গিবন Class 11 [প্রশ্ন-উত্তৰ] অসমীয়া একাদশ শ্ৰেণী | HS 1st Year Assamese Lesson 5

গিবন
বিষয়  অসমীয়া
পাঠৰ নাম গিবন
লেখক
হােমেন বৰগোহাঞি
শ্ৰেণী  একাদশ শ্ৰেণী
পাঠৰ নং অধ্যায় 5
পাঠ্যক্ৰম (Syllabus) অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

গিবন Class 11 প্রশ্ন-উত্তৰ

অতি চমু প্রশ্ন

১| এড়ৱার্ড গিবন কোন আছি?
উত্তৰ : এডৱার্ড গিবন ইংলণ্ডৰ এজন প্রখ্যাত ইতিহাসবিদ আছিল।

২| এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম কি লিখা।
উত্তৰ : এডরার্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম আছিল মেকডালেন কলেজ।

৩।এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্রন্থ এখনৰ নাম লিখা?
উত্তৰ : এডৱাৰ্ড গিবনে ৰচনা কৰা প্রখ্যাত গ্রন্থখনৰ নাম হ’ল – The History of the Decline and Fall of the Roman Empire.

৪।স্বপেনহাৱাৰ কোন আছিল?
উত্তৰ : শ্বপেনহাৱাৰ আছিল এগৰাকী বিখ্যাত জার্মান দার্শনিক।

৫। আলেকজেন্দ্রিয়ান কোৱার্টে ট’ নামৰ উপন্যাসমালাৰ লেখক কোন আছিল ?
উত্তৰ : আলেকজেন্দ্রিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লিখকজন আছিল লৰেঞ্জ জর্জ ডাৰেল।

গিবন HS 1st Year  চমু প্রশ্ন

১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম কি ?
উত্তৰ : জন মিল্টন আছিল সােতৰ শতিকাৰ এজন ইংৰাজ কবি আছিল। তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম হ’ল ‘পেৰাডাইজ লষ্ট’।

২। দার্শনিক ৰুছােয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ দার্শনিক ৰুছােয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হ’ল: The Social Contract আৰু The Confes-sions।

৩। গিবনৰ সম্পূর্ণ নামটোকি আছিল? তেওঁ কোন শতিকাৰ লেখক আছিল?
উত্তৰ : গিবনৰ সম্পূর্ণ নামটো আছিল ‘এডৱার্ড গিবন’। তেওঁ অষ্টাদশ শতিকাৰ এজন ইংৰাজ লেখক আছিল।

৪। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল ?
উত্তৰ : Age of Reason নামৰ গ্ৰন্থখন টমাচ পাইনে। অষ্টাদশ শতিকাত ৰচনা কৰিছিল।

৫। যৌৱন কালত এডৱার্ড গিবন কোনখন দেশৰ কোনখন চহৰৰ বাসিন্দা আছিল?
উত্তৰ:যৌৱন কালত এডৱার্ড গিবনে চুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল।

গিবন Class 11 দীঘল প্রশ্ন

১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া।
উত্তৰ : এডৱার্ড গিবন (১৭৩৭-১৭৯৪) এজন ইংৰাজ ঐতিহাসিক আছিল। তেওঁ আছিল অতি সাধাৰণ মেধাৰ ছাত্র। পােন্ধৰ বছৰ বয়সত তেওঁ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ মেগডালেন কলেজত ভর্তি হয়। সেইসময়ত গিবনে প্রটেষ্টান ধর্মমত ত্যাগ কৰি ৰােমান কেথলিক ধর্ম মতত দীক্ষিত হ’বলৈ মন মেলাত অভিভাৱকসকলে তেওঁক কলেজৰ পৰা এৰুৱাই আনি চুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিয়ে। তাতে তেওঁ চিন্তাশীল লেখক ৰুছে, ভলটেয়াৰ আদিৰ লিখনিৰ দ্বাৰা প্ৰভাৱিত হয়; লগতে সেইসময়ৰ ইউৰােপৰ যুক্তিবাদী ভাৱধাৰাৰ দ্বাৰাও অনুপ্রাণিত হয়। তেওঁ কলেজীয়া শিক্ষা সাং কৰি ১৭৬৪ চনত ৰােম ভ্রমণ কৰে।

লগতে পঢ়ক:   এখন চিঠি Class 11 হেম বৰুৱা একাদশ শ্ৰেণী কবিতা

ৰোমত থকা কালত তেওঁ ৰােমৰ ইতিহাস লিখিবলৈ অনুপ্রাণিত হয়। ইয়াৰ পিছত ঘৰলৈ ঘূৰি আহি ৰোমৰ ইতিহাস ৰচনাত নিজকে মনােনিবেশ কৰে আৰু সূদীর্ঘ সােতৰ বছৰ অক্লান্ত পৰিশ্ৰম কৰি The History of the Decline and Fall of the Roman Empire নামৰ ইতিহাস গ্রন্থখন লিখি উলিয়ায়। গ্রন্থখনে তেওঁক বিশ্বৰ এজন প্রথম শ্রেণীৰ ঐতিহাসিক হিচাপে প্রতিষ্ঠা কৰে।

২ | এডৱাৰ্ড গিবনে ৰচনা কৰা ৰােমান সাম্রাজ্যৰ, ইতিহাস বিষয়ক গ্রন্থখনৰ চমু পৰিচয় দাঙি ধৰা ?
উত্তৰ : তেওঁ কলেজীয়া শিক্ষা সাং কৰি ১৭৬৪ চনত ৰােম ভ্ৰমণ কৰে। ৰােমত থকা কালত তেওঁ ৰােমৰ ইতিহাস লিখিবলৈ অনুপ্রাণিত হয়। ইয়াৰ পিছত ঘৰলৈ ঘূৰি আহি ৰােমৰ ইতিহাস ৰচনাত নিজকে মনােনিবেশ কৰে আৰু সূদীর্ঘ সােতৰ বছৰ অক্লান্ত পৰিশ্ৰম কৰি The History of the Decline and Fall of the Roman Empire নামৰ ইতিহাস গ্রন্থখন লিখি উলিয়ায়। গ্রন্থখনে তেওঁক বিশ্বৰ এজন প্রথম শ্রেণীৰ ঐতিহাসিক হিচাপে প্রতিষ্ঠা কৰে।

এই বিপুলায়তনৰ ইতিহাস গ্রন্থই ৰােমান সম্রাট এন্টনিনেছৰ ৰাজত্বকালৰ পৰা আৰম্ভ কৰি তুর্কীসকলৰ দ্বাৰা কনষ্টান্টিন’পলৰ অধিকাৰৰ সময়লৈকে সূদীর্ঘ চৈধ্যটা শতাব্দী সামৰি লৈছে। গ্রন্থখনে গিবনক বিশ্বৰ এজন প্রথম শ্ৰেণীৰ ঐতিহাসিক হিচাপে প্রতিষ্ঠা কৰিছে। গ্রন্থখন বিশ্ব সাহিত্যৰ এক আপুৰুগীয়া সম্পদ।

৩। এডৱার্ড গিবনে কত কিদৰে শিক্ষা গ্রহণ কৰিছিল, বুজাইলিখা।
উত্তৰ : এডৱার্ড গিবন আছিল এজন ইংৰাজ ঐতিহাসিক। ছাত্ৰ অৱস্থাত তেওঁ কোনাে অসাধাৰণ মেধাৰ পৰিচয় দিব পৰা নাছিল। অর্থাৎ ছাত্র হিচাপে তেওঁ আছিল অতি সাধাৰণ বিধৰ। পােন্ধৰ বছৰ বয়সত তেওঁ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ মেগডালেন কলেজত ভর্তি হয়। সেই সময়ত গিবনে প্রটেষ্টান ধর্মমত ত্যাগ কৰি ৰােমান কেথলিক ধর্মমতত দীক্ষিত হ’বলৈ মন মেলাত অভিভাৱকসকলে তেওঁক কলেজৰ পৰা এৰুৱাই আনি চুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিয়ে। তাতে তেওঁ ফৰাচী দার্শনিকসকলৰ লিখনিৰ দ্বাৰা প্ৰভাৱিত হােৱাৰ উপৰিও ইউৰােপৰ যুক্তিবাদী ভাৱধাৰাৰ দ্বাৰা অনুপ্রাণিত হয়। কলেজীয়া শিক্ষা সাং কৰি ১৭৬৪ চনত তেওঁ ইউৰােপ ভ্রমণলৈ ওলায় আৰু ৰােম দর্শন কৰে। ৰােমত থকা কালত তেওঁ ৰােমৰ ইতিহাস লিখিবলৈ অনুপ্রাণিত হয়। ইয়াৰ পিছত ঘৰলৈ ঘূৰি আহি ৰােমৰ ইতিহাস ৰচনাত নিজকে মনােনিবেশ কৰে আৰু সূদীর্ঘ সােতৰ বছৰ অক্লান্ত পৰিশ্ৰম কৰি The History of the Decline and Fall of the Roman Empire নামৰ ইতিহাস গ্রন্থখন লিখি উলিয়ায়। গ্রন্থখনে তেওঁক বিশ্বৰ এজন প্রথম শ্রেণীৰ ঐতিহাসিক হিচাপে প্রতিষ্ঠা কৰে।

লগতে পঢ়ক:   বনকুঁৱৰী Class 11 Assamese Lesson 13 একাদশ শ্ৰেণী

HS 1st Year Assamese lesson 5

৪। চমুটোকা লিখা : 

(ক) স্বপেনহাৱাৰ (খ) ভলটেয়াৰ
উত্তৰ : (ক) স্বপেনহাৱাৰ : এগৰাকী বিখ্যাত জার্মান দার্শনিক (১৭৮৮-১৮৬০) আছিল। তেওঁৰ নন্দনতাত্ত্বিক, নৈতিক আৰু মনােবৈজ্ঞানিক লিখনিসমূহ ঊনবিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্রভাৱিত কৰিছিল। The World as Will and Representation code বিখ্যাত ৰচনা।

(খ) ভলটেয়াৰ : অষ্টাদশ শতিকাৰ ফৰাচী লেখক আৰু দার্শনিক। তেওঁ মূলত ব্যঙ্গাত্মক ৰচনাৰ বাবে বিখ্যাত। সমকালীন ফ্রান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলােকপাত কৰি লিখা ব্যঙ্গাত্মক লেখাসমূহ ফৰাচী সাহিত্যৰ অমূল্য সম্পদ। কান্দিদ’ হৈছে তেওঁ ৰচনা কৰা এখন প্রখ্যাত ব্যঙ্গাত্মক উপন্যাস। তেওঁ ফৰাচীবিপ্লৱৰ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰী।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :
“যিসকল লেখকে সমগ্র জীৱন ধৰি এখন মাত্র মহৎ গ্রন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলােকে সেই গ্রন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱকৰে।”
উত্তৰ : উদ্ধৃত কথাফাকি সাহিত্য সৌৰভৰঅন্তর্গত হােমেন বৰগােহাঞিৰ দ্বাৰা ৰচিত ‘গিবন’ নামৰ প্ৰৱন্ধটিৰ পৰা তুলি দিয়া হৈছে।

মহৎ গ্রন্থ এখন ৰচনা কৰাৰ কাম পৰিসমাপ্তি কৰাৰ পিছত গ্রন্থকাৰৰ মনত উদয় হােৱা অনুভৱৰ বিষয়ে ক’বলৈ যাওঁতে লিখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে। পৃথিৱীত কিছুসংখ্যক লেখক আছে যিসকলে গােটেই জীৱনত মাত্র এখনকৈ গ্রন্থ ৰচনা কৰিছিল। উদাহৰণ স্বৰূপে বছৱেলে ‘লাইফ অৱ জনছ’ ৰচনা কৰােতে বহু বছৰ সময় লৈছিল আৰু এইগ্ৰন্থখন ৰচনা কৰাৰ অন্তত এক ধৰণৰ শূন্যতা অনুভৱ কৰিছিল। সেইদৰে এডৱাৰ্ড গিবনে তেওঁৰ সােতৰ বছৰৰ পৰিশ্ৰমৰ অন্তত The History of the Decline and Fall of the Roman Empire ৰচনা কৰি এক ধৰণৰ আচৰিত শূন্যতা অনুভৱ কৰিছিল। কিন্তু এনেদৰে দীর্ঘদিনীয়া পৰিশ্ৰমৰ অন্তত ৰচিত হােৱা কগ্রন্থ এখনে ভৱিষ্যতে যি দীঘল বাট ভ্ৰমণ কৰিব লাগে তাৰ তুলনাত বর্তমান অর্থশূন্য আৰু লিখকৰ ব্যক্তিগত অস্তিত্বও অতিশয় ক্ষণস্থায়ী।

গিবন Class 11 একাদশ শ্ৰেণী অতিৰিক্ত প্রশ্ন-উত্তৰ

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া ।
(ক) পৃথিৱীত এতিয়ালৈকে যিমানবােৰ কিতাপ ৰচিত হৈছে সেইবােৰৰ ভিতৰত মাত্ৰ কেইখনমানহে পঢ়িবৰ যোগ্য।’ কথাষাৰ কোনে কৈছিল?
উত্তৰ : জার্মান দার্শনিক শ্বপেনহাৱাৰে।

লগতে পঢ়ক:   গৌৰৱ Class 11 অসমীয়া একাদশ শ্ৰেণী

(খ) এডৱাৰ্ড গিবনে প্রেমত পৰা ছােৱালীজনীৰ নাম কি আছিল?
উত্তৰ : ছুজান কাৰচদ।

(গ) Adolphe আত্মজীৱনীমূলক উপন্যাসখন কাৰ ৰচনা ?
উত্তৰ : বেঞ্জামিন কঁষ্টাট।

(ঘ) হােমেন বৰগােহাঞিয়ে সম্পাদনা কৰা এখন কাকতৰ নাম লিখা।
উত্তৰ : ‘নিয়মীয়া বার্তা’।

(ঙ) হােমেন বৰগােহাঞিয়ে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰ : ‘হালধীয়া চৰায়ে বাওঁধান খায়’ আৰু ‘অন্তৰাৰ্গ’।

চ) হােমেন বৰগােহাঞিৰ আত্মজীৱনীমূলক গ্রন্থখনৰ নাম কি ?
উত্তৰ : আত্মানুসন্ধান।

(ছ) কোনখনগ্রন্থৰ বাবে হােমেন বৰগােহাঞিয়ে সাহিত্য একাডেমীৰ বঁটা লাভ কৰে?
উত্তৰ : পিতাপুত্র (১৯৭৮ চন)।

(জ)’ গিবন ‘নামৰ পাঠটি হােমেন বৰগােহাঞিৰ কোনখন গ্রন্থথৰ পৰা তুলি দিয়া হৈছে?
উত্তৰঃ স্বৰ্গ আৰু নৰক’ নামৰ গ্ৰন্থৰ পৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top