বস্তু প্ৰকাশ – পৰম অমূল্য ৰত্ন – Namghosa (১০০-১২৮)

বস্তু প্ৰকাশ

পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেড়া
আতি গুপ্ত স্বৰপে আছিল।

লোকক কৃপায়ে হৰি শঙ্কৰ স্বৰূপে আসি
মুদ ভাঙ্গি সমস্তকে দিল।।১০০৷৷

হৰিনাম প্ৰেমৰস অমৃত নিধিক বান্ধি
গুপ্ত কৰি থৈলা দেৱগণে।

দয়ালু শঙ্কৰে পাই তুলি মুদ ভাঙ্গি দিলা
সুখে পান কৰে সৰ্ব্বজনে।।১০১৷৷

হৰিনাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল
বুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব।

হেন হৰিনাম ধৰ্ম্ম শঙ্কৰে বিদিত কৰি
চুৰ কৈলা দেৱতাৰ গৰ্ব্ব৷।১০২৷৷

প্ৰশংসা

বেদৰ বিহিত যত আছে ধৰ্ম্ম সংসাৰত

সৱে হৰিনামৰ কিঙ্কৰ।

হেন জানি যিটোজনে নামৰ কীৰ্ত্তন কৰে
সেহিসে পৰম সাধু নৰ।।১০৩৷৷

অনুধিতা

হৰিৰ গৃহৰ দ্বাৰে বেত্ৰৰ প্ৰহাৰ যোগ্য
ব্ৰহ্মা ইন্দ্ৰ আদি দেৱজাক।

হেনয় দ্বাৰত বেত্ৰ- প্রহাৰ পাইবাৰ যোগ্য
হঞো আমি কমন বৰাক।।

নাম

অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দ্দন
হংস নাৰায়ণ অষ্ট নাম।

পৰম মঙ্গলৰূপ যিটো অহৰ্নিশে লৱে
তাৰ পূৰ্ণ হোৱে মনস্কাম।।

পৰমাৰ্থ সাৰ

মাধৱ মাধৱ নাম বচনত সুমৰয়
মাধৱ মাধৱ হৃদয়ত।

নিৰন্তৰে সাধুসৱে মাধৱ মাধৱ নাম
উচ্চৰয় সমস্তে কাৰ্য্যত।।১০৬৷৷

পৰম মঙ্গল ৰূপ মাধৱ মাধৱ নাম
যিটো মহাজনে উচ্চৰয়।

তাৰ অমঙ্গল ৰূপ গুচয় সংসাৰ ভয়
মাধৱৰ নিকট পাৱয়।।১০৭৷৷

দুঃস্বগ্গ নাশন ইটো মাধৱ মাধৱ নাম
দুষ্ট গ্ৰহভয় বিনাশন।

পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম

সৰ্ব্বদায়ে কৰিয়ো কীৰ্ত্তন।।১০৮৷৷
মাধৱেসে আত্মা নিজ মাধৱেসে ইষ্ট গুৰু
মাধৰেসে দেৱতা পৰম।
পৰম ইশ্বৰ স্বামী জানি মাধৱক ভজা
মনুষ্যৰ ইসি নিজ ধৰ্ম্ম৷।১০৯৷৷
পৰম চতুৰ সি সি বুদ্ধিত কুশল আতি
বিটো মাধৱৰ গুণ গাবে।
মিছা কলেৱৰগোটে মুকুতি বণিজ কৰি
ভৱ তৰি মাধৱক পাৱে।।১১০৷৷

যিজনে একাস্ত চিত্তে মাধৱক ভজি নিতে
ফুৰে মাধৱৰ গুণ গাই।

দুৰ্ল্লভ অমৃত যেন যিজনে কৰিলে পান
মধুৰ পিবাক আৰ নাই।।১১১৷৷

ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক
গাৱ ভাই মাধৱৰ গুণ।

নিচিন্তি আপুন মাৰ সুখে আপুনাক তাৰ
হুয়ো ভাই পৰম নিপুণ।।১১২৷৷

See also  নিন্দা - নামঘোষা - ৪২-৫৯

সাৰনিৰ্ণয়

ভগৱন্ত ইশ্বৰৰ গুণসমূহক যিটো
শুনিতে উদ্যম কৰে নৰ।

তেখনৰেপৰা সিটো জানিবা নিশ্চয় কৰি
ভৈল আতি শুদ্ধ নিৰ্ম্মৎসৰ।।১১৩৷৷

ইশ্বৰ কৃষ্ণসে নিষ্ট পৰম আৰাধ্য দেৱ
মোৰ তান নামে নিজ গতি।

হেনয় নিশ্চয় যিটো কৰিলেক নিতে আতি
সি সি জন পৰম সুকৃতি।।১১৪৷৷

সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহান নামক যিটো
অজ্ঞানতো চাণ্ডালে লৱয়।

হেনয় পৱিত্ৰ সিটো জানিবা যজ্ঞত আনি
পাত্ৰ পাতিবাৰ যোগ্য হয়।।১১৫৷৷

ৰাম ৰাম ৰাম বাণী পৰম মঙ্গলৰূপ
যাৰ মুখে প্ৰকাশ কৰয়।

চিৰকালে মহাতীৰ্থ কৰিয়া পৰিত্ৰ হুয়া
তাকো কদাচিতো তুল্য নয়।।১১৬৷৷

জগত আশয় কৃষ্ণ তাহান অন্যয় স্থান
তাক প্রতি যেৱে আছে মন।

ভগৱন্ত ইশ্বৰৰ চৰণপঙ্কজে সদা
হুয়ো তেৰে একান্ত শৰণ।।১১৭৷৷

পৰম নিৰ্ম্মল ধৰ্ম্ম হৰিনাম কীৰ্ত্তনত
সমস্তে প্রাণীৰ অধিকাৰ।

এতেকেসে হৰিনাম সমস্তে ধৰ্ম্মৰ ৰাজা

এহি সাৰ শাস্ত্ৰৰ বিচাৰ।।১১৮৷৷

বৰ্ণাশ্ৰম ধৰ্ম্ম যত যাৰ যেন বিধি আছে
তাৰেসে কেৱলে অধিকাৰ।

হৰিনাম কীৰ্ত্তনত নাহিকে নিয়ম একো
এতেকেসে ধৰ্ম্ম মাজে সাৰ।।১১৯৷৷

হৰবাৰ

অধমে কেৱলে দোষ লৱয় মধ্যমে গুণ-
দোষ লৱে কৰিয়া বিচাৰ।

উত্তমে কেৱলে গুণ লৱয় উত্তমোত্তমে
অল্প গুণ কৰয় বিস্তাৰ।।১২০।৷

দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা
গুণ দেখি কৰিলা ৰক্ষণ।

মহাপাপী অন্ত্যজাতি তৰয় কলিত সুখে
মুখে কৰি হৰিৰ কীৰ্ত্তন।।১২১৷৷

অবিদ্যাজনিত সুখ সত্যলোক আদি কৰি

আত নিৰপেক্ষ নিৰন্তৰ।

কেৱলে চিদংশ শুদ্ধি কৰণেসে মাত্ৰ জানা
পুৰুষাৰ্থ মুমুক্ষুজনৰ।।১২২ ৷৷

বিদ্যা-অবিদ্যা জন্য সুখে নিৰপেক্ষ হুয়া
কৰিল আপুন মন থিৰ।

সকল জগত ইটো বাসুদেৱময় মাত্ৰ
পুৰুষাৰ্থ জানিবা জ্ঞানীৰ।।১২৩৷।

সমস্তে সুখক তেজি পুৰুষোত্তমৰ প্ৰেম
ভকতিক কৰিল আশ্রয়।

ভকতসৱৰ এহি পুৰুষাৰ্থ মনোনীত
আনো সুখ অধিক পাৱয়।।১২৪৷৷

মুমুক্ষুজনৰ যেৱে অবিদ্যাজনিত সুখে
বিৰকতি ভৈল আতিশয়।

কেৱলে আত্মাত মাত্ৰ সদায় ৰমণ কৰে
তেৱে বিধিকিঙ্কৰ গুচয়।।১২৫৷৷

জ্ঞাননিষ্ঠজনে বিদ্যা, অবিদ্যা জনিত দুয়ো
সুখে বিৰকতি ভৈল যেৱে।

ৰাসুদেৰময় মাত্ৰ দেখয় জগত ইটো

See also  হে ভগৱন্ত গুৰু - প্ৰাৰ্থনা - নামঘোষা

বিধিৰ কিঙ্কৰ গুচে তেৱে।।১২৬৷৷

পুৰুষোত্তমৰ প্ৰেম ভকতি সুখক মাত্ৰ
নিশ্চয় কৰিলা যিটোজন।

শৰণ কালৰেপৰা বিধিৰ কিঙ্কৰ গুচি
কৰে সদা অৱণ কীৰ্ত্তন৷।১২৭৷৷

ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা
ৰামনাম মহাৰত্ন সাৰ।

হেনয় বাণিজ পাই যিটো জীৱ নতৰয়
তাত পৰে দুখী নাহি আৰ।।১২৮৷৷

Leave a Comment