰে তাপ পালে গতিশক্তি বাঢ়ি যায়। ফলত ই বহু  দূৰলৈকে বিয়পি পৰে। যাৰ বাবে কঢ়াকৈ ভজা গৰম বস্তুৰ গােন্ধ বহু দূৰলৈ যায়।
আনহাতে, ঠাণ্ডা বস্তুৰ কণিকাবােৰে বেছি দূৰ অতিক্রম নকৰে বাবে ইয়াৰ গােন্ধ পাবলৈ ওচৰলৈ। যাব লাগে।

৩। এজন ডুৱাৰুৱে সাঁতােৰাৰ সময়ত পুখুৰীৰ পানী ফালি সােমাই যাব পাৰে। পদার্থ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভব?
উত্তৰঃ পানীৰ আন্তঃআণৱিক বল কম বাবে কাৰ্যটো সম্ভৱ।

৪। পদাৰ্থৰ কণিকাবােৰৰ বৈশিষ্ট্য বিলাক কি কি?
উত্তৰঃ পদাৰ্থৰ কণিকাবােৰৰ বৈশিষ্ট্যবােৰ হল-
(a) পদাৰ্থৰ কণিকাবােৰৰ মাজত ব্যৱধান আছে।
(b) পদাৰ্থৰ কণিকাবােৰ অনবৰতে গতি কৰি থাকে।
(c) পদাৰ্থৰ কণিকাবােৰৰ মাজত আকর্ষণ আছে।

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 1

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ (2)

১। পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বােলে। ( ঘনত্ব =ভৰ/আয়তন ) তলৰ পদাৰ্থবােৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা-

বায়ু, চিমনিৰ পৰা ওলােৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লাে।
উত্তৰঃ বায়ু < চিমনৰি পৰা ওলােৱা ধোঁৱা < কপাহ <পানী < মৌ < চকমাটি < লাে।

২। (a) পদার্থ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবােৰৰ পার্থক্য দেখুৱাই এখন তালিকা কৰা।
উত্তৰঃ (a)

কঠিন পদার্থ তৰল পদার্থ গেছীয় পদার্থ।
(i) নির্দিষ্ট চাপ আৰু উষ্ণতাত আকাৰ আয়তনৰ মান নির্দিষ্ট থাকে

(ii) ইয়াৰ আকাৰ সহজে পৰিৱৰ্তন কৰা নাযায়।

(iii) প্রচণ্ড চাপ প্রয়ােগ কৰিলেও আয়তনৰ তাৰতম্য নঘটে।

(iv) এইবােৰ বিয়পি নপৰে

 (i) নির্দিষ্ট চাপ আৰু উষ্ণতাত নির্দিষ্ট  আয়তন আছে। কিন্তু নির্দিষ্ট আকাৰ নাই।

(ii) যি পাত্ৰত ৰখা সেই পাত্ৰৰ আকাৰ ধাৰণ কৰে।

(iii) সাধাৰণ চাপত  ইয়াৰ আয়তনৰ কোনাে তাৰতম্য নঘটে।

(iv) এটা স্থানৰপৰা আনটো স্থানলৈ বৈ ।

 (i) কোনাে নির্দিষ্ট আকাৰ আয়তন নাই।

(ii) যি পাত্ৰত ৰখা হয়, সেই পাত্ৰৰ
হয়, সেই পাত্ৰৰ আকাৰ আকৃতি ধাৰণ কৰে।

(iii) এইবােৰক চাপ  প্রয়ােগ কৰি অধিক সংকুচিত কৰিব পাৰি।

(iv) ই সােনকালে এটা স্থানৰ পৰা আনটো স্থানলৈ যায়

(b) তলৰ বিভিন্নবিলাকৰ ওপৰত মন্তব্য দিয়া- দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্রবাহিত (fluidity), আকৃতি (Shape)

বৈশিষ্ট্য কঠিন পদার্থ তৰল পদার্থ গেছীয় পদার্থ
দৃঢ়তা (Rigidity) খুব বেছি খুব কম দৃঢ়তা নাই
সংবেদনশীল (Compressbility) নগন্য কম বেছি
প্রবাহিত (fluidity) প্রবাহিত নহয় প্রবাহিত উচ্চ নিম্নগতি কৰে সকলাে দিশে গতি কৰে।
আকৃতি (Shape) নির্দিষ্ট আকাৰ আছে। যি পাত্ৰত ৰখা সেইপাত্ৰৰ আকাৰ ধাৰণ। যি পাত্ৰত ৰখা সেইপাত্ৰৰ আকাৰ ধাৰণ।

Class 9 Science Chapter 1 Question Answer in Assamese

২। কাৰণ দর্শোৱা-

(a) ৰখা পাত্ৰটোত গেছএটা সম্পূৰ্ণৰূপে ভৰি পৰে।

উত্তৰঃ গেছত থকা কণিকাবােৰৰ মাজত আকর্ষণ বল কম হােৱা বাবে গেছৰ কণিকাবােৰে সকলােপিনে ইচ্ছামতে গতি কৰিব পাৰে। ফলত যি পাত্ৰত গেছ ৰখা হয় সেই পাত্ৰটো গেছে সম্পূর্ণভাৱে ভৰি পৰে।

(b) ধাৰক পত্ৰৰ বেৰত গেছে চাপ দিয়ে।

উত্তৰঃগেছৰ অণুবােৰে সকলাে পিনে ইচ্ছামতে গতি কৰে। গতি কৰাৰ সময়ত কণিকাবােৰৰ মাজত পৰস্পৰে পৰম্পৰৰ মাজত সংঘর্ষ হয়। যি পাত্রত গেছ ৰখা হয় সেই পাত্ৰৰ বেৰত গেছৰ কণিকাবােৰে খুন্দামাৰে। ফলত পাত্ৰৰ বেৰত স্থিৰ বল প্রয়ােগ হয়। পাত্ৰৰ বেৰত প্রতি একক ক্ষেত্রৰ ওপৰত প্রয়ােগ কৰা বলেই হ’ল চাপ।

(c) কাঠৰ টেবুল এখনক কঠিন পদার্থ বুলিব পাৰি।

উত্তৰঃ কাঠৰ কণিকাবােৰ স্থিৰ আৰু কাঠৰ নির্দিষ্ট আয়তন আৰু আকৃতি আছে। সেইবাবে কাঠেৰে তৈয়াৰী টেবুল এখনককঠিন পদার্থ বুলি ক’ব পাৰি।

(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰে কিন্তু কাঠ এডােখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্রয়ােজন।

উত্তৰঃবায়ুৰ কণিকাবােৰৰ মাজত দূৰত্ব বেছি হােৱা বাবে আকর্ষণ বল কম হয়। সেইবাবে আমি বায়ুত ইচ্ছামতে হাত ঘূৰাব পাৰি। কাঠৰ কণিকাবােৰৰ মাজত দূৰত্ব কম হােৱা বাবে সিহঁতৰ মাজত থকা আকর্ষণ বল বেছি। যাৰ ফলত কাঠ এডােখৰৰ মাজেৰে হাত ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্রয়ােজন।

4. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে-বৰফ পানীত ওপঙে কিয় বাৰু?
উত্তৰ। বৰফ সম আয়তনৰ, পানী অপেক্ষা পাতল। 11 ঘন চে.মি. পানীৰ ওজন 12 ঘন চে.মি বৰফৰ ওজনৰ সমান। সেয়ে 12 ঘন চে.মি. পানীৰ ওজন বৰফৰ তুলনাত বেছি হােৱাত বৰফৰ ওপৰত মুঠ উর্ধচাপ বেছি হয়। যাৰ ফলত বৰফৰ তুলনাত পানীৰ ঘনত্ব কম হােৱা সত্ত্বেও বৰফ পানীত ওপঙে।

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 1

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ (3)

1. তলত দিয়া উষ্ণতাবােৰ ছেলছিয়াছ স্কেলত প্রকাশ কৰা।।
(a) 300K
(b) 573K
উত্তৰঃ আমি জানাে যে, 0°C = 273 K (কেলভিন)
(a) 300K: (300 – 273) = 27° C
(b) 573K: (573 – 273) = 300° C

2. তলৰ উষ্ণতা বিলাকত পানীৰ ভৌতিক অৱস্থা কি হ’ব?
(a) 250°C (b) 100°C
উত্তৰঃ (a) 250°C উষ্ণতাত পানী গেছীয় অৱস্থাত থাকিব।
(b) 100° C উষ্ণতাত পানী তৰল আৰু গেছীয় অৱস্থাত থাকিব।

3. কোনাে এটা পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ?
উত্তৰঃ কোনাে এটা পদাৰ্থৰ অৱস্থাৰ স্থানান্তৰ ঘটাৰ সময়ত উষ্ণতাৰ কোনাে পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনৰ বাবে তাপ শক্তিৰ প্ৰয়ােজন হয়। কিন্তু এই
শােষিত তাপ আমি থাম মিটাৰৰ সহায়ত ধৰিব নােৱাৰি। এই তাপ পদাৰ্থৰ স্থানান্তৰণৰ বাৰে খৰচ হয়। এই তাপকে লীনতাপ বােলে। অর্থাৎ, ই কণাসমূহৰ
গতিশক্তি বৃদ্ধি নকৰে আৰু কণাসমূহৰ আন্তঃ আকর্ষণ বলৰ বাবে ব্যৱহাৰ হয়। সেইবাৰে বস্তুৰ অৱস্থাৰ পৰিৱৰ্তনৰ সময়ত উষ্ণতাৰ পৰিৱৰ্তন ঘটে।

4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।
উত্তৰঃ চাপ বৃদ্ধি কৰি বা উষ্ণতা হ্রাস কৰি বায়ুমণ্ডলীয় গেছ তললৈ পৰিৱৰ্তন কৰিব পাৰি।

আমাৰ চাৰিওকাষৰ বস্তুবোৰ Class 9

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ (4)

1. Desert Cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় ?
উত্তৰঃ Desert Cooler এটাই গৰম আৰু শুকান সময়ত জলবায়ু ঠাণ্ডা অনুভৱ কৰাৰ বাবে উচ্চ উষ্ণতাত বাষ্পয়নৰ হাৰ বৃদ্ধি কৰে আৰু বায়ুৰ শুষ্কতাও পানীৰ বাম্পায়নৰ হাৰ বৃদ্ধি কৰে। ফলত Desert Cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে।

2. গ্রীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ?
উত্তৰ: মাটিৰ পাত্ৰত অসংখ্য সৰু সৰু ছিদ্র থাকে। এই ছিদ্রবােৰেৰে পানীৰ কণাবােৰ বাহিৰ হৈ আহে। ভিতৰত পানীৰ পৰা নিৰ্গত তাপে পানীৰ কণাবােৰক বাষ্পীভূত কৰে। ফলত পাত্ৰৰ ভিতৰৰৰ পানী খিনি, ঠাণ্ডা হয়।

3. হাতৰ তলুৱাত এচিট’ন, পেট্র’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভব হয় কিয় ?
উত্তৰঃ এচিট’ন, পেট্র’ল বা সুগন্ধি আতৰ হাতৰ তলুৱাত ঢালি দিলে এইবােৰৰ কণাসমূহে হাতৰ তলৰ পৰা তাপ শক্তি শােষণ কৰি বাষ্পীভূত কৰে। ফলত
তলুৱাত ঠাণ্ডা অনুভৱ হয়।

লগতে পঢ়ক:   Class 9 Science Assamese Medium – নৱম শ্ৰেণী বিজ্ঞান অসমীয়া

4. গমৰ চাহ বা গাখীৰ কাপত লৈ খােৱাতকৈ প্লেটত লৈ খােৱা সহজ কিয় ?
উত্তৰঃ এটা কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি হােৱাৰ বাবে প্লেটত থকা চাহ বা গাখীৰৰ বাষ্পীভৱনৰ হাৰ কাপত থকা চাহ বা গাখীৰৰ বাষ্পীভৱনৰ হাৰতকৈ বেছি হয়। ফলত প্লেটত থকা চাহ বা গাখীৰ সােনকালে ঠাণ্ডা হয়। সেইবাবে গৰম চাহ বা গাখীৰ কাপত লৈ খােৰাতকৈ প্লেটত লৈ খােৱা সহজ হয়।

5. গ্রীষ্ম কালত আমি কি ধৰণৰ কাপােৰ পিন্ধিব লাগে ?
উত্তৰঃ কপাহী কাপােৰে আমাৰ শৰীৰৰ পৰা ওলােৱা ঘাম শােষণ কৰি লৈ বায়ুমণ্ডললৈ বাষ্পীভুত হােৱাত সহায় কৰে, যাৰ বাবে আমাৰ শৰীৰে ঠাণ্ডা অনুভৱ কৰে। সেইবাবে গ্ৰীষ্ম কালত কপাহী কাপােৰ পিন্ধিব লাগে।

আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অনুশীলনীৰ প্রশ্নোত্তৰ

1. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্রকাশ কৰা।
(a) 293K
(b) 470K
উত্তৰঃ আমি জানাে যে, 0°C = 273 K (কেলভিন)
(a) 293 K; (293 – 273) = 20° C
(b) 470 K; (470 – 273) = 197° C

2. তলৰ উষ্ণতাবিলাক কেলভিনত প্রকাশ কৰা।
(a) 25°C (b) 373°C
উত্তৰঃ আমি জানাে যে, 273 K = 0°C
(a) 25° C; (273 + 25) = 298 K
(b) 373° C =(273-373) = 646 K

3. কাৰণ দর্শোৱা-
(a) খােলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।
(b) দূৰৰ পৰাই আতৰৰ গােন্ধ পােৱা যায়।
উত্তৰঃ (a) নেফথেনি এটা উদ্বায়ী বস্তু।সেইবাবে ই সম্পূৰ্ণৰূপে বাষ্পীভূত হয় আৰু কোনাে গােটা বস্তুত এৰি দিয়ে।

(b) গােন্ধ জাতীয় পদার্থ উদ্ধায়ী দ্ৰাৱক থাকে। আৰু ই মনােমােহা গােন্ধ বহণ কৰে। এই পদার্থ কণিকাবােৰৰ গতিশক্তি বেছি হােৱা বাবে গােন্ধ বহু
দূৰলৈ বিয়পি পৰে।

4. কণিকাবােৰৰ মাজৰ আকর্ষণ বলৰ উৰ্ধক্ৰমত সজোৱা- পানী, চেনি আৰু অক্সিজেন।
উত্তৰঃ অক্সিজেন < পানী < চেনি।

5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি ?
(a) 25°C
(b) 0°C
(c) 100°C
উত্তৰঃ (a) 25°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা- তৰল।
(b) 0°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা- বৰফ (কঠিন)।
(c) 100° C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা- গেছীয়।

6. যুক্তি দর্শাই ব্যাখ্যা কৰা।
(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।
(b) সাধাৰণ উষ্ণতাত লােৰ আলমাৰিটো কঠিন।
উত্তৰঃ (a) সাধাৰণ উষ্ণতাত জুলীয়া পদাৰ্থৰ নির্দিষ্ট আকাৰ নাই, কিন্তু নির্দিষ্ট আয়তন আছে। সেইদৰে পানীৰ নির্দিষ্ট আয়তন আছে, কিন্তু আকাৰ
নাই। ইয়াক যি পাত্ৰত ৰখা হয়, সেই পাত্ৰৰ আকাৰ ধাৰণ কৰে।

(b) লোেৰ আলমাৰিটো কঠিন। কাৰণ ই এটা অনমনীয় বস্তু আৰু সংকোচনশীল নহয়। ইয়াৰ নির্দিষ্ট আকাৰ আৰু আয়তন আছে।

7.  273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ?
উত্তঃ কোনাে এটা বস্তুৱে তাপ বর্জন কৰিলে, বস্তুটো ঠাণ্ডা হয়। 273 Kউষ্ণতাত বৰফ মাধ্যমৰ পৰা অন্তঃতাপ গ্রহণ কৰি পানীত পৰিণত হয়। তাৰ পিছত ই উচ্চ উষ্ণতাত পানীলৈ পৰিৱর্তন হয়। গতিকে 273 K উষ্ণতাত বৰফৰ ভৌতিক অৱস্থাত আহে। কিন্তু 273K উষ্ণতাত পানীৰ অৱস্থাৰ কোনাে পৰিৱৰ্তন নহয়। ফলত মাধ্যমৰ পৰা কম তাপ শক্তি শােষণ কৰে। সেইকাৰণে একে উষ্ণতাত বৰফে পানীতকৈ বেছি ঠাণ্ডা কৰে।

8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?
উত্তৰঃ জলীয় বাষ্পই পুৰিলে বেছি ক্ষতি কৰিব। কাৰণ- 100°C উষ্ণতাত জলীয় বাষ্পৰ তাপ, 100 C উষ্ণতাত পানীৰ তাপ আৰু পানীৰ বাষ্পীভৱনৰ
লীনতাপৰ সমষ্টিৰ সমান। সেয়ে উতলা পানীৰে পুৰাতকৈ জলীয় বাষ্পৰে পুৰাটো বেছি ক্ষতিকাৰক।

Class 9 Science Chapter 1 Question Answer in Assamese

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন  তলৰ উষ্ণবিলাক ছেণ্টিগ্রেড়ত প্রকাশ কৰা—
(a) 293K (b) 470K
উত্তৰ : (a) 293K = 293 – 273 =20’C

(b) 470 K. = 470 – 273 = 197°C

প্রশ্ন: তলৰ উষ্ণতাবিলাক কেলভিনত প্রকাশ কৰা—
(a) 25ºC  (b) 373º C
উত্তৰ  (a) 25º C = 25 + 273 = 298K
(b) 373° C = 373 + 273 = 646K

প্রশ্ন : কণিকাবােৰৰ মাজৰ আকর্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা- পানী, চেনি আৰু অক্সিজেন
উত্তৰঃ অক্সিজেন < পানী < চেনি

প্রশ্ন : তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি?
(a) 25°C (b) 0°C (c) 100°C
উত্তৰঃ (a) 25°C উষ্ণতাত পানী তৰল হিচাবে থাকে।
(b) 0°C উষ্ণতাত পানী বৰফ (গােটা) অৱস্থাত থাকে।
(c) 100  C উষ্ণতাত পানী বাষ্প হয়।

প্রশ্ন : ভাৰতীয় দর্শনমতে পঞ্চতত্ত্ব কি?
উত্তৰ পদার্থবিলাক বায়ু, পানী, পৃথিৱী বা মাটি, জুই বা অগ্নি আৰু আকাশ এই পাঁচটা উপাদানৰ দ্বাৰা গঠিত। এইয়াই হ’ল ভাৰতীয় দৰ্শনৰ পঞ্চতত্ত্ব।

প্রশ্ন : পদার্থৰ ভৌতিক অবস্থা কেইটা কি কি?
উত্তৰ ? (i) গােটা (ii) জুলীয়া আৰু (in)গেছীয়।

প্রশ্ন : পানী, মাটি আৰু বায়ুৰ কোনবিধৰ আন্তঃ আণবিক ব্যৱধান বেছি?
উত্তর : বায়ুৰ।

প্রশ্ন : অক্সিজেন, এলকহল, নিমখ, লাে, হীৰা এইবােৰক আন্তঃআণৱিক আকর্ষণ ভিত্তিত উর্ধ ক্রমত সজোৱা।
উত্তৰ : অক্সিজেন < এলকহল < নিমখ < লাে < হীৰা।

প্রশ্ন : চেনী আৰু পানীৰ ভিতৰত কোনবিধৰ কণিকাৰ আকাৰ বেছি সৰু?
উত্তৰ: চেনীৰ কণিকাৰ আকাৰ পানীৰ কণিকাতকৈ বেছি সৰু |

প্রশ্ন : পদাৰ্থৰ কণিকাৰ প্রধান বৈশিষ্ট্য এটা লিখা।
উত্তৰ: পদাৰ্থৰ কণিকাবােৰে অনবৰত যাচ্ছিক ভাৱে গতি কৰি থাকে।

প্রশ্ন :  ব্যপনৰ সংজ্ঞা কি ?
উত্তৰ : দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবােৰ পৰস্পৰ মিহলিহােৱাকে ব্যাপন বােলে।।
প্রশ্ন :  ব্যাপনবেগ বৃদ্ধিৰ এটা কাৰক উল্লেখ কৰা।
উত্তৰ : উষ্ণতা বৃদ্ধি।

প্রশ্ন : স্পঞ্জ এটুকুৰা সহজে সংকুচিত কৰিব পাৰি কিয় ?
উত্তৰ কাৰণ স্পঞ্জৰ মাজত বায়ু সােমাই থাকে।

প্রশ্ন : গেছীয় পদার্থ নির্দিষ্ট আকাৰ নাই কিন্তু নির্দিষ্ট আয়তন আছেনে?
উত্তৰ : নিদ্দিষ্ট আয়তন নাই।

প্রশ্ন: জুলীয়া পদাৰ্থৰ এটা ধর্ম লিখা।
উত্তৰ : জুলীয়া পদাৰ্থৰ নিজা আকাৰ নাই। ই যি আকাৰৰ পাত্ৰত ৰখা হয়, তাৰেই আকৃতি লয়

প্রশ্ন : LPG আৰু CNG কি?
উত্তৰ ? LPG (Liquidified Petrolleum Gas) আৰু CNG (Compressed Natural Gas) ক্রমে তৰলীকৃত পেট্রলিয়াম গেছ আৰু সংকুচিত প্রাকৃতিৰ গেছ।

প্রশ্ন: চাপ কাক বােলে ?
উত্তৰঃ গেছে পাত্ৰৰ বেৰত প্রতি একক ক্ষেত্রফলৰ ওপৰত দিয়া হেচাকে চাপ বােলে।

প্রশ্ন : ঘনত্বৰ প্রকাশ ৰাশি কি?

উত্তৰঃ  আয়তন
প্রশ্ন :  ঘনত্বৰ S.I. একক কি?
উত্তৰঃ ঘনত্বৰ এছ. আই. একক হ’ল কি.গ্রা/ মিটাৰ (kgm)

প্রশ্ন: গলনাংক কাক বােলে?
উত্তৰ যি উষ্ণতাত কঠিন পদার্থ গলি জুলীয়া অৱস্থা প্রাপ্ত হয় সেই উষ্ণতাকে পদার্থটোৰ গলনাংক বােলে।

প্রশ্ন  : 100°C উষ্ণতাক S.I এককত পৰিবৰ্তন কৰা।
উত্তৰ : 100C = 273 + 100 = 373K

Class 9 Science Chapter 1 Question Answer in Assamese

প্রশ্ন: প্রকৃততে বৰফৰ গলনাংক কিমান?
উত্তৰ প্ৰকৃততে বৰফৰ গলনাংক 0°C বা 273.16k

প্রশ্ন : কেলভিন (K) আৰু চেলছিয়াছ (C) স্কেলৰ মাজৰ সম্পৰ্কটো লিখা।
উত্তৰ : K– 273 = °C

প্রশ্ন  : বিগলন মানে কি ?
উত্তৰঃ কঠিন অৱস্থাৰ পৰা পদার্থ এবিধ জুলীয়া অৱস্থা পােৱাকে বিগলন বােলে।

প্রশ্ন : লীনতাপ কি? 
উত্তৰ: পদার্থ এবিধ এটা অৱস্থাৰ পৰা আন এটা অৱস্থা সম্পূৰ্ণৰূপে পাবলৈ হলে অৱস্থাৰ পৰিবৰ্তনৰ বাবে কিছু তাপ শক্তিৰ প্ৰয়ােজন হয়। ইয়াকে তাৰ লীন তাপ বােলে।

প্রশ্ন : লীনতাপ কেইবিধ?
উত্তৰ: দুবিধ। গলনৰ লীনতাপ আৰু বাস্পীভৱনৰ লীন তাপ।

প্রশ্ন: বৰফৰ গলনৰ লীনতাপৰ মান কিমান ?
উত্তৰ: বৰফৰ গলনৰ লীনতাপ ৪০ কেলৰি।

প্রশ্ন : পানীৰ বাষ্পীভৱনৰ লীনতাপৰ মান কিমান?
উত্তৰ পানীৰ বাষ্পীভৱনৰ লীনতাপ 540 কেলৰি

লগতে পঢ়ক:   পৰমাণু গঠন নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4

প্রশ্ন : পদাৰ্থৰ অৱস্থাৰ পৰিবর্তন কি কাৰকে নিয়ন্ত্রণ কৰে।
উত্তৰ উষ্ণতাই

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১

প্রশ্ন  : উর্ধপাতন কি ?
উত্তৰঃ গােটা পদার্থ এবিধ তৰল অৱস্থা নেপাৱাকৈ পােনে পােনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হােৱাকে উধপাতন বােলে।

প্রশ্ন : গেছীয় পদার্থক জুলীয়া কৰাৰ কৌশল কি?
উত্তৰঃ চাপ প্রয়ােগ কৰি আৰু উষ্ণতা কমাই গেছীয় পদার্থক জুলীয়া কৰিব পাৰি।

প্রশ্ন : শুকান বৰফ কি?
উত্তৰঃ গােটা কার্বন ডাই অক্সাইডক শুকান বৰফ বােলে।

প্রশ্ন : গেছৰ চাপৰ একক কি?
উত্তৰ গেছৰ চাপৰ একক পাস্কাল (pascal)

প্রশ্ন: গ্রেছৰ চাপৰ একক এটমস্ফিয়াৰ আৰু পাস্কালৰ মাজৰ সম্পর্ক কি?
উত্তৰঃ 1 atm = 1.01 × 10 pa,

প্রশ্ন : বাষ্পীভৱন কাক বােলে ?
উত্তৰ: জুলীয়া পদার্থ ভাপলৈ ৰূপান্তৰ হােৱাকে বাষ্পীভৱন বােলে।

প্রশ্ন : বাষ্পীভৱন নিৰ্ভৰ কৰা এটা কাৰক উল্লেখ কৰা।
উত্তৰ : পৃষ্ঠকালি বৃদ্ধি।

প্রশ্ন : বতাহৰ লগত বাষ্পীভৱনৰ সম্পর্ক কি?
উত্তৰঃ বতাহৰ বেগ বাঢ়িলে বাষ্পীভৱনৰ হাৰাে বাঢ়ে।

প্রশ্ন : কাপােৰ এখন শুকোৱাৰ গুৰিতে থকা প্রক্রিয়া কি?
উত্তৰঃ বাষ্পীভরন।

প্রশ্ন : “গৰমত কপাহী কাপােৰ পিন্ধাটো আৰামদায়ক। কপাহৰ কি গুণৰ বাবে এইটো হয় ?
উত্তৰ কপাহ তাপৰ কুপৰিবাহী আৰু উত্তম শােষক।

প্রশ্ন : BEC কি?
উত্তর : BEC মানে হল Bose Einstein Condensate

প্রশ্ন: শুদ্ধ উত্তৰ বাছি উলিওৱা

(i) জুলীয়া পদাৰ্থৰ ।
(a) নির্দিষ্ট আকাৰ আৰু আয়তন আছে  (b) নির্দিষ্ট আকাৰ আছে আয়তন নাই (c) নির্দিষ্ট আয়তন আছে আকাৰ নাই (d) নির্দিষ্ট আকাৰ আৰু আয়তন নাই।

(ii) আন্তঃ আণৱিক আকর্ষণ সর্বোচ্চ হয়।
(a) গােটা পদার্থ। (b) জুলীয়া পদাৰ্থৰ (c) গেছীয় পদার্থ (d) প্লাজমা পদার্থ।

(iii) ঘনত্বৰ বাৰে তলৰ কোনটো সম্পর্ক শুদ্ধ?

(a) ঘনত্ব = ভৰ x আয়তন (b) ঘনত্ব = ভৰ – আয়তন (c) ঘনত্ব = আয়তন -ভৰ, (d) ঘনত্ব = ভৰ ×ক্ষেত্রফল

(iv) ঘনত্বৰ SI একক হল ?
(a) গ্রাম. মি.  (b) গ্রাম, ছে, মি.  (c) কি, গ্রা. মি, (d) কি. গ্রা, মি,

(v) বৰফৰ প্রকৃত গলনাংক হল :
(a) 273K  (b) 273,16K  (c) OK  (d) -273.16K

(vi) পানীৰ উতলাংক হলঃ
(a) 373°C (b) 273K (c) 373K (d) 273″C

(vii) উষ্ণতাৰ কেলভিন (k) আৰু ছেলছিয়াছ (C) স্কেলৰ সম্পৰ্কটো হ’ল-
(a) K = C+273 (b) C= K+ 273 (c) C = K+ 273 (d) C = K x 273

(viii) তলৰ কোনটো উক্তি অশুদ্ধ?
(a) কঠিন পদাৰ্থৰ পৰা জুলীয়া পদার্থলৈ পৰিবর্তন হােৱা প্রক্রিয়াকে বিগলন বােলে।
(b) উষ্ণতা স্থিৰ থাকি পদার্থ এটাই এটা অৱস্থাৰ পৰা আন এটা অৱস্থাত পৰিণত হওঁতে যে তাপ গ্রহণ কৰে তাকে লীন তাপ বােলে।
(c) লীন তাপ দুবিধ। বিগলনৰ লীন তাপ আৰু বাষ্পীভৱনৰ লীন তাপ
(d) 273k উষ্ণতাত বৰফৰ কণিকাৰ তুলনাত পানীৰ কণিকাত নিহিত শক্তিৰ পৰিমাণ কম।

(ix) শুদ্ধ সম্পর্কটো হ’ল –
(a) 1 atm = 1.01 × 10 pa (b) 1 atm = 1×10-pa (c) 1 atm = 1 pa (d) 1 atm = 10 pa

(x) পদাৰ্থৰ পঞ্চম অৱস্থা হ’ল ?
(a) প্লাজমা  (b) BEC (c) CNG (d) লেজাৰ

(xi) ব্যাপনৰ হাৰ আটাইতকৈ খৰতকীয়া হয়–
(a) কঠিন পদার্থ (b) তৰল পদার্থ। (c) গেছ। (d) আটাইকেইটাতে।
উত্তৰঃ (i) c (ii) a (iii) b (iv) c (v) b (vi) c (vii) a (viii) d (ix) a (x) b (xi) c

আমাৰ চাৰিওকাষৰ বস্তুবোৰ চমু প্রশ্নোত্তৰ

প্রশ্ন : তলৰ পর্যবেক্ষণটোৰ কাৰণ দশোৱা।
কঢ়াকৈ ভজা গৰম বস্তুৰ গােন্ধ কেইবা মিটাৰ দূৰৰ পৰা পােৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গােন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

উত্তৰঃ কঢ়াকৈ ভজা গৰম বস্তুৰ গােন্ধ কঢ়িয়াই নিয়া কণিকাবােৰৰ গতিশক্তি অধিক বাবে এইবােৰে কম সময়ৰ ভিতৰতে বায়ুত ব্যাপন পদ্ধতিৰে বহু দূৰলৈ বিয়পি পৰে। ফলত বহুত দূৰৰ পৰাই ইয়াক অনুভৱ কৰিব পাৰি। কিন্তু ঠাণ্ডা বস্তুৰ পৰা গােন্ধ কঢ়িয়াই। নিয়া কণিকাবােৰৰ উষ্ণতা কম বাবে গতি শক্তি কম আৰু বায়ুৰ মাজেৰে ইয়াৰ ব্যাপন ক্রিয়া অতি মন্থৰ হয়। ফলত ওচৰলৈ গ’লেহে ইয়াৰ গােন্ধ পােৱা যায়।

প্রশ্ন: এজন ডুবাৰুৱে সাঁতােৰাৰ সময়ত পুখুৰীৰ পানী ফালি সােমাই যাব পাৰে। পদার্থ কি ধৰণৰ ভিত্তিত এইটো সম্ভৱ ?
উত্তৰঃ তৰল পদার্থ (এই ক্ষেত্ৰত পানী)ৰ কণিকা (অণু, পৰমাণু) সমূহৰ মাজৰ আন্তঃআণৱিক আকর্ষণ বল দুর্বল। কণিকাসমূহৰ মাজৰ ব্যৱধানাে বেছি। সেইবাবে এইবােৰৰ মাজত থকা বলে বাহিৰৰ বিকৃতকাৰী বলক প্ৰতিৰােধ কৰিব নােৱাৰে। ডুবাৰুৱে সাতোৰাৰ সময়ত এই বাবে সহজতে পানী ফালি সােমাই যাব পাৰে। পদাৰ্থৰ কণিকা ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ।

প্রশ্ন : পদাৰ্থৰ কণিকাবােৰৰ বৈশিষ্ট্য বিলাক কি কি? 
উত্তৰঃ পদার্থৰ কণিকাবােৰৰ বৈশিষ্ট হ’ল—
(i) পদার্থৰ কণিকাবােৰৰ মাজত ব্যৱধান থাকে।
(ii) এইবােৰৰ পৰস্পৰৰ মাজত আকর্ষণ বল আছে। পদাৰ্থৰ অৱস্থা অনুযায়ী এইবােৰৰ মান বেলেগ বেলেগ।
(ii) কণিকাবােৰে অহৰহ গতি কৰি থাকে।
(iv) কণিকাবােৰে ব্যাপন ক্রিয়া দেখুৱায়।
(v) একেবিধ পদাৰ্থৰ কণিকাবােৰৰ আকাৰ আৰু আকৃতি একে একে।

প্রশ্ন: তলৰ পদার্থবােৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা
বায়ু, চিমনিৰ পৰা ওলােৱা ধোৱা, মৌ, পানী, চকমাটি, কপাহ, আৰু লাে।
উত্তরঃ প্রদত্ত পদার্থবােৰক ঘনত্বৰ উৰ্ধক্ৰমত সজালে
বায়ু < চিমনিৰ পৰা ওলােৱা ধােৱা কপাহ <পানী,< মৌ < চকমাটি.<লাে।

প্রশ্ন: পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্টবােৰৰ পার্থক্য দেখুৱাই এখন তালিকা কৰা।
উত্তৰঃ পদার্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্টবােৰৰ পাৰ্থক্যৰ তালিকা-

জুলীয়া গােটা গেছীয়
এইবোৰ দৃঢ় আৰুসহজে সংকোচন কৰিব নােৱাৰি সিমান দৃঢ় নহয়।সংকোচন কৰিব পাৰি। মুঠেই দৃঢ় নহয়।সংকোচন কৰিব পাৰি।
নির্দিষ্ট আকাৰ আৰু আয়তন আছে। নির্দিষ্ট আকাৰ আছে কিন্তু
আয়তন নাই।
নির্দিষ্ট আকাৰ আৰু নির্দিষ্ট আয়তন নাই
আন্তঃ আণবিক দূৰত্ব ন্যূনতম। আন্তঃ আণৱিক দূৰত্ব গেছীয়তকৈ বেছি। আন্তঃ আণবিক দূৰত্ব বহুত বেছি
আন্তঃ আণবিক আকর্ষণ অতি বেছি আন্তঃ আণবিক আকর্ষণ অতি কম। আন্তঃ আণবিক আকর্ষণ গােটা পদার্থতকৈ কম।
কোনাে পাত্র অবিহনে ৰাখিব পাৰি। পাত্ৰতহে ৰাখিব পাৰি। মাত্র বন্ধ পাত্ৰতহে ৰাখিব পাৰি।
বৈ নাযায়। বৈ যায় এক নির্দিষ্ট দিশতহে। চাৰিও দিশে বৈ যায়।

প্রশ্ন: তলৰ ৰাশিবােৰৰ সংজ্ঞা দিয়া

দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্রবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density)

উত্তৰ ।

দৃঢ়তা (rigidity) : পদার্থৰ ই এটা গুণ যাৰ বাবে পদাৰ্থৰ আকৃতি সহজে সলনি কৰিব নােৱাৰি।

সংকোচনশীলতা (compressibility): যি গুণৰ বাবে পদার্থক বাহ্যিক বল প্রয়ােগৰ দ্বাৰা সংকুচিত কৰি তাৰ আয়তন কমাব পাৰি, তাকে পদাৰ্থৰ সংকোচনশীলতা বােলে।

প্রবাহিতা (fluidity)ঃ পদার্থক কোনাে এক পৃষ্ঠত ৰাখিলে ৰখা ঠাইৰ পৰা চাৰিওফালে বৈ যাব পৰা ধৰ্মই হ’ল তাৰ প্রবাহিত।

আকাৰ (shape) পদাৰ্থৰ চাৰিও কার্য নির্দেশ কৰা সীমা ৰেখাই তাৰ আকাৰ। গােটা আকাৰ নিৰ্দেশ কৰে। পদার্থৰ আকাৰ নিৰ্দিষ্ট। জুলীয়া আৰু গেছীয় পদার্থ যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰে

ঘনত্ব (density): একক আয়তনত থকা পদাৰ্থৰ ভৰেই হ’ল সেই পদার্থৰ ঘনত্ব। পদার্থৰ ভৰ পদার্থৰ আয়তন

গতিশক্তি (kinetic energy): পদার্থ কণাই বা বস্তু এটাই বল প্রয়ােগৰ ফলত লাভ কৰা শক্তিৰেই যদি গতিশীল হয়, তেন্তে সেই গতিত প্রয়ােগ হােৱা শক্তিয়েই গতি শক্তি। পদার্থ কণাবােৰে অহৰহ গতি কৰি থাকে বাৰে তাৰ গতি শক্তি নিহিত থাকে। এই গতি শক্তিৰেই পদার্থটো ৰখা পাত্ৰৰ বেৰত ই চাপ প্রয়ােগ কৰে।

আমাৰ চাৰিওকাষৰ বস্তুবোৰ

প্রশ্ন : কাৰণ দশোৱা –

(a) ৰখা পাত্ৰটোত গেছ এটা সম্পূর্ণরূপে ভৰি পৰে।

উত্তৰ:  (a) কাৰণ হ’ল গেছৰ অণুবােৰৰ মাজৰ আন্তঃআণৱিক আকর্ষণ অতি কম। সেইবাবে সিহঁত প্রায় মুক্ত। গতিকে যিটো পাত্ৰত ৰখা যায়, সেই পাত্ৰৰ যিকোনাে ঠাইতে এই অণুবােৰে গতি কৰিব পাৰে। ফলত পাত্ৰটো গেছে সম্পূৰ্ণৰূপে ভৰাই ৰাখে।

লগতে পঢ়ক:   প্ৰাকৃতিক সম্পদ Class 9 – নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৪

(b) ধাৰক পাত্ৰৰ বেৰত গেছ এটাই চাপ দিয়ে।

উত্তৰ:গেছৰ অণুবােৰে পাত্ৰৰ ভিতৰত যধেমধে গতি কৰি থাকে। গতি কৰি থাকোতে অণুবােৰে পৰস্পৰৰ মাজত সংঘাত কৰে আৰু পাত্ৰৰ বেৰতাে খুন্দা মাৰে। পাত্ৰৰ বেৰত খুন্দা মাৰােতে ইহতে বল প্রয়ােগ কৰে। এই বলৰ একক ক্ষেত্রফলৰ মানেই গেছটোৱে দিয়া চাপ। গতিকে গেছে পাত্ৰৰ বেৰত চাপ প্রয়ােগ কৰে।
(c) কাঠৰ টেবুল এখনক কঠিন পদার্থ বুলিব পাৰি।

উত্তৰ:কাঠৰ টেবুলখন গােটা পদাৰ্থৰে তৈয়াৰী। গতিকে ইয়াৰ আকৃতি বাহ্যিক বল প্রয়ােগৰ দ্বাৰা সহজে সলনি কৰিব নােৱাৰি। গতিকে টেবুলখনক দৃঢ় আৰু কঠিন পদার্থ বুলিব পাৰি।
(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰে কিন্তু কাঠ এডােখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞ প্রয়ােজন।

উত্তৰ: বায়ুৰ কণিকাবােৰৰ মাজত আন্তঃকণিকা দূৰত্ব যথেষ্ট বেছি। গতিকে আমাৰ হাতখনেৰে কণিকাবােৰ ঠেলি সহজে হাতখন কণিকাৰ মাজেৰে ঘূৰাব পাৰোঁ। অধিক বলৰ প্রয়ােজনইে নহয়। কিন্তু কাঠ এডােখৰ দৃঢ় পদার্থ। গতিকে ইয়াৰ কণিকাবােৰৰ মাজৰ আন্তঃকণিকা ব্যৱধান নগণ্য। লগতে এই কণিকাবােৰৰ মাজত প্রবল আকর্ষণী বলে ক্রিয়া কৰি থাকে। ফলত ইয়াৰ মাজেৰে হাত এখন ঘূৰাবলৈ বহুত বল প্রয়ােজন। কেৰাটে বিশেষজ্ঞ এজনৰ হাতৰ বল বেছি বাবে কাঠটুকুৰা ভাঙি হাতখন তাৰ মাজেৰে নিব পাৰে।

প্রশ্ন  : কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে- বৰফ পানীত ওপঙে; কিয় বাৰু ?
উত্তৰঃ কঠিন পদাৰ্থৰ ঘনত্বৰ তুলনাত সেই পদার্থবিধৰ তৰল অৱস্থাৰ ঘনত্ব কম। কিন্তু পানীৰ ক্ষেত্ৰত ব্যতিক্রম। পানীৰ তুলনাত পানীৰে গােটা অৱস্থা (ফ)ৰ ঘনত্ব কিন্তু কম। বৰফ হওঁতে বৰফত থকা পানীৰ অণুৰ আন্তঃআণৱিক দূৰত্ব বাঢ়ে। গতিকে বৰফ পানীতকৈ পাতল হয়। সেইবাবে বৰফ পানীত ভাঁহে, যিটো আন পদাৰ্থৰ ক্ষেত্ৰত নহয়।

প্রশ্ন 9ঃ কোনাে পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়ছােৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ?
উত্তৰ কোনাে পদাৰ্থৰ ভৌতিক অৱস্থাৰ সম্পূর্ণ পৰিবৰ্তনৰ বাবে তাপ শক্তিৰ দৰকাৰ হয়। গতিকে পদার্থটোৱে তাৰ ওপৰত প্ৰয়ােগ কৰা তা ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰবাবেহে ব্যৱহাৰ কৰে। ইয়াক লীন তাপ বােলে। এই তাপে পদার্থটোৰ উষ্ণতা নবঢ়ায়।
গতিকে পদার্থটোৰ এই অৱস্থাত উষ্ণতা স্থিৰ হৈ থাকে।

প্রশ্ন  Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় ?
উত্তৰ:  ডিজটি কুলাৰ এটাই শুষ্ক গৰম দিনত বেছি ভালকৈ কার্য কৰাৰ কাৰণ হ’ল-শুদ্ধ গৰম দিনত বতৰৰ আর্দ্রতা কম আৰু উষ্ণতা বেছি। পানীবাষ্প কৰিবলৈ এই দুয়ােটা কাৰকেই। অতি প্রয়ােজনীয়। এনে ধৰণৰ কুলাৰত পানীক বাষ্প কৰি বায়ুত এৰি বায়ু ঠাণ্ডা কৰা হয় ।

প্রশ্ন : গ্রীষ্ম কালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?
উত্তৰ : গ্রীষ্ম কালত মাটিৰ কলহত কিছুমান সূক্ষ্ম ছিদ্র থাকে। কলহটোৰ ছিদ্রবে। নির্গত পানীখিনি বাষ্পীভবন ঘটাৰ ফলত কলহটো ঠাণ্ডা হৈ থাকে। ফলত তাৰ ভিতৰত থকা পানীৰাে উষ্ণতা কমে। ফলত গ্রীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে।

প্রশ্ন ; হাতৰ তলুৱাত এচিটন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা
উত্তৰ ঃ এচিটনি, পেট্রল বা সুগন্ধি আতৰ আদিৰ বাষ্পংক অতি কম। মানুহৰ হাতৰ উষ্ণতা তাতকৈ বেছি। যেতিয়া এইবোেৰ হাতৰ তলুৱাত ঢালি দিয়া হয়, সেই উষ্ণতাতে এইবােৰৰ বাষ্পীভৱন ঘটে। ফলত লীনতাপ হাতৰ তলুৱাৰ পৰা গ্ৰহণ কৰে। ফলত হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ হয় ।

প্রশ্ন : গৰম চাহ বা গাখীৰ কাপত লৈ খােৱাতকৈ প্লেটত লৈ খােৱা সহজ কিয়?
উত্তৰ: গৰম চাহ বা গাখীৰ খিনি কাপত থাকোতে ইয়াৰ পৃষ্ঠভাগে কম ক্ষেত্রফল অধিকাৰ কৰে। যদি ইয়াক প্লেটত বাকি দিয়া হয়, প্লেটত ই বেছি ক্ষেত্রফল অধিকাৰ কৰে। তৰলৰ বাষ্পীভৱন তাৰ ক্ষেত্রফল বাঢ়িলে বাঢ়ে। গতিকে প্লেটত বাকি দিয়াৰ লগে লগে। কম সময়তে ঠাণ্ডা হয়। গতিকে খােৱাত সহজ হয়।

প্রশ্ন : গ্রীষ্মকালত আমি কি ধৰণৰ কাপােৰ পিন্ধিব লাগে ?
উত্তৰ : গ্রীষ্ম কালত আমি কপাহী কাপােৰ পিন্ধিব লাগে। কাৰণ হ’ল— কপাহী কাপােৰ তাপৰ কুপৰিবাহী বাবে বাহিৰৰ তাপ দেহলৈ যাব নােৱাৰে। তাৰােপৰি কপাহী। কাপােৰ শােষক হিচাবেও উত্তম। শৰীৰৰ পৰা নিৰ্গত ঘাম কাপােৰে শােষণ কৰি শৰীৰটো শীতল কৰে।

Class 9 Science Chapter 1 Assamese Medium

প্রশ্ন: কাৰণ দশোৱা-

(a) খােলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।

উত্তৰঃ নেফথেলিনে উর্ধপাতন প্রক্রিয়াৰে বাষ্পীভৱন হয়। অর্থাৎ ই গােটা অৱস্থাৰ পৰা পােনে পােনে গেছীয় তাৱস্থা পায়। বায়ুমণ্ডলীয় চাপ আৰু উষ্ণতাতে ই সম্পূর্ণরূপে গেছীয় অৱস্থা পায় বাবে কোনাে অৱশিষ্ট নৰখাকৈ ই কেইদিন পিছতে নাইকিয়া হয়।

(b) দূৰৰ পৰাই আতৰৰ গােন্ধ পােৱা যায়।
উত্তৰঃআতৰ বায়ুৰ মাজেৰে বিয়পিব পাৰে। কাৰণ আতৰৰ কণিকা বায়ুৰ কণিকাতকৈও সৰু। ব্যাপন প্রক্রিয়াৰে ই বহু দূৰলৈ যায়। গতিকে দূৰৰ পৰাই ইয়াৰ গােন্ধ পােৱা যায়।

প্রশ্ন  273K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়?
উত্তৰঃ 273K উষ্ণতাত থকা বৰফত লীন তাপৰ পৰিমাণ কম। কিন্তু 273K উষ্ণতাত থকা পানীৰ লীন তাপ বেছি। গতিকে বৰফে আন বস্তুৰ পৰা বেছিকৈ তাপ শােষণ কৰিব পাৰে। পানীয়ে সিমান বেছি নােৱাৰে। সেইবাবে 273K উষ্ণতাৰ বৰফ একে উষ্ণতাৰ
পানীতকৈ শীতল কাৰক হিচাবে বেছি কার্যক্ষম।

প্রশ্ন : উতলা পানী আৰু বাষ্পৰ ভিতৰত কোনটোৱে বেছিকৈ পােৰে ?
উত্তৰঃ বাষ্পই উতলা পানীতকৈ বেছিকৈ পােৰে। কাৰণ বাম্পত লীন তাপ নিহিত হৈ থাকে। উতলা পানীত নাথাকে। কিন্তু বেছি সময়ৰ বাবে উতলা পানীৰ সংস্পৰ্শত থাকিলে ই বেয়াকৈ ক্ষতি হােৱাকৈ পােৰে।

প্রশ্ন : বাষ্পীভূৱনৰ সংজ্ঞা দিয়া। বাষ্পীভূৱনৰ কাৰক বোৰ উল্লেখ কৰা

উত্তৰঃ উতলাংকতে থাকি পদার্থ এটা সম্পূৰ্ণৰূপে গেছীয় অৱস্থা লাভ কৰা প্রক্রিয়াকে বাস্পীভৱন বােলে। বাস্পীভৱনৰ কাৰবােৰ হ’ল—(i) পৃষ্ঠকালি বৃদ্ধি (ii) উষ্ণতা বৃদ্ধি (iii) বায়ুৰ আদ্রতা হ্রাস (iv) বতাহৰ বেগ বৃদ্ধি।

প্রশ্ন: তিতা কাপােৰ খন ৰ’দত মেলি দি শুকাওঁতে সংঘটিত বাষ্পীভৱন প্রক্রিয়া তুমি কি কি কাৰকৰ প্ৰভাৰ দেখিলা বুজাই লিখা।
উত্তৰঃ তিতা কাপােৰখন ৰ’দত মেলি দি শুকাওঁতে বাষ্পীভৱন ঘটিল। এই বাষ্পীভৱনৰ বেগ বৃদ্ধি কৰিবৰ বাবে তলৰ কার্যখিনি কৰা হ’ল।
(i) কাপােৰখন আটি (চেপি) তাৰ পৰা অতিৰিক্ত পানীখিনি আঁতৰাই দিয়া হল।
(ii) তাৰ পাছত কাপােৰ খন মেলি জোকাৰি লৈ ইয়াৰ পৃষ্ঠকালি বঢ়াই লােৱা হ’ল।
(iii) ৰদত দি ইয়াৰ ওপৰত তাপৰ মাত্রা (উষ্ণতা) বঢ়াই দিয়া হ’ল।
(iv) কাপােৰখন মুকলি ঠাইত (বাহিৰত) মেলি দিয়া হ’ল যাতে তাৰ ওপৰত বতাহ লাগে।

প্রশ্ন : বাষ্পীভৱনে কিদৰে ঠাণ্ডা কৰে?
উত্তৰঃ বাষ্পীভৱনৰ ফলত কমি যােৱা শক্তি পূৰাবলৈ জুলীয়া পদাৰ্থৰ কণিকাবােৰে তাৰ চাৰওিকাষৰ পৰা শক্তি আহৰণ কৰে। এইদৰে শক্তি আহৰণ বা শােষণৰ ফলত বাস্পীভূত হােৱা ঠাই ওচৰ পাজৰ ঠাণ্ডা হয়।

প্রশ্ন : বৰফ থকা গিলাচ এটাৰ বাহিৰফালে পানীৰ টোপাল বিৰিঙি থকা দেখা যায় কিয় ?
উত্তৰঃ বায়ুত জলীয় বাষ্প থাকে। বৰফ থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠভাগ চেষ্টা হৈ থাকে। গতিকে পৃষ্ঠৰ কাষতে থকা বায়ুৰ জলীয় বাষ্পখিনি ঘনীভূত হৈ লগ হৈ পানীৰ কণিকাত পৰিণত হয়। পানীৰ কণিকাবােৰে লগলাগি পানীৰ টোপাল গঠন কৰে আৰু এইবােৰ গিলাচৰ বাহিৰ পৃষ্ঠত লাগি থাকে।

প্রশ্ন : প্লাজমা কি? ই কিদৰে সৃষ্টি হয়?
উত্তৰঃ প্লাজমা হ’ল পদাৰ্থৰ চতুর্থ অৱস্থা। গেছীয় পদার্থক উচ্চ মাত্ৰাত উত্তাপিত কৰিলে গেছৰ অণুবােৰ ভাঙি আয়ন আৰু আধানলৈ ৰূপান্তৰিত হয়। প্রতিপ্ৰভ বা ফ্লু’চেনছ টিউবত হিলিয়াম গেছ আৰু নিয়ন বাব্বত নিয়ন গেছ থাকে। এই গেছৰ মাজেৰে বিদ্যুৎ প্রবাহিত হলে গেছটো আহিত হয়। ফলত টিউবৰ ভিতৰত প্লাজমাৰ সৃষ্টি হয়। গেছৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি প্লাজমাৰ ৰং বেলেগ হয়। সূর্য আৰু তেনে নক্ষত্ৰৰ ভিতৰতে অতি উচ্চ উষ্ণতাৰ ফলত প্লাজমাৰ সৃষ্টি হয়।

1 thought on “আমাৰ চাৰিওকাষৰ বস্তুবোৰ নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১ ”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top